PM Modi interacts with the recipients of National Teacher Awards’ 2018, congratulates them for their exceptional work
Encourage brainstorming amongst the students to find solutions for the various day to day problems: PM to teachers
Encouraging creativity will act as self-motivation for children and enable them to compete with oneself: PM to teachers

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোককল্যাণ মাৰ্গত ৰাষ্ট্ৰীয় শিক্ষক বঁটা বিজয়ীসকলৰ সৈতে মতবিনিময় কৰে৷

প্ৰধানমন্ত্ৰীয়ে বঁটা বিজয়ীসকলক তেওঁলোকৰ অনবদ্য সেৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জীৱন সলনি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ তেওঁ শিক্ষকসকলক আহ্বান জনায়৷

মতবিনিময়ত প্ৰধানমন্ত্ৰীয়ে তথ্য-প্ৰযুক্তিক শিক্ষণ প্ৰক্ৰিয়াৰ এক আহিলা হিচাপে ব্যৱহাৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা কৰে৷ সাধাৰণ নাগৰিকে দৈনন্দিন জীৱনত সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ বাবে শিক্ষাৰ্থীক উৎসাহিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে শিক্ষক সমাজক আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে শিক্ষাৰ্থীৰ মাজত সৃষ্টিশীলতা বৃদ্ধি কৰাতো অত্যন্ত জৰুৰী হৈ পৰিছে৷ সৃষ্টিশীলতাৰ বাবে তেওঁলোকক উৎসাহিত কৰিলে শিশুৰ আত্ম-বিশ্বাস বৃদ্ধি পাব আৰু আনৰ সৈতে তেওঁলোকে নিজকে তুলনা কৰিব পাৰিব৷ প্ৰধানমন্ত্ৰীয়ে শিক্ষকসকলক কয় যে শিক্ষাৰ্থীক সদায় সতেজ, প্ৰাণৱন্ত কৰি ৰাখিব লাগে আৰু তেওঁলোকক শিকাৰ পূৰ্ণ সুযোগ দিব লাগে৷

প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপত বঁটাবিজয়ী শিক্ষকসকলে তেওঁলোকৰ পৰিৱৰ্তনকাৰী কামৰ কথা বৰ্ণনা কৰে, যি কামে পঢ়াশালিলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ অটল টিংকাৰিং লেবৰ সহায়ত কিদৰে ছাত্ৰ-ছাত্ৰীসকলে নতুন উদ্ভাৱন আৰু প্ৰযুক্তিৰ সৈতে পৰিচয় হ’ব পাৰিছে, সেই বিষয়েও শিক্ষকসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত উল্লেখ কৰে৷

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল আৰু ৰাজ্যিক মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী সঞ্জয় শ্বামৰাও ধোট্ৰেও অনুষ্ঠানত উপস্থিত থাকে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Ray Dalio: Why India is at a ‘Wonderful Arc’ in history—And the 5 forces redefining global power

Media Coverage

Ray Dalio: Why India is at a ‘Wonderful Arc’ in history—And the 5 forces redefining global power
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 ডিচেম্বৰ 2025
December 25, 2025

Vision in Action: PM Modi’s Leadership Fuels the Drive Towards a Viksit Bharat