Prime Minister reviews rescue and relief operations in areas affected by Cyclone Ockhi
PM announces package of relief measures for cyclone affected States
#CycloneOckhi: PM Modi assures Centre's help, says Union Government stands shoulder to shoulder with them in this hour of crisis
#CycloneOckhi: Centre to dispatch immediate financial assistance worth Rs. 325 crore to cater to the requirements of Kerala, Tamil Nadu and Lakshadweep

লাক্ষাদ্বীপ, তামিলনাডু আৰু কেৰালা ভ্ৰমণকালত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘূ্ৰ্ণী বতাহ অ’খীত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লয়৷ দিনটোৰ আৰম্ভণিতে তেওঁ কাৱাৰাট্টী আৰু কন্যাকুমাৰীৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে৷ ঘূৰ্ণী বতাহে প্ৰলয়ৰ সৃষ্টি কৰা থিৰুৱন্তপুৰমৰ নিকটৱৰ্তী পান্থাৰা গাঁৱো তেওঁ পৰিভ্ৰমণ কৰে৷ ক্ষতিগ্ৰস্ত লোকসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত বৰ্ণনা কৰে কিদৰে ঘূৰ্ণী বতাহে তেওঁলোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছে৷ শ্ৰী মোদীয়ে জনসাধাৰণক আশ্বাস প্ৰদান কৰে যে কেন্দ্ৰৰ ফালৰ পৰা তেওঁলোকলৈ সকলো সহায়-সহযোগিতা আগবঢ়োৱা হ’ব আৰু এই বিপৰ্যয়ৰ সময়ত সকলো তেওঁলোকৰ সৈতে আছে৷

প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰতিক পৰিস্থিতি আৰু সাহায্য অভিযান সন্দৰ্ভত কাৱাৰাট্টী, কন্যাকুমাৰী আৰু থিৰুৱন্তপুৰমত পৃথকে পৰ্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত কেৰালা আৰু তামিলনাডুৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ লগতে লোকসভাৰ উপাধ্যক্ষ আৰু লাক্ষাদ্বীপৰ প্ৰশাসক তথা বিষয়-ববীয়া উপস্থিত থাকে৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এক সাহায্য অনুদানৰ জৰিয়তে ঘূৰ্ণী বতাহত প্ৰভাৱিত ৰাজ্যসমূহক সহায় কৰিব৷

  • কেৰালা, তামিলনাডু আৰু লাক্ষাদ্বীপৰ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে কেন্দ্ৰই তাৎক্ষণিকভাৱে ৩২৫ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াৱ৷
  • চলিত মাহৰ আৰম্ভণিতে তামিলনাডুলৈ ২৮০ কোটি আৰু কেৰালালৈ আগবঢ়োৱা ৭৬ কোটিৰ সাহায্যৰ বাহিৰেও আজি ঘোষণা কৰা এই আৰ্থিক সাহায্য ৰাজ্যকেইখনে লাভ কৰিব৷
  • ঘূৰ্ণী বতাহত ধ্বংসপ্ৰাপ্ত প্ৰায় ১৪০০ আবাসগৃহ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পুনৰ নিৰ্মাণ কৰিব৷ এই আঁচনিৰ অধীনত প্ৰতিগৰাকী উপভোক্তাই নতুন আৱাসগৃহ নিৰ্মাণৰ বাবে ১.৫ লাখ পৰ্যন্ত ধন লাভ কৰিব৷
  • ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্তসকলক ক্ষিপ্ৰতাৰে বীমাৰ ধন মোকলাই দিবলৈও প্ৰধানমন্ত্ৰীয়ে বীমা কোম্পানীসমূহক আহ্বান জনায়৷
  • ঘূৰ্ণী বতাহত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ২ লাখ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকলৈ ৫০,০০০ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথাও প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে৷ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এই ধন অনুমোদন জনোৱা হ’ব৷

 

য়াৰ পূৰ্বে, পৰ্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰীক অ’খী ঘূৰ্ণী বতাহৰ ভয়াবহতাৰ কথা অৱগত কৰি কোৱা হৈছিল যে ২০১৭ৰ ৩০ নৱেম্বৰত এই ঘূৰ্ণী বতাহৰ প্ৰলয় আৰম্ভ হয় আৰু উক্ত দিনাই উদ্ধাৰ অভিযান আৰম্ভ হয়৷ ভাৰতীয় উপকূল বাহিনী আৰু ভাৰতীয় নৌসেনাই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰকাৰ্য ক্ষিপ্ৰতাৰে চলাই নিয়ে৷ এই পৰ্যন্ত মুঠ ৮৪৫ গৰাকী মাছমৰীয়াক উদ্ধাৰ কৰাৰ লগতে সাহায্য আগবঢ়োৱা হৈছে৷

প্ৰধানমন্ত্ৰীক এই কথাও জনোৱা হয় যে উপকূলৰ পৰা ৭০০ সামুদ্ৰিক মাইল দূৰত্ব পৰ্যন্ত উদ্ধাৰ অভিযান চলোৱা হৈছিল৷  

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026

Media Coverage

'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 আগষ্ট 2026
August 15, 2026

Azadi Ka Amrit Mahotsav Continues: PM Modi’s Independence Day Vision Unites Growth, Youth Power & National Pride