ছত্তীশগড়ৰ ৰাজ্যপাল শ্রী বলৰামজী দাস টেণ্ডনৰ মৃত্যুত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে।
এক শোকবার্তাত তেওঁ কয়, “ছত্তীশগড়ৰ ৰাজ্যপাল শ্রী বলৰামজী দাস টেণ্ডনৰ বিয়োগত মই মর্মাহত হৈছো। আমি জনজীৱনত বিশেষভাৱে শ্রদ্ধাশীল এগৰাকী ব্যক্তিক হেৰুৱালো, সমাজৰ প্রতি যিগৰাকীৰ সেৱা চিৰস্মৰণীয় হৈ থাকিব। এই শোকৰ মুহূর্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো।
শ্রী বলৰামজী দাস টেণ্ডনে পঞ্জাৱৰ শান্তি আৰু প্রগতিৰ লক্ষ্যৰে বহু দশক ধৰি কাম কৰি গৈছে। উদ্যোগ আৰু শ্রম কল্যাণৰ সন্দৰ্ভত তেওঁৰ আবেগ আৰু অনুভূতি তীক্ষ্ণ আছিল। তেওঁৰ প্রশাসনিক অভিজ্ঞতাৰ ফলত এই ৰাজ্যখন বিশেষভাৱে উপকৃত হৈছে। জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰাৰ দৰে যি সাহস তেওঁ দেখুৱাইছিল, সেয়া সদায়েই স্মৰণীয় হৈ ৰ’ব।”
Saddened by the demise of Shri Balramji Dass Tandon, the Governor of Chhattisgarh. We have lost a widely respected public figure whose service to society will always be remembered. My thoughts are with his family and well-wishers in this hour of grief.
— Narendra Modi (@narendramodi) August 14, 2018
Shri Balramji Dass Tandon spent decades working for peace and progress in Punjab. Passionate about sectors like industry and labour welfare, his administrative experience added great value to the state. He will be remembered for his courage while opposing the Emergency.
— Narendra Modi (@narendramodi) August 14, 2018