ভাৰতৰ স্বাস্থ্য সেৱাৰ উন্নতিত চককাৰে চাৰিটা দীর্ঘম্যাদী পদক্ষেপ গ্রহণ কৰিছে : প্রধানমন্ত্রী
ভাৰতৰ স্বাস্থ্য ক্ষেত্রৰ ক্ষমতা আৰু প্রাণৱন্ত চৰিত্ৰৰ প্রশংসা কৰিছে সমগ্ৰ বিশ্বই : প্রধানমন্ত্রী
ভাৰতে ঔষধ আৰু চিকিৎসাৰ সা-সৰঞ্জাম নিৰ্মাণৰ বাবে কেঁচামাল আমদানিৰ ওপৰত নির্ভৰশীলতা হ্ৰাস কৰিবৰ বাবে কাম কৰিব : প্রধানমন্ত্রী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ বাবে বাজেট আৱণ্টনৰ সঠিক ব্যৱহাৰৰ বিষয়ে এক ৱেবিনাৰ সম্বোধন কৰে।

ৱেবাইনাৰ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ বাজেটত স্বাস্থ্যখণ্ডৰ বাবে আৱণ্টিত বাজেট বা ধনৰ পৰিমাণ অভূতপূৰ্ব। আৰু প্ৰতিজন নাগৰিকৰ বাবে উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি ইয়াত প্ৰতিফলিত হৈছে।

মহামাৰীৰ বাবে যোৱা বছৰটো কিমান জটিল আৰু প্ৰত্যাহ্বানজনক আছিল সেই কথা শ্ৰী মোদীয়ে স্মৰণ কৰে আৰু সেই প্ৰত্যাহ্বান অতিক্ৰম কৰা আৰু বহুতো জীৱন ৰক্ষা পৰাৰ বাবে তেওঁ আনন্দ প্ৰকাশ কৰে। ইয়াৰ বাবে তেওঁ যৌথভাৱে কৃতিত্ব প্ৰদান কৰে চৰকাৰী আৰু বেচৰকাৰী ক্ষেত্রক। প্রধানমন্ত্রীয়ে কয়, মাত্ৰ কেইটামান মাহৰ ভিতৰতে দেশত ২ হাজাৰ ৫০০ টা পৰীক্ষাগাৰ নিৰ্মাণ কৰি তোলা হৈছে। আৰ এনেদৰেই দৈনিক ১২ টা নমুনা পৰীক্ষাৰ পৰা এতিয়া ২১ কোটি নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, মহামাৰীৰ বিৰুদ্ধে কিদৰে সংগ্ৰাম কৰিব লাগে, সেই শিক্ষা ক’ৰোনাই দিছে আৰু ভৱিষ্যতেও এইধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ’লে তাৰ মোকাবিলা কৰাৰ বাবে দেশ প্ৰস্তুত থাকিব লাগিব। আৰু সেয়ে স্বাস্থ্যক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিটো ক্ষেত্ৰক শক্তিশালী কৰে তুলিব লাগিব।

তেওঁ কয়, চিকিৎসা সা-সৰঞ্জামৰ পৰা ঔষধ পাতি, ভেন্টিলেটৰৰ পৰা টীকা, বৈজ্ঞানিক গৱেষণাৰ পৰা তদাৰকী আদিৰ আন্তঃগাঁথনি, চিকিৎসকৰ পৰা মহামাৰী ৰোগ বিশেষজ্ঞ সকলো ক্ষেত্ৰৰ ওপৰতে গুৰুত্ব দিব লাগিব, যাতে ভৱিষ্যতে দেশ যিকোনো স্বাস্থ্য সংকটত ভালদৰে মোকাবিলা কৰিব পাৰে।

আত্মনিৰ্ভৰ সুস্থ ভাৰত প্ৰকল্পৰ এয়াই প্ৰকৃত অনুপ্ৰেৰণা বুলিও তেওঁ কয়। এই প্ৰকল্পত এক আধুনিক ব্যৱস্থাপনা গঢ়ি তোলা হ’ব য’ত গৱেষণাৰ পৰা নমুনা পৰীক্ষা ౼ সকলো দিশৰেই ব্যৱস্থা থাকিব। ইয়াৰ ফলত দেশৰ সকলো ক্ষেত্ৰতেই ক্ষমতা বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰীয়ে কয়, পঞ্চদশ বিত্ত আয়োগৰ ছুপাৰিছ অনুযায়ী স্বাস্থ্য সেৱা বিষয়টো বিবেচনা কৰি স্থানীয় প্ৰশাসনবোৰে মুঠ ৭০ হাজাৰ কোটি টকাতকৈও অধিক ধন লাভ কৰিব। অৰ্থাৎ চৰকাৰে কেৱল ৰোগৰ চিকিৎসাৰ বাবেই বিনিয়োগ কৰা নাই, ভাৰতত স্বাস্থ্য সেৱাৰ সুবিধা যাতে দেশৰ প্ৰতিটো প্ৰান্তৰ মানুহেই গ্ৰহণ কৰিব পাৰে সেয়াও নিশ্চিত কৰা হৈছে। চৰকাৰে সেয়ে স্বাস্থ্য ক্ষেত্ৰত বিনিয়োগ বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে। তাৰ লগতে ইয়াৰ ফলত কৰ্মসংস্থানৰো সুযোগ গঢ়ি উঠিব।

প্ৰধানমন্ত্ৰীয়ে কয়, ক’ৰোনা মহামাৰীৰ সময়ত ভাৰতৰ স্বাস্থ্যক্ষেত্ৰই ইয়াৰ অভিজ্ঞতা আৰু মেধাৰ ক্ষমতা দেখুৱাইছে, ইয়াৰ ফলত সমগ্ৰ বিশ্বই ভাৰতৰ স্বাস্থ্য ক্ষেত্ৰত ক্ষমতা আৰু প্ৰাণৱন্ত চৰিত্ৰ উপলব্ধি কৰিছে। যি সন্মান আৰু আস্থা দেশৰ স্বাস্থ্য ক্ষেত্ৰই সমগ্ৰ বিশ্বৰ পৰা অৰ্জন কৰিছে সেয়া যাতে ভৱিষ্যতেও অক্ষুণ্ণ থাকে, তাৰ প্ৰতি আমি নজৰ ৰাখিব লাগিব।

তেওঁ কয় বিশ্বজুৰি ভাৰতীয় চিকিৎসক, নাৰ্ছ, পেৰা-মেডিকেল কৰ্মী, ঔষধ আৰু টীকাৰ চাহিদা বহুগুণ বৃদ্ধি পাব। ভাৰতীয় চিকিৎসা শিক্ষাৰ ব্যৱস্থাৰ প্ৰতি সমগ্ৰ বিশ্বই নজৰ ৰাখিব আৰু ভাৰতলৈ চিকিৎসা বিজ্ঞান পঢ়বৰ বাবে বিদেশী ছাত্ৰ-ছাত্ৰীসকল প্ৰচুৰ পৰিমাণে আহিব।

শ্ৰী মোদীয়ে কয়, ভেন্টিলেটৰ আৰু মহামাৰীৰ সময়ত ব্যবহৃত বিভিন্ন যন্ত্ৰপাতি যাতে দেশতে নিৰ্মাণ কৰিব পাৰি, আমি সেই লক্ষ্যও পূৰণ কৰিছো। এই সামগ্ৰীবোৰৰ আন্তৰ্জাতিক চাহিদা বৃদ্ধি পাইছে।

তেওঁ অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি আহ্বান জনায় যে বিশ্বত সুলভ মূল্যত কেনেদৰে চিকিৎসা সৰঞ্জাম নিৰ্মাণ কৰিব পাৰি, তাক লৈ যেন তেওঁলোকে চিন্তা চৰ্চা কৰে। পূৰ্বৰ চৰকাৰবোৰে উদ্যোগ গ্ৰহণ নকৰিলেও বৰ্তমানৰ চৰকাৰে স্বাস্থ্যখণ্ডক পৃথক পৃথককৈ বিবেচনা নকৰি এক সৰ্বাঙ্গীন উদ্যোগ গ্ৰহণ কৰিছে আৰু সেয়া কেৱল চিকিৎসা ক্ষেত্ৰৰ মাজত সীমাবদ্ধ নাৰাখি সকলোৰে সুস্বাস্থ্যৰ দিশটো বিবেচনা কৰা হৈছে। সেয়ে, কেৱল চিকিৎসাই নহয় সুস্থতাৰ দিশেৰেও বিবেচনা কৰা হৈছে। তেওঁ কয়, ৰোগ প্ৰতিৰোধৰ পৰা সুস্থ হৈ উঠা পৰ্যন্ত এক সৰ্বাঙ্গীন তথা সুসংহত প্ৰয়াস গ্ৰহণ কৰা হৈছে।

চৰকাৰে ভাৰতৰ স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে চাৰিটা দীৰ্ঘম্য়াদী কৌশল গ্ৰহণ কৰিছে।

প্ৰথমটো হ’ল ৰোগ প্ৰতিৰোধ আৰু সুস্থ থকাৰ বিষয়ে মানুহক সচেতন কৰি তোলা। স্বচ্ছ ভাৰত অভিযান, যোগাসন, সঠিক সময়ত চিকিৎসা আৰু গৰ্ভৱতী মহিলা তথা শিশুসকলৰ যত্ন কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ অংশ।

দ্বিতীয়টো হ’ল দৰিদ্ৰ লোকসকলৰ বাবে সুলভ মূল্যত যথাযথ চিকিৎসাৰ ব্যৱস্থা কৰা। ইয়াৰ বাবে আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ দৰে উদ্যোগ গ্ৰহণ কৰা হৈছে।

তৃতীয়টো বিষয় হ’ল স্বাস্থ্য আন্তঃগাঁথনি আৰু স্বাস্থ্য ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ মান উন্নয়ন আৰু বিস্তাৰ ঘটোৱা। বিগত ৬ বছৰ ধৰি এইমছৰ দৰে শিক্ষা প্ৰতিষ্ঠান, দেশজুৰি বিভিন্ন মেডিকেল কলেজ আদিও গঢ়ি তোলা হৈছে।

চতুৰ্থ বিষয়টো হল, বিভিন্ন বাধা দূৰ কৰাৰ বাবে সক্ৰিয়ভাৱে উদ্যোগ গ্ৰহণ কৰা। দেশৰ আদিবাসী অধ্যুষিত আৰু প্ৰত্যন্ত অঞ্চলত মিশ্যন ইন্দ্ৰধনুষ আৰম্ভ কৰা হৈছে। দেশৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ বাবে ভাৰতে ২০২৫ চনৰ লক্ষ্য ধাৰ্য কৰিছে। সমগ্ৰ বিশ্বতে ইয়াৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে ২০৩০ চন। অৰ্থাৎ ভাৰতত বিশ্বৰ অন্য প্ৰান্ততকৈ ৫ বছৰ পূৰ্বেই যক্ষ্মা নিৰ্মূল কৰা হ’ব। যক্ষ্মা আৰু অন্যান্য সংক্ৰমিত ব্যাধিৰ দৰেই ক’ৰোনা ভাইৰাছ প্ৰতিহত কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো সম্ভৱ। যক্ষ্মা প্ৰতিৰোধৰ বাবেও মাস্ক পৰিধান কৰাটো আৰু ক্ষীপ্ৰতাৰে সংক্ৰমণ চিহ্নিত কৰাটো গুৰুত্বপূৰ্ণ।

ক’ৰোনা মহামাৰীৰ সময়ত আয়ুষ ক্ষেত্ৰৰ উদ্যোগসমূহকো প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। তেওঁ কয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু বিজ্ঞানসন্মত গৱেষণাৰ বাবে আমাৰ আয়ুষ আন্তঃগাঁথনিয়ে দেশক যথেষ্ট সহায় কৰিছে। চিৰাচৰিত ঔষধ আৰু পথ্যাদিৰ প্ৰভাব সমগ্ৰ বিশ্বই উপলব্ধি কৰিছে। ক’ভিড-১৯ ৰ মোকাবিলাৰ বাবে টীকাৰ লগতে এইবোৰো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। তেওঁ ঘোষণা কৰে যে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় এক আন্তৰ্জাতিক কেন্দ্ৰ গঢ়ি তুলিব।

স্বাস্থ্য সেৱাৰ সুবিধা যাতে সকলোৱাই লাভ কৰিব পাৰে আৰু কম খৰচী চিকিৎসা বিষয়টোৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিছে। এই লক্ষ্য পূৰণত অত্যাধুনিক প্ৰযুক্তি আৰু অধিক ব্যৱহাৰ কৰিব লাগিব। ডিজিটেল স্বাস্থ্য অভিযানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ইয়াৰ ফলত সাধাৰণ লোকসকলে তেওঁলোকৰ সুবিধা অনুযায়ী যথাযথ চিকিৎসা লাভ কৰিব। আত্মনিৰ্ভৰ ভাৰতৰ বাবে এই পৰিৱৰ্তনবোৰ খুবেই গুৰুত্বপূৰ্ণ।

শ্ৰী মোদীয়ে কয়, যদিও ভাৰত এতিয়া বিশ্বৰ ঔষধৰ ভাণ্ডাৰ হৈ উঠিছে, তৎসত্ত্বেও কেঁচামালৰ বাবে এতিয়াও বিদেশৰ ওপৰ নিৰ্ভৰ কৰিবলগীয়া হৈ আছে, যিটো আমাৰ শিল্পৰ ক্ষেত্ৰত সুবিধাজনক নহয়। ইয়াৰ ফলত দৰিদ্ৰ লোকসকললৈ সুলভ মূকল্যতে ঔষধ আৰু স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ প্ৰচুৰ সমস্যা হয়।

এইবাৰৰ বাজেটত আত্মনিৰ্ভৰতাৰ বাবে ৪ টা প্ৰকল্পৰ কথা ঘোষণা কৰা হৈছে।

উৎপাদন ভিত্তিক উৎসাহ প্ৰকল্পক ঔষধ আৰু চিকিৎসাৰ সা-সৰঞ্জাম উৎপাদনৰ সৈতে জড়িত কৰা হৈছে। ঔষধ আৰু চিকিৎসাৰ সা-সৰঞ্জাম উৎপাদনৰ বাবে বৃহৎ বৃহৎ উদ্যান নিৰ্মাণ কৰা হৈছে। দেশৰ স্বাস্থ্যকেন্দ্ৰ, জিলা হাস্পতাল, জটিল অসুখৰ চিকিৎসা ব্যৱস্থা, স্বাস্থ্য ক্ষেত্ৰত তদাৰকীৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি অত্যাধুনিক পৰীক্ষাগাৰ আৰু টেলি-মেডিচিনৰ প্ৰয়োজন আছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো স্তৰতে কাম কৰাৰ ওপৰত গুৰুত্ব দিছে। তেওঁ কয়, দৰিদ্ৰ লোকসকল বা যিসকলে দেশৰ প্ৰত্যন্ত অঞ্চলত বসবাস কৰে তেওঁলোকে যেন যথাযথ চিকিৎসা লাভ কৰে সেয়া নিশ্চিত কৰিব লাগিব। আৰু এই বাবেই কেন্দ্ৰ, ৰাজ্য চৰকাৰবোৰে তথা স্থানীয় প্ৰশাসনে একত্ৰিত হৈ কাম কৰিব লাগিব।

পিএমজেএৱাই আৰু চৰকাৰী পৰীক্ষাগাৰবোৰত চৰকাৰী, বেচৰকাৰী অংশীদাৰীত্বৰ মাধ্যমেৰে বেচৰকাৰী ক্ষেত্ৰবোৰক সহায় কৰিব পাৰে। ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিশ্যন, ডিজিটেল স্বাস্থ্য সংক্ৰান্তীয় তথ্যাদি ব্যৱস্থাপনাৰ উপৰিও বিভিন্ন অত্যাধুনিক প্ৰযুক্তিৰ মাধ্যমেৰে এই অংশীদাৰীত্ব গঢ়ি তোলা সম্ভৱ।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
₹10,000-crore scheme puts container manufacturing at the centre of India’s maritime push

Media Coverage

₹10,000-crore scheme puts container manufacturing at the centre of India’s maritime push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting determination, perseverance, and continuous effort in overcoming life's challenges
August 13, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the power of determination, perseverance, and courage in overcoming life's challenges and turning adverse circumstances into favorable ones.

The Prime Minister wrote on X;

"दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥"

A person who possesses the determination, perseverance and courage to turn adverse circumstances into favorable ones is never defeated by the challenges of life. Instead, through continuous effort and unwavering resolve, he moves forward and ultimately achieves success.