প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ বহু যোগ সাধকৰ লগত যোগ দি বিভিন্ন যোগাসন অনুশীলন কৰে। যোগে সকলোকে একত্ৰিত কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “যোগ সকলোৰে বাবে, ই সীমাৰ উৰ্দ্ধত, পটভূমিৰ উৰ্দ্ধত, বয়স বা সামৰ্থ্যৰ উৰ্দ্ধত।”

























