প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২-২৩ এপ্ৰিল ২০২১ তাৰিখে ভাৰ্চুৱেলী অনুষ্ঠিত হ’বলগীয়া জলবায়ু সন্দৰ্ভত নেতৃবৰ্গৰ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি যোছেফ আৰ বাইডেনৰ আমন্ত্ৰণমৰ্মে অংশগ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে নেতৃবৰ্গৰ প্ৰথম অধিৱেশনত অৰ্থাৎ ২২ এপ্ৰিল ২০২১ তাৰিখে সন্ধিয়া ৫.৩০ বজাৰ পৰা ৭.৩০ বজালৈ "Our Collective Sprint to 2030” শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰিব৷

এই সন্মিলনত প্ৰায় ৪০ জন বিশ্ব নেতাই অংশগ্ৰহণ কৰিব৷ প্ৰধান অৰ্থনৈতিক মঞ্চ (ভাৰতো সদস্য)ৰ সদস্য দেশৰ প্ৰতিনিধিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰি জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত ব্যাখ্যা আগবঢ়াব৷ নেতৃবৰ্গই এই সন্দৰ্ভত ভাৱ বিনিময় কৰাৰ লগতে স্বচ্ছ ইন্ধনৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিগত উদ্ভাৱন সন্দৰ্ভতো ভাষণ প্ৰদান কৰিব৷

এই সন্মিলন জলবায়ুৰ সৈতে জড়িত বিশ্বজনীন বৈঠকসমূহৰ শৃংখলাৰ এটা অংশ যি নৱেম্বৰ ২০২১ত চিঅ’পি২৬লৈ চলিবলগীয়া জলবায়ু বিষয়ৰ সৈতে জড়িত৷

উল্লেখ্য, প্ৰতিটো অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব আৰু সংবাদ মাধ্যম তথা জনসাধাৰণৰ বাবেও মুকলি ৰখা হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.

Media Coverage

India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ডিচেম্বৰ 2025
December 08, 2025

Viksit Bharat in Action: Celebrating PM Modi's Reforms in Economy, Infra, and Culture