ভাৰতে টিকাকৰণ আৰম্ভ হোৱাৰ পৰা মাত্ৰ ৯ মাহত অৰ্থাৎ যোৱা ২১ অক্টোবৰত ১০০ কোটি খোৰাকৰ  টিকাকৰণ সম্পূৰ্ণ কৰিলে  ২০২০ চনৰ আৰম্ভণিতে ঘটনাবোৰ যিদৰে সংঘটিত হৈছিল সেয়া যদি আমি সোঁৱৰণ কৰো তেতিয়া দেখিম যে কভিড-১৯-ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ই যেন এক অদ্ভুত যাত্ৰা আছিল ৷ ১০০ বছৰৰ পিছত মানৱতাই এনে এক মহামাৰীৰ সৈতে মোকাবিলা কৰি আছিল যত সকলোৱে এই ভাইৰাছটোৰ বিষয়ে অজ্ঞাত আছিল আমাৰ মনত আছে যে পৰিস্থিতি কিমান অপ্ৰত্যাশিত হৈ পৰিছিলকিয়নো আমি এক অজ্ঞাত আৰু অদৃশ্য শত্ৰুৰ  সন্মুখীন হৈছিলো

 উদ্বেগৰ পৰা আশ্বাসলৈ যাত্ৰা আৰম্ভ হৈছে আৰু বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে আমাৰ দেশক অধিক শক্তিশালী কৰি তুলিছে

 এয়া প্ৰকৃততেই এক অনন্য প্ৰচেষ্টা যত সমাজৰ বিভিন্ন শ্ৰেণীক সামৰি লোৱা হৈছে পৰিমাপৰ অনুমান কৰিবলৈধৰি লওক যে প্ৰতিটো টিকাকৰণত এজন স্বাস্থ্য কৰ্মীৰ বাবে মাত্ৰ ২ মিনিট সময়ৰ প্ৰয়োজন হয়  এই হাৰত এই মাইলৰ খুঁটিত উপনীত হ'বলৈ প্ৰায় ৪১ লাখ মানৱ দিন বা প্ৰায় ১১,০০০ মানৱ বছৰৰ প্ৰয়োজন হয়

 গতি আৰু পৰিমাপ বৰ্তাই ৰখাৰ যিকোনো প্ৰচেষ্টাৰ বাবে সকলো অংশীদাৰীৰ আত্মবিশ্বাস অতিশয় গুৰুত্বপূৰ্ণ অভিযানটোৰ সফলতাৰ এটা কাৰণ আছিল যে এই প্ৰতিষেধকৰ প্ৰতি মানুহৰ বিশ্বাস আছিল আৰু অবিশ্বাস আৰু আতংক সৃষ্টি কৰাৰ বিভিন্ন অপপ্ৰচেষ্টা স্বত্বেও প্ৰক্ৰিয়াটো ক্ৰমবৰ্ধমান হৈছিল ৷

 আমাৰ মাজত এনে কিছুমান লোক আছে যিয়ে কেৱল দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবেও বিদেশী ব্ৰেণ্ডৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু কভিড-১৯ৰ প্ৰতিষেধকৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতৰ জনসাধাৰণে   'মেড ইন ইণ্ডিয়াপ্ৰতিষেধকৰ ওপৰত বিশ্বাস কৰিছিল এইটো এটা গুৰুত্বপূৰ্ণ দৃষ্টান্তমূলক পৰিৱৰ্তন

 ভাৰতৰ প্ৰতিষেধক অভিযান হৈছে নাগৰিক আৰু চৰকাৰে জনসাধাৰণৰ অংশগ্ৰহণৰ ভাৱনাৰে এক উমৈহতীয়া লক্ষ্যৰ দ্বাৰা ভাৰতে কি অৰ্জন কৰিব পাৰে তাৰে এক উদাহৰণ ৷ যেতিয়া ভাৰতে টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছিলতেতিয়া বহুতে ১৩০ কোটি ভাৰতীয়ৰ সামৰ্থ্যৰ ওপৰত সন্দেহ কৰিছিল কিছুমানে কৈছিল যে ভাৰতক ইয়াৰ বাবে ৩-৪ বছৰ সময়ৰ প্ৰয়োজন হব আন কিছুমানে কৈছিল যে মানুহে টিকাকৰণৰ বাবে আগবাঢ়ি নাহে কিছুমান মানুহে কৈছিল যে টিকাকৰণ প্ৰক্ৰিয়াত ব্যাপক অব্যৱস্থা আৰু বিশৃংখলতা থাকিব কিছুমানে আনকি ইয়াকো কৈছিল যে ভাৰতে যোগান শৃংখলাটো পৰিচালনা কৰিবলৈ সক্ষম নহ' কিন্তু জনতা কাৰ্ফিউ আৰু ক্ৰমানুসাৰ লকডাউনৰ সৈতে সহযোগিতা কৰি ভাৰতৰ জনসাধাৰণে দেখুৱাই দিছিল যে যদি তেওঁলোকক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে বিবেচনা কৰা হয় তেন্তে ফলাফল কিমান চমৎকাৰ হ'ব পাৰে

 যেতিয়া সকলোৱে একেলগে আগবাঢ়ে  তেতিয়া অসম্ভৱ একো নহয় আমাৰ স্বাস্থ্য কৰ্মীসকলে জনসাধাৰণক প্ৰতিষেধক প্ৰদান কৰিবলৈ পাহাৰ অতিক্ৰম কৰিছে আৰু বিশাল নদীও পাৰ হৈছে আমাৰ যুৱসমাজসমাজকৰ্মীস্বাস্থ্য কৰ্মীসামাজিক তথা ধৰ্মীয় নেতা সকলোৱে এই কথাৰ বাবে কৃতিত্বৰ যোগ্য যে ভাৰতে উন্নত দেশবোৰৰ তুলনাত খুব কমেইহে প্ৰতিষেধক দ্বিধাৰ সন্মুখীন হৈছে

 টিকাকৰণত বিভিন্ন গোটক বিশেষ অগ্ৰাধিকাৰ দিয়াৰ বাবে যথেষ্ট চাপ আহিছিল যদিও চৰকাৰে এয়া নিশ্চিত কৰিছিল যে আমাৰ অন্যান্য আঁচনিৰ দৰেটিকাকৰণ অভিযানতো কোনো ভিআইপি সংস্কৃতি নাই

 ২০২০ চনৰ আৰম্ভণিতে যেতিয়া সমগ্ৰ বিশ্বত কভিড-১৯ৰ প্ৰাদুৰ্ভাৱ আছিলআমাৰ বাবে এইটো স্পষ্ট হৈ আছিল যে এই মহামাৰীটোৰ বিৰুদ্ধে প্ৰতিষেধকৰ সহায়েৰেহে যুঁজিব লাগিব আমি সোনকালে প্ৰস্তুতি আৰম্ভ কৰিলো আমি বিশেষজ্ঞ গোট গঠন কৰিছিলো আৰু এপ্ৰিল ২০২০ ৰ পৰা এটা ৰোডমেপ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিলো

যিখন দেশত চৰকাৰক উন্নয়নৰ বাধা হিচাপে জনা গৈছিল সেইখন দেশত আমাৰ চৰকাৰ প্ৰগতিৰ সাধক হৈ আহিছে চৰকাৰে প্ৰথম দিনৰ পৰাই প্ৰতিষেধক নিৰ্মাতাসকলৰ সৈতে অংশীদাৰীত্ব স্থাপন কৰিছিল আৰু তেওঁলোকক প্ৰতিষ্ঠানগত সমৰ্থনবৈজ্ঞানিক গৱেষণাপুঁজিলগতে ত্বৰান্বিত নিয়ামক প্ৰক্ৰিয়া হিচাপে সমৰ্থন প্ৰদান কৰিছিল চৰকাৰৰ সকলো মন্ত্ৰালয় প্ৰতিষেধক নিৰ্মাতাসকলৰ সুবিধাৰ বাবে ঐক্যৱদ্ধ হৈছিল আৰু আমাৰ 'সমগ্ৰ চৰকাৰদৃষ্টিভংগীৰ ফলস্বৰূপে যিকোনো বাধা আঁতৰ হৈছিল

 

ভাৰতৰ দৰে এখন দেশত পৰিমাপক হিচাপত কেৱল উৎপাদন কৰাই যথেষ্ট নহয় শেষৰজন লোকলৈ ইয়াৰ বিতৰণ আৰু সুদৃঢ় লজিষ্টিকৰ ওপৰতো গুৰুত্ব দিয়া উচিত বিদ্যমান প্ৰত্যাহ্বানবোৰ বুজিবলৈপ্ৰতিষেধকৰ এটা বটলৰ যাত্ৰাটো কল্পনা কৰক বটলটো পুণে বা হায়দৰাবাদৰ প্ৰকল্পৰ পৰা যিকোনো ৰাজ্যৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় য'ৰ পৰা ইয়াক জিলা কেন্দ্ৰলৈ পৰিবহণ কৰা হয় তাৰ পৰা ই টিকাকৰণ কেন্দ্ৰত উপস্থিত হয় এই যাত্ৰাত বিমান আৰু ৰেলৰ হাজাৰ হাজাৰ ভ্ৰমণ অন্তৰ্ভুক্ত আছে এই সমগ্ৰ যাত্ৰাৰ সময়ততাপমাত্ৰা এক নিৰ্দিষ্ট পৰিসৰত বজাই ৰাখিব লাগিব যাক কেন্দ্ৰীয়ভাৱে নিৰীক্ষণ কৰা হয় এই উদ্দেশ্যৰ বাবে ১ লাখতকৈও অধিক শীতল শৃংখলা সঁজুলি ব্যৱহাৰ কৰা হৈছিল ৰাজ্যসমূহক প্ৰতিষেধকৰ বিতৰণ কাৰ্যসূচীৰ আগতীয়াকৈ জাননী দিয়া হৈছিল যাতে তেওঁলোকে তেওঁলোকৰ অভিযানটোৰ এক সুন্দৰ পৰিকল্পনা কৰিব পাৰে আৰু প্ৰতিষেধকবোৰ যাতে পূৰ্ব নিৰ্ধাৰিত দিনৰ ভিতৰত তেওঁলোকৰ ওচৰলৈ উপস্থিত হয় স্বাধীন ভাৰতৰ ইতিহাসত এইটো এক অভূতপূৰ্ব প্ৰচেষ্টা

 

এই সমগ্ৰ প্ৰয়াসত কো-উইনৰ এক শক্তিশালী কাৰিকৰী মঞ্চই সহায় কৰিছিল ই নিশ্চিত কৰিছিল যে প্ৰতিষেধকৰ অভিযানটো ন্যায়সংগতপৰিমাপযোগ্যঅনুসৰণযোগ্য আৰু স্বচ্ছ হোৱাটো এইটোৱে নিশ্চিত কৰিছিল যে ইয়াত পক্ষপাতিত্ব বা শাৰীৰ মাজৰ পৰা থপিয়াই অনাৰ কোনো অৱকাশ নাছিল ই লগতে নিশ্চিত কৰিছিল যে এজন দৰিদ্ৰ শ্ৰমিকে প্ৰয়োজনীয় সময়ৰ ব্যৱধানৰ অন্তত তেওঁৰ গাঁৱত প্ৰথম পালি আৰু তেওঁ কাম কৰা চহৰত একেটা প্ৰতিষেধকৰ দ্বিতীয় পালি যাতে গ্ৰহণ কৰিব পাৰে স্বচ্ছতা বৃদ্ধি কৰাৰ বাবে বাস্তৱিক-সময়ৰ ডেশ্বব'ৰ্ডৰ উপৰিওকিউআৰ-কোডযুক্ত প্ৰমাণপত্ৰই প্ৰমাণীকৰণ নিশ্চিত কৰিছে কেৱল ভাৰততে নহয় বিশ্বতো এনে ধৰণৰ প্ৰচেষ্টাৰ আন কোনো উদাহৰণ নাই

 

২০১৫ চনত স্বাধীনতা দিৱসৰ সময়ত মোৰ ভাষণত মই কৈছিলো যে 'টীম ইণ্ডিয়া'ৰ বাবে আমাৰ দেশ আগবাঢ়িব ধৰিছে আৰু এই 'টীম ইণ্ডিয়াআমাৰ ১৩০ কোটি জনতাৰ এক বৃহৎ দল জনসাধাৰণৰ অংশগ্ৰহণ হৈছে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি যদি আমি ১৩০ কোটি ভাৰতীয়ৰ অংশগ্ৰহণেৰে দেশখন পৰিচালনা কৰো তেন্তে আমাৰ দেশে প্ৰতি মুহূৰ্ততে ১৩০ কোটি খোজ আগুৱাব পাৰিব আমাৰ টিকাকৰণ অভিযানে আকৌ এবাৰ এই 'টীম ইণ্ডিয়া'ৰ শক্তি প্ৰদৰ্শন কৰিছে টিকাকৰণ অভিযানত ভাৰতৰ সফলতাই সমগ্ৰ বিশ্বক দেখুৱাইছে যে 'গণতন্ত্ৰই ৰক্ষা কৰিব পাৰে'

 

মই আশা কৰোঁ যে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানত অৰ্জন কৰা সফলতাই আমাৰ যুৱসমাজআমাৰ উদ্ভাৱক আৰু সকলো পৰ্যায়ৰ চৰকাৰক লোকসেৱা প্ৰদানৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব যি কেৱল আমাৰ দেশৰ বাবেই নহয়বিশ্বৰ বাবেও এক আৰ্হি হ'

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's EV charging stations cross 29,000, rise nearly six-fold since 2022

Media Coverage

India's EV charging stations cross 29,000, rise nearly six-fold since 2022
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ প্ৰতি নিবেদিত এটি জীৱন
July 06, 2026

আজি ৬ জুলাই। আজিৰ এই দিনটো জাতীয়তাবাদ আৰু নিঃস্বাৰ্থ সেৱাৰ আদৰ্শক হৃদয়ত ৰোপণ কৰা অগণন লোকৰ বাবে এক বিশেষ দিন। মা ভাৰতীৰ প্ৰতি সাহস আৰু অদম্য দায়বদ্ধতাৰ পৰিচয় দি কালজয়ী নিদৰ্শন হৈ পৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছো। এই দিনটোত আমি তেওঁক স্মৰণ কৰিছো। আধুনিক ভাৰতৰ কমসংখ্যক নেতাইহে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিৰ লেখীয়াকৈ বুদ্ধিমত্তা, জনসেৱা আৰু নৈতিক প্ৰত্যয়ক গভীৰভাৱে মূৰ্ত কৰি তুলিব পাৰিছে ।

শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এনে এক পৰিৱেশৰ মাজত জন্মগ্ৰহণ কৰিছিল যিটো পৰিৱেশত তেওঁ এক সুৰক্ষিত আৰু আৰামদায়ক জীৱন কটাব পাৰিলেহেঁতেন। তেওঁৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ আৰু বুদ্ধিজীৱীসকলৰ ভিতৰত অন্যতম আছিল। ভাগ্যই শ্যামা প্ৰসাদ মুখাৰ্জীৰ সন্মুখত বিশেষ সুবিধাৰ পথ মুকলি কৰি দিলেও তেওঁৰ বিবেকে তেওঁক ত্যাগ আৰু জাতীয় সেৱাৰ দিশলৈহে আকৰ্ষণ কৰিছিল। তেওঁ নিশ্চিত হৈছিল যে তেওঁ আৰ্তজনৰ দুখ দেখি বোবা দৰ্শক হৈ থাকিব নোৱাৰে। সেয়া লাগিলে ঔপনিৱেশিকতাবাদ, সাম্প্ৰদায়িকতাবাদ, মানৱীয় প্ৰত্যাহ্বান আদিৰ বিৰুদ্ধে যুঁজ দিয়াই হওক। তেওঁৰ এই যাত্ৰাত তেওঁ কেইবাটাও দুখজনক ঘটনাৰ সন্মুখীন হবলগীয়া হৈছিল, প্ৰথমে তেওঁ হেৰুৱাইছিল নিজৰ কেঁচুৱা সন্তানটিক আৰু পিছলৈ হেৰুৱাইছিল পত্নীক । তথাপিও এই ঘটনাসমূহে তেওঁৰ সংকল্পক অধিক গভীৰ কৰি তুলিছিল আৰু সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাক অধিক শক্তিশালী কৰিছিল ।

ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজহুৱা জীৱনক সংজ্ঞায়িত কৰা এক বিশেষ আদৰ্শ আছিল, সেয়া আছিল ভাৰতৰ অবিভাজ্যতা। দেশ বিভাজনৰ উত্তাল পৰিস্থিতিৰ সময়ত তেওঁ দৃঢ়তাৰে থিয় দিছিল যাতে পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকে। কেইবছৰমানৰ পাছত সেই প্ৰত্যয়ৰেই তেওঁ জম্মু-কাশ্মীৰলৈ আকৰ্ষিত হৈছিল। কাৰাদণ্ডই তেওঁৰ মনোবল ভাঙিব পৰা নাছিল আৰু অকশৰীয়া হৈ পৰা অৱস্থায়ো তেওঁক হতাশ কৰা নাছিল। তেওঁৰ জীৱনৰো হঠাৎ অন্ত পৰিছিল কাৰাবন্দিত্বৰ মাজতেই । যিসকল মানুহক তেওঁ নিজৰ কৰি লৈছিল, তেওঁলোকৰ পৰা বহু দূৰত তেওঁ অকশৰীয়া অৱস্থাতে চিৰদিনৰ বাবে চকু মুদিছিল। ইতিহাসৰ এনে কিছুমান মুহূৰ্ত আছে যেতিয়া ব্যক্তি এগৰাকীৰ চূড়ান্ত ত্যাগে ৰাজনীতিক অতিক্ৰম কৰি জাতীয় ভাবনাৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলে । ডাঃ মুখাৰ্জীৰ শেষ যাত্ৰাও তেনে এক মুহূৰ্ত হৈয়েই আছে। আচাৰ্য বিনোৱা ভাৱেই কৈছিল যে ড° মুখাৰ্জীয়ে যি কামত বিশ্বাস কৰিছিল সেই কামৰ বাবে নিজকে বলিদান দিছিল। বহু বছৰৰ পিছত ২০১৯ চনত কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিল কৰাটোৱেই আছিল তেওঁৰ বলিদানৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি।

ড° মুখাৰ্জীয়ে ভাৰত প্ৰথম আৰু ভাৰতীয় মূল্যবোধক প্ৰথম স্থান দিছিল। এনে কৰিবলৈ যাওঁতে তেওঁ সেই সময়ৰ গতানুগতিক মানসিকতাৰে পৰিচালিত হৈ থকা বহু অনুষ্ঠান পুনৰ নতুনকৈ গঢ় দিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ কনিষ্ঠতম উপাচাৰ্য হিচাপে পৰিগণিত হৈছিল। অনন্য শৈলীৰে তেওঁ বিশ্ববিদ্যালয়খনলৈ দেশপ্ৰেমমূলক ভাবনাৰে আৰু ভৱিষ্যতৰ উত্তৰণৰ চিন্তাৰে ইতিবাচক পৰিৱৰ্তন আনিছিল। শিক্ষাবিদসকলৰ এখন সন্মিলনত ভাষণ দি ড০ মুখাৰ্জীয়ে কৈছিল “শিক্ষানুষ্ঠানসমূহক সম্ভাৱ্য কেৰাণী আৰু কম দৰমহা পোৱা কৰ্মচাৰী উৎপাদনৰ বাবে কাৰখানা হিচাপে চোৱাটো উচিত নহয়।আমি এনে ছাত্ৰ-ছাত্ৰীক উলিয়াই আনিব লাগিব, যিয়ে আমাৰ স্ব-শাসিত প্ৰতিষ্ঠানসমূহ, যেনে পৌৰ নিগম, প্ৰাদেশিক আৰু কেন্দ্ৰীয় বিধায়িনী প্ৰতিষ্ঠানসমূহক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে বিত্ত, বাণিজ্য আৰু উদ্যোগ আদি জীৱনৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজ পৰিচালনা কৰিবলৈ সক্ষম হ’ব লাগিব ।”

তেওঁৰ নেতৃত্বতে কলিকতা বিশ্ববিদ্যালয়ে পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নত কৰা, বিজ্ঞানৰ গৱেষণাক উন্নীত কৰা, শিল্পকৰ্মৰ অধ্যয়নক উৎসাহিত কৰা আৰু কৃষিৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দৰে অনন্য প্ৰচেষ্টা হাতত লৈছিল। ইয়াত মাত্ৰ কেইটামানৰ কথাহে উল্লেখ কৰিলো। তেওঁ ক্ৰীড়া, শিক্ষক প্ৰশিক্ষণ আৰু ছাত্ৰ কল্যাণৰ দৰে ক্ষেত্ৰসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত মিলা-প্ৰীতি তথা সমন্বয়ৰ ভাব জগাই তুলিবলৈ তেওঁ ২৪ জানুৱাৰীৰ দিনটোক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰাৰ এক প্ৰথা আৰম্ভ কৰিছিল। তেওঁ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্ববিদ্যালয়খনৰ বাবে এটা গীত ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল।

তেওঁৰ উদ্যমী মনোভাবৰ আন এক উদাহৰণ তেওঁৰ জীৱনৰ পিছৰ অংশত দেখা যায়, যেতিয়া তেওঁ ভাৰতীয় জনসংঘ গঠনৰ সিদ্ধান্ত লৈছিল। যিটো সময়ত কংগ্ৰেছ পাৰ্টি সৰ্বব্যাপী আছিল, সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আমাৰ সাংস্কৃতিক শিপাৰ লগত সংলগ্ন হৈ থাকি ভাৰতৰ প্ৰগতিৰ বাবে মাত মাতিবলৈ বিকল্প কণ্ঠৰ প্ৰয়োজন আছে। জনসংঘৰ প্ৰতীক আছিল এটা চাকি , মাটিৰ চাকিক প্ৰতীক হিচাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্তটো নিঃসন্দেহে উপযুক্ত আছিল। এগচি মাটিৰ চাকি দেখিবলৈ সামান্য যেন লাগিব পাৰে, তথাপিও ইয়াৰ নিজৰ পৰা বহু দূৰৈৰ আন্ধাৰ নাশ কৰাৰ শক্তি থাকে । জনসংঘই সক্ৰিয় হৈ থকা বছৰবোৰত আৰু তাৰ পাছৰ বছৰবোৰতো ঠিক তেনে কামেই কৰিছিল।

ভাৰতৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাৰ্যকালত দেশে এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনেতাক আৱিষ্কাৰ কৰিছিল। যিগৰাকী ব্যক্তিৰ উন্নয়নৰ ধাৰণা উল্লেখযোগ্যভাৱে ব্যাপক আৰু মানৱীয় আছিল। নতুনকৈ স্বাধীনতা লাভ কৰা দেশ এখনৰ বাবে তেওঁ উদ্যোগক মৰ্যাদা, সুযোগ আৰু আত্মবিশ্বাস ঘূৰাই অনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল । তেওঁ সম্পদ সৃষ্টি আৰু মূল্য সংযোজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। দামোদৰ উপত্যকা নিগম, সিন্দ্ৰি সাৰ উদ্যোগ আৰু এক শক্তিশালী ঔদ্যোগিক নীতিৰ দৰে অগ্ৰণী পদক্ষেপৰ জৰিয়তে তেওঁ আধুনিক ভাৰতৰ ঔদ্যোগিক ভেটি স্থাপন কৰিছিল। তেওঁ একেসময়তে ভাৰতৰ পৰম্পৰাগত শক্তিসমূহ অৱহেলিত হৈ নাথাকে সেয়াও নিশ্চিত কৰিছিল। হস্ততাঁত, কুটিৰ উদ্যোগ, শিল্প আৰু বস্ত্ৰশিল্পৰ শ্ৰমিকসকলে তেওঁৰ মাজত সকলোৰে বাবে সমানে দায়বদ্ধ এগৰাকী ব্যক্তিক বিচাৰি পাইছিল।

ইয়াত মই ব্যক্তিগত অভিজ্ঞতাৰ এটাৰ বিষয়ে ক’ব বিচাৰিছো। ড° মুখাৰ্জীয়ে স্বাৱলম্বীতাৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰা সিন্দ্ৰি উদ্যোগটোক কেইবা দশক ধৰি দেশ পৰিচালনা কৰাসকলে অৱহেলা কৰিছিল। আমাৰ চৰকাৰে ইয়াৰ পুনৰুজ্জীৱনত অৰিহণা যোগোৱাৰ সুযোগ পোৱাত মই সন্মানিত অনুভৱ কৰিছো। সেই অনুষ্ঠানৰ বাবে তাত উপস্থিত হোৱাটো সঁচাকৈয়ে মোৰ বাবে এক বিশেষ মুহূৰ্ত আছিল।

ভাৰতৰ সভ্যতাৰ পৰম্পৰাই দীৰ্ঘদিন ধৰি আলোচনাৰ বিষয়টোত গুৰুত্ব দি আহিছে। ড° মুখাৰ্জীয়ে এই গণতান্ত্ৰিক মনোভাৱক মূৰ্ত কৰি তুলিছিল। তেওঁ পণ্ডিত নেহৰুৰ কেবিনেটত যোগদান কৰিছিল, প্ৰথম বছৰবোৰত দেশ গঠনৰ কামত ৰাজনৈতিক মতানৈক্যক অতিক্ৰম কৰিব লাগিব বুলি তেওঁ বিশ্বাস কৰিছিল। তেওঁ আন্তৰিকতা আৰু গঠনমূলক মনোভাৱেৰে সেৱা আগবঢ়াইছিল। কিন্তু যেতিয়া তেওঁ অনুভৱ কৰিছিল যে জাতীয় স্বাৰ্থ জড়িত হৈ থকা প্ৰশ্নবোৰে এক বেলেগ পথ দাবী কৰে, তেতিয়া তেওঁ মৰ্যাদাৰে পদত্যাগ কৰি দেশৰ বাবে প্ৰয়োজন বুলি বিশ্বাস কৰা ৰাজনৈতিক কাম-কাজত নিজকে উৎসৰ্গা কৰিছিল।

৭৫ বছৰ পূৰ্বে পণ্ডিত নেহৰুৱে এনে এক প্ৰথম সংশোধনী আনিছিল, যি আছিল বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। নেহৰুৰ এনে পদক্ষেপৰ কঠোৰ সমালোচকৰ ভিতৰত ড° মুখাৰ্জী অন্যতম আছিল। কংগ্ৰেছে কি কৰিবলৈ সক্ষম সেই কথা তেওঁ সম্পূৰ্ণৰূপে বুজি পাইছিল। সময়ত তেওঁ কৰা ধৰাণাই সত্য বুলি প্ৰমাণিত হ’ল। ৭৫ বছৰ আগতে প্ৰথম সংশোধনী অনাসকলে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাপি দিছিল আৰু ৫০ বছৰ আগতে ৪২ সংখ্যক সংশোধনী আইন আনিছিল, যিয়ে পুনৰ উদাৰ গণতান্ত্ৰিক মূল্যবোধত আঘাত হানিছিল।

ড° মুখাৰ্জীয়ে মানৱীয় প্ৰচেষ্টা গ্ৰহণৰ পক্ষত বিশেষভাৱে থিয় দিছিল। ১৯৪৩ চনত যেতিয়া বংগত ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, তেতিয়া ডাঃ মুখাৰ্জীয়ে ক্ষতিগ্ৰস্তসকলৰ সেৱাত নিজকে বিলীন কৰি দিছিল। তেওঁ কেইবাখনো কেণ্টিন আৰু সাহায্য কেন্দ্ৰ মুকলি কৰি মানুহক খাদ্য যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰিছিল । এফালে জনসাধাৰণৰ দুৰ্দশাই তেওঁক গভীৰভাৱে জোকাৰি গৈছিল, আনফালে ঔপনিৱেশিক শাসকসকলৰ সংবেদনহীনতাই তেওঁক মনোকষ্ট দিছিল। তেওঁ পঞ্চাশেৰ মন্বন্তৰ নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ নিজৰ ক্ষোভ উজাৰি দিছিল। ১৯৪২ চনত যেতিয়া মেদিনীপুৰত ছুপাৰ চাইক্ল’ন হৈছিল , তেতিয়া তেওঁ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে দিনে-ৰাতিয়ে দেহে কেহে খাটি প্ৰশংসিত হৈছিল।

কলকাতাৰ এখন মহাবিদ্যালয়ত ভাষণ দি ড০ মুখাৰ্জীয়ে যুৱক-যুৱতীসকলক আহ্বান জনাইছিল, “ তোমালোকে যি কামেই হাতত নোলোৱা কিয়, সেই কামটো গুৰুত্বসহকাৰে, পুংখানুপুংখভাৱে আৰু ভালদৰে কৰিবা”। ভাৰতবৰ্ষই বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আমি তেওঁক দিব পৰা আটাইতকৈ উত্তম শ্ৰদ্ধাঞ্জলি হ’ল- তেওঁ গভীৰভাৱে বিশ্বাস কৰা শক্তিশালী, সংহত, আত্মবিশ্বাসী আৰু উদাৰ ভাৰত গঢ়িবলৈ প্ৰতিদিনে চেষ্টা কৰি যোৱা। আজিৰ যুৱক-যুৱতীসকলক লৈ মই নিশ্চিত যে তেওঁলোকে সেয়া সঠিকভাবেই কৰিব।