প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ চৰকাৰৰ অধীনত যোৱা এঘাৰ বছৰত ভাৰতত হোৱা উল্লেখযোগ্য পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰিছে।
১৪০ কোটি ভাৰতীয়ৰ সামূহিক অংশগ্ৰহণৰ জৰিয়তে সুশাসন আৰু পৰিৱৰ্তনক বিশেষ অগ্ৰাধিকাৰ দিয়াৰ ফলত দেশৰ বিভিন্ন খণ্ডত দ্ৰুত প্ৰগতি হোৱা বুলি শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়।
'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস "ভাৱাদৰ্শৰ জৰিয়তে পৰিচালিত হৈ এন. ডি. এ. চৰকাৰে গতি, ব্যাপকতা আৰু সংবেদনশীলতাৰ সৈতে যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
অৰ্থনৈতিক বিকাশৰ পৰা আৰম্ভ কৰি সামাজিক প্ৰগতিলৈকে চৰকাৰে নাগৰিক-কেন্দ্ৰিক, সামগ্ৰিক আৰু সৰ্বাংগীন প্ৰগতিক অগ্ৰাধিকাৰ দিয়া বুলি শ্ৰী মোদীয়ে বিশেষভাৱে কয়।
সম্প্ৰতি ভাৰত কেৱল দ্ৰুততম বিকাশশীল আগশাৰীৰ অৰ্থনীতিয়েই নহয়, বৰঞ্চ জলবায়ু খণ্ডৰ পদক্ষেপ তথা ডিজিটেল উদ্ভাৱনৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এক উল্লেখযোগ্য আন্তৰ্জাতিক কণ্ঠস্বৰত পৰিণত হোৱা বুলি তেওঁ উল্লেখ কৰে।
শ্ৰী মোদীয়ে কয় যে, "আমাৰ সামূহিক সফলতাক লৈ গৌৰৱান্বিত হোৱাৰ সমান্তৰালকৈ আমি আশা, আত্মবিশ্বাস আৰু বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে নতুন সংকল্পৰ সৈতে আগবাঢ়িছো"।
যোৱা এঘাৰ বছৰত বহুতো ইতিবাচক পৰিৱৰ্তন সাধিত হোৱাৰ লগতে 'জীৱন ধাৰণৰ সূচলতা’ ত্বৰান্বিত হোৱা বুলি তেওঁ প্ৰকাশ কৰে।
এই সন্দৰ্ভত, চৰকাৰৰ সাফল্যসমূহ ক্ৰীড়া, কুইজ, জৰীপকে ধৰি উৎসাহজনক, কাৰ্যকৰী আৰু তথ্য সম্বলিত মত-বিনিময় কৰিব পৰা অন্যান্য ব্যৱস্থাৰে প্ৰতিফলিত কৰা নমো এপৰ জৰিয়তে এই পৰিৱৰ্তনমূলক যাত্ৰাৰ অন্বেষণ কৰিবলৈ শ্ৰী মোদীয়ে নাগৰিকসকলক উৎসাহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে লগতে নমো এপ আৰু অফিচিয়েল ৱেবছাইটত উপলব্ধ ভিডিঅ’, ইনফ’গ্ৰাফিক্স আৰু প্ৰবন্ধৰ দৰে বিভিন্ন আকৰ্ষণীয় পদ্ধতিৰে ভাৰতৰ বিকাশ যাত্ৰা অন্বেষণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে;
"সুশাসন আৰু পৰিৱৰ্তনৰ ওপৰত স্পষ্ট গুৰুত্ব!
১৪০ কোটি ভাৰতীয়ৰ আশীৰ্বাদ আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে ভাৰতৰ বিভিন্ন খণ্ডত দ্ৰুত পৰিৱৰ্তন পৰিলক্ষিত হৈছে।
'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস "ভাৱাদৰ্শৰ জৰিয়তে পৰিচালিত হৈ এন. ডি. এ. চৰকাৰে গতি, ব্যাপকতা আৰু সংবেদনশীলতাৰ সৈতে যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিছে।
অৰ্থনৈতিক বিকাশৰ পৰা আৰম্ভ কৰি সামাজিক প্ৰগতিলৈকে, নাগৰিক-কেন্দ্ৰিক, সামগ্ৰিক আৰু সৰ্বাংগীন প্ৰগতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
সম্প্ৰতি ভাৰত কেৱল দ্ৰুততম বিকাশশীল আগশাৰীৰ অৰ্থনীতিয়েই নহয়, বৰঞ্চ জলবায়ু খণ্ডৰ পদক্ষেপ আৰু ডিজিটেল উদ্ভাৱনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত এক উল্লেখযোগ্য আন্তৰ্জাতিক কণ্ঠস্বৰত পৰিণত হৈছে।
আমাৰ সামূহিক সফলতাক লৈ গৌৰৱান্বিত হোৱাৰ সমান্তৰালকৈ আমি আশা, আত্মবিশ্বাস আৰু বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে নতুন সংকল্পৰ সৈতে আগবাঢ়িছো!
# সেৱাৰ ১১টা বছৰ"
A clear focus on good governance and transformation!
— Narendra Modi (@narendramodi) June 9, 2025
Powered by the blessings and collective participation of 140 crore Indians, India has witnessed rapid transformations across diverse sectors.
Guided by the principle of ‘Sabka Saath, Sabka Vikas, Sabka Vishwas, Sabka… pic.twitter.com/bCC4MJP3Ii
"নমো এপত আকৰ্ষণীয় ভিডিঅ’, ইনফ’গ্ৰাফিক্স, প্ৰবন্ধ আৰু অন্যান্য ব্যৱস্থাৰ জৰিয়তে প্ৰতিফলিত ভাৰতৰ বিকাশ যাত্ৰা। অন্বেষণ কৰক।
narendramodi.in/vikasyatra2025
# সেৱাৰ ১১টা বছৰ"
11YearsOfSeva"
The last eleven years have brought many positive changes and boosted ‘Ease of Living.’
— Narendra Modi (@narendramodi) June 9, 2025
The NaMo App takes you through this transformative journey in an innovative manner, through interactive games, quizzes, surveys and other such formats that inform, engage and inspire.
Do…
যোৱা এঘাৰ বছৰত বহুতো ইতিবাচক পৰিৱৰ্তন সাধিত হোৱাৰ লগতে 'জীৱন ধাৰণৰ সূচলতা’ ত্বৰান্বিত হৈছে।
আকৰ্ষণীয় খেল, কুইজ, জৰীপকে ধৰি উৎসাহজনক, কাৰ্যকৰী আৰু তথ্য সম্বলিত অন্যান্য উদ্ভাৱনীমূলক ব্যৱস্থাৰে নমো এপৰ জৰিয়তে আপোনালোকে পৰিৱৰ্তনমূলক যাত্ৰাৰ অন্বেষণ কৰিব পাৰে।
এবাৰ চাওক।
nm-4.com/11yearsofseva
# সেৱাৰ ১১টা বছৰ"
11YearsOfSeva"
India’s Vikas Yatra, showcased through interesting videos, infographics, articles and more on the NaMo App... Do explore. https://t.co/VdFMHo1pNH#11YearsOfSeva
— Narendra Modi (@narendramodi) June 9, 2025
" बीते 11 वर्षों में हमारी सरकार की हर योजना के केंद्र में गरीब भाई-बहनों के साथ ही जन-जन का कल्याण सुनिश्चित करना रहा है। उज्ज्वला हो या पीएम आवास, आयुष्मान भारत हो या भारतीय जनऔषधि या फिर पीएम किसान सम्मान निधि, इन सभी योजनाओं ने देशवासियों की उम्मीदों को नए पंख दिए हैं। हमने इस दौरान पूरी निष्ठा और सेवाभाव के साथ लोगों का जीवन आसान बनाने के लिए हरसंभव प्रयास किया है।"
#11YearsOfSeva
बीते 11 वर्षों में हमारी सरकार की हर योजना के केंद्र में गरीब भाई-बहनों के साथ ही जन-जन का कल्याण सुनिश्चित करना रहा है। उज्ज्वला हो या पीएम आवास, आयुष्मान भारत हो या भारतीय जनऔषधि या फिर पीएम किसान सम्मान निधि, इन सभी योजनाओं ने देशवासियों की उम्मीदों को नए पंख दिए हैं। हमने इस… pic.twitter.com/I4NFsPYBUP
— Narendra Modi (@narendramodi) June 9, 2025


