স্বাধীনতাৰ ৬৭বছৰ পাছতো ভাৰতৰ এক বুজন পৰিমাণৰ জনসংখ্যাই বেকিং সেৱাৰ পৰা বঞ্চিত হৈ আছিল৷ অৰ্থাৎ তেওঁলোকৰ হাতত জমা কৰা অথবা আনুষ্ঠানিক ঋণ লোৱাৰ কোনো সুযোগ নাছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে এই মৌলিক সমস্যা সমাধানৰ উদ্দেশ্যে ২৮ আগষ্টত প্ৰধানমন্ত্ৰী জন ধন যোজনা মুকলি কৰে৷ কেইটামান মাহৰ ভিতৰতে এই আঁচনিয়ে কোটি কোটি ভাৰতীয়ৰ জীৱন আৰু ভৱিষ্যত সলনি কৰি দিয়ে৷ মাত্ৰ কেইটামান মাহতে ১৫কোটি বেংক একাউণ্ট মুকলি হয়৷ এইপৰ্যন্ত ১৩.৫ কোটি ৰুপে’ কাৰ্ড জাৰি কৰা হৈছে৷ ১৫,৭৯৮ কোটি টকা জমা হৈছে৷ অভিলেখসংখ্যক ১,২৫,৬৯৭ বেংক মিত্ৰ(বেংক প্ৰতিনিধি) নিয়োজিত হৈছে৷ এক সপ্তাহত ১,৮০,৯৬,১৩০ বেংক একাউণ্ট মুকলি কৰাৰ ক্ষেত্ৰত গিনিজ বিশ্ব ৰেকৰ্ডো স্থাপন হৈছে৷

এই সকলো সম্ভৱ হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতা, জনতাক একগোট কৰিব পৰা তেওঁৰ সক্ষমতা আৰু সু-নেতৃত্বৰ বাবে৷ তেওঁৰ দৃঢ় লক্ষ্য আৰু চৰকাৰ তথা জনসাধাৰণৰ সুসমন্বয়ৰ ফলস্বৰূপে এই সাহসী পদক্ষেপ সফলতাৰে ৰূপায়িত হয়৷
বেংক একাউণ্টসমূহে কোটি কোটি ভাৰতীয়ক বেংকিং সেৱা আগবঢ়োৱাৰ সমান্তৰালকৈ দেশত দুৰ্নীতি প্ৰতিৰোধ কৰাতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এতিয়া উপভোক্তাই ৰাজসাহায্য প্ৰত্যক্ষভাৱে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰে৷ ইয়াৰ ফলত কোনো অবৈধ লেনদেন অথবা বৈষম্যৰ সুযোগ সৃষ্টি নহয়৷ পহল( PAHAL)যোজনাৰ অধীনত এলপিজিৰ ৰাজসাহায্য উপভোক্তাই বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰে৷ এই আঁচনিৰ অধীনত ১০ কোটিৰো অধিক লোকে প্ৰত্যক্ষ নগদ ৰাজসাহায্য লাভ কৰিছে আৰু প্ৰায় ৪০০০ কোটি টকাৰ ৰাজসাহায্য ৰাহি হৈছে৷

দেশৰ জনসাধাৰণে প্ৰাথমিক বেংকিং সেৱা লাভ কৰাটো নিশ্চিত হোৱাৰ পাছতে এনডিএ চৰকাৰে নাগৰিকৰ সুৰক্ষাৰ বাবে বীমা আৰু পেঞ্চন আঁচনি ৰূপায়নৰ ঐতিহাসিক সিদ্বান্ত লয়৷ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাই বছৰি মাত্ৰ ১২ টকাৰ বিনিময়ত ২লাখ টকাৰ দূৰ্ঘটনা বীমা প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনাই প্ৰতিবছৰে মাত্ৰ ৩৩০ টকাত নাগৰকিক জীৱন বীমাৰ সুবিধা দিছে৷ অটল পেঞ্চন যোজনাই বৰঙণিৰ ওপৰত ভিত্তি কৰি নাগৰিকক প্ৰতিমাহত ৫০০০ টকা পৰ্যন্ত পেঞ্চন আগবঢাইছে৷ মুকলিৰ কেইটামান দিনৰ ভিতৰতে প্ৰায় ৭.২২কোটি(১৬-০৫-২০১৫ৰ তথ্য অনুসৰি)লোকে এই আঁচনিসমূহৰ সৈতে জড়িত হয়৷ ইয়াৰ উপৰি, চৰকাৰে কন্যা শিশুৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সুকন্যা সমৃদ্ধি আঁচনি মুকলি কৰে৷

More about Social Security Schemes
For more details visit: https://www.pmjdy.gov.in/




