ৰাষ্ট্রপতি বাইডেনে ২৪ ছেপ্টেম্বৰত হোৱাইট হাউছত অস্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন, ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী যোশিহিদে সুগাক লৈ গঠিত কোৱাড বা চতুর্দেশীয় অক্ষ গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দক মুখামুখি বৈঠকলৈ আমন্ত্রণ জনায়। এইখনেই আছিল কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দৰ ব্যক্তিগত উপস্থিতিত প্রথম বৈঠক। কোৱাড গোষ্ঠীভুক্ত নেতৃবৃন্দই উচ্চাকাঙ্ক্ষী উদ্যোগত অগ্রাধিকাৰ দিয়ে যাৰ ফলত একৈশ শতাব্দীৰ চ্যালেঞ্জবিলাকৰ মোকাবিলাত বাস্তবিক সহযোগিতা আৰু পাৰস্পৰিক সম্পর্ক অধিক নিবিড় হয়। এই বৈঠকত কোভিড-১৯ মহামাৰীৰ অবসান সহ নিৰাপদ আৰু কার্যকৰী টীকাৰ উৎপাদন বৃদ্ধি তথা সকলোৰে বাবে উপলব্ধ কৰোৱা; উন্নতমানৰ পৰিকাঠামো নির্মাণ; জলবায়ুজনিত সঙ্কটৰ মোকাবিলা; উদীয়মান প্রযুক্তিৰ ক্ষেত্রত অংশীদাৰিত্ব, মহাকাশ আৰু চাইবাৰ নিৰাপত্তাৰ দৰে ক্ষেত্রত সমন্বয় অধিক বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হয়। গোষ্ঠীভুক্ত দেশবিলাকত অহা প্রজন্মৰ মেধাৰ অধিক বিকাশৰ বিষয়টোক  অগ্রাধিকাৰ দিয়া হয়।

কোভিড আৰু বিশ্ব স্বাস্থ্য

কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দই এইটো স্বীকাৰ কৰি লৈছে যে এই গোষ্ঠীভুক্ত চাৰিখন দেশ আৰু সমগ্র বিশ্বৰ ক্ষেত্ৰতে কোভিড-১৯ মহামাৰী জীৱন আৰু জীৱিকাৰ ক্ষেত্রত সবাতোকৈ ডাঙৰ বিপদ। যোৱা মার্চত কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দই ভেকচিন অংশীদাৰিত্ব কর্মসূচীৰ সূচনা কৰে। ইয়াৰ উদ্দেশ্য আছিল, ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু বিশ্বত নিৰাপদ তথা কার্যকৰী টীকা সৰবৰাহ কৰা। যোৱা মার্চৰ পৰা কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে কোভিড-১৯ টীকাৰ উৎপাদন বঢ়াবলৈ তথা সৰবৰাহত একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। গোষ্ঠীভুক্ত দেশবিলাকৰ মাজত টীকা সম্পর্কিত যি বিশেষজ্ঞ গোষ্ঠী গঠন কৰা হৈছে সেয়া সহযোগিতাৰ মূল ভিত্তি হৈ উঠিছে। এই বিশেষজ্ঞ গোষ্ঠীয়ে মহামাৰীৰ সর্বশেষ প্রবণতা সম্পর্কে নিয়মিতভাবে নিজৰ মাজত বৈঠক কৰিছে, যাতে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল সহ সমগ্ৰ বিশ্বত কোভিড-১৯ সংক্রমণ আৰু প্রতিৰোধ মোকাবিলাত সমন্বয়মূলক প্রয়াস গ্রহণ কৰা যায়। আমি ৰাষ্ট্রপতি বাইডেনৰ পক্ষৰ পৰা যোৱা ২২ ছেপ্টেম্বৰত কোভিড-১৯ সম্পর্কিত শীর্ষ বৈঠক আয়োজনক স্বাগতম জনাইছো আৰু একেলগে কাম কৰাৰ ক্ষেত্ৰত নিজৰ অঙ্গীকাৰ প্রকাশ কৰিছো।

কোৱাড গোষ্ঠীভুক্ত দেশবিলাকঃ

বিশ্বক টীকাকৰণত সহায় কৰিব – কোৱাড গোষ্ঠীভুক্ত দেশ হিচাপে আমি শপত লৈছো যে ১.২ বিলিয়নৰ বেছি টীকাৰ ডোজ সমগ্ৰ বিশ্বত সৰবৰাহ কৰা হ'ব। ইয়াৰ উপৰিও ‘কোভ্যাক্স’ উদ্যোগৰ মাধ্যমত আর্থিক সহায়তা যোগোৱা হ'ব। আজি পর্যন্ত আমি সমবেতভাবে প্রায় ৭৯ মিলিয়ন টীকাৰ ডোজ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত সৰবৰাহ কৰিছো। টীকাৰ ক্ষেত্রত আমাৰ অংশীদাৰিত্ব অব্যাহত আছে আৰু টীকাৰ উৎপাদন বঢ়োৱা হৈছে। বায়োলজিক্যাল ই-লিমিটেড সংস্থাই চলিত বছৰৰ শেষত নগদ কমেও ১ বিলিয়ন টীকাৰ ডোজ উৎপাদন কৰিব পাৰিব। টীকাৰ ডোজৰ ক্রমবর্ধমান উৎপাদনৰ প্রথম পদক্ষেপ হিচাপে কোৱাড নেতাসকলে শীঘ্রেই কিছু সাহসী পদক্ষেপৰ কথা ঘোষণা কৰিব, যাৰ ফলত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত মহামাৰীৰ অবসান ঘটাবলৈ আশু সমাধানৰ উপায় পোৱা যাব। আমি টীকা উৎপাদনৰ ক্ষেত্রত অবাধ আৰু নিৰাপদ সৰবৰাহ শৃঙ্খলৰ গুৰুত্ব স্বীকাৰ কৰিছো। কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে নিৰাপদ আৰু কার্যকৰী কোভিড-১৯ টীকা ৰপ্তানিৰ বাবে ভাৰতৰ সাম্প্রতিকতম ঘোষণাক স্বাগতম জনাইছে। অহা অক্টোবৰৰ পৰাই ভাৰতৰ টীকা ৰপ্তানি আৰম্ভ হ'ব। কোভিড-১৯ আপদকালীন সঙ্কট মোকাবিলাত ঋণ সহায়তা কর্মসূচীত ৩.৩ বিলিয়ন ঋণ সহায়তা সংস্থানৰ মাধ্যমত জাপানে নিৰাপদ, কার্যকৰী তথা গুণগত মানৰ টীকা উৎপাদনত আঞ্চলিক দেশবিলাকক সাহায্য কৰিব। অন্যহাতে অস্ট্রেলিয়াই ২১২ মিলিয়ন ডলাৰ সাহায্য দিব যাতে দক্ষিণ এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে টীকা সংগ্রহ কৰা যায়। ইয়াৰ সমান্তৰালকৈ অস্ট্রেলিয়া গোষ্ঠীভুক্ত দেশবিলাকৰ প্রত্যেক ব্যক্তিৰ কাষত টীকাৰ ডোজৰ সুবিধা উপলব্ধকৰাবলৈ ২১৯ মিলিয়ন ডলাৰ সাহায্য কৰিব। কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে আছিয়ান সচিবালয়, ‘কোভ্যাক্স’ অভিযান আৰু সংশ্লিষ্ট অন্যান্য সংগঠনসমূহৰ সৈতে সমন্বয় বজাই ৰাখিব। আন্তর্জাতিক সংগঠনসমূহৰ জীবনদায়ী প্রয়াসত সাহায্য কৰিবলৈ এই ধৰণৰ উদ্যোগক অধিক শক্তিশালী কৰি তুলিবলৈ আমাৰ প্রচেষ্টা অব্যাহত থাকিব। আমি বিশ্ব স্বাস্থ্য সংস্থা, কোভ্যাক্স আৰু ইউনিছেফৰ দৰে আন্তর্জাতিক সংগঠনক সাহায্য কৰিব আৰু অংশীদাৰিত্ব গঢ়ি তুলিম। লগতে, কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দই নিৰাপদ আৰু কার্যকৰী টীকা উৎপাদনৰ ক্ষেত্ৰত সম্পূর্ণ অঙ্গীকাৰবদ্ধ। এই লক্ষ্যত কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে মানুহৰ মনৰ পৰা বিভ্রান্তি দূৰ কৰিবলৈ ৭৫তম বিশ্ব স্বাস্থ্য অধিবেশনত এটা অনুষ্ঠানৰ আয়োজন কৰিব।

অবিলম্বে জীৱন ৰক্ষা – কোৱাড গোষ্ঠীভুক্ত দেশ হিচাপে একেলগে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত সাধাৰণ মানুহৰ জীৱন ৰক্ষাত অঙ্গীকাৰবদ্ধ। জাপান বেঙ্ক ফৰ ইন্টাৰন্যাশনাল কো-অপাৰেচনৰ মাধ্যমত জাপানে কোভিড-১৯ সম্পর্কিত স্বাস্থ্য পৰিচর্যা সহ টীকা আৰু টীকাৰ ঔষধপাতি প্ৰস্তুত কৰাত ভাৰতৰ সৈতে কাম কৰিব আৰু প্রায় ১০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিব। আমি কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ টীকা সম্পর্কিত বিশেষজ্ঞ গোষ্ঠীক আৰু বেছি কামত লগাম আৰু আপদকালীন সহায়তাৰ ক্ষেত্রত দ্রুত পৰামর্শৰ বাবে প্রয়োজন সাপেক্ষে বৈঠকৰ আয়োজন কৰিম।

উন্নত স্বাস্থ্য নিৰাপত্তা গঢ়ি তোলা – কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে আৰু বেছি প্রস্তুতি গ্রহণত অঙ্গীকাৰবদ্ধ যাতে পৰবর্তী মহামাৰীৰ পৰা বিশ্বক ৰক্ষা কৰা যায়। আমি কোভিড-১৯ সংক্রমণ আৰু প্রতিৰোধ মোকাবিলাত সমন্বয় অব্যাহত ৰাখিম আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত স্বাস্থ্য নিৰাপত্তাৰ ক্ষেত্রত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিম। এই লক্ষ্যত ২০২২ত আমি মহামাৰীৰ আগতীয়া প্রস্তুতি সম্পর্কিত কমেও এটা কর্মসূচী যৌথভাবে আয়োজনৰ পৰিকল্পনা কৰিছো। আমি ১০০ দিনৰ অভিযানৰ অঙ্গ হিচাপে বিজ্ঞান আৰু প্রযুক্তি ক্ষেত্রত সহযোগিতা অধিক নিবিড়তর কৰিম, যাতে ১০০ দিনৰ ভিতৰত নিৰাপদ আৰু কার্যকৰী টীকা, উপযুক্ত চিকিৎসা আৰু ৰোগ নির্ণয়ৰ সুযোগ-সুবিধা উপলব্ধ কৰোৱা যায়। ভবিষ্যতেও এই ধৰণৰ প্রয়াস অব্যাহত থাকিব। আমি বিশ্বব্যাপী মহামাৰীৰ দৰে স্বাস্থ্যক্ষেত্রত জটিলতাৰ আগতীয়া সতর্কীকৰণ প্রয়াসক সমর্থন জনাম। তাৰ লগতে, আমাৰ ভাইৰেল জেনেৰিক ছার্ভেলেন্স বা ভাইৰাছৰ জিনগঠিত বিবর্তনত নজৰ ৰখাৰ পন্থাপদ্ধতি আৰু উন্নত কৰিম। একেদৰেই, বিশ্ব স্বাস্থ্য সংস্থাৰ গ্লোবেল ইনফ্লুৱেঞ্জা ছার্ভেলেন্স আৰু ৰেছপন্স ছিস্টেম ব্যবস্থাৰ সম্প্রসাৰণত সহযোগিতা কৰিম।

পৰিকাঠামো

জি-৭ গোষ্ঠীভুক্ত দেশবিলাকে অধিক উন্নত বিশ্ব পৰিকাঠামো গঢ়ি তোলাৰ যি কথা ঘোষণা কৰিছে – তাৰ ওপৰত গুৰুত্ব দি কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে ডিজিটেল যোগাযোগ ব্যৱস্থা, জলবায়ু, স্বাস্থ্য নিৰাপত্তা আৰু লিঙ্গ সমতা সম্পর্কিত পৰিকাঠামো গঢ়ি তোলাৰ ক্ষেত্রত বিশেষজ্ঞসকলক কামত লাগোৱা, দক্ষতা বৃদ্ধি তথা আঞ্চলিক পর্যায়ত চলিত পৰিকাঠামোমূলক প্রয়াসসমূহক অধিক মজবুত কৰিবলৈ সন্মত হৈছে। তাৰ লগতে, কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে পৰিকাঠামোগত চাহিদা পূৰণ কৰিবলৈ সহযোগিতাৰ নতুন সুযোগ-সুবিধা বিচাৰি উলিয়াব। এই লক্ষ্যত কোৱাড গোষ্ঠীভুক্ত দেশবিলাকঃ

কোৱাড পৰিকাঠামোৱে সমন্বয় গোষ্ঠী গঢ়ি তুলিব – উচ্চমানৰ পৰিকাঠামো গঢ়ি তোলাৰ লক্ষ্যত বর্তমান কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দই এটা পৰিকাঠামো সম্পর্কিত সমন্বয় গোষ্ঠী গঠন কৰিব। এই গোষ্ঠীয়ে আঞ্চলিক পর্যায়ত পৰিকাঠামোগত চাহিদা নিৰূপণত নিয়মিতভাবে নিজৰ বক্তব্য আদানপ্রদান কৰিব। সেই অনুসাৰে, উচ্চমানৰ পৰিকাঠামো গঢ়ি তোলাৰ ক্ষেত্রত পাৰস্পৰিক সমন্বয় বজাই ৰখা হ'ব। এই বিশেষজ্ঞ গোষ্ঠীয়ে কাৰিকৰী সহায়তা আৰু দক্ষতা বৃদ্ধিৰ দৰে প্রয়াসসমূহত সমন্বয় কৰিব যাতে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত প্রয়োজনীয় পৰিকাঠামোগত চাহিদা পূৰণ কৰা যায়।

কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত উন্নতমানৰ পৰিকাঠামো গঢ়ি তোলাৰ ক্ষেত্রত অগ্রণী ভূমিকা লয়। চৰকাৰী ক্ষেত্রৰ সমান্তৰালকৈ বেচৰকাৰী ক্ষেত্রকো অন্তৰ্ভুক্ত কৰা হয় যাতে উন্নতমানৰ পৰিকাঠামো গঢ়ি তোলাৰ সুবিধাৰ সর্বাধিক সদ্ব্যৱহাৰ কৰা যায়। ২০১৫ৰ পৰা কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে এই অঞ্চলত পৰিকাঠামো গঢ়ি তোলাৰ বাবে ৪৮ বিলিয়ন ডলাৰৰো অধিক চৰকাৰী সাহায্য দিছে। পৰকাঠামো গঢ়ি তোলাৰ সমান্তৰালকৈ দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। একেদৰে, ৩০খনৰো বেছি দেশত গ্রামোন্নয়ন, স্বাস্থ্য পৰিকাঠামো, পানীয় জল সৰবৰাহ আৰু স্বচ্ছতা, পুনর্নবীকৰণযোগ্য শক্তি উৎপাদন, টেলি-যোগাযোগ, পথ পৰিবহণ প্রভৃতি ক্ষেত্রত কেইবা হাজাৰ প্রকল্প ৰূপায়িত হৈছে। পৰিকাঠামো গঢ়ি তোলাৰ ক্ষেত্রত আমাৰ অংশীদাৰিত্বই এই দেশবিলাকৰ পৰিকাঠামো প্রকল্পসমূহত বৃহৎ অবদান ৰাখিব। তাৰ লগতে, এই অঞ্চলত বেচৰকাৰী বিনিয়োগৰ আৰু বেছি সুযোগ কৰি দিব।

জলবায়ু

জলবায়ু পৰিৱর্তন সম্পর্কিত আন্তঃচৰকাৰী পেনেলৰ যোৱা আগস্ট মাহৰ ৰিপোর্ট সম্পর্কে কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে অভিন্ন উদ্বেগ প্রকাশ কৰিছে। এই ৰিপোর্টত জলবায়ু সঙ্কটৰ মোকাবিলাত প্রয়োজনীয় পদক্ষেপ গ্রহণৰ কথা কোৱা হৈছে। এই প্রেক্ষিতত কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে জলবায়ু পৰিবর্তনজনিত সমস্যাৰ মোকাবিলাত অধিক অগ্রাধিকাৰ দিয়াৰ সিদ্ধান্ত লৈছে। লগতে, কার্বন নিঃসৰণৰ পৰিমাণ হ্রাস আৰু পুনর্নবীকৰণযোগ্য শক্তি উৎপাদনৰ ধার্য লক্ষ্য ২০৩০ৰ ভিতৰত পূৰণ কৰাৰ লক্ষ্যত কাম কৰিছে। কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে ক্রমবর্ধমান শক্তি চাহিদা পূৰণ কৰিবলৈ ধাৰাবাহিকভাবে কার্বন নিঃসৰণৰ পৰিমাণ হ্রাস কৰিবলৈ অঙ্গীকাৰবদ্ধ। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত জলবায়ু পৰিবর্তনজনিত সমস্যাৰ মোকাবিলাত যি লক্ষ্য স্থিৰ হৈছে তাক পূৰণ কৰিবলৈ এই পদক্ষেপ। ইয়াৰ উপৰিও, প্রাকৃতিক গেছ ক্ষেত্রত মিথেনৰ পৰিমাণ হ্রাস কৰাৰ লক্ষ্যত আমি একেলগে কাম কৰিছো আৰু এক নমনীয় পৰিবেশ-বান্ধব শক্তি সৰবৰাহ শৃঙ্খল গঢ়ি তুলিবলৈ অঙ্গীকাৰবদ্ধ।

কোৱাড গোষ্ঠীভুক্ত দেশবিলাক বিশ্ব নৌ-বাণিজ্যৰ ক্ষেত্রত গুৰুত্বপূর্ণ হাব বা কেন্দ্র আৰু এই দেশবিলাকত বিশ্বৰ বৃহৎ কেইবাটাও বন্দৰ আছে। কোৱাড গোষ্ঠীভুক্ত দেশবিলাক গ্রিন পোর্ট পৰিকাঠামো গঢ়ি তোলাৰ ক্ষেত্রত ভৌগোলিক দিশৰ পৰা গুৰুত্বপূর্ণ স্থানত অবস্থান কৰিছে। এই দেশবিলাকে জাহাজ পৰিবহণ সম্পর্কিত এটা কর্মীগোষ্ঠী গঠন কৰি যাবতীয় কামকাজ সম্পাদন কৰিব। তাৰ লগতে, বিশ্বৰ বৃহৎ বন্দৰসমূহৰ মাজত এটা নেটৱর্ক গঢ়ি তুলিবলৈ বিভিন্ন বন্দৰ কর্তৃপক্ষক আমন্ত্রণ জনোৱা হ'ব। কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ প্রস্তাবিত জাহাজ পৰিবহণ সংক্রান্তীয় কর্মীগোষ্ঠীয়ে ২০৩০ৰ ভিতৰত কার্বন নির্গমনৰ পৰিমাণ দুই-তৃতীয়াংশ কমাবলৈ শ্বিপিং কৰিডৰ গঢ়ি তুলিব।

কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে ক্লিন হাইড্রোজেন অংশীদাৰিত্ব গঢ়ি তুলিব। এই লক্ষ্যত ক্লিন হাইড্রোজেন মূল্য শৃঙ্খলত যাবতীয় উপাদানৰ খৰচ কমাবলৈ ক্লিন হাইড্রোজেন অংশীদাৰিত্বৰ কথা ঘোষণা কৰা হ'ব। কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ মাজত এই অংশীদাৰিত্বত প্রযুক্তি উদ্ভাবন, ক্লিন হাইড্রোজেন উৎপাদন বঢ়োৱা, পাৰস্পৰিক বন্টন পৰিকাঠামো গঢ়ি তোলা, ক্লিন হাইড্রোজেন মজুত ৰখা সহ বজাৰ চাহিদা পূৰণত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত ক্লিন হাইড্রোজেনৰ লেনদেন বঢ়াবলৈ উদ্যোগী হ'ব।

কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত জলবায়ু পৰিবর্তন সম্পর্কিত গুৰুত্বপূর্ণ তথ্য বিনিময় আৰু বিপর্যয় প্রতিৰোধী পৰিকাঠামো ব্যবস্থা গঢ়ি তোলাৰ মাধ্যমত সহযোগিতাক অধিক নিবিড় কৰাৰ ক্ষেত্ৰত অঙ্গীকাৰ প্রকাশ কৰিছে। গোষ্ঠীভুক্ত দেশবিলাকে জলবায়ু তথা তথ্য পৰিসেৱা সম্পর্কিত কর্মীগোষ্ঠী গঠন কৰিব। তাৰ লগতে, বিপর্যয় প্রতিৰোধী পৰিকাঠামো গঢ়ি তুলিবলৈ জোঁট গঠনৰ মাধ্যমত নতুন এটা কাৰিকৰী সহায়তা ব্যবস্থা আৰম্ভ কৰিব। এই ধৰণৰ পৰিকাঠামো ক্ষুদ্ৰ উন্নয়নশীল দ্বীপ ৰাষ্ট্রবিলাকৰ ক্ষেত্রত অত্যন্ত কার্যকৰী হ'ব।

মানুহৰ সৈতে মানুহৰ যোগাযোগ আৰু শিক্ষা

আজিৰ বিদ্যাৰ্থীসকলে অনাগত দিনত নেতৃত্ব দিব, উদ্ভাবক হৈ উঠিব আৰু অনাগতসকলক পথ দেখুৱাব। অনাগত প্রজন্মৰ বিজ্ঞানী আৰু প্রযুক্তিবিদসকলৰ মাজত সেতুবন্ধন গঢ়ি তুলিবলৈ কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে এই প্রথম কোৱাড ফেলোশ্বিপ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই ফেলোশ্বিপ কর্মসূচীত অচৰকাৰী কর্মীগোষ্ঠী গঠনৰ প্রস্তাব আছে। এই গোষ্ঠীত কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দ থাকিব। দৰাচলতে এই কর্মসূচীয়ে আমেৰিকা, জাপান, অস্ট্রেলিয়া আৰু ভাৰতৰ বিজ্ঞান, প্রযুক্তি, ইঞ্জিনিয়াৰিং তথা গণিতশাস্ত্রৰ বিশেষজ্ঞ আৰু মেধাবী ছাত্র-ছাত্রীসকলক সাহায্য কৰিব। আনকি এই ফেলোশ্বিপ কর্মসূচীয়ে বিজ্ঞান আৰু প্রযুক্তি বিশেষজ্ঞসকলৰ মাজত এটা নেটৱর্ক গঢ়ি তুলিব, যিসকলে জাতীয় স্তৰত তথা কোৱাড গোষ্ঠীভুক্ত দেশবিলাকত চৰকাৰী, বেচৰকাৰী আৰু শিক্ষাক্ষেত্রৰ সৈতে সহযোগিতা বজাই ৰাখিব। প্রতি বছৰে এই ফেলোশ্বিপ কর্মসূচীত ১০০জন ছাত্র-ছাত্রীক স্কলাৰশ্বিপ দিয়া হ'ব। গোষ্ঠীভুক্ত চাৰিখন দেশৰ ২৫জনকৈ ছাত্র-ছাত্রীয়ে এই সুবিধা পাব। মার্কিন যুক্তৰাষ্ট্রৰ অগ্রণী বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰ ক্ষেত্রত এই সুবিধা পাব। বিজ্ঞান আৰু প্রযুক্তি সহ অন্যান্য ক্ষেত্রৰ মেধাবী ছাত্র-ছাত্রীসকলৰ বাবে এই কর্মসূচী অস্ট্রেলিয়া, ভাৰত, জাপান আৰু মার্কিন যুক্তৰাষ্ট্রৰ শ্ৰেষ্ঠ মেধাবী বিদ্যাৰ্থীসকলক একত্রিত কৰিব। ফেলোশ্বিপ কর্মসূচীৰ পৃষ্ঠপোষক সংস্থাসমূহৰ মাজত আছে এছেঞ্চিওৰ, ব্লেকস্টোন, বোয়িং, গুগল, মাস্টাৰ কার্ড আৰু ওৱেস্টার্ন ডিজিটেল।

গুৰুত্বপূর্ণ আৰু উদীয়মান প্রযুক্তি

কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে এক অবাধ, সহজলভ্য আৰু নিৰাপদ প্রযুক্তিৰ অনুকূল পৰিবেশ গঢ়ি তুলিবলৈ অঙ্গীকাৰবদ্ধ। যোৱা মার্চত গুৰুত্বপূর্ণ তথা উদীয়মান প্রযুক্তি সম্পর্কিত কর্মীগোষ্ঠী গঠনৰ সময়ৰ পৰা আমি চাৰিখন ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিছো। এইবিলাক হ'ল কাৰিকৰী গুণমান, ৫-জি ডাইভার্সিফিকেচন এণ্ড ডেপ্লয়মেন্ট, হৰাইজন স্ক্যানিং আৰু প্রযুক্তি সৰবৰাহ শৃঙ্খল। আজি কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে প্রযুক্তিৰ সমান্তৰালকৈ গুৰুত্বপূর্ণ আৰু উদীয়মান প্রযুক্তিৰ ক্ষেত্রত একেলগে কাম কৰাৰ লক্ষ্যত এটা বিবৃতি জাৰি কৰিব। গুৰুত্বপূর্ণ তথা উদীয়মান প্রযুক্তিক্ষেত্রত পাৰস্পৰিক সহযোগিতাৰ ভিত্তি গণতান্ত্রিক মূল্যবোধ আৰু সার্বজনীন মানবাধিকাৰৰ বিষয়সমূহক বিবেচনাত ৰাখি প্ৰস্তুত হ'ব।

কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ মাজত কেইবামাহ সহযোগিতাৰ পিছত দেশবিলাকৰ পক্ষৰ পৰা যৌথভাবে প্রযুক্তি সম্পর্কিত ডিজাইন বা নক্সা আৰু তাৰ উদ্ভাবনৰ বিষয়ে এটা বিবৃতি জাৰি কৰা হ'ব। কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ মাজত প্রযুক্তি ক্ষেত্রত এই সহযোগিতা কেৱল এই অঞ্চলতেই নহয়, বৰং সমগ্ৰ বিশ্বৰ ক্ষেত্রতো অত্যন্ত কার্যকৰী হ'ব।

কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে আধুনিক যোগাযোগ আৰু কৃত্রিম বুদ্ধিমত্তা সম্পর্কিত এটা গোষ্ঠী গঠন কৰিব। এই গোষ্ঠীয়ে কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রত ভবিষ্যৎ কর্মপন্থা প্রণয়ন কৰিব আৰু গবেষণাৰ ভিত্তি গঢ়ি তুলিব। ইয়াৰ উপৰিও, গোষ্ঠীভুক্ত দেশবিলাকে যৌথভাবে ছেমি-কন্ডাক্টৰ আৰু তাৰ যন্ত্রাংশ সৰবৰাহ বঢ়াবলৈ, সহযোগিতাৰ ক্ষেত্র চিহ্নিত কৰিবলৈ আৰু দক্ষতা মান নিৰূপণত একেলগে কাম কৰিব।

কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ চৰকাৰৰ মাজত এক নমনীয় আৰু নিৰাপদ টেলি-যোগাযোগ ব্যবস্থা গঢ়ি তুলিবলৈ ৫-জি ডেপ্লয়মেন্ট আৰু ডাইভার্সিফিকেচন ব্যবস্থাক অধিক শক্তিশালী কৰিব। ইয়াৰ ফলত, ৫-জি পৰিসেৱাৰ অনুকূল বাতাবৰণ গঢ়ি উঠিব।

চাইবাৰ নিৰাপত্তা

চাইবাৰ নিৰাপত্তা ক্ষেত্রত চাৰিখন দেশৰ মাজত দীর্ঘম্যাদী ভিত্তিত সহযোগিতা গঢ়ি তুলিবলৈ কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে চাইবাৰ বিপদৰ মোকাবিলাত এক উপযুক্ত পৰিকাঠামো গঢ়ি তুলিব। আন্তর্জাতিক মানৰ শ্ৰেষ্ঠ পন্থাপদ্ধতিবিলাক বিবেচনাত ৰাখি সংশ্লিষ্ট ক্ষেত্রৰ বিশেষজ্ঞসকলক লৈ এই সহযোগিতা গঢ়ি উঠিব। ইয়াৰ উপৰিও, কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে এটা ছিনিয়ৰ চাইবাৰ গোষ্ঠী গঠন কৰিব। এই গোষ্ঠীৰ বিশেষজ্ঞসকলে নিয়মিতভাবে চৰকাৰ আৰু শিল্প সংস্থাসমূহৰ মাজত সমন্বয় বজাই ৰাখি কাম কৰাৰ ক্ষেত্ৰত পৰামর্শ দিব। তাৰ লগতে, নিৰাপদ ছফ্টৱেৰ, দক্ষ কর্মীবাহিনী আৰু চাইবাৰ বিপদৰ মোকাবিলাত সক্ষম বিশ্বস্ত ডিজিটেল পৰিকাঠামো গঢ়ি তোলা হ'ব।

মহাকাশ

মহাকাশ ক্ষেত্রত কোৱাড গোষ্ঠীভুক্ত দেশবিলাক বিশ্বৰ অগ্রণী দেশৰ মাজত পৰে। আজি কোৱাডে এক নতুন কর্মীগোষ্ঠী গঠনৰ মাজেৰে মহাকাশ ক্ষেত্রত সহযোগিতাৰ সূচনা কৰিছে। আমাৰ মাজত এই অংশীদাৰিত্ব ছেটেলাইট ডেটা বিনিময়, জলবায়ু পৰিবর্তনৰ ওপৰত নজৰ ৰখা, বিপর্যয় ব্যবস্থাপনা আৰু অভিন্ন চেলেঞ্জবিলাকৰ মোকাবিলাত পাৰস্পৰিক সহায়তা যোগাব।

কোৱাড গোষ্ঠীভুক্ত আমাৰ চাৰিখন দেশে ছেটেলাইটৰ পৰা পোৱা ভূ-নিৰীক্ষণ তথ্য বিনিময় কৰিব আৰু জলবায়ু পৰিবর্তনজনিত আশংকা বিশ্লেষণ কৰিব। লগতে, সমুদ্র আৰু সামুদ্রিক সম্পদৰ দীর্ঘম্যাদী ভিত্তিত সদ্ব্যবহাৰ সম্পর্কিত তথ্য লেনদেন কৰিব। এই ধৰণৰ তথ্য বিনিময়ৰ ফলত কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে জলবায়ু পৰিবর্তনৰ সৈতে সংগতি ৰাখি নিজৰ দক্ষতা গঢ়ি তুলিব পাৰিব আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ অন্যান্য দেশবিলাককো জলবায়ু আশংকাজনিত বিপদৰ পৰা সহায়তা কৰিব। কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ অন্যান্য দেশৰ সৈতে মহাকাশ সম্পর্কিত বিষয়ত দক্ষতাৰ বিকাশ ঘটাব। তদুপৰি, গোষ্ঠীভুক্ত দেশবিলাকে পাৰস্পৰিক স্বার্থত মহাকাশ প্রযুক্তিৰ প্রয়োগ বঢ়াবলৈ পৰস্পৰে পৰস্পৰক সাহায্য কৰিব।

কোৱাড গোষ্ঠীভুক্ত দেশবিলাকে মহাকাশৰ দীর্ঘম্যাদী ভিত্তিত সদ্ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ প্রয়োজনীয় নিয়ম-নীতি আৰু চর্তাৱলী প্রণয়নত পৰস্পৰে পৰস্পৰৰ সৈতে আলোচনা কৰিব বুলি স্থিৰ হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electric PV retail sales jump 44% in February; Tata Motors leads: FADA

Media Coverage

India’s electric PV retail sales jump 44% in February; Tata Motors leads: FADA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Jan Aushadhi Diwas 2026
March 07, 2026
PM highlights transformative impact of Pradhan Mantri Bhartiya Janaushadhi Pariyojana

On the occasion of Jan Aushadhi Diwas 2026, the Prime Minister, Shri Narendra Modi extended his greetings to all those who have been positively impacted by the Pradhan Mantri Bhartiya Janaushadhi Pariyojana. Shri Modi said that this initiative reflects our commitment to ensuring that every citizen has access to quality medicines at affordable prices. Through Jan Aushadhi Kendras, countless families are saving on healthcare expenses and receiving proper treatment, Shri Modi added.

The Prime Minister also shared a glimpse of the transformative impact of the Pradhan Mantri Bhartiya Janaushadhi Pariyojana.

The Prime Minister wrote on X;

“On #JanAushadhiDiwas2026, my best wishes to all those who have been positively impacted by the Pradhan Mantri Bhartiya Janaushadhi Pariyojana. This initiative reflects our commitment to ensuring that every citizen has access to quality medicines at affordable prices. Through Jan Aushadhi Kendras, countless families are saving on healthcare expenses and receiving proper treatment.” 

“A glimpse of the transformative impact of Pradhan Mantri Bhartiya Janaushadhi Pariyojana.

#JanAushadhiDiwas2026”