মহামহিম,

 

ভাৰতলৈ আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক আমি অতি উষ্ম আদৰণি জনাইছো। পেৰাগুৱে দক্ষিণ আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ ভৈগলিক অৱস্থিতি  বেলেগ হ’ব পাৰে, কিন্তু আমি একে গণতান্ত্ৰিক মূল্যবোধৰেই অংশীদাৰ আৰু মানুহৰ কল্যাণৰ  বিষয়ত গুৰুত্ব দিও।

 

 

মহামহিম,

 

আপোনাৰ এই ভ্ৰমণ সঁচাকৈয়ে ঐতিহাসিক; দ্বিতীয়বাৰৰ বাবে পেৰাগুৱেৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰিছে।

 

মহামহিম,

 

আপোনালোকৰ লগত জ্যেষ্ঠ মন্ত্ৰী আৰু এটা শক্তিশালী প্ৰতিনিধিৰ দল অহাত মই আনন্দিত হৈছো। আপুনি কেৱল দিল্লীয়েই নহয় , মুম্বাইয়ো ভ্ৰমণ কৰিছে, যিয়ে দুয়োখন দেশৰ মাজত অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতি আপোনাৰ দায়বদ্ধতাৰ কথাকেই প্ৰতিফলিত  কৰিছে। মই বিশ্বাস কৰোঁ যে একেলগে কাম কৰি আমি  সমৃদ্ধিৰ পথ সৃষ্টি কৰিব পাৰো।

 

মহামহিম,

 

ডিজিটেল প্ৰযুক্তি, গুৰুত্বপূৰ্ণ  খনিজ পদাৰ্থ, শক্তি, কৃষি, স্বাস্থ্যসেৱা, প্ৰতিৰক্ষা, ৰেলৱে, মহাকাশ, আৰু সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰিত্বৰ দৰে ক্ষেত্ৰত আমি সহযোগিতাৰে  নতুন সুযোগ বিচাৰি উলিয়াব  পাৰো।

 

আমাৰ MERCOSUR ৰ সৈতে অগ্ৰাধিকাৰ ভিত্তিক বাণিজ্যিক চুক্তি আছে। আমি একেলগে কাম কৰি ইয়াক আৰু অধিক সম্প্ৰসাৰণ কৰিব পাৰো।

 

মহামহিম,

 

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰত আৰু পেৰাগুৱেই একত্ৰিত হৈ থিয় দিছে। চাইবাৰ অপৰাধ, সংগঠিত অপৰাধ  আৰু ড্ৰাগছ সৰবৰাহৰ দৰে প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ ামাৰ ম মাজত  সহযোগিতাৰ অপৰিসীম সম্ভাৱনা আছে।

 

মহামহিম,

 

ভাৰত আৰু পেৰাগুৱে গ্ল’বেল চাউথৰ অবিচ্ছেদ্য অংগ। আমাৰ আশা, আকাংক্ষা আৰু প্ৰত্যাহ্বানসমূহ একে। সেই  বাবেই আমি এই প্ৰত্যাহ্বানসমূহৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ ইজনে সিজনৰ অভিজ্ঞতাৰ পৰা শিকিব পাৰো।

 

আমি আনন্দিত যে ভাৰতে ক’ভিড মহামাৰীৰ সময়ত নিজৰ ভেকচিন প্ৰেৰণ কৰি পেৰাগুৱেলৈ সমৰ্থন আগবঢ়াব পাৰিছে। আমি আমাৰ সামৰ্থ্যসমূহ অধিক বিস্তাৰিত কৰি এনে  সহযোগিতাৰ মনোভাৱ অব্যাহত ৰাখিবলৈ আগ্ৰহী।

 

মহামহিম,

 

আপোনাৰ এই ভ্ৰমণে আমাৰ সম্পৰ্ক,  আস্থা, বাণিজ্য আৰু ঘনিষ্ঠ সহযোগিতাৰ স্তম্ভসমূহক নতুন শক্তি প্ৰদান  কৰিব বুলি মোৰ বিশ্বাস। ইয়াৰ উপৰি ই ভাৰত-লেটিন আমেৰিকাৰ সম্পৰ্কত নতুন মাত্ৰা সংযোজন কৰিব।

 

যোৱা বছৰ মই গুয়ানাত অনুষ্ঠিত হোৱা কাৰিকম  সন্মিলনত  অংশ লৈছিলো। আমি বহু বিষয়ত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰিছিলোঁ। মই ভাবো যে আমি এই সকলো  ক্ষেত্ৰতে পেৰাগুৱে আৰু সকলো লেটিন আমেৰিকাৰ দেশৰ সৈতে একেলগে কাম কৰিব পাৰো।

 

আপোনাক আকৌ এবাৰ ভাৰতলৈ অতি উষ্ম আদৰণি জনাইছো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x

Media Coverage

10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 এপ্ৰিল 2026
April 10, 2026

Safe Anchor, Green Engine, Digital Dynamo: PM Modi’s Blueprint for India’s Economic Renaissance