জি-২০ সন্মিলনত অংশ লোৱাৰ বাবে মই জাপানৰ অছাকা ভ্ৰমণ কৰিম৷ এই সন্মিলনত গোলকীয় নেতাসকলৰ সৈতে মই সাম্প্ৰতিক বিশ্বই সন্মুখীন হৈ থকা মুখ্য প্ৰত্যাহ্বান আৰু সম্ভাৱনা সমূহৰ বিষয়ে আলোচনা কৰিম৷ মহিলা সৱলীকৰণ, ডিজিটেলকৰণ, কৃত্ৰিম বুদ্ধিমত্তা আদি বিষয়ৰ লগতে সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে গোলকীয় সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আমাৰ উমৈহতীয়া প্ৰচেষ্টাসমূহ সন্মিলনত বিস্তৃতভাৱে আলোচনা হ’ব৷

সন্মিলনখনে বহুপক্ষীয় সম্পৰ্ক পুনৰ গঠনৰ প্ৰতি আমাৰ শক্তিশালী সমৰ্থনক নতুন গতি প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ বিগত পাঁচ বছৰৰ ভাৰতৰ শক্তিশালী উন্নয়নমূলক অভিজ্ঞতা বিনিময়ৰ ক্ষেত্ৰতো এই সন্মিলন এক উপযুক্ত মঞ্চ হ’ব৷

২০২২ত ভাৰতে জি-২০ সন্মিলন আয়োজন কৰাৰ প্ৰতি লক্ষ্য ৰাখিও অছাকা সন্মিলন ভাৰতৰ বাবে অধিক গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ উক্ত সময়ছোৱাক আমি নতুন ভাৰতৰ ৰূপত চাব বিচাৰিছো৷
সন্মিলনৰ আজৰি সময়ত মই আমাৰ গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰৰ মূৰব্বীৰ সৈতে দ্বিপাক্ষিক আৰু গোলকীয় দিশত বিভিন্ন আলোচনাত মিলিত হ’ম৷

ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে মই ৰাছিয়া, ভাৰত আৰু চীনৰ(আৰআইচি)মাজত অনানুষ্ঠানিক সন্মিলনৰ নেতৃত্ব দিম আৰু ব্ৰিকছ(ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা) তথা জাই(জাপান, আমেৰিকা আৰু ভাৰত)নেতাসকলৰ সৈতে মিলিত হয়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26

Media Coverage

India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 এপ্ৰিল 2026
April 05, 2026

From Aatmanirbhar to Viksit Bharat: PM Modi’s Leadership Powers India’s Multi-Sector Triumph