Work is on for developing 21st century attractions in Delhi: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে দেশৰ সৰু-বৰ প্ৰত্যেকখন চহৰ ভাৰতৰ অৰ্থনীতিৰ কেন্দ্ৰস্থলত পৰিণত হ’ব। অৱশ্যে ৰাষ্ট্ৰীয় ৰাজধানী হিচাপে দিল্লীয়ে ২১শতিকাৰ ভাৰতৰ মহানতাক প্ৰতিফলিত কৰিব লাগিব। তেওঁ কয় যে এই প্ৰাচীন চহৰখনক আধুনিক কৰিবলৈ বহুতো প্ৰচেষ্টা হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশ সৰ্বপ্ৰথম চালকবিহীন মেট্ৰ’ ৰেলসেৱা আৰু নেচনেল কমন মোবিলিটী কাৰ্ড মুকলি কৰি এই কথা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে দিল্লী চহৰৰ পুৰণি আন্তঃগাথনিক আধুনিক প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নতুনকৈ গঢ়ি তোলা হৈছে। এখন পুৰণি পৰ্যটনস্থলী হিচাপে দিল্লীক ২১ শতিকাৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলাৰ কাম অব্যাহত আছে। দিল্লী আন্তঃৰাষ্ট্ৰীয় সন্মিলন, আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় পৰ্যটনৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি উঠাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সৰ্ববৃহৎ কেন্দ্ৰটো দ্বাৰকা নিৰ্মাণ কৰি থকা হৈছে। একদৰে, এখন বৃহৎ ভাৰত বন্দনা উদ্যানৰ সৈতে নতুন সংসদ ভৱন নিৰ্মাণৰ কাম আৰম্ভ হৈছে। এই প্ৰকল্পসমূহে দিল্লীৰ হাজাৰ হাজাৰ লোকক সংস্থাপন দিয়াৰ লগতে চহৰখনৰ ৰূপ সলনি কৰিব।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে দিল্লী হ’ল ১৩০কোটিৰো অধিক লোকৰ অৰ্থনৈতিক আৰু কৌশলগত শক্তিৰ ৰাজধানী, ইয়াৰ মহানতা প্ৰতীয়মান হোৱা উচিত।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future