‘আত্মনিৰ্ভৰ ভাৰত’ৰ অভিপ্ৰায় পূৰণ কৰিব পৰাকৈ ভাৰতত বাণিজ্যিক জাহাজ প্ৰচালন আঁচনিৰ বাবে মন্ত্ৰালয় আৰু ‘চিপিএছই’সমূহে আহ্বান জনোৱা গোলকীয় নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰাকৈ ভাৰতীয় জাহাজ পৰিবহণ কোম্পানীসমূহক আগন্তুক পাঁচটা বছৰৰ বাবে ১৬২৪ কোটি টকাৰ ৰাজসাহায্য প্ৰদানৰ প্ৰস্তাৱলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট সভাই আজি অনুমোদন জনাইছে। চৰকাৰী সামগ্ৰীৰ আমদানীৰে জড়িত এই প্ৰক্ৰিয়া তলত উল্লেখ কৰাৰ ধৰণে সম্পাদিত কৰা হ’ব:

 

  1. ২০২১চনৰ ১ফেব্ৰুৱাৰীৰ পিচত ভাৰতত প্ৰচালন আৰম্ভ কৰা আৰু ভাৰতত প্ৰচালনৰ সময়ত ১০বছৰৰ কম হোৱা জাহাজৰ ক্ষেত্ৰত ‘এল-১’ শ্ৰেণীভূক্ত বিদেশী জাহাজ পৰিবহণ কোম্পানীয়ে উল্লেখ কৰা মূল্যৰ @ ১৫% পৰ্যন্ত অথবা ‘আৰঅ’এফআৰ’ প্ৰক্ৰিয়াৰে জড়িত ভাৰতীয় জাহাজৰ সৈতে থকা ‘এল-১’ শ্ৰেণীৰ বিদেশী কোম্পানীয়ে উল্লেখ কৰা মূল্যৰ মাজৰ প্ৰকৃত ব্যৱধানৰ যিটোৱেই পৰিমাণ কম প্ৰযোজ্য কৰা হ’ব। সেইদৰে ২০২১চনৰ ১ফেব্ৰুৱাৰীৰ পিচত ভাৰতত প্ৰচালন আৰম্ভ কৰা আৰু ভাৰতত প্ৰচালনৰ সময়ত ১০ৰ পৰা ২০বছৰৰ পুৰণি জাহাজৰ ক্ষেত্ৰত ‘এল-১’ শ্ৰেণীভূক্ত বিদেশী জাহাজ পৰিবহণ কোম্পানীয়ে আগবঢ়োৱা মূল্যৰ @১০% পৰ্যন্ত অথবা ‘আৰঅ’এফআৰ’ প্ৰক্ৰিয়াৰে জড়িত ভাৰতীয় জাহাজৰ সৈতে থকা ‘এল-১’ শ্ৰেণীৰ বিদেশী কোম্পানীয়ে উল্লেখ কৰা মূল্যৰ মাজৰ প্ৰকৃত ব্যৱধানৰ যিটোৱেই পৰিমাণ কম প্ৰযোজ্য কৰা হ’ব।

দুয়োটা শ্ৰেণীৰ ক্ষেত্ৰত ৰাজসাহায্যৰ উপৰিউক্ত হাৰ ক্ৰমে ১০% আৰু ৫% নোহোৱা পৰ্যন্ত প্ৰতি বছৰে ১%কৈ হ্ৰাস কৰা হ’ব।

  1. বৰ্তমানে জাহাজ প্ৰচালনেৰে জড়িত ভাৰতীয় কোম্পানী আৰু ২০২১চনৰ ১ফেব্ৰুৱাৰীত ১০বছৰৰ কম হোৱা জাহাজৰ ক্ষেত্ৰত ‘এল-১’ শ্ৰেণীভূক্ত বিদেশী জাহাজ পৰিবহণ কোম্পানীয়ে উল্লেখ কৰা মূল্যৰ @১০% পৰ্যন্ত অথবা ‘আৰঅ’এফআৰ’ প্ৰক্ৰিয়াৰে জড়িত ভাৰতীয় জাহাজৰ সৈতে থকা ‘এল-১’ শ্ৰেণীৰ বিদেশী কোম্পানীয়ে উল্লেখ কৰা মূল্যৰ মাজৰ প্ৰকৃত ব্যৱধানৰ যিটোৱেই পৰিমাণ কম প্ৰযোজ্য কৰা হ’ব। সেইদৰে বৰ্তমানে জাহাজ প্ৰচালনেৰে জড়িত ভাৰতীয় কোম্পানী আৰু ২০২১চনৰ ১ফেব্ৰুৱাৰীত ১০ৰ পৰা ২০বছৰৰ পুৰণি জাহাজৰ ক্ষেত্ৰত ‘এল-১’ শ্ৰেণীভূক্ত বিদেশী জাহাজ পৰিবহণ কোম্পানীয়ে উল্লেখ কৰা মূল্যৰ @৫% পৰ্যন্ত অথবা ‘আৰঅ’এফআৰ’ প্ৰক্ৰিয়াৰে জড়িত ভাৰতীয় ফ্লেগ জাহাজৰ সৈতে থকা ‘এল-১’ শ্ৰেণীৰ বিদেশী কোম্পানীয়ে উল্লেখ কৰা মূল্যৰ মাজৰ প্ৰকৃত ব্যৱধানৰ যিটোৱেই পৰিমাণ কম প্ৰযোজ্য কৰা হ’ব।
  2. এল-১ নিবিদা দাখিল কৰা ভাৰতীয় জাহাজ পৰিবহণ কোম্পানীৰ ক্ষেত্ৰত এই ৰাজসাহায্য আঁচনি প্ৰযোজ্য নহ’ব।
  3. প্ৰাককলিত সহযোগিতা প্ৰত্যক্ষ ভাবে মন্ত্ৰালয়/সংশ্লিষ্ট বিভাগলৈ আগবঢ়োৱা হ’ব।
  4. আঁচনিখন ৰূপায়ণৰ পিচত যিসমূহ জাহাজে অৰ্হতা লাভ কৰিব সেইসমূহ জাহাজলৈহে এই সহযোগিতা আগবঢ়োৱা হ’ব।
  5. প্ৰতিটো বছৰ কিম্বা বিভিন্ন মন্ত্ৰালয়/বিভাগৰ মাজত পুঁজিৰ আৱণ্টনৰ ক্ষেত্ৰত শিথিলতা অৱলম্বন কৰা হ’ব।
  6. ২০বছৰৰ অধিক জাহাজ এই আঁচনিৰ ৰাজসাহায্যৰ বাবে যোগ্য নহ’ব।
  1. আঁচনিৰ পৰিসৰ বৃদ্ধিৰ বাবে প্ৰয়োজন সাপেক্ষে ব্যয় বিভাগৰ পৰা মন্ত্ৰালয়ে অতিৰিক্ত পুঁজি বিচাৰিব পাৰিব।
  2. ৫বছৰৰ পিচত আঁচনিখনৰ পুনৰীক্ষণ কৰা

 

 

ৰূপায়ণৰ ৰণকৌশল আৰু লক্ষ্য:

a) @ সৰ্বাধিক ১৫% হাৰে ৰাজসাহায্য প্ৰদান কৰা বুলি ধৰি  প্ৰস্তুত কৰা ৰূপায়ণ সূচী তথা বছৰ ভিত্তিক পুঁজিৰ পৰিমাণ, কোটি টকা হিচাপত হ’ব:

 

 

2021-22

 

2022-23

 

2023-24

 

2024-25

 

2025-26

 

মুঠ

 

খাৰুৱা তেল

 

62.10

 

124.19

 

186.29

 

248.39

 

310.49

 

931.46

 

এলপিজি

 

34.72

 

69.43

 

104.15

 

138.87

 

173.59

 

520.76

 

কয়লা

 

10.37

 

20.75

 

31.12

 

41.50

 

51.87

 

155.61

 

সাৰ

 

1.08

 

2.16

 

3.25

 

4.33

 

5.41

 

16.23

 

মুঠ

 

108.27

 

216.53

 

324.81

 

433.09

 

541,36

 

1624.06

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

(কোটি টকা হিচাপত)

 

b) ইয়ে গোলকীয় জাহাজ পৰিবহণৰ জগতখনত ভাৰতীয় জাহাজ পৰিবহণ কোম্পানীসমূহৰ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ লগতে জাহাজ পৰিবহণ ব্যৱস্থাটোক শক্তিশালী কৰি তোলাৰ আৰু ভাৰতীয় নাবিকসকলৰ প্ৰশিক্ষণ আৰু নিয়োগ সম্ভাৱনীয়তা সৃষ্টিৰ ক্ষেত্ৰত অধিক সুযোগ প্ৰদান কৰিব।

 

 

বিত্তীয় সম্ভাৱনাসমূহ:

সৰ্বাধিক ৰাজসাহায্যৰ হাৰ @ ১৫%বুলি ধৰিলে আগন্তুক ৫বছৰত আদায় দিবলগীয়া ধনৰ পৰিমাণ হ’বগৈ, কোটিৰ হিচাপত:

 

মন্ত্ৰালয়

 

2021-22

 

2022-23

 

2023-24

 

2024-25

 

2025-26

 

মুঠ

 

খাৰুৱা তেল

 

62.10

 

124.19

 

186.29

 

248.39

 

310.49

 

931.46

 

এলপিজি

 

34.72

 

69.43

 

104.15

 

138.87

 

173.59

 

520.76

 

কয়লা

 

10.37

 

20.75

 

31.12

 

41.50

 

51.87

 

155.61

 

সাৰ

 

1.08

 

2.16

 

3.25

 

4.33

 

5.41

 

16.23

 

মুঠ

 

108.27

 

216.53

 

324.81

 

433.09

 

541 .36

 

1624.06

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

(কোটি টকা হিচাপত)

লাভ:

a) সকলো ভাৰতীয় নাবিক।

b) নাবিক হ’বলৈ হাবিয়াস কৰা সকলো কেডেট।

c) বৰ্তমানে থকা সকলো ভাৰতীয় জাহাজ পৰিবহণ কোম্পানী।

d) ভাৰতীয় প্ৰতিষ্ঠান গঢ়িব খোজা আৰু ভাৰতত জাহাজ চলাব খোজা সকলো ভাৰতীয় আৰু বিদেশী নাগৰিক, প্ৰতিষ্ঠান আৰু বিধিসংগত নিকায়সমূহ।

e) বিদেশী জাহাজ প্ৰচালক প্ৰতিষ্ঠানক দিবলগীয়া বিদেশী মুদ্ৰাৰ প্ৰবহণ ৰোধৰ ফলত সামগ্ৰিক ভাবে ভাৰতীয় অৰ্থনীতি।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates José Antonio Kast Rist on assuming the office of the President of Chile
March 13, 2026

The Prime Minister, Shri Narendra Modi congratulated José Antonio Kast Rist on assuming the office of the President of Chile. Shri Modi stated that he looks forward to working closely with him to further strengthen the warm and friendly relations between India and Chile and to deepen cooperation across trade, technology and energy. “Best wishes for a successful tenure! ”, Shri Modi said.

The Prime Minister posted on X:

“Warm congratulations to José Antonio Kast Rist on assuming the office of the President of Chile. I look forward to working closely with him to further strengthen the warm and friendly relations between India and Chile and to deepen our cooperation across trade, technology and energy. Best wishes for a successful tenure! “

@joseantoniokast