প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত আজি ২০২২-২৩ৰ পৰা ২০২৫-২৬ চনলৈ পঞ্চদশ বিত্ত আয়োগৰ বাকী থকা চাৰি বছৰৰ বাবে নতুন আঁচনি “উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ (পিএম-ডেভাইন)ত অনুমোদন জনাইছে৷ নতুন আঁচনি পিএম-ডেভাইন হৈছে এখন কেন্দ্ৰীয় খণ্ডৰ আঁচনি, য’ত ১০০%পূঁজি কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে (ড’নাৰ) এই আঁচনিখন ৰূপায়ণ কৰিব৷

২০২২-২৩ৰ পৰা ২০২৫-২৬ চনলৈ (পঞ্চদশ বিত্ত আয়োগৰ বাকী থকা বছৰসমূহ) চাৰি বছৰৰৰ বাবে পিএম-ডেভাইন আঁচনিৰ বাবদ ৬,৬০০ কোটি টকা ব্যয় হ’ব।

২০২৫-২৬ চনৰ ভিতৰত পিএম-ডেভাইন প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব, যাতে এই বছৰৰ পিছত কোনো প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধতা নাথাকে। ২০২৪-২৫ আৰু ২০২৫-২৬ চনৰ ভিতৰত ব্যয় অব্যাহত থাকিব যদিও অনুমোদিত পিএম-ডেভাইন প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰা হ’ব।

পিএম-ডেভাইনে আন্তঃগাঁথনি নিৰ্মাণ, উদ্যোগ, সামাজিক উন্নয়ন প্ৰকল্প সমৰ্থন আৰু যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে জীৱিকাৰ কাৰ্যকলাপ সৃষ্টি কৰিব, যাৰ ফলত নিয়োগ সৃষ্টি হ’ব।

ড’নাৰ মন্ত্ৰালয়ে উত্তৰ-পূব পৰিষদ বা কেন্দ্ৰীয় মন্ত্ৰালয়/এজেন্সীৰ জৰিয়তে পিএম-ডেভাইন ৰূপায়ণ কৰিব। পিএম-ডেভাইনৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ পৰ্যাপ্ত পৰিচালনা আৰু তত্ত্বাৱধান নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে সেইবোৰ বহনক্ষম হয়। সময় আৰু ব্যয়ৰ অতিৰিক্ত নিৰ্মাণৰ ক্ষতিশংকা সীমিত কৰিবলৈ চৰকাৰী প্ৰকল্পসমূহৰ ওপৰত পৰাটো অভিযান্ত্ৰিক-ক্ৰয়-নিৰ্মাণ (ইপিচি) ভিত্তিত সম্ভৱপৰ সকলো ব্যৱস্থা হাতত লোৱা হ’ব।

পিএম-ডেভাইনৰ উদ্দেশ্যসমূহ হৈছেঃ

ক) প্ৰধানমন্ত্ৰী গতিশক্তিৰ মনোভাৱেৰে আন্তঃগাঁথনিৰ বাবে সামগ্ৰিকভাৱে পুঁজিৰ ব্যৱস্থা কৰা;

(খ) উত্তৰ-পূৰ্বাঞ্চলে অনুভৱ কৰা প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি সামাজিক উন্নয়ন প্ৰকল্পসমূহক সমৰ্থন কৰা;

(গ) যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে জীৱিকাৰ কাৰ্যকলাপ সক্ষম কৰা;

(ঘ) বিভিন্ন খণ্ডত উন্নয়নৰ ব্যৱধান দূৰ কৰা।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ড’নাৰ মন্ত্ৰালয়ৰ আন কেতবোৰ আঁচনিও আছে। ড’নাৰ মন্ত্ৰালয়ৰ আন আঁচনিসমূহৰ অধীনত ৰূপায়ণ কৰা প্ৰকল্পৰ গড় আকাৰ মাত্ৰ প্ৰায় ১২ কোটি টকা। পিএম-ডেভাইন আঁচনিখনে আন্তঃগাঁথনি আৰু সামাজিক উন্নয়ন প্ৰকল্পসমূহক সহায় আগবঢ়াব যিবোৰ আকাৰত বৃহৎ হোৱাৰ লগতে ব্যক্তিগত প্ৰকল্প হিচাপে নহয়, অন্তিম পৰ্যায়লৈকে উন্নয়নমূলক সমাধানো প্ৰদান কৰিব। ড’নাৰ মন্ত্ৰালয় বা আন কোনো মন্ত্ৰালয়/বিভাগৰ অন্যান্য আঁচনিৰ সৈতে পিএম-ডেভাইনৰ অধীনত প্ৰকল্প সমৰ্থনৰ কোনো ধৰণৰ নকল যাতে নহয় সেয়া নিশ্চিত কৰা হ’ব।

উত্তৰ-পূৰ্বাঞ্চলত (এনইআৰ) উন্নয়নৰ ব্যৱধান দূৰ কৰিবলৈ ২০২২-২৩ৰ কেন্দ্ৰীয় বাজেটত পিএম-ডেভাইন আঁচনিৰ কথা ঘোষণা কৰা হৈছিল। পিএম-ডেভাইনৰ ঘোষণাই উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে কিমান গুৰুত্ব দিছে, এয়া তাৰে অন্য এক উদাহৰণ।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে উপলব্ধ সম্পদৰ পৰিমাণৰ অতিৰিক্ত হিচাপে পিএম-ডেভাইন আঁচনি গ্ৰহণ কৰা হৈছে। ই বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰ বিকল্প নহয়৷

পিএম-ডেভাইনৰ অধীনত ২০২২-২৩ চনৰ বাবে অনুমোদন লাভ কৰিবলগীয়া কিছুমান প্ৰকল্প বাজেট ঘোষণাৰ অংশ যদিও, সাধাৰণ জনতাৰ বাবে যথেষ্ট আৰ্থ-সামাজিক প্ৰভাৱ বা বহনক্ষম জীৱিকাৰ সুযোগ থকা প্ৰকল্প (যেনে-সকলো প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰৰ আন্তঃগাঁথনি, চৰকাৰী প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় আদিত ব্যাপক সুবিধা প্ৰদান কৰা)ৰ কথা ভৱিষ্যতে বিবেচনা কৰিব পাৰে।

পিএম-ডেভাইন ঘোষণা কৰাৰ যুক্তি হ’ল যে মৌলিক নূন্যতম সেৱা (বিএমএছ)ৰ ক্ষেত্ৰত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰিমাপসমূহ ৰাষ্ট্ৰীয় গড় আৰু নিটী আয়োগে প্ৰস্তুত কৰা বিইআৰ জিলা বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) সূচকাংক ২০২১-২২তকৈ বহু নিম্ন, ইউএনডিপি আৰু ড’নাৰ মন্ত্ৰালয়ৰ অনুসৰি উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট ব্যৱধান আছে। এই বিএমএছৰ অভাৱ আৰু উন্নয়নৰ ব্যৱধান দূৰ কৰিবলৈ পিএম-ডেভাইন নামৰ এখন নতুন আঁচনি ঘোষণা কৰা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s GDP To Grow 7% In FY26: Crisil Revises Growth Forecast Upward

Media Coverage

India’s GDP To Grow 7% In FY26: Crisil Revises Growth Forecast Upward
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 ডিচেম্বৰ 2025
December 16, 2025

Global Respect and Self-Reliant Strides: The Modi Effect in Jordan and Beyond