দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাত জোহান্সবাৰ্গত অনুষ্ঠিত হ’বলগীয়া বিংশ জি-২০ নেতাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মহামান্য চিৰিল ৰামাফোছাৰ আমন্ত্ৰণত মই ২০২৫ চনৰ ২১ৰ পৰা ২৩ নৱেম্বৰলৈ দক্ষিণ আফ্ৰিকা গণৰাজ্য ভ্ৰমণ কৰিবলৈ গৈ আছো।

আফ্ৰিকাত অনুষ্ঠিত হোৱা প্ৰথম জি-২০ সন্মিলন হিচাপে এয়া হ’ব এক বিশেষভাৱে তাৎপৰ্যপূৰ্ণ সন্মিলন। ২০২৩ চনত জি-২০ত ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্ৰিকীয় সংঘ জি-২০ৰ সদস্য হৈছিল।

সন্মিলনখনে গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক বিষয়সমূহ আলোচনা কৰাৰ সুবিধা দিব। এই বছৰৰ জি-২০ৰ বিষয়বস্তু হৈছে 'সংহতি, সমতা আৰু বহনক্ষমতা'। এই বিষয়বস্তুৰ জৰিয়তে দক্ষিণ আফ্ৰিকা ভাৰতৰ নতুন দিল্লী আৰু ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোত অনুষ্ঠিত পূৰ্বৰ সন্মিলনৰ সিদ্ধান্তসমূহক সফল কৰাৰ দিশে অগ্ৰসৰ হৈছে। 'বসুধৈৱ কুটুম্বকম' তথা 'এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত'ৰ আমাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মই সন্মিলনত ভাৰতৰ দৃষ্টিভংগী উপস্থাপন কৰিম।

মই মিত্ৰ দেশসমূহৰ নেতাসকলৰ সৈতে মত বিনিময় তথা সন্মিলনৰ সুযোগতে অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ আইবিএছএ সন্মিলনত অংশগ্ৰহণৰ বাবে আগ্ৰহী।

এই ভ্ৰমণৰ সময়ত, দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয় প্ৰবাসীৰ সৈতে মত বিনিময়ৰ বাবেও মই আগ্ৰহী। বহুসংখ্যক প্ৰবাসী ভাৰতীয় লোক বাস কৰা দেশসমূহৰ ভিতৰত দক্ষিণ আফ্ৰিকা অন্যতম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jan Dhan deposits cross Rs 3.09 lakh crore

Media Coverage

Jan Dhan deposits cross Rs 3.09 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength