ভাৰতীয় মহিলাসকলৰ সাফল্যৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই কৃতিত্ব নাৰী শক্তিৰ আত্মবিশ্বাসৰ ফল। এই কৃতিত্বই আমাক অমৃত কালৰ সংকল্প বাস্তৱায়িত কৰাৰ আশ্বাস দিয়ে বুলিও তেওঁ কয়।
কেন্দ্রীয় মন্ত্রী ৰাওচাহেব পাটিল দানভেই বন্দে ভাৰত এক্সপ্রেছৰ প্রথমগৰাকী মহিলা লোকো পাইলট হিচাপে নিযুক্তি লাভ কৰা শ্রীমতী সুৰেখা যাদৱ সন্দর্ভত কৰা এক টুইটৰ প্রধানমন্ত্রীয়ে উত্তৰ দিয়ে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"এয়াই হৈছে নতুন ভাৰতৰ নাৰী শক্তিৰ আস্থা! আজি যি কৃতিত্ব মহিলাসকলে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে লাভ কৰি আছে, সিয়ে অমৃতকালত দেশৰ সংকল্পসমূহ বাস্তৱায়িত হোৱাৰ আশ্বাস দিয়ে।"
यह नए भारत की नारीशक्ति का आत्मविश्वास है! जीवन के हर क्षेत्र में आज महिलाएं जिन उपलब्धियों को अपने नाम दर्ज करा रही हैं, वो अमृतकाल में देश के संकल्पों के साकार होने का विश्वास दिलाती हैं। https://t.co/cyFvpubnsl
— Narendra Modi (@narendramodi) March 15, 2023


