প্ৰধানমন্ত্ৰী মোদীয়ে ছী ইন্সপায়াৰ্ছ আছ’ৰ অংশ হিচাপে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট মহিলাসকলক পৰিচালনা কৰিবলৈ দিয়াৰ পিছত কল্পনা ৰমেশে জল নাটনি তথা জল সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বাৰ্তাৰ জৰিয়তে সকলোকে নিজৰ দৃষ্টিভংগী প্ৰচাৰ কৰে৷

কল্পনা হ’ল এগৰাকী ‘জল যোদ্ধা’ আৰু তেওঁ আমাৰ শিশুসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে জল সংৰক্ষণৰ দিশত নামি পৰিছে৷ সামান্য এক পদক্ষেপে এক বৃহৎ জাগৰণৰ সৃষ্টি কৰিব পাৰে বুলি তেওঁ বিশ্বাস কৰে৷ 

প্ৰধানমন্ত্ৰীৰ টুইটাৰ হেণ্ডেলৰ পৰা তেওঁ এইদৰে লিখিছে, ‘‘পানী আমি এক মূল্যৱান সম্পত্তি হিচাপে উত্তৰাধিকাৰসূত্ৰে লাভ কৰিছো৷ আমি আমাৰ আগন্তুক প্ৰজন্মক নিৰুৎসাহিত নকৰো৷ দায়িত্বসহকাৰে পানী ব্যৱহাৰ কৰি, বৰষুণৰ পানী, হ্ৰদৰ পানী সঞ্চয় কৰি, ব্যৱহৃত পানীৰ পুনৰ ব্যৱহাৰ তথা সজাগতা বৃদ্ধিৰ জৰিয়তে নিজৰ অৱদান আগবঢ়াওক৷ 

কল্পনাই কয় যে তেওঁ প্ৰধানমন্ত্ৰীৰ হেণ্ডেলৰ পৰা টুইট কৰিব পাৰিব বুলি কেতিয়াও ভবা নাছিল৷ তেওঁ কয় যে সহভাগিতাৰ জৰিয়তে অসম্ভৱকো সম্ভৱ কৰিব পাৰি আৰু জল সম্পদৰ ব্যৱস্থাপনাও কৰিব পাৰি৷ ‘‘আহক, আমি সমাধান দাতা হওঁ’’, কল্পনাই এইদৰে কয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Smartphone PLI plan exceeds targets, value addition quadruples': Industry informs govt

Media Coverage

'Smartphone PLI plan exceeds targets, value addition quadruples': Industry informs govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুলাই 2026
July 08, 2026

1,000 Years of Heritage, One Future of Partnership: PM Modi Strengthens India-Indonesia Bonds in Jakarta