অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে আজি প্ৰসাৰ ভাৰতী অৰ্থাৎ অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২,৫৩৯.৬১ কোটি টকা ব্যয়েৰে কাৰ্যকৰী হ’বলগীয়া কেন্দ্ৰীয় খণ্ডৰ আঁচনি "সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন" চমুকৈ BIND সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্ৰালয়ৰ এই "সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন" আঁচনি হৈছে সংগঠনটোৰ আন্তঃগাঁথনি সম্পৰ্কীয় ব্যয়, সমল সৃষ্টি আৰু সম্প্ৰসাৰণ তথা অসামৰিক কৰ্মীলৈ সম্প্ৰচাৰ উন্নীতকৰণৰ বাবে প্ৰসাৰ ভাৰতীক বিত্তীয় সাহায্য প্ৰদান কৰা এক অভিলাষী প্ৰকল্প।

উল্লেখ্য যে দেশৰ ৰাজহুৱা সম্প্ৰচাৰক হিচাপে প্ৰসাৰ ভাৰতী হৈছে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে দেশৰ দূৰৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে তথ্য, শিক্ষা, মনোৰঞ্জন আৰু ইয়াত অংশগ্ৰহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাধ্যম। প্ৰসাৰ ভাৰতীয়ে জনস্বাস্থ্য বাৰ্তা প্ৰচাৰ কৰাত আৰু ক’ভিড মহামাৰীৰ সময়ত ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

এই বিআইএনডি আঁচনিয়ে ৰাজহুৱা সম্প্ৰচাৰক উন্নত আন্তঃগাঁথনিৰ সৈতে ইয়াৰ সুবিধাসমূহ ব্যাপকভাৱে উন্নীত কৰাত সক্ষম কৰি তুলিব। ইয়াৰ দ্বাৰা শ্ৰোতা আৰু দৰ্শকসকলক উচ্চ মানদণ্ডৰ সমল প্ৰদান কৰিব পৰা যাব আৰু সেইবোৰৰ প্ৰচাৰ-প্ৰসাৰ যথেষ্ট সম্প্ৰসাৰিত কৰিব। ইয়াৰ ভিতৰত থাকিব বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত এলেকা, সীমান্ত আৰু বিভিন্ন কৌশলগত তথা স্পৰ্শকাতৰ এলেকা। এই আঁচনিখনৰ আন এক মুখ্য অগ্ৰাধিকাৰযোগ্য ক্ষেত্ৰ হ'ল ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে উচ্চ মানদণ্ডৰ সমল বিকশিত কৰি বিভিন্ন স্বাদৰ সমলৰ উপলব্ধতা নিশ্চিত কৰা আৰু অধিক চেনেল একেলগে ধৰি ৰখাৰ বাবে ডিটিএইচ প্লেটফৰ্মৰ ক্ষমতা উন্নীত কৰা। এইচডি পৰ্যায়ত দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ ষ্টুডিঅ' নিৰ্মাণ, অ'বি ভান ক্ৰয় আৰু ডিজিটেল উন্নীতকৰণো প্ৰকল্পটোত অন্তৰ্ভুক্ত কৰা হ'ব।

উল্লেখ্য যে বৰ্তমান, দূৰদৰ্শনে ২৮ টা আঞ্চলিক চেনেলসহ ৩৬ টা টিভি চেনেল পৰিচালনা কৰে আৰু অল ইণ্ডিয়া ৰেডিঅ'ই ৫০০ ৰো অধিক সম্প্ৰচাৰ কেন্দ্ৰ পৰিচালনা কৰি আছে। এই আঁচনিয়ে ভৌগোলিক এলেকাৰ দ্বাৰা দেশত অল ইণ্ডিয়া ৰেডিঅ’ৰ এফএম ট্ৰেন্সমিটাৰসমূহে সামৰি লোৱা এলেকা ৫৯ শতাংশৰ পৰা ৬৬ শতাংশলৈ বৃদ্ধি কৰিব আৰু ইয়াৰ যোগেদি জনসংখ্যাৰ দিশেৰেও ৬৮ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধি কৰিব। এই আঁচনিখনত দূৰৱৰ্তী, জনজাতীয়, বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত আৰু সীমান্ত অঞ্চলত বাস কৰা লোকসকলক ৮ লাখতকৈও অধিক ডিডি বিনামূলীয়া ডিশ্ব – STB বিনামূলীয়াকৈ বিতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

ৰাজহুৱা সম্প্ৰচাৰৰ পৰিসৰ বহল কৰাৰ উপৰিও, সম্প্ৰচাৰ সঁজুলিৰ যোগান আৰু স্থাপন সম্পৰ্কীয় নিৰ্মাণ আৰু সেৱাৰ জৰিয়তে পৰোক্ষ নিযুক্তি সৃষ্টি কৰাৰো সম্ভাৱনা আছে। টিভি/ৰেডিঅ'ৰ বিভিন্ন সমল প্ৰযোজনা, ট্ৰেন্সমিচন আৰু সহযোগী মিডিয়া সম্পৰ্কীয় সেৱাকে ধৰি বিভিন্ন সমল সৃষ্টিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিসকলৰ বাবে আৰু বিভিন্ন ধৰণৰ সৃষ্টিশীল সমলৰ প্ৰস্তুত কৰিবৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনত যথেষ্ট পৰোক্ষ নিযুক্তিৰো সুযোগ সৃষ্টি হ’ব। ইয়াৰ উপৰি, ডিডি ফ্ৰী ডিশ্বৰ প্ৰসাৰ সম্প্ৰসাৰিত কৰাৰ এই প্ৰকল্পটোৱে ডিডি ফ্ৰী ডিছ ডিটিএইচ ছেটটপ বক্স নিৰ্মাণৰ ক্ষেত্ৰতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে।

ভাৰত চৰকাৰে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ (প্ৰসাৰ ভাৰতী) আন্তঃগাঁথনি আৰু সেৱাৰ উন্নয়ন, আধুনিকীকৰণ আৰু শক্তিশালীকৰণৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰি আহিছে, আৰু ইয়াক এক ধাৰাবাহিক প্ৰক্ৰিয়া হিচাপে ধৰি ৰখা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’

Media Coverage

‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 এপ্ৰিল 2026
April 25, 2026

From Boat Rides on the Ganga to Global AI & Bio-Economy Leadership: PM Modi’s India 2.0