পূৰ্বতে, সুলভ মূল্যৰ খাদ্য আঁচনিসমূহৰ পৰিসৰ আৰু বাজেট বৃদ্ধি কৰি থকা হৈছিল যদিও সেই অনুপাতে অনাহাৰী আৰু অপুষ্টিৰ হাৰ কমা নাছিল : প্ৰধানমন্ত্ৰী
‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ আৰম্ভ কৰাৰে পৰা হিতাধিকাৰীসকলে আগৰ হিচাপতৈ প্ৰায় দুগুণ হাৰত সামগ্ৰী পাবলৈ ধৰিছে : প্ৰধানমন্ত্ৰী
মহামাৰীৰ কালছোৱাত প্ৰায় ২লাখ কোটি টকাৰ ব্যয়ৰে ৮০কোটিতকৈয়ো অধিক হিতাধিকাৰীয়ে বিনামূলীয়াকৈ খাদ্য সামগ্ৰী লাভ কৰিছে : প্ৰধানমন্ত্ৰী
দেশৰ সবাতোকৈ দুৰ্যোগৰ সময়তো কোনো নাগৰিকে লোঘণে থাকিবলগীয়া হোৱা নাই : প্ৰধানমন্ত্ৰী
দৰিদ্ৰৰ সবলীকৰণত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে : প্ৰধানমন্ত্ৰী
আমাৰ খেলুৱৈসকলৰ নতুন আত্মবিশ্বাসেই নতুন ভাৰতৰ বাবে নমুনা স্বৰূপ হৈ উঠিছে : প্ৰধানমন্ত্ৰী
৫০কোটিৰ টীকাকৰণৰ অভিলেখ ৰচনাৰ দিশে দ্ৰুতগতিৰে আগবাঢ়িছে দেশ : প্ৰধানমন্ত্ৰী
‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰেৰণাস্ৰোত হ’ব পৰা পবিত্ৰ শপত বাক্য আওৰাও আহক : প্ৰধানমন্ত্ৰী

নমস্কাৰ! গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপাণী জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী নিতিন ভাই পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু গুজৰাট ভাজপাৰ অধ্যক্ষ শ্ৰীমান চিআৰ পাটিল জী, পিএম গৰীব কল্যাণ অন্ন যোজনাৰ সকলো লাভাৰ্থী ভাই আৰু ভনীসকল!

যোৱা বছৰবিলাকত গুজৰাটে বিকাশ আৰু বিশ্বাসৰ যি অহৰহ পৰিক্ৰমা আৰম্ভ কৰিছে, সি ৰাজ্যখনক নতুন উচ্চতালৈ লৈ গৈ আছে। গুজৰাট চৰকাৰে আমাৰ বাই-ভনী, আমাৰ কৃষক, আমাৰ গৰীব পৰিয়ালৰ হিতাৰ্থে প্ৰত্যেক যোজনাক সেৱা ভাবেৰে মাটিলৈ নমাই আনিছে। আজি গুজৰাটৰ লাখ লাখ পৰিয়ালক পিএম গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে একেলগে বিনামূলীয়া ৰেছন বিতৰণ কৰি থকা হৈছে। এই বিনামূলীয়া ৰেছনে বৈশ্বিক মহামাৰীৰ এই সময়ত গৰীবৰ চিন্তা কম কৰিছে, তেওঁলোকৰ বিশ্বাস বঢ়াইছে। এই যোজনা আজিৰ পৰা প্ৰাৰম্ভ হোৱা নাই, যোজনা তো যোৱা প্ৰায় এবছৰৰ পৰা চলি আছে যাতে এই দেশৰ কোনো গৰীবে লঘোণে শুই নপৰে।

মোৰ মৰমৰ ভাই-ভনীসকল,

গৰীবৰ মনতো ইয়াৰ কাৰণে বিশ্বাস জন্মিছে। এই বিশ্বাস, এই কাৰণেই আহিছে কিয়নো তেওঁলোকে বুজিছে যে প্ৰত্যাহ্বান লাগে যিমানেই ডাঙৰ নহওক, দেশ তেওঁলোকৰ লগত আছে। অলপ সময়ৰ আগতে মই কেইজনমান লাভাৰ্থীৰ সৈতে কথা পতাৰ সুযোগ পাওঁ, সেই চৰ্চাত মই অনুভৱো কৰো যে এক নতুন আত্মবিশ্বাস তেওঁলোকৰ ভিতৰত সোমাই আছে।

বন্ধুসকল,

স্বাধীনতাৰ পিছৰ পৰাই প্ৰায় প্ৰতিখন চৰকাৰেই গৰীবক সস্তাত ভোজন দিয়াৰ কথা কৈছিল। সস্তা ৰেছনৰ যোজনাৰ প্ৰতিশ্ৰুতি আৰু বাজেট বছৰে বছৰে বাঢ়ি গ'ল, কিন্তু তাৰ যি প্ৰভাৱ হ'ব লাগিছিল, সেয়া সীমিত হৈয়ে থাকিল। দেশৰ খাদ্য ভাণ্ডাৰ বাঢ়ি গ'ল, কিন্তু অনাহাৰ আৰু পুষ্টিহীনতা সেই অনুপাতে নকমিল। ইয়াৰ এটা ডাঙৰ কাৰণ আছিল এইটো যে প্ৰভাৱশালী ডেলিভাৰী ছিষ্টেম নাই আৰু কিছুমান বেমাৰো আহি গ'ল ব্যৱস্থাসমূহত, কিছুমান cutৰ কোম্পানীও আহি গ'ল, স্বাৰ্থপৰ তত্বও সোমাই পৰিল। এই স্থিতি সলনি কৰিবলৈ ২০১৪ চনৰ পিছত নতুন ব্যৱস্থাৰে কাম কৰা হয়। নতুন technologyক এই পৰিৱৰ্তনৰ মাধ্যম কৰা হয়। কোটি কোটি ভুৱা লাভাৰ্থীক ছিষ্টেমৰ পৰা আঁতৰোৱা হয়। ৰেছন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰা হয় আৰু চৰকাৰী ৰেছনৰ দোকানত  digital technologyক উৎসাহিত কৰা হয়। আজি পৰিণাম আমাৰ সন্মুখত।

ভাই-ভনীসকল,

এশ বছৰৰ সবাতোকৈ ডাঙৰ বিপত্তিটো কেৱল ভাৰততে হোৱা নাই, সমগ্ৰ পৃথিৱীতে হৈছে, সমগ্ৰ মানৱ জাতিৰ ওপৰত হৈছে। জীৱিকাৰ ওপৰত সংকট আহিল, কৰোণা লকডাউনৰ কাৰণে কাম-ধান্দা বন্ধ কৰিবলগীয়া হ'ল। কিন্তু দেশে নিজৰ নাগৰিকক লঘোণত শুবলৈ দিয়া নাই। দুৰ্ভাগ্যক্ৰমে পৃথিৱীৰ কেইবাখনো দেশৰ জনসাধাৰণৰ ওপৰত আজি সংক্ৰমণৰ লগতে অনাহাৰৰো ভীষণ সংকট আহি পৰিল। কিন্তু ভাৰতে সংক্ৰমণৰ ঘটনাৰ পূৰ্বৰ দিনৰে পৰা, এই সংকটক চিনাক্ত কৰে আৰু ইয়াৰ ওপৰত কাম কৰে। সেয়ে, আজি পৃথিৱীজুৰি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ প্ৰশংসা হৈ আছে। ডাঙৰ ডাঙৰ expertয়ে এই কথাৰ প্ৰশংসা কৰি আছে যে ভাৰতে নিজৰ ৮০ কোটিৰো অধিক লোকক এই মহামাৰীৰ সময়ত বিনামূলীয়া শস্য উপলব্ধ কৰাই আছে। ইয়াত ২ লাখ কোটি টকাতকৈ অধিক এই দেশে খৰচ কৰি আছে। উদ্দেশ্য এটাই-- ভাৰতৰ কোনো মোৰ ভাই-ভনী, মোৰ কোনো ভাৰতবাসী লঘোণে নাথাকক। আজি ২ টকা কিলো ঘেঁহু, ৩ টকা কিলো চাউলৰ কোটাৰ অতিৰিক্ত প্ৰত্যেক লাভাৰ্থীক ৫ কিলো ঘেঁহু আৰু চাউল বিনামূলীয়াকৈ দি থকা হৈছে। অৰ্থাৎ এই যোজনাৰ জৰিয়তে পূৰ্বৰ তুলনাত প্ৰায় ডবল মাত্ৰাত ৰেছন উপলব্ধ কৰাই থকা হৈছে। এই যোজনা দীপাৱলি পৰ্যন্ত চলিব, দীপাৱলিলৈকে কোনো গৰীবে পেট পূৰাবৰ বাবে নিজৰ জেপৰ পৰা পইচা উলিয়াবলগীয়া নহয়। গুজৰাটতো প্ৰায় ছাৰে ৩ কোটি লাভাৰ্থীয়ে বিনামূলীয়া ৰেছনৰ লাভ আজি পাই আছে। মই গুজৰাট চৰকাৰক এই কথাৰ বাবেও প্ৰশংসা কৰিম যে তেওঁলোকে দেশৰ আন ঠাইৰ পৰা ইয়াত কাম কৰিবলৈ অহা শ্ৰমিকসকলকো প্ৰাথমিকতা দিলে। কৰোণা লকডাউনৰ কাৰণে প্ৰভাৱিত হোৱা লাখ লাখ শ্ৰমিকে এই যোজনাৰ লাভ পাইছে। ইয়াত যথেষ্ট সংখ্যক এনেকুৱা বন্ধু আছিল, যাৰ ওচৰত ৰেছন কাৰ্ডতো নাছিলেই, বা তেওঁলোকৰ ৰেছন কাৰ্ড অন্য ৰাজ্যৰ আছিল। গুজৰাট সেই ৰাজ্যসমূহৰ অন্যতম যি সবাতোকৈ আগতে ৱান নেশ্যন ৱান ৰেছন কাৰ্ডৰ যোজনা বলৱৎ কৰে। ৱান নেশ্যন ৱান ৰেছন কাৰ্ডৰ লাভ গুজৰাটৰ লাখ লাখ শ্ৰমিক বন্ধুৱে পাই আছে।

ভাই-ভনীসকল,

এটা সময় আছিল যেতিয়া দেশত বিকাশৰ কথা কেৱল ডাঙৰ চহৰবিলাকলৈকে সীমিত হৈছিল। তাতো বিকাশৰ অৰ্থ কেৱল ইমানেই হৈছিল যে বিশেষ বিশেষ এলেকাত ডাঙৰ ডাঙৰ flyovers নিৰ্মাণ হওক, পথ নিৰ্মাণ হওক, মেট্ৰো হওক! অৰ্থাৎ, গাঁও-ভূইৰ পৰা দূৰত, আৰু আমাৰ ঘৰৰ বাহিৰত যি কাম হৈছিল, যাৰ সৈতে সাধাৰণ লোকৰ কোনো লেনদেন নাছিল তাকেই বিকাশ বুলি গণ্য কৰা হৈছিল। বিগত বছৰবিলাকত দেশে এই ধাৰণা সলনি কৰিছে। আজি দেশে দুয়োটা দিশত কাম কৰিব বিচাৰে, দুডাল চিৰিত গতি কৰিব বিচাৰে। দেশক নতুন infrastructureৰো প্ৰয়োজন। Infrastructureতো লাখ লাখ- কোটি কোটি খৰচ হৈ আছে, তাৰ ফলত মানুহে কৰ্ম সংস্থাপনো পাই আছে, কিন্তু লগতে সাধাৰণ মানুহৰ জীৱনৰ মান উন্নত কৰিবৰ বাবে, Ease of Livingৰ বাবে নতুন মানদণ্ডও স্থাপন কৰি থকা হৈছে। গৰীবৰ সবলীকৰণক আজি সৰ্বোচ্চ অগ্ৰাধিকাৰ দি থকা হৈছে। এতিয়া ২ কোটি গৰীব পৰিয়ালক ঘৰ দিয়া হৈছে আৰু ইয়াৰ উদ্দেশ্য হৈছে যে তেওঁলোকে এতিয়া ঠাণ্ডা, গৰম, বৰষুণৰ আশংকাৰ পৰা মুক্ত হৈ থাকিব পাৰিব, ইমানেই নহয়, যেতিয়া নিজৰ ঘৰ হয়, তেতিয়া আত্মসন্মানেৰে তেওঁলোকৰ জীৱন ভৰি পৰে। নতুন সংকল্পৰে সাঙোৰ খাই পৰে আৰু সেই সংকল্পক সাকাৰ কৰিবলৈ গৰীব পৰিয়াল একত্ৰিত হৈ মনে-প্ৰাণে লাগি যায়, দিনে-ৰাতিয়ে পৰিশ্ৰম কৰে। যেতিয়া ১০ কোটি পৰিয়ালে শৌচ কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ বিড়ম্বনাৰ পৰা মুক্তি পায় তেতিয়া ইয়াৰ অৰ্থ এইটোৱেই যে তেওঁলোকৰ জীৱন স্তৰ উন্নত হৈছে। তেওঁলোকে আগতে ভাবিছিল যে সুখী পৰিয়ালৰ ঘৰত হে toilet থাকে, শৌচালয় তেওঁলোকৰ ঘৰত হে থাকে। গৰীবে তো বেচেৰাহঁতে আন্ধাৰলৈ অপেক্ষা কৰিবলগীয়া হৈছিল, মুকলি ঠাইলৈ যাবলগীয়া হৈছিল। কিন্তু যেতিয়া গৰীবে শৌচালয় পায়, তেতিয়াই তেওঁলোকে ধনীৰ সমানে সমানে নিজকে দেখা পায়, এক নতুন বিশ্বাসৰ জন্ম হয়। এনেকৈয়ে, যেতিয়া দেশৰ গৰীবে জন-ধন খাতাৰ জৰিয়তে বেংকিং ব্যৱস্থাৰে জড়িত হয়, মোবাইল বেংকিং গৰীবৰ হাততো থাকে তেতিয়া তেওঁলোকে শক্তি পায়, তেওঁলোকে নতুন সুযোগ লাভ কৰে। আমাৰ ইয়াত কোৱা হয়-

সামৰ্থ্য মূলম্

সুখমেৱ লোকে!

অৰ্থাৎ, আমাৰ সামৰ্থ্যৰ আধাৰ আমাৰ জীৱনৰ সুখেই হয়। যেনেকৈ আমি সুখৰ পিছত দৌৰি সুখ আহৰণ কৰিব নোৱাৰো বৰং তাৰ বাবে নিৰ্ধাৰিত কাম কৰিবলগীয়া হয়, কিবা আহৰণ কৰিবলগীয়া হয়। তেনেকৈ সবলীকৰণো স্বাস্থ্য, শিক্ষা, সুবিধা আৰু গৰিমা বাঢ়িলে হয়। যি সময়ত কোটি কোটি গৰীবে আয়ুষ্মান যোজনাৰ পৰা বিনামূলীয়াকৈ চিকিৎসা পায়, সেয়ে স্বাস্থ্যৰ জৰিয়তে সবলীকৰণ হয়। যেতিয়া দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণৰ সুবিধা সুনিশ্চিত কৰা হয় তেতিয়া এই শ্ৰেণীৰ শিক্ষাৰ জৰিয়তে সবলীকৰণ হয়। যেতিয়া পথে চহৰৰ সৈতে গাঁৱকো সংলগ্ন কৰে, যেতিয়া গৰীব পৰিয়ালক বিনামূলীয়া গেছ কানেকচন, বিনামূলীয়া বিদ্যুৎ কানেকচন দিয়া হয় তেতিয়া এই সুবিধাৱলীয়ে তেওঁলোকৰ সবলীকৰণ কৰে। যেতিয়া এজন ব্যক্তিয়ে স্বাস্থ্য, শিক্ষা আৰু অন্য সুবিধাৱলী পায় তেতিয়া তেওঁ নিজৰ উন্নতিৰ বিষয়ে, দেশৰ প্ৰগতিৰ বিষয়ে চিন্তা কৰে। এই সপোনবিলাক সম্পূৰ্ণ কৰিবলৈ আজি দেশত মুদ্ৰা যোজনা আছে, স্বনিধি যোজনা আছে। ভাৰতত এনেকুৱা অনেক যোজনাই গৰীবক সন্মানজনক জীৱনৰ পথ দি আছে, সন্মানেৰে সবলীকৰণৰ মাধ্যম হৈ আছে।

ভাই-ভনীসকল, 

যেতিয়া সাধাৰণ লোকৰ সপোনে সুযোগ লাভ কৰে, ব্যৱস্থা যেতিয়া ঘৰলৈকে নিজে আহিবলৈ ধৰে তেতিয়া জীৱন কেনেকৈ সলনি হয়, এই কথা গুজৰাটে ভালদৰে জানে। এসময়ত গুজৰাটৰ এটা ডাঙৰ অংশত মানুহে, মাতৃ-ভগ্নীয়ে পানীৰ দৰে প্ৰয়োজনৰ বাবে কেইবা কিলোমিটাৰ খোজকাঢ়ি যাবলগা হৈছিল। আমাৰ সকলো মাতৃ-ভগ্নী সাক্ষী আছে। এই ৰাজকোটলৈ তো পানীৰ কাৰণে ট্ৰেইন পঠিয়াবলগা হৈছিল। ৰাজকোটত যদি পানী ল'ব লাগে তেন্তে ঘৰৰ বাহিৰত গাঁত খান্দি তলত পাইপৰ পৰা পানী এবাটি এবাটিকৈ লৈ বাল্টি ভৰাবলগীয়া হৈছিল। কিন্তু আজি চৰদাৰ সৰোবৰ বান্ধৰ পৰা, ছাউনী যোজনাৰে, লহৰৰ নেটৱৰ্কেৰে সেই কচ্ছতো মা নৰ্মদাৰ পানী পাই আছে, য'ত কোনেও ভবা নাছিল আৰু আমাৰ ইয়াত তো কোৱা হৈছিল যে মা নৰ্মদাৰ স্মৰণেৰেই পূণ্য পোৱা যায়, আজি তো স্বয়ং মা নৰ্মদা গুজৰাটৰ গাঁৱে গাঁৱে যায়, স্বয়ং মা নৰ্মদা ঘৰে ঘৰে যায়, স্বয়ং মা নৰ্মদা আপোনাৰ দুৱাৰলৈ আহি আপোনাক আশীৰ্বাদ দিয়ে। এই প্ৰয়াসৰ পৰিণাম স্বৰূপেই আজি গুজৰাট এশ শতাংশ নলীৰ পানী যোগানৰ লক্ষ্যৰ পৰা আজি বেছি দূৰৈত নহয়। এয়াই গতি, সাধাৰণ লোকৰ জীৱনত এয়াই পৰিৱৰ্তন, এতিয়া লাহে লাহে সমগ্ৰ দেশে উপলব্ধি কৰি আছে। স্বাধীনতাৰ কেইবা দশকৰ পিছতো দেশত কেৱল ৩ কোটি গ্ৰামীণ পৰিয়াল পানীৰ নলৰ সুবিধাৰে সংযুক্ত হৈছিল, যি নলৰে পানী পাইছিল। কিন্তু আজি জল জীৱন অভিযানৰ জৰিয়তে দেশজুৰি কেৱল দুবছৰত, দুবছৰৰ ভিতৰত চাৰে ৪ কোটিতকৈও অধিক পৰিয়ালক পাইপৰ পানীৰে সংযুক্ত কৰা হৈছে আৰু সেয়ে মোৰ মাতৃ-ভগ্নীসকলে মোক ভৰপূৰ আশীৰ্বাদ দি আছে। 

ভাই-ভনীসকল,

ডবল ইঞ্জিনৰ চৰকাৰৰ লাভো গুজৰাটে একেৰাহে দেখি আছে। আজি চৰদাৰ সৰোবৰ বান্ধৰ পৰা বিকাশৰ নতুন ধাৰাই বৈ থকা নাই, বৰং Statue of Unityৰ ৰূপত বিশ্বৰ সবাতোকৈ ডাঙৰ আকৰ্ষণৰ এটা আজি গুজৰাটত আছে। কচ্ছত স্থাপন হৈ থকা Renewable Energy Parkয়ে গুজৰাটক সমগ্ৰ বিশ্বৰ Renewable Energy Mapত স্থাপিত কৰিব। গুজৰাটত ৰে'ল আৰু বিমান কানেক্টিভিটিৰ আধুনিক আৰু ভব্য  Infrastructure Project নিৰ্মাণ হৈ আছে। গুজৰাটৰ আহমদাবাদ আৰু সুৰতৰ দৰে চহৰত মেট্ৰো কানেক্টিভিটিৰ বিস্তাৰ দ্ৰুত গতিত হৈ আছে। Healthcare আৰু Medical Educationতো গুজৰাটত প্ৰশংসনীয় কাম হৈ আছে। গুজৰাটত নিৰ্মিত উন্নত Medical Infrastructureয়ে ১০০ বছৰৰ সবাতোকৈ ডাঙৰ Medical Emergencyক হেণ্ডেল কৰাত ডাঙৰ ভূমিকা পালন কৰিছে।

বন্ধুসকল,

গুজৰাটসহ সমগ্ৰ দেশতে এনেকুৱা অনেক কাম আছে, যাৰ কাৰণে আজি প্ৰতিজন দেশবাসীৰ, প্ৰতিটো ক্ষেত্ৰৰ আত্মবিশ্বাস বাঢ়ি আছে। আৰু এয়া আত্মবিশ্বাসেই হয় যি প্ৰতিটো প্ৰত্যাহ্বানৰ পৰা পাৰ পোৱাৰ, প্ৰতিটো সপোন পূৰণ কৰাৰ এটা বহুত ডাঙৰ সূত্ৰ। এতিয়া শেহতীয়া উদাহৰণ হৈছে অলিম্পিকত আমাৰ খেলুৱৈসকলৰ প্ৰদৰ্শন। এইবাৰ অলিম্পিকত ভাৰতৰ এতিয়ালৈকে সৰ্বাধিক খেলুৱৈয়ে কোৱালিফাই কৰিছে। মনত ৰাখিব লাগিব যে এয়া ১০০ বছৰৰ সবাতোকৈ ডাঙৰ সংকটৰ সৈতে যুঁজি আমি কৰিছো। কিছুমান তো এনেকুৱা খেল আছে য'ত আমি প্ৰথমবাৰ qualify কৰিছো। কেৱল qualifyয়েই নহয় বৰং কঠিন টক্কৰো দি আছো। আমাৰ খেলুৱৈয়ে সকলো খেলত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি আছে। এই অলিম্পিকত নতুন ভাৰতৰ শক্তিশালী আত্মবিশ্বাস প্ৰতিটো gameত দেখা গৈছে। অলিম্পিকত নমা আমাৰ খেলুৱৈয়ে নিজতকৈ উন্নত ৰেংকিঙৰ খেলুৱৈক, তেওঁলোকৰ টীমক প্ৰত্যাহ্বান দি আছে। ভাৰতীয় খেলুৱৈৰ উদ্যম, উৎসাহ আৰু একাগ্ৰতা আজি সৰ্বোচ্চ স্তৰত আছে। এই আত্মবিশ্বাস তেতিয়া আহে যেতিয়া সঠিক টেলেণ্ট চিনাক্ত হয়, তেওঁলোকে উৎসাহ পায়। এই আত্মবিশ্বাস তেতিয়া আহে যেতিয়া ব্যৱস্থা সলনি হয়, transparent হয়।এই নতুন আত্মবিশ্বাস নিউ ইণ্ডিয়াৰ পৰিচয় হৈ আছে। এই আত্মবিশ্বাস দেশৰ কোণে কোণে, প্ৰতিখন সৰু-বৰ গাঁও-ভূইত, গৰীব মধ্য শ্ৰেণীৰ যুৱকে ভাৰতৰ প্ৰতিটো কোণত এইটো বিশ্বাসলৈ আহি আছে।

বন্ধুসকল, 

এই আত্মবিশ্বাসকে আমি কৰোণাৰে যুঁজত আৰু নিজৰ টীকাকৰণ অভিযানতো অব্যাহত ৰাখিব লাগিব। বৈশ্বিক মহামাৰীৰ এই পৰিৱেশত আমি নিজৰ সতৰ্কতা একেৰাহে অৱলম্বন কৰিব লাগিব। দেশ আজি ৫০ কোটিৰ টীকাকৰণৰ দিশত দ্ৰুত গতিত আগবাঢ়ি আছে, গুজৰাটো চাৰে ৩ কোটি ভেকচিন ড'জৰ স্তৰৰ কাষ চাপি আছে। আমি টীকাও ল'ব লাগিব, মাস্কো পিন্ধিব লাগিব আৰু যিমান সম্ভৱ সিমান ভীৰৰ পৰা আতৰি থাকিব লাগিব। আমি পৃথিৱীত দেখি আছো। য'ত মাস্ক আতৰোৱাও হৈছিল তাত আকৌ মাস্ক লগোৱাৰ আহ্বান জনাবলৈ লৈছে। সাৱধানতা আৰু সুৰক্ষাৰ সৈতে আমি আগবাঢ়িব লাগিব।

বন্ধুসকল,

আজি যেতিয়া আমি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ ওপৰত ইমান ডাঙৰ কাৰ্যক্ৰম কৰি আছো, সেয়ে মই আৰু এটা সংকল্প দেশবাসীক দিয়াব খুজিছো। এই সংকল্প হৈছে ৰাষ্ট্ৰ নিৰ্মাণক নতুন প্ৰেৰণা জনোৱাৰ। স্বাধীনতাৰ ৭৫ বছৰত, স্বাধীনতাৰ অমৃত মহোৎসৱত, আমি এই পবিত্ৰ সংকল্প ল'ব লাগিব। এই সংকল্পসমূহত, এই অভিযানত ধনী-দুখীয়া, মহিলা-পুৰুষ, দলিত- বঞ্চিত সকলো সমতাৰ অংশীদাৰ। গুজৰাটে অহা বছৰবিলাকত নিজৰ সকলো সংকল্প পূৰণ কৰক, বিশ্বত নিজৰ গৌৰৱোজ্জ্বল পৰিচয় আৰু শক্তিশালী কৰক, এই কামনাৰে মই আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো। এবাৰ আকৌ অন্ন যোজনাৰ সকলো লাভাৰ্থীক বহুত বহুত শুভকামনা!!! আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ!!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
State Visit of Prime Minister to Seychelles
June 28, 2026

As part of Prime Minister Shri Narendra Modi’s State Visit to Seychelles from 27-29 June 2026, Prime Minister and the President of Seychelles, H.E. Dr. Patrick Herminie today held official talks at the State House in Victoria, Mahe.

The talks covered the full spectrum of bilateral relations, with the leaders agreeing to further strengthen cooperation in health, education, capacity building, digital transformation, sustainable development, social infrastructure, renewable energy, maritime security and defence. They also exchanged views on regional and global developments, including challenges in the Indian Ocean region, such as illegal fishing, drug trafficking and piracy. Both leaders expressed satisfaction at the progress made in the implementation of projects and initiatives under the Special Economic Package announced by India. Prime Minister reaffirmed India’s commitment to supporting the development priorities of Seychelles and to further deepen the close and enduring partnership between the two countries.

Following the official talks, both leaders released a joint commemorative logo marking 50 years of the establishment of diplomatic relations between the two countries. Several MoUs/agreements in the fields of Capacity Building, UPI, Health, Agriculture, Shipping, Space, Extradition and Line of Credit were exchanged thereafter. The amount of the Line of Credit stands at INR 1250 crores. The full list of MoUs/agreements may be seen here [link]. In addition, several announcements in the fields of food security, infrastructure, health, vocational training, maritime security and defence were made in support of the development needs of Seychelles. The details of these announcements may be seen here [link]. Seychelles also announced that it is joining the Coalition for Disaster Resilient Infrastructure [CDRI].

Later in the day, Prime Minister addressed an Extraordinary Sitting of the National Assembly of Seychelles, becoming the first Indian Prime Minister to do so. In his address, he highlighted the historical bonds of friendship between India and Seychelles and underscored the shared values of democracy, rule of law and people-centric governance that guide the two countries. He noted that mutual trust and close cooperation have shaped a robust partnership spanning development cooperation, maritime security, technology, innovation, health and capacity building. Prime Minister also called for enhanced parliamentary exchanges between the two democracies. The full address of Prime Minister may be seen here [link]

The Leader of Opposition of Seychelles, H.E. Mr. Bernard Georges, also called on Prime Minister. The two leaders discussed India-Seychelles bilateral ties and conveyed their strong support to further build the special friendship between the two countries.