Aatmanirbhar Bharat has become a mantra for 130 crore Indians: PM Modi
The government is making every possible effort to ensure 'Ease of Living' for the middle-class households in India: PM
In order for India to become Aatmanirbhar, the country has initiated major reforms in the defence sector: PM

মোৰ প্রিয় দেশবাসী,

স্বাধীনতাৰ এই পবিত্ৰ উৎসৱত সকলো দেশবাসীক অভিনন্দন আৰু বহুত বহুত শুভকামনা জনাইছো৷ আজি আমি যি  স্বাধীন ভাৰতত উশাহ-নিশাহ লৈছো, ইয়াৰ অন্তৰালত ভাৰত মাতাৰ লাখ লাখ সন্তানৰ ত্যাগ, তেওঁলোকৰ বলিদান  আৰু ভাৰত মাতাক স্বাধীন কৰি তোলাৰ প্ৰতি তেওঁলোকৰ সমর্পন, আজি এই সকলো আমাৰ স্বাধীনতা সংগ্রামী, স্বাধীনতা বীৰ-বীৰাংগনা, বীৰ শ্বহীদক প্ৰণাম জনোৱাৰে এই অনুষ্ঠান৷

আমাৰ সেনাৰ যোদ্ধা জোৱান,   আমাৰ অৰ্ধসামৰিক বাহিনী, আমাৰ আৰক্ষী জোৱান, নিৰাপত্তা বাহিনীৰ সৈতে জড়িত প্ৰত্যেক ব্যক্তি, ভাৰত মাতা আৰু সাধাৰণ জনতাৰ সুৰক্ষাত নিয়োজিত হৈ আছে৷ আজি তেওঁলোক সকলোকে অন্তৰৰ পৰা সাদৰে স্মৰণ কৰা, তেওঁলোকৰ মহান ত্যাগ তপস্যাক প্ৰণাম জনোৱাৰ উৎসৱ৷ আন এটা নাম হৈছে শ্রী অৰৱিন্দ ঘোষ৷ বিপ্লৱৰ দূতৰ পৰা আধ্যাত্মিক যাত্রালৈকে আজি তেওঁৰ সংকল্প তেওঁৰ জয়ন্তী৷ তেওঁৰ লগতে আমাৰ সংকল্প যাতে পূৰণ কৰিব পাৰো তাৰ বাবে তেওঁৰ আশীর্বাদ যেন সদায় পাও৷

আমি এক বিশেষ পৰিস্থিতিৰ মাজৰে দিন অতিবাহিত কৰিছো৷৷ আজি কন কন শিশুসকল মোৰ সন্মুখত দেখা পোৱা নাই৷ তেওঁলোক ভাৰতৰ উজ্জ্বল ভৱিষ্যত, কিয়? ক’ৰোনাই তেওঁলোকৰ সকলোকে আৱদ্ধ কৰি ৰাখিছে৷ এই ক’ৰোনাৰ সময়ছোৱাত লাখ লাখ ক’ৰোনা যোদ্ধা, তেওঁলোক চিকিৎসক, নাৰ্ছ, চাফাইকর্মী, এম্বুলেন্স চালক, কাৰ কাৰ নাম ল’ম? তেওঁলোকে দীর্ঘদিন ধৰি যিদৰে ‘সেৱাই পৰম ধর্ম’ এই মন্ত্ৰক পালন কৰি দেখুৱাইছে, সম্পূর্ণ সমর্পিত মনোভাৱেৰে ভাৰত মাতাৰ সন্তানসকলক সেৱা কৰিছে, সেই সকলো ক’ৰোনা যোদ্ধাক আজি মই প্ৰণাম জনাইছো৷

এই ক’ৰোনাৰ কালত আমাৰ বহু ভাই-ভনীয়ে এই ক’ৰোনা সংক্ৰমণত আক্রান্ত হৈছে, বহু পৰিয়ালৰ ওপৰ প্ৰভাৱ পৰিছে৷ বহুকে প্রাণ হেৰুৱাইছে৷ মই এনে পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জনাইছো৷ ক’ৰোনাৰ বিৰুদ্ধে মোৰ বিশ্বাস ১৩০ কোটি দেশবাসীৰ অদম্য ইচ্ছাশক্তি, সংকল্প শক্তিয়ে আমাৰ বিজয় আনি দিব, আমি নিশ্চিতভাৱে বিজয়ী হ’ম৷

বিগত দিনসমূহতো আমি এনে ধৰণৰ বহু সংকটৰ মাজেৰে দিন পাৰি কৰিছো৷ বানৰ প্ৰকোপ, বিশেষকৈ উত্তৰ-পূব, পূব ভাৰত, দক্ষিণ ভাৰত, পশ্চিম ভাৰতৰ কেতবোৰ এলেকা, কেতিয়াবা ভূমিস্খলন আদিৰ বাবে জনসাধাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, বহু লোকে প্রাণ হেৰুৱাইছে, মই সেই ক্ষতিগ্ৰস্ত পৰিয়ালবৰ্গৰ প্ৰতিও সমবেদনা জনাইছো আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে কান্ধত কান্ধ মিলাই এনে সংকটত সময়ত সদায় দেশত ঐক্যবদ্ধ হৈ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে  দ্রুতগতিত যথাসম্ভৱ সাহায্য প্ৰদানেৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছো৷

মোৰ প্রিয় দেশবাসী,

স্বাধীনতা দিৱসৰ অনুষ্ঠান আমাৰ বাবে এয়া স্বাধীনতাৰ অনুষ্ঠান, স্বাধীনতা সংগ্রামীসকলৰ কথা মনত পেলোৱা, নতুন সংকল্পৰ প্রাণশক্তিৰ উৎসত পৰিণত হয়৷ একপ্ৰকাৰ এই দিৱসে আমাৰ বাবে নতুন প্রেৰণা লৈ আহে, নতুন উদ্দীপনা, নতুন উৎসাহ লৈ আহে৷ এইবাৰ তো আমি সংকল্প গ্ৰহণ কৰাটো অতি জৰুৰী৷ কাৰণ অহা বছৰ যেতিয়া আমি স্বাধীনতা দিৱস পালন কৰিম, তেতিয়া আমি ৭৫ বছৰৰ প্ৰৱেশ কৰিম৷ এয়া সাচকৈয়ে এটা বহুত ডাঙৰ সুযোগ৷ সেই বাবে অহা দুই বছৰৰ বাবে, বহুত ডাঙৰ সংকল্প লৈ আমাৰ আগুৱাই যাব লাগিব, ১৩০ কোটি ভাৰতীয় আগুৱাই যাব লাগিব৷ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত যেতিয়া প্ৰৱেশ কৰিম আৰু স্বাধীনতাৰ ৭৫ বছৰ যেতিয়া সম্পূর্ণ হ’ব, তেতিয়া আমি আমাৰ সংকল্প পূর্তিৰ এক মহোৎসৱ ৰূপে পালন কৰিম৷

মোৰ প্রিয় দেশবাসী,

আমাৰ পূৰ্ব-পুৰুষসকলে অখণ্ড, একনিষ্ট তপস্যা কৰি, ত্যাগ আৰু বলিদানৰ উচ্চ ভাৱনাসমূহক উৎসাহ যোগোৱাৰ জৰিয়তে আমাক যি ধৰণৰ স্বাধীনতা আনি দিলে, তেওঁলোকৰ উৎসর্গা মনোভাৱক আমি পাহৰিলে নহ’ব৷ পৰাধীনতাৰ ইমান দীর্ঘ সময়ত কোনো সময় এনে নাছিল, কোনো অ়ঞ্চল এনে নাছিল, য’ত স্বাধীনতাৰ আকাংক্ষা পৰিস্ফুট হোৱা নাছিল, স্বাধীনতাৰ ইচ্ছাক লৈ প্ৰচেষ্টা লোৱা নাছিল, যুদ্ধ কৰা নাছিল৷ বহুতে সম্পূৰ্ণ যৌৱনকাল কাৰাবাসত কটাইছিল, জীৱনৰ সকলো সপোন ফাঁচীৰ কাঠন চুম্বন কৰি আহুতি দিছিল, এনে বীৰসকলক প্ৰণাম জনাইছো৷ তেওঁলোক নিজেই এফালে সশস্ত্ৰ বিপ্লৱী আন্দোলনৰ ধাৰা আৰু আনফালে জনআন্দোলনৰ ধাৰা, পূজনীয় বাপুজীৰ নেতৃত্বত ৰাষ্ট্ৰ জাগৰণৰ সৈতে জন আন্দোলনৰ ধাৰাই স্বাধীনতা আন্দোলনক এটা নতুন প্রাণশক্তি প্ৰদান কৰিলে৷ আমি আজি স্বাধীনতা দিৱস পালন কৰিব পাৰিছো৷

এই স্বাধীনতা আন্দোলন আৰু ভাৰতৰ আত্মাক নিঃশেষ কৰাৰো নিৰন্তৰ প্ৰচেষ্টা চলিছিল, অসংখ্য চেষ্টা কৰিও আছে৷ ভাৰতক ইয়াৰ সংস্কৃতি, ৰীতি-নীতি ইত্যাদি সকলো পুলিয়ে পোখাই উভালি পেলোৱাৰ বাবে কিমান যে চেষ্টা কৰা নাই৷ সেয়া আছিল শ-শ বছৰৰ পূৰ্বৰ সময়৷ সাম–দাম–দণ্ড–ভেদ সকলোৱে চৰম সীমাত উপনীত হৈছিল আৰু একাংশ লোকে এইটো মানি চলিছিল যে আমিতো-‘যাবৎ চন্দ্ৰ দিবাকৰঃ’ ইয়াত ৰাজত্ব কৰিবলৈ আহিছো৷ কিন্তু স্বাধীনতাৰ আকাংক্ষাই তেওঁলোকৰ সকলো উচ্চাকাংক্ষা ধুলিসাৎ কৰি দিলে৷ তেওঁলোকৰ ভাৱিছিল ইমাত বিশাল দেশ, য’ত বহু ৰাজ-ৰাজেশ্বৰ, বিভিন্ন ভাষা-উপভাষা, সাজ-পাৰ, খাদ্যাভ্যাস, ইমান বৈচিত্ৰতাৰ ফলত বিচ্ছিন্ন হৈ থকা দেশত কেতিয়াও ঐক্যবদ্ধ হৈ স্বাধীনতা সংগ্রাম যুঁজ দিব নোৱাৰে৷ কিন্তু এই দেশৰ প্রাণশক্তি তেওঁলোকে চিনি নাপালে৷ আভ্যন্তৰীণ প্রাণশক্তি৷ একতাৰ এনাজৰী, যি আমাৰ সকলোকে ঐক্যবদ্ধ কৰি ৰাখিছে, সেয়া স্বাধীনতা যুদ্ধত সম্পূর্ণ শক্তিৰে যুদ্ধভূমিত অৱতীর্ণ হ’লে আৰু দেশত স্বাধীনতাৰ যুদ্ধত বিজয়ী হ’ল৷

আমি এইটোও জানো যে সেই সময়ছোৱাত সাম্রাজ্যবাদী চিন্তাধাৰাৰ যিসকল আছিল, বিশ্বত য’তে সম্ভৱ তাতে সাম্রাজ্য প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল৷ নিজৰ পতাকা উৰুৱাৰ চেষ্টা কৰিছিল৷ কিন্তু ভাৰতৰ স্বাধীনতা আন্দোলনে বিশ্বৰ সর্বত্ৰ এটা প্রেৰণাৰ উৎস হৈ উঠে, অলৌকিক স্তম্ভ হৈ উঠে আৰু বিশ্বৰ সর্বত্ৰ স্বাধীনতাৰ আকাংক্ষা জাগি উঠে৷ যিসকল সাম্রাজ্যবাদৰ অন্ধ দৌৰত ব্যস্ত আছিল, নিজৰ পতাকা উৰুৱাৰ কামত ব্যস্ত আছিল, তেওঁলোকে নিজৰ উচ্চাকাংক্ষা, সাম্রাজ্যবাদৰ উচ্চাকাংক্ষাত মনোনিৱেশ কৰিবলৈ বিশ্বক দুটাকৈ বিশ্বযুদ্ধলৈ ঠেলি দিলে, মানৱতাক তছনছ কৰি দিলে৷ জীৱনক ধ্বংস কৰিছে, বিশ্বক ধ্বংসস্তুপত পৰিণত কৰিলে৷ কিন্তু তেনে সময়তো যুদ্ধৰ বিভীষিকাৰ মাজতো ভাৰতে নিজৰ স্বাধীনতাৰ আকাংক্ষাক ত্যাগ কৰা নাছিল, ইয়াত কোনো লেহেমীয়া বা নমনীয়তাক প্ৰশ্ৰয় দিয়া নাছিল, দেশৰ বাবে উৎসর্গা কৰাৰ প্ৰয়োজনত জীৱন উৎসর্গা কৰিছিল, কষ্ট সহ্য কৰাৰ সময় কষ্ট সহ্য কৰিছিল, জন আন্দোলনৰ প্ৰয়োজনত জন আন্দোলন গঢ়ি তুলিছিল৷ ভাৰতৰ এই যুঁজে বিশ্বত স্বাধীনতাৰ পৰিৱেশ গঢ়ি তোলে৷ ভাৰতৰ এই শক্তিয়ে বিশ্বত যি পৰিৱর্তন আনিছে সেয়া সমগ্ৰ বিশ্বৰ সাম্রাজ্যবাদৰ বিৰুদ্ধে প্ৰত্যাহ্বান হৈ উঠে৷ ইতিহাসে এই কথা কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে৷

মোৰ প্রিয় দেশবাসী,

স্বাধীনতাৰ যুঁজত সমগ্ৰ বিশ্বত ভাৰতৰ ঐক্যবদ্ধ শক্তি, নিজ সামগ্ৰিক শক্তি, নিজৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি নিজৰ সংকল্প, সমর্পন আৰু প্রেৰণা, সেই প্রাণশক্তিক সম্বল কৰি দেশ আগুৱাই গৈ থাকে৷

মোৰ প্রিয় দেশবাসী,

ক’ৰোনা বিশ্ব মহামাৰীৰ মাজতে ১৩০ কোটি ভাৰতীয়ই সংকল্প লৈছে৷ এই সংকল্প, আত্মনির্ভৰ হোৱাৰ, আজি সকলো ভাৰতীয়ই আত্মনির্ভৰ ভাৰতৰ সপোনক সংকল্পলৈ পৰিৱৰ্তন কৰাৰ কথা ভাৱিছে৷৷ আত্মনির্ভৰ ভাৰত–এয়া কেৱল এটা শব্দ নহয়, এয়া আজি ১৩০ কোটি ভাৰতীয়ৰ বাবে মন্ত্ৰ হৈ পৰিছে৷

আমি জানো যেতিয়া আত্মনির্ভৰতাৰ কথা কও আমাৰ মাজৰে যিসকলৰ বয়স ২৫-৩০ বছৰতকৈ অধিক তেওঁলোক সকলোৱে নিজৰ পৰিয়ালৰ তেওঁলোকৰ পিতৃ-মাতৃ, অন্যান্য জ্যেষ্ঠসকলৰ পৰা হয়তো শুনিছে, হয় ভাই, পুত্ৰ, কন্যা, তোমাৰ ২০–২১ বছৰ বয়স হৈছে, এতিয়া নিজৰ ভৰিত থিয় দিয়ক৷ ২০–২১ বছৰ বয়সৰ সন্তানসকলক পৰিয়ালে তেওঁলোকৰ নিজৰ ভৰিত থিয় দিয়াটো আশা কৰে৷ আমি স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ পৰা এখোজ আঁতৰত আছো৷ আমাৰ বাবেও ভাৰতৰ দৰে দেশত নিজৰ ভৰিত থিয় দিয়াটো অনিবার্য হৈ উঠিছে৷ আত্মনির্ভৰ হৈ উঠাটো অনিবার্য৷ যি পৰিয়ালৰ বাবে অনিবার্য, সেয়া দেশৰ বাবেও প্ৰয়োজন৷ সেই বাবে মোৰ বিশ্বাস ভাৰতে এই সপোন বাস্তৱত ৰূপ দিব৷ তাৰ বাবে মোৰ দেশৰ নাগৰিকসকলৰ সামর্থ্যৰ ওপৰত মোৰ বিশ্বাস আছে, মই মোৰ দেশৰ প্ৰতিভাৱান সকলক লৈ গর্বিত৷ দেশৰ যুৱশক্তিত, মহিলাৰ মাজত অপ্ৰতিম সামর্থ্যত মোৰ ভৰসা আছে৷ মোৰ ভাৰতৰ চিন্তাধাৰা, ভাৰতৰ দৃষ্টিভংগীৰ ওপৰ ভৰসা আছে৷ ইতিহাস সাক্ষী যে ভাৰতে যদি এবাৰ সংকল্পবদ্ধ হয়, তেতিয়াহ’লে সেয়া কৰি দেখুৱায়৷

সেই বাবে আমি যেতিয়া আত্মনির্ভৰতাৰ কথা কও বিশ্বজুৰি তেতিয়া উৎসুক হৈ উঠে, ভাৰতৰ প্ৰতি আশাও আছে৷ সেই বাবে আমি সেই প্ৰত্যাশা পূৰণৰ বাবে নিজকে যোগ্য কৰি তোলাটো অতি প্ৰয়োজন৷

আমাৰ নিজক প্ৰস্তুত কৰাটো অতি প্ৰয়োজন৷ ভাৰতৰ চিন্তাধাৰাত ভাৰতৰ দৰে বিশাল দেশ ভাৰত যুৱশক্তিৰে পৰিপূর্ণ দেশ, আত্মনির্ভৰতাৰ প্ৰথম চর্ত হ’ল আত্মবিশ্বাসেৰে ভৰপুৰ ভাৰত৷ এয়াই ইয়াৰ ভিত্তি৷ এয়াই উন্নয়নক নতুন গতি, নতুন প্রাণশক্তি জোগাবলৈ সক্ষম৷

‘বিশ্ব এক পৰিয়াল’ এই শিষ্টাচাৰক লৈ ভাৰত প্ৰতিপালিত হৈছে৷ বেদত লিখাৰ দৰে  ‘বসুধৈৱ কুটুম্বকম’, তেনেকৈয়ে বিনোৱা জীয়ে কৈছিল ‘জয় জগৎ’৷ সেই বাবে আমাৰ বাবে বিশ্ব এটা পৰিয়াল৷ সেই বাবে আর্থিক উন্নয়নো হ’ব, কিন্তু তাৰ সমান্তৰালভাৱে মানৱ আৰু মানৱতাৰো কেন্দ্ৰস্থলত পৰিণত হ’ব৷ ইয়াত গুৰুত্ব দিব লাগিব, এইবোৰ লৈয়েই আমি আগুৱাই যাম৷

আজি, বিশ্ব আন্তঃসংযোগ আৰু আন্তঃনিৰ্ভৰশীল, সেই বাবে সময়ৰ আহ্বান হ’ল বিশ্ব অর্থনীতিত ভাৰতৰ দৰে দেশৰ অৱদান বৃদ্ধি কৰিব লাগিব৷ ভাৰতৰ দৰে বিশাল দেশৰ অৱদান বৃদ্ধি কৰাটো বিশ্বকল্যাণৰ গুৰুত্বপূৰ্ণ৷ ভাৰতৰ অৱদান বৃদ্ধি কৰিবলৈ হ’লে ভাৰতে নিজকে আৰু অধিক শক্তিশালী কৰি তুলিব লাগিব৷ ভাৰত আত্মনির্ভৰশীল হ’ব লাগিব৷ আমাৰ বিশ্বকল্যাণৰ বাবেও নিজৰ সামর্থ্যবান কৰি তুলিব লাগিব৷ তেতিয়াই আমাৰ শিপা মজবুত কৰিব লাগিব৷ আমাৰ নিজৰ সামর্থ্য হ’লেহে আমি বিশ্বকল্যাণৰ বাবে পদক্ষেপ ল’ব পাৰিম৷

আমাৰ দেশত অপৰিসীম প্রাকৃতিক সম্পদ আছে? এতিয়া সময়ৰ আহ্বান এই যে আমাৰ প্রাকৃতিক সম্পদসমূহৰ মূল্যয়াণ কৰিব লাগিব৷ আমাৰ মানৱসম্পদৰ মূল্য উন্নয়নৰ জৰিয়তে নতুন উচ্চতালৈ নিব লাগিব৷ আমি দেশৰ পৰা কিমান কেঁচামাল বিদেশলৈ পঠাম? কেঁচামাল বিদেশলৈ পঠিয়াই ফিনিচড প্রডাক্ট আমদানি কৰা এই খেলা কিমান দিনলৈকে চলি থাকিব? সেই বাবে আমি আত্মনির্ভৰশীল হ’ব লাগিব৷ আমাৰ প্ৰতিটো শক্তিত বিশ্বৰ প্ৰয়োজন অনুসৰি মূল্য সংযোজন কৰাটো আমাৰ দায়িত্ব, এই মূল্য সংযোজন কৰাৰ লক্ষ্যত আমি আগুৱাই যাব বিচাৰো৷ বিশ্বত অৱদান আগবঢ়াবলৈ আমি আগুৱাই যাব বিচাৰো৷

একেদৰে আমি কৃষি ক্ষেত্রত এটা সময় আছিল, যেতিয়া আমি বাহিৰৰ পৰা গম আমদানি কৰি আমাৰ পেট প্ৰৱৰ্তাৱ লগা হৈছিল৷ কিন্তু আমাৰ দেশৰ কৃষকসকলে অসম্ভৱক সম্ভৱ কৰি তুলিছে৷ আত্মনির্ভৰ ভাৰত আজি কৃষিখণ্ডত বাস্তবায়িত হৈছে৷ আজি ভাৰতৰ কৃষকসকলে কেৱল ভাৰতীয়সকলৰে পেট পুৰণ কৰা নাই, ভাৰত সেই অৱস্থাত আছে যে বিশ্বত যাৰ প্ৰয়োজন, তেওঁলোককো আমি খাদ্য যোগান ধৰিব পাৰো৷ এয়া যদি আমাৰ শক্তি হয়, আত্মনির্ভৰতাৰ এই শক্তি, তেতিয়া হ’লে আমাৰ কৃষি খণ্ডতো মূল্য সংযোজন অতি প্ৰয়োজন৷ বিশ্বৰ প্ৰয়োজনত আমাৰ কৃষিজগতত পৰিৱর্তনৰ প্ৰয়োজন আছে৷ বিশ্বৰ প্ৰত্যাশা পূৰণৰ বাবে আমাৰ নিজৰ কৃষিজগতকো আগুৱাই নিয়াৰ প্ৰয়োজনীয়তা আছে৷

আজি দেশত বহু নতুন পদক্ষেপ লোৱা হৈছে, সেই বাবে এতিয়া আপোনালোকে চাওক, মহাকাশ ক্ষেত্ৰকত আমি মুক্ত কৰি দিছো৷ দেশৰ যুৱ সম্প্ৰদায়ৰ বাবে সুযোগ আহিছে৷ আমি কৃষি ক্ষেত্ৰক আইনী মেৰপেচৰ পৰা মুক্ত কৰি দিছো, বহু বন্ধনৰ পৰা মুক্ত কৰি দিছো৷ আমি নিজকে আত্মনির্ভৰ কৰি তোলাৰ চেষ্টা কৰিছো৷ যেতিয়া ভাৰত মহাকাশ ক্ষেত্রত শক্তিশালী হ’ব, তেতিয়া চুবুৰীয়া দেশো নিশ্চিতভাৱে ইয়াৰ জৰিয়তে লাভান্বিত হ’ব৷ এতিয়া আপুনি শক্তি উৎপাদন ক্ষেত্রত শক্তিশালী হওক, তেতিয়া যি দেশে তেওঁলোকৰ অন্ধকাৰ দূৰ কৰিব বিচাৰে, ভাৰত তেওঁলোকক সহায় কৰিব পাৰে৷ দেশত যেতিয়া স্বাস্থ্য ক্ষেত্রৰ আন্তঃগাঁথনিত আত্মনির্ভৰ হৈ উঠে, তেতিয়া বিশ্বৰ বহু দেশৰ পর্যটন গন্তব্য হিচাপে, স্বাস্থ্য গন্তব্য হিচাপে ভাৰত তেওঁলোকৰ পছন্দৰ দেশ হৈ উঠিব৷ সেই বাবে প্ৰয়োজন হ’ল ভাৰতত উৎপন্ন সামগ্ৰীয়ে কিদৰে সমগ্ৰ বিশ্বৰ প্ৰশংসা আদায় কৰিব পাৰে৷ এটা সময় আছিল যেতিয়া আমাৰ দেশত যি উৎপন্ন হৈছিল, আমাৰ দক্ষ মানৱ সম্পদ প্ৰশিক্ষিত মানৱ সম্পদে যি যি সামগ্ৰী উৎপাদন কৰিছিল, সমগ্ৰ বিশ্বত তাৰ প্ৰশংসা হৈছিল... ইতিহাস ইয়াৰ সাক্ষী৷

আমি যেতিয়া আত্মনির্ভৰতাৰ কথা কও তেতিয়া কেৱল আমদানি কম কৰাটোৱেই আমাৰ চিন্তা নহয়৷ যেতিয়া আত্মনির্ভৰতাৰ কথা কও তেতিয়া আমাৰ দক্ষতা, আমাৰ যি মানৱ সম্পদৰ সামর্থ্য… যেতিয়া সামগ্ৰী বাহিৰৰ পৰা আহিবলৈ আৰম্ভ কৰে, তেতিয়া সেই সামর্থ্য বিলীন হ’বলৈ আৰম্ভ কৰে৷ কেইবা প্ৰজন্মত সেয়া নষ্ট হৈ যায়৷ আমি নিজে সেই সামর্থ্যক ৰক্ষা কৰিব লাগিব আৰু বৃদ্ধিও কৰিব লাগিব৷ দক্ষতা বৃদ্ধি কৰিব লাগিব, সৃষ্টিশীলতাক বৃদ্ধি কৰিব লাগিব… আৰু এই সকলোবোৰক লৈ আমি আগুৱাই যাব লাগিব৷ আমাৰ দক্ষতা উন্নয়নৰ লক্ষ্যত জোৰ দিব লাগিব–আত্মনির্ভৰ ভাৰতৰ বাবে, আমাৰ সামর্থ্য বৃদ্ধিৰ বাবে৷

মোৰ প্রিয় দেশবাসী,

মোৰ প্রিয় দেশবাসী,

মই জানো যেতিয়া মই আত্মনির্ভৰতাৰ কথা কও তেতিয়া বহু আশংকা জগাই তোলা হয়৷ মই এইকথা মানি লও যে আত্মনির্ভৰ ভাৰতৰ বাবে লাখ লাখ প্ৰত্যাহ্বান আছে আৰু যেতিয়া বিশ্ব প্ৰতিযোগিতাৰ মোডত থাকে তেতিয়া প্ৰত্যাহ্বানসমূহো বৃদ্ধি পায়৷ কিন্তু দেশৰ সন্মুখত লাখ লাখ প্ৰত্যাহ্বান থাকিলেও দেশত কোটি কোটি সমাধান সৃষ্টিকাৰী শক্তিও আছে আমাৰ দেশবাসীও আছে, যিসকলৰ সমাধানৰ সামৰ্থ্য আছে৷

আপোনালোকে চাওক ক’ৰোনাৰ সংকটকালত আমি দেখিছো বহু ক্ষেত্রত আমাৰ সন্মুখত সমস্যা আহিছে, আমি বহু সামগ্ৰী আমদানি কৰিব লাগিব, যি বাহিৰৰ দেশসমূহে দিব পৰা নাছিল৷ আমাৰ দেশৰ নতুন প্ৰজন্ম, আমাৰ দেশৰ উদ্যোগীসকলে, আমাৰ দেশৰ উদ্যোগ জগতৰ লোকসকলে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে, যি দেশত এন৯৫ মাস্ক প্ৰস্তুত কৰা নাছিল, সেয়া প্ৰস্তুত কৰা আৰম্ভ হ’ল, পিপিই উৎপাদন নহৈছিলস সেয়া প্ৰস্তুতৰ কাম আৰম্ভ হ’ল, ভেণ্টিলেটৰ উৎপাদন নহৈছিল, সেয়াও প্ৰস্তুতৰ কাম আৰম্ভ হ’ল৷ দেশৰ প্ৰয়োজন পূৰণ হোৱাৰ উপৰি, বিশ্বৰ অন্য দেশলৈও ৰপ্তানি কৰাৰ ক্ষমতাও আমাৰ গঢ়ি লৈ উঠিল৷ বিশ্বৰ প্ৰয়োজন আছিল৷ আত্মনির্ভৰ ভাৰতে বিশ্বক কিদৰে সহায় কৰিব পাৰে, আজি আমি ইয়াৰ জৰিয়তে দেখিবলো৷ সেই বাবে বিশ্বৰ কল্যাণৰ বাবেও ভাৰতৰ অৱদান আগবঢ়োৱাৰ দায়িত্ব আছে৷

বহুত হৈছে… স্বাধীন ভাৰতৰ মানসিকতা কেনে হোৱা উচিত

ভোকেল ফৰ লোকেল.. আমাৰ যি স্থানীয় উৎপাদন, তাৰবাবে আমি জয়গান কৰা উচিত৷ আমাৰ নিজা উৎপাদনৰ বাবে আমি যদি জয়গান নকৰো তেতিয়া হ’লে উৎকৃষ্ট উৎপাদনৰ সুযোগো নাপাম৷ আমাৰ হিম্মতো বৃদ্ধি নহয়৷ আহক, আমি সকলোৱে মিলি সংকল্প লও স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ দিশত যেতিয়া খোজ দিছো, তেতিয়া ভোকেল ফৰ লোকেলক জীবনৰ মন্ত্ৰ কৰি লও আৰু আমি সকলোৱে মিলি ভাৰতৰ সেই শক্তিকে উৎসাহ যোগাও৷

মোৰ প্রিয় দেশবাসী,

আমাৰ দেশে কিদৰে অসম্ভৱক সম্ভৱ কৰি, কিদৰে আগুৱাই যায়, এইকথা আমি খুব ভালদৰে বুজিব পাৰো৷ কোনে ভাবিছিল যে কেতিয়াবা দুখীয়াসকলৰ জনধন একাউণ্টত লাখ কোটি টকা পোনপটীয়ালৈ হস্তান্তৰ হ’ব৷ কোনে ভাবিছিল যে কৃষকসকলৰ কল্যাণত এপিএমচিৰ দৰে আইন… ইমান পৰিৱর্তন হ’ব! কোনে ভাবিছিল, আমাৰ মহাকাশ আমাৰ দেশৰ যুৱ সম্প্ৰদায়ৰ বাবে উন্মুক্ত কৰি দিয়া হ’ব৷ আজি আমি দেখিছো ৰাষ্ট্ৰীয় শিক্ষানীতি, এক দেশ এক ৰেচন কার্ড হওক, এক দেশ এক গ্রিডে হওক, এক দেশ–এক কৰ হওক, দেউলীয়া আৰু দেউলীয়াপন কোডেই হওক বেংকসমূহ একত্ৰীকৰণৰ প্ৰচেষ্টা হওক…. এবোৰ আজি দেশৰ বাস্তৱত পৰিণত হৈছে৷

ভাৰতত পৰিৱর্তনৰ এই সময়ছোৱাত সংস্কাৰৰ পৰিণামসমূহ বিশ্ববাসীয়ে দেখিছে৷ এটাৰ পাছত এটা পৰস্পৰৰ সৈতে প্রাসংগিক আমি যে ৰিফৰ্চ কৰিছো, তাক বিশ্বই অতি সুক্ষভাবে দেখিছে৷ সেই বাবেই যোৱা বছৰ ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগ এতিয়ালৈকে সকলো অভিলেখ ভংগ কৰিছে৷ যোৱা বছৰ ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ১৮ শতাংশ বৃদ্ধি হৈছে৷ সেইবাবে ক’ৰোনাৰ সময়তো বিশ্বৰ ডাঙৰ ডাঙৰ কোম্পানীসমূহে ভাৰতৰ ফালে চাই ৰৈছে৷ এই বিশ্বাস এনেই গঢ়ি উঠা নাই, এনেই বিশ্ব আকৰ্ষিত হোৱা নাই৷ সেই বাবে ভাৰতে নিজা নীতিৰ ক্ষেত্রত, ভাৰত নিজা গণতন্ত্রত, ভাৰতৰ নিজা অর্থনীতিৰ ভেঁটি শক্তিশালী কৰাৰ যি কাম কৰিছে, তাৰবাবেই এই বিশ্বাস জাগি উঠিছে৷

সমগ্ৰ পৃথিৱীৰ বহু ব্যৱসায়ে ভাৰতক যোগান শংখলাৰ কেন্দ্ৰহিচাপে আজি চাবলৈ লৈছে৷ এতিয়া আমাৰ মেক–ইন–ইণ্ডিয়াৰ সৈতে মেক–ফৰ–ৱর্ল্ড মন্ত্ৰ লৈও আমি আগুৱাই যাহ লাগিব৷

১৩০ কোটি ভাৰতীয়ৰ সামৰ্থ্য…. এটা কথা ভাৱক.. বিগত কিছু দিনৰ কথা… আৰু ১৩০ কোটি দেশবাসীৰ সামৰ্থ্যক লৈ গৌৰৱ কৰক৷ যেতিয়া একে সময়তে ক’ৰোনাৰ এই কালছোৱাত এফালে, ঘূর্ণীবতাহ, পূবদিশতো ঘূৰ্ণীবতাহ, পশ্চিম দিশতো ঘূৰ্ণীবতাহ, বজ্ৰপাতত বহু মানুহৰ মৃত্যুৰ খবৰ, ক’ৰবাত বাৰে বাৰে ভূমিস্খলনৰ ঘটনা, সৰু সৰু ভূমিকম্পৰ উপৰি আমাৰ কৃষকসকলৰ বাবে কাকতি ফৰিঙৰ দুৰ্যোগ৷ এনেদৰে এটাৰ পাছত এটা সমস্যাৰ আহি আছে৷ কিন্তু তৎস্বত্তেও দেশে তিলমানো নিজৰ বিশ্বাস হেৰুওৱা নাই৷ দেশ আত্মবিশ্বাসেৰে আগুৱাই গৈছে৷

দেশবাসীৰ জীৱনক দেশৰ অর্থনীতিক ক’ৰোনাৰ প্ৰভাৱৰ পৰা যিমান সোনকালে পাৰি বাহি কৰি অনাৰ ক্ষেত্ৰত আমি অগ্রাধিকাৰ দিছো৷ এই ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা হ’ব নেচলেল ইনফ্রাষ্ট্ৰাচাৰ পাইপলাইন প্ৰকল্পৰ৷ এই ক্ষেত্ৰত ১১০ লাখ কোটিতকৈও অধিক টকা ব্যয়চ কৰা হ’ব৷ সেই বাবে বিভিন্ন ক্ষেত্রত প্রায় ৭,০০০ প্ৰকল্প চিহ্নিত কৰা হৈছে৷ ইয়াৰ মাধ্যমত দেশৰ সামগ্রিক আন্তঃগাঁথনি উন্নয়ন এয়া নতুন লক্ষ্য পাব৷ এটা নতুন গতিও পাবে৷ সেইবাবে সদায় এইটো কোৱা হয়, এনে সংকটেৰ সময়ত ইমানেই আন্তঃগাঁথনিত জোৰ দিয়া হয়, যাতে ইয়াৰ মাধ্যমেৰে অর্থনৈতিক গতিবিধি বৃদ্ধি পায়, মানুহৰ কর্মসংস্থাপন হয়, কাম পায়…ইয়াৰ সৈতে জড়িত বহু কাম একেলগে আগুৱাই থাকে৷ সৰু, ডাঙৰ উদ্যোগ, কৃষক, প্ৰত্যেক মধ্যবিত্ত ইয়াৰ জৰিয়তেবহু লাভবান হয়৷

 

আজি মই এটা কথা মনত পেলাব বিচাৰো, যেতিয়া শ্রী অটল বিহাৰী বাজপেয়ী আমাৰ দেশৰ প্ৰধানমন্ত্রী আছিল তেতিয়া তেওঁ সোনালী চতুর্ভুজ নামৰ এটা বহু ডাঙৰ, দূৰদৃষ্টিসম্পন্ন প্ৰভাৱশালী প্ৰকল্প আৰম্ভ কৰিছোল৷ দেশৰ পথ নেটৱৰ্কৰ আন্তঃগাঁথনিক পৰৱৰ্তী প্ৰজন্মলৈ লৈ গৈছিল৷ আজিও সেই সোনালী চতুর্ভুজৰ দিশত দেশবাসীয়ে বহু গৌৰৱেৰে চাই, আমাৰ ভাৰত যে পৰিৱৰ্তন হৈছে সেয়া দেখিবলৈ পায়৷

মোৰ প্রিয় দেশবাসী,

অটলজীয়ে তেওঁৰ সময়ত এই কাম কৰিছোল, কিন্তু এতিয়া আমি তাক আগুৱাই নিব লাগিব৷ আমি নতুন দিশতলৈ গতি কৰিব লাগিব৷ আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্রত যদি পথৰ কাম পথচাৰিয়ে কৰে, ৰে’লৰ কাম ৰে’লৱালাই কৰে, ৰে’লৰ সৈতে পথৰ কোন সম্পর্ক নাথাকে আৰু পথৰ সৈতে ৰে’লৰ, বিমানবন্দৰৰ সৈতে বন্দৰৰ সম্পর্ক নাথাকে আৰু বন্দৰৰ সৈতে বিমানবন্দৰ, ৰে’লষ্টেচনৰ সৈতে বাছৰ কোন সম্পর্ক নাথাকে আৰু বাছষ্টেণ্ডৰ সৈতে ৰে’ল পথৰ সম্পর্ক নাথাকে, এনেকুৱা হোৱা উচিত নহয়৷ এতিয়া আমাৰ সকলো আন্তঃগাঁথনি এক ব্যাপক হ’ব, সংহত হ’ব৷ পৰস্পৰৰ পৰিপূৰক হ’ব৷ ই এক নতুন মাত্রা প্ৰদান  কৰিব৷ বহু ডাঙৰ সপোন লৈ এইকাম আৰম্ভ হৈছে আৰু মোৰ বিশ্বাস যে ছিলোছৰ অৱসান ঘটাই আমি এই সমগ্ৰ ব্যৱস্থাক এক নতুন শক্তি যোগাম৷

ইয়াৰ সমান্তৰালাভাৱে আমি সমুদ্ৰতীৰত বিশ্ব বাণিজ্য সমুদ্ৰতীৰত যথেষ্ট গুৰুত্ব আছে৷ যেতিয়া আমি বন্দৰভিত্তিক উন্নয়নক লৈ আগুৱাই যাম, তেতিয়া আমি অনাগত দিনসমূহত সমুদ্ৰতীৰত সমগ্ৰ অংশত ফ’ৰলেন পথ নির্মাণৰ লক্ষ্যৰে এক আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ কাম কৰিম৷

মোৰ প্রিয় দেশবাসী,

আমাৰ দেশত শাস্ত্রত এটা ডাঙৰ আৰু গুৰুত্বপূর্ণ কথা কোৱা হৈছে৷ আমাৰ শাস্ত্রত কৈছে

‘সামর্থর্মূলং স্বাতন্ত্রং, শ্ৰমমূলং চঃ বৈভবম’

অর্থাৎ কোনো সমাজৰ, কোনো ৰাষ্ট্রৰ স্বাধীনতাৰ উৎস হয় ইয়াৰ সামর্থ৷ তাৰ বৈভৱ উন্নতি আৰু প্ৰগতিৰ উৎস হয় ইয়াৰ শ্ৰমশক্তি৷ সেই বাবে সাধাৰণ নাগৰিকেই হওক বা চহৰ অথবা গাঁও তেওঁলোকৰ পৰিশ্ৰমৰ কোনো তুলনা নহয়৷ পৰিশ্ৰমী সমাজ যেতিয়া প্ৰয়োজনীয় সেৱা লাভ কৰে, জীৱনৰ সংঘর্ষ দৈন্দন্দিন জীৱনৰ সমস্যৱলী হ্রাস পায়, তেতিয়া তেওঁলোকৰ প্রাণশক্তি, তেওঁলোকৰ শক্তি বহু প্ৰস্ফুটিত হয়… বহু অসাধ্য সাধন কৰিব পাৰে৷ বিগত ৬ বছৰত দেশৰ পৰিশ্ৰমী নাগৰিকসকলৰ জীৱন উন্নত কৰি তোলাৰ বাবে বহু অভিযান হাতত লোৱা হৈছে৷ আপোনালোকে চাওক বেংক একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি, পকা ঘৰ বনাই দিয়া, বৃহৎ পৰিমাণৰ শৌচালয় নির্মাণ, প্ৰতিটো ঘৰৰ বিদ্যুৎ সংযোগ প্ৰদান, মাতৃ-ভগ্নীক ধোঁৱাৰ পৰা মুক্ত কৰাৰ বাবে গেছ সংযোগ প্ৰদান, দৰিদ্ৰতম ব্যক্তিক বীমা সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টা, পাঁচ লাখ টকালৈকে ব্যয়ত ভাল ভাল হাস্পতালত বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰত যোজনা, ৰেচনৰ দোকানসমূহকে টেকন’লজিৰ সৈতে যুক্ত কৰাৰ প্ৰচেষ্টা–প্ৰত্যেক দুখীয়া, প্ৰত্যেক ব্যক্তিক বৈষম্যহীনভাৱে সম্পূর্ণ পাৰদর্শীতাৰ সৈতে স্বচ্ছভাৱে সেৱা আগবঢ়োৱাৰ ফলত বিগত ৬ বছৰত যথেষ্ট উন্নতি হৈছে৷

ক’ৰোনাৰ সংকটৰ সময়তো এই ব্যৱস্থাসমূহ যথেষ্ট সহায়ক প্ৰতিপন্ন হৈছে৷ এই সময়ছোৱাত কোটি কোটি দুখীয়া পৰিয়ালকে বিনামূল্যে ৰন্ধন গেছ চিলিণ্ডাৰ প্ৰদান… ৰেচন কার্ড থাকক বা নাথাকক… ৮০ কোটিতকৈ অধিক মোৰ দেশবাসীৰ ঘৰু চৌকা জ্বলিছে৷ ৮০ কোটিতকৈ অধিক দেশবাসীক বিনামূল্যে খাদ্যশস্য প্ৰদানৰ কাম হৈছে, ৯০ হাজাৰ কোটি টকাৰতকৈও অধিক নগদ পোনপটীয়াকৈ দুখীয়া লোকসকলৰ বেংক একাউণ্টত ট্রান্সফাৰ কৰা হৈছে, কেইবছৰমান পূৰ্বে কোনেও ভাবিব পৰা নাছিল, কল্পনা কৰিব পৰা নাছিল যে দিল্লীৰ পৰা এক টকা বাহিৰ হ’লে তাৰ ১০০ পইচা দুখীয়াসকলৰ একাউণ্টত জমা হ’ব পাৰে এয়া পূৰ্বতে কেতিয়াও ভাবিব পৰা নহৈছিল৷

নিজ গাঁৱতে কৰ্মসংস্থাপনৰ বাবে গৰীৱ কল্যাণ ৰোজগাৰ অভিযান আৰম্ভ কৰা হৈছে৷ শ্ৰমিক বন্ধুসকলে নিজকে পুনৰ দক্ষ কৰি, দক্ষতাৰ বিকাশ সাধন কৰি এই প্ৰক্রিয়াত বিশ্বাস ৰাখি, শ্ৰমশক্তিৰ ওপৰত ভৰসা ৰাখে, গাঁৱৰ সম্পদৰ ওপৰ ভৰসা ৰাখি, আমি ভোকেল ফৰ লোকেলত জোৰ দি পুনৰ দক্ষ কৰি, দক্ষতাৰ বিকাশ সাধনৰ জৰিয়তে আমাৰ দেশৰ শ্ৰমশক্তিকে, আমাৰ দুখীয়া লোকসকলক সবল কৰাৰ লক্ষ্যৰে আমি কাম কৰি গৈছো৷

চহৰত আমাৰ যিসকল শ্ৰমিক আছে, তেওঁলোকৰ অর্থনৈতিক গতিবিধিৰ কেন্দ্ৰসহ গাঁৱৰ পৰা দূৰ–দূৰণিৰ পৰা মানুহ চহৰলৈ আহে, পদ পথৰ দোকানী, ঠেলাৱালা, ৰে’ললাইনৰ কাষত ব্যৱসায় কৰা লোকসকলে এতিয়া বেংকৰ পৰা পোনপটীয়াকৈ ঋণ প্ৰদানৰ আঁচনি আৰম্ভ হৈছে৷ লাখ লাখ মানুহে কম সময়ৰ ভিতৰতে ক’ৰোনা কালছোৱাত ইয়াৰ জৰিয়তে লাভন্বিত হৈছে৷ এতিয়া তেওঁলোকৰ ক’ৰ পৰাও অধিক সুদত ঋণ ল’বলগীয়া নহয়৷ বেংকসমূহৰ পৰা নিজা অধিকাৰত নিজে টকা ল’ব পাৰিম৷

তেনেকৈ যেতিয়া চহৰৰ পৰা আমাৰ শ্ৰমিকসলে আহে তেওঁলোকৰ থকাৰ বাবে ভাল সুবিধা পালে, তেওঁলোকৰ কর্মক্ষমতা বহু গুনে বাঢ়ি যায়৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চহৰৰ ভিতৰত তেওঁলোকৰ বাবে আমি আবাসৰ ব্যৱস্থা গঢ়ি তুলিবলৈ এক ডাঙৰ আঁচনি প্ৰস্তুত কৰিছো, যাতে চহৰৰ মাজতে শ্ৰমিকসকল থাকিব আৰু তেওঁলোকৰ কামৰ বাবে মুক্তমনে সম্পূর্ণ বিশ্বাসৰে আগুৱাই যাব পাৰে৷

মোৰ প্রিয় দেশবাসী,

এইটো ঠিক যে উন্নয়নৰ এই যাত্রাপথতো আমি দেখিছো যে সামাজিক জীৱনত এক শ্রেণীৰ মানুহ পিছ পৰি থাকে, দাৰিদ্ৰতাৰ পৰা বাহিৰ হৈ আহিব নোৱাৰে, তেনে দেশৰ ক্ষেত্রতো কিছু অঞ্চল থাকে, কিছু ভূ–ভাগ থাকে, কিছু এলেকা থাকে, যিবোৰ পিছ পৰি থাকে৷ আত্মনির্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে আমাৰ বাবে ভাৰসাম্যযুক্ত উন্নয়ন অতি প্ৰয়োজনীয়৷ আমি ১১০তকৈও অধিক অভিলাষী জিলা চিনাক্তকৰণ কৰিছো, সেই ১১০খন জিলাক যি হাৰত পিছ পৰি আছে, সেই ৰাজ্যৰ আৰু দেশৰ হাৰত তেওঁলোকক আগুৱাই আনিব লাগিব, সকলো মাপকাঠি আগুৱাই আনিব লাগিব৷ তাৰ লোকসকলে যাতে উন্নত শিক্ষা পায়, তাৰ লোকসকলে উন্নত স্বাস্থ্য সেৱা পায়, তাৰ জনগণৰ বাবে স্থানীয়ভাবে কর্মসংস্থাপনৰ সুযোগ গঢ়ি উঠে, সেইবাবে আমি একেৰাহে এই ১১০খন জিলাক, যিবোৰে আমাৰ উন্নয়ন যাত্রাত পিছ পৰি আছে, তেওঁলোকক আগুৱাই অনাৰ চেষ্টা কৰা হৈছে৷

মোৰ প্রিয় দেশবাসী, আত্মনির্ভৰ ভাৰতৰ গুৰুত্বপূর্ণ অগ্রাধিকাৰ আত্মনির্ভৰ কৃষি আৰু আত্মনির্ভৰ কৃষক৷ এইবোৰক আমি কেতিয়াও সৰু হিচাপে চাব নালাগে৷ কৃষকসকলক আমি আগতে দেখিছো এটাৰ পাছত এটা সংস্কাৰ স্বাধীনতাৰ ইমান বছৰৰ পাছত কৰা হৈছে, কৃষকসকলক সকলো বন্ধনৰ পৰা মুক্ত কৰাৰ কাম আমি কৰিছো৷

আপোনালোকে হয়তো ভাবিব পাৰে আমাৰ দেশত যদি আপোনালোকে চাবোন উৎপাদৰ কৰে, তেতিয়াহ’লে ভাৰতৰ যিকোনো প্রান্তত গৈ সেয়া বিক্রী কৰিব পাৰে৷ যদি কাপোৰ বয়, তেতিয়াহ’লে ভাৰতৰ যিকোনো প্ৰান্তত গৈ কাপোৰ বিক্ৰী কৰিব পাৰে৷ আপোনালোকে চেনি উৎপাদন কৰিলে, চেনি বিক্ৰী কৰিব পাৰে৷ কিন্তু আমাৰ কৃষকসকলৰ.. বহুতে হয়তো নাজানে, মোৰ দেশৰ কৃষকসকলে যি ফচল উৎপাদন কৰে, সেয়া তেওঁলোকে নিজ ইচ্ছাৰে বিক্ৰী কৰিব নোৱাৰিছিল, তেওঁলোকৰ নিজ ইচ্ছাৰে য’ত বিক্ৰী কৰিব বিচাৰে তাত বিক্ৰী কৰিব নোৱাৰিছিল৷ তেওঁলোকৰ বাবে যি সীমা বান্ধি দিয়া হৈছিল, তাৰ ভিতৰতে বিক্ৰী কৰিব লাগিছিল, আমি তেওঁলোকক সেই বান্ধোনৰ পৰা মুক্ত কৰিলো৷

 

এতিয়া ভাৰতৰ কৃষকে সেই স্বাধীনতাৰ উশাহ ল’ব পাৰিছে কাৰণ তেওঁ ভাৰতৰ যিকোনো প্রান্তত, বিশ্বৰ যিকোনো প্ৰান্তত নিজ উৎপাদিত ফচল বিক্ৰী কৰিব পাৰিব তেওঁ নিজ চর্ত অনুসৰি বিক্ৰী কৰিব পাৰিব৷ আমি কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে বহু বিকল্প উপায়ত গুৰুত্ব আৰোপ কৰিছো৷ তেওঁলোকৰ কৃষিত ব্যয় কিদৰে হ্রাস কৰিব পৰা যায়, সৌৰ পাম্প–তেওঁলোকৰ ডিজেল পাম্পৰ পৰা কিদৰে মুক্ত দিব পাৰি  আমাৰ অন্নদাতাসকলক কিদৰে শক্তি উৎপাদনকাৰী হৈ উঠিব পাৰে, মৌচাকৰ পৰা আৰম্ভ কৰে, মীনপালন, কুঁকুৰা পালন আদি বিভিন্ন দিশ একেলগ কৰি তেওঁলোকৰ আয় দুগুন কৰাৰ লক্ষ্যৰে আমি নিয়মীয়াকৈ কাম কৰিছো৷

বৰ্তমান সময়ৰ আহ্বান এই যে আমাৰ কৃষি ক্ষেত্ৰক আধুনিক কৰি তোলা হওক৷ মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি মূল্য সংযোজন, খাদ্য প্ৰক্রিয়াকৰণ আৰু পেকেজিঙৰ ব্যৱস্থা, সেইবোৰ চম্ভালি লোৱা ব্যৱস্থাপনা সেই বাবে ভাল আন্তঃগাঁথনিৰ প্ৰয়োজন৷ আপোনালোকে হয়তো দেখিছে যে এই ক’ৰোনাৰ সময়ত বিগত দিননসমূহত কেন্দ্রীয় চৰকাৰে কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে এক লাখ কোটি টকা আৱণ্টন দিছে৷ আন্তঃগাঁথনি– যি কৃষকসকলৰ ভালৰ বাবে হয়, আৰু ইয়াৰ ফলত কৃষকে নিজা সামগ্ৰীৰ মূল্য পাব, বিশ্বৰ বজাৰত বিক্ৰীও কৰিব পাৰিব বিশ্ববজাৰত ইয়াৰ উপস্হিতিও বৃদ্ধি পাব৷

আজি আমাৰ গ্রামীণ উদ্যোগসমূহক শক্তিশালী কৰি তোলাটো প্ৰয়োজন৷ গ্রামীণ এলেকাসমূহত বিশেষ ধৰণৰ আর্থিক ক্লাষ্টাৰ গঢ়ি তোলা হ’ব৷ গাঁৱে গাঁৱে কৃষি আৰু অকৃষি উদ্যোগৰ এটা নেটৱৰ্ক গঢ়ি তোলা হ’ব৷ সেইবাবে ইয়াৰ সমান্তৰালভাৱে কৃষকসকলৰ বাবে যি নতুন কৃষক উৎপাদক সংঘ(এফপিঅ’) গঢ়ি তোলাৰ চেষ্টা আমি কৰিছো, সেয়া নিজাকৈ এক বহুত ডাঙৰ অর্থনৈতিক সবলীকৰণৰ কাম কৰিব৷

ভাই-ভনীসকল, মই যোৱাবাৰ ইয়াত জল জীৱন মিচনৰ ঘোষণা কৰিছিলো, আজি তাৰ ১ বছৰ সম্পূর্ণ হৈছে, মই আজি গৌৰৱেৰে ক’ব পাৰো আমি যি সপোন দেখিছিলো বিশুদ্ধ খোৱাপানী, আমাৰ দেশবাসীৰ ‘কলৰ  পৰা জল’ পোৱা উচিত৷ স্বাস্থ্য সমস্যাসমূহৰ সমাধানো বিশুদ্ধ খোৱাপানীৰ সৈতে জড়িত৷ অর্থনীতিতো ইয়াৰ বৃহৎ অৱদান আছে আৰু তাক লৈয়েই জলজীৱন মিচন আৰম্ভ কৰিছিলো৷ আজি মই অতি আনন্দিত যে আমি প্ৰতিদিনে ১ লাখতকৈও অধিক পৰিয়ালত নতুনকৈ নলৰ জৰিয়তে পানী যোগান ধৰিবলৈ সক্ষম হৈছো৷ যোৱা ১ বছৰত দুই কোটি পৰিয়ালৰক পানী যোগান ধৰা সফল হৈছো৷ বিশেষকৈ অৰণ্যাঞ্চলত দূৰ্গম স্থানত বসবাস কৰা আমাৰ জনজাতি লোকসকলৰ ঘৰে ঘৰে পানী যোগান ধৰাৰ কামৰ বৃহৎ অভিযান চলি আছে৷ মই আনন্দিত যে আজি জল জীৱন মিচনে দেশত এটা স্বাস্থ্যকৰ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিছে৷ জিলাসমূহৰ মাজত স্বাস্থ্যকৰ প্ৰতিযোগিতা চলিছে, নগৰসমূহৰ মাজত স্বাস্থ্যকৰ প্ৰতিযোগিতা চলিছে, ৰাজ্যসমূহৰ মাজত স্বাস্থ্যকৰ প্ৰতিযোগিতা চলিছে, প্ৰত্যেকেই ভাবিছে প্ৰধানমন্ত্রীৰ জল জীৱন মিচনৰ এই সপোনকে যিমান ক্ষিপ্ৰতাৰে পাৰি তেওঁলোকৰ নিজ এলেকাত বাস্তবায়িত কৰিব৷ সহযোগিতামূলক প্ৰতিযোগিতামূলক যুক্তৰাজ্যিক ব্যৱস্থাৰ এয়া নতুন শক্তি জল জীৱন মিচনৰ সৈতে যুক্ত হৈছে আৰু তাৰ সৈতে আমিও আগুৱাই গৈছো৷

মোৰ প্রিয় দেশবাসী,

কৃষি ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ ক্ষুদ্ৰ উদ্যোগ, আমাৰ চাকৰিজীৱি সমাজৰ মানুহৰ পৰা আৰম্ভ কৰি প্রায় ভাৰতৰ অধিকাংশ নাগৰিকেই মধ্যবিত্ত৷ মধ্যবিত্ত সমাজৰ পৰা উঠি অহা বৃত্তিধাৰী লোকসকলেই আজি বিশ্বত নিজৰ সাফল্যেৰ বিজয়ধ্বজা উৰুৱাইছে৷ মধ্যবিত্তৰ পৰা উঠি অহা আমাৰ চিকিৎসক, ইঞ্জিনীয়াৰ, উকীল, বৈজ্ঞানিক, সকলোৱে বিশ্বত নিজৰ সাফল্যৰে দেশৰ নাম উজ্জ্বলাইছে৷ সেই বাবে এইটো সত্য যে মধ্যবিত্তই যিমান সুযোগ পায়, তাৰতকৈ অধিক শক্তিৰৈ উঠি আহে৷ সেইবাবে মধ্যবিত্তক অহেতুক চৰকাৰী নিয়ন্ত্ৰণৰ পৰা মুক্তি দিব লাগিব৷ মধ্যবিত্ত লোকসকলে বহু নতুন সুযোগ বিচাৰে, সেয়েহে মুক্ত ময়দান বিচাৰে আৰু আমাৰ চৰকাৰে ধাৰাবাহিকভাৱে মধ্যবিত্তৰ এই সপোনসমূহ বাস্তবায়িত কৰাৰ বাবে কাম কৰিছে৷ মধ্যবিত্তৰ মিৰাকল কৰাৰ শক্তি আছে৷ ইজ অফ লিভিং… ইয়াৰ জৰিয়তে যদি কোনোবা আটাইতকৈ অধিক লাভৱান হৈছে তেওঁলোক হ’ল আমাৰ মধ্যবিত্ত পৰিয়ালসমূহ৷ সুলভ ইণ্টাৰনেট, সস্তাত স্মার্ট ফোন বা বিমান যাত্রাৰ সময়ত টিকটৰ মূল্য ন্যূনতম কৰাৰ প্ৰসংগত বা আমাৰ হাইৱেৰ পৰা আৰম্ভ কৰি তথ্য পথলৈকে এই সকলোৱে মধ্যবিত্তৰ শক্তিক বৃদ্ধি কৰিব৷ আজি আপোনালোকে হয়তো দেখিছে দৰিদ্ৰৰ পৰা যিসকল মধ্যবিত্ত হৈছে, তেওঁলোকৰ প্ৰথম সপোন হয় নিজা ঘৰ৷ তেওঁলোকে এটা সম্পূর্ণ জীৱনযাপন কৰিব বিচাৰে৷ দেশৰ বহু ডাঙৰ কাম আমি ইএমআইৰ জৰিয়তে আৰম্ভ কৰিছো৷ সেইবাবে গৃহ ঋণ সুলভ হৈছে৷ যেতিয়া এটা ঘৰৰ বাবে কোনোৱে ঋণ লয়, তেতিয়া ঋণ পৰিশোধৰ সময় তেওঁৰ প্রায় ৬ লাখ টকা ৰেহাই পাই যায়৷ বিগত সময়ত. আমি দেখিছো বহু দুখীয়া, মধ্যবিত্ত পৰিয়ালে কেতবোৰ গহ আঁচনিত টকা জমা দিয়েও প্ৰকল্প সম্পূর্ণ বাস্তবায়িত নোহোৱাৰ বাব নিজা ঘৰলৈ যাব পৰা নাছিল৷ আনৰ ঘৰত ভাড়াত থাকিব লগা হৈছিল৷ কেন্দ্রীয় চৰকাৰে সেইবাবে ২৫,০০০ কোটি টকাৰ বিশেষ পুঁজি গঠন কৰি সেই অসম্পূর্ণ গৃহ সম্পূৰ্ণ কৰি মধ্যবিত্ত পৰিয়ালসমূহৰ নিজা গৃহপ্ৰৱেশৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰিছে৷

জিএছটিত অতি দ্রুত গতিত কৰ হ্রাস পাইছে৷ আয়কৰ কমিছে৷ আজি মিনিমাম তেনে ব্যৱস্থাসমূহক লৈ আমি দেশক আগুৱাই নিয়াৰ চেষ্টা কৰিছো৷ কোঅ’পাৰেটিভ বেংকসমূহক আৰবিআইৰ সৈতে যুক্ত কৰা. এয়া মধ্যবিত্ত পৰিয়ালসমূহৰ সঞ্চিত ধন সুৰক্ষিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এক ডাঙৰ পদক্ষেপ৷

 

অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্রত যেবো সংস্কাৰ হৈছে, কৃষি ক্ষেত্রত যিবোৰ সংস্কাৰ হৈছে, সেইবোৰৰ পোনপটীয়াকৈ লাভ আমাৰ এই মধ্যবিত্ত পৰিশ্ৰমী পৰিয়ালসমূহে লাব কৰিব৷ সেইবাবে হাজাৰ হাজাৰ কোটি টকাৰ বিশেষ পুঁজি, আজি যিসকল আমাৰ ব্যৱসায়ী বন্ধু আৰু আমাৰ ক্ষুদ্ৰ উদ্যোগীক আমি দিছো, তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত হ’ব৷ সাধাৰণ জনতাৰ শক্তিয়ে তেওঁলোকৰ প্রাণশক্তি আত্মনির্ভৰ ভাৰত অভিযানৰ এক ডাঙৰ ভিত্তি৷ এই শক্তিক বজাই ৰখাৰ বাবে প্ৰত্যেক পৰ্যায়ত নিৰন্তৰ কাম চলি আছে৷

মোৰ প্রিয় দেশবাসী,

আত্মনির্ভৰ ভাৰতৰ নির্মাণত, আধুনিক ভাৰতৰ নির্মাণত, নতুন ভাৰতৰ নির্মাণত, সমৃদ্ধ আৰু সম্পদশালী ভাৰত নির্মাণত দেশত শিক্ষাৰ এক বৃহৎ গুৰুত্ব আছে৷ এই চিন্তাধাৰা লৈ দেশত তিনি দশক পাছ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰম্ভ কৰি আজি আমি বহু প্ৰশংসা লাভ কৰিছো৷

ভাৰতৰ চুকে কোণে ইয়াক স্বাগত জনোৱাৰ খবৰে আমাৰ মনত এটা নতুন প্রাণশক্তি, নতুন বিশ্বাসৰ জগাইছে৷ এই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাৰ ছাত্ৰ–ছাত্রীসকলক শিপাৰ সৈতে যুক্ত কৰি ৰাখিব৷ ইয়াৰ সমান্তৰালভাৱে তেওঁলোকক এজন বিশ্ব নাগৰিক হিচাপে গঢ়ি তোলাৰো সম্পূর্ণ সামৰ্থ্য যোগাব৷ তেওঁলোক শিপাৰ সৈতে যুক্ত হৈ থাকিব৷ কিন্তু তেওঁলোকৰ শিৰে আকাশৰ উচ্চতা স্পর্শ কৰিব৷

আজি আপোনালোকে দেখিছে ৰাষ্ট্ৰীয় শিক্ষানীতিত বিশেষ জোৰ দিয়া হৈছে৷ নেচনেল ৰিছার্চ ফাউণ্ডেচন, দেশত প্ৰগতিৰ বাবে উদ্ভাৱন অতি জৰুৰী৷ উদ্ভাৱতত যিমান জোৰ দিয়া হ’ব, গৱেষণাত যিমান জোৰ দিয়া হ’ব, সিমানেই দেশ আগুৱাই যাব, প্ৰতিযোগিতামূলক বিশ্বত আগুৱাই যোৱাৰ শক্তি লাভ কৰিব৷ আপোনালোকে কেতিয়াবা ভাবিছেনে ইমান দ্রুতগতিত গাঁৱত অনলাইন ক্লাচৰ পৰিস্থিতি গঢ়ি ল’ব বুলি? কেতিয়াবা কেতিয়াবা বিপদৰ মাজতো এনে কেতবোৰ বিষয়ে নতুন শক্তি যোগায়৷

সেয়েহে আপোনালোকে হয়তো দেখিছেন ক’ৰোনাকালত অনলাইন ক্লাচ এক অর্থত সংস্কৃতিত পৰিণত হৈছে৷ আপোনালোকে চাওক অনলাইন ডিজিটেল লেনদেন কিমান বৃদ্ধি পাইছে৷ ভীম এপক লৈ যে কোনোৱে গর্ব কৰিব পাৰে, ভাৰতৰ দৰে দেশত বিগত এমাহত ইউ পি আই ভীমৰ জৰিয়তে কোটি টকাৰ লেনদেন হৈছে৷ আমি নিজেই কিদৰে পৰিৱর্তিত পৰিস্থিতিক মানি লৈছো এয়া তাৰ এটা উদাহৰণ৷

আপোনালোকে দেখিছে ২০১৪ৰ পূৰ্বে আমাৰ দেশত পাঁচ ডজন পঞ্চায়তত অপকেল ফাইবাৰ আছিল৷ যোৱা পাঁচ বছৰত ডেৰ লাখ গাওঁ পঞ্চায়তত অপকেল ফাইবাৰ নেটৱৰ্ক প্ৰদান কৰা হৈছে৷ ই বৰ্তমান যথেষ্ট সাহায়্য কৰিছে৷ সকলো পঞ্চায়তত এই সুবিধা প্ৰদানৰ লক্ষ্যৰে আমি কাম আৰম্ভ কৰিছো৷ যি এক লাখ পঞ্চায়ত বাকি আছে, তাতো দ্রুতগতিত কাম চলি আছে৷ কিন্তু, পৰিৱর্তিত পৰিস্থিতিত ডিজিটেল ইণ্ডিয়াত গাঁৱৰ অংশগ্ৰহণো অনিবার্য হৈ পৰিছে৷ গাঁৱৰ লোকেসকলেও এই ধৰণৰ অনলাইন সুবিধাৰ প্ৰয়োজন বাঢ়িছে৷ সকলো পঞ্চায়তত আমি অপকেল ফাইবাৰ নেটৱৰ্কত সংযোগ কৰিম৷ প্ৰয়োজন বাঢ়িছ, অগ্ৰাধিকাৰো বাঢ়িছে৷  ৬লাখতকৈ অধিক গাঁৱত হাজাৰ লাখ কিলোমিটাৰ অপকেল ফাইবাৰৰ কাম কৰা হ’ব৷ আমি সিদ্ধান্ত লৈছো ১০০০ দিনৰ ভিতৰত দেশৰ এই গাঁওসমূহত অপকেল ফাইবাৰ নেটৱর্কৰ কাম সম্পূর্ণ কৰিম৷

পৰিৱর্তনশীল প্ৰযুক্তিত চাইবাৰ স্পেচেতো আমাৰ নির্ভৰতাও বৃদ্ধি পাইছে৷ কিন্তু, চাইবাৰ স্পেছত বিপদো যুক্ত থাকে–বিশ্বৰ সৈতে কম বেছি পৰিৱর্তিত৷আৰু ইয়াৰৰ পৰা আমাৰ সামাজিক পৰিস্থিতি, আমাৰ আর্থব্যৱস্থা, আমাৰ উন্নহয়নে বিপদ সৃষ্টি কৰাৰ সহজ পথ হতে পাৰে৷ এবাবে ভাৰত খুব সচেতন৷ ভাৰত খুবই সতর্ক, আৰু এনে বিপদেৰ মোকাবিলাৰ বাবে সিদ্ধান্ত নিচ্ছে৷ কেৱল এটাই নহয়, এই ব্যৱস্থাও ক্ৰমাগত বিকশিত কৰা হৈছে৷ খুব কম সময়তে নতুন চাইবাৰ সুৰক্ষা ৰণনীতিৰ সম্পূর্ণ চেহেৰা দেশৰ সম্মুখলৈ আহিব৷ অনাগত দিনত সকলো সংস্থাক একেলগ কৰি এই চাইবাৰ নিৰাপত্তাৰ জৰিয়তে আমি সকলো একলগে আগুৱাই যাব লাগিব৷ সেইবাবে আগুৱাই যোৱাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিম৷

মোৰ প্রিয় দেশবাসী,

ভাৰতত মহিলা শক্তিয়ে যেতিয়াই সুযোগ পাইছে, দেশৰ নাম উজ্জ্বলাইছে, দেশক শক্তিশালী কৰিছে৷ মহিলাসকলৰ স্বৰোজগাৰ আৰু ৰোজগাৰৰ সমান সুযোগ দিয়াৰ বাবে আজি দেশ প্ৰতিজ্ঞাবদ্ধ৷ আজি ভাৰতত মাৰ তলৰ কয়লাখাদত কাম কৰিছে৷ আজি আমাৰ দেশৰ কন্যাসকলে যুদ্ধ বিমান উৰাই আমাৰ উচ্চতাক চুম্বন কৰিছে৷ আজি ভাৰতে পৃথিৱীৰ সেইবোৰ দেশৰ শাৰীত আছে, য’ত নৌ সেনা আৰু বায়ুসেনাৰ কমবেট ৰোলত মহিলা নিযুক্তি হৈছে৷ গর্ভৱতী মহিলাক বেতনসহ ছমাহ ছু দিয়াৰ বিষয়েই হওক৷ আমাৰ দেশৰ মহিলা, যিসকলে তিনি তালাকৰ বাবে অত্যাচাৰৰ সম্মুখীন হৈছিল, আমাৰ সেই মুছলিম ভনীসকলক অত্যাচাৰ মুক্ত কৰাৰ কামে হওক, মহিলাসকলৰ আর্থিক স্বাৱলম্বনৰ কামেই হওক, ৪০ কোটি যি জনধন একাউণ্ট খোলা হৈছে, তাৰ জৰিয়তে ২২ কোটি একাউণ্ট আমাৰ ভনীসকলৰ৷ ক’ৰোনাকালে প্রায় ৩০,০০০ কোটি টকা ভনীসকলৰ একাউণ্টসমূহত দিয়া হৈছে৷ মুদ্রা ঋণ, ২৫ কোটিৰ মুদ্রা ঋণ দিয়া হৈছে৷ ইয়াৰ জৰিয়তে ৭০ শতাংশ ঋণ লৈছে আমাৰ মাতৃ-ভগ্নীসকলে৷ প্ৰধানমন্ত্রী আবাস যোজনাত যাতে নিজৰ ঘৰ পায়, সৰ্বাধিক মহিলাসকলৰ নামত দিয়া হৈছে৷

মোৰ প্রিয় দেশবাসী,

দুখীয়া ভগ্নীসকল, মোৰ জনঔষধি কেন্দ্রত এক টকাত ছেনিটেৰী পেড যোগানৰ কাম কৰিছো৷ ৬,০০০ জন ঔষধি কেন্দ্রত বিগত দিনসমূহক কম সময়তে ৫ কোটিতকৈ অধিক ছেনিটেৰী পেড আমাৰ দুখীয়া মহিলাসকলে পাইছে৷ কন্যাসকলৰ অপুষ্টি নিৰ্মূলেই হওক, তেওঁলোকৰ বিয়াৰ সঠিক বয়স কি হ’ব, সেই দিশত আমি সমিতি গঠন কৰিছো৷ তেওঁলোকৰ ৰিপোর্ট আহিলেই কন্যাসকলৰ বিয়াৰ বয়সৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱা হ’ব৷

মোৰ প্রিয় দেশবাসী,

এই ক’ৰোনাৰ সংকটৰ সময়ত স্বাস্থ্যৰ প্ৰতি নজৰ যোৱাটো স্বাভাবিক৷  সেইবাবে, আত্মনির্ভৰতাৰ আটাইতকৈ ডাঙৰ শিক্ষা আমাৰ স্বাস্থ্য ক্ষেত্ৰত লাভ কৰিছো৷ সেই লক্ষ্য প্রাপ্তিৰ বাবে আমাৰ আগুৱাই আহিব লাগিব৷

আপোনালোকে চাওক ক’ৰোনাৰ সময়ত বা তাৰ পূৰ্বে আমাৰ দেশত মাত্ৰ এটা পৰীক্ষাগাৰ আছিল৷ আজি ১৪০০ পৰীক্ষাগাৰৰ নেটৱৰ্ক আছে৷ ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰা হৈছে৷ যেতিয়া ক’ৰোনা সংকট আহিল, তেতিয়া দিনত কেৱল ৩০০ পৰীক্ষা হৈছিল৷ ইমান কম সময়ত আমাৰ লোকসকলে এই শক্তি দেখুৱালে যে আজি প্ৰতিদিনে ৭ লাখ টেষ্ট কৰিবলৈ আমি সক্ষম৷ ৩০০ৰ পৰা আৰম্ভ কৰি এতিয়া ৭ লাখত উপনীত হৈছো৷

দেশত নতুন এইমছ, নতুন মেডিকেল কলেজ স্থাপন, আধুনিকীকৰণৰ বাবে ধাৰাবাহিক প্ৰয়াস আমি কৰি আছো৷ পাঁচ বছৰত এমবিবিএছ. এমডিত ৪৫,০০০তকৈ অধিক শিক্ষাৰ্থীৰ আসন বৃদ্ধি কৰা হৈছে৷ গাঁৱত ডেৰ লাখতকৈ অধিক আৰোগ্য চেণ্টাৰ আছে৷ ইয়াৰে ভিতৰত এক তৃতীয়াংশই এতিয়াই কাম কৰিছে, যিবোৰে ক’ৰোনাত ব্যাপক সাহায্য কৰিছে৷ ক’ৰোনাৰ সময়ে আৰোগ্য কেন্দ্ৰই গাঁৱসমূহত উল্লেখ্যযোগ্য ভূমিকা পালন কৰিছে৷

স্বাস্থ্য ক্ষেত্রত আজিৰ পৰা এটা যথেষ্ট ডাঙৰ অভিযান আৰম্ভ হৈছে৷ তাত প্ৰযুক্তিৰ যথেষ্ট ভূমিকা থাকিব৷ আজিৰ পৰা নেচনেল ডিজিটেল হেল্থ মিচনৰ সূত্ৰপাত হৈছে৷ ভাৰতৰ স্বাস্থ্য ক্ষেত্রত ই এক নতুন দিগন্তৰ সূচনা কৰিব৷ চিকিৎসাত দেখা দিয়া সমস্যাসমূহ হ্ৰাস কৰাৰ বাবে প্ৰযুক্তিৰ বহু সুচিন্তিত ব্যৱহাৰ হ’ব৷

প্ৰত্যেক ভাৰতীয়ক হেল্থ আই ডি দিয়া হ’ব৷ এই হেল্থ আই ডিয়ে স্বাস্থ্য একাউণ্টৰ দৰে কাম কৰিব৷ আপোনালোকৰ প্ৰতিটো টেষ্ট, প্ৰতিটো ৰোগ, আপুনি কোন ডাক্তাৰৰ পৰা কোন ঔষধ লৈছে, কি পৰীক্ষা কৰিছিল, কেতিয়া নিছিল, ৰিপোর্ট কি আছিল–এই হেল্থ আই ডিত একেলগে থাকিব৷ চিকিৎসকৰ এপইনমেণ্টেই হওক, ধন জমা কৰাই হওক, চিকিৎসালয়ত কট কৰাৰ শাৰীয়েই হওক, সকলো সমস্যা নেচনেল ডিজিটেল হেলথ মিচনৰ জৰিয়তে বহু সমস্যাৰ পৰা মুক্তি পোৱা যাব৷ ভাল স্বাস্থ্যৰ বাবে যি কোনো নাগৰিকে সঠিক সিদ্ধান্ত ল’ব পাৰিব৷

আমৰ প্রিয় দেশবাসী,

যেতিয়াই ক’ৰোনা কথা উঠে, এইটো স্বাভাবিক যে ক’ৰোনাৰ প্ৰতিষেধক কেতিয়া প্ৰস্তুত হ’ব৷ এই প্ৰশ্ন সকলোৰে মনত, সমগ্ৰ বিশ্ববাসীৰ মনত৷

আজি দেশবাসীক ক’ব বিচাৰো যে আমাৰ দেশৰ বৈজ্ঞানিক, আমাৰ বিজ্ঞানীসকলৰ প্ৰতিভা, ঋষিমুনিৰ দৰে, পৰীক্ষাগাৰত জানপ্রাণ দি, যুঁজি আছে৷ একনিষ্টভাৱে তপস্যা কৰিছে৷ ভীষণ কঠিন পৰিশ্ৰম কৰিছে৷ এতিয়া ভাৰতত এটা-দুটা নহয়, তিনিটা ভেকচিনৰ পৰীক্ষাৰ বিভিন্ন পর্যায়ত আছে৷ বিজ্ঞানীসকলৰ পৰা সেউজ সংকেট পালে, ব্যাপক পৰিমাণত উৎপাদন হ’ব আৰু ইয়াৰ বাবে প্ৰস্তুতিও সম্পূর্ণ প্ৰস্তুত৷ দ্রুত উৎপাদনৰ লগে লগে এই ভেকচিন প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে কিমান কম সময়ত প্ৰদান কৰিব পাৰি তাৰো ৰূপৰেখা প্ৰস্তুত হৈ আছে৷

মোৰ প্রিয় দেশবাসী,

আমাৰ দেশত পৃথক পৃথক ঠাইত বিকাশৰ চিত্ৰ কেতবোৰ এলেকাত বহুত আগবঢ়া, কিছু এলেকা বহু পিছ পৰা৷ এই ভাৰসাম্যহীনতা আত্মনির্ভৰ ভাৰতৰ দৰে এক গুৰুত্বপূর্ণ প্ৰতিবন্ধকতা৷ সেইবাবে যি মই আৰম্ভণিতে কৈছিলো আমি ১১০ জিলাৰ ওপৰত জোৰ দিছো, সেইবোৰক উন্নয়নৰ সমানে আনিব বিচাৰিছো৷ বিকাশৰ ইক’ ছিষ্টেম প্ৰস্তুত, উন্নত সংযোগ সাধন কৰাটোতে আমি অগ্রাধিকাৰ দিছো৷

আপোনালোকে চাওক ভাৰতৰ পশ্চিম ভাগ, ভাৰতৰ মাজৰ পৰা চাওক আৰু ভাৰতৰ পূব ভাগ–পূব উত্তৰ প্ৰদেশেই হওক, বিহাৰ হওক, পশ্চিমবংগই হওক, উত্তৰপূবেই হওক, ওড়িশাই হওক এইবোৰ আমাৰ এলেকা৷ ইয়াত অপাৰ সম্পদ আছে, প্রাকৃতিক সম্পদৰ ভাণ্ডাৰ আছে৷ ইয়াৰ লোকসকল সামৰ্থ্যবান, শক্তিশালী প্ৰতিভাবান – কিন্তু সুযোগৰ অভাৱত এই ক্ষেত্ৰত আমি ভাৰসাম্যহীন হৈ আছো৷ এই বাবে বহুত নতুন পদক্ষেপ লৈছো৷ ইষ্টার্ন ডেডিকেটেড ফ্রেট কৰিড’ৰেই হওক, পূবক গেছ পাইপ লাইনত জোৰাৰ দিশতে হওক, ৰে’লৰ নতুন আন্তঃগাঁথনি প্ৰস্তুতৰ প্ৰশ্নই হওক, তাত নতুন বলয় বনোৱাৰ কথাই হওক, – অর্থাৎ এক অর্থত বিকাশৰ বাবে সম্পূর্ণ আন্তঃগাঁথনি থকা উচিৎ৷ সংহত উপায়েৰে আমি সেইটো কৰিছো, যাতে এই ক্ষেত্ৰসমূহো উন্নয়নৰ লক্ষ্যত আহে৷

সেইদৰে লেহ, লাদাখ, জম্মু-কাশ্মীৰ এটা এলেকা, এক অর্থত এই অঞ্চলটোত এবছৰ পূৰ্বে ৩৭০ৰ পৰা মুক্তি পাইছে৷ এবছৰ সম্পূর্ণ হৈছে৷ এবছৰ জম্মু-কাশ্মীৰৰ উন্নয়ন যাত্রাৰ গুৰুত্বপূর্ণ সময়৷ এই এবছৰ তাত মহিলাসকলৰ, দলিতসকলৰ মৌলিক অধিকাৰ দিয়াৰ গুৰুত্বপূর্ণ সময়৷ এয়া আমাৰ শৰণার্থীসকলৰ মর্যাদাৰ সৈতে জীয়াই থকাৰো এটা বছৰ৷ উন্নয়নৰ লাভ গাওঁ আৰু দুখীয়াৰ ওচৰত পোৱাৰ বাবে, বেক টু ভিলেজৰ দৰে বিশেষ অভিযান হাতত লোৱা হৈছে৷ আয়ুষ্মান যোজনাক ভালদৰে জম্মু-কাশ্মীৰ, লাদাখ এলেকাত ৰূপায়ণ কৰা হৈছে৷

  

প্রিয় দেশবাসী,

গণতন্ত্রৰ শক্তি, ক্ষমতা আমাৰ নির্বাচিত স্থানীয় সংগঠনত আছে৷ আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা যে জম্মু-কাশ্মীৰত স্থানীয় সংগঠনৰ নির্বাচিত প্ৰতিনিধিসকলে সক্রিয় আৰু সংবেদনশীলতাৰে বিকাশৰ নৱযুগক আগুৱাই নিছে৷ মই তাৰ সকলো পঞ্চায়ত সদস্য আৰু গাওঁবুঢ়াসকলক এই বিকাশ যাত্রাত তেওঁলোকৰ সক্রিয় অংশগ্ৰহণৰ বাবে বহুত বহুত আন্তৰিক শুভেচ্ছা জনাইছো৷

জম্মু-কাশ্মীৰত নিৰ্মূলকৰণ প্ৰক্রিয়া চলিছে – উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশৰ নেতৃত্বত আৰু দ্রুত নিৰ্মূলকৰণৰ প্ৰক্রিয়া শেষ হ’লেই ভৱিষ্যতে তাত নির্বাচন হ’ব৷ জম্মু-কাশ্মীৰৰ বিধায়কেই হওক, মন্ত্রীয়েই হওক, মুখ্যমন্ত্রীয়েই হওক – নতুন প্রেৰণালৈ বিকাশৰ পথত আগুৱাই যাওক তাৰবাবে দেশ প্ৰতিশ্রুতিবদ্ধ আৰু যত্নশীল৷

লাদাখক কেন্দ্ৰশাসিত অঞ্চল গঢ় দিয়া বহু বছৰ পূৰ্বে তেওঁলোকৰ যি দাবি আছিল, তেওঁলোকৰ যি আকাংক্ষা আছিল, সেয়া পূর্ণ কৰাৰ, তেওঁলোকক মর্যাদা দিয়াৰ, এটা ডাঙৰ কাম হৈছে৷ হিমালয়ৰ শিখৰত অৱস্থিত লাদাখত উন্নয়নৰ শিখৰৰ দিশে আগুৱাই গৈছে৷ তাত কেন্দ্রীয় বিদ্যালয় স্থাপন হৈছে, নতুন গৱেষণা কেন্দ্ৰ হৈছে৷ হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম তাত পাঠদান হৈছে, তাৰ বাবে পর্যাপ্ত পৰিমান বিদ্যুতৰ সৌৰ বিদ্যুৎ পার্ক প্ৰস্তুত হৈছে৷ কিন্তু মোৰ প্রিয় দেশবাসী, লাদাখৰ কেতবোৰ বৈশিষ্ট আছে৷ সেই বৈশিষ্ট্যসমূহ আমি বুজাৰ লগতে চম্ভালিব লাগিব৷ যেনে ছিকিম, আমাৰ উত্তৰপূর্বৰ ৰাজ্য ছিকিমে নিজৰ জৈবিক কৃষিৰ ৰাজ্য হিচাপে পৰিচয় গঢ়ি তুলিছে৷ তেনেদৰে লাদাখ, লেহ, কাৰ্গিলে, সকলো ক্ষেত্রত আমাৰ দেশৰ বাবে কার্বন নিউট্ৰেল একক ৰূপে নিজা পৰিচয় গঢ়ি তুলিব পাৰে৷ সেইবাবে ভাৰত চৰকাৰে ইয়াৰ নাগৰিকসকলৰ সৈতে মিলি এটা নমুনা ৰূপে, প্রেৰণা ৰূপে, কার্বন নিউট্ৰেল উন্নয়নৰ আৰ্হি, ইয়াৰ প্ৰয়োজনীয়তা পূৰণৰ উপযোগী মডেল … সেই লক্ষ্যৰে আমি আগুৱাই গৈছে৷

মোৰ প্রিয় দেশবাসী,

ভাৰতে দেখিছে যে পৰিৱেশৰ সৈতে ভাৰসাম্য ৰাখিও দ্রুতগতিতে উন্নয়ন কৰাটো সম্ভৱ৷ আজি ভাৰতে এক বিশ্ব, এক সূর্য, এক গ্রিড এই চিন্তাধাৰা লৈ সমগ্ৰ বিশ্বকে বিশেষভাৱে সৌৰশক্তিৰ ক্ষেত্রত প্রেৰণা যোগাইছে৷

নবীকৰণযোগ্য শক্তি উৎপাদনৰ ক্ষেত্রত আজি ভাৰত বিশ্বৰ শ্রেষ্ঠ পাঁচ দেশৰ ভিতৰত নিজৰ স্থান নিগাজী কৰিছে৷ প্ৰদূষণৰ সমাধানক লৈ ভাৰতে যেনেকৈ সতর্ক তেনেকৈয়ে সজাগো। স্বচ্ছ ভাৰত অভিযান হওক, ধোঁৱা মুক্ত ৰন্ধন গেছৰ ব্যৱস্থাই হওক, এলইডি বাল্বৰ অভিযানেই হওক, চিএনজি নির্ভৰ পৰিবহন ব্যৱস্থাই হওক, ইলেক্ট্রিক মবিলিৰ বাবে প্ৰচেষ্টাই হওক, আমি কোনো চেষ্টাৰ ত্রু কৰা নাই৷ পেট্ৰলৰ পৰা প্ৰদূষণ কম কৰাৰ বাবে ইথানল উৎপাদন বৃদ্ধি আৰু তেওঁৰ ব্যৱহাৰৰ ওপৰত জোৰ দিয়া হৈছে। পাঁচ বছৰ পূৰ্বে আমাৰ দেশত ইথানলৰ অৱস্থা কেনে আছিল৷ পাঁচ বছৰ পূৰ্বে আমাৰ দেশত ৪০ কোটি লিটাৰ ইথালন উৎপন্ন হৈছিলষ আজি পাঁচ বছৰ পাছত পাঁচ গুণ বৃদ্ধি হৈ ২০০ কোটি লিটাৰ উৎপাদন সম্ভৱ হৈছে, যা পৰিৱেশৰ বাবে বহু উপযোগী হিচাপে প্ৰমাণিত হৈছে৷

মোৰ প্রিয় দেশবাসী,

দেশৰ ১০০ চহৰ, নির্বাচিত ১০০ চহৰত প্ৰদূষণ কম কৰাৰ বাবে আমি এটা সৰ্বাংগীন দৃষ্টিভংগী লৈ এটা সংহত দৃষ্টিভংগীৰে, এটা জন অংশীদাৰীত্ব লৈ আধুনিক প্ৰযুক্তিৰে ভৰপুৰ প্ৰয়োগৰ মাধ্যমেৰে ইয়াৰ প্ৰদূষণ কম কৰাৰ লক্ষ্যৰে.এক মিচন মোডত কাম কৰিছো৷

মোৰ প্রিয় দেশবাসী,

ভাৰতে সেইবাবে গৌৰৱ কৰিব পাৰে, ভাৰত সেই বিৰল দেশসমূহৰ অন্যতম য’ত অৰণ্য বিস্তাৰ লাভ কৰিছে৷ আমাৰ জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে ভাৰত সম্পূর্ণ সংবেদনশীল। আমি সাফল্যৰ সৈতে ব্যাঘ্ৰ প্ৰকল্প, হস্তী প্ৰকল্প আগুৱাই নিয়া হৈছে৷ আমাৰ দেশত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়া অনাগত দিনত এছিয়াটিক লায়নৰ বাবে সিংহ প্ৰকল্প আৰম্ভ হৈছে। ইয়াত ভাৰতীয় চহৰসমূহৰ নিৰাপত্তা, প্ৰয়োজনীয় আন্তঃগাঁথনি… আৰু বিশেষকৈ, তেওঁলোকৰ বাবে যি প্ৰয়োজন হয়, বিশেষ প্ৰকাৰৰ স্বাস্থ্য আন্তঃগাঁথনি, তাক লৈও কাম কৰা হ’ব৷ সিংহ প্ৰকল্পত এই ক্ষেত্ৰত জোৰ দিয়া হ’ব৷

সমান্তৰালভাৱে আমি আৰু এটা কামত উৎসাহ যোগাব বিচাৰো, সেয়া হ’ল-ডলফিন প্ৰকল্প। নদী আৰু সমুদ্রত বসবাসকাৰী উভয় প্ৰজাতিৰ ডলফিনক লৈ আমি কাম কৰিম। ইয়াৰ জৰিয়তে জৈৱ-বৈচিত্ৰ উন্নত হ’ব আৰু কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি পাব৷ ই পর্যটনৰ আকর্ষণৰ কেন্দ্ৰও যাতে হয় ..সেই লক্ষ্যৰে আমি আগুৱাই যাম৷

মোৰ প্রিয় দেশবাসী,

যেতিয়া আমি অসাধাৰণ লক্ষ্যৰে অসাধাৰণ যাত্রাপথত অগ্ৰসৰ হও, তেতিয়া পথত বহু সমস্যা আহে, সেই সমস্যাসমূহো অসাধাৰণ৷ ইয়াত দুৰ্যোগৰ লগতে সীমান্তত দেশৰ সামৰ্থ্যক প্ৰত্যাহ্বান জনোৱাৰ অপচেষ্টাও কৰা হৈছে। কিন্তু নিয়ন্ত্ৰণ ৰেখাৰ পৰা এলএচিলৈকে দেশৰ সার্বভৌমত্বৰ দিশত যিসকলে বেয়া চকুৰে চাইছে, দেশৰ সেনা, আমাৰ বীৰ-জোৱানসকলে তেওঁলোকৰকে তেওঁলোকৰ ভাষাতে উত্তৰ দিছে।

ভাৰতৰ সার্বভৌমত্ব ৰক্ষাত সমগ্ৰ দেশে এক উদ্দীপনাপূর্ণ, সংকল্পৰ প্ৰেৰণা আৰু সামর্থ্য অটুট ৰাখি শ্ৰদ্ধা সহকাৰে আগুৱাই গৈছে৷ এই সংকল্পৰ বাবে আমাৰ বীৰ জোৱানসকলে কি কৰিব পাৰে, দেশে কি কৰিব পাৰে সেয়া লাদাখেই সমগ্ৰ বিশ্বক দেখুৱাইছে৷ মই আজি মাতৃভূমিৰ বাবে প্রান বিসৰ্জন দিয়া সকলো বীৰ জোৱানক লালকেল্লাৰ প্রাচীৰৰ পৰা সাদৰে প্ৰনাম জনাইছো৷

সন্ত্রাসবাদেই হওক বা সাম্রাজ্যবাদ ভাৰতে বুক ফিন্দাই ইয়াৰ মোকাবিলা কৰিছে৷ আজি ভাৰতৰ ওপৰত সমগ্ৰ বিশ্বৰ আস্থা আৰু অধিক শক্তিশালী হৈছে৷ বিগত দিনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে অস্থায়ী সদস্য হিচাপে ১৯২ৰ ভিতৰত ১৮৪ দেশৰে সমর্থন লাভ কৰাটো আমাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক গৌৰৱৰ বিষয়৷ পৃথিৱীৰ বুকুত আমি কিদৰে নিজৰ বিলাই দিব পাৰেছো, সেয়াই তাৰ নিদর্শন৷ এয়া তেতিয়াহে সম্ভৱ হ’ব পাৰে যদি ভাৰত নিজে শক্তিশালী, নিৰাপদ হয়৷ এই চিন্তাধাৰাক সাক্ষী কৰি বহু মঞ্চত কাম আগুৱাই গৈছে৷

মোৰ প্রিয় দেশবাসী,

আমাৰ চুবুৰীয়া দেশ, সেয়া স্থলপথেৰ যুক্ত হওক বা সামুদ্রিকভাবে যুক্ত, আমি নিজৰ সম্পর্কক সুৰক্ষা, বিকাশ আৰু বিশ্বাসৰ জোটবন্ধনেৰে যুক্ত কৰিছো৷ ভাৰতৰ নিৰন্তৰ প্ৰয়াস এই যে আমি নিজৰ প্ৰতিবেশী দেশৰ সৈতে বহু শতিকা প্রাচীন সাংস্কৃতিক, আর্থিক আৰু সামাজিক সম্পর্কক আৰু গভীৰতা প্ৰদান কৰিব পাৰো৷ দক্ষিণ এছিয়াত বিশ্বৰ এক-চতুর্থাংশ জনসংখ্যাই বাস কৰে৷ আমি যোগাযোগ আৰু সহযোগিতাৰ জৰিয়তে এই বিশাল জনসংখ্যাৰ বিকাশ আৰু সমৃদ্ধিৰ অসংখ্য সম্ভাৱনা গঢ় দিব পাৰো৷ এই অঞ্চলৰ দেশসমূহৰ নেতাসকলৰ এই বিশাল জনসমুদ্রৰ বিকাশ আৰু প্ৰগতিৰ ক্ষেত্রত যথেষ্ট দায়িত্ব আছে৷ এক গুৰুত্বপূর্ণ দায়িত্ব আছে৷ এই দায়িত্ব পালনৰ বাবে দক্ষিণ এছিয়াৰ এই অঞ্চলৰ সকলো লোকৰ, ৰাজনৈতিক নেতা, সাংসদ, বুদ্ধিজীৱিৰ প্ৰতিও মই আহ্বান জনাইছো৷ এই সমগ্ৰ অঞ্চলত য’ত শান্তি বজাই থাকে, সৌহার্দ্য থাকে, তাতেই মানৱতাৰ কাম আহিব, মানৱতাৰ কল্যাণ নিশ্চিত কৰিব৷ সমগ্ৰ বিশ্বৰ কল্যাণাৰত এয়া নিহিত হৈ আছে৷

আজি প্ৰতিবেশী কেৱল যাৰ সৈতে ভৌগোলিক সীমা আছে, তেওঁলোকেই নহয়, বৰঞ্চ যাৰ সৈতে আমাৰ মনৰ মিল আছে, য’ত সম্পর্কত সমান বন্ধুতা থাকে, মিলাপ্ৰীতি আছে তেওঁলোকো প্ৰতিবেশী৷ মই আনন্দিত যে বিগত সময়ত ভাৰতে সম্প্ৰসাৰিত প্ৰতিবেশী দেশসমূহৰ সৈতে নিজৰ সম্পর্ক শক্তিশালী কৰিছে৷ পশ্চিম এছিয়াৰ দেশসমূহৰ সৈতে আমাৰ ৰাজনৈতিক, আর্থিক আৰু মানৱীক সম্পর্কৰ প্ৰগতিৰ প্ৰক্রিয়া বহু পৰিমাণে গতিশীল হৈছে৷ বিশ্বাসো অধিক বাঢ়িছে৷ এই দেশসমূহৰ সৈতে আমাৰ আর্থিক সম্পর্ক, বিশেষকৈ শক্তি খণ্ডত সহযোগিতা অতি গুৰুত্বপূর্ণ৷ এনে বহুত দেশত ব্যাপক হাৰত আমাৰ ভাৰতীয় ভাই-ভনীসকলে কাম কৰিছে৷ যিদৰে এই দেশসমূহ ক’ৰোনা সংকটৰ সময় ভাৰতীয়সকলক সহায় কৰিছে৷ ভাৰত চৰকাৰৰ অনুৰোধৰ প্ৰতি সন্মান জনাইছে৷ সেইবাবে ভাৰতে সেই সকলো দেশৰ প্ৰতি কৃতজ্ঞতা জনাইছে৷ মইও মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছো৷

একেদৰে আমাৰ পূব প্ৰান্তৰ আছিয়ান দেশ, যিসকল আমাৰ সামুদ্রিক চুবুৰীয়া, তেওঁলোকো আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ৷ এওঁলোকৰ সৈতে ভাৰতৰ হাজাৰ বছৰৰ পুৰণি ধার্মিক আৰু সাংস্কৃতিক সম্পর্ক আছে৷ বৌদ্ধ ধর্মই ঐতিহ্য আমাৰ তেওঁলোকৰ সৈতে সম্পৃক্ত কৰে৷ আজি ভাৰতে এই দেশসমূহৰ সৈতে কেৱল সুৰক্ষাৰ ক্ষেত্রতে নহয়, বৰঞ্চ সামুদ্রিক সম্পদৰ ক্ষেত্রতো সহযোগিতা আগবঢ়াইছে৷

মোৰ প্রিয় দেশবাসী,

ভাৰতৰ শান্তি আৰু সৌহাদ্যৰ বাবে যিমান প্ৰচেষ্টা হাতত লোৱা হয়, একে ধৰণৰ দায়বদ্ধতা নিজৰ সুৰক্ষা আৰু সৈনিকসকলৰ শক্তিশালী কৰাৰ বাবেও লোৱা হয়৷ প্ৰতিৰক্ষা উৎপাদনত আত্মনির্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে ব্যাপক পদক্ষেপ লোৱা হৈছে৷ শেহতীয়াকৈ ১০০তকৈও অধিক অস্ত্ৰ-শস্ত্ৰ আমদানিত আমি নিষেধাজ্ঞা জাৰি কৰিছো৷ ক্ষেপনাস্ত্ৰৰ পৰা আৰম্ভ কৰি পাতল হেলিকপ্টাৰলৈকে, এছল্ট ৰাইফলৰ পৰা পৰিবহন বিমানলৈকে সকলো মেক ইন ইণ্ডিয়াৰ আওতাত অন্তৰ্ভূক্ত কৰা হৈছে৷ নিজৰ তেজছেও নিজা তেজ, গতি আৰু শক্তি দেখুওৱাৰ বাবে আধুনিক প্ৰয়োজনৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ কৰা হৈছে৷ দেশৰ নিৰাপত্তাত আমাৰ স্থল সীমা আৰু উপকূলীয় আন্তঃগাঁথনিৰো যথেষ্ট ভূমিকা আছে৷ আজি হিমালয়ৰ শিখৰেই হওক বা ভাৰত মহাসাগৰৰ দ্বীপেই হওক, প্ৰতিটো ক্ষেত্রত যোগাযোগ সম্প্ৰসাৰণত জোৰ দিয়া হৈছে৷ লাদাখৰ পৰা অৰুনাচল প্ৰদেশলৈকে ব্যাপক হাৰত আমাৰ দেশৰ নিৰাপত্তাৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি নতুন পথ নিৰ্মাণ কৰা হৈছে৷

মোৰ প্রিয় দেশবাসী,

আমাৰ ইমান বিশাল সমুদ্ৰ উপকূল থকাৰ উপৰি ১৩০০তকৈও অধিক দ্বীপ আছে৷ কেইটামান বাছনি কৰা দ্বীপৰ গুৰুত্ব বিবেচনা কৰি তাত দ্রুত বিকাশৰ লক্ষ্যৰে আমি অগ্ৰসৰ হৈছো৷ আপোনালোকে হয়তো দেখিছে, বিগত সপ্তাহত কেইদিন মান পূৰ্বে আন্দামান-নিকোবৰত ছাবমেৰিন অপ্টিকেল ফাইবাৰ প্ৰজেক্ট দেশবাসীৰ নামত উৎসর্গা কৰা হৈছে৷ আন্দামান-নিকোবৰে এতিয়া চেন্নাই আৰু দিল্লীৰ দৰে ইণ্টাৰনেট সুবিধা লাভ কৰিব৷ এতিয়া আমি অনাগত দিনত লাক্ষাদ্বীপকো এই ব্যৱস্থাৰে যুক্ত কৰাৰ বাবে কাম কৰি আছো৷

অহা ১,০০০ দিনৰ ভিতৰত লাক্ষাদ্বীপকো দ্রুত ইণ্টাৰনেট সেৱাৰে যুক্ত কৰাৰ আমি লক্ষ্য লৈছো৷ সীমান্ত আৰু সমুদ্ৰ উপকূলৱৰ্তী এলেকাৰ যুৱশক্তি, তেওঁলোককো নিৰাপত্তাৰ কেন্দ্রত ৰাখি উন্নয়নৰ আৰ্হি গঢ় দিয়া লক্ষ্যৰে আমি আগুৱাই গৈছো৷ আমি এয়া এক ডাঙৰ অভিযান আৰম্ভ কৰিছো।

আমাৰ সীমান্ত এলেকা আৰু উপকূলৱৰ্তী অঞ্চলসমূহৰ সৈতে যুক্ত ১৭৩খন জিলাত পৰৱৰ্তী সময়ত এনচিচিৰ শাখা সম্প্ৰসাৰণৰ জৰিয়তে সেই অঞ্চলসমূহৰ পৰা প্রায় এক লাখ নতুন এনচ্চি কেডেটক প্ৰশিক্ষণ দিয়া হ’ব। উপকূলৱৰ্তী কেডেটসকলক আমাৰ নৌসেনাৰ প্ৰশিক্ষকে, বিমানবন্দৰৰ সমীপৰ শাখাত আমাৰ বিমানবাহিনীৰ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব৷ সীমান্ত এলেকা আৰু উপকূলৱৰ্তী অঞ্চলসমূহত দুৰ্যোগ মোকাবিলাৰ বাবে এটা প্ৰশিক্ষিত মানৱসম্পদ পোৱা যাব, নৱ প্ৰজন্মক সশস্ত্ৰ বাহিনীক জীবিকা হিচাপে বাছনি কৰাৰ বাবে প্ৰয়োজনীয় দক্ষতাও অর্জন কৰিব পাৰিব৷

মোৰ প্রিয় দেশবাসী,

যোৱা বছৰ লালকিল্লাৰ পৰা মই কৈছিলো পাঁচটা প্ৰয়োজন পুৰণৰ বাবে আমি কাম কৰিছো আৰু অহা পাঁচবছৰ আকাংক্ষাপূৰণৰ বাবে কাম কৰিম। বিগত এবছৰত দেশে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্তৰ লৈছে। গান্ধীজীৰ ১৫০তম জয়ন্তীত ভাৰতৰ গাওঁসমূহ নিজৰ মুকলিত শৌচমুক্ত ঘোষণা কৰিছে৷ ধর্মীয় কাৰণত চুবুৰীয়া দেশৰ পৰা বিতাৰিত শৰণার্থীসকলক নাগৰিকত্ব প্ৰদানৰ আইন, দলিত, পিছপৰা, এছচি, এছটি, অ’বিচিৰ বাবে সংৰক্ষণৰ অধিকাৰ, অসম আৰু ত্রিপুৰাত ঐতিহাসিক শান্তি চুক্তি, সেনাবাহিনীৰ সামগ্রিক শক্তিক আৰু অধিক প্ৰভাৱশালী কৰি তোলাৰ বাবে চীফ অফ ডিফেন্স ষ্টাফৰ নিযুক্তি, অভিলেখপূৰ্ণ সময়ত কৰতাৰপুৰ চাহিব কৰিড’ৰৰ দ্রুত নির্মাণ ইত্যাদিৰ জৰিয়তে দেশত ইতিহাস গঢ়িছে, অসাধাৰণ কাম কৰি দেখুৱাইছে৷

১০দিন পূৰ্বে অযোধ্যাত ভগৱান ৰামৰ সুন্দৰ মন্দিৰ নির্মাণৰ কাম আৰম্ভ হৈছে৷ ৰাম জন্মভূমিৰ কেইবা শতিকা প্রাচীন বিবাদৰ শান্তিপূর্ণ সমাধান হৈছে। দেশৰ মানুহ যি সংযমেৰে পৰিপক্কতাৰ পৰিচয় দিলে, সেয়া অভূতপূৰ্ব আৰু ভৱিষ্যতৰ বাবে আমাৰ প্রেৰণাৰ উৎস। শান্তি, একতা আৰু সদ্ভাৱনাৰ এয়াইতো ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ গেৰাণ্টি। এই সদ্ভাৱ লৈয়ে আমি আগুৱাই যাব লাগিব৷ উন্নয়নৰ এই মহাযজ্ঞত প্ৰতিগৰাকী ভাৰতীয়ক কিছু ত্যাগ কৰিব লাগিব৷

এই দশকত ভাৰতে নতুন ৰাতি-নীতিৰে আগুৱাই যাব, যেতিয়া সাধাৰণভাৱে কাম নহয়, এতিয়া ‘হোতা হে’, ‘চলতা হে’ৰ দিন উকলিল. আমি এতিয়া বিশ্বত কোনো ক্ষেত্ৰত পিছপৰা নহয়৷ আমি সকলোতকৈ ওপৰত থকাৰ চেষ্টা কৰিম৷ সেইবাবে আমি সর্বশ্রেষ্ঠ উপাদান, সর্বশ্রেষ্ঠ মানৱ সম্পদ, সর্বশ্রেষ্ঠ প্ৰশাসন আৰু প্ৰত্যেক ক্ষেত্রত সর্বশ্রেষ্ঠ হোৱাৰ লক্ষ্যৰে স্বাধীনতাৰ ৭৫সংখ্যক বর্ষপূৰ্তিৰ বাবে আগুৱাই যাব লাগিব৷

আমাৰ নীতি, আমাৰ প্ৰক্রিয়া, আমাৰ সামগ্ৰী, সকলো যাতে উৎকৃষ্ট হয়, তেতিয়াই ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ পৰিকল্পনা বাস্তৱায়িত হ’ব৷ আজি আমি পুনৰবাৰ সংকল্প গ্ৰহণৰ সময় হৈছে৷ এই সংকল্প স্বাধীনতাৰ বাবে যিসকলে জীৱন উৎসর্গ কৰিছে তেওঁলোকৰ সপোন পূৰণ কৰাৰ বাবে হ’ব, এই সংকল্প ১৩০ কোটি দেশবাসীৰ বাবে হ’ব, এই সংকল্প আমাৰ অহা প্ৰজন্মৰ বাবে, এই সংকল্প আত্মনির্ভৰ ভাৰতৰ বাবে হ’ব৷ আমি শপত ল’ব লাগিব, আমি প্ৰতিজ্ঞা কৰিব হ’ব, আমি আমদানী হ্রাস কৰাৰ লক্ষ্যত অৱদান আগবঢ়াব লাগিব, আমি নিজৰ ক্ষুদ্ৰ উদ্যোগসমূহক শক্তিশালী কৰিব লাগিব, আমি সকলোৱে লোকেলেৰ বাবে ভোকেল হ’ব লাগিব আৰু আমি অধিক উদ্ভাৱন কৰিম, আমি আমাৰ নৱ প্ৰজন্ম, মহিলা, জনজাতি, দিব্যাংগ, দলিত, দুখীয়া, গাওঁ, পিছপৰা লোকসকল ইত্যাদি সকলোকে সবলীকৰণ কৰিব লাগিব৷

আজি ভাৰতে অসাধাৰণ গতিত অসম্ভৱক সম্ভৱ কৰিছে। এই ইচ্ছাশক্তি, এই ঐকান্তিকতা, এই উদ্দীপনা লৈয়ে প্ৰতিগৰাকী ভাৰতীয় আগুৱাই যাব লাগিব৷

২০২২চনত আমাৰ স্বাধীনতাৰ ৭৫সংখ্যক বর্ষপূৰ্তি হ’ব৷ আমি ইয়াৰ পৰা এখোজ দূৰত৷ আমি দিন-ৰাতি এক কৰি কাম কৰিব লাগিব৷ একবিংশ শতিকাৰ এই তৃতীয় দশক আমাৰ সপোন পূৰণৰ দশক হোৱা উচিত। ক’ৰোনাই ডাঙৰ দুৰ্যোগ হিচাপে দেখা দিলেও, কিন্তু আত্মনির্ভৰ ভাৰতৰ বিজয়যাত্রাকে ৰুদ্ধ কৰিব পৰাকৈ ইমান ডাঙৰ নহয়৷

মই দেখিছো এটা নতুন সূৰ্যোদয়, এটা নতুন আত্মবিশ্বাসৰ উদয়, এটা নতুন আত্মনির্ভৰ ভাৰতৰ শংখনাদ। পুনৰবাৰ আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ কোটি কোটি শুভকামনা জনাইছো৷ আহক মোৰ সৈতে দুই হাত ওপৰলৈ দাঙি সম্পূর্ণ শক্তিৰে কওক– ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়,

বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম,

জয় হিন্দ, জয় হিন্দ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic

Media Coverage

Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Assam on 20-21 December
December 19, 2025
PM to inaugurate and lay the foundation stone of projects worth around Rs. 15,600 crore in Assam
PM to inaugurate New Terminal Building of Lokapriya Gopinath Bardoloi International Airport in Guwahati
Spread over nearly 1.4 lakh square metres, New Terminal Building is designed to handle up to 1.3 crore passengers annually
New Terminal Building draws inspiration from Assam’s biodiversity and cultural heritage under the theme “Bamboo Orchids”
PM to perform Bhoomipujan for Ammonia-Urea Fertilizer Project of Assam Valley Fertilizer and Chemical Company Limited at Namrup in Dibrugarh
Project to be built with an estimated investment of over Rs. 10,600 crore and help meet fertilizer requirements of Assam & neighbouring states and reduce import dependence
PM to pay tribute to martyrs at Swahid Smarak Kshetra in Boragaon, Guwahati

Prime Minister Shri Narendra Modi will undertake a visit to Assam on 20-21 December. On 20th December, at around 3 PM, Prime Minister will reach Guwahati, where he will undertake a walkthrough and inaugurate the New Terminal Building of Lokapriya Gopinath Bardoloi International Airport. He will also address the gathering on the occasion.

On 21st December, at around 9:45 AM, Prime Minister will pay tribute to martyrs at Swahid Smarak Kshetra in Boragaon, Guwahati. After that, he will travel to Namrup in Dibrugarh, Assam, where he will perform Bhoomi Pujan for the Ammonia-Urea Project of Assam Valley Fertilizer and Chemical Company Ltd. He will also address the gathering on the occasion.

Prime Minister will inaugurate the new terminal building of Lokapriya Gopinath Bardoloi International Airport in Guwahati, marking a transformative milestone in Assam’s connectivity, economic expansion and global engagement.

The newly completed Integrated New Terminal Building, spread over nearly 1.4 lakh square metres, is designed to handle up to 1.3 crore passengers annually, supported by major upgrades to the runway, airfield systems, aprons and taxiways.

India’s first nature-themed airport terminal, the airport’s design draws inspiration from Assam’s biodiversity and cultural heritage under the theme “Bamboo Orchids”. The terminal makes pioneering use of about 140 metric tonnes of locally sourced Northeast bamboo, complemented by Kaziranga-inspired green landscapes, japi motifs, the iconic rhino symbol and 57 orchid-inspired columns reflecting the Kopou flower. A unique “Sky Forest”, featuring nearly one lakh plants of indigenous species, offers arriving passengers an immersive, forest-like experience.

The terminal sets new benchmarks in passenger convenience and digital innovation. Features such as full-body scanners for fast, non-intrusive security screening, DigiYatra-enabled contactless travel, automated baggage handling, fast-track immigration and AI-driven airport operations ensure seamless, secure and efficient journeys.

Prime Minister will visit the Swahid Smarak Kshetra to pay homage to the martyrs of the historic Assam Movement, a six-year-long people’s movement that embodied the collective resolve for a foreigner-free Assam and the protection of the State’s identity.

Later in the day, Prime Minister will perform Bhoomipujan of the new brownfield Ammonia-Urea Fertilizer Project at Namrup, in Dibrugarh, Assam, within the existing premises of Brahmaputra Valley Fertilizer Corporation Limited (BVFCL).

Furthering Prime Minister’s vision of Farmers’ Welfare, the project, with an estimated investment of over Rs. 10,600 crore, will meet fertilizer requirements of Assam and neighbouring states, reduce import dependence, generate substantial employment and catalyse regional economic development. It stands as a cornerstone of industrial revival and farmer welfare.