ভাৰতত পৰম্পৰাই উদ্ভাৱনক, আধ্যাত্মিকতাই বিজ্ঞানক আৰু কৌতুহলে সৃষ্টিশীলতাক লগ পায়; যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ পৰ্যবেক্ষণ কৰি আহিছে আৰু ডাঙৰ ডাঙৰ প্ৰশ্ন কৰি আহিছে: প্ৰধানমন্ত্ৰী
আমি লাডাখত বিশ্বৰ অন্যতম সুউচ্চ জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিছো, সমুদ্ৰপৃষ্ঠৰ পৰা ৪,৫০০ মিটাৰ উচ্চতাত, যেন তৰাৰ সৈতে হাত মিলাব পৰা অৱস্থাত অৱস্থিত প্ৰধানমন্ত্ৰী
বৈজ্ঞানিক কৌতুহলৰ যত্ন লোৱা আৰু যুৱ মনক সবলীকৰণৰ বাবে ভাৰত গভীৰভাৱে দায়বদ্ধ: প্ৰধানমন্ত্ৰী
আমি বিশ্বব্ৰহ্মাণ্ডখন অন্বেষণ কৰাৰ সময়ত আমি এইটোও সুধিব লাগিব যে মহাকাশ বিজ্ঞানে পৃথিৱীৰ মানুহৰ জীৱন কেনেকৈ আৰু অধিক উন্নত কৰিব পাৰে: প্ৰধানমন্ত্ৰী
ভাৰতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ শক্তিত বিশ্বাস কৰে আৰু এই অলিম্পিয়াডে সেই মনোভাৱক প্ৰতিফলিত কৰে: প্ৰধানমন্ত্ৰী

সন্মানীয় অতিথি, বিশিষ্ট প্ৰতিনিধি, শিক্ষক, গুৰু আৰু মোৰ প্ৰিয় যুৱ বন্ধুসকল,

নমস্কাৰ!

৬৪খন দেশৰ তিনি শতাধিক উজ্জ্বল নক্ষত্ৰৰ সৈতে সংযোগ স্থাপন কৰাটো আনন্দৰ কথা। জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডৰ বাবে মই আপোনালোকক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ভাৰতত পৰম্পৰাই উদ্ভাৱনক, আধ্যাত্মিকতাই বিজ্ঞান আৰু কৌতুহলে সৃষ্টিশীলতাৰ সৈতে সমাযোজন ঘটায়। যুগ যুগ ধৰি ভাৰতীয়সকলে আকাশ পৰ্যবেক্ষণ কৰি ডাঙৰ ডাঙৰ প্ৰশ্ন কৰি আহিছে। উদাহৰণস্বৰূপে, পঞ্চম শতিকাত আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিল। তেওঁ প্ৰথমে কৈছিল যে পৃথিৱীখন নিজৰ অক্ষত ঘূৰি থাকে। আক্ষৰিক অৰ্থত তেওঁ শূন্যৰ পৰা আৰম্ভ কৰি ইতিহাস ৰচনা কৰিছিল!

আজি আমি লাডাখৰ বিশ্বৰ অন্যতম সুউচ্চ জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছো। সমুদ্ৰপৃষ্ঠৰ পৰা ৪৫০০ মিটাৰ উচ্চতাত তৰাবোৰৰ লগত যেন হাতেৰে ঢুকি পাব! পুনেৰ আমাৰ বিশাল মেট্ৰৱেভ ৰেডিঅ' টেলিস্কোপ বিশ্বৰ অন্যতম স্পৰ্শকাতৰ ৰেডিঅ' টেলিস্কোপ। ই আমাক পালছাৰ, কোৱাছাৰ আৰু তাৰকাৰাজ্যৰ ৰহস্য ভেদ কৰাত সহায় কৰিছে!

বৰ্গ কিলোমিটাৰ এৰে, আৰু লিগো-ইণ্ডিয়াৰ দৰে বৈশ্বিক বিশাল বিজ্ঞান প্ৰকল্পত ভাৰতে গৌৰৱেৰে অৰিহণা যোগাইছে। দুবছৰ আগতে আমাৰ চন্দ্ৰযান-৩ য়ে ইতিহাস ৰচনা কৰিছিল। আমি প্ৰথমে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত সফলতাৰে অৱতৰণ কৰিলোঁ। আদিত্য-এল১ সৌৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ সৈতেও আমি সূৰ্য্যৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছো। ই সৌৰ জুইকুৰা, ধুমুহা আৰু সূৰ্য্যৰ মেজাজৰ দোলাচলৰ ওপৰত চকু ৰাখিছে! যোৱা মাহত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ নিজৰ ঐতিহাসিক অভিযান সম্পূৰ্ণ কৰিছিল। সকলো ভাৰতীয়ৰ বাবে ই আছিল এক গৌৰৱৰ মুহূৰ্ত আৰু আপোনালোক সকলোৰে দৰে যুৱ মহাকাশচাৰীৰ বাবে এক প্ৰেৰণা।

বন্ধুসকল,

বৈজ্ঞানিক কৌতুহল লালন-পালন আৰু যুৱ মনক সবলীকৰণৰ বাবে ভাৰত গভীৰভাৱে দায়বদ্ধ। অটল টিংকাৰিং লেবত হাতে কামে কৰা পৰীক্ষাৰ জৰিয়তে এক কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে STEMৰ ধাৰণা বুজি পাইছে। ইয়াৰ ফলত শিক্ষণ আৰু উদ্ভাৱনৰ সংস্কৃতিৰ সৃষ্টি হৈছে। জ্ঞানৰ সুবিধা অধিক গণতান্ত্ৰিক কৰি তুলিবলৈ আমি এক দেশ এক ছাবস্ক্ৰিপচন আঁচনি আৰম্ভ কৰিছো। ই লাখ লাখ ছাত্ৰ আৰু গৱেষকক বিনামূলীয়াকৈ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় আলোচনীৰ সুবিধা প্ৰদান কৰে। আপুনি জানি সুখী হ’ব যে ভাৰত STEM ব্যৱস্থাত মহিলাসকলৰ অংশগ্ৰহণৰ ক্ষেত্ৰত আগশাৰীৰ দেশ। বিভিন্ন পদক্ষেপৰ অধীনত গৱেষণা পৰিৱেশ তন্ত্ৰত কোটি কোটি টকা বিনিয়োগ কৰা হৈছে। আমি সমগ্ৰ বিশ্বৰ পৰা আপোনাৰ দৰে যুৱ মনক ভাৰতত অধ্যয়ন, গৱেষণা আৰু সহযোগিতা কৰিবলৈ আমন্ত্ৰণ জনাইছো। কোনে জানে পৰৱৰ্তী ডাঙৰ বৈজ্ঞানিক অগ্ৰগতি হয়তো এনে অংশীদাৰিত্বৰ পৰাই জন্ম ল’ব পাৰে!.

বন্ধুসকল,

আপোনালোকৰ সকলো প্ৰচেষ্টাত আমি কেনেকৈ মানৱতাৰ স্বাৰ্থত কাম কৰিব পাৰো সেই বিষয়ে চিন্তা কৰিবলৈ উৎসাহিত কৰিছো। বিশ্বব্ৰহ্মাণ্ডখন অন্বেষণ কৰাৰ সময়ত আমি এইটোও সুধিব লাগিব যে মহাকাশ বিজ্ঞানে কেনেকৈ পৃথিৱীৰ মানুহৰ জীৱন আৰু অধিক উন্নত কৰিব পাৰে? কৃষকসকলক কেনেকৈ আৰু উন্নত বতৰৰ পূৰ্বাভাস প্ৰদান কৰিব পাৰি? আমি প্ৰাকৃতিক দুৰ্যোগৰ ভৱিষ্যদ্বাণী কৰিব পাৰোনে, বনজুই আৰু গলিত হিমবাহৰ ওপৰত দৃষ্টি ৰাখিব পাৰোনে? আমি দূৰৱৰ্তী অঞ্চলৰ বাবে উন্নত যোগাযোগ গঢ়ি তুলিব পাৰোনে? কল্পনা আৰু মমতাৰে বাস্তৱ জগতৰ সমস্যা সমাধান কৰাত বিজ্ঞানৰ ভৱিষ্যত আপোনাৰ হাতত। মই আপোনালোকক আহ্বান জনাইছো যে “বৰ্হিবিশ্বত কি আছে?” আৰু লগতে চাওক ই আমাক ইয়াত কেনেদৰে সহায় কৰিব পাৰে।

বন্ধুসকল,

আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ শক্তিত ভাৰতে বিশ্বাস কৰে। এই অলিম্পিয়াডে সেই মনোভাৱক প্ৰতিফলিত কৰে। মোক কোৱা হৈছে যে অলিম্পিয়াডৰ এই সংস্কৰণটোৱেই এতিয়ালৈকে আটাইতকৈ ডাঙৰ। এই অনুষ্ঠানটো সুকলমে আয়োজন কৰাৰ বাবে হোমি ভাভা চেণ্টাৰ ফৰ চাইন্স এডুকেচন আৰু টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চক ধন্যবাদ জনাইছো। লক্ষ্য উচ্চ ৰাখক, ডাঙৰ সপোন দেখক। আৰু মনত ৰাখিব, ভাৰতত আমি বিশ্বাস কৰোঁ যে আকাশ সীমা নহয়, ই মাথোঁ আৰম্ভণিহে!

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Lauds PV Sindhu For Japan Open, Women's Cricket Team On Lord's Win

Media Coverage

PM Modi Lauds PV Sindhu For Japan Open, Women's Cricket Team On Lord's Win
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.