“নতুনকৈ নিযুক্তি পোৱা সকলে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত মূল ভূমিকা পালন কৰিব”
“বৰ্তমানৰ চৰকাৰে পাঠ্যক্ৰমত আঞ্চলিক ভাষাৰ কিতাপৰ অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব দিছে”
“যেতিয়া ইতিবাচক চিন্তা, সঠিক উদ্দেশ্য, আৰু সম্পূৰ্ণ সততাৰে সিদ্ধান্ত লোৱা হয়, তেতিয়া সমগ্ৰ পৰিৱেশ ইতিবাচকতাৰে ভৰি পৰে”
“ব্যৱস্থাৰ পৰা সুৰুঙা নাইকিয়া কৰাৰ ফলত চৰকাৰে দৰিদ্ৰৰ কল্যাণৰ বাবে ব্যয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে”
“PM Vishw“বিশ্বকৰ্মাসকলৰ পৰম্পৰাগত দক্ষতাক একবিংশ শতিকাৰ প্ৰয়োজনৰ লগত খাপ খুৱাবলৈ প্ৰণয়ন কৰা হৈছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা”

নমস্কাৰ,

আজি আপোনালোক সকলোৱে এই ঐতিহাসিক সময়ত শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বৰ সৈতে নিজকে জড়িত কৰিছে৷ এই বছৰ, মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা সবিশেষ কৈছো যে কিদৰে ৰাষ্ট্ৰীয় চৰিত্ৰই দেশৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এয়া ভাৰতৰ ভৱিষ্যত প্ৰজন্মক নতুন গঢ় দিয়াৰ, তেওঁলোকক আধুনিকতাৰে সজাই তোলাৰ আৰু তেওঁলোকক নতুন দিশ দিয়াৰ দায়িত্ব৷ মই ৫,৫০০তকৈ অধিক শিক্ষকক শুভেচ্ছা জনাইছো, যিসকলে মধ্যপ্ৰদেশৰ প্ৰাথমিক বিদ্যালয়ত নিযু্ক্তি লাভ কৰিছে৷ মোক জনোৱা মতে বিগত তিনি বছৰত মধ্যপ্ৰদেশত ৫০,০০০তকৈ অধিক শিক্ষক নিযুক্তি দিয়া হৈছে৷ মই ইয়াৰ বাবে ৰাজ্য চৰকাৰকো অভিনন্দন জনাইছো৷

বন্ধুসকল,


ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ ক্ষেত্ৰতো আপোনালোক সকলোৱে মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ ওলাইছে। এখন উন্নত ভাৰতৰ সংকল্প পূৰণৰ দিশত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এক বৃহৎ অৱদান আগবঢ়াইছে। ইয়াৰ অধীনত পৰম্পৰাগত জ্ঞানৰ লগতে অত্যাধুনিক প্ৰযুক্তি দুয়োটাকে সমান গুৰুত্ব দিয়া হৈছে। প্ৰাথমিক শিক্ষাৰ বাবেও নতুন পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে। মাতৃভাষাত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আন এক প্ৰশংসনীয় কাম কৰা হৈছে। তেওঁলোকক মাতৃভাষাত শিক্ষা দিবলৈ নিদি ইংৰাজী নজনা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত এক বৃহৎ অন্যায় কৰা হ’ল। ই আছিল সামাজিক ন্যায়ৰ বিৰুদ্ধে। এতিয়া আমাৰ চৰকাৰে এই অন্যায় দূৰ কৰিলে। এতিয়া পাঠ্যক্ৰমত আঞ্চলিক ভাষাৰ কিতাপৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এইটোৱেই হ’ব দেশৰ শিক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰৰ আধাৰ।

বন্ধুসকল,

যেতিয়া ইতিবাচক মানসিকতা, সঠিক উদ্দেশ্য আৰু সম্পূৰ্ণ ভক্তিৰে সিদ্ধান্ত লোৱা হয়, তেতিয়া সমগ্ৰ পৰিৱেশ ইতিবাচকতাৰে ভৰি পৰে। 'অমৃতকাল'ৰ প্ৰথম বছৰত আমি দুটা ডাঙৰ ইতিবাচক বাতৰিৰ সন্মুখীন হৈছো। এইবোৰে আমাক দেশৰ দৰিদ্ৰতা হ্ৰাস আৰু বৃদ্ধি পোৱা সমৃদ্ধিৰ বিষয়ে অৱগত কৰে। নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি মাত্ৰ পাঁচ বছৰৰ ভিতৰত ভাৰতত ১৩.৫ কোটি ভাৰতীয় দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ গতি কৰিছে। কিছুদিন আগতে আন এটা প্ৰতিবেদন প্ৰকাশ পাইছিল। এই প্ৰতিবেদন অনুসৰি এই বছৰ দাখিল কৰা আয়কৰ ৰিটাৰ্ণৰ সংখ্যাইও এক অতি গুৰুত্বপূৰ্ণ দিশৰ ইংগিত দিয়ে। বিগত ৯ বছৰত জনসাধাৰণৰ গড় আয়ৰ ব্যাপক বৃদ্ধি হৈছে। আইটিআৰৰ তথ্য অনুসৰি ২০১৪ চনত প্ৰায় ৪ লাখ টকাৰ গড় আয় ২০২৩ চনত ১৩ লাখ টকালৈ বৃদ্ধি পাইছে। ভাৰততো নিম্ন আয়ৰ গোটৰ পৰা উচ্চ আয়ৰ গোটলৈ যোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই পৰিসংখ্যাই উৎসাহ বৃদ্ধি কৰাৰ উপৰিও দেশৰ প্ৰতিটো খণ্ড শক্তিশালী হৈ উঠিছে আৰু বহুতো নতুন কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে বুলিও নিশ্চয়তা প্ৰদান কৰিছে।

বন্ধুসকল,

আয়কৰ ৰিটাৰ্ণৰ নতুন পৰিসংখ্যাত আৰু এটা কথা মন কৰিবলগীয়া। অৰ্থাৎ দেশৰ নাগৰিকৰ নিজৰ চৰকাৰৰ ওপৰত থকা আস্থা ক্ৰমাগতভাৱে অধিক শক্তিশালী হৈ আহিছে। ফলত দেশৰ নাগৰিকে সততাৰে কৰ পৰিশোধ কৰিবলৈ ব্যাপক হাৰত আগবাঢ়ি আহিছে। তেওঁলোকে জানে যে তেওঁলোকৰ কৰ প্ৰতিটো পইচা দেশৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হৈছে। ২০১৪ চনৰ পূৰ্বে বিশ্বৰ ১০ নম্বৰ স্থানত থকা অৰ্থনীতিয়ে আজি পঞ্চম স্থানত উপনীত হোৱাটো তেওঁলোকৰ বাবে স্পষ্টভাৱে দেখা যায়। ২০১৪ চনৰ আগৰ সময়ছোৱা কেলেংকাৰী আৰু দুৰ্নীতিৰ যুগ সেই কথা দেশৰ নাগৰিকে পাহৰিব নোৱাৰে। দুখীয়াৰ অধিকাৰ, ধন তেওঁলোকৰ ওচৰ পোৱাৰ আগতেই কাঢ়ি লৈ গ’ল। আজি দুখীয়াৰ বাবে নিৰ্ধাৰিত সকলো টকা পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত উপনীত হৈছে।

বন্ধুসকল,

ব্যৱস্থাটোত দুৰ্নীতি ৰোধ কৰাৰ ফলত চৰকাৰে এতিয়া দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে পূৰ্বতকৈ অধিক খৰচ কৰিবলৈ সক্ষম হৈছে। ইমান বৃহৎ পৰিসৰত কৰা বিনিয়োগে দেশৰ প্ৰতিটো কোণত চাকৰিও সৃষ্টি কৰিছে। তেনে এটা উদাহৰণ হ’ল কমন ছাৰ্ভিচ চেণ্টাৰ। ২০১৪ চনৰ পৰা দেশৰ গাঁওসমূহত ৫ লাখ নতুন কমন ছাৰ্ভিচ চেণ্টাৰ স্থাপন কৰা হৈছে। প্ৰতিটো কমন ছাৰ্ভিচ চেণ্টাৰে আজি বহু লোকক চাকৰিৰ ব্যৱস্থা কৰিছে। গতিকে, গাঁও আৰু দুখীয়াৰ কল্যাণ নিশ্চিত হ’ল আৰু একে সময়তে কৰ্মসংস্থাপনৰো সুবিধা সৃষ্টি হ’ল।

বন্ধুসকল,

আজি শিক্ষা, দক্ষতা বিকাশ আৰু নিয়োগ সৃষ্টিৰ দৰে তিনিওটা স্তৰতে সুদূৰপ্ৰসাৰী নীতি আৰু সিদ্ধান্ত লৈ দেশত কেইবাটাও আৰ্থিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। যোৱা ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাও ঘোষণা কৰিছো। এই আঁচনিখনো এই দৃষ্টিভংগীৰ প্ৰতিফলন। আমাৰ বিশ্বকৰ্মা বন্ধুসকলৰ পৰম্পৰাগত দক্ষতাক একবিংশ শতিকাৰ প্ৰয়োজন অনুযায়ী গঢ় দিবলৈ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা প্ৰণয়ন কৰা হৈছে। ইয়াৰ বাবে প্ৰায় ১৩ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব। এই আঁচনিৰ অধীনত ১৮টা ভিন্ন ধৰণৰ দক্ষতাৰ সৈতে জড়িত পৰিয়ালসমূহক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হ’ব; আৰু তেওঁলোকে লাভৱান হ’ব। ইয়াৰ দ্বাৰা সমাজৰ সেই শ্ৰেণীটো উপকৃত হ’ব, যাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হৈছিল, কিন্তু তেওঁলোকৰ অৱস্থা উন্নত কৰাৰ বাবে কেতিয়াও কোনো সংহত প্ৰচেষ্টা চলোৱা হোৱা নাছিল। বিশ্বকৰ্মা আঁচনিৰ অধীনত প্ৰশিক্ষণৰ লগতে হিতাধিকাৰীসকলক আধুনিক সঁজুলি ক্ৰয় কৰিবলৈ ভাউচাৰো দিয়া হ’ব। অৰ্থাৎ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ জৰিয়তে যুৱক-যুৱতীসকলে নিজৰ দক্ষতা বৃদ্ধিৰ অধিক সুযোগ লাভ কৰিব।

বন্ধুসকল,

আজি শিক্ষক হোৱা এই বৃহৎ সংখ্যক লোকক আৰু এটা কথা ক’ব বিচাৰিছো। আপোনালোক সকলোৱে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ইয়াত উপনীত হৈছে। আশা কৰোঁ আপোনালোকে আৰু শিকিব। আপোনালোকৰ সহায়ৰ বাবে চৰকাৰে অনলাইন শিক্ষা মঞ্চ আইগট কৰ্মযোগী আৰম্ভ কৰিছে। এই সুযোগৰ সৰ্বাধিক সুবিধা ল’বলৈ চেষ্টা কৰক। এতিয়া যিসময়ত আপোনালোকে আপোনালোকৰ সপোন পূৰণৰ এক সুন্দৰ সুযোগ পাইছে, সেই সময়ত আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক এই নতুন সফলতাৰ বাবে তথা এই নতুন যাত্ৰাৰ বাবে আন্তৰিক শুভেচ্ছা জনাইছো। ধন্যবাদ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India got lucky, he lives and breathes India: Putin's big praise for PM Modi

Media Coverage

India got lucky, he lives and breathes India: Putin's big praise for PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
December 05, 2025

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, December 28th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.