“আজিৰ এই নিযুক্তিয়ে ৯ হাজাৰ পৰিয়াললৈ সুখৰ বাৰ্তা কঢ়িয়াইছে আৰু উত্তৰ প্ৰদেশৰ সুৰক্ষাৰ বৰ্ধন ঘটাব”
“সুৰক্ষা আৰু নিয়োগৰ সংযুক্ত শক্তিয়ে উত্তৰ প্ৰদেশৰ অৰ্থনীতিক নতুন গতি প্ৰদান কৰিছে”
“২০১৭ৰপৰা উত্তৰ প্ৰদেশ আৰক্ষীত ১.৫ লাখৰো অধিক নতুন নিযুক্তিয়ে নিয়োগ আৰু নিৰাপত্তা উভয়ৰে অগ্ৰগতি সাধন কৰিছে”
“আৰক্ষী সেৱালৈ আহিলে এডাল ‘দাণ্ডা’ পোৱা যায়, কিন্তু ভগৱানে আপোনালোককো এখন হৃদয় দিছে। আপোনালোক সংবেদনশীল হ’ব লাগিব আৰু ব্যৱস্থাটোকো সংবেদনশীল কৰি তুলিব লাগিব”
“আপোনালোক জনসাধাৰণৰ বাবে সেৱা আৰু শক্তি উভয়ৰে প্ৰতিফলন হ’ব পাৰে”

এই কেইদিন ৰোজগাৰ মেলা মোৰ বাবে এক বিশেষ কাৰ্যসূচীত পৰিণত হৈছে৷ বিগত কেইমাহমান ধৰি দেখি আহিছো যে প্ৰতি সপ্তাহত বিজেপি শাসিত যিকোনো এখন ৰাজ্যত ৰোজগাৰ মেলা অনুষ্ঠিত হৈ আহিছে আৰু হাজাৰ হাজাৰ যুৱক-যুৱতীক ৰোজগাৰৰ নিযুক্তি পত্ৰ প্ৰদান কৰি থকা হৈছে৷ মোৰ সৌভাগ্য এই যে মই তেওঁলোকৰ সাক্ষী হ’ব পাৰিছো৷ এই প্ৰতিভাশালী যুৱক-যুৱতী, চৰকাৰী ব্যৱস্থাত নতুন চিন্তাধাৰা লৈ আহিছে, সক্ষমতা বৃদ্ধিত সহায় কৰিছে৷

বন্ধুসকল,

উত্তৰ প্ৰদেশত আয়োজন কৰা আজিৰ নিয়োগ মেলাৰ বিশেষ তাৎপৰ্য আছে। এই ৰোজগাৰ মেলাখনে ৯ হাজাৰ পৰিয়াললৈ সুখ কঢ়িয়াই অনাই নহয়, উত্তৰপ্ৰদেশৰ নিৰাপত্তাৰ ভাৱনাকো অধিক শক্তিশালী কৰি তুলিছে। নতুন নিযুক্তিৰ লগে লগে উত্তৰ প্ৰদেশ আৰক্ষী বাহিনী অধিক শক্তিশালী আৰু উন্নত হ’ব। নতুন আৰম্ভণি আৰু নতুন দায়িত্বৰ বাবে আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলক মোৰ ফালৰ পৰা বহুত অভিনন্দন জ্ঞাপন কৰিসো। মোক কোৱা হৈছে যে ২০১৭ চনৰ পৰা উত্তৰপ্ৰদেশ আৰক্ষীত কেৱল এটা বিভাগত ডেৰ লাখতকৈ অধিক নতুন নিযুক্তি দিয়া হৈছে। অৰ্থাৎ বিজেপি শাসনৰ অধীনত কৰ্মসংস্থাপন আৰু নিৰাপত্তা দুয়োটা দিশতে বৃদ্ধি পাইছে।

বন্ধুসকল,

এটা সময়ত উত্তৰপ্ৰদেশত মাফিয়া আৰু আইন-শৃংখলা ভংগ পৰিস্থিতিৰ বাবে পৰিচিত আছিল। আজি উত্তৰপ্ৰদেশে উন্নত আইন-শৃংখলাৰ বাবে স্বীকৃতি লাভ কৰিছে, উন্নয়নৰ দিশত আগবাঢ়ি যোৱা ৰাজ্যসমূহৰ ভিতৰত ই অন্যতম। বিজেপি চৰকাৰে ৰাইজৰ মাজত নিৰাপত্তাৰ ভাৱ আৰু অধিক শক্তিশালী কৰি তুলিছে। আমি সকলোৱে জানো যে য’তেই আইন-শৃংখলা শক্তিশালী, তাতেই নিয়োগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। ব্যৱসায়ৰ বাবে য’তেই নিৰাপদ পৰিৱেশ থাকে তাতেই বিনিয়োগ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এতিয়া আপোনালোকে দেখিছে এক প্ৰকাৰে ভাৰতৰ নাগৰিকৰ বাবে পৰ্যটন হৈছে শ্ৰদ্ধাৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰ। তীৰ্থযাত্ৰাৰ বিভিন্ন স্থান। প্ৰতিটো পৰম্পৰা পালন কৰাসকলৰ বাবে উত্তৰ প্ৰদেশত সকলো আছে। যেতিয়া আইন-শৃংখলা শক্তিশালী হয়, তেতিয়া দেশৰ চুকে-কোণে এনে খবৰ পোৱা যায়, তেতিয়া উত্তৰ প্ৰদেশতো যাত্ৰীৰ সংখ্যা বৃদ্ধি পায় আৰু আজিকালি বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰখনো আমি দেখিবলৈ পাইছো, যিদৰে উত্তৰপ্ৰদেশৰ উন্নয়নক অগ্ৰাধিকাৰ দিছে ইয়াৰ বাবে প্ৰতিটো খণ্ডতে বিভিন্ন কৰ্মসংস্থাপনৰ সুযোগ বাঢ়িছে। একাধিক আধুনিক এক্সপ্ৰেছৱে নিৰ্মাণ, নতুন বিমানবন্দৰ নিৰ্মাণ, নিৰ্দিষ্ট মালবাহী কৰিডৰ নিৰ্মাণ, নতুন প্ৰতিৰক্ষা কৰিডৰৰ ব্যৱস্থা, নতুন মোবাইল উৎপাদন ইউনিট, আধুনিক জলপথ, উত্তৰপ্ৰদেশৰ আধুনিক আন্তঃগাঁথনিয়ে প্ৰতিটো কোণত বহুতো নতুন চাকৰি সৃষ্টি কৰিছে।

বৰ্তমান উত্তৰপ্ৰদেশত সৰ্বাধিক, ইয়াত ঘাইপথসমূহ ধাৰাবাহিকাভাৱে সম্প্ৰসাৰণ কৰা হৈছে। কিছু সময়ৰ পূৰ্বে মোক লগ কৰিবলৈ এটা পৰিয়াল আহিছিল, তেওঁলোকৰ লগত এজনী ছোৱালী আছিল। তেওঁক সুধিলো' আপুনি উত্তৰ প্ৰদেশৰ নেকি? তেওঁ ক’লে “নাই, মই এক্সপ্ৰেছ প্ৰদেশৰ”। চাওক, এয়া হৈছে উত্তৰ প্ৰদেশৰ পৰিচয়। প্ৰতিখন চহৰৰ সৈতে ঘাইপথটো সংযোগ কৰিবলৈ নতুন নতুন পথো নিৰ্মাণ কৰা হৈছে। এই উন্নয়নমূলক প্ৰকল্পসমূহে কেৱল কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাই নহয়, উত্তৰপ্ৰদেশলৈ আন প্ৰকল্পসমূহ অহাৰ পথো প্ৰস্তুত কৰিছে। উত্তৰপ্ৰদেশ চৰকাৰে যিদৰে পৰ্যটন উদ্যোগক প্ৰসাৰিত কৰি নতুন সা-সুবিধা প্ৰদান কৰিছে, সেইদৰে কৰ্মসংস্থাপনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। কেইদিনমান আগতে পঢ়িছিলো যে বৰদিনৰ সময়ত মানুহ গোৱালৈ যায়। সম্পূৰ্ণ বুকিং হৈ আছে গোৱা। এইবাৰ পৰিসংখ্যা আহিছে যে গোৱাতকৈ কাশীৰ বুকিং বেছি হ’ল। কাশীৰ সাংসদ হিচাপে মই বৰ সুখী অনুভৱ কৰিছিলো। কেইদিনমান আগতে বিশ্ব বিনিয়োগকাৰী সন্মিলনত বিনিয়োগকাৰীসকলৰ উৎসাহ দেখিছো। হাজাৰ কোটিৰ এই বিনিয়োগ, চৰকাৰী আৰু বেচৰকাৰী উভয়ৰে কৰ্মসংস্থাপনৰ সুযোগ ইয়াত বৃদ্ধি পাব৷

বন্ধুসকল,

নিৰাপত্তা আৰু নিয়োগৰ সমন্বিত শক্তিয়ে উত্তৰপ্ৰদেশৰ অৰ্থনীতিক নতুন গতি প্ৰদান কৰিছে। নিশ্চয়তা অবিহনে ১০ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰা মুদ্ৰা যোজনাই উত্তৰপ্ৰদেশৰ লাখ লাখ যুৱকৰ সপোনক নতুন ডেউকা প্ৰদান কৰিছে। এক জিলা এক সামগ্ৰীয়ে প্ৰতিখন জিলাতে নতুন নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। ইয়াৰ ফলত যুৱক-যুৱতীসকলে নিজৰ দক্ষতাক বৃহৎ বজাৰলৈ লৈ যোৱাৰ সুবিধা লাভ কৰিছে। ভাৰতৰ ক্ষুদ্ৰ উদ্যোগৰ সৰ্ববৃহৎ আধাৰ উত্তৰপ্ৰদেশত লাখ লাখ পঞ্জীয়নভুক্ত এমএছএমই আছে। নতুন উদ্যোগীসকলৰ বাবে ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ সৃষ্টিৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশে অগ্ৰণী ভূমিকা পালন কৰিছে।

বন্ধুসকল,

যিসকলে আজি নিযুক্তি পত্ৰ পাইছে, তেওঁলোকে সদায় এটা কথা মনত ৰাখিব লাগে। আপোনালোকৰ জীৱনত নতুন দায়িত্ব, নতুন প্ৰত্যাহ্বান আৰু নতুন সুযোগ আহি আছে। প্ৰতিদিনে নতুন নতুন সুযোগে আপোনাৰ বাবে অপেক্ষা কৰি আছে। ইয়াৰ পিছতো মই আপোনালোকক ব্যক্তিগতভাৱে কওঁ, উত্তৰ প্ৰদেশৰ এজন সাংসদ হিচাপে আৰু মোৰ ইমান বছৰৰ ৰাজহুৱা জীৱনৰ অভিজ্ঞতাৰ বাবেই মই আপোনালোকক কওঁ যে আজিও আপোনালোকে নিযুক্তি পত্ৰখন পাইছে। আপোনাৰ ভিতৰৰ ছাত্ৰজনে কেতিয়াও আপোনাক হত্যা কৰিবলৈ নিদিব। প্ৰতিটো মুহূৰ্তত নতুনকৈ শিকক, ক্ষমতা বৃদ্ধি কৰক, সামৰ্থ্য বৃদ্ধি কৰক। এতিয়া অনলাইনতো ইমান শিক্ষাৰ ব্যৱস্থা কৰা হৈছে, বহুখিনি শিকিব পাৰি। আপোনালোকৰ প্ৰগতিৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ। কেতিয়াও নিজৰ জীৱনটোক থমকি যাবলৈ দিব নালাগে৷ জীৱনটোও গতিশীল হ’ব লাগে। জীৱনেও নতুন উচ্চতা অতিক্ৰম কৰক। ইয়াৰ বাবে অৰ্হতা বৃদ্ধি কৰিবলৈ। চৰকাৰী সেৱাত নামভৰ্তি হৈছে, জীৱনৰ আৰম্ভণি হৈছে। আৰু এইটোক আপোনালোকৰ আৰম্ভণি বুলি গণ্য কৰক। আপোনালোকৰ ব্যক্তিত্বৰ বিকাশ, আপোনালোতৰ প্ৰগতিৰ প্ৰতিও গুৰুত্ব দিব লাগিব, আপোনালোকৰ জ্ঞান বৃদ্ধি কৰি থাকিব লাগিব। এই সেৱালৈ আহিলে আপোনালোকে নিযুক্তি পত্ৰ পাইছে। যেতিয়া আপোনালোকে পুলিচৰ ইউনিফৰ্ম পিন্ধিবলৈ ওলায় তেতিয়া চৰকাৰে আপোনালোকক হাতত লাঠি দিয়ে, কিন্তু পাহৰি নাযাব যে চৰকাৰ পিছত আহিছে, প্ৰথমে ভগৱানে আপোনালোকক এটা হৃদয় দিছে। সেইবাবেই লাঠিতকৈ হৃদয়খনক বেছি বুজিব লাগিব। আপোনালোক সংবেদনশীল হ'ব লাগিব আৰু ব্যৱস্থাপ্ৰণালীকো সংবেদনশীল কৰিব লাগিব। আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলৰ প্ৰশিক্ষণত তেওঁলোকক যিমান পাৰি সংবেদনশীল কৰি তোলাৰো যত্ন লোৱা হ’ব। উত্তৰপ্ৰদেশ চৰকাৰে বহু পৰিৱৰ্তন কৰি আৰক্ষী বাহিনীৰ প্ৰশিক্ষণ দ্ৰুতগতিত উন্নত কৰাৰ বাবে কাম কৰি আছে। উত্তৰপ্ৰদেশত স্মাৰ্ট পুলিচিঙৰ প্ৰসাৰৰ বাবে যুৱক-যুৱতীসকলক চাইবাৰ অপৰাধ, ফৰেনছিক বিজ্ঞান আৰু অত্যাধুনিক প্ৰযুক্তিৰ প্ৰশিক্ষণো দিয়া হ’ব।

বন্ধুসকল,

আজি নিযুক্তি পত্ৰ পোৱা সকলো যুৱকে সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ সমান্তৰালকৈ সমাজখনক দিশ নিৰ্দেশনা দিয়াৰ দায়িত্ব আছে। আপোনালোক ৰাইজৰ সেৱা আৰু ক্ষমতা দুয়োটাৰে প্ৰতিফলন হওক। আপোনালোকৰ আনুগত্য আৰু দৃঢ় সংকল্পৰে এনে এক পৰিৱেশ সৃষ্টি কৰক য’ত অপৰাধীক ভয় কৰা হয় আৰু আইন পালন কৰা লোকসকল আটাইতকৈ নিৰ্ভীক হয়। আকৌ এবাৰ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ শুভেচ্ছা জনালো। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report

Media Coverage

EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মে’ 2026
May 08, 2026

Nari Shakti to National Security: One Vision, a Thousand Victories Under PM Modi