"ৱাটাৰ ভিজন@২০৪৭ হৈছে অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাত্ৰা"
"যেতিয়া ৰাইজ এটা প্ৰচাৰৰ সৈতে জড়িত হয়, তেওঁলোকে কামটোৰ গুৰুত্বও জানে"
"যেতিয়া মানুহে স্বচ্ছ ভাৰত অভিযানত যোগদান কৰিছিল, জনসাধাৰণৰ মাজতো এক চেতনা জাগ্ৰত হৈছিল"
"দেশখনে প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰ নিৰ্মাণ কৰি আছে, যাৰ ভিতৰত এতিয়ালৈকে ২৫ হাজাৰ অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে"
"জল জীৱন মিছন হৈছে প্ৰতিটো পৰিয়ালক পানী যোগান ধৰে বাবে ৰাজ্যখনৰ এক মুখ্য উন্নয়নৰ মাপকাঠি"
"প্ৰতি টোপালত অধিক শস্য" অভিযানৰ অধীনত, দেশত এতিয়ালৈকে ৭০ লাখ হেক্টৰতকৈও অধিক ভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনলৈ অনা হৈছে"
"পানী যোগানৰ পৰা অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনালৈকে ৰোডমেপ বিবেচনা কৰি গাওঁ পঞ্চায়তসমূহে পৰৱৰ্তী ৫ বছৰৰ বাবে এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিব লাগে"
"আমাৰ নদী, জলাশয়সমূহ হৈছে সমগ্ৰ জল পৰিস্থিতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ"
"নমামি গঙ্গে মিছনক এক ব্লুপ্ৰিণ্ট হিচাপে গঢ়ি তুলি আন ৰাজ্যসমূহেও নদী সংৰক্ষণৰ বাবে

নমস্কাৰ

দেশৰ সকলো ৰাজ্যৰ জলমন্ত্ৰীৰে সৈতে প্ৰথম সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰাটো অতি উল্লেখযোগ্য কথা। আজি ভাৰতে অভূতপূৰ্ব কাম কৰি আছে আৰু জল সুৰক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰিছে। আমাৰ সাংবিধানিক ব্যৱস্থাত পানীৰ বিষয়টো ৰাজ্যৰ নিয়ন্ত্ৰণত আছে। দেশৰ ৰাজ্যসমূহে পানী সংৰক্ষণৰ বাবে কৰা প্ৰচেষ্টা সামগ্ৰিকভাৱে দেশৰ প্ৰেক্ষাপটত নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাত অতি সহায়ক হ’ব। এই সন্দৰ্ভত ‘২০৪৭ চনৰ ভিতৰত জল দৃষ্টিভংগী’য়ে অহা বছৰ অমৃত যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাত্ৰা সংযোজন কৰিব৷

বন্ধুসকল,

এই সন্মিলনত ‘সমগ্ৰ চৰকাৰ’ আৰু ‘সমগ্ৰ দেশ’ৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পৰ্যায়ত আলোচনা কৰাটো স্বাভাৱিক আৰু প্ৰয়োজনীয়। ‘গোটেই চৰকাৰ’ৰ এটা দিশ হ’ল কেন্দ্ৰ আৰু ৰাজ্য নিৰ্বিশেষে সকলো চৰকাৰকে ‘ব্যৱস্থা’ হিচাপে, ‘জৈৱিক সত্তা’ৰ দৰে কাম কৰা। ৰাজ্যসমূহৰ বিভিন্ন সংশ্লিষ্ট মন্ত্ৰালয়ো আছে– জল মন্ত্ৰালয়ৰ পৰা আৰম্ভ কৰি জলসিঞ্চন মন্ত্ৰালয়, কৃষি মন্ত্ৰালয়, গ্ৰামোন্নয়ন মন্ত্ৰালয় আৰু পশুপালন মন্ত্ৰালয়, লগতে নগৰ উন্নয়ন মন্ত্ৰালয় আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰালয়–এই মন্ত্ৰালয়সমূহৰ মাজত তথ্য বিনিময়ৰ ক্ষেত্ৰত নিয়মীয়া যোগাযোগ আৰু স্বচ্ছতা থাকিব লাগে। আমাৰ এই দূৰদৰ্শিতা থকাটো অতি প্ৰয়োজনীয়। যদি চৰকাৰী বিভাগসমূহৰ হাতত নিজ নিজ বিভাগৰ তথ্য, সম্পূৰ্ণ তথ্য থাকে, তেন্তে নিজাকৈ পৰিকল্পনা প্ৰস্তুত কৰাটোও সুবিধাজনক।

বন্ধুসকল,

আমি এইটোও বুজিব লাগিব যে সফলতা কেৱল চৰকাৰী প্ৰচেষ্টাৰ পৰাই নহয়। চৰকাৰৰ দায়িত্বত থকাসকলে এই মানসিকতাৰ পৰা ওলাই আহক যে কেৱল তেওঁলোকৰ প্ৰচেষ্টাতে আশা কৰা ধৰণৰ ফলাফল পাব। সেইবাবেই পানী সংৰক্ষণৰ লগত জড়িত অভিযানসমূহত সাধাৰণ মানুহৰ অংশগ্ৰহণ নিশ্চিত কৰিব লাগে। আমি বিভিন্ন সামাজিক সংগঠন আৰু নাগৰিক সমাজক যিমান পাৰি জড়িত কৰিব লাগিব, সেইবোৰ আমি লগত লৈ যাব লাগিব। ৰাজহুৱা অংশীদাৰিত্বৰ আন এটা দিশ আছে আৰু সেইটোও অতি ভালদৰে বুজাটো প্ৰয়োজন। কিছুমান মানুহে ভাবে যে জনসাধাৰণৰ অংশগ্ৰহণ মানে সকলো দায়িত্ব ৰাইজৰ ওপৰত এৰি দিয়া। তেওঁলোকে ভাবে যে জনসাধাৰণৰ অংশগ্ৰহণক উৎসাহিত কৰিলে চৰকাৰৰ দায়িত্ব হ্ৰাস পাব। কিন্তু, এয়া বাস্তৱ নহয়। জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধিয়ে চৰকাৰী জবাবদিহিতা হ্ৰাস নকৰে। ৰাজহুৱা অংশীদাৰিত্বৰ আটাইতকৈ ডাঙৰ লাভ হ’ল – সাধাৰণ মানুহেও জানিব পাৰে, কিমান কষ্টৰ প্ৰয়োজন আৰু কিমান টকা এই অভিযানত নিয়মীয়াকৈ ব্যয় কৰা হৈছে। ইয়াৰ বহু দিশ আছে। সাধাৰণ মানুহ যেতিয়া কোনো অভিযানত জড়িত হৈ থাকে তেতিয়া সেই কামৰ গুৰুত্ব ভালদৰে বুজিব পৰা যায়। তেতিয়াহে সেই কামৰ শক্তি অনুভৱ কৰিব পাৰি। ইয়াৰ আকাৰ অনুভৱ কৰিব পাৰি। ফলত যেতিয়া মানুহে চকুৰ সন্মুখত সকলো ঘটি থকা দেখি, তাৰ লগত জড়িত হৈ পৰে, তেতিয়া এনে এটা প্ৰকল্প বা অভিযানত ‘মালিকত্ববোধ’ আহে। এই ‘মালিকত্ববোধ’ যিকোনো প্ৰকল্প বা অভিযানৰ সফলতাত আটাইতকৈ ডাঙৰ সম্পদ। এতিয়া চাওক স্বচ্ছ ভাৰত অভিযান আজি আমাৰ সন্মুখত এক ডাঙৰ আদৰ্শ। সাধাৰণ মানুহ যেতিয়া এই স্বচ্ছ ভাৰত অভিযানৰ লগত জড়িত হ’ল, তেতিয়া জনমানসত এক নতুন চেতনা জাগ্ৰত হ’ল, মানুহ সজাগ হৈ পৰিল। আৱৰ্জনা আঁতৰাবলৈ, পানী বিশুদ্ধকৰণ প্ৰকল্প নিৰ্মাণ কৰিবলৈ, শৌচাগাৰ নিৰ্মাণ কৰিবলৈ যিমানখিনি সম্পদৰ প্ৰয়োজন -চৰকাৰে সেইবোৰ কাম কৰিছে। কিন্তু, এই অভিযানৰ সফলতা তেতিয়াহে নিশ্চিত হৈছে যেতিয়া প্ৰতিজন নাগৰিকৰ সজাগতা ৰাইজৰ মনলৈ আহিছে যে ইয়াক লেতেৰা কৰিবলৈ দিয়া নহয়, ইয়াত জাবৰ পেলাবলৈ দিয়া নহয়। লেতেৰা জাবৰৰ প্ৰতি এক বিদ্বেষ ৰাইজৰ মনত গঢ় লৈ উঠিবলৈ আৰম্ভ কৰিছে। একেদৰে আজি আমাৰ পানী সংৰক্ষণৰ বাবে জনসাধাৰণৰ অংশীদাৰিত্বৰ এই ধাৰণাটো জাগ্ৰত কৰা উচিত। মানুহক সজাগ কৰিব লাগে। এই ক্ষেত্ৰত আমি যিমানেই মানুহক সজাগ কৰিম সিমানেই প্ৰভাৱৰ সৃষ্টি হ’ব। যেনে-আমি বিভিন্ন স্তৰত 'জল সজাগতা মহোৎসৱ' আয়োজন কৰিব পাৰোঁ। আমি স্থানীয় পৰ্যায়ত আয়োজন কৰা বিভিন্ন মেলাত পানীৰ বিষয়ে বিভিন্ন ধৰণৰ সজাগতাৰ আয়োজন কৰিব পাৰো। বিশেষকৈ নৱ প্ৰজন্মক এই ক্ষেত্ৰত উৎসাহিত কৰা উচিত। তেওঁলোকক যাতে পাৰ্যমানে সজাগ কৰিব পাৰি, সেইটো চাব লাগে। সেইবাবেই আমি পাঠ্যক্ৰমৰ পৰা বিদ্যালয়লৈ বিভিন্ন পদ্ধতিৰ প্ৰৱৰ্তন কৰিব লাগিব। আপোনালোকে জানে যে আমি দেশৰ প্ৰতিখন জিলাতে ৭৫টা অমৃত সৰোবৰ নিৰ্মাণ কৰি আছো। আপুনিও নিজৰ ৰাজ্যতে এই অভিযান আৰম্ভ কৰি বহু কাম কৰিছে। ইমান কম সময়ৰ ভিতৰতে দেশত ২৫,০০০ অমৃত সৰোবৰ গঢ় লৈ উঠিছে। সমগ্ৰ বিশ্বতে পানী সংৰক্ষণৰ বাবে এয়া এক অতুলনীয় অভিযান। আৰু ইতিমধ্যে এই অভিযানটো ৰাজহুৱা অংশীদাৰিত্বত সংযোজন কৰা হৈছে। সাধাৰণ মানুহে নিজাববীয়াকৈ বিভিন্ন উদ্যোগ লৈছে, স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে। এই অমৃত সৰোবৰসমূহ সংৰক্ষণৰ ক্ষেত্ৰত সাধাৰণ মানুহক জড়িত কৰিবলৈ আমি অদম্য প্ৰচেষ্টা চলাব লাগিব।

বন্ধুসকল,

আমাৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো চৰকাৰী নীতি আৰু পৰম্পৰাগত আমোলাতন্ত্ৰিক প্ৰক্ৰিয়াৰ ঊৰ্ধ্বত গৈ পানী সম্পৰ্কীয় সকলো সমস্যা সমাধান কৰাটো প্ৰয়োজন। আমাৰ সমস্যাসমূহ চিনাক্ত কৰি সমাধান বিচাৰিবলৈ আমি প্ৰযুক্তিৰ সহায় ল’ব লাগিব। ৰাজহুৱা আৰু ব্যক্তিগত উদ্যোগ বিশেষকৈ ষ্টাৰ্টআপসমূহ জড়িত হ’ব লাগে। এই লক্ষ্যত উপনীত হোৱাত ‘জিঅ’ চেন্সিং’ আৰু ‘জিঅ’ মেপিং’ৰ দৰে বিভিন্ন উন্নত প্ৰযুক্তিৰ যথেষ্ট সহায়ক হ’ব পাৰে।

বন্ধুসকল,

প্ৰতিটো ঘৰলৈ পাইপেৰে পানী সংযোগ প্ৰদান কৰা ‘জল জীবন মিছন’ আপোনাৰ ৰাজ্যৰ উন্নয়নৰ এক প্ৰধান সূচক। এই ক্ষেত্ৰত বহু ৰাজ্যই ভাল কাম কৰিছে, বহু ৰাজ্যই এই লক্ষ্যৰ দিশে আগবাঢ়িছে। এতিয়া আমি নিশ্চিত হ’ব লাগিব যে এই ব্যৱস্থাসমূহ এবাৰ নিৰ্মাণ হ’লে ভৱিষ্যতেও ইয়াক একেদৰেই ভালদৰে ৰক্ষণাবেক্ষণ কৰিব পৰা যাব। আমাৰ গাঁও পঞ্চায়তসমূহে ‘জল জীৱন মিছন’ৰ নেতৃত্ব দিয়ক আৰু কাম সমাপ্ত হ’লে তেওঁলোকৰ গাঁও পঞ্চায়তলৈ পৰ্যাপ্ত পানী যাতে পোৱা যায় আৰু বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰক। প্ৰতিখন গাঁও পঞ্চায়তে তেওঁলোকৰ গাঁৱৰ কিমান ঘৰত পাইপেৰে পৰিশোধিত খোৱাপানী লাভ কৰিছে সেই বিষয়েও অনলাইনযোগে মাহেকীয়া বা ত্ৰিমাসিক প্ৰতিবেদন ‘দাখিল’ কৰিব পাৰে। খোৱাপানীৰ মান নিশ্চিত কৰিবলৈ পানী পৰীক্ষাৰ প্ৰক্ৰিয়াও নিয়মীয়াকৈ বিকশিত কৰিব লাগে।

বন্ধুসকল,

আমি সকলোৱে জানো যে উদ্যোগ আৰু কৃষি হৈছে এনে দুটা ক্ষেত্ৰ য’ত স্বাভাৱিকতে যথেষ্ট পানীৰ প্ৰয়োজন হয়। আমি এই দুটা খণ্ডৰ সৈতে জড়িত লোকসকলৰ সৈতে এক বিশেষ অভিযান আৰম্ভ কৰি তেওঁলোকক পানী সৰংৰণৰ বিষয়ে সজাগ কৰিব লাগিব। পানীৰ উপলব্ধতাৰ ওপৰত ভিত্তি কৰি বীজ সিঁচাৰ পূৰ্বে শস্যৰ বৈচিত্ৰ্যতা, প্ৰাকৃতিক খেতিক উৎসাহিত কৰিব লাগে। বহু ঠাইত এইটোও পোৱা গৈছে যে য’ত জৈৱিক কৃষি চৰ্চা কৰা হয়, জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পানী সংৰক্ষণৰ ওপৰতো ইয়াৰ প্ৰভাৱ ইতিবাচক।

বন্ধুসকল,

‘প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনা’ৰ জৰিয়তে সকলো ৰাজ্যতে দ্ৰুতগতিত কাম চলি আছে। এই অভিযানৰ জৰিয়তে ‘ম’ৰ ক্ৰপ, পাৰ ড্ৰ’প’ আঁচনিৰ আৰম্ভ কৰিছিল। এই প্ৰকল্পৰ জৰিয়তে এতিয়ালৈকে দেশৰ ৭০ লাখ হেক্টৰতকৈও অধিক কৃষিভূমিত ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ অধীনলৈ অনা সম্ভৱ হৈছে। সকলো ৰাজ্যই এতিয়া নিয়মিতভাৱে ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ বাবে উৎসাহিত কৰা উচিত। পানী সংৰক্ষণৰ সপক্ষে ই এক অতি প্ৰয়োজনীয় প্ৰকল্প। এতিয়া প্ৰত্যক্ষ জলসিঞ্চনৰ খালৰ পৰিৱৰ্তে পাইপ লাইন ভিত্তিক নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে। এই প্ৰকল্পসমূহ অধিক ক্ষীপ্ৰ গতিত আগুৱাই নিব লাগিব।

বন্ধুসকল,

পানী সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘অটল ভূগৰ্ভস্থ জল সৰক্ষণ যোজনা’ আৰম্ভ কৰিছে। এই অভিযান অতি স্পৰ্শকাতৰ। একেই সংবেদনশীলতাৰে এই অভিযান আগবঢ়াই নিব লাগিব। ভূগৰ্ভস্থ পানী ব্যৱস্থাপনাৰ সপক্ষে স্থাপিত আয়োগে যাতে এই লক্ষ্যৰ দিশত কঠোৰভাৱে কাম কৰে সেয়া নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি কৰিবলৈ সকলো জিলাতে বৃহৎ পৰিসৰৰ ‘ৱাটাৰ চেড’ কামৰ প্ৰয়োজন। মই বিচাৰো যে মনৰেগা প্ৰকল্পৰ জৰিয়তে কৰা বেছিভাগ কামেই পানী সংৰক্ষণৰ বাবে হওক। দেশৰ পাহাৰীয়া অঞ্চল আৰু পাহাৰীয়া অঞ্চলত ‘স্প্ৰিং চেড’ পুনৰুজ্জীৱিত কৰাৰ বাবে আৰম্ভ কৰা কাৰ্যসূচীতো ক্ষিপ্ৰতাৰে কাম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ ৰাজ্যৰ বনাঞ্চল সম্প্ৰসাৰণ পানী সংৰক্ষণৰ বাবেও ইমানেই গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে পৰিৱেশ মন্ত্ৰালয় আৰু জল মন্ত্ৰালয়ে একেলগে কাম কৰিব। নিৰৱচ্ছিন্নভাৱে পানী যোগান ধৰি ৰাখিবলৈ সকলো স্থানীয় জল উৎসৰ সংৰক্ষণ নিশ্চিত কৰিব লাগে। গাঁও পঞ্চায়তসমূহে আগন্তুক পাঁচ বছৰৰ বাবে নিজৰ বাবে কাৰ্য পৰিকল্পনা তৈয়াৰ কৰে। পানীক কেন্দ্ৰ কৰি এই কাৰ্য পৰিকল্পনা তৈয়াৰ কৰক। ইয়াত পানী যোগানৰ পৰা অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনালৈকে ৰোডমেপ অন্তৰ্ভুক্ত কৰিব লাগে। এখন গাঁৱত কিমান পানী লাগে আৰু কিমান কাম কৰিব লাগে তাৰ আধাৰত কিছুমান ৰাজ্যত পঞ্চায়ত পৰ্যায়ত ‘জল বাজেট’ প্ৰস্তুত কৰা হৈছে। আন ৰাজ্যসমূহেও এই পদ্ধতি প্ৰৱৰ্তন কৰিব পাৰে। বিগত বৰ্ষসমূহত আমি দেখিবলৈ পাইছো যে ‘জল ধৰো, জল ভৰো’ অভিযানে জনমানসত এক আকৰ্ষণৰ সৃষ্টি কৰিছে। কিন্তু, এই ক্ষেত্ৰত সফলতাৰ মুখখন চাবলৈ বহু কাম বাকী আছে। ইয়াৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল এনে অভিযানক ৰাজ্য চৰকাৰৰ দৈনন্দিন কাম-কাজৰ সহজ অংশ হিচাপে গঢ়ি তোলা। ই ৰাজ্য চৰকাৰসমূহৰ বাৰ্ষিক প্ৰচাৰৰ এক অনিবাৰ্য অংশ হৈ উঠিব লাগে। আৰু এই অভিযান আৰম্ভ কৰিবলৈ বাৰিষাৰ বাবে অপেক্ষা নকৰি, বাৰিষাৰ আগতেই সকলো পৰিকল্পনা কৰাটো অতি প্ৰয়োজনীয়।

বন্ধুসকল,

এইবাৰৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে বৃত্তাকাৰ অৰ্থনীতি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই বৃত্তাকাৰ অৰ্থনীতিয়েও পানী সংৰক্ষণৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল’ব। যেতিয়া বিশুদ্ধ পানী পুনৰ ব্যৱহাৰ কৰা হয় আৰু পৰিশোধিত পানী সংৰক্ষণ কৰা হয়, তেতিয়া সমগ্ৰ পৰিস্থিতিতন্ত্ৰই এই প্ৰক্ৰিয়াত বহুখিনি লাভৱান হয়। সেইবাবেই পানী বিশুদ্ধকৰণ, পানী পুনৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়। এই পৰিশোধিত পানীৰ বিভিন্ন কামত ব্যৱহাৰ বৃদ্ধিৰ বাবে ৰাজ্যসমূহে বিভিন্ন আঁচনি প্ৰস্তুত কৰে আৰু আৱৰ্জনাসমূহৰ পৰা উত্তম সম্পদ সৃষ্টি কৰাটোও সম্ভৱ। আপুনি স্থানীয় প্ৰয়োজনীয়তাসমূহক লৈ পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। সেই অনুসৰি বিভিন্ন প্ৰকল্প ৰচনা কৰিব লাগিব। আমি আন এটা দিশ চাব লাগিব। আমাৰ নদী, নৈ আৰু সকলো পানীৰ উৎস আমাৰ পৰিস্থিতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। আমাৰ কোনো নদী আৰু পানীৰ উৎস যাতে কোনো ধৰণে প্ৰদূষিত নহয় তাৰ বাবে আমি প্ৰতিখন ৰাজ্যতে আৱৰ্জনা ব্যৱস্থাপনা আৰু নলা পৰিশোধনৰ নেটৱৰ্ক গঢ়ি তুলিব লাগিব। বিশুদ্ধ পানী যাতে পুনৰ ব্যৱহাৰ কৰিব পৰা যায় তাৰ বাবে আমি ফলপ্ৰসূ ব্যৱস্থা গঢ়ি তুলিব লাগিব। নমামি গংগা অভিযানক আৰ্হি হিচাপে লৈ আমি বাকী ৰাজ্যসমূহতো বৈ যোৱা সকলো নদীৰ সংৰক্ষণ আৰু সজীৱতাৰ বাবে এনে অভিযান আৰম্ভ কৰিব পাৰো।

বন্ধুসকল,

পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত উন্নতমানৰ পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ সহায় লৈ ৰাজ্যসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিব লাগে। এয়া আমাৰ সকলোৰে দায়িত্ব। আৰু আপুনি দেখিছে যে আন এটা গুৰুত্বপূৰ্ণ সমস্যা অৰ্থাৎ নগৰায়নৰ সমস্যাটো দ্ৰুতগতিত বৃদ্ধি পাইছে। আমাৰ জনসংখ্যাৰ এক বৃহৎ অংশ অতি দ্ৰুত গতিত নগৰীয়া হৈ পৰিছে। সেইবাবেই নগৰ উন্নয়ন ইমান দ্ৰুতগতিত সংগঠিত হৈছে যে এতিয়াৰে পৰা পানী ব্যৱস্থাপনাৰ কথা চিন্তা কৰিব লাগিব। নলা-নৰ্দমা ব্যৱস্থাও এতিয়াৰ পৰা সু-পৰিকল্পিত হ’ব লাগে। নলা পৰিশোধন ব্যৱস্থাও এতিয়াৰে পৰা পৰিকল্পনা কৰিব লাগে। চহৰসমূহে যি গতিৰে আগবাঢ়িছে তাৰ সৈতে সাদৃশ্য ৰাখিবলৈ আমি আমাৰ উন্নয়নৰ ত্যাগৰ গতি বৃদ্ধি কৰিব লাগিব। আশাকৰোঁ, এই সন্মিলনত আমি সকলোৰে অভিজ্ঞতা, সফলতা আৰু বিফলতা ইজনে সিজনৰ সন্মুখত শ্বেয়াৰ কৰিম। তেতিয়াহে আপুনি দেখিব যে এই সন্মিলনখন অতি উপযোগী হৈ উঠিব। ইয়াৰ পৰা এটা নিৰ্দিষ্ট কাৰ্য্য পৰিকল্পনা প্ৰস্তুত হ’ব। আৰু ই আপোনাৰ মনত এটা সংকল্পলৈ পৰিণত হ’ব। সেই দৃঢ়তাক উপলব্ধি কৰিবলৈ আগবাঢ়ি যাব আৰু সফলতাৰ শিখৰত উপনীত হ’ব। প্ৰতিখন ৰাষ্ট্ৰই নিজৰ জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰিব লাগিব, আৰু নাগৰিকসকলক তেওঁলোকৰ কৰ্তব্যৰ বিষয়ে সজাগ কৰিব লাগিব। চৰকাৰৰ পৰা যদি আমি জল সংৰক্ষণক অগ্ৰাধিকাৰ দিওঁ, তেন্তে এই ‘জল সন্মিলন’ৰ সফলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত আমি অতি আশাৰে আগবাঢ়ি যাম বুলি মোৰ দৃঢ় বিশ্বাস।

আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Semiconductors to clean energy: Inside PM Modi’s high-profile meeting with 16 Dutch CEOs in The Hague

Media Coverage

Semiconductors to clean energy: Inside PM Modi’s high-profile meeting with 16 Dutch CEOs in The Hague
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister and Prime Minster of Sweden exchange special gifts celebrating the shared cultural legacy of Rabindranath Tagore
May 17, 2026

The Prime Minister of Sweden, H.E. Mr. Ulf Kristersson and Prime Minister Shri Narendra Modi exchanged special commemorative gifts to celebrate the legacy of Nobel Laureate Gurudev Rabindranath Tagore.

The gift from Prime Minister Kristersson comprised a box containing two replicas of hand-written epigrams by Gurudev Rabindranath Tagore, accompanied by a small explanatory text and a photograph of Gurudev Tagore taken in 1921 during his visit to Uppsala University. The originals, recently discovered in the Swedish National Archives, were created by Gurudev Tagore during his visits to Sweden in 1921 and 1926.

Prime Minister Modi presented to Prime Minster Kristersson a set of collected works of Rabindranath Tagore, along with a specially handcrafted bag from Shantiniketan with motifs that Gurudev chose to empower local artisans. The bag symbolizes Tagore’s philosophy that art is not meant to be confined to galleries, but to breathe life into everyday objects, bridging the gap between the intellectual and the functional.

Although Gurudev Tagore could not travel to Sweden in 1913 to receive the Nobel Prize, he was received by King Gustav V when he visited Sweden in 1921. These gifts symbolize the shared cultural and intellectual heritage between India and Sweden, and pay tribute to the enduring legacy of Rabindranath Tagore. The exchange of gifts also coincides with the centenary of Gurudev’s historic visit to Sweden in 1926.