প্ৰায় ২৮,৯৮০ কোটি টকাৰ একাধিক শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
প্ৰায় ২১১০ কোটি টকাৰ মুঠ ব্যয়ৰে উন্নয়নসাধন কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিটা পথ খণ্ডৰ প্ৰকল্প উদ্বোধন
প্ৰায় ২১৪৬ কোটি টকাৰ ৰে’ল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
সম্বলপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন
পুৰী-সোনেপুৰ-পুৰী সাপ্তাহিক এক্সপ্ৰেছ শুভাৰম্ভ
সম্বলপুৰৰ আই আই এমৰ স্থায়ী চৌহদ উদ্বোধন
“আজি দেশৰ অন্যতম মহান পুত্ৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীক ভাৰত ৰত্ন প্ৰদানৰ সিদ্ধান্ত লৈছে দেশবাসীয়ে”
“ওড়িশাক শিক্ষা আৰু দক্ষতা বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে”
তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ওড়িশাৰ যুৱক-যুৱতীসকলৰ বাবেও হাজাৰ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।
অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল শ্ৰী ৰঘুবৰ দাস, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক, কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে অন্যান্য সকল উপস্থিত থাকে।

ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী নবীন পাটনায়ক জী, মোৰ কেবিনেট সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, অশ্বিনী বৈষ্ণৱ জী, বিশ্বেশ্বৰ টুডু জী, মোৰ সংসদীয় সতীৰ্থ নীতেশ গংগা দেৱ জী, আইআইএম-সম্বলপুৰৰ সঞ্চালক অধ্যাপক মহাদেও জয়ছোৱাল, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰ লোক-মহিলাসকল!

আজি ওড়িশাৰ উন্নয়নৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ দিন আৰু প্ৰায় ৭০ হাজাৰ কোটি টকা মূল্যৰ এই উন্নয়নমূলক প্ৰকল্পৰাজিৰ বাবে ওড়িশাবাসীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। এই প্ৰকল্পসমূহে শিক্ষা, ৰেল, পথ, বিদ্যুৎ, পেট্ৰলিয়ামকে প্ৰমুখ্য কৰি ভিন্ন খণ্ডক সামৰি লৈছে। এই পদক্ষেপসমূহৰ ৰূপায়ণে ওড়িশাৰ সৰ্বস্তৰৰ লোককে সামৰি দৰিদ্ৰ, শ্ৰমিক, কৰ্মচাৰী, দোকানী, ব্যৱসায়ী, কৃষকসকলৰ বাবে সুবিধা প্ৰশস্ত কৰিব। ওড়িশাত সা-সুবিধাৰাজিৰ অগ্ৰগতি সাধনৰ উপৰিও এই প্ৰকল্পসমূহে যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

 

বন্ধুসকল,
আজি ৰাষ্ট্ৰখনে এগৰাকী বিশিষ্ট পুত্ৰ, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীক ভাৰতৰত্ন প্ৰদান কৰিবলৈ বাছি লৈছে। উপ-প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে তথা এগৰাকী নিষ্ঠাবান, সচেতন সাংসদ হিচাপে আদৱানী জীয়ে অতুলনীয় দায়বদ্ধতা প্ৰদৰ্শনেৰে দেশৰ সেৱাৰ বাবে নিজকে দশক-দশক উৎসৰ্গা কৰি আহিছে। আদৱানী জীলৈ এই স্বীকৃতি ৰাষ্ট্ৰৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰাসকলৰ প্ৰতি ৰাষ্ট্ৰখনৰ চিৰস্থায়ী কৃতজ্ঞতাৰ প্ৰতীক। মোৰ লাল কৃষ্ণ আদৱানী জীৰপৰা অহৰহ মৰম আৰু পথ-প্ৰদৰ্শন লাভৰ সৌভাগ্য হৈছে। মই তেওঁক শুভেচ্ছা জনাইছোঁ আৰু ওড়িশাৰ সকলো নাগৰিকৰ হৈ তেওঁক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,
আমি ওড়িশাক শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে এক উল্লেখযোগ্য কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি আহিছোঁ। বিগত দশকত ওড়িশাই যিসমূহ আধুনিক প্ৰতিষ্ঠান আৰু শিক্ষা প্ৰতিষ্ঠান লাভ কৰিছে, সেইসমূহে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাক বাস্তৱায়িত কৰিছে। আইআইএছইআৰ-বেৰহামপুৰেই হওঁক বা ভূৱনেশ্বৰৰ ৰসায়ন প্ৰযুক্তি প্ৰতিষ্ঠানেই হওঁক, এনে অসংখ্য প্ৰতিষ্ঠান প্ৰতিষ্ঠা হৈছে। শেহতীয়াকৈ আইআইএম-সম্বলপুৰৰ সংযোজনে ওড়িশাৰ সমসাময়িক মেনেজমেন্ট প্ৰতিষ্ঠান হিচাপে স্থান অধিক বৃদ্ধি কৰিছে। এই আইআইএম কেম্পাছৰ আধাৰশিলা তিনিবছৰ পূৰ্বে, মহামাৰীৰ প্ৰত্যাহ্বানমূলক সময়তো আধাৰশিলা স্থাপনৰ কথা মোৰ স্পষ্টকৈ মনত আছে। ভিন্ন বাধাৰ মাজতো এতিয়া এই বিশাল কেম্পাছটো সম্পূৰ্ণ হৈছে। আৰু আপোনালোকৰ উৎসাহে মোক উপলব্ধি কৰাইছে যে কেম্পাছটো আপোনালোকৰ বাবে কিমান আপোন! ইয়াৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত সকলোৰে মই শলাগ লৈছোঁ।

 

বন্ধুসকল,

এখনি উন্নত ভাৰতৰ লক্ষ্য তেতিয়াহে বাস্তৱায়িত হ’ব পাৰে, যেতিয়া দেশৰ প্ৰতিখন ৰাজ্যই উন্নয়নৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰে। বছৰ-বছৰ ধৰি আমি ওড়িশাক ভিন্ন খণ্ডত ক্ৰমান্বয়ে সহায় কৰি আহিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বাবেই বৰ্তমান ওড়িশাই পেট্ৰলিয়াম আৰু পেট্ৰ’কেমিকেল খণ্ডত নতুন শিখৰত উপনীত হৈছে। বিগত দশকত ওড়িশাৰ পেট্ৰলিয়াম আৰু পেট্ৰ’কেমিকেল খণ্ডত ১.২৫ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে। ৰেলৱেৰ উন্নয়নৰ বাবে ওড়িশাক পূৰ্বতকৈ ১২ গুণ বেছি বাজেট আবন্টন দিয়া হৈছে। প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত যোৱা দশকত ওড়িশাৰ গাঁওসমূহত প্ৰায় ৫০ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও ৰাজ্যখনত ৪,০০০ কিলোমিটাৰৰো অধিক নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। আজি ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত তিনিটা বৃহৎ প্ৰকল্প উদ্বোধন কৰা হৈছে, যাৰ ফলত ঝাৰখণ্ড আৰু ওড়িশাৰ মাজত আন্তঃৰাজ্যিক সংযোগ বৃদ্ধিৰ লগতে যাত্ৰাৰ দূৰত্ব হ্ৰাস পৰিছে। এই অঞ্চলটো খনন, শক্তি আৰু তীখা উদ্যোগৰ সম্ভাৱনাৰ বাবে বিখ্যাত। এই প্ৰকল্পসমূহৰ ফলত হোৱা উন্নত সংযোগে অঞ্চলটোত নতুন উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সহায় কৰিব, যাৰ ফলত হাজাৰ-হাজাৰ নতুন নিয়োগৰ সুযোগ সৃষ্টি হ’ব। সম্বলপুৰ-তালচেৰ ৰেল অংশ দ্বৈতকৰণৰ লগতে ঝাৰতৰভাৰপৰা সোণেপুৰ অংশলৈ নতুন ৰেল লাইনৰ শুভাৰম্ভণিও আজি কৰা হৈছে। পুৰী-সোণেপুৰ এক্সপ্ৰেছে সুবৰ্ণপুৰ বা সোণেপুৰ জিলাক ৰেল সংযোগৰ সৈতে সংযোগেৰে ভক্তসকলৰ বাবে ভগৱান জগন্নাথৰ দৰ্শন সহজ কৰি তুলিছে। ওড়িশাৰ প্ৰতিটো পৰিয়ালে যাতে পৰ্য্যাপ্ত আৰু সুলভ মূল্যৰ বিদ্যুৎ লাভ কৰিব পাৰে, তাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে। আজি উদ্বোধন কৰা তাপ উদ্যোগসমূহেও একে উদ্দেশ্য বহন কৰে।

 

ভ্ৰাতৃ-ভগ্নীসকল,
বিগত দশকত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নীতিৰাজিৰপৰা ওড়িশা যথেষ্ট লাভৱান হৈছে। খননৰ ক্ষেত্ৰত সাধন কৰা সংস্কাৰৰ ফলত ৰাজ্যখন লাভান্বিত হৈছে। খনন নীতিৰ পৰিৱৰ্তনৰ পিছত ওড়িশাৰ আয় দহগুণ বৃদ্ধি পাইছে। পূৰ্বতে খনন কাৰ্য্য সংঘটিত হোৱা অঞ্চল আৰু ৰাজ্যসমূহে খনিজ উৎপাদনৰ সুবিধা লাভ কৰা নাছিল। আমি নতুন নীতি প্ৰৱৰ্তনেৰে ইয়াৰ সমাধান কৰিলোঁ। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জিলা খনিজ ন্যাস স্থাপন কৰিছিল, খনিজ সম্পদৰপৰা আহৰণ কৰা আয়ৰ এটা অংশ এই অঞ্চলৰ উন্নয়নৰ বাবে আবন্টন দিয়া হ’ব। এই ফাউণ্ডেচনৰপৰা ওড়িশাই লাভ কৰিছে ২৫ হাজাৰ কোটি টকাৰো অধিক। এই ধন খনি অঞ্চলৰ ৰাইজৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে। মই ওড়িশাবাসীক আশ্বাস দিছোঁ যে কেন্দ্ৰীয় চৰকাৰেও একে নিষ্ঠাবান মনোভাৱেৰে ওড়িশাৰ উন্নয়নৰ বাবে কাম কৰি যাব।

 

বন্ধুসকল,

মই মুকলি পথাৰত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব আৰু তাৰ পৰিবেশটো যথেষ্ট স্বকীয়। সেয়ে ইয়াত মোৰ সময় দীঘলীয়া নকৰোঁ। কিন্তু সেই অনুষ্ঠানত মই অধিক বহল আলোচনাত লিপ্ত হোৱাৰ পৰিকল্পনা কৰিছোঁ আৰু প্ৰায় ১৫ মিনিটৰ পিছত উক্ত কাৰ্য্যসূচীত যোগদান কৰিম। আকৌ এবাৰ আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ।

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA

Media Coverage

India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Speaks with UAE President
March 17, 2026
PM Conveys Eid Greetings and Discusses current Situation in West Asia

The Prime Minister spoke with HH Sheikh Mohamed bin Zayed Al Nahyan, President of the UAE, and conveyed advance Eid greetings. PM Modi and the President discussed the current situation in West Asia. The Prime Minister reiterated India’s strong condemnation of all attacks on the UAE that have resulted in loss of innocent lives and damage to civilian infrastructure.

The Prime Minister and the UAE President agreed on the importance of ensuring safe and free navigation through the Strait of Hormuz. Shri Modi emphasized that both nations will continue to work together for the early restoration of peace, security, and stability in the region.

The Prime Minister wrote on X;

"Spoke with my brother HH Sheikh Mohamed bin Zayed Al Nahyan, President of the UAE and conveyed advance Eid greetings.

We discussed the current situation in West Asia. Reiterated India’s strong condemnation of all attacks on the UAE that have resulted in loss of innocent lives and damage to civilian infrastructure.

We agreed on the importance of ensuring safe and free navigation through the Strait of Hormuz.

We will continue to work together for the early restoration of peace, security and stability in the region."