“Viksit Bharat Budget guarantees to strengthen the foundation of a developed India”
“This budget carries the confidence of continuity”
“This budget is a reflection of the aspirations of Young India”
“We set a big goal, achieved it, and then set an even bigger goal for ourselves”
“Budget focuses on empowering the poor and middle-class”

মোৰ প্ৰিয় দেশবাসী,

আজিৰ বাজেট যদিও অন্তৱৰ্তীকালীন বাজেট, তথাপি ই সৰ্বাংগীন আৰু উদ্ভাৱনীমূলক। এই বাজেটে ধাৰাবাহিকতাৰ আস্থা কঢ়িয়াই আনিছে। এই বাজেটে ‘বিকশিত ভাৰত’ৰ চাৰিওটা স্তম্ভ ক্ৰমে যুৱক-যুৱতী, দৰিদ্ৰ, মহিলা, আৰু কৃষকক শক্তিশালী কৰিব।। নিৰ্মলা জীৰ বাজেট দেশৰ ভৱিষ্যত গঢ়াৰ বাজেট। এই বাজেটত ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ ভেটি সুদৃঢ় কৰাৰ নিশ্চয়তা আছে। নিৰ্মলা জী আৰু তেওঁৰ দলটোক মই আন্তৰিকতাৰে অভিনন্দন জনাইছো।

বন্ধুসকল,

এই বাজেটত ভাৰতৰ যুৱ সমাজৰ আকাংক্ষাক প্ৰতিফলিত কৰা হৈছে। বাজেটত দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। গৱেষণা আৰু উদ্ভাৱনৰ বাবে ঘোষণা কৰা হৈছে এক লাখ কোটি টকাৰ পুঁজি। ষ্টাৰ্ট আপৰ বাবে কৰ ৰেহাই বৃদ্ধিৰ কথাও বাজেটত ঘোষণা কৰা হৈছে।

বন্ধুসকল,

এই বাজেটত বিত্তীয় ঘাটি নিয়ন্ত্ৰণত ৰাখি ঐতিহাসিকভাৱে সৰ্বাধিক ১১ লাখ ১১ হাজাৰ ১১১ কোটি টকা মূলধনী ব্যয়ৰ বাবে আবণ্টন দিয়া হৈছে। অৰ্থনীতিবিদসকলৰ ভাষাত এইটো কিছু সুমিষ্ট কেন্দ্ৰ হৈ পৰিছে। ইয়াৰ ফলত ভাৰতত একবিংশ শতিকাৰ আধুনিক আন্তঃগাঁথনি নির্মাণ হোৱাই নহয়, যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ অগণন নতুন সুযোগৰো সৃষ্টি হ’ব৷ বাজেটত ‘বন্দে ভাৰত ষ্টেণ্ডাৰ্ড’ৰ অধীনত ৪০ হাজাৰ আধুনিক ডবা নিৰ্মাণ কৰি নিয়মীয়া যাত্ৰীবাহী ৰে’লত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ দ্বাৰা দেশৰ বিভিন্ন ৰে’লপথত লাখ লাখ যাত্ৰীৰ বাবে আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা বৃদ্ধি পাব।

 

বন্ধুসকল,

আমি এটা ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰো আৰু সেইটোত উপনীত হও, তাৰ পিছত নিজৰ বাবে আৰু অধিক ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰো। আমি গাঁও, চহৰত দৰিদ্ৰ লোকৰ বাবে ৪ কোটিতকৈও অধিক ঘৰ সাজিছো। এতিয়া আমি আৰু ২ কোটি নতুন ঘৰ নিৰ্মাণৰ লক্ষ্য হাতত লৈছো। আমাৰ প্ৰাৰম্ভিক লক্ষ্য আছিল ২ কোটি মহিলাক ‘লাখপতি দিদি’ কৰি তোলা। এতিয়া এই লক্ষ্য বৃদ্ধি কৰি ৩ কোটি ‘লাখপতি দিদি’ কৰা হৈছে। আয়ুষ্মান ভাৰত আঁচনিখনেও দৰিদ্ৰ লোকসকলক যথেষ্ট সহায় কৰিছে। এতিয়া অংগনবাড়ী আৰু আশা কৰ্মীসকলো এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব।

 

বন্ধুসকল,

এই বাজেটত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সবলীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে, তেওঁলোকৰ বাবে নতুন আয়ৰ সুযোগ সৃষ্টি কৰা হৈছে। ৰূফটপ ছ’লাৰ কেম্পেইনৰ অধীনত সৌৰ ছাঁদৰ পেনেলৰ জৰিয়তে এক কোটি পৰিয়ালে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব। কেৱল এয়াই নহয়, চৰকাৰক উদ্বৃত্ত বিদ্যুৎ বিক্ৰী কৰিও মানুহে বছৰি ১৫ৰ পৰা ২০ হাজাৰ টকা অতিৰিক্ত উপাৰ্জন কৰিব। এই আয় প্ৰতিটো পৰিয়ালৰ বাবে উপলব্ধ হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x

Media Coverage

10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends his best wishes to Shri Harivansh upon his nomination to the Rajya Sabha
April 10, 2026

Prime Minister Shri Narendra Modi today extended his heartiest best wishes to Shri Harivansh for his upcoming parliamentary tenure following his nomination to the Rajya Sabha by the Hon'ble President.

The Prime Minister remarked that Shri Harivansh has made an invaluable contribution to both journalism and public life, establishing himself as a respected intellectual and thinker. Shri Modi pointed out that his profound thoughts and insights have significantly enriched the proceedings of the House over the past few years. The Prime Minister expressed his sincere pleasure regarding the nomination, affirming that Shri Harivansh's continued presence will further benefit the parliamentary discourse.

The Prime Minister wrote on X:

"हरिवंश जी ने पत्रकारिता और सार्वजनिक जीवन में अमूल्य योगदान दिया है। वे एक सम्मानित बुद्धिजीवी और विचारक हैं। उन्होंने अपने गहन विचारों और अंतर्दृष्टि से पिछले कुछ वर्षों में सदन की कार्यवाही को समृद्ध किया है। मुझे प्रसन्नता है कि माननीय राष्ट्रपति जी ने उन्हें राज्यसभा के लिए मनोनीत किया है। आगामी संसदीय कार्यकाल के लिए उन्हें मेरी बहुत-बहुत शुभकामनाएं!"