“সনাতন কেৱল এটা শব্দ নহয়, ই নিত্য নতুন, নিত্য পৰিৱৰ্তিত। অতীতৰ পৰা ইয়াৰ নিজকে উন্নত কৰাৰ অন্তৰ্নিহিত ইচ্ছা আছে আৰু সেয়েহে ই চিৰন্তন আৰু অমৰ”
“যিকোনো দেশৰ যাত্ৰা ইয়াৰ সমাজৰ যাত্ৰাত প্ৰতিফলিত হয়”
“যুগ যুগ আগৰ ত্যাগৰ প্ৰভাৱ বৰ্তমান প্ৰজন্মত আমি দেখিবলৈ পাইছো”
“বছৰ বছৰ ধৰি একেলগে আমি কুচ্চক সজীৱ কৰি তুলিছো”
"সামাজিক সম্প্ৰীতি, পৰিৱেশ আৰু প্ৰাকৃতিক কৃষি সকলোবোৰ দেশৰ অমৃত সংকল্পৰ সৈতে সম্পৰ্কিত"

আটাইকে হৰি ঔঁম, জয় উমিয়া মা, জয় লক্ষ্মীনাৰায়ণ!

এই মোৰ কচ্ছী পেটেলসকল এতিয়া কেৱল কচ্ছৰে নহয়ে, বৰং সমগ্ৰ ভাৰতৰে গৌৰৱ হৈ পৰিছে। কাৰণ মই ভাৰতৰ যি কোণলৈকে যাওঁ, মই এই সম্প্ৰদায়ৰ লোকসকলক দেখা পাওঁ। সেয়েহে কোৱা হয়, " कच्छड़ो खेले खलक में जो महासागर में मच्छ, जे ते हद्दो कच्छी वसे उत्ते रियाडी कच्छ।!

অনুষ্ঠানত উপস্থিত শাৰদপীঠৰ জগদগুৰু পূজ্য শংকৰাচাৰ্য স্বামী সমানন্দ সৰস্বতী জী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰ কেবিনেটৰ মোৰ সহযোগী পুৰুষোত্তম ৰূপালা, অখিল ভাৰতীয় কাচ্ছ কড়ৱা পাটিদাৰ সমাজৰ অধ্যক্ষ শ্ৰীযুত অৱজী ভাই বস্ত ভাই কানানী, আৰু আন সকলো সুধীবৃন্দ!

সকলোকে সনাতনী শতাব্দী মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মোৰ বাবে সোণত সুৱগা চৰাৰ দৰেই হৈছে, এয়া মোৰ বাবে প্ৰথম সুযোগ যে শংকৰাচাৰ্য পদ গ্ৰহণ কৰাৰ পিছত জগদগুৰু শংকৰাচাৰ্য স্বামী সদানন্দ সৰস্বতী জীৰ উপস্থিতিত এটা অনুষ্ঠানলৈ অহাৰ সুযোগ পাইছো। তেখেতৰ মৰম সদায় মোৰ লগত আছে, আমাৰ সকলোৰে প্ৰতি আছে, গতিকে আজি মই তেখেতক শ্ৰদ্ধা জনোৱাৰ সুযোগ পাইছো।

বন্ধুসকল,

সমাজসেৱাৰ ১০০ বছৰীয়া পূণ্যকাল, যুৱ শাখাৰ ৫০ বছৰ আৰু মহিলা শাখাৰ ২৫ বছৰ, আপোনালোকে সৃষ্টি কৰা এই ত্ৰিবেণী সংগমটো নিজেই এক অতি সুখৰ কাকতলীয়া পৰিঘটনা। এখন সমাজৰ যুৱক-যুৱতী, সেই সমাজৰ মাতৃ-ভগ্নীয়ে যেতিয়া নিজেই নিজৰ সমাজখনৰ দায়িত্ব কান্ধত লয়, তেতিয়া সেই সমাজৰ সফলতা আৰু সমৃদ্ধি নিশ্চিত হয়। শ্ৰী অখিল ভাৰতীয় কচ্চ কড়ৱা পাটিদাৰ সমাজৰ যুৱ-মহিলা শাখাৰ এই আনুগত্য আজি এই উৎসৱৰ ৰূপত সকলোতে দেখা পোৱাত মই আনন্দিত। আপোনালোকে মোক আপোনাৰ পৰিয়ালৰ সদস্য হিচাপে সনাতনী শতাব্দী মহোৎসৱৰ অংশ কৰি তুলিছে, ইয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো। সনাতন কেৱল এটা শব্দ নহয়, ই নিত্য নতুন, নিত্য পৰিৱৰ্তিত, অতীতৰ পৰা নিজকে উন্নত কৰাৰ এক অন্তৰ্নিহিত ইচ্ছা ই, আৰু সেয়েহে সনাতন অমৰ।

বন্ধুসকল,

যিকোনো জাতিৰ যাত্ৰাই তাৰ সমাজৰ যাত্ৰাৰ প্ৰতিফলন ঘটায়। পাতিদাৰ সমাজৰ শতবৰ্ষৰ ইতিহাস, শ্ৰী অখিল ভাৰতীয় কচ্চ কড়ৱা সমাজৰ শতবৰ্ষৰ যাত্ৰা, আৰু, ভৱিষ্যতৰ দৃষ্টিভংগী, ভাৰত আৰু গুজৰাটক এক প্ৰকাৰে জনা আৰু ভুমুকিয়াই চোৱাৰ ই এক মাধ্যম। শ শ বছৰ ধৰি বিদেশী আক্ৰমণকাৰীয়ে এই সমাজখনৰ ওপৰত কিমান যে অত্যাচাৰ কৰা নাই! তথাপি সমাজৰ পূৰ্বপুৰুষসকলে নিজৰ পৰিচয় মচিবলৈ নিদিলে, তেওঁলোকৰ বিশ্বাস খণ্ডিত হ’বলৈ নিদিলে। এই সফল সমাজখনৰ বৰ্তমান প্ৰজন্মত শতিকা পুৰণি ত্যাগ আৰু ত্যাগৰ প্ৰভাৱ আমি দেখিবলৈ পাইছো। আজি কচ্চ কড়ৱা পাটিদাৰ সম্প্ৰদায়ৰ ৰাইজে দেশ-বিদেশত নিজৰ সফলতাৰ ধ্বজা উৰুৱাইছে। তেওঁলোক য’তেই নাথাকক কিয়, তেওঁলোকে নিজৰ শ্ৰম আৰু সামৰ্থ্যৰে আগবাঢ়িছে। কাঠ হওক, প্লাইউড হওক, হাৰ্ডৱেৰ হওক, মাৰ্বল হওক, নিৰ্মাণ সামগ্ৰী হওক, আপোনালোক প্ৰতিটো খণ্ডতে বিদ্যমান। আৰু মই সুখী যে এই সকলোবোৰৰ লগতে আপোনালোকে প্ৰজন্মৰ পিছত প্ৰজন্ম, বছৰৰ পিছত বছৰ ধৰি আপোনাৰ পৰম্পৰাৰ সন্মান দুগুণে বৃদ্ধি কৰিছে। এই সমাজখনে নিজৰ বৰ্তমানো গঢ়ি তুলিলে, আৰু নিজৰ ভৱিষ্যতৰ ভেটিও স্থাপন কৰিলে!

বন্ধুসকল,

ৰাজনৈতিক জীৱনত আপোনালোক সকলোৰে মাজত বহু সময় কটালোঁ, আপোনালোক সকলোৰে পৰা বহু কথা শিকিলোঁ। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে আপোনালোকৰ লগত বহু ক্ষেত্ৰত কাম কৰাৰ সুযোগো পাইছো। কচ্চৰ ভূমিকম্পৰ জটিল সময়েই হওক, বা তাৰ পিছত হোৱা ধাৰাবাহিক সাহায্য আৰু পুনৰ্গঠনৰ প্ৰচেষ্টাই হওক, সমুদায়টোৰ শক্তিয়েই মোক সদায় আত্মবিশ্বাসৰ অনুভৱ দিছিল। বিশেষকৈ কচ্চৰ দিনবোৰৰ কথা ভাবিলে অতীতৰ স্মৃতিবোৰ মনত পৰে। এসময়ত কচ্চ দেশৰ অন্যতম পিছপৰা জিলা আছিল। জলাভাৱ, ক্ষুধা, জীৱ-জন্তুৰ মৃত্যু, প্ৰব্ৰজন, দুৰ্দশা, এইবোৰেই আছিল কচ্চৰ পৰিচয়। যদি কোনো বিষয়াক কচ্চলৈ বদলি কৰা হৈছিল, তেন্তে ইয়াক শাস্তিমূলক পোষ্টিং হিচাপে গণ্য কৰা হৈছিল, ক’লাপানী বুলি গণ্য কৰা হৈছিল কচ্চক। কিন্তু বছৰ বছৰ ধৰি একেলগে কাম কৰি আমি কচ্চক সজীৱ কৰি তুলিছো। কচ্চৰ পানীৰ সংকট সমাধানৰ বাবে আমি যিদৰে একেলগে কাম কৰিলোঁ, আমি একেলগে কচ্চক পৃথিৱীৰ ইমান ডাঙৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাটো সকলোৰে প্ৰচেষ্টাৰ এক ডাঙৰ নিদৰ্শন। আজি মই গৌৰৱ অনুভৱ কৰিছো যে কচ্চ দেশৰ অন্যতম দ্ৰুতগতিত বিকশিত জিলা। কচ্চৰ যোগাযোগ ব্যৱস্থা উন্নত হৈছে, ইয়ালৈ ডাঙৰ ডাঙৰ উদ্যোগ আহিছে। এসময়ত খেতিৰ কথা ভাবিবলৈও টান হোৱা কচ্চৰ পৰা আজি কৃষিজাত সামগ্ৰী ৰপ্তানি কৰি বিশ্বলৈ প্ৰেৰণ কৰিছে। ইয়াত আপোনালোক সকলোৰে ডাঙৰ ভূমিকা আছে।

বন্ধুসকল,

নাৰায়ণ ৰামজী লিম্বানীৰ পৰা মই বহুত অনুপ্ৰাণিত হৈছো। শ্ৰী অখিল ভাৰতীয় কচ্চ কড়ৱা পাটিদাৰ সমাজক আগুৱাই লৈ যোৱা বহু লোকৰ লগতো মোৰ ব্যক্তিগত অন্তৰংগ সম্পৰ্ক আছে। সেয়ে সময়ে সময়ে সমাজৰ কাম-কাজ আৰু অভিযানৰ তথ্যও পাইয়েই থাকোঁ। আনকি কৰ'নাৰ সময়তো আপোনালোক সকলোৱে প্ৰশংসনীয় কাম কৰিছে। মই সুখী যে, এই সনাতনী শতাব্দী উদযাপনৰ সমান্তৰালকৈ আপোনালোকে আগন্তুক ২৫ বছৰৰ দৃষ্টিভংগী আৰু সংকল্পও আগবঢ়াইছে। আপোনাৰ ২৫ বছৰৰ এই সংকল্পবোৰ তেতিয়াই পূৰণ হ’ব যেতিয়া দেশে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। অৰ্থনীতিৰ পৰা প্ৰযুক্তি, সামাজিক সম্প্ৰীতিৰ পৰা পৰিৱেশ আৰু প্ৰাকৃতিক কৃষিলৈকে আপুনি গ্ৰহণ কৰা সংকল্পসমূহ দেশৰ অমৃত-সংকল্পৰ সৈতে জড়িত। শ্ৰী অখিল ভাৰতীয় কচ্চ কড়ৱা সমাজৰ প্ৰচেষ্টাই এই দিশত দেশৰ সংকল্পক শক্তি প্ৰদান কৰিব আৰু সফলতাৰ দিশত আগুৱাই নিব বুলি মোৰ বিশ্বাস। এই মনোভাৱেৰে আকৌ এবাৰ আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছো।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”