"নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতৰ যুৱসকলক নতুন শতিকাৰ বাবে প্ৰস্তুত কৰিছে"
"এইটো কেন্দ্ৰীয় আৰু উত্তৰাখণ্ড চৰকাৰৰ এক নিৰন্তৰ প্ৰচেষ্টা যে প্ৰতিজন যুৱক-যুৱতীয়ে তেওঁলোকৰ আগ্ৰহৰ ওপৰত ভিত্তি কৰি নতুন সুযোগ লাভ কৰক"
"এই পৰ্যন্ত সমগ্ৰ দেশতে ৩৮ কোটি মুদ্ৰা ঋণ দিয়া হৈছে। প্ৰায় ৮ কোটি যুৱক-যুৱতী প্ৰথমবাৰৰ বাবে উদ্যমী হৈছে"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে উত্তৰাখণ্ড ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে।

নমস্কাৰ!

দেৱভূমি উত্তৰাখণ্ডৰ যুৱ বন্ধুসকলক ৰোজগাৰ মেলাৰ বাবে বহুত-বহুত অভিনন্দন। যিসকলে আজি নিযুক্তি পাইছে, তেওঁলোকৰ বাবে আজি নতুন আৰম্ভণিৰ সুযোগ। ইয়াৰ ফলত নিশ্চিত ৰূপত আপোনালোকৰ জীৱন, আপোনালোকৰ পৰিয়ালৰ জীৱন সলনি হ'ব। কিন্তু যি সেৱাত আজি আপোনালোক প্ৰৱেশ কৰিছে, সেয়া কেৱল আপোনালোকৰ জীৱন সলনিৰ নহয় বৰং সেয়া ব্যাপক সলনিৰ মাধ্যম। নিজৰ সেৱা ভাবেৰে আপোনালোকে ৰাজ্য আৰু ৰাষ্ট্ৰত বিকাশ আৰু বিশ্বাসৰ প্ৰয়াসত নিজৰ সম্পূৰ্ণ যোগদান দিব লাগিব। আপোনালোকৰ মাজত তো অধিকাংশ বন্ধুৱে শিক্ষাৰ ক্ষেত্ৰত সেৱা প্ৰদান কৰিব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মাধ্যমত ভাৰতৰ যুৱক-যুৱতীক নতুন শতিকাৰ বাবে প্ৰস্তুত কৰাৰ সংকল্প আমি লৈছো। উত্তৰাখণ্ডত এই সংকল্পক ভূমিলৈ নমাই অনাৰ দায়িত্ব আপোনালোকৰ দৰে যুৱক-যুৱতীৰ কান্ধত।

বন্ধুসকল!

কেন্দ্ৰ চৰকাৰ হওক বা উত্তৰাখণ্ডৰ ভাজপা চৰকাৰ, আমাৰ এয়া নিৰন্তৰ প্ৰয়াস যে প্ৰত্যেক যুৱক-যুৱতীয়ে তেওঁলোকৰ ৰুচি অনুসৰি, যোগ্যতা অনুসৰি নতুন সুযোগ পাওক, সকলোৱে আগবঢ়াৰ উচিত মাধ্যম পাওক। চৰকাৰী সেৱাত ভৰ্তিৰ এই অভিযানো এই দিশতে গ্ৰহণ কৰা পদক্ষেপ। যোৱা কেইটামান মাহতে কেন্দ্ৰ চৰকাৰে দেশৰ লাখ লাখ যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিছে। দেশজুৰি য'তেই ভাজপা চৰকাৰ আছে, কেন্দ্ৰ শাসিত প্ৰদেশ আছে, তাতো বৃহৎ স্তৰত এনেধৰণৰ অভিযান চলাই থকা হৈছে। মই আনন্দিত যে আজি ইয়াত উত্তৰাখণ্ডও সংযুক্ত হৈ আছে।

বন্ধুসকল,

আমি সেই পুৰণি ধাৰণা সলাব লাগিব যে পাহাৰৰ পানী আৰু পাহাৰৰ যৌৱন পাহাৰৰ কামত নাহে। এই কথা আমি সলাব লাগিব, সেয়ে কেন্দ্ৰ চৰকাৰৰ নিৰন্তৰ প্ৰয়াস চলিছে যে উত্তৰাখণ্ডৰ যুৱক-যুৱতী নিজৰ গাঁৱৰ ফালে উভতি যাওক। ইয়াৰ বাবে পাহাৰত ৰোজগাৰ আৰু স্বৰোজগাৰৰ নতুন সুযোগ সৃষ্টি কৰি থকা হৈছে। আজি আপোনালোকে চাওক, ইমান পথ নিৰ্মাণ হৈ আছে, ৰে'ল লাইন বহুৱাই থকা হৈছে। অৰ্থাৎ উত্তৰাখণ্ডত আন্তঃগাঁথনিত ইমান বিনিয়োগ হৈ আছে। ইয়াৰ ফলত দূৰ-দূৰণিৰ গাঁৱলৈ অহা-যোৱা সহজ হোৱাৰ লগতে বৃহৎ সংখ্যাত সংস্থাপনো সৃষ্টি হৈ আছে। নিৰ্মাণৰ নামত শ্ৰমিক হওক, অভিযন্তা হওক বা কেঁচামালৰ উদ্যোগ হওক, দোকান হওক, সকলো ঠাইত কামৰ সুযোগ বাঢ়ি আছে। পৰিবহন খণ্ডতো চাহিদা বৃদ্ধি পোৱাত যুৱক-যুৱতীয়ে নতুন সুযোগ পাই আছে। আগতে এনেধৰণৰ সংস্থাপনৰ বাবেও উত্তৰাখণ্ডৰ মোৰ গ্ৰামীণ নজোৱানে আমাৰ পুত্ৰ কন্যাই চহৰৰ ফালে দৌৰিব লগা হৈছিল। গাঁৱে গাঁৱে ইণ্টাৰনেট সেৱা, ডিজিটেল সেৱা দিয়া কমন ছাৰ্ভিচ চেণ্টাৰতো হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে আজি কাম কৰি আছে।

বন্ধুসকল,

যেনেদৰে উত্তৰাখণ্ডৰ দূৰ-দূৰণিৰ এলেকা পথ, ৰে'ল আৰু ইণ্টাৰনেটৰ কানেক্টিভিটীৰে সংযুক্ত হৈ আছে, তেনেকৈ পৰ্যটন খণ্ডৰো বিস্তাৰ হৈ আছে। নতুন নতুন পৰ্যটন স্থল পৰ্যটন মানচিত্ৰত আহি আছে। ইয়াৰ ফলত উত্তৰাখণ্ডৰ যুৱক-যুৱতীৰ সেই সংস্থাপন ঘৰৰ ওচৰতে হৈ আছে, যাৰ বাবে তেওঁলোকে আগতে ডাঙৰ চহৰলৈ যাবলগা হৈছিল। মুদ্ৰা যোজনাই পৰ্যটনত সংস্থাপন আৰু স্বৰোজগাৰক সবল কৰাত বহুত সহায় কৰি আছে। ইয়াৰ ফলত দোকান, ধাবা, গেষ্ট হাউছ, হোম ষ্টে, এনেধৰণৰ ব্যৱসায় কৰা বন্ধুসকলে ১০ লাখ টকালৈকে ঋণ গেৰাণ্টি অবিহনেই পাই আছে। সমগ্ৰ দেশত এতিয়ালৈকে ৩৮ কোটি মুদ্ৰা ঋণ দিয়া হৈছে। এই ঋণ পাই প্ৰায় ৮ কোটি যুৱক-যুৱতী, প্ৰথমবাৰ উদ্যমী হৈছে। ইয়াতো মহিলা, এছচি/এছটি/অ'বিচি বৰ্গৰ যুৱ বন্ধুসকলৰ অংশগ্ৰহণ সবাতোকৈ অধিক। উত্তৰাখণ্ডৰ হাজাৰ হাজাৰ বন্ধুৱেও ইয়াৰ সুবিধা লৈছে।

বন্ধুসকল,

ভাৰতৰ যুৱক-যুৱতীৰ বাবে এয়া অসীম সম্ভাৱনাৰ অমৃত কাল। আপোনালোকে ইয়াক নিজৰ সেৱাৰ মাধ্যমত নিৰন্তৰ গতি দিব লাগিব। এবাৰ আকৌ আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো আৰু আশা কৰিছো যে আপোনালোকে উত্তৰাখণ্ডৰ মানুহৰ উত্তম সেৱা কৰিব, উত্তৰাখণ্ডক উত্তম বনোৱাত যোগদান দিব আৰু ইয়াৰ ফলতো আমাৰ দেশ শক্তিশালী হ'ব, সমৰ্থ হ'ব, সমৃদ্ধ হ'ব! বহুত বহুত ধন্যবাদ! 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi