Dedicates to nation Holistic Agriculture Development Programme worth about Rs 5000 crores
Dedicates and launches 52 tourism sector projects worth more than Rs 1400 crores under Swadesh Darshan and PRASHAD Scheme
Dedicates to nation project for ‘Integrated Development of Hazratbal Shrine’ Srinagar
Announces tourist destinations selected under Challenge Based Destination Development Scheme
Launches ‘Dekho Apna Desh People’s Choice 2024’ and ‘Chalo India Global Diaspora Campaign’
Distributes appointment orders to new Government recruits of J&K
“Modi will not leave any stone unturned to repay this debt of affection. I am doing all this hard work to win your hearts and I believe that I am on the right path”
“Power of development, potential of tourism, capabilities of farmers and leadership of the youth of Jammu and Kashmir will pave the way for Viksit Jammu Kashmir”
“Jammu Kashmir is not just a place, Jammu Kashmir is the head of India. And a head held high is a symbol of development and respect. Therefore, Viksit Jammu and Kashmir is the priority of Viksit Bharat”
“Today, Jammu and Kashmir are breaking all tourism records"
“Jammu and Kashmir is a huge brand in itself”
“Today Jammu and Kashmir is touching new heights of development because Jammu and Kashmir is breathing freely today. This freedom from restrictions has come after the abrogation of Article 370”

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী ড০ জিতেন্দ্ৰ সিংজী, সংসদত মোৰ সহকৰ্মীসকল, এই মাটিৰ পুত্ৰ গোলাম আলীজী আৰু জম্মু-কাশ্মীৰৰ মোৰ মৰমৰ ভাই-ভনীসকল!

ভূ-স্বৰ্গলৈ অহাৰ এই অনুভূতি, এই অনুভৱ শব্দৰে বৰ্ণাব নোৱাৰাবিধৰ। প্ৰকৃতিৰ এই অনন্য স্বৰূপ, এই ৰিবৰিব বা, এই উপত্যকা, এই পৰিৱেশ, আৰু ইয়াৰ সৈতে, আপোনালোক কাশ্মীৰী ভাই-ভনীসকলৰ পৰা ইমান মৰম!

আৰু, ৰাজ্যপাল মহোদয়ে মোক কৈছিল যে জম্মু আৰু কাশ্মীৰৰ অনেক লোক ষ্টেডিয়ামৰ বাহিৰতো উপস্থিত আছে। প্ৰযুক্তিৰ জৰিয়তে ২৮৫টা উন্নয়ণ খণ্ডৰ প্ৰায় এক লাখ লোকো আমাৰ সৈতে সংযুক্ত হৈ আছে। মই আজি জম্মু-কাশ্মীৰৰ জনসাধাৰণক অন্তৰেৰে অভিনন্দন জনাইছোঁ। এয়া হৈছে নতুন জম্মু-কাশ্মীৰ, যাৰ বাবে আমি সকলোৱে বহু দশক ধৰি অপেক্ষা কৰি আছিলোঁ। এয়া হৈছে নতুন জম্মু আৰু কাশ্মীৰ যাৰ বাবে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে বলিদান দিছিল। এইখন নতুন জম্মু আৰু কাশ্মীৰৰ দৃষ্টিত ভৱিষ্যতৰ এক উজ্জ্বলতা আছে। এইখন নতুন জম্মু আৰু কাশ্মীৰৰ উদ্দেশ্যত প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিবলৈ সাহস আছে। দেশখনে আপোনালোকৰ হাঁহি থকা মুখবোৰ দেখিছে, আৰু আজি ১৪০ কোটি দেশবাসীয়ে প্ৰশান্তি অনুভৱ কৰিছে।

 

বন্ধুসকল,

আমি সকলোৱে এতিয়া মনোজ সিনহাজীৰ ভাষণ শুনিলোঁ। তেওঁ কথাবোৰ ইমান ভালদৰে বৰ্ণনা কৰিলে, বিকাশৰ প্ৰসংগবোৰ ইমান বিতংভাৱে ক’লে, হয়তো তেওঁৰ ভাষণৰ পিছত আৰু কোনোবাই ভাষণ দিয়াৰ প্ৰয়োজনেই নাছিল। কিন্তু আপোনালোকৰ মৰম, আপোনালোক ইমান বিপুল সংখ্যাৰে ইয়ালৈ আহিছে, লাখ লাখ লোকো সংযুক্ত হৈছে, মই আপোনালোকৰ এই মৰমৰ বাবে যিমান সুখী হৈছো সিমানেই কৃতজ্ঞও হৈছোঁ। মোদীয়ে মৰমৰ এই ঋণ পৰিশোধ কৰিবলৈ কোনো কাৰ্পণ্য নকৰে। আৰু ২০১৪ চনৰ পিছত মই যেতিয়া ইয়ালৈ আহিছিলো, মই একে কথাই কৈছিলোঁ, মই এই কঠোৰ পৰিশ্ৰম আপোনালোকৰ হৃদয় জয় কৰিবলৈকে কৰি আছোঁ, আৰু মই দিনে দিনে দেখি আহিছো যে মই আপোনালোকৰ হৃদয় জয় কৰিবলৈ সঠিক দিশতে গৈ আছোঁ, মই আপোনালোকৰ হৃদয় জয় কৰিব পাৰিছোঁ, আৰু অধিক জয় কৰাৰ বাবে মোৰ এই প্ৰচেষ্টা অব্যাহত থাকিব। আৰু এয়া হৈছে ‘মোদীৰ গেৰাণ্টী’... মোদীয়ে ‘গেৰাণ্টী’ দি ভাল পায়! আৰু আপোনালোকে জানে, ‘মোদীৰ গেৰাণ্টী’ৰ মানেই হৈছে ‘পূৰণৰ গেৰাণ্টী’।

বন্ধুসকল,

এই অলপ আগতে মাত্ৰ মই জম্মুলৈ আহিছিলো। তাত মই ৩২ হাজাৰ কোটি- ‘থাৰ্টি টু থাউজেণ্ড ক’ৰৰ’ টকা মূল্যৰ আন্তঃগাঁথনি আৰু শিক্ষা সম্পৰ্কীয় এলানি প্ৰকল্পৰ শুভাৰম্ভ কৰিছিলোঁ। আৰু আজি ইমান কম সময়ৰ ভিতৰতে মই শ্ৰীনগৰলৈ আহি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছোঁ। আজি মই ইয়াত পৰ্যটন আৰু উন্নয়ন সম্পৰ্কীয় বহুতো প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। কৃষি খণ্ডৰ সৈতে সম্পৰ্কিত এক আঁচনিও কৃষকসকলৰ বাবে উচৰ্গা কৰা হৈছে। ১০০০ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তিপত্ৰও দিয়া হৈছে। বিকাশৰ শক্তি... পৰ্যটনৰ সম্ভাৱনা... কৃষকসকলৰ সামৰ্থ্য... আৰু জম্মু আৰু কাশ্মীৰৰ যুৱসকলৰ নেতৃত্ব... বিকশিত জম্মু আৰু কাশ্মীৰৰ নিৰ্মাণৰ পথ ইয়াৰ পৰা ওলাই আহিব। জম্মু-কাশ্মীৰ কেৱল এটা অঞ্চলেই নহয়। এইখন জম্মু-কাশ্মীৰ হৈছে ভাৰতৰ মস্তকো। আৰু উন্নত মস্তক হৈছে বিকাশ আৰু সন্মানৰ প্ৰতীক। সেয়েহে, উন্নত জম্মু-কাশ্মীৰ হৈছে উন্নত ভাৰতৰ প্ৰাথমিকতা।

 

বন্ধুসকল,

এটা সময় আছিল যেতিয়া দেশত প্ৰযোজ্য আইনসমূহ জম্মু-কাশ্মীৰত বলবত্ কৰিব পৰা নাছিল। এটা সময় আছিল যেতিয়া সমগ্ৰ দেশতে দৰিদ্ৰলোকৰ কল্যাণৰ বাবে আঁচনিসমূহ ৰূপায়ণ কৰা হৈছিল... কিন্তু জম্মু-কাশ্মীৰৰ মোৰ ভাই-ভনীসকল সেইবোৰ আঁচনিৰে লাভান্বিত হ’ব পৰা নাছিল। আৰু এতিয়া চাওকচোন সময় কেনেদৰে সলনি হৈছে। আজি আপোনালোকৰ লগতে সমগ্ৰ ভাৰতৰ বাবে শ্ৰীনগৰৰ পৰা আঁচনিৰ শুভাৰম্ভ হৈছে। আজি শ্ৰীনগৰে কেৱল জম্মু আৰু কাশ্মীৰৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ দেশৰ বাবেই নতুন পৰ্যটনৰ উদ্যোগ গ্ৰহণ কৰিছে। সেয়েহে, জম্মু-কাশ্মীৰৰ উপৰিও দেশৰ আন ৫০ খনতকৈয়ো অধিক চহৰৰ লোক আমাৰ সৈতে সংযোজিত হৈছে, দেশখনেই আজি শ্ৰীনগৰৰ সৈতে সংযুক্ত হৈছে। আজি ‘স্বদেশ দৰ্শন আঁচনি’ৰ অধীনত ৬টা প্ৰকল্প দেশবাসীৰ বাবে উচৰ্গা কৰা হৈছে। ইয়াৰ উপৰিও, ‘স্বদেশ দৰ্শন আঁচনি’ৰ পৰৱৰ্তী পৰ্যায়টোৰো শুভাৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত জম্মু-কাশ্মীৰকে ধৰি দেশৰ অন্যান্য স্থানৰ বাবে প্ৰায় ৩০টা প্ৰকল্প আৰম্ভ কৰা হৈছে। আজি ‘প্ৰসাদ যোজনা’ৰ অধীনত ৩টা প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আৰু ১৪টা প্ৰকল্পৰো শুভাৰম্ভ ঘোষণা কৰা হৈছে। পবিত্ৰ ‘হজৰতবল দৰগাহ’ত ৰাইজৰ সুবিধাৰ বাবে যিবোৰ উন্নয়নমূলক কাম চলি আছিল সেইবোৰো সম্পূৰ্ণ হৈছে। চৰকাৰে এনে ৪০টাতকৈয়ো অধিক স্থান চিনাক্ত কৰিছে, যাক অহা দুবছৰত পৰ্যটন স্থলী হিচাপে বিকশিত কৰা হ'ব। আজি 'দেখো আপনা দেশ পিপুলছ চইচ' অভিযানো আৰম্ভ কৰা হৈছে। এইটো এটা অতি অনন্য অভিযান। দেশৰ জনসাধাৰণে অনলাইনযোগে কোনো এডোখৰ ঠাইক চাবলগীয়া স্থান হিচাপে মনোনীত কৰিব, এইদৰে যিডোখৰ ঠায়ে জনতাৰ পছন্দৰ তালিকাত শীৰ্ষ স্থান অধিকাৰ কৰিব, সেইডোখৰ ঠাই ৰাইজৰ পছন্দৰ স্থান হিচাপে পৰ্যটনস্থলীৰ ৰূপত বিকশিত কৰা হ’ব। এই সিদ্ধান্ত জনসাধাৰণৰ অংশগ্ৰহণেৰে গ্ৰহণ কৰা হ'ব। আজিৰ পৰা বিশ্বৰ প্ৰান্তে প্ৰান্তে বাস কৰা প্ৰবাসীসকল... কিয়নো মই তেওঁলোকক অনুৰোধ জনাইছো যে আপোনালোকে ‘ডলাৰ’ বা ‘পাউণ্ড’ আনকেই বা নানক, কিন্তু ভাৰতখন চাবলৈ কমেও পাঁচটা অ-ভাৰতীয় পৰিয়াল ভাৰতলৈ পঠিয়াওক। আৰু সেয়েহে আজি প্ৰবাসী ভাৰতীয়সকলক ভাৰতলৈ আহিবলৈ, তেওঁলোকৰ বন্ধুবৰ্গক উৎসাহিত কৰিবলৈ 'চলো ইণ্ডিয়া' অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ অধীনত আন দেশত বাস কৰা লোকসকলক 'চলো ইণ্ডিয়া' ৱে’বছাইটৰ জৰিয়তে ভাৰতলৈ আহিবলৈ অনুপ্ৰাণিত কৰা হ'ব। আপোনালোক জম্মু-কাশ্মীৰৰ লোকসকল এই আঁচনি আৰু অভিযানৰ পৰা বিপুল ভাবে লাভান্বিত হ’ব। আৰু, আপোনালোকেতো জানেই, মই আন এটা উদ্দেশ্যৰেও কাম কৰি আছোঁ। ভাৰতৰ পৰ্যটকসকলকো মই  কওঁ, "আপোনালোক ফুৰিবলৈ যাওক, কিন্তু যাওতে মোৰ বাবেও এটা কাম কৰিব, আৰু, মোৰ কামটোনো কি?" মই তেওঁলোকক কওঁ যে আপোনালোকে যাত্ৰাৰ মুঠ বাজেটৰ কমেও ৫-১০% বস্তু কিনাৰ বাবে আচুতীয়াকৈ ৰাখিব আৰু আপোনালোক যোৱা ঠাইসমূহৰ পৰা কিবা নহয় কিবা বস্তু কিনিব। যাতে সেই সেই অঞ্চলৰ বাসিন্দাসকলৰ উপাৰ্জন বৃদ্ধি হয়, তেওঁলোকৰ জীৱিকাৰ সমল বৃদ্ধি হয় আৰু তেতিয়াহে পৰ্যটনৰ শ্ৰীবৃদ্ধি হ’ব। কেৱল আহিল, চালে, আৰু গুছি গ’ল... এই কাম নকৰিব। আপোনালোকে ৫%, ১০%ৰে কিবা কিনিব, আজি ময়ো কিনিছোঁ। শ্ৰীনগৰলৈ আহিছোঁ, এটা ভাল বস্তু দেখিলো, কিনিবলৈ মন গ’ল, আৰু কিনি পেলালো। আৰু সেয়েহে, মই ইয়াৰ জৰিয়তে অৰ্থনীতিকো অতি শক্তিশালী কৰিব বিচাৰিছোঁ।

 

বন্ধুসকল,

 

এই আঁচনিসমূহৰ সৈতে, পৰ্যটন উদ্যোগসমূহো ইয়াত বিকশিত হ'ব, নতুন নিযুক্তিৰ সুযোগো ওলাব। মই জম্মু আৰু কাশ্মীৰৰ মোৰ ভগ্নী আৰু ভাতৃসকলক এই উন্নয়নমূলক কামবোৰৰ বাবে অভিনন্দন জনাইছোঁ। আৰু এতিয়া মই আপোনালোকক এটা নতুন ক্ষেত্ৰৰ বাবে আহ্বান জনাইছোঁ। উদাহৰণ স্বৰূপে, চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে এই অঞ্চলটো অতিকে প্ৰিয় অঞ্চল হিচাপে পৰিগণিত হৈ আহিছে। এতিয়া মোৰ দ্বিতীয় লক্ষ্য হৈছে 'ৱে’ড ইন ইণ্ডিয়া'- ভাৰতত বিবাহ পাশত আৱদ্ধ হোৱা। যিসকল লোকে বিয়া পতাৰ বাবে ভাৰতৰ বাহিৰলৈ গৈ হোৱাই নোহোৱাই যথেষ্ট টকা, ‘ডলাৰ’ খৰচ কৰি আহেগৈ..,মহোদয় এনে নকৰিব, 'ৱে’ড ইন ইণ্ডিয়া', এতিয়া কাশ্মীৰ আৰু জম্মুৰ লোকসকল, আমাৰ শ্ৰীনগৰৰ লোকসকল, এতিয়া যদি 'ৱে’ড ইন ইণ্ডিয়া'ৰ বিবাহৰ বাবে ইয়ালৈ আহিবলৈ আৰু ইয়ালৈ আহি বুকিং কৰিবলৈ, ৩-৪ দিনৰ বাবে বৰযাত্ৰী-কইনাঘৰীয়াৰ দলবোৰ আহে, ধুমধামেৰে খা-খৰচা কৰে তেন্তে ইয়াৰ বাসিন্দাসকলৰ দৈনন্দিন উপাৰ্জ্জন বৃদ্ধি হ’ব। মই সেই অভিযানটোকো গতি প্ৰদান কৰি আছোঁ।

         

আৰু বন্ধুসকল,

 

যেতিয়া উদ্দেশ্য ভাল হয় আৰু যেতিয়া সংকল্প পূৰণ কৰাৰ ইচ্ছা থাকে, তেতিয়া সুফল লাভ কৰা হয়। সমগ্ৰ বিশ্বই দেখিলে জম্মু-কাশ্মীৰত কেনেদৰে ‘জি-২০ সন্মিলন’ৰ আয়োজন কৰা হৈছিল। এসময়ত মানুহে সুধিছিল– ‘জম্মু আৰু কাশ্মীৰতনো কোন পৰ্যটনৰ বাবে যাব?’ আজি জম্মু-কাশ্মীৰত পৰ্যটনৰ সকলো অভিলেখেই ভংগ হ’বলৈ ধৰিছে। কেৱল ২০২৩ চনতে ২ কোটিৰো অধিক পৰ্যটক ইয়ালৈ আহিছে। যোৱা ১০টা বছৰত, সৰ্বাধিক সংখ্যক তীৰ্থযাত্ৰীয়ে ‘অমৰনাথ যাত্ৰা’ত অংশগ্ৰহণ কৰিছে। অভিলেখ সংখ্যক ভক্তই ‘বৈষ্ণো দেৱী মন্দিৰ’ দৰ্শন কৰিছে। বিদেশী পৰ্যটকৰ সংখ্যাও আগৰ তুলনাত আঢ়ৈ গুণ বৃদ্ধি পাইছে। এতিয়া ডাঙৰ তাৰকা, চেলিব্ৰিটি, বিদেশী অতিথিসকলেও কাশ্মীৰলৈ নহাকৈ উভতি নাযায়, কাশ্মীৰ উপত্যকাত ঘূৰিবলৈ আহে, ইয়াত ‘ভিডিঅ' নিৰ্মাণ কৰে, ‘ৰীল’ নিৰ্মাণ কৰে, আৰু সেইবোৰ ‘ভাইৰেল’ হৈ আছে।

 

বন্ধুসকল,

 

জম্মু আৰু কাশ্মীৰত পৰ্যটনৰ লগতে কৃষি আৰু কৃষিজাত সামগ্ৰীৰ এক বৃহৎ সামৰ্থ্য আছে। জম্মু-কাশ্মীৰৰ ‘কেশৰ’, জম্মু-কাশ্মীৰৰ ‘আপেল’, জম্মু-কাশ্মীৰী ‘চেৰী’, জম্মু আৰু কাশ্মীৰৰ শুকান ফল নিজেই ইমান ডাঙৰ এক ‘ব্ৰেণ্ড’ হয়। এতিয়া কৃষি উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা এই ক্ষেত্ৰকো শক্তিশালী কৰি তোলা হ'ব। ৫ হাজাৰ কোটি টকাৰ এই কাৰ্যসূচীৰ ফলত অহা ৫টা বছৰত জম্মু-কাশ্মীৰৰ কৃষিখণ্ডৰ অভূতপূৰ্ব বিকাশ সম্ভৱ হ’ব। বিশেষকৈ উদ্যানশস্য আৰু পশুধনৰ বিকাশত ই যথেষ্ট সহায়ক হ'ব। আৰু অলপ আগতে যেতিয়া মই ভগ্নী হামিদাৰ সৈতে কথা পাতিছিলো, পশুপালনে কেনে ধৰণৰে সামৰ্থ্য লাভ কৰিব পাৰি আমি ভনী হামিদাৰ পৰা এই কথা শিকিব পাৰোঁ। ই হাজাৰ হাজাৰ নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰিব। ভাৰত চৰকাৰে ‘কিষাণ সন্মান নিধি’ হিচাপে ইয়াৰ কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ প্ৰায় ৩ হাজাৰ কোটি টকা প্ৰেৰণ কৰিছে। দীৰ্ঘদিন ধৰি ফল আৰু পাচলি সুৰক্ষিত ৰখাৰ বাবে জম্মু আৰু কাশ্মীৰত সঞ্চয়ভাণ্ডাৰৰ ক্ষমতাও বৃদ্ধি কৰা হৈছে। কেইদিনমান আগতে মাত্ৰ বিশ্বৰ সৰ্ববৃহৎ সঞ্চয়ভাণ্ডাৰ আঁচনি আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত জম্মু-কাশ্মীৰত বহুতো নতুন গুদামঘৰ নিৰ্মাণ কৰা হ'ব।

 

সমবয়সীয়া,

 

জম্মু আৰু কাশ্মীৰ আজি দ্ৰুত গতিত উন্নয়নৰ পথেৰে আগবাঢ়িবলৈ লৈছে। ইয়াত থকা লোকসকলে এখন নহয় দুখন ‘এইমছ’ৰ সুবিধা লাভ কৰিবলৈ আগবাঢ়িছে। ‘এইমছ জম্মু’ উদ্বোধন কৰা হৈছে, আৰু ‘এইমছ কাশ্মীৰ’ৰ কাম দ্ৰুত গতিত চলি আছে। ৭ খন নতুন চিকিৎসা মহাবিদ্যালয়, ২খন ডাঙৰ কৰ্কটৰোগৰ চিকিৎসালয় স্থাপন কৰা হৈছে। ‘আইআইটি’ আৰু ‘আইআইএম’-ৰ দৰে আধুনিক শিক্ষানুষ্ঠানসমূহৰো নিৰ্মাণকাৰ্য চলি আছে। জম্মু-কাশ্মীৰত ২খন ‘বন্দে ভাৰত’ ৰে’ল চলি আছে। শ্ৰীনগৰৰ পৰা সংগলদান আৰু সংগলদানৰ পৰা বাৰামুলালৈ ৰে’লসেৱা আৰম্ভ হৈছে। যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে জম্মু-কাশ্মীৰত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পাইছে। জম্ম-শ্ৰীনগৰক ‘স্মাৰ্ট চিটী’ নিৰ্মাণ কৰাৰ বাবে নতুন আন্তঃগাঁথনি প্ৰকল্পও ৰূপায়ণ কৰা হৈছে। আপোনালোকে দেখিব, আগন্তুক সময়ত জম্মু-কাশ্মীৰৰ সফলতাৰ কাহিনী সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ আকৰ্ষণ হৈ উঠিব। আৰু আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে নিশ্চয় ৰেডিঅ'ত শুনিছে, মই মোৰ ‘মন কী বাত’ কাৰ্যসূচীত জম্মু-কাশ্মীৰৰ সাফল্যৰ বিষয়ে কিবা একোষাৰ কোৱাৰ বাবে প্ৰতিটো সুযোগকে গ্ৰহণ কৰি আহিছোঁ। ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান, ইয়াৰ হস্তশিল্প... ইয়াৰ কাৰুশিল্পৰ বিষয়ে মই ‘মন কী বাত’ত নিৰন্তৰ কথা পাতি আহিছোঁ। এবাৰ মই ‘নাডৰু’ৰ বিষয়ে, ‘পদুমৰ আলু’(শেলেকু)ৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰিছিলো। ইয়াৰ হ্ৰদবোৰৰ সকলো ঠাইতে পদুমফুলৰ পয়োভৰ দেখা যায়। ৫০ বছৰ আগতে গঠন কৰা ‘জম্মু আৰু কাশ্মীৰ ক্ৰিকেট এছ'চিয়েশ্যন’ৰ 'প্ৰতীকচিহ্ন'ত পদুমফুল সন্নিৱিষ্ট কৰা হৈছে। এয়া এটা ভাল লগা কাকতালীয় ঘটনাইনে, প্ৰকৃতিৰে কোনো সংকেত যে বিজেপিৰ প্ৰতীকটোও পদুমফুলেই আৰু পদুমফুলৰ সৈতেতো জম্মু-কাশ্মীৰৰ গভীৰ সম্পৰ্ক আছে।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকলক প্ৰতিটো ক্ষেত্ৰতে আগুৱাই নিয়াৰ বাবে নিৰন্তৰ কাম কৰি আছে। দক্ষতা বিকাশৰ পৰা ক্ৰীড়ালৈকে যুৱ-প্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰা হৈছে। আজি জম্মু আৰু কাশ্মীৰৰ প্ৰতিখন জিলাতে আধুনিক ক্ৰীড়া সুবিধা গঢ়ি তোলা হৈছে। ইয়াৰ ১৭ খন জিলাত ‘বহুমুখী আভ্যন্তৰীণ ক্ৰীড়াভৱন’ নিৰ্মাণ কৰা হৈছে। জম্মু আৰু কাশ্মীৰে বিগত বছৰকেইটাত বহুতো ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। এতিয়া জম্মু আৰু কাশ্মীৰ দেশৰ শীতকালীন ক্ৰীড়া ৰাজধানী হিচাপে উদীয়মান হৈছে। শেহতীয়াকৈ অনুষ্ঠিত ‘খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া’ত সমগ্ৰ দেশৰ পৰা প্ৰায় এক হাজাৰ খেলুৱৈ ইয়ালৈ আহিছিল আৰু অংশগ্ৰহণ কৰিছিলহি।

 

বন্ধুসকল,

 

আজি জম্মু-কাশ্মীৰে উন্নয়নৰ নতুন উচ্চতা স্পৰ্শ কৰিছে কাৰণ জম্মু আৰু কাশ্মীৰে আজি মুক্তভাৱে উশাহ ল’বলৈ লৈছে। ‘অনুচ্ছেদ ৩৭০’ আঁতৰোৱাৰ পিছত এই নিষেধাজ্ঞাৰ পৰা মুক্তি লাভ কৰিছে। কেবাদশক ধৰি, ৰাজনৈতিক মুনাফা লুটাৰ বাবে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰশক্তিয়ে জম্মু-কাশ্মীৰৰ লোকসকলক ‘৩৭০’ৰ নামত বিপথে পৰিচালিত কৰিছিল, দেশক বিপথে পৰিচালিত কৰিছিল। ‘৩৭০ অনুচ্ছেদ’ৰ জৰিয়তে জম্মু-কাশ্মীৰ লাভান্বিত হৈছিলনে কেইটামান ৰাজনৈতিক পৰিয়ালেহে ইয়াৰ সুযোগ লৈছিল সেই সত্য আজি জম্মু-কাশ্মীৰৰ বাসিন্দাসকলে জানিব পাৰিছে। কেটামান পৰিয়ালৰ লাভৰ বাবে জম্মু আৰু কাশ্মীৰক শৃংখলবদ্ধ কৰা হৈছিল। আজি ‘অনুচ্ছেদ ৩৭০’ নাই, সেয়েহে জম্মু-কাশ্মীৰৰ যুৱপ্ৰজন্মৰ প্ৰতিভাসমূহৰ সম্পূৰ্ণ সন্মান হ’বলৈ ধৰিছে, তেওঁলোকে নতুন সুযোগ লাভ কৰিবলৈ লৈছে। আজি, সকলোৰে বাবে সমান অধিকাৰো আছে, সমান সুযোগো আছে। পাকিস্তানৰ পৰা অহা শৰণাৰ্থীসকল, আমাৰ ‘বাল্মীকি সম্প্ৰদায়’ৰ ভাই-ভনীসকল, আমাৰ অনাময় কৰ্মীসকল, তেওঁলোকে ৭০ বছৰ ধৰি ভোটদানৰ অধিকাৰ পোৱা নাছিল, তেওঁলোকে এতিয়া সেয়া পাইছে। ‘বাল্মীকি সম্প্ৰদায়ক’ অনুসূচিত জাতি শ্ৰেণীৰ সুবিধা প্ৰদান কৰাৰ বহু বছৰীয়া পুৰণি দাবী এতিয়া পূৰণ কৰা হৈছে। বিধানসভাত অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষিত কৰা হৈছে। 'পদ্দাৰী জনজাতি', 'পাহাৰী জাতিগত গোট', 'গুড্ডা ব্ৰাহ্মণ' আৰু 'কোলি' সম্প্ৰদায়ক অনুসূচিত জনজাতি শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ চৰকাৰত ‘পঞ্চায়ত’, ‘নগৰ পালিকা’ আৰু ‘পৌৰ নিগম’সমূহত অন্যান্য পিছপৰা শ্ৰেণীসমূহক সংৰক্ষণ দিয়া হৈছে। জম্মু আৰু কাশ্মীৰৰ লোকসকলক ‘পৰিয়ালবাদী দল’বোৰে দশকজুৰি এই অধিকাৰসমূহৰ পৰা বঞ্চিত কৰি আহিছিল। আজি তেওঁলোকৰ অধিকাৰ প্ৰতিটো শ্ৰেণীলৈ ঘূৰাই দিয়া হৈছে।

 

বন্ধুসকল,

 

জম্মু আৰু কাশ্মীৰত আমাৰ ‘জে এণ্ড কে বেংক’ স্বজনতোষণ আৰু দুৰ্নীতিৰ এক ডাঙৰ ভুক্তভোগী হৈ আহিছিল। ইয়াৰ পূৰ্বৱৰ্তী চৰকাৰসমূহে এই বেংকটো ধ্বংস কৰিবলৈ কোনো ত্ৰুটিয়েই কৰা নাছিল। বেঙ্কটোত তেওঁলোকৰ আত্মীয়-স্বজন আৰু ভাই-ভনীৰে ভৰাই পেলাই এই ‘পৰিয়ালবাদী’সকলে বেংকটোৰ কঁকাল সমূলি ভাঙি পেলাইছিল। চূড়ান্ত অব্যৱস্থাৰ বাবেই বেংকটোৰ ইমান লোকচান হৈছিল যে আপোনালোকৰ হাজাৰ হাজাৰ কোটি টকা ডুবাৰ আশংকাই দেখা দিছিল, এয়া কাশ্মীৰৰ দৰিদ্ৰ লোকসকলৰ ধন আছিল, এয়া শ্ৰমিক মানুহৰ ধন আছিল, আপোনাৰ মোৰ ভাই-ভনীৰ ধন আছিল, সেয়া ডুবিবলৈ আগবাঢ়িছিল। ‘জে এণ্ড কে বেংক’ক বচাবলৈ আমাৰ চৰকাৰে এটাৰ পিছত এটা সংস্কাৰৰ দিহা কৰিছিল। চৰকাৰখনে বেংকটোক ১,০০০ কোটি টকাৰ সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈগ্ৰহণ কৰিছিল। আমি ‘জে এণ্ড কে বেংক’ত সংঘটিত ভুল নিযুক্তিৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিলো। আজিও, ‘দুৰ্নীতি বিৰোধী ব্যুৰো’ৱে এনে ধৰণৰ হাজাৰ হাজাৰ নিযুক্তিৰ তদন্ত কৰি আছে। যোৱা ৫ বছৰত জম্মু-কাশ্মীৰৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে সম্পূৰ্ণ স্বচ্ছতাৰ সৈতে বেংকটোত চাকৰি লাভ কৰিছে। চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰে ‘জে এণ্ড কে বেংক’ আজি পুনৰ শক্তিশালী হৈ উঠিছে। যিটো বেংক ডুবিবলৈ আগবাঢ়িছিল সেইটো বেংকৰ লাভ, এয়া হৈছে ‘মোদীৰ গেৰাণ্টী’ৰ নমুনা। চাওক, এটা ডুব ওলোৱা বেংকে সম্ভৱ কৰা লাভ আজি ১৭০০ কোটি টকাত উপনীত হৈছে। এয়া আপোনালোকৰ ধন, আপোনালোকৰ ন্যায্য ধন, মোদীতো চকীদাৰ হিচাপে বহি আছে। পাঁচ বছৰ আগতে, বেঙ্কটোৰ ব্যৱসায় ১.২৫ লাখ কোটি টকালৈ হ্ৰাস পাইছিল, মাত্ৰ ১.২৫ লাখ কোটি টকা। এতিয়া বেংকটোৰ ব্যৱসায়ে আঢ়ৈ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। পাঁচ বছৰ আগতে বেঙ্কটোত জমাৰ পৰিমাণো ৮০ হাজাৰ কোটি টকাৰো তললৈ হ্ৰাস পাইছিল, অৰ্থাৎ এতিয়া ইয়াৰ সামৰ্থ্য প্ৰায় দুগুণ হ'বলৈ ওলাইছে। এতিয়া বেংকটোত মানুহৰ জমাৰ পৰিমাণেও ১.২৫ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। ৫বছৰ আগতে বেঙ্কটোৰ ‘এনপিএ’-ৰ হাৰে ১১ শতাংশৰ ঘৰ অতিক্ৰম কৰিছিল। এতিয়া ই ৫ শতাংশলৈয়ো হ্ৰাস পাইছে। যোৱা ৫টা বছৰত ‘জে এণ্ড কে বেঙ্ক’ৰ ‘শ্বেয়াৰ’ৰ মূল্যও প্ৰায় ১২ গুণ বৃদ্ধি হৈছে। বেঙ্কৰ ‘শ্বেয়াৰ’ৰ মূল্য, যি ১২ টকালৈ হ্ৰাস পাইছিল, এতিয়া প্ৰায় ১৪০ টকাত উপনীত হৈছে। যেতিয়া এখন সৎ চৰকাৰ থাকে, যাৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ কল্যাণ, তেতিয়া ৰাইজক প্ৰতিটো সংকটৰ পৰা উলিয়াই আনিব পাৰি।

 

বন্ধুসকল,

 

স্বাধীনতাৰ পিছত ‘পাৰিয়ালবাদী ৰাজনীতি’ৰ আটাইতকৈ শোচনীয় ভুক্তভোগী হৈছিল জম্মু আৰু কাশ্মীৰ। আজি দেশৰ উন্নয়নত অতিষ্ঠ হৈ, জম্মু-কাশ্মীৰৰ উন্নয়নত অতিষ্ঠ হৈ এই ‘পৰিয়ালবাদী’ লোকসকলে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ লৈছে। এই লোকসকলে কৈছে মোদীৰ কোনো পৰিয়াল নাই। কিন্তু দেশখনে তেওঁলোকক সমুচিত প্ৰত্যুত্তৰ দি আহিছে। দেশৰ মানুহে প্ৰতিটো প্ৰান্তৰ পৰাই ক’বলৈ লৈছে- ‘আমি হৈছো মোদীৰ পৰিয়াল’, ‘আমি হৈছো মোদীৰ পৰিয়াল’! মই সদায় জম্মু আৰু কাশ্মীৰক মোৰ পৰিয়াল হিচাপে গণ্য কৰি আহিছো। পৰিয়ালৰ সদস্যসকলে হৃদয়ত, মনৰ মাজত বাস কৰে। সেয়েহে, কাশ্মীৰীসকলৰ হৃদয়তো সেই একেটাই কথা – ‘আমি হৈছো মোদীৰ পৰিয়াল’! ‘আমি হৈছো মোদীৰ পৰিয়াল’! মোদীয়ে তেওঁৰ পৰিয়ালক বিশ্বাস দি যাব খুজিছে যে ‘জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ এই অভিযান কোনো মূল্যৰ বিনিমতে বন্ধ নহ'ব। অহা ৫টা বছৰত জম্মু আৰু কাশ্মীৰে আৰু অধিক দ্ৰুতগতিৰে বিকাশ লাভ কৰিব’।

 

বন্ধুসকল,

 

কেইদিনমানৰ ভিতৰতে শান্তি আৰু উপাসনাৰ মাহ ‘ৰমজান’ আৰম্ভ হ'ব। জম্মু-কাশ্মীৰৰ মাটিৰ পৰাই এই পবিত্ৰ মাহটোৰ বাবে মই সমগ্ৰ দেশবাসীক আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। মই কামনা কৰোঁ যে ‘ৰমজান মাহ’টোৱে সকলোৰে বাবে শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা আনিব।

 

আৰু মোৰ বন্ধুসকল,

 

এই ভূমি ‘আদি শংকৰাচাৰ্য’ৰ তপস্যাৰ ভূমি আছিল। আৰু কাইলৈ ‘মহাশিৱৰাত্ৰি’, ‘মহাশিৱৰাত্ৰি’ৰ পৱিত্ৰ উপলক্ষত মই আপোনালোক আৰু সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই প্ৰকল্পসমূহৰ বাবে মই আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। আৰু আকৌ এবাৰ জম্মু-কাশ্মীৰৰ লোকসকলৰ মাজত, লাখ লাখ সংখ্যাৰে উপস্থিত হোৱা আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাভ কৰাটো হৈছে মোৰ বাবে এক ডাঙৰ সৌভাগ্য।

 

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s address at 12th International Day of Yoga celebrations in Kolkata, West Bengal
June 21, 2026

मंच पर विराजमान राज्यपाल श्री आर एन रवि जी, ऊर्जावान मुख्यमंत्री शुभेंदु अधिकारी जी, केंद्र में मेरे सहयोगी प्रतापराव जाधव जी, अन्य सभी महानुभाव, यहां कोलकाता में जुटे सभी प्रतिभागी, देश-विदेश में योग से जुड़ रहे सभी साथी, और मेरे प्यारे देशवासियों!

21 जून का ये दिन, पृथ्वी के कुछ भूभाग पर साल में सबसे लंबी अवधि का दिन होता है। और अंतर्राष्ट्रीय योग दिवस के कारण 21 जून का ये दिन विश्व के सबसे बड़े सामूहिक उत्सव का दिन भी बन गया है। विश्व के अलग-अलग हिस्सों से योग की एक से एक अद्भुत तस्वीरें आ रहीं हैं। भारत में हिमालय से लेकर हिन्द महासागर तक, पूर्वोत्तर और पूरब में बंगाल से लेकर पश्चिम में सौराष्ट्र तक, पूरा देश योग की ऊर्जा से चैतन्य से भरा हुआ नज़र आ रहा है। पूरा देश, पूरा विश्व एक दूसरे से जुड़ा हुआ नज़र आ रहा है और यही तो योग की ताकत है। योग सबको जोड़ता है, योग सबको साथ लाता है। मैं इस अवसर पर पूरे विश्व को, संपूर्ण मानव समुदाय को अंतर्राष्ट्रीय योग दिवस की बहुत-बहुत शुभकामनाएं देता हूँ।

साथियों,

आज योग दिवस पर मैं खासकर के पूरे बंगाल में, कोलकाता में, यहां बने स्वच्छता के योग के लिए भी कोलकाता वासियों की सराहना करूंगा। ये अद्भुत पहल है- स्वच्छता से स्वागत पहल के लिए जिस तरह यहां लगातार श्रम किया गया है, नागरिक कर्तव्य निभाया गया है, वो सभी देशवासियों के लिए आज एक बहुत बड़ी प्रेरणा बन गया है।

साथियों,

योग दिवस के अवसर पर आज बंगाल में होना बहुत ही विशेष है। बंगाल की ये पवित्र भूमि, जहां भगवान रामकृष्ण परमहंस जैसे सिद्ध संतों ने अवतार लिया, जहां से निकलकर स्वामी विवेकानंद ने पूरे विश्व को योग से परिचय कराया, जहां महर्षि अरविंद जैसे महान योगी ने जन्म लिया, लाहिड़ी महाशय जैसे महान योगियों ने जहां योग परंपरा को नई ऊंचाइयों तक पहुंचाया, आज उसी धरती पर सामूहिक योग का अनुभव, एक अलग आध्यात्मिक अनुभूति दे रहा है। इसी बंगाल की धरती पर जन्मे गुरुदेव रवीन्द्रनाथ ठाकुर का मानना था कि मनुष्य की पहचान अलग-अलग रहने में नहीं, बल्कि अपने आसपास की दुनिया से जुड़ने में है। यही जुड़ाव योग का मूल भाव है। महर्षि अरविंद भी कहते थे- हमारा पूरा जीवन योग है, चाहे हमें इसका बोध हो या ना हो। योग जब स्वभाव में आता है तो वो मानवीय एकता का आधार बन जाता है।

साथियों,

योग केवल शारीरिक श्रम का साधन नहीं है। योग किसी एक आयु वर्ग के लिए सीमित भी नहीं है। भारत में हम जानते हैं और देखते आए हैं, योग मानव के जीवन का चेतना के साथ, ऊर्जा के साथ एक प्रकाश भी है। इसीलिए, इस वर्ष अंतर्राष्ट्रीय योग दिवस की थीम रखी गई है- Yoga for Healthy Ageing है। उम्र बढ़ने पर भी हम स्वस्थ रह सकते हैं, हम ऊर्जावान और सक्रिय रह सकते हैं, योग हमें इसके लिए मार्ग दिखाता है। Friends, When we speak of "Yoga for Healthy Aging," It means that we can work to ensure that age does not reduce human potential. Yoga can help human life to aspire for constant growth. Our target must be to be more flexible at 40 than we were at 20. Our target must be to be more energetic at 50 than we were at 30. Our target must be to be more resistant to lifestyle diseases at 70 than we were at 50. This is where Yoga can help us. It helps us tune our bodies to be flexible. It keeps our energy levels high, it also helps us maintain a calm stress-free life and helps keep lifestyle diseases away. Moreover, with regular practice, Yoga teaches us to remain lifelong learners of our own bodies and minds. The more we know about ourselves, the better we can manage ourselves. That is why, Yoga for Healthy Aging. This theme must be seen as one for people of all ages, not just for the elderly.

साथियों,

गीता में भगवान कृष्ण ने योग के विषय में कहा है-

युक्त आहार विहारस्य, युक्त चेष्टस्य कर्मसु।

युक्त स्वप्न अव-बोधस्य, योगो भवति दुःखहा॥

अर्थात्, संतुलित आहार विहार से, संतुलित क्रियाओं और कर्मों से संतुलित नींद और जागने से, योग दुःखों का नाश करने वाला हो जाता है। ये संतुलन ही योग का आधार है। यही संतुलन हमारे जीवन का आधार भी है। लेकिन ज्यादातर लोग आज इस आधुनिक समय में जीवन के असंतुलन से ही जूझ रहे हैं, बहुत मशक्कत करनी पड़ रही है उनको, योग हमें जीवन को balanced way में जीने की कला सिखाता है। योग हमें do’s और don’ts सिखाता है। और जब हम हमारे शरीर को सही ढंग से चलाना सीख लेते हैं, तो स्वास्थ्य हमारा स्वभाव बन जाता है।

साथियों,

योग केवल हमारे शारीरिक स्वास्थ्य पर ही फोकस नहीं करता, योग मानसिक स्वास्थ्य से शारीरिक स्वास्थ्य का मार्ग दिखाता है। इसीलिए, योग के विषय में “युक्त चेष्टस्य कर्मसु” कहा गया है। यानी, हमें क्या करना चाहिए, क्या नहीं करना चाहिए, इसका बोध! ये बोध हमारे जीवन में शांति का स्रोत तो बनता ही है, इससे विश्व शांति का मार्ग भी खुलता है। इसीलिए, योग आज केवल हमारी पर्सनल लाइफ़-स्टाइल के लिए जरूरी नहीं है इतना ही नहीं है, योग दुनिया के बेहतर भविष्य के लिए एक आवश्यकता भी है।

साथियों,

अंतर्राष्ट्रीय योग दिवस के अवसर पर करोड़ों लोग योग से जुड़ते हैं। लेकिन आज का ये दिन हमें अपने साझा संकल्प को फिर दोहराने का अवसर देता है। आइए, हम संकल्प लें, योग को केवल एक दिवस तक सीमित नहीं रखेंगे, योग को केवल एक कार्यक्रम तक सीमित नहीं रखेंगे। हम योग को अपने जीवन का हिस्सा बनाएंगे। अपने परिवार का हिस्सा बनाएंगे। अपनी आने वाली पीढ़ियों का हिस्सा बनाएंगे।

साथियों,

इसी दिशा में, इस वर्ष "योग 365" की पहल को भी आगे बढ़ाया गया है। इसके तहत 100 दिन के ऑनलाइन योग कार्यक्रम का आयोजन किया गया, जिसमें अभूतपूर्व जनभागीदारी देखी गई है। 130 देशों के 30 लाख से अधिक लोगों ने इसमें भाग लिया है।

साथियों,

जब समाज स्वस्थ होगा, तब राष्ट्र भी अधिक सक्षम, अधिक समृद्ध और आत्मविश्वासी बनेगा। मैं आप सबके लिए कामना करता हूं, "सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।" इसी के साथ आप सभी को एक बार फिर अंतर्राष्ट्रीय योग दिवस की बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद!