প্ৰায় ১৮০০ কোটি টকাৰ তিনিটা গুৰুত্বপূৰ্ণ মহাকাশ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে
‘গগণযান’ৰ অগ্ৰগতি পৰ্যালোচনা কৰে আৰু মনোনীত মহাকাশচাৰীকেইগৰাকীক 'এষ্ট্ৰনাট উইং' প্ৰদান কৰে
"নতুন কাল চক্ৰত ভাৰতে গোলকীয় ক্ৰমত নিৰন্তৰভাৱে নিজৰ স্থান সম্প্ৰসাৰিত কৰি আছে আৰু এয়া আমাৰ মহাকাশ কাৰ্যসূচীত স্পষ্টভাৱে দৃশ্যমান হৈছে"
"মনোনীত চাৰিগৰাকী মহাকাশচাৰী কেৱল চাৰিটা নাম বা চাৰিগৰাকী ব্যক্তিয়েই নহয়, তেওঁলোক হৈছে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা মহাকাশলৈ কঢ়িয়াই নিয়া চাৰিটা 'শক্তি'ও"
"মনোনীত চাৰিগৰাকী মহাকাশচাৰী হৈছে আজিৰ ভাৰতৰ বিশ্বাস, সাহস, বীৰত্ব আৰু অনুশাসনৰ প্ৰতীক"
"৪০ বছৰৰ পিছত এগৰাকী ভাৰতীয় মহাকাশলৈ যাবলৈ সাজু হৈছে। পিচে এইবাৰ সময়, গণনা আৰু ৰকেট আমাৰ"
সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মনোনীত মহাকাশচাৰীকেইগৰাকীক থিয় হৈ অভিবাদন জনোৱাৰ আহ্বান জনাই ভাষণ আৰম্ভ কৰিবলৈ লোৱাৰ মুহূৰ্ততে প্ৰেক্ষাগৃহটো ‘ভাৰত মাতা কী জয়’ৰ ধ্বনিৰে গুঞ্জৰিত হৈ উঠে।
"তেওঁলোক কেৱল চাৰিটা নাম বা চাৰিগৰাকী ব্যক্তিয়েই নহয়, বৰঞ্চ তেওঁলোক হৈছে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা মহাকাশলৈ কঢ়িয়াই নিয়া চাৰিটা 'শক্তি'ও", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
তেওঁ ‘গগনযান প্ৰকল্প’ৰ সৈতে জড়িত ইছৰোৰ সকলো কৰ্মচাৰী প্ৰশিক্ষকক শুভেচ্ছা জ্ঞাপন কৰে।
তেওঁ মনোনীত মহাকাশচাৰীকেইগৰাকী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায় যাতে তেওঁলোকে বিভ্ৰান্তি অবিহনে তেওঁলোকৰ প্ৰশিক্ষণ অব্যাহত ৰাখিব পাৰে।
তেওঁ ২০২৪ চনৰ প্ৰথম কেইসপ্তাহমানত ‘এক্সপো-ছেট’ আৰু ‘ইনছেট-৩ডিএছ’ৰ শেহতীয়া সফলতাৰ কথাও উল্লেখ কৰে।

কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নজী, ৰাজ্যিক মন্ত্ৰী মোৰ সহকৰ্মী শ্ৰী ভি মুৰলীধৰণ জী, ইছৰো পৰিয়ালৰ সদস্যসকল, নমস্কাৰ!

আমাৰ সাহসী বন্ধুসকলক সন্মান জনাবলৈ, আমি তেওঁলোকক থিয় হৈ প্ৰশংসা আৰু কৰধ্বনিৰে সন্মানিত কৰোঁ আহক।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বহুত বহুত ধন্যবাদ!

প্ৰতিখন ৰাষ্ট্ৰৰ উন্নয়নী যাত্ৰাত এনে কিছুমান মুহূৰ্ত আহে যিয়ে বৰ্তমানৰ লগতে অনাগত প্ৰজন্মকো সংজ্ঞায়িত কৰে। আজিৰ এই মুহূৰ্তটোও ভাৰতৰ বাবে এনেকুৱা এটা মুহূৰ্তই। আমাৰ বৰ্তমানৰ প্ৰজন্মই জল, স্থল, আকাশ আৰু মহাকাশত সম্পাদন কৰা ঐতিহাসিক কাম-কাজৰ বাবে খ্যাতি লাভ কৰিবলৈ পাই অতি সৌভাগ্যশালী হৈছে। কেইদিনমান আগতে মই অযোধ্যাত কৈছিলোঁ যে এয়া এক নতুন কালচক্ৰৰ আৰম্ভণি হৈছে। এই নতুন যুগত, ভাৰতে গোলকীয় প্ৰেক্ষাপটত নিৰন্তৰ ইয়াৰ স্থান সম্প্ৰসাৰিত কৰি আহিছে। আৰু এই কথা আমাৰ মহাকাশ কাৰ্যসূচীতো স্পষ্টভাৱেই দৃশ্যমান হৈছে।

 

বন্ধুসকল,

যোৱাটো বছৰত ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত ত্ৰিৰংগা উত্তোলন কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল। আজি ‘শিৱশক্তি পইণ্ট’-য়ে সমগ্ৰ বিশ্বক ভাৰতে বহণ কৰ সামৰ্থ্যৰে পৰিচিত কৰাই আহিছে। এতিয়া ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ত আমি আন এক ঐতিহাসিক যাত্ৰাৰ সাক্ষী হৈছোঁ। অলপ আগতে দেশখনে প্ৰথমবাৰৰ বাবে ইয়াৰ চাৰিগৰাকী ‘গগনযান যাত্ৰী’ৰ সৈতে পৰিচিত হৈছে। এয়া কেৱল চাৰিটা নাম, বা চাৰিগৰাকী ব্যক্তিয়েই নহয়, এয়া হৈছে চাৰিটা শক্তি, যিয়ে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষাক মহাকাশলৈ লৈ যাব। ৪০ বছৰৰ পিছত কোনোবা ভাৰতীয় মহাকাশলৈ যাব। কিন্তু এইবাৰ, সময়ো আমাৰ, কাউন্টডাউনো আমাৰ আৰু ৰকেটটোও আমাৰ হ’ব। মই সুখী যে আজি মই এই মহাকাশচাৰীসকলক লগ কৰাৰ, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰাৰ, আৰু তেওঁলোকক দেশবাসীৰ সন্মুখত চিনাকী কৰাই দিয়াৰ সুযোগ পাইছোঁ। মই সমগ্ৰ দেশৰ হৈ এই কেইগৰাকী বন্ধুক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। একবিংশ শতিকাৰ ভাৰতৰ সফলতাত আজি আপোনালোকৰ নামো জড়িত হ’ল।

আপোনালোক হৈছে আজিৰ ভাৰতৰ বিশ্বাস। আপোনালোক হৈছে আজিৰ ভাৰতৰ শৌৰ্য, সাহস আৰু অনুশাসন। আপোনালোকে যোৱা কেবাটাও বছৰ ধৰি ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিবলৈ, মহাকাশত ত্ৰিৰংগা উত্তোলন কৰিবলৈ দিন-ৰাতিয়ে কাম কৰি আহিছে। আপোনালোকে ভাৰতৰ ‘অমৃত প্ৰজন্ম’ক প্ৰতিনিধিত্ব কৰে, যিসকলে প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাৰ মানসিকতা বহণ কৰে। আপোনালোকৰ কঠোৰ প্ৰশিক্ষণ ‘মডিউল’-ত ‘যোগ’-ৰ এক ডাঙৰ ভূমিকা আছে। এই অভিযানত, এক স্বাস্থ্যৱান মন, এক স্বাস্থ্যৱান শৰীৰ আৰু এই দুয়োটাৰ মাজত এক সমন্বয় থকাটো অতিকে গুৰুত্বপূৰ্ণ! আপোনালোক এনেদৰে নিমগ্ন থাকিব, দৃঢ় হৈ থাকিব। দেশৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত আছে, দেশৰ শুভকামনা আপোনালোকৰ বাবে আছে। আপোনালোকক প্ৰশিক্ষণ দিয়াত নিয়োজিত ‘ইছৰো’-ৰ ‘গগনযান প্ৰকল্প’ৰ সৈতে জড়িত সকলো সহকৰ্মীকে মই বহুত বহুত শুভেচ্ছা জনাইছোঁ।

অৱশ্যে, একে সময়তে মই কিছু চিন্তাও ব্যক্ত কৰিব বিচাৰিছোঁ। আৰু হয়তো এই কথাবোৰ কিছুমান লোকৰ বাবে তিক্তদায়কো হ’ব পাৰে। দেশৰ জনসাধাৰণ আৰু বিশেষকৈ সংবাদ মাধ্যমৰ প্ৰতি মোৰ আন্তৰিক প্ৰাৰ্থনা যে এই চাৰিগৰাকী সহকৰ্মীয়ে যোৱা কেইবছৰমান ধৰি নিৰন্তৰ তপস্যা কৰিছে, আধ্যাত্মিক অনুশীলন কৰিছে; আৰু পৃথিৱীৰ সন্মুখত মুখ নোদেখুৱাকৈয়ে কৰিছে। কিন্তু এতিয়াও আৰু বহুত কৰিবলৈ বাকী আছে। আৰু তেওঁলোকে অতি কঠিন পৰীক্ষাৰ মাজেৰে পাৰ হ’ব লাগিব। তেওঁলোকে এতিয়া তেওঁলোকৰ শৰীৰ আৰু মনক দৃঢ় কৰিব লাগিব। কিন্তু আমাৰ দেশৰ, আমাৰ মানুহৰ যিহে স্বভাৱ, এতিয়া এই চাৰিগৰাকী ‘চেলিব্ৰিটি’ হৈ উঠিছে। এতিয়া তেওঁলোক যদি কৰবালৈ যায়, তেওঁলোকৰ ‘অটোগ্ৰাফ’ ল'বলৈ মানুহে লৰা-ঢপৰা কৰিব, তেওঁলোকক ‘চেলফি’ উঠিবলৈও লাগিব, ‘ফটোগ্ৰাফ’ও লাগিব, ‘অটোগ্ৰাফ’ও লাগিব। এতিয়া আনকি সংবাদ মাধ্যমৰ লোকসকলো লাঠি লৈ থিয় হ'বগৈ। তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ অৱস্থা কাঢ়িল কৰি দিব। ‘আপুনি শৈশৱত কি কৰিছিল, আপুনি ইয়ালৈ কেনেকৈ গৈছিল’? তেওঁলোক শিক্ষকৰ ওচৰলৈ যাব, বিদ্যালয়লৈ যাব। অৰ্থাৎ এনে এক পৰিৱেশৰ সৃষ্টি হ'ব যে তেওঁলোকৰ বাবে সাধনাৰ এইছোৱা সময়ত বাধাগ্ৰস্ত হোৱাৰ আশংকা সৃষ্টি হ’ব পাৰে।

আৰু, সেয়েহে মই কৰযোৰে প্ৰাৰ্থনা কৰিছোঁ, এতিয়াহে প্ৰকৃত কাহিনী আৰম্ভ হৈছে। আমি তেওঁলোকক সহযোগিতা আগবঢ়াবলৈ হ’লে, আমি তেওঁলোকৰ পৰিয়ালক সহযোগিতা আগবঢ়াবলৈ হ’লে, এনে ধৰণৰ কোনো কামতে জড়িত হ’ব নালাগিব। তেওঁলোকৰ মনোযোগ যাতে একেটা কথাতে নিৱিষ্ট থাকে- তেওঁলোকৰ হাতত ত্ৰিৰংগা, সন্মুখত মহাকাশ, ১৪০ কোটি দেশবাসীৰ সপোন, আৰু সেয়াই হৈছে আমাৰ সকলোৰে সংকল্প। এইটোৱেই ভাৱনা, সেয়েহে আমি যিমান পাৰো অনুকূল পৰিৱেশ এটাৰ সৃষ্টি কৰিব লাগিব। মই ভাবো দেশৰ সহযোগিতা নিতান্তই গুৰুত্বপূৰ্ণ হ’ব। মোৰ সংবাদ মাধ্যমৰ সহকৰ্মীসকলৰ সহযোগিতা অতিকে গুৰুত্বপূৰ্ণ হ’ব। এতিয়ালৈকে এই নামকেইটা বাহিৰলৈ যোৱা নাই মানে, আমাৰ কাম ভালদৰে চলি আছে। কিন্তু এতিয়া তেওঁলোকৰ বাবেও অলপ অসুবিধা বাঢ়ি যাব। আৰু হয়তো তেওঁলোকেও অনুভৱ কৰিব পাৰে- ‘ঠিক আছে বন্ধু. এখন চেলফি লৈ ল’লেনো কি হ’ব পাৰে’। পিচে, এই সকলোবোৰ কথাৰ পৰা আমি বাচি থাকিব লাগিব।

 

বন্ধুসকল,

এই কাৰ্যসূচীৰ আগতে, মোক ‘গগনযান’ৰ বিষয়ে বিতং তথ্য দিয়া হৈছিল। বিভিন্ন সঁজুলিৰ বিষয়ে তথ্য জনোৱা হৈছিল। যানখনৰ কাৰ্যকলাপবোৰ বৰ্ণনা কৰা হৈছিল। ‘গগনযান’ত ব্যৱহৃত বেছিভাগ সঁজুলি ‘মে’ড ইন ইণ্ডিয়া’ সামগ্ৰীৰে প্ৰস্তুত কৰা বুলি জানি মই অত্যন্ত সুখী হৈছোঁ। এইটো ইমান ডাঙৰ কাকতালীয় ঘটনা যে যিছোৱা সময়ত ভাৰতে বিশ্বৰ শীৰ্ষ-৩ অৰ্থনীতি হ'বলৈ আগবাঢ়িছে, একেছোৱা সময়তে ভাৰতৰ ‘গগনযান’য়েও আমাৰ মহাকাশ খণ্ডক এক নতুন উচ্চতালৈ লৈ যাবলৈ সাজু হৈছে। আজি ইয়াত বহুতো প্ৰকল্পও উদ্বোধন কৰা হৈছে। এই সকলোবোৰে কেৱল বিশ্বমানৰ প্ৰযুক্তিৰ ক্ষেত্ৰত দেশৰ সামৰ্থ্য বৃদ্ধিৰ কথাকে প্ৰদৰ্শিত নকৰে, বৰঞ্চ নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰিব।

আৰু বন্ধুসকল,

মই সুখী যে আমাৰ মহাকাশ খণ্ডত মহিলা শক্তিক যথেষ্ট গুৰুত্ব দিয়া হৈছে। ‘চন্দ্ৰযান’-য়েই হওক বা ‘গগনযান’-য়েই হওক, মহিলা বিজ্ঞানীৰ অবিহনে এনে কোনো অভিযানৰ কথা কল্পনাই কৰিব নোৱাৰি। আজি, ‘ইছৰো’-ত ৫০০ ৰো অধিক মহিলা নেতৃত্ব প্ৰদানকাৰী পদত স্থলাভিষিক্ত হৈ আছে। মই ইয়াত উপস্থিত থকা সকলো মহিলা বিজ্ঞানী, টেকনিচিয়ান আৰু অভিযন্তাক অন্তৰৰেৰে প্ৰশংসা কৰিছোঁ। কিন্তু ইয়াৰ বাবে, পুৰুষ শ্ৰেণীৰ খং উঠিব নালাগে, তেওঁলোকে অভিনন্দন লাভ কৰিয়েই থাকে।

 

বন্ধুসকল,

ভাৰতৰ মহাকাশ খণ্ডৰ এক বৃহৎ অৱদান আছে, যিটোৰ বিষয়ে বেছিকৈ আলোচনা কৰা নহয়। এই অৱদান হৈছে যুৱ প্ৰজন্মত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা। ‘ইছৰো’ৰ সফলতা দেখি বহুতো শিশুৱে ভাবে যে যেতিয়া তেওঁলোক ডাঙৰ হ'ব, তেওঁলোকো বিজ্ঞানী হ'ব। সেইযে ৰকেটৰ কাউন্টডাউন... ইয়াৰ ওলোটা গণনা... ই লাখ লাখ শিশুক অনুপ্ৰাণিত কৰে। প্ৰতিখন ঘৰত কাগজৰ বিমান উৰোৱা এৰোনটিকেল অভিযন্তাজনে ডাঙৰ হ'লে আপোনালোকৰ দৰে অভিযন্তা হ'ব বিচাৰে, তেওঁ এজন বিজ্ঞানী হ'ব বিচাৰে। আৰু যিকোনো দেশৰ বাবে, ইয়াৰ যুৱ প্ৰজন্মৰ এই ইচ্ছাশক্তি হৈছে এক অতি ডাঙৰ সম্পদ। মোৰ মনত আছে যেতিয়া ‘চন্দ্ৰযান-২’ৰ অৱতৰণৰ সময় আছিল। সমগ্ৰ দেশৰ শিশুৱে সেই মুহূৰ্তটো চাই আছিল। শিশুসকলে সেই মুহূৰ্ততে বহু কথা শিকিছিল। তাৰ পিছত আহিছিল যোৱা বছৰৰ ২৩ আগষ্টৰ দিনটো। ‘চন্দ্ৰযান ৩’ৰ সফল অৱতৰণে যুৱ প্ৰজন্মক এক নতুন উৎসাহেৰে ভৰাই তুলিছিল। আমি এই দিনটোক ‘মহাকাশ দিৱস’ হিচাপে স্বীকৃতি দিছোঁ। আপোনালোক সকলোৱে আমাৰ মহাকাশ যাত্ৰাত ভাৰতক ইটোতকৈ সিটো চাৰ সাফল্য প্ৰদান কৰিছে। আমি মহাকাশ খণ্ডত বহুতো অভিলেখ ৰচনা কৰিছোঁ। ভাৰতে প্ৰথম প্ৰচেষ্টাতে মঙ্গল গ্ৰহত উপনীত হোৱাত সফলতা লাভ কৰিছিল। যি খন দেশে এটা অভিযানত ১০০ তকৈয়ো অধিক উপগ্ৰহ উৎক্ষেপণ কৰিছিল, সেইখন দেশ হৈছে আমাৰ ভাৰত। ‘চন্দ্ৰযান’ৰ সফলতাৰ পাছতো আপুনি বহুতো সাফল্য অৰ্জন কৰিছোঁ। আপোনালোকে ‘আদিত্য-এল১’-ক পৃথিৱীৰ পৰা ১,৫ নিযুত কিলোমিটাৰ দূৰৈত ইয়াৰ কক্ষপথলৈ সুৰক্ষিতভাৱে প্ৰেৰণ কৰিছে। পৃথিৱীৰ কেইখনমান দেশেহে এই সাফল্য সম্ভৱ কৰিবলৈ সক্ষম হৈছে। ২০২৪ আৰম্ভ হোৱাৰ মাত্ৰ কেইসপ্তাহমানহে হৈছে, ইমান কম সময়ৰ ভিতৰতে আপোনালোকে ‘এক্সপোছেট’ আৰু ‘ইনছেট-৩ ডিএছ’-ৰ দৰে সফলতা অৰ্জন কৰিছে।

 

বন্ধুসকল,

 

আপোনালোক সকলোৱে মিলি ভৱিষ্যতৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে। অনুমান কৰা হৈছে যে অহা দহটা বছৰত ভাৰতৰ মহাকাশ অৰ্থনীতি পাঁচগুণে বৃদ্ধি হৈ ৪৪ বিলিয়ন ডলাৰত উপনীত হ'ব। মহাকাশৰ ক্ষেত্ৰখনত ভাৰত এক অতি ডাঙৰ গোলকীয় বাণিজ্যিক কেন্দ্ৰ হ'বলৈ আগবাঢ়িছে। অহা কেইবছৰমানৰ ভিতৰত আমি আকৌ এবাৰ চন্দ্ৰলৈ যাম। আৰু এই সফলতাৰ পিছত, আমি আমাৰ লক্ষ্যবোৰ উচ্চতৰ কৰি আছোঁ। এতিয়া আমাৰ অভিযানবোৰ প্ৰযুক্তিৰ দৃষ্টিকোণৰ পৰা অধিক প্ৰত্যাহ্বানমূলক হ'ব। আমি চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰিম আৰু সেইবোৰ পৃথিৱীলৈ ঘূৰাই আনিম। ই চন্দ্ৰৰ বিষয়ে আমাৰ জ্ঞান আৰু বুজাবুজিৰ স্তৰ উন্নত কৰিব। ইয়াৰ পিছত, শুক্ৰও হৈছে ‘ইছৰো’-ৰ অন্যতম লক্ষ্য। ২০৩৫ চনৰ ভিতৰত মহাকাশত ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰ থাকিব, যি আমাক মহাকাশৰ অজ্ঞাত বিস্তাৰ জনাত সহায় কৰিব। কেৱল এয়াই নহয়, এই ‘অমৃতকাল’ত ভাৰতৰ মহাকাশচাৰীয়েও ভাৰতৰ নিজা ৰকেটৰে গৈ চন্দ্ৰত অৱতৰণ কৰিবগৈ।

 

বন্ধুসকল,

 

একবিংশ শতিকাৰ ভাৰত, উন্নত হোৱাৰ দিশত আগবঢ়া ভাৰতে আজি বিশ্বক ইয়াৰ সম্ভাৱনাসমূহৰে আশ্চৰ্যচকিত কৰি তুলিছে। যোৱা দহটা বছৰত আমি প্ৰায় ৪০০ টা উপগ্ৰহ উৎক্ষেপণ কৰিছোঁ। ইয়াৰ আগৰ ১০টা বছৰত মাত্ৰ ৩৩টা উপগ্ৰহহে উৎক্ষেপণ কৰা হৈছিল। দহবছৰ আগতে সমগ্ৰ দেশত মাত্ৰ এটা বা দুটা ‘ষ্টাৰ্টআপ’হে আছিল। আজি ইয়াৰ সংখ্যাই দুশৰ ঘৰ অতিক্ৰম কৰিছে। ইয়াৰে বেছিভাগ ‘ষ্টাৰ্টআপ’ যুৱপ্ৰজন্মই আৰম্ভ কৰা। ইয়াৰে কিছুসংখ্য লোক আজি আমাৰ মাজত উপস্থিত আছে। মই তেওঁলোকৰ দৃষ্টিভংগী, তেওঁলোকৰ প্ৰতিভা আৰু তেওঁলোকৰ উদ্যোগক প্ৰশংসা কৰিছোঁ। মহাকাশখণ্ডত সম্পাদিত হোৱা শেহতীয়া সংস্কাৰে এই খণ্ডটোক নতুন গতি প্ৰদান কৰিছে। যোৱা সপ্তাহত আমি মহাকাশ সম্পৰ্কীয় ‘এফডিআই নীতি’ও মুকলি কৰিছোঁ। ইয়াৰ অধীনত মহাকাশ খণ্ডত ১০০ শতাংশ বিদেশী বিনিয়োগৰো অনুমোদন জনোৱা হৈছে। এই সংস্কাৰৰ দ্বাৰা বিশ্বৰ বৃহৎ মহাকাশ প্ৰতিষ্ঠানসমূহ ভাৰতলৈ আহিবলৈ সক্ষম হ'ব আৰু দেশৰ যুৱপ্ৰজন্মই সমগ্ৰ বিশ্বৰ সন্মুখত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ পাব।

 

বন্ধুসকল,

 

আমি একেলগে মিলি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছোঁ। এই সংকল্প সিদ্ধ কৰাত মহাকাশ খণ্ডৰ ভূমিকা বৃহৎ হ’ব। আৰু মহাকাশ বিজ্ঞান কেৱল ‘ৰকেট বিজ্ঞানে’ই নহয়, ই আটাইতকৈ ডাঙৰ সামাজিক বিজ্ঞানো। মহাকাশ প্ৰযুক্তিৰ দ্বাৰা সমাজ আটাইতকৈ বেছি লাভান্বিত হয়, সকলোৱেই লাভান্বিত হয়। আজি আমাৰ দৈনন্দিন জীৱনত যি প্ৰযুক্তি ব্যৱহাৰ কৰা হয়, মহাকাশ প্ৰযুক্তিৰ ইয়াত এক ডাঙৰ ভূমিকা আছে। শস্যৰ যতন, বতৰৰ তথ্য, ঘূৰ্ণীবতাহ আৰু অন্যান্য দুৰ্যোগ, কৃষিত জলসিঞ্চনৰ সুবিধা, গাড়ী চলোৱাত সহায় কৰাৰ বাবে মানচিত্ৰই হওক, এনে বহুতো কাম উপগ্ৰহ তথ্যৰ জৰিয়তে সম্পাদিত হয়। ভাৰতৰ লাখ লাখ মাছমৰীয়াক ‘নাৱিক’(এনএভিআইচি)য়ে প্ৰদান কৰা সঠিক তথ্যৰ আঁৰতো মহাকাশ প্ৰযুক্তিৰ সামৰ্থ্য আছে। আমাৰ উপগ্ৰহসমূহে আমাৰ সীমা সুৰক্ষিত ৰখাত সহায় কৰে আৰু সেইবোৰে দূৰৱৰ্তী অঞ্চলসমূহলৈ শিক্ষা, যোগাযোগ আৰু স্বাস্থ্য সেৱা প্ৰদান কৰাত সহায় কৰে। সেয়েহে, আপোনালোক সকলোৰে, ইছৰো আৰু সমগ্ৰ মহাকাশ খণ্ডৰ এক উন্নত ভাৰত গঢ়াত যথেষ্ট ডাঙৰ ভূমিকা আছে। মই আকৌ এবাৰ আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। মই, বিশেষকৈ ১৪০ কোটি ভাৰতীয়ৰ হৈ গগনযান দললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ, আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ, বহুত বহুত ধন্যবাদ!

 

বন্ধুসকল,

 

আমি একেলগে মিলি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছোঁ। এই সংকল্প সিদ্ধ কৰাত মহাকাশ খণ্ডৰ ভূমিকা বৃহৎ হ’ব। আৰু মহাকাশ বিজ্ঞান কেৱল ‘ৰকেট বিজ্ঞানে’ই নহয়, ই আটাইতকৈ ডাঙৰ সামাজিক বিজ্ঞানো। মহাকাশ প্ৰযুক্তিৰ দ্বাৰা সমাজ আটাইতকৈ বেছি লাভান্বিত হয়, সকলোৱেই লাভান্বিত হয়। আজি আমাৰ দৈনন্দিন জীৱনত যি প্ৰযুক্তি ব্যৱহাৰ কৰা হয়, মহাকাশ প্ৰযুক্তিৰ ইয়াত এক ডাঙৰ ভূমিকা আছে। শস্যৰ যতন, বতৰৰ তথ্য, ঘূৰ্ণীবতাহ আৰু অন্যান্য দুৰ্যোগ, কৃষিত জলসিঞ্চনৰ সুবিধা, গাড়ী চলোৱাত সহায় কৰাৰ বাবে মানচিত্ৰই হওক, এনে বহুতো কাম উপগ্ৰহ তথ্যৰ জৰিয়তে সম্পাদিত হয়। ভাৰতৰ লাখ লাখ মাছমৰীয়াক ‘নাৱিক’(এনএভিআইচি)য়ে প্ৰদান কৰা সঠিক তথ্যৰ আঁৰতো মহাকাশ প্ৰযুক্তিৰ সামৰ্থ্য আছে। আমাৰ উপগ্ৰহসমূহে আমাৰ সীমা সুৰক্ষিত ৰখাত সহায় কৰে আৰু সেইবোৰে দূৰৱৰ্তী অঞ্চলসমূহলৈ শিক্ষা, যোগাযোগ আৰু স্বাস্থ্য সেৱা প্ৰদান কৰাত সহায় কৰে। সেয়েহে, আপোনালোক সকলোৰে, ইছৰো আৰু সমগ্ৰ মহাকাশ খণ্ডৰ এক উন্নত ভাৰত গঢ়াত যথেষ্ট ডাঙৰ ভূমিকা আছে। মই আকৌ এবাৰ আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। মই, বিশেষকৈ ১৪০ কোটি ভাৰতীয়ৰ হৈ গগনযান দললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ, আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ, বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From Vajpayee to Modi: India’s growing influence at the G-7 Summit

Media Coverage

From Vajpayee to Modi: India’s growing influence at the G-7 Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"