‘বিনা শোধনাগাৰত পেট্ৰ’কেমিকেল কমপ্লেক্স’ৰ আধাৰশিলা স্থাপন
নৰ্মদাপুৰমত ‘শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল’ আৰু ৰাটলামৰ মেগা ঔদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন
ইন্দোৰত দুখন আই টি পাৰ্ক আৰু ৰাজ্যজুৰি ছখন নতুন ঔদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন
“আজিৰ প্ৰকল্পসমূহে মধ্যপ্ৰদেশৰ বাবে আমাৰ সংকল্পৰ বিশালতাক সূচায়”
“যিকোনো দেশ বা যিকোনো ৰাজ্যৰ উন্নয়নৰ বাবে শাসন ব্যৱস্থা স্বচ্ছ হোৱা আৰু দুৰ্নীতি নিৰ্মূল কৰাটো প্ৰয়োজনীয়”
তেওঁ উল্লেখ কৰে যে নৰ্মদাপুৰম, ইন্দোৰ আৰু ৰাটলামৰ প্ৰকল্পসমূহে মধ্যপ্ৰদেশৰ ঔদ্যোগিক শক্তি বৃদ্ধি কৰিব যিয়ে সকলোকে উপকৃত কৰিব।
শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে অহা কেইবছৰমানৰ ভিতৰত মধ্যপ্ৰদেশে ঔদ্যোগিক উন্নয়নৰ নতুন উচ্চতা লাভ কৰিব।
তেওঁ খাজুৰাহো, ইন্দোৰ আৰু ভোপালত জি-২০ ইভেণ্টৰ প্ৰভাৱৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ দ্বাৰা বিশ্বৰ দৃষ্টিত মধ্যপ্ৰদেশৰ ভাবমূৰ্তি বৃদ্ধি পাইছে।
আমাৰ লক্ষ্য যে কোনো ভগ্নীক গেছ সংযোগৰ বাহিৰত এৰি দিয়া উচিত নহয়”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।
“বুণ্ডেলখণ্ডতো অটল ভূগৰ্ভস্থ জল আঁচনিৰ অধীনত পানীৰ উৎস সৃষ্টিৰ ক্ষেত্ৰতো বৃহৎ পৰিসৰত কাম কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।
পৃথিৱীৰ ভিতৰত দেশখনে শীৰ্ষ-৩ অৰ্থনীতিৰ ভিতৰত অন্যতম হোৱাৰ লক্ষ্যৰ দিশত কাম কৰি আছে বুলি আলোকপাত কৰে।
এই উপলক্ষে মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগুভাই পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰীযুত হৰদীপ সিং পুৰীকে ধৰি অন্যান্যসকল উপস্থিত থাকে।
এই মেগা প্ৰকল্পটোৱে নিয়োগৰ সুযোগো সৃষ্টি কৰিব আৰু পেট্ৰলিয়াম খণ্ডৰ তলৰ উদ্যোগসমূহৰ উন্নয়নত সহায় কৰিব।

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়,

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

 

এই বুণ্ডেলখণ্ডৰ ভূমি বীৰৰ ভূমি, বীৰৰ দেশ। এই ভূমিত বীনা আৰু বেতোৱা দুয়োৰে আশীৰ্বাদ আছে। আৰু এমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে সাগৰলৈ আহি আপোনালোক সকলোকে দেখাৰ সৌভাগ্য লাভ কৰিছো। আৰু লগতে শিৱৰাজ জীৰ চৰকাৰক অভিনন্দন আৰু ধন্যবাদ জনাইছো যে মোক আপোনালোক সকলোৰে মাজত গৈ আপোনালোক সকলোৰে দৰ্শন কৰাৰ সুযোগ দিলে। যোৱাবাৰ আপোনালোকৰ মাজলৈ আহিছিলো সন্ত ৰবিদাস জীৰ সেই ভব্য স্মৃতিসৌধৰ ভূমি পূজন উপলক্ষে। আজি মই বহু প্ৰকল্পৰ ভূমি পূজন কৰাৰ সুযোগ পাইছো যিয়ে মধ্যপ্ৰদেশৰ উন্নয়নত নতুন গতি প্ৰদান কৰিব। এই প্ৰকল্পসমূহে এই অঞ্চলৰ ঔদ্যোগিক উন্নয়নত নতুন শক্তি প্ৰদান কৰিব। এই প্ৰকল্পসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫০ হাজাৰ কোটিতকৈ অধিক ধন ব্যয় কৰিবলৈ ওলাইছে। আপুনি কল্পনা কৰিব পাৰেনে, পঞ্চাশ হাজাৰ কোটি কি? আমাৰ দেশৰ বহু ৰাজ্যৰ গোটেই বছৰটোৰ বাজেট আজি ভাৰত চৰকাৰে এটা কাৰ্যসূচীৰ বাবে যিমান খৰচ কৰিছে, সিমান নহয়। ইয়াৰ পৰাই বুজা যায় যে মধ্যপ্ৰদেশৰ বাবে আমাৰ সংকল্প কিমান ডাঙৰ। এই সকলোবোৰ প্ৰকল্পই আগন্তুক সময়ত মধ্যপ্ৰদেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব। এই প্ৰকল্পসমূহে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ সপোন পূৰণ কৰিব। বীনা শোধনাগাৰ সম্প্ৰসাৰণ আৰু বহু নতুন সা-সুবিধাৰ আধাৰশিলা স্থাপনৰ বাবে মধ্যপ্ৰদেশৰ লাখ লাখ জনসাধাৰণক অভিনন্দন জনাইছো।

 

বন্ধুসকল,

স্বাধীনতাৰ এই সোণালী যুগত প্ৰতিজন দেশবাসীয়ে ভাৰতক বিকশিত কৰাৰ প্ৰতিশ্ৰুতি লৈছে। এই সংকল্প লাভ কৰিবলৈ ভাৰত স্বাৱলম্বী হোৱাটো প্ৰয়োজনীয় আৰু আমি বহিঃৰাজ্যৰ পৰা ন্যূনতম সংখ্যক বস্তু আমদানি কৰা উচিত। আজি ভাৰতে কেৱল বাহিৰৰ পৰা পেট্ৰ’ল-ডিজেল আমদানি কৰাই নহয়, পেট্ৰ’কেমিকেল সামগ্ৰীৰ বাবেও আমি আন দেশৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। আজি বীনা শোধনাগাৰত স্থাপন কৰা পেট্ৰ’-কেমিকেল কমপ্লেক্সৰ আধাৰশিলাটোৱে ভাৰতক এনে বস্তুৰ উৎপাদনত স্বাৱলম্বী কৰি তোলাত সহায় কৰিব। বহুতে নাজানে যে এইবোৰ প্লাষ্টিকৰ পাইপ, বাথৰুমত ব্যৱহাৰ কৰা প্লাষ্টিকৰ বাল্টি আৰু মগ, প্লাষ্টিকৰ টেপ, প্লাষ্টিকৰ চকী আৰু টেবুল, ঘৰৰ বাবে ৰং কৰা সামগ্ৰী,গাড়ীৰ বাম্পাৰ, গাড়ীৰ ডেচবৰ্ড, পেকিং সামগ্ৰী, চিকিৎসা সঁজুলি, গ্লুক'জৰ বটল, চিকিৎসা চিৰিঞ্জ, বিভিন্ন ধৰণৰ কৃষি সঁজুলি, এই সকলোবোৰতে পেট্ৰ'কেমিকেল থাকে।ই বহুত ডাঙৰ ভূমিকা পালন কৰে। এতিয়া বীনাত নিৰ্মাণ হ’বলগীয়া এই আধুনিক পেট্ৰ’কেমিকেল কমপ্লেক্সে এই সমগ্ৰ অঞ্চলটোক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাব, মই আপোনালোকক এই নিশ্চয়তা দিবলৈ আহিছো। ইয়াৰ দ্বাৰা ইয়ালৈ নতুন উদ্যোগ আহিব, ই কেৱল ইয়াৰ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীসকলক সহায় কৰাই নহয়, আটাইতকৈ ডাঙৰ কথাটো হ’ল মোৰ যুৱক-যুৱতীসকলেও হাজাৰ হাজাৰ কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব।

আজিৰ নতুন ভাৰতত উৎপাদন খণ্ডতো পৰিৱর্তন ঘটিছে৷ দেশৰ প্রয়োজনীয়তা বাঢ়ি অহাৰ লগে লগে আৰু দেশৰ প্রয়োজনীয়তা পৰিৱর্তিত হোৱাৰ লগে লগে উৎপাদন খণ্ডটো আধুনিকীকৰণ কৰাটোও সমানেই প্রয়োজনীয়৷ এই চিন্তাৰে আজি এই কাৰ্যসূচীত মধ্যপ্ৰদেশৰ ১০টা নতুন ঔদ্যোগিক প্ৰকল্পৰ কামো আৰম্ভ কৰা হৈছে। নৰ্মদাপুৰমত নবীকৰণযোগ্য শক্তিৰ সৈতে জড়িত মেনুফেকচাৰিং জ’ন, ইন্দোৰত দুটা নতুন আই-টি পাৰ্ক, ৰাটলামত মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক, এই সকলোবোৰে মধ্যপ্ৰদেশৰ ঔদ্যোগিক শক্তি আৰু অধিক বৃদ্ধি কৰিব। আৰু যেতিয়া মধ্যপ্ৰদেশৰ ঔদ্যোগিক শক্তি বাঢ়িব, তেতিয়া সকলোৱে ইয়াৰ দ্বাৰা উপকৃত হ’বলৈ গৈ আছে। ইয়াৰ যুৱক-যুৱতী, ইয়াৰ কৃষক, ইয়াৰ ক্ষুদ্ৰ উদ্যোগী, সকলোৰে উপাৰ্জন বৃদ্ধি পাব, সকলোৱে অধিক নতুন সুযোগ পাব।

মোৰ পৰিয়ালৰ সদস্যসকল,

যিকোনো দেশ বা যিকোনো ৰাজ্যৰ উন্নয়নৰ বাবে শাসন ব্যৱস্থা সম্পূৰ্ণ স্বচ্ছতাৰে চলাব লাগে আৰু দুৰ্নীতি নিয়ন্ত্ৰণত ৰাখিব লাগে। ইয়াত মধ্যপ্ৰদেশত আজিৰ প্ৰজন্মই হয়তো বেছি মনত নাৰাখে, কিন্তু এটা সময় আছিল যেতিয়া মধ্যপ্ৰদেশক দেশৰ অন্যতম বেয়া ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। স্বাধীনতাৰ পিছত দীৰ্ঘদিন মধ্যপ্ৰদেশত শাসন কৰা সকলে, দুৰ্নীতি আৰু অপৰাধৰ বাহিৰে মধ্যপ্ৰদেশক একো নিদিলে, বন্ধু-বান্ধৱীসকল, একো নিদিলে। সেইবোৰ সময়ত মধ্যপ্ৰদেশত অপৰাধীৰ আধিপত্য আছিল। আইন-শৃংখলা ব্যৱস্থাৰ প্ৰতি মানুহৰ কোনো বিশ্বাস নাছিল। এনে পৰিস্থিতিত মধ্যপ্ৰদেশত কেনেকৈ উদ্যোগ স্থাপন কৰিব পাৰি? কোনো ব্যৱসায়ীয়ে ইয়ালৈ আহিবলৈ কেনেকৈ সাহস কৰিব? আপোনালোকে যেতিয়া আমাক সেৱা কৰাৰ সুযোগ দিলে, আমাৰ সহকৰ্মীসকল, আমি পূৰ্ণ আন্তৰিকতাৰে মধ্যপ্ৰদেশৰ ভাগ্য সলনি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। আমি মধ্যপ্ৰদেশক ভয়ৰ পৰা মুক্ত কৰি ইয়াত আইন-শৃংখলা প্ৰতিষ্ঠা কৰিলোঁ। পুৰণি প্ৰজন্মৰ মানুহে মনত পেলাব যে কংগ্ৰেছে এই বুণ্ডেলখণ্ডক কেনেকৈ পথ, বিদ্যুৎ, পানীৰ দৰে সা-সুবিধাবোৰৰ পৰা বঞ্চিত কৰিছিল। আজি বিজেপি চৰকাৰৰ দিনত প্ৰতিখন গাঁৱলৈ ৰাস্তা-ঘাট আৰু বিদ্যুৎ প্ৰত্যেক ঘৰলৈ গৈ আছে। ইয়াত যেতিয়া সংযোগৰ উন্নতি হৈছে, তেতিয়া উদ্যোগসমূহৰ বাবেও অনুকূল, ইতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে। আজি বৃহৎ বিনিয়োগকাৰীয়ে মধ্যপ্ৰদেশলৈ আহি ইয়াত নতুন কাৰখানা স্থাপন কৰিব বিচাৰিছে। মোৰ বিশ্বাস যে আগন্তুক কেইবছৰমানৰ ভিতৰত মধ্যপ্ৰদেশে ঔদ্যোগিক বিকাশৰ নতুন উচ্চতা স্পৰ্শ কৰিবলৈ ওলাইছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আজিৰ নতুন ভাৰত অতি দ্ৰুতগতিত সলনি হৈছে। আপোনাৰ হয়তো মনত আছে, লালকিল্লাৰ পৰাই মই দাসত্বৰ পৰা মুক্তিৰ মানসিকতা আৰু সকলোৰে প্ৰচেষ্টাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছিলোঁ। আজি মই এইটো দেখি অতি গৌৰৱ অনুভৱ কৰিছো যে ভাৰতে দাসত্বৰ মানসিকতাক এৰি স্বাধীন হোৱাৰ আত্মসন্মানেৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছে। আৰু যিকোনো দেশে যেতিয়া এনে সিদ্ধান্ত লয় তেতিয়াই তাৰ ৰূপান্তৰ আৰম্ভ হয়। মাত্ৰ এতিয়াই আপুনি জি-২০ শীৰ্ষ সন্মিলনৰ সময়তো ইয়াৰ এখন ছবি দেখিছে। বন্ধুসকল, এতিয়া প্ৰতিখন গাঁৱৰ ল’ৰা-ছোৱালীৰ মুখত জি-২০ শব্দটো আত্মবিশ্বাসেৰে প্ৰতিধ্বনিত হৈছে। আপোনালোকে সকলোৱে দেখিছে যে ভাৰতে জি-২০ক কেনেকৈ সফলতাৰে সংগঠিত কৰিছে। আপোনালোকে মোক কওক মোৰ বন্ধুসকল, আপোনালোকে মোক উত্তৰ দিয়ক, আপুনি হাত দাঙি সঁহাৰি দিয়ক, পিছফালে থকাসকলেও উত্তৰ দিব, সকলোৱে ক’ব, আপোনালোকে মোক কওক যে আপোনালোকে জি-২০ৰ সফলতাত গৌৰৱ কৰিছে নে নাই?  দেশে গৌৰৱ কৰিছে নে নাই? শিৰ উচ্চ হৈছে নে নাই? বুকুখন বহল হৈছে নে নাই?

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

আপোনালোকৰ অনুভৱ যিয়েই নহওক কিয়, সেয়া আজি সমগ্ৰ দেশৰ অনুভৱ। এই সফল জি-২০য়ে ইমান ডাঙৰ সফলতা লাভ কৰিছে, ইয়াৰ কৃতিত্ব কোনে পায়? কোনে এই কাম কৰিলে?  নাই, এই কাম মোদীৰ নহয়, আপোনালোক সকলোৱে এই কাম কৰিছে। এইটোৱেই আপোনালোকৰ শক্তি। বন্ধুসকল, এয়া ১৪০ কোটি ভাৰতীয়ৰ সফলতা। এয়া ভাৰতৰ সামূহিক শক্তিৰ প্ৰমাণ। আৰু এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিদেশী অতিথিসকল ভাৰতলৈ আহিছিল, তেওঁলোকেও কৈ আছিল যে তেওঁলোকে আগতে কেতিয়াও এনেকুৱা অনুষ্ঠান দেখা নাছিল। ভাৰতে দেশৰ বিভিন্ন চহৰত বিদেশী অতিথিক আদৰণি জনাইছিল, তেওঁলোকে ভাৰতক দেখিবলৈ বাধ্য কৰাইছিল, তেওঁলোকে বৈচিত্ৰ্য দেখি, ভাৰতৰ ঐতিহ্য দেখি, ভাৰতৰ সমৃদ্ধি দেখি অতিশয় আপ্লুত হৈছেল। ইয়াত মধ্যপ্ৰদেশত ভূপাল, ইন্দোৰ আৰু খাজুৰাহোত জি-২০ সভা অনুষ্ঠিত হৈছিল আৰু তাত উপস্থিত থকা লোকসকলে আপোনালোকৰ প্ৰশংসা গাই আপোনালোকৰ গুণগান গাইছে। লগতে জি-২০ৰ সফল সংগঠনৰ বাবে আৰু ইয়াত কাম কৰাৰ সুযোগ পোৱাৰ বাবে আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপুনি মধ্যপ্ৰদেশৰ সাংস্কৃতিক, পৰ্যটন, কৃষি আৰু উদ্যোগিক সম্ভাৱনাক বিশ্বৰ সন্মুখত আনিছে। ইয়াৰ বাবেই সমগ্ৰ বিশ্বতে মধ্যপ্ৰদেশৰ নতুন ভাবমূৰ্তিও উন্নত হৈছে। জি-২০ৰ সফল সংগঠন নিশ্চিত কৰাৰ বাবে শিৱৰাজ জী আৰু তেওঁৰ সমগ্ৰ দলটোক মইও প্ৰশংসা কৰিম।

মোৰ পৰিয়ালৰ সদস্যসকল,

এফালে আজিৰ ভাৰতে বিশ্বক সংযোগ কৰাৰ ক্ষমতা দেখুৱাইছে। আমাৰ ভাৰত বিশ্ব মঞ্চত বিশ্ব বন্ধু হিচাপে আত্মপ্ৰকাশ কৰিছে। আনহাতে কিছুমান দল আছে যিবোৰে দেশ আৰু সমাজখনক বিভাজিত কৰাত নিয়োজিত হৈ আছে। দুয়ো মিলি ইণ্ডি-এলায়েন্স গঠন কৰিছে। একাংশই এই ভাৰতীয় মিত্ৰজোঁটক অহংকাৰী মিত্ৰতা বুলিও কয়। তেওঁলোকৰ নেতা এতিয়াও নিৰ্দিষ্ট হোৱা নাই, নেতৃত্বক লৈ বিভ্ৰান্তি। কিন্তু শেহতীয়াকৈ মুম্বাইত তেওঁলোকৰ এখন বৈঠক হৈছিল। মই ভাবো, সেই বৈঠকত তেওঁলোকে এই অহংকাৰী মিত্ৰতাই ভৱিষ্যতে কেনেদৰে কাম কৰিব তাৰ নীতি আৰু কৌশল তৈয়াৰ কৰিছে। তেওঁলোকে নিজৰ লুকাই থকা এজেণ্ডাও প্ৰস্তুত কৰিছে আৰু এই নীতি কৌশল কি? এয়াই ইণ্ডি এলায়েন্সৰ নীতি, ভাৰতৰ সংস্কৃতিক আক্ৰমণ কৰাৰ এই অহংকাৰী মিত্ৰতাৰ নীতি। ইণ্ডি এলায়েন্সৰ এই সিদ্ধান্ত ভাৰতীয়ৰ বিশ্বাসক আক্ৰমণ কৰা। ইণ্ডি এলায়েন্সৰ অহংকাৰী মিত্ৰতাৰ উদ্দেশ্য হৈছে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতক একত্ৰিত কৰা ধাৰণা, মূল্যবোধ আৰু পৰম্পৰাক ধ্বংস কৰা। সনাতনৰ পৰা অনুপ্ৰাণিত হৈ দেৱী অহিল্যাবাই হোলকাৰে দেশৰ চুকে-কোণে সমাজ কাম কৰিছিল, নাৰী উত্থানৰ বাবে অভিযান আৰম্ভ কৰিছিল, দেশৰ বিশ্বাস ৰক্ষা কৰিছিল, এই অহংকাৰী মিত্ৰতা, এই ভাৰত-মিত্ৰজোঁটে সেই সনাতন মূল্যবোধ আৰু পৰম্পৰাৰ অন্ত পেলাবলৈ চেষ্টা কৰিছে। 

 

সনাতনৰ শক্তিয়েই ঝান্সীৰ ৰাণী লক্ষ্মীবাইয়ে ঝান্সীক এৰি নিদিওঁ বুলি কৈ ইংৰাজক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল। গান্ধীজীয়ে গোটেই জীৱন বিশ্বাস কৰা সনাতন, গোটেই জীৱন অনুপ্ৰাণিত কৰা ভগৱান শ্ৰীৰাম, তেওঁৰ শেষ বাক্য হৈ পৰিল-হে ৰাম! যি সনাতন পৰম্পৰাই তেওঁলোকক অস্পৃশ্যতাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল, ইণ্ডি এলায়েন্সৰ এই লোকসকলে, এই অহংকাৰী মিত্ৰতাই সেই সনাতন পৰম্পৰাৰ অন্ত পেলাব বিচাৰে। স্বামী বিবেকানন্দই যি সনাতনে সমাজৰ বিভিন্ন অশুভতাৰ বিষয়ে মানুহক সজাগ কৰি তুলিছিল, তাৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতীয় মিত্ৰজোঁটৰ ৰাইজে সেই সনাতনৰ অন্ত পেলাব বিচাৰে। যি সনাতনৰ পৰা লোকমান্য তিলক ভাৰত মাতৃৰ স্বাধীনতাৰ কার্য ল’লে, গণেশ পূজাক স্বাধীনতা আন্দোলনৰ সৈতে সংযোগ কৰিলে, ৰাজহুৱা গণেশ উৎসৱৰ পৰম্পৰা সৃষ্টি কৰিলে, আজি এই ভাৰতীয় মিত্রতাই সেই একেটা সনাতনক ধ্বংস কৰিব বিচাৰিছে৷

বন্ধুসকল,

এয়াই আছিল সনাতনৰ শক্তি য’ত স্বাধীনতা আন্দোলনত ফাঁচী দিয়া বীৰসকলে কৈছিল যে তেওঁলোকৰ পৰৱৰ্তী জন্মত মোক ভাৰত মাতাৰ কোলাত ঠাই দিয়ক। সন্ত ৰবিদাসৰ প্ৰতিফলন যি সনাতন সংস্কৃতি, মাতা শ্বাবাৰীৰ পৰিচয় যি সনাতন সংস্কৃতি, মহৰ্ষি বাল্মিকীৰ আধাৰ সনাতন সংস্কৃতি, হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতক একত্ৰিত কৰি ৰখা সনাতন সংস্কৃতি, এইসকল লোক একেলগে আছিল। এতিয়া সেই সনাতনক টুকুৰা টুকুৰ কৰিবলৈ চেষ্টা কৰি আছে। আজি এই লোকসকলে মুকলিকৈ কথা ক’বলৈ আৰম্ভ কৰিছে আৰু মুকলিকৈ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। কাইলৈ ​​এই মানুহবোৰে আমাৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিব। দেশৰ চুকে-কোণে থকা প্ৰতিগৰাকী সনাতনী, এই দেশক ভালপোৱা প্ৰতিজন, এই দেশৰ মাটিক ভালপোৱা প্ৰতিজন, এই দেশৰ লাখ লাখ মানুহক ভালপোৱা প্ৰতিজন, সকলোৱে সজাগ হোৱাটো প্ৰয়োজন। সনাতনক ধ্বংস কৰি তেওঁলোকে দেশখনক হাজাৰ বছৰৰ বাবে দাসত্বলৈ ঠেলি দিব বিচাৰে। কিন্তু আমি একেলগে এনে শক্তিক ৰোধ কৰিব লাগিব, আমাৰ সংগঠনৰ শক্তি আৰু আমাৰ সংহতিৰে তেওঁলোকৰ পৰিকল্পনা বিফল কৰিব লাগিব।

মোৰ পৰিয়ালৰ সদস্যসকল,

ভাৰতীয় জনতা পাৰ্টি দেশপ্ৰেম, জনশক্তিৰ প্ৰতি নিষ্ঠা আৰু জনসেৱাৰ ৰাজনীতিত উৎসৰ্গিত।

অভাৱগ্ৰস্তক অগ্ৰাধিকাৰ দিয়াটোৱেই হৈছে বিজেপিৰ সুশাসনৰ মৌলিক মন্ত্ৰ। বিজেপি চৰকাৰ এখন স্পৰ্শকাতৰ চৰকাৰ। দিল্লী হওক বা ভোপাল হওক, আজি চৰকাৰে আপোনাৰ ঘৰত উপস্থিত হৈ আপোনাক সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছে। ক’ভিডৰ এনে ভয়াবহ সংকটৰ সময়ত চৰকাৰে কোটি কোটি দেশবাসীক বিনামূলীয়াকৈ টিকাকৰণৰ ব্যৱস্থা কৰিছিল। সুখ-দুখত আমি আপোনালোকৰ সংগী। আমাৰ চৰকাৰে ৮০ কোটিৰো অধিক দেশবাসীক বিনামূলীয়া ৰেচন দিলে, যাতে দুখীয়াৰ ঘৰৰ চৌকাটো জ্বলি থাকে, দুখীয়া লোকসকল ভোকত নাথাকে। আমাৰ প্ৰচেষ্টা আছিল যাতে কোনো দুখীয়া, দলিত, পিছপৰা বা জনজাতীয় পৰিয়ালৰ কোনো মাতৃয়ে খালী পেটেৰে শুব নালাগে। সেই মাতৃক সন্তানৰ ভোকত ৰাখি অত্যাচাৰ কৰা উচিত নহয়। সেইবাবেই এই দুখীয়া পৰিয়ালৰ পুত্ৰই দুখীয়াৰ ঘৰৰ ৰেচনৰ বাবে চিন্তিত, দুখীয়া মাতৃৰ সমস্যাৰ বাবে চিন্তিত। আৰু আপোনালোক সকলোৰে আশীৰ্বাদত আজিও মই এই দায়িত্ব পালন কৰি আছো।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

মধ্যপ্ৰদেশে উন্নয়নৰ নতুন উচ্চতাত উপনীত হোৱা, মধ্যপ্ৰদেশৰ প্ৰতিটো পৰিয়ালৰ জীৱন সহজ হৈ পৰা আৰু প্ৰতিটো ঘৰে সমৃদ্ধি কঢ়িয়াই অনাটো আমাৰ নিৰন্তৰ প্ৰচেষ্টা। মোদীৰ নিশ্চয়তাৰ ট্ৰেক ৰেকৰ্ড আপোনাৰ সন্মুখত। তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড মনত ৰাখক, মোৰ ট্ৰেক ৰেকৰ্ড চাওক। মোদীয়ে দুখীয়াক স্থায়ী ঘৰৰ নিশ্চয়তা দিছিল। আজি কেৱল মধ্যপ্ৰদেশতে ৪০ লাখৰো অধিক পৰিয়ালে স্থায়ী ঘৰ লাভ কৰিছে। আমি প্ৰতিটো ঘৰতে শৌচাগাৰৰ নিশ্চয়তা দিছিলোঁ – এই নিশ্চয়তাও আমি পূৰণ কৰিলোঁ৷ আমি অতি দুখীয়া লোকক বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা দিছিলোঁ। আমি প্ৰতিটো ঘৰতে বেংক একাউণ্ট খোলাৰ নিশ্চয়তা দিছিলোঁ। আমি মাতৃ-ভগ্নীক ধোঁৱামুক্ত পাকঘৰৰ নিশ্চয়তা দিছিলোঁ। আপোনালোকৰ সেৱক মোদীয়ে আজি প্ৰতিটো নিশ্চয়তা পূৰণ কৰি আছে। ভগ্নীসকলৰ স্বাৰ্থৰ কথা মনত ৰাখি আমিও এই ৰাখী বন্ধনত গেছ চিলিণ্ডাৰৰ দাম বহু পৰিমাণে হ্ৰাস কৰিলোঁ। ইয়াৰ বাবে উজ্জ্বলাৰ হিতাধিকাৰী ভগ্নীসকলে এতিয়া ৪০০ টকাত সস্তাত চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছে। উজ্জ্বলাৰ এই আঁচনিখনে আমাৰ ভগ্নী-কন্যাৰ জীৱন কেনেকৈ ৰক্ষা কৰি আছে আমি সকলোৱে জানো। আমাৰ প্ৰয়াস যে এজনী ভগ্নী বা ছোৱালীয়েও ধোঁৱাত খাদ্য ৰান্ধিব নালাগে। আৰু সেয়ে কালি কেন্দ্ৰীয় চৰকাৰে আন এটা ডাঙৰ সিদ্ধান্ত লৈছে। এতিয়া দেশৰ আৰু ৭৫ লাখ ভগ্নীক বিনামূলীয়াকৈ গেছ সংযোগ দিয়া হ’ব। আমাৰ উদ্দেশ্য যাতে কোনো ভগ্নীক গেছ সংযোগৰ পৰা আঁতৰি বঞ্চিত নহয়। আমি এবাৰ কাম সম্পূৰ্ণ কৰিলোঁ, কিন্তু কিছুমান পৰিয়ালত সম্প্ৰসাৰণ হ’ল, পৰিয়ালত দুটা বিভাগ আছিল আৰু আনটো পৰিয়ালক গেছৰ প্ৰয়োজন হৈছিল। ইয়াত উল্লেখ কৰা নামবোৰৰ বাবে আমি এই নতুন আঁচনিখন উলিয়াইছো।

বন্ধুসকল,

আমি আমাৰ প্ৰতিটো নিশ্চয়তা পূৰণৰ বাবে সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰি আছো। আমি মধ্যভোগীক নিৰ্মূল কৰি প্ৰতিজন হিতাধিকাৰীক সম্পূৰ্ণ সুবিধাৰ নিশ্চয়তা দিছিলোঁ। ইয়াৰ উদাহৰণ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। এই আঁচনিৰ হিতাধিকাৰী প্ৰতিজন কৃষকলৈ ২৮ হাজাৰ টকা পোনপটীয়াকৈ তেওঁৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল। এই আঁচনিৰ বাবে চৰকাৰে ২ লাখ ৬০ হাজাৰ কোটিতকৈও অধিক ধন ব্যয় কৰিছে।

বন্ধুসকল,

বিগত ৯ বছৰত কৃষকৰ খৰচ কমাই কম মূল্যত সাৰ যোগান ধৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। ইয়াৰ বাবে আমাৰ চৰকাৰে ৯ বছৰত চৰকাৰ ৰাজকোষৰ পৰা ১০ লাখ কোটিতকৈ অধিক টকা ব্যয় কৰিছে। আজি আপোনালোকে পথাৰলৈ লৈ যোৱা ইউৰিয়াৰ বেগটো, মোৰ খেতিয়ক ভাই-ভনীসকল, এই ইউৰিয়াৰ মোনাটো আমেৰিকাত ৩,০০০ টকাত বিক্ৰী কৰা হয়, কিন্তু আমি মোৰ দেশৰ কৃষকসকলক সেই একেটা বেগ মাত্ৰ ৩০০ টকাত প্ৰদান কৰো আৰু ইয়াৰ বাবে চৰকাৰী কোষাগাৰৰ পৰা দহ লাখ কোটি টকা ব্যয় কৰা হৈছে। মনত আছে, আগতে ইউৰিয়াৰ নামত হাজাৰ কোটি টকাৰ কেলেংকাৰি হৈছিল, যাৰ বাবে খেতিয়কক দিনে-ৰাতিয়ে মাৰপিট কৰিবলগীয়া হৈছিল, এতিয়া একেই ইউৰিয়া এতিয়া সকলোতে সহজে উপলব্ধ।

মোৰ পৰিয়ালৰ সদস্যসকল,

বুণ্ডেলখণ্ডতকৈ কোনে ভালকৈ জানে জলসিঞ্চনৰ গুৰুত্ব কি। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে বুণ্ডেলখণ্ডত বহু জলসিঞ্চন প্ৰকল্পত কাম কৰি আহিছে। কেন-বেতৱা সংযোগী খালটোৱে বুণ্ডেলখণ্ডকে ধৰি এই অঞ্চলৰ লাখ লাখ কৃষকৰ বাবে যথেষ্ট উপকৃত কৰিব আৰু ই তেওঁলোকৰ গোটেই জীৱন আৰু আগন্তুক প্ৰজন্মৰ বাবেও  থাকিব। আমাৰ চৰকাৰে অহৰহ কঠোৰ পৰিশ্ৰম কৰি দেশৰ প্ৰতিগৰাকী ভগ্নীক তেওঁৰ ঘৰত পাইপযোগে পানী যোগান ধৰিছে। মাত্ৰ ৪ বছৰত সমগ্ৰ দেশৰ প্ৰায় ১০ কোটি নতুন পৰিয়ালক নলৰ পানী যোগান ধৰা হৈছে। মধ্য প্ৰদেশতো ৬৫ লাখ পৰিয়ালক পাইপযোগে পানী যোগান ধৰা হৈছে। ইয়াৰ পৰা মোৰ বুণ্ডেলখণ্ডৰ মা আৰু ভগ্নীসকল বহুত উপকৃত হৈছে। বুণ্ডেলখণ্ডতো অটল ভূগৰ্ভস্থ জল আঁচনিৰ অধীনত পানীৰ উৎস সৃষ্টিৰ ক্ষেত্ৰতো বৃহৎ পৰিসৰত কাম চলি আছে।

 

বন্ধুসকল,

আমাৰ চৰকাৰ এই অঞ্চলৰ উন্নয়নৰ বাবে আৰু লগতে এই অঞ্চলৰ গৌৰৱ বৃদ্ধিৰ বাবে সম্পূৰ্ণ দায়বদ্ধ আৰু আপোনালোকৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত। এইবাৰ ৫ অক্টোবৰ ৰাণী দুৰ্গাৱতীৰ ৫০০সংখ্যক জন্ম বাৰ্ষিকী। ডাবল ইঞ্জিন চৰকাৰেও এই শুভ অনুষ্ঠানটো অতি আড়ম্বৰেৰে উদযাপন কৰিবলৈ ওলাইছে।

 

বন্ধুসকল,

আমাৰ চৰকাৰৰ এই প্ৰচেষ্টাত দুখীয়া, দলিত, পিছপৰা শ্ৰেণী আৰু জনজাতীয় লোকসকল সৰ্বাধিক লাভৱান হৈছে। বঞ্চিতক অগ্ৰাধিকাৰ দিয়া, সকলোৰে বাবে সমৰ্থন, সকলোৰে বাবে উন্নয়নৰ এই আৰ্হিটোৱে আজি পৃথিৱীখনক বাট দেখুৱাইছে। এতিয়া ভাৰতে বিশ্বৰ তৃতীয় শীৰ্ষ অৰ্থনীতিৰ ভিতৰত অন্যতম হোৱাৰ লক্ষ্যৰে কাম কৰি আছে। ভাৰতক শীৰ্ষ তৃতীয় স্থানত স্থান দিয়াৰ ক্ষেত্ৰত মধ্যপ্ৰদেশৰ ডাঙৰ ভূমিকা আছে আৰু মধ্যপ্ৰদেশে ইয়াৰ ভূমিকা পালন কৰিব। ইয়াৰ দ্বাৰা ইয়াৰ কৃষক, ইয়াৰ উদ্যোগ আৰু ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব। আগন্তুক ৫ বছৰে মধ্যপ্ৰদেশৰ উন্নয়নক নতুন উচ্চতা প্ৰদান কৰিব। আজি আমি যিবোৰ প্ৰকল্পৰ ভেটি স্থাপন কৰিছো, সেইবোৰে মধ্যপ্ৰদেশৰ দ্ৰুত উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰিব। আপুনি ইমান বৃহৎ সংখ্যকে আহি এই উন্নয়নৰ উৎসৱ পালন কৰিবলৈ আহিছিল, উন্নয়নৰ উৎসৱত অংশ লৈছিল আৰু আশীৰ্বাদ দিছিল, ইয়াৰ বাবে মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু বহুত বহুত শুভেচ্ছা জনাইছো।

মোৰ লগত সমস্বৰে কওক-

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former PM Shri PV Narasimha Rao Ji on his birth anniversary
June 28, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. Shri Modi remarked that Shri PV Narasimha Rao Ji made enduring contributions to India’s progress during a critical phase of our nation’s history.

The Prime Minister posted on X:

Tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. He made enduring contributions to India’s progress during a critical phase of our nation’s history. He made a mark as an able administrator. He was also a distinguished scholar, blessed with immense knowledge and understanding of India’s diverse culture.