"যোৱা কেইবছৰমানৰ পৰা আমি অৰ্ধসামৰিক বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়াত বহুত ডাঙৰ পৰিৱৰ্তন কৰিছো"
“৯ বছৰ পূৰ্বে আজিৰ দিনটোতে আৰম্ভ হোৱা জন ধন যোজনাই গানভ আৰু দৰিদ্ৰ লোকসকলৰ অৰ্থনৈতিক সবলীকৰণত ডাঙৰ ভূমিকা পালন কৰিছে”
“দেশৰ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত জন ধন যোজনাই যি ভূমিকা লৈছে, সেয়া সঁচাকৈয়ে অধ্যয়নৰ বিষয়”
“চৰকাৰ আৰু শাসন ব্যৱস্থাৰ পৰিৱৰ্তন অনাৰ অভিযানত আপোনালোক সকলো যুৱক-যুৱতী মোৰ আটাইতকৈ ডাঙৰ শক্তি”
“আপোনালোক এই ‘অমৃত কাল’ৰ ‘অমৃত ৰক্ষক’”, প্ৰধানমন্ত্ৰীয়ে কয়।
তেওঁ সীমান্ত অঞ্চল আৰু উগ্ৰবাদ ক্ষতিগ্ৰস্ত অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে বিশেষ কোটাৰ বিষয়েও অৱগত কৰে।
ইয়াৰ ফলত সংযোগৰ লগতে পৰ্যটন আৰু আতিথ্যৰ ক্ষেত্ৰতো উদ্গনি যোগোৱা হৈছে, নতুন চাকৰিৰ সৃষ্টি হৈছে।

নমস্কাৰ।

স্বাধীনতাৰ এই অমৃত কালত দেশৰ স্বাধীনতাৰ অমৃত-ৰক্ষক আৰু দেশৰ কোটি কোটি লোকৰ অমৃত-ৰক্ষক হোৱাৰ বাবে আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছোঁ। মই আপোনাসৱক 'অমৃত ৰক্ষক' বুলি অভিহিত কৰিছোঁ, কাৰণ আজি নিযুক্তি-পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলে কেৱল দেশৰ সেৱাই নহয়, দেশৰ নাগৰিকসকলকো সুৰক্ষা দিব। সেয়েহে, এক প্ৰকাৰে, আপোনাসৱো এই অমৃত কালৰ লোক আৰু অমৃত-ৰক্ষক।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

এইবাৰ এনে এক পৰিৱেশত এই চাকৰি মেলাখন আয়োজন কৰা হৈছে যিসময়ত দেশ গৌৰৱ আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ আছে। আমাৰ চন্দ্ৰযান আৰু ইয়াৰ ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ পৰা নিৰন্তৰ ঐতিহাসিক ছবি প্ৰেৰণ কৰি আছে। এই মুহূৰ্ত গৌৰৱেৰে পৰিপূৰ্ণ আৰু এনে সময়ত, আপোনাসৱে আপোনাসৱৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যাত্ৰা আৰম্ভ কৰিবলৈ গৈ আছে। মই সকলো সফল প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়াললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

সেনাত যোগদান কৰি, নিৰাপত্তা বাহিনীত যোগদান কৰি, আৰক্ষী সেৱাত যোগদান কৰি, প্ৰতিজন যুৱক-যুৱতীয়ে দেশৰ প্ৰতিৰক্ষাৰ প্ৰহৰী হোৱাৰ সপোন দেখিছে। আৰু সেয়েহে আপোনাসৱৰ এটা ডাঙৰ দায়িত্ব আছে। সেয়েহে, আমাৰ চৰকাৰো আপোনাসৱৰ প্ৰয়োজনীয়তাৰ বিষয়ত যথেষ্ট সচেতন।

 

যোৱা কেইবছৰমানত, আমি অৰ্ধসামৰিক বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়াত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছোঁ। আবেদনৰ পৰা বাছনিলৈকে প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰা হৈছে। অৰ্ধসামৰিক বাহিনীত নিযুক্তিৰ বাবে পৰীক্ষা এতিয়া ১৩ টা স্থানীয় ভাষাতো অনুষ্ঠিত কৰা হৈছে। আগতে, এনে পৰীক্ষাত কেৱল হিন্দী বা ইংৰাজী বাছনি কৰাৰ বিকল্প আছিল, এতিয়া মাতৃভাষাৰ মান বৃদ্ধি পাইছে। এই পৰিৱৰ্তনে লাখ লাখ যুৱক-যুৱতীৰ বাবে নিযুক্তি লাভৰ পথ মুকলি কৰিছে।

 

যোৱা বছৰো ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত জিলাসমূহত শ শ জনজাতীয় যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছিল। তেওঁলোকক নিয়মবোৰ শিথিল কৰি নিৰাপত্তা বাহিনীত নিযুক্তি লাভ কৰাৰ সুযোগ দিয়া হৈছিল, যাতে তেওঁলোক উন্নয়নৰ মূলসুঁতিৰ সৈতে সম্পৰ্কিত হৈ থাকিব পাৰে। একেদৰে, সীমান্ত জিলা আৰু উগ্ৰবাদ প্ৰভাৱিত জিলাসমূহৰ যুৱসকলৰ বাবে কনিষ্টবল নিযুক্তি পৰীক্ষাত কোটা বৃদ্ধি কৰা হৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ ফলত, অৰ্ধসামৰিক বাহিনী নিৰন্তৰ শক্তিশালী হৈ আহিছে।

 

বন্ধুসকল,

দেশৰ উন্নয়ন সুনিশ্চিত কৰাত আপোনাসৱৰ দায়িত্বৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। নিৰাপত্তাৰ পৰিৱেশ, আইনৰ শাসনে উন্নয়নৰ গতি ত্বৰান্বিত কৰে। আপোনাসৱে উত্তৰ-প্ৰদেশৰ উদাহৰণ ল'ব পাৰে। এসময়ত উত্তৰ-প্ৰদেশৰ উন্নয়নৰ ক্ষেত্ৰত বহুত পিছপৰি আছিল আৰু অপৰাধৰ ক্ষেত্ৰত বহুত আগবাঢ়ি আছিল। কিন্তু এতিয়া আইনৰ শাসন প্ৰতিষ্ঠা হোৱাৰ লগে লগে উত্তৰ প্ৰদেশে উন্নয়নৰ নতুন উচ্চতা স্পৰ্শ কৰিছে। উত্তৰ প্ৰদেশত এক ভয়মুক্ত সমাজ স্থাপন কৰা হৈছে, যি এসময়ত গুণ্ডা আৰু মাফিয়াৰ ভয়ত আছিল। এনে ধৰণৰ আইন-শৃংখলাৰ শাসনে মানুহৰ ওপৰত আস্থা জাগ্ৰত কৰে। আৰু অপৰাধ হ্ৰাস পোৱাৰ ফলত, উত্তৰ প্ৰদেশত বিনিয়োগো বৃদ্ধি পাইছে, বিনিয়োগকাৰী আহি আছে। ইয়াৰ বিপৰীতে, আমি এইটোও দেখিছোঁ যে যিবোৰ ৰাজ্যত অপৰাধ শীৰ্ষত আছে, সেইবোৰ ৰাজ্যত বিনিয়োগ হ্ৰাস পাইছে, সকলো জীৱিকাৰ কাম স্থবিৰ হৈ পৰিছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আজিকালি আপোনাসৱে পঢ়িছে আৰু দেখা পাইছে যে ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি। এই দশকত ভাৰত শীৰ্ষ তিনি অৰ্থনীতিৰ ভিতৰত থাকিব। আৰু যেতিয়া মই আপোনাসৱক এই গেৰাণ্টি দিওঁ, মোদীয়ে মোৰ দেশবাসী আৰু মোৰ পৰিয়ালক অতি দায়িত্বসহকাৰে এই গেৰাণ্টি দিয়ে। কিন্তু যেতিয়া আপোনাসৱে এয়া পঢ়ে, আপোনাসৱৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহিব যে দেশৰ সাধাৰণ নাগৰিকৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ'ব? আৰু এই প্ৰশ্নটো অতি স্বাভাৱিক।

 

বন্ধুসকল,

যিকোনো অৰ্থনীতিক আগুৱাই নিবলৈ হলে, দেশৰ প্ৰতিটো খণ্ডৰ বিকাশ হোৱাটো প্ৰয়োজনীয়। খাদ্য খণ্ডৰ পৰা ফাৰ্মাচিউটিকেললৈকে, মহাকাশৰ পৰা ষ্টাৰ্টআপলৈকে, যেতিয়া প্ৰতিটো খণ্ড বৃদ্ধি হয়, অৰ্থনীতিও আগবাঢ়িব। ফাৰ্মা উদ্যোগৰ উদাহৰণ লওঁক। মহামাৰীৰ সময়ত ভাৰতৰ ফাৰ্মাচিউটিকেল উদ্যোগক যথেষ্ট প্ৰশংসা কৰা হৈছিল। আজি এই উদ্যোগটোৰ মূল্য ৪ লাখ কোটি টকাতকৈও অধিক। আৰু কোৱা হৈছে যে ২০৩০ চনৰ ভিতৰত, ভাৰতৰ ফাৰ্মাচিউটিকেল উদ্যোগৰ মূল্য প্ৰায় ১০ লাখ কোটি টকা হ'ব। এতিয়া যদি এই ফাৰ্মাচিউটিকেল উদ্যোগটো আগবাঢ়ি যায়, তেতিয়াহলে ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে যে এই দশকত, ফাৰ্মাচিউটিকেল উদ্যোগটোক আজিৰ তুলনাত বহুগুণে অধিক যুৱপ্ৰজন্মৰ প্ৰয়োজন হ'ব। বহুতো নতুন নিযুক্তিৰ সুযোগ সৃষ্টি হব।

 

বন্ধুসকল,

আজি, দেশৰ অটোমোবাইল আৰু অটো কম্পোনেন্ট উদ্যোগতো অতি দ্ৰুত বিকাশ দেখা গৈছে। বৰ্তমান, এই দুয়োটা উদ্যোগৰ মূল্য 12 লাখ কোটি টকাতকৈও অধিক। আগন্তুক বছৰবোৰত এইটো আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই বিকাশ ৰক্ষা কৰিবলৈ, অটোমোবাইল উদ্যোগটোক বহুতো নতুন যুৱ, নতুন লোক, অগণন নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ প্ৰয়োজন হ'ব। আপুনি নিশ্চয় দেখিছে যে আজিকালি খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ গুৰুত্বৰ বিষয়েও বহুত আলোচনা কৰা হৈছে। ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ বজাৰৰ মূল্য যোৱা বছৰ প্ৰায় ২৬ লাখ কোটি টকা আছিল। এতিয়া অহা চাৰে তিনি বছৰৰ ভিতৰত এই খণ্ডটো হ'ব প্ৰায় ৩৫ লাখ কোটি টকা। অৰ্থাৎ, সম্প্ৰসাৰণ যিমানে অধিক হ'ব, যুৱসকলৰ যিমানে অধিক প্ৰয়োজন হ'ব, সিমানে নতুন নিযুক্তিৰ সুযোগ মুকলি হ'ব।  

 

বন্ধুসকল,

আজি ভাৰতত আন্তঃগাঁথনি দ্ৰুতগতিত বিকশিত হৈ আছে। যোৱা ৯ বছৰত, কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিৰ বাবে ৩০ লাখ কোটি টকাৰ অধিক ব্যয় কৰিছে। ই কেৱল সমগ্ৰ দেশতে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰিত কৰাই নহয়, ই পৰ্যটন আৰু আতিথ্য খণ্ডত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। আৰু নতুন সম্ভাৱনাৰ পোনপটীয়া অৰ্থ হৈছে যে অধিক সংখ্যক নিযুক্তিৰ সুযোগ সৃষ্টি হৈছে।

 

বন্ধুসকল,

২০৩০ চনলৈ, আমাৰ অৰ্থনীতিলৈ পৰ্যটন খণ্ডৰ অৱদান ২০ লাখ কোটি টকাতকৈও অধিক হ'ব বুলি অনুমান কৰা হৈছে। ধাৰণা কৰা হৈছে যে ১৩ ৰ পৰা ১৪ কোটি মানুহে কেৱল এই উদ্যোগৰ পৰাই নতুন কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিবলৈ গৈ আছে। এই সকলোবোৰ উদাহৰণৰ পৰা, আপুনি বুজিব পাৰিছে যে ভাৰতৰ উন্নয়ন কেৱল এটা সংখ্যাৰ প্ৰতিযোগিতা নহয়। এই উন্নয়নে ভাৰতৰ প্ৰতিজন নাগৰিকৰ জীৱনত প্ৰভাৱ পেলাব। ইয়াৰ অৰ্থ হৈছে যে বৃহৎ সংখ্যক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা হৈছে। আৰু ই উপাৰ্জন বৃদ্ধি কৰিছে আৰু জীৱনৰ মানদণ্ড সুনিশ্চিত কৰিছে। আমি পৰিয়ালত এয়াও দেখিছোঁ যে যদিহে আমি কৃষক হওঁ, যদি আমাৰ ভাল শস্য উত্পাদন হয়, যদি আমাৰ অধিক ফচল পাওঁ, ভাল দাম পাওঁ, তেন্তে ঘৰৰ ভিতৰ কেনেকৈ উজলি উঠে? কাপোৰ নতুন হয়, বাহিৰলৈ যাবলৈ ইচ্ছা হয়, নতুন বস্তু কিনিবলৈ মন যায়। যদি ঘৰৰ উপাৰ্জন বৃদ্ধি হয়, তেন্তে ঘৰৰ মানুহৰ জীৱনো সলনি হয়। পৰিয়ালত যেনে অৱস্থা, দেশতো একেই। দেশৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে দেশৰ শক্তি বৃদ্ধি পায়, দেশৰ সম্পদ বৃদ্ধি পায়, তাৰ পিছত দেশৰ নাগৰিকৰ জীৱন সমৃদ্ধিশালী হ'বলৈ আৰম্ভ কৰে।

 

বন্ধুসকল,

যোৱা ৯ বছৰৰ আমাৰ প্ৰচেষ্টাৰ পলত পৰিৱৰ্তনৰ আন এক নতুন পৰ্যায় উদ্ভৱ হবলৈ আৰম্ভ কৰিছে। যোৱা বছৰ, ভাৰতে এক অভিলেখ পৰিমাণৰ ৰপ্তানি কৰিছিল। ই ইংগিত বহন কৰে যে বিশ্বৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ চাহিদা নিৰন্তৰ বৃদ্ধি হৈ আছে। ইয়াৰ অৰ্থ হৈছে যে আমাৰ উৎপাদনো বৃদ্ধি পাইছে, আৰু উৎপাদনৰ কামত নিযুক্ত নতুন যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনো বৃদ্ধি পাইছে আৰু স্বাভাৱিকতে ইয়াৰ ফলত, পৰিয়ালৰ উপাৰ্জনো বৃদ্ধি পাইছে। আজি ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাতা। দেশত মোবাইল ফোনৰ চাহিদাও নিৰন্তৰভাৱে বাঢ়ি আহিছে। চৰকাৰৰ প্ৰচেষ্টাত মোবাইল নিৰ্মাণ বহুগুণে বৃদ্ধি কৰিছে। এতিয়া দেশখনে মোবাইলৰ বাহিৰলৈ গৈ আন ইলেক্ট্ৰনিক গেজেটৰ ওপৰতো গুৰুত্ব দিছে।

 

আইটি হাৰ্ডৱেৰ উৎপাদনৰ ক্ষেত্ৰত, আমি মোবাইলৰ ক্ষেত্ৰত লাভ কৰাৰ দৰে একেই সফলতা লাভ কৰিবলৈ গৈ আছোঁ। সেই দিনলৈ বেছি দিন নাই যেতিয়া মোবাইলৰ দৰে ভাৰতত তৈয়াৰ কৰা একাধিক লেপটপ, টেবলেট আৰু ব্যক্তিগত কম্পিউটাৰে বিশ্বত আমাৰ গৌৰৱ বৃদ্ধি কৰিব। ভোকেল ফৰ লোকেলৰ মন্ত্ৰ অনুসৰণ কৰি, ভাৰত চৰকাৰে মেড ইন ইণ্ডিয়া লেপটপ, কম্পিউটাৰ আদিৰ দৰে বহুতো সামগ্ৰী ক্ৰয় কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলত উৎপাদন বৃদ্ধি পাইছে আৰু যুৱকসকলৰ বাবে নতুন নিযুক্তিৰ সুযোগো সৃষ্টি হৈছে। সেয়েহে, মই পুনৰ ক'ম, আপোনাসৱ সকলোৱে ভালদৰে কল্পনা কৰিব পাৰে যে যেতিয়া এজন সুৰক্ষা কৰ্মী হিচাপে আপোনাসৱৰ জীৱন আৰম্ভ হয়, আপোনাসৱৰ কাম আৰম্ভ হয় তেতিয়া আপোনাসৱৰ মূৰৰ ওপৰত কিমান দায়িত্ব আছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

৯ বছৰ পূৰ্বে আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰম্ভ কৰা হৈছিল। এই আঁচনিয়ে গাওঁ আৰু দৰিদ্ৰ লোকসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ লগতে কৰ্মসংস্থাপন সৃষ্টিত যথেষ্ট ডাঙৰ ভূমিকা পালন কৰিছে। ন বছৰ আগতে, দেশৰ বহু সংখ্যক লোকৰ বেংক একাউণ্ট নাছিল, দৰিদ্ৰসকলে বেংকৰ দুৱাৰ দেখা নাছিল। কিন্তু জন ধন যোজনাৰ ফলত, যোৱা ৯ বছৰত ৫০ কোটিতকৈও অধিক নতুন বেংক একাউণ্ট খোলা হৈছে। এই আঁচনিয়ে কেৱল গ্ৰাম্য দৰিদ্ৰ লোকসকলক পোনপটীয়াকৈ চৰকাৰী লাভালাভ প্ৰদান কৰাত সহায় কৰাই নহয়, লগতে মহিলা, দলিত, পিছপৰা শ্ৰেণী, জনজাতীয় লোকসকলৰ নিযুক্তি আৰু স্ব-নিয়োজনক যথেষ্ট শক্তি প্ৰদান কৰিছে।

 

প্ৰতিখন গাঁৱত বেংক একাউণ্ট খোলাৰ ফলত লাখ লাখ যুৱক-যুৱতীয়ে বেংকিং কৰেছপণ্ডেছ আৰু বেংক মিত্ৰ হিচাপে কাম কৰাৰ সুযোগ পাইছে। বেংক মিত্ৰই হওঁক, বেংক সখীয়েই হওঁক, আমাৰ হাজাৰ হাজাৰ পুত্ৰ আৰু কন্যাই ইয়াৰ ফলত নিযুক্তি লাভ কৰিছিল। আজি, ২১ লাখতকৈও অধিক যুৱ বন্ধু বেংকিং কৰেছপণ্ডেণ্টে গাওঁবোৰত বেংক মিত্ৰ বা বেংক সখী হিচাপে সেৱা আগবঢ়াই আছে। বৃহৎ সংখ্যক ডিজিটেল সখীয়ে মহিলা আৰু বৃদ্ধসকলক বেংকিং সেৱাৰ সৈতে সংযোগ কৰিছে।

 

একেদৰে, জন ধন যোজনাই নিযুক্তি আৰু স্ব-নিয়োজনৰ আন এক গুৰুত্বপূৰ্ণ অভিযান মুদ্ৰা যোজনাক উৎসাহিত কৰে। ইয়াৰ ফলত মহিলাকে ধৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে ঋণ লোৱা সহজ হৈ পৰিছিল, যিসকলে কেতিয়াও ইয়াৰ বিষয়ে ভাবিব পৰা নাছিল। এই লোকসকলৰ ওচৰত বেংকবোৰক দিবলৈ কোনো গেৰাণ্টি নাছিল। এনে পৰিস্থিতিত, চৰকাৰে নিজেই তেওঁলোকৰ গেৰাণ্টি লৈছিল। এতিয়ালৈকে, মুদ্ৰা আঁচনিৰ অধীনত ২৪ লাখ কোটি টকাৰ অধিক ঋণ দিয়া হৈছে। প্ৰায় ৮কোটি বন্ধু আছে যিয়ে প্ৰথমবাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰিছে, তেওঁলোকৰ কাম আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত, প্ৰায় ৪৩লাখ পদপথৰ বিক্ৰেতা, পথৰ বিক্ৰেতাক প্ৰথমবাৰৰ বাবে বেংকৰ পৰা গেৰাণ্টি অবিহনে ঋণ মঞ্জুৰ কৰা হৈছে। মুদ্ৰা আৰু স্বনিধিৰ বহু সংখ্যক হিতাধিকাৰী হৈছে মহিলা, দলিত, পিছপৰা শ্ৰেণীৰ আৰু মোৰ জনজাতীয় যুৱক।

 

জন ধন একাউণ্টে গাওঁবোৰত মহিলা আত্ম-সহায়ক গোটবোৰ শক্তিশালী কৰাত যথেষ্ট সহায় কৰিছে। আজিকালি, মই যেতিয়া গাঁৱলৈ যাওঁ আৰু মহিলা আত্ম-সহায়ক গোটৰ ভগ্নীসকলক লগ পাওঁ, তেওঁলোকৰ বহুতে আহি কয় যে মই লাখপতি দিদি, এই সকলোবোৰ ইয়াৰ বাবে সম্ভৱ হৈছে। চৰকাৰে প্ৰদান কৰা বিত্তীয় সাহায্য এতিয়া মহিলা আত্ম-সহায়ক গোটৰ সৈতে সম্পৰ্কিত মহিলাসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হৈছে। দেশত সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত জন ধন যোজনাৰ দ্বাৰা পালন কৰা ভূমিকা সঁচাকৈয়ে আমাৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়সমূহৰ বাবে অধ্যয়নৰ বিষয়।

 

বন্ধুসকল,

এতিয়ালৈকে, মই চাকৰি মেলাৰ বহুতো অনুষ্ঠানত লাখ লাখ যুৱক-যুৱতীক সম্বোধন কৰিছোঁ। সেই যুৱক-যুৱতীসকলে ৰাজহুৱা সেৱা বা অন্যান্য ক্ষেত্ৰত নিযুক্তি লাভ কৰিছে। চৰকাৰ আৰু শাসন ব্যৱস্থাত পৰিৱৰ্তন অনাৰ মিছনত আপোনালোক সকলো মোৰ আটাইতকৈ ডাঙৰ শক্তি। আপোনালোক সকলো এনে এটা প্ৰজন্মৰ পৰা আহিছে য'ত সকলোবোৰ মাত্ৰ এটা ক্লিকৰ জৰিয়তে পোৱা যায়। সেয়েহে, আপোনাসৱে বুজিব পাৰে যে মানুহে প্ৰতিটো সেৱাৰ দ্ৰুত বিতৰণ বিচাৰে। আপোনাসৱে ভালদৰে জানে যে আজিৰ প্ৰজন্মই সমস্যাবোৰ অলপ অলপকৈ সমাধান কৰিব নিবিচাৰে, তেওঁলোকে স্থায়ী সমাধান বিচাৰে। সেয়েহে, এজন চৰকাৰী সেৱক হিচাপে, আপোনাসৱে এনে সিদ্ধান্ত ল'ব লাগিব, এনে দায়িত্ব পালন কৰিব লাগিব, প্ৰতি মুহূৰ্তত সাজু থাকিব লাগিব, যি দীৰ্ঘম্যাদী সময়ত জনসাধাৰণৰ বাবে লাভজনক হব।

 

আপোনাসৱ যি প্ৰজন্মৰ লোক সেই প্ৰজন্মই কিবা এটা হাচিল কৰিব বিচাৰে। এই প্ৰজন্মই কাৰো অনুগ্ৰহ নিবিচাৰে, তেওঁলোকে কেৱল বিচাৰে যে কোনেও তেওঁলোকৰ পথত নাহে। সেয়েহে, চৰকাৰী কৰ্মচাৰী হিচাপে, আপোনাসৱৰ বাবে এইটো বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ যে জনসাধাৰণৰ সেৱা কৰিবলৈ, জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ চৰকাৰ সদায় আছে। যদি আপোনাসৱে যদি এই বুজাবুজিৰ সৈতে কাম কৰে, তেন্তে আপোনাসৱে আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰতো যথেষ্ট সহায় পাব।

 

বন্ধুসকল,

অৰ্ধসামৰিক বাহিনীত আপোনাসৱে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ লগতে, আপোনাসৱে শিকাৰ প্ৰৱণতাও বজাই ৰাখিব লাগে। আপোনাসৱৰ দৰে কৰ্মযোগীসকলৰ বাবে আইজিঅটি কৰ্মযোগী পৰ্টেলত ৬০০তকৈও অধিক বিভিন্ন পাঠ্যক্ৰম উপলব্ধ আছে। চাৰ্টিফিকেট পাঠ্যক্ৰম আছে। ২০ লাখতকৈও অধিক চৰকাৰী কৰ্মচাৰীয়ে এই পৰ্টেলত পঞ্জীয়ন কৰিছে। তেওঁলোকে অনলাইন অধ্যয়ন কৰি আছে, পৰীক্ষা দি আছে।

 

মই আপোনালোক সকলোকে প্ৰথম দিনৰ পৰাই এই পৰ্টেলত যোগদান কৰিবলৈ আৰু প্ৰথম দিনৰ পৰাই সিদ্ধান্ত ল'বলৈ অনুৰোধ জনাইছোঁ যে মই যিমান সম্ভৱ চেষ্টা কৰিব লাগে, আৰু বেছি চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগে, আৰু বেছি প্ৰমাণপত্ৰ লাভ কৰিব লাগে। আৰু আপোনাসৱে দেখা পাব, আপোনাসৱে যি শিকিব, জানিব, বুজি পাব সেয়া কেৱল পৰীক্ষাৰ বাবে নহয়। আপোনাসৱে আপোনাসৱৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্তব্য কৰিব লাগিব। এটা মহান সুযোগ লাভৰ সম্ভাৱনা ৰৈ আছে।

 

বন্ধুসকল,

আপোনাসৱৰ ক্ষেত্ৰ ইউনিফৰ্মৰ দুনিয়াৰ, মই আপোনালোক সকলোকে শাৰীৰিক সুস্থতাৰ ক্ষেত্ৰত অলপ আপোচ কৰিবলৈ অনুৰোধ কৰিম। কাৰণ আপোনাসৱৰ কাম সময়ৰ সৈতে আবদ্ধ নহয়। আপোনাসৱে বতৰৰ প্ৰতিটো প্ৰভাৱৰ সন্মুখীন হ'ব লাগিব। আপোনাসৱৰ বিভাগত কাম কৰা সকলৰ বাবে শাৰীৰিক সুস্থতা অতি গুৰুত্বপূৰ্ণ। আধা কাম শাৰীৰিক সুস্থতাৰ দ্বাৰাই সম্পন্ন হয়। যদি আপুনি সঠিকভাৱে থিয় হৈ আছে, তেনেহ'লে আপুনি আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ একো কৰিব নালাগে, থিয় হৈ থকাটোৱে যথেষ্ট হৈ পৰে।

 

দ্বিতীয়তে, মোৰ অভিমত যে আপোনাসৱৰ কৰ্তব্যত চাপপূৰ্ণ মুহূৰ্তবোৰ প্ৰায়ে আহে, সৰু সৰু কথাটো চাপ থাকে। যোগ, ই আপোনাৰ জীৱনৰ এক নিয়মীয়া অভ্যাস হ'ব লাগে। আপুনি দেখিব যে এক সন্তুলিত মনে আপোনাৰ কামত যথেষ্ট শক্তি প্ৰদান কৰিব। যোগ-এয়া কেৱল শাৰীৰিক ব্যায়াম নহয়, স্বাস্থ্যৱান মনৰ বাবে, সন্তুলিত মনৰ বাবে আৰু আপোনাসৱৰ দৰে লোকৰ কৰ্তব্যত চাপমুক্ত হৈ থকাৰ বাবে জীৱনৰ অংশ হোৱাটো অতি গুৰুত্বপূৰ্ণ।

 

বন্ধুসকল,

যেতিয়া দেশখনে ২০৪৭ চনত স্বাধীনতাৰ ১০০বছৰ উদযাপন কৰিব, তেতিয়া আপোনাসৱে চৰকাৰত এক উচ্চ পদবীত উপনীত হ'ব। এই ২৫ বছৰ দেশৰ আৰু এই ২৫ বছৰত আপোনাসৱৰ জীৱনৰ কি এক আশ্চৰ্যকৰ সংমিশ্ৰণ, এতিয়া আপোনাসৱে এই সুযোগটো হেৰুৱাব নালাগে। ইয়াক যিমান পাৰে বিকশিত কৰক, যিমান পাৰে আত্মসমৰ্পণ কৰক। সাধাৰণ মানুহৰ জীৱনৰ বাবে মানুহে যিমানেই নিজৰ জীৱন উৎসৰ্গা কৰিব, আপুনি দেখিব যে আপুনি জীৱনত আশ্চৰ্যজনক সন্তুষ্টি লাভ কৰিছে, এক সুন্দৰ আনন্দ লাভ কৰিছে। আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ সফলতাই আপোনাক সন্তুষ্টি প্ৰদান কৰিব।

আপোনালোকলৈ মোৰ বহুত শুভেচ্ছা, আপোনাসৱৰ পৰিয়ালৰ সদস্যসকলক বহুত অভিনন্দন। বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister praises Sikkim’s extraordinary biodiversity during visit to Gangtok Orchidarium
April 28, 2026

Prime Minister Shri Narendra Modi visited the Orchidarium in Gangtok, Sikkim today and expressed his profound admiration for its beauty and the state's extraordinary biodiversity.

The Prime Minister described his visit to the Orchidarium as a mesmerizing experience. Shri Modi observed that such dedicated conservation efforts perfectly reflect our deep-rooted harmony with the natural world. He further noted that these initiatives serve as a vital inspiration for citizens to embrace conservation and sustainable living.

The Prime Minister wrote on X:

"Visited the Orchidarium in Gangtok and was mesmerised by its beauty. Sikkim’s rich biodiversity is truly extraordinary. Such efforts reflect our deep harmony with nature. They also inspire us towards conservation and sustainable living."