“একবিংশ শতিকাত ভাৰতৰ দ্ৰুত উন্নয়নমূলক পৰিৱেশত সুপৰিকল্পিত চহৰ সময়ৰ আহ্বান হৈ পৰিছে”
“নতুন চহৰৰ উন্নয়ন আৰু বৰ্তমানৰ চহৰসমূহত সেৱাৰ আধুনিকীকৰণ নগৰ উন্নয়নৰ দুটা মূল দিশ”
“নগৰ পৰিকল্পনাই অমৃতকালত আমাৰ চহৰসমূহৰ ভাগ্য নিৰ্ধাৰণ কৰিব আৰু সুপৰিকল্পিত চহৰেহে ভাৰতৰ ভাগ্য নিৰ্ধাৰণ কৰিব”
“মেট্ৰ’ নেটৱৰ্ক সংযোগৰ ক্ষেত্ৰত ভাৰতে কেইবাখনো দেশক অতিক্ৰম কৰিছে”
“২০১৪ চনত মাত্ৰ ১৪-১৫ শতাংশ আৱৰ্জনা প্ৰক্ৰিয়াকৰণৰ তুলনাত আজি ৭৫ শতাংশ আৱৰ্জনা প্ৰক্ৰিয়াকৰণ কৰা হৈছে”
"আমাৰ নতুন চহৰবোৰ আৱৰ্জনামুক্ত, পানী সুৰক্ষিত আৰু জলবায়ু-স্থিতিস্থাপক হ'ব লাগিব"
“চৰকাৰে যি পৰিকল্পনা আৰু নীতি ৰচনা কৰিছে, সেইবোৰে চহৰৰ জনসাধাৰণৰ জীৱন সহজ কৰি তোলাই নহয়, নিজৰ বিকাশতো সহায় কৰিব লাগে”

নমস্কাৰ!

আপোনালোক সকলোকে নগৰ উন্নয়নৰ দৰে এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ আয়োজিত বাজেট-পৰৱৰ্তী ৱেবিনাৰলৈ স্বাগতম জনাইছোঁ।

বন্ধুসকল,

এইটো দুৰ্ভাগ্যজনক যে স্বাধীনতাৰ পিছত ইমান বছৰে আমাৰ দেশত কেৱল কেইখনমানহে পৰিকল্পিত চহৰ গঢ়ি উঠিছে। স্বাধীনতাৰ পিছত যোৱা ৭৫ বছৰত ৭৫ খন নতুন আৰু ডাঙৰ সুপৰিকল্পিত নগৰ গঢ়ি উঠা হ'লে, আজি ভাৰতৰ চেহেৰা সম্পূৰ্ণ বেলেগ হ'লহেঁতেন। কিন্তু এতিয়া একবিংশ শতিকাত, যিদৰে ভাৰতে দ্ৰুত গতিত বিকাশৰ পথত আগুৱাই গৈছে, আগন্তুক দিনত ভাৰতত অনেক সুপৰিকল্পিত নতুন চহৰ গঢ়ি তোলাতো অপৰিহাৰ্য হৈ পৰিব।

এনে পৰিস্থিতিত ভাৰতত নগৰ উন্নয়নৰ দুটা প্ৰধান দিশ আছে। নতুন চহৰসমূহৰ বিকাশ আৰু পুৰণি চহৰসমূহত পুৰণি ব্যৱস্থাৰ আধুনিকীকৰণ। এই দৃষ্টিভংগীক সন্মুখত ৰাখি আমাৰ চৰকাৰে প্ৰতিখন বাজেটত নগৰ উন্নয়নক যথেষ্ট গুৰুত্ব দিছে। এই বছৰৰ বাজেটত, নগৰ পৰিকল্পনাৰ বাবে ১৫হাজাৰ কোটি টকাৰ ইনচেণ্টিভ আৱণ্টন কৰা হৈছে। মই বিশ্বাস কৰোঁ যে ইয়াৰ জৰিয়তে দেশত সুপৰিকল্পিত আৰু প্ৰণালীবদ্ধ নগৰায়নৰ এক নতুন আৰম্ভণি হব আৰু ই গতি লাভ কৰিব।

বন্ধুসকল,

আপোনাসৱৰ দৰে বিশেষজ্ঞসকলে জানে যে নগৰ পৰিকল্পনা আৰু নগৰ শাসন উভয়েই নগৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চহৰসমূহৰ দুৰ্বল পৰিকল্পনা বা পৰিকল্পনাৰ পিছত সঠিক ৰূপায়ণৰ অভাৱে আমাৰ উন্নয়ন যাত্ৰাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। নগৰ পৰিকল্পনাৰ অধীনত বিশেষ পৰিকল্পনাই হওঁক, পৰিবহন পৰিকল্পনাই হওঁক, নগৰীয় আন্তঃগাঁথনি পৰিকল্পনাই হওঁক বা পানী ব্যৱস্থাপনাই হওঁক, এই সকলো ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণভাৱে কাম কৰাটো প্ৰয়োজনীয়।

আপোনাসৱে এই ৱেবিনাৰৰ বিভিন্ন অধিৱেশনত তিনিটা প্ৰশ্নৰ ওপৰত অগ্ৰাধিকাৰ দিব লাগিব। প্ৰথমতে-ৰাজ্যবোৰত নগৰ পৰিকল্পনা পৰিস্থিতিতন্ত্ৰক কেনেদৰে শক্তিশালী কৰিব পাৰি। দ্বিতীয়তে-নগৰ পৰিকল্পনাত ব্যক্তিগত খণ্ডত উপলব্ধ দক্ষতা কেনেদৰে সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰি। তৃতীয়তে- এনে উৎকৰ্ষ কেন্দ্ৰবোৰ কেনেদৰে বিকশিত কৰিব পাৰি যিয়ে নগৰ পৰিকল্পনাক এক নতুন মাত্ৰা প্ৰদান কৰিব।

প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু নগৰীয় স্থানীয় সংস্থাই সদায় এটা কথা মনত ৰাখিব লাগিব। তেওঁলোকে সুপৰিকল্পিতভাৱে নগৰ অঞ্চলৰ বিকাশ সাধন কৰিলেহে দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰিব। আমি এইটোও ভালদৰে বুজিব লাগিব যে 'অমৃতকাল'ত কেৱল নগৰ পৰিকল্পনাই আমাৰ চহৰসমূহৰ ভাগ্য নিৰ্ধাৰণ কৰিব আৰু কেৱল ভাৰতৰ সুপৰিকল্পিত চহৰসমূহেহে ভাৰতৰ ভাগ্য নিৰ্ধাৰণ কৰিব। যেতিয়া পৰিকল্পনা সুন্দৰভাৱে কৰা হয় তেতিয়া আমাৰ চহৰবোৰ পৰিৱেশৰ ক্ষেত্ৰত আৰু জল সংৰক্ষণৰ ফালৰ পৰা স্থিতিস্থাপক হৈ পৰিব।

বন্ধুসকল,

এই ৱেবিনাৰত নগৰ পৰিকল্পনা আৰু নগৰ শাসনৰ যিসকল বিশেষজ্ঞসকল আছে, তেওঁলোকৰ প্ৰতি মোৰ এটা বিশেষ অনুৰোধ আছে। আপোনাসৱে বেছিকৈ উদ্ভাৱক ভাৱনাক গুৰুত্ব দিব লাগিব। জি.আই.এছ. বা ভৌগোলিক তথ্য ব্যৱস্থা আধাৰিত মাষ্টাৰ প্লেনিং প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি, বিভিন্ন প্ৰকাৰৰ পৰিকল্পনা সঁজুলিৰ বিকাশ, দক্ষ মানৱ সম্পদ বা সামৰ্থ গঢ়ি তোলা-এই প্ৰতিটো ক্ষেত্ৰই এক নিজস্ব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আজি নগৰীয়া স্থানীয় সংস্থাবোৰক আপোনাসৱৰ দক্ষতাৰ প্ৰয়োজন। আৰু এই প্ৰয়োজনীয়তাই আপোনাসৱৰ বাবে বহুতো সুযোগ সৃষ্টি কৰিব।

বন্ধুসকল,

নগৰসমূহৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে পৰিবহন পৰিকল্পনা । আমাৰ চহৰসমূহৰ যাতায়াত ব্যৱস্থা নিৰৱচ্ছিন্ন হ'ব লাগে। আপোনাসৱ সকলোৱে জানে যে ২০১৪ চনৰ আগতে দেশত মেট্ৰ' সংযোগৰ অৱস্থা কেনে আছিল। আমাৰ চৰকাৰে বহুতো চহৰত মেট্ৰ' ৰেল সম্প্ৰসাৰণৰ ওপৰত কাম কৰিছে। আজি আমি মেট্ৰ' নেটৱৰ্কৰ ক্ষেত্ৰত কেইবাখনো দেশতকৈ আগবাঢ়িছো। এতিয়া এই নেটৱৰ্কটো শক্তিশালী কৰাৰ আৰু দ্ৰুতগতিত অতি প্ৰান্তীয় স্থানলৈ লৈ যোৱাৰ প্ৰয়োজন আছে। আৰু ইয়াৰ বাবে, দক্ষ পৰিবহন পৰিকল্পনা প্ৰয়োজনীয়। চহৰবোৰত পথ প্ৰশস্তকৰণ, পৰিৱেশ-অনুকূল যাতায়াত ব্যৱস্থা, উন্নত পথ, জংচন উন্নয়নৰ দৰে সকলো উপাদান পৰিবহন পৰিকল্পনাৰ অংশ কৰিব লাগিব।

বন্ধুসকল,

আজি ভাৰতে বৃত্তীয় অৰ্থনীতিক নগৰ উন্নয়নৰ এক মুখ্য সঁজুলি হিচাপে গঢ়ি তুলিছে। আমাৰ দেশত প্ৰতিদিনে হাজাৰ হাজাৰ টন পৌৰ নিগমৰ আৱৰ্জনা উৎপন্ন হয় যাৰ ভিতৰত আছে বেটেৰী আৱৰ্জনা, বৈদ্যুতিক আৱৰ্জনা, অটোমোবাইল আৱৰ্জনা আৰু টায়াৰ আৰু লগতে পচন সাৰ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰিব পৰা বস্তু। ২০১৪ চনত, দেশত মাত্ৰ ১৪-১৫ শতাংশ আৱৰ্জনা প্ৰক্ৰিয়াকৰণ কৰা হৈছিল, কিন্তু আজি ৭৫ শতাংশ আৱৰ্জনা প্ৰক্ৰিয়াকৰণ কৰা হৈছে। যদিহে আগৰে পৰা এই উদ্যোগ গ্ৰহণ কৰা হ'লহেঁতেন, তেন্তে আমাৰ চহৰবোৰৰ উপকণ্ঠত স্তূপ আৰু আৱৰ্জনাৰ স্তূপ ভৰ্তি নহ'লহেঁতেন।

আজি, আৱৰ্জনা প্ৰক্ৰিয়াকৰণ কৰি, চহৰবোৰক আৱৰ্জনাৰ এই পৰ্বতবোৰৰ পৰা মুক্ত কৰাৰ বাবে কাম কৰা হৈছে। ইয়াত বহুতো উদ্যোগৰ বাবে পুনৰ্ব্যৱহাৰ আৰু বৃত্তীয় অৰ্থনীতিৰ গঢ়ি তোলাৰ বাবে যথেষ্ট সুযোগ আছে। কেইবাটাও ষ্টাৰ্টআপে এই ক্ষেত্ৰত খুব ভাল কাম কৰি আছে। আমি তেওঁলোকক সমৰ্থন কৰিব লাগিব। উদ্যোগসমূহে আৱৰ্জনা ব্যৱস্থাপনাৰ সম্পূৰ্ণ সম্ভাৱনা ব্যৱহাৰ কৰা উচিত।

অমৃত আঁচনিৰ সফলতাৰ পিছত, আমি চহৰবোৰত বিশুদ্ধ খোৱা পানীৰ বাবে 'অমৃত-২.০' আৰম্ভ কৰিছোঁ। এই পৰিকল্পনাৰ লগতে এতিয়া আমি পানী আৰু পয়ঃপ্ৰণালী পৰম্পৰাগত আৰ্হিতকৈ উন্নত পৰিকল্পনাৰে চিন্তা কৰিব লাগিব। আজি কিছুমান চহৰত ব্যৱহৃত পানী বিশুদ্ধিকৰণ কৰা হৈছে আৰু ঔদ্যোগিক ব্যৱহাৰৰ বাবে যোগান ধৰা হৈছে। আৱৰ্জনা ব্যৱস্থাপনাৰ এই ক্ষেত্ৰতো ব্যক্তিগত খণ্ডৰ উদ্যোগৰ বাবে অপৰিসীম সম্ভাৱনা সৃষ্টি হৈছে।

বন্ধুসকল,

আমাৰ নতুন চহৰবোৰ আৱৰ্জনা মুক্ত, পানী সুৰক্ষিত আৰু জলবায়ু স্থিতিস্থাপক হ'ব লাগে। সেয়েহে, আমি টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহত নগৰীয় আন্তঃগাঁথনি আৰু পৰিকল্পনাত বিনিয়োগ বৃদ্ধি কৰিব লাগিব। স্থাপত্য, শূন্য ডিচচাৰ্জ মডেল, শক্তিৰ উত্পাদনৰ নেট পজিটিভিটি, ভূমি ব্যৱহাৰত দক্ষতা, ট্ৰেঞ্জিট কৰিডৰ বা ৰাজহুৱা সেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেই হওঁক, সকলো ক্ষেত্ৰতেই আজি আমাৰ ভৱিষ্যত চহৰসমূহৰ বাবে নতুন মাপকাঠি নিৰ্ধাৰণ কৰাৰ সময় আহি পৰিছে। আমি চাব লাগিব যে শিশুসকলৰ কথা নগৰ পৰিকল্পনাত সামৰি লোৱা হৈছে নে নাই। শিশুৰ খেলিবলৈ বা চাইকেল চলাবলৈ পৰ্যাপ্ত স্থান নাই। আমি নগৰ পৰিকল্পনাৰ ক্ষেত্ৰতো এই দিশটোৰ যত্ন ল'ব লাগিব।

বন্ধুসকল,

চহৰসমূহৰ উন্নয়নৰ ক্ষেত্ৰত, নগৰাঞ্চলৰ লোকসকলৰ বিকাশৰ সম্ভাৱনাৰ কথা মনত ৰখাটোও প্ৰয়োজনীয়। অৰ্থাৎ, আমি প্ৰস্তুত কৰি থকা আঁচনি আৰু নীতিবোৰে কেৱল চহৰসমূহৰ লোকসকলৰ জীৱন সহজ কৰাই নহয়, লগতে তেওঁলোকৰ ব্যক্তিগত বিকাশত সহায় কৰিব লাগে। এই বছৰৰ বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে প্ৰায় ৮০ হাজাৰ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

যেতিয়াই ঘৰ এটা নিৰ্মাণ কৰা হয়, চিমেণ্ট, ষ্টীল, ৰং আৰু আচবাবৰ দৰে কেইবাটাও সম্পৰ্কিত উদ্যোগে ইয়াৰ ফলত উপকৃত হয়। আপেনাসৱে কল্পনা কৰক যে কিমান উদ্যোগে ইয়াৰ পৰা বৃহৎ সকাহ লাভ কৰিব। আজি নগৰ উন্নয়নৰ ক্ষেত্ৰত ভৱিষ্যত প্ৰযুক্তিৰ ভূমিকা যথেষ্ট বৃদ্ধি পাইছে। আমাৰ ষ্টাৰ্টআপ আৰু উদ্যোগসমূহে এই দিশত চিন্তা কৰা আৰু দ্ৰুতগতিত কাম কৰা প্ৰয়োজন। আমি বিদ্যমান সম্ভাৱনাবোৰৰ সুবিধা ল'ব লাগিব, আৰু লগতে নতুন সম্ভাৱনা সৃষ্টি কৰিব লাগিব। বহনক্ষম গৃহ প্ৰযুক্তিৰ পৰা বহনক্ষম চহৰলৈকে, আমি নতুন নতুন সমাধান বিচাৰিব লাগিব।

বন্ধুসকল,

মই আশা কৰোঁ যে আপোনালোক সকলোৱে এই বিষয়বোৰক লৈ আলোচনা কৰিব। এইবোৰৰ বাহিৰেও আন কেইবাটাও বিষয় থাকিব পাৰে। সেইসমূহক লৈ গভীৰভাৱে আলাপ-আলোচনা কৰক। এই ধাৰণাটো আগুৱাই লৈ যাওক আৰু সম্ভাৱনাবোৰ সাকাৰ কৰিবলৈ সঠিক ৰোডমেপ প্ৰস্তুত কৰক।

এই ভাবনাৰ সৈতে, আপোনালোক সকলোকে আকৌ এবাৰ মোৰ আন্তৰিক অভিনন্দন! বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.