এইমছ গুৱাহাটী আৰু অন্য তিনিখন চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰৰ নামত উচৰ্গা
‘আপকে দ্বাৰ আয়ুষ্মান’ (আপোনাৰ দুৱাৰদলিত আয়ুষ্মান) অভিযানৰ শুভাৰম্ভ
অসম উন্নত স্বাস্থ্যসেৱা উদ্ভাৱন প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন
“বিগত ৯ বছৰত উত্তৰ-পূবত সামাজিক আন্তঃগাঁথনি উল্লেখযোগ্যভাৱে উন্নত হৈছে”
“আমি জনতাৰ বাবে ‘সেৱা ভাৱে’ৰে কাম কৰো”
“উত্তৰ-পূবৰ উন্নয়নৰ জৰিয়তেহে ভাৰতৰ উন্নয়নৰ মন্ত্ৰৰে আমি আগুৱাই গৈছো”
“চৰকাৰৰ নীতি, উদ্দেশ্য আৰু প্ৰতিশ্ৰুতি স্বাৰ্থৰ দ্বাৰা নহয় বৰঞ্চ ‘ৰাষ্ট্ৰ প্ৰথম-জনসাধাৰণ প্ৰথম’ৰ মনোভাৱৰ দ্বাৰা পৰিচালিত হয়”
“বংশবাদ, আঞ্চলিকতাবাদ, দুৰ্নীতি আৰু অস্থিৰতাৰ ৰাজনীতিয়ে যেতিয়া আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া উন্নয়ন অসম্ভৱ হৈ পৰে”
“আমাৰ চৰকাৰে আৰম্ভ কৰা আঁচনিসমূহে মহিলাসকলৰ স্বাস্থ্যৰ বহুখিনি উপকাৰ সাধন কৰিছে”
“আমাৰ চৰকাৰে একবিংশ শতিকাৰ প্ৰয়োজন অনুসৰি ভাৰতৰ স্বাস্থ্য খণ্ডক আধুনিকীকৰণ কৰি আছে”
“ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰিৱৰ্তনৰ আটাইতকৈ ডাঙৰ আধাৰ হৈছে সবকা প্ৰয়াস”

অসমৰ ৰাজ্যপাল শ্রী গুলাব চাঁদ কাটাৰিয়া, ৰাজ্যৰ মুখ্যমন্ত্রী শ্রী হিমন্ত বিশ্ব শর্মাজী, মোৰ সহকর্মী স্বাস্থ্য মন্ত্রী ডাঃ মনসুখ মণ্ডাবিয়াজী আৰু ডাঃ ভাৰতী প্রবীণ পাৱাৰজী, অসমৰ মন্ত্রী শ্রী কেশৱ মহন্তজী, চিকিৎসা জগতৰ সমস্ত বিশিষ্ট লোকসকল, এই ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত যুক্ত বিভিন্ন ঠাইৰ বিশিষ্ট লোকসকল আৰু মোৰ প্রিয় অসমৰ ভাতৃ আৰু ভগ্নীসকল।

 

মা কামাখ্যাৰ পূণ্যভূমি অসমৰ সকলো জনসাধাৰণ, ভাতৃ আৰু ভগ্নীসকলক শুভেচ্ছা! আপোনালোকৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা! এই বিশেষ দিনত অসম আৰু উত্তৰ-পূর্বৰ স্বাস্থ্য পৰিকাঠামোৱে এক নতুন মাত্রা পালে। আজি উত্তৰ-পূব ভাৰতে প্রথম এইমছ পালে আৰু অসমে পাইছে তিনিখন নতুন মেডিকেল কলেজ। গুৱহাটী আইআইটিৰ যৌথ উদ্যোগত ৫০০খন বিছনা যুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ ভিত্তিপ্রস্তৰো আজি স্থাপিত হ’ল। অসমৰ উপৰিও অৰুণাচল প্রদেশ, নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু মণিপুৰৰ মানুহেও নতুন এই এইমছ হাস্পতালত সুলভে চিকিৎসাৰ সুযোগ পাব।

 

ভাতৃ আৰু ভগ্নীসকল,

যোৱা ৯ বছৰে উত্তৰ-পূর্ব ভাৰতত পৰিকাঠামোৰ ক্ষেত্ৰত এক ব্যাপক পৰিৱৰ্তন আহিছে। আজি যিয়েই উত্তৰ-পূবলৈ আহে, তেওঁলোকেই ইয়াৰ পথ, ৰে'ল আৰু বিমানবন্দৰৰ প্রশংসাও কৰে। ইয়াৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সুযোগ-সুবিধা ব্যাপক সম্প্ৰসাৰিত হৈছে। যোৱা বছৰ মই যেতিয়া ডিব্রুগড়লৈ আহিছিলো, তেতিয়া একে সময়তে অসমৰ বিভিন্ন জিলাত কেইবাখনো হাস্পাতালৰ শিলান্যাস আৰু উদ্বোধন কৰিছিলো। আজি মই এখন এইমছ আৰু তিনিখন মেডিকেল কলেজ আপোনালোকৰ হাতত তুলি দিছো।

 

যেতিয়াই মই দেশৰ উত্তৰ, দক্ষিণ, উত্তৰ-পূর্বলৈ যাওঁ - তেতিয়াই মই যোৱা ৯ বছৰৰ উন্নয়নমূলক কামকাজ সন্দৰ্ভত আলোচনা কৰো। যদিও কিছু কিছু মানুহ এই কথাত অসন্তুষ্ট হয়। এইটো এটা নতুন ৰোগ। অভিযোগ কৰে যে, তেওঁলোকে দশকৰ পাছত দশক দেশ শাসন কৰিছে, অতএব, তেওঁলোকে ইয়াৰ কৃতিত্ব নাপাব কিয়? এই ধৰণৰ কৃতিত্বই – সর্বস্ব মানুহৰ দেশৰ প্রভূত ক্ষতি কৰিছে। জনসাধাৰণ হ'ল ভগৱানৰ আন এক ৰূপ।

 

বন্ধুসকল,

কেইবা দশক ধৰি উত্তৰ-পূর্বাঞ্চলৰ মানুহে বহু প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছে। কোনো এটা ক্ষেত্রত যেতিয়াই স্বজন-তোষণ, আঞ্চলিকতাবাদ, দুর্নীতি আৰু অস্থিৰতাৰ ৰাজনীতি কায়েম কৰা হয়, তেতিয়াই উন্নয়ন অসম্ভৱ হৈ উঠে। আমাৰ স্বাস্থ্য পৰিসেৱা ব্যৱস্থাত সেইটোৱেই ঘটিছে। ১৯৫০ চনত দিল্লীত প্রথম এইমছ হাস্পতাল নিৰ্মাণ কৰা হৈছিল। দেশৰ নানা প্রান্তৰ মানুহ তালৈ চিকিৎসাৰ বাবে আহে। কিন্তু, দেশৰ আন ঠাইতো যে এইমছ স্থাপন কৰিব পাৰি, সেই কথা কেইবা দশক ধৰি কোনেও নাভাবিলে। এই কথা প্ৰথমবাৰ ভাবিছিল প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে। সেয়ে, ২০১৪ চনৰ পাছত আমি সকলো বাধাবিঘিনি দূৰ কৰি ১৫খন নতুন এইমছ নিৰ্মাণৰ কাম আৰম্ভ কৰো। এই এইমছ হাস্পতালসমূহত কেৱল চিকিৎসাই নহয়, পঢ়াশুনাও কৰা যাব।

 

বন্ধুসকল,

পূর্বৱর্তী চৰকাৰবিলাকৰ ভুল নীতিৰ ফলত আমাৰ দেশৰ চিকিৎসক তথা অন্যান্য চিকিৎসাৰ আৰু স্বাস্থ্যৰ সৈতে যুক্ত বৃত্তিধাৰীসকলৰ নাটনি আছে। ভাৰতৰ স্বাস্থ্য পৰিসেৱাৰ গুণগত মানোন্নয়নত এইটোৱেই প্রধান বাধা। ২০১৪-ৰ আগৰ ১০ বছৰত মাত্র ১৫০খন মেডিকেল কলেজ স্থাপন কৰা হৈছিল। বিগত ৯ বছৰত আমি প্রায় ৩০০খন নতুন মেডিকেল কলেজ স্থাপন কৰিলো। এমবিবিএছ পাঠ্যক্ৰমত আসনসংখ্যা দ্বিগুণ বৃদ্ধি কৰি ১ লাখৰো বেছি কৰা হৈছে। চিকিৎসা ক্ষেত্রত স্নাতকোত্তৰ পাঠ্যক্ৰমত আসন প্রায় ১১০ শতাংশ বৃদ্ধি কৰা হৈছে। চিকিৎসা শিক্ষা সম্প্রসাৰণত আমি নেচনেল মেডিকেল কমিছন গঠন কৰিছো। এই প্রথম চিকিৎসা শিক্ষাৰ বাবে আমি ভাৰতৰ বিভিন্ন ভাষাত পঢ়াৰ সুযোগ কৰি দিছো। ইয়াৰ ফলত, প্রত্যন্ত এলেকাৰ শিক্ষাৰ্থীয়েও চিকিৎসক হ'ব পাৰিব। এই বছৰৰ বাজেটত ১৫০খনৰো অধিক নাৰ্ছিং কলেজ স্থাপনৰ প্ৰস্তাৱ ৰখা হৈছে। বিগত ৯ বছৰত উত্তৰ-পূর্বাঞ্চলত দ্বিগুণ সংখ্যক মেডিকেল কলেজ স্থাপন কৰা হৈছে।

 

ভাতৃ আৰু ভগ্নীসকল,

আমাৰ চৰকাৰে ভাবে যে, দেশ আৰু দেশবাসীৰ স্বার্থই সকলোৰে আগত। সেয়ে, ভোট বেংকৰ কথা নাভাবি আমি সমস্যাৰ দিশত নজৰ দিছো। আমি আয়ুষ্মান প্রকল্পৰ সূচনা কৰিছো। ইয়াৰ ফলত, দৰিদ্ৰ মানুহে ৫ লাখ টকা পর্যন্ত বিনা খৰচত চিকিৎসাৰ সুবিধা পাব পাৰে। কম খৰচত গৰীব আৰু মধ্যবিত্ত মানুহে যাতে সুলভ মূল্যত ঔষধ কিনিব পাৰে, তাৰ বাবে আমি ৯ হাজাৰৰো অধিক জন ঔষধি কেন্দ্র আৰম্ভ কৰিছো। আমি ষ্টাণ্ট আৰু আঁঠু প্রতিস্থাপনৰ খৰচ বহু হ্রাস কৰি দিছো। গৰীব মানুহৰ বাবে আমি প্ৰতিখন জিলাত বিনামূলীয়া ডায়ালিছিছৰ ব্যৱস্থা কৰিছো। কঠিন অসুখ নিৰ্ণয়ৰ বাবে আমি দেড় লাখৰো অধিক স্বাস্থ্য কেন্দ্ৰ আৰম্ভ কৰিছো, য'ত স্বাস্থ্য সম্পর্কীয় প্রয়োজনীয় সকলো ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ ব্যৱস্থা ৰখা হৈছে। অহা ৫ বছৰৰ ভিতৰত দেশক যক্ষ্মা মুক্ত কৰাৰ লক্ষ্য লৈছো আমি। স্বাস্থ্য সম্পর্কে সচেতনতা বঢ়াবলৈ আমি যোগ – আয়ুর্বেদ আৰু ফিট ইণ্ডিয়া প্রচাৰাভিযান অব্যাহত ৰাখিছো।

 

বন্ধুসকল,

আয়ুষ্মান ভাৰত – প্রধানমন্ত্রী জন আৰোগ্য যোজনা আজি দেশৰ প্ৰতিজন গৰীব মানুহৰ চিকিৎসাত প্রধান সহায়ক হৈ উঠিছে। বিগত বছৰবোৰত আয়ুষ্মান ভাৰত প্রকল্পই গৰীব মানুহৰ ৮০ হাজাৰ কোটি টকা ৰাহি কৰিছে। জন ঔষধি কেন্দ্র নিৰ্মাণ হোৱাত গৰীব আৰু মধ্যবিত্ত মানুহৰ ঔষধৰ বাবত খৰচ এতিয়া ৮০ হাজাৰ কোটি টকাৰ পৰা কমি প্রায় ২০ হাজাৰ টকালৈ নামি আহিছে। এতিয়া ষ্টেণ্ট আৰু আঁঠু প্রতিস্থাপনৰ খৰচ বছৰি প্রায় ১৩ হাজাৰ কোটি টকা কমিছে। অসমৰ ১ কোটিৰো অধিক মানুহে এতিয়া আয়ুষ্মান ভাৰত কার্ড ব্যৱহাৰ কৰিছে।

 

বন্ধুসকল,

আমাৰ চৰকাৰৰ বিভিন্ন প্রকল্পৰ সুবিধাভোগীসকলৰ সৈতে মই প্ৰায়েই কথা পাতো। আমাৰ বিপুল সংখ্যক মাতৃ, ভগ্নী, ল'ৰা আৰু ছোৱালীয়ে ইয়াত অংশ লয়। তেওঁলোকে মোৰ সৈতে বিজেপি চৰকাৰৰ আমোলত স্বাস্থ্য ব্যৱস্থাৰ উন্নয়ন সন্দৰ্ভত কথা পাতে।

বিজেপি চৰকাৰৰ আমোলত যিবোৰ কর্মসূচী হাতত লোৱা হৈছে, আমাৰ মাতৃ আৰু ভগ্নীসকলে তাত ব্যাপকভাৱে উপকৃত হৈছে। স্বচ্ছ ভাৰত অভিযানত কোটি কোটি শৌচাগাৰ নির্মাণ কৰা হৈছে, যি মহিলাসকলক অনেক ৰোগৰ পৰা মুক্তি দিছে। উজালা যোজনাই বিষাক্ত ধোঁৱাৰ পৰা মহিলাসকলক মুক্তি দিছে। জল জীৱন মিছনত কোটি কোটি মহিলা জলবাহিত ৰোগৰ পৰা ৰক্ষা পাইছে। প্রধানমন্ত্রী মাতৃ বন্দনা যোজনাই গৰ্ভৱতী মহিলাসকলৰ আর্থিক সহায়তা সুনিশ্চিত কৰিছে। ৰাষ্ট্ৰীয় পোষণ অভিযানৰ মাধ্যমত মহিলাসকলে পুষ্টিকৰ খাদ্য পাইছে।

 

বন্ধুসকল,

একৈশ শতিকাৰ প্রয়োজনীয়তাৰ কথা মনত ৰাখি স্বাস্থ্য ব্যৱস্থাৰ আধুনিকীকৰণ কৰিছে আমাৰ চৰকাৰে। আয়ুষ্মান ভাৰত ডিজিটেল হেলথ মিছনৰ অওতাত দেশবাসীক ডিজিটেল হেলথ আইডি বা ডিজিটেল স্বাস্থ্য কার্ড প্রদান কৰা হৈছে। দেশৰ সমস্ত হাস্পতাল আৰু চিকিৎসকক এটা প্লেটফৰ্মত লৈ অহা হৈছে। ইয়াৰ ফলত, মাত্র এটা ক্লিকৰ মাধ্যমত নাগৰিকসকলে সম্পূর্ণ স্বাস্থ্য সংক্রান্তীয় তথ্য জানিব পাৰিব। হাস্পাতালত চিকিৎসা আৰু সঠিক চিকিৎসকৰ ওচৰলৈ যোৱা বহু সহজ হ'ব। এই প্রকল্পত এতিয়ালৈকে ৩৮ কোটি মানুহক ডিজিটেল পৰিচয়পত্র প্রদান কৰা হৈছে। এতিয়া ই-সঞ্জীৱনীৰ মাধ্যমত ঘৰতে বহি নিজৰ পছন্দ মতে চিকিৎসা কৰাব পাৰিছে সাধাৰণ মানুহে।

 

ভাতৃ আৰু ভগ্নীসকল,

ভাৰতৰ স্বাস্থ্য পৰিসেৱা ব্যৱস্থাৰ মূল ভিত্তি হ’ল ‘সবকা প্রয়াস’ (সকলোৰে প্রচেষ্টা)। কৰোণা সঙ্কটৰ সময়ত আমি ‘সবকা প্রয়াস’ৰ শক্তি প্রত্যক্ষ কৰিছো। আজি সমগ্ৰ বিশ্বই আমাৰ সবাতোকৈ দ্রুততম আৰু অত্যন্ত কার্যকৰী কোভিড টীকাকৰণ কর্মসূচী প্রশংসা কৰিছে। টীকাকৰণ কৰ্মসূচীত আশা কর্মী, অঙ্গনৱাড়ী কর্মী আৰু প্রাথমিক স্বাস্থ্য কর্মীসকলে খুব ভাল কাম কৰিছে। ‘সবকা প্রয়াস’ আৰু ‘সবকা বিশ্বাস’ৰ ফলতেই এই মহাযজ্ঞ সফল সম্ভৱ হৈছে। ‘সবকা প্রয়াস’ৰ মন্ত্র লৈয়েই আমি আগুৱাই যাব লাগিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!