"৯১ টা ‘এফএম ট্ৰেন্সমিটাৰ’ উদ্বোধনে ভাৰতৰ ৰেডিঅ' উদ্যোগলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব"
"ৰেডিঅ' আৰু ‘মন কী বাত’ৰ জৰিয়তে মই নিজকে দেশৰ শক্তি আৰু দেশবাসীৰ মাজৰ কৰ্তব্যৰ সামূহিক শক্তিৰ সৈতে সংযুক্ত কৰিব পাৰো"
"এক প্ৰকাৰে মই আপোনালোকৰ ‘আকাশবাণী’ৰ দলটোৰে অংশ"
"যিসকলক দূৰণিবটীয়া বুলি গণ্য কৰা হৈছিল তেওঁলোকে এতিয়া অধিক হাৰত সংযুক্ত হোৱাৰ সুযোগ পাব"
"চৰকাৰে প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আছে"
"ডিজিটেল ইণ্ডিয়া’ই কেৱল ৰেডিঅ'ক নতুন শ্ৰোতা প্ৰদান কৰাই নহয়, লগতে এক নতুন চিন্তা প্ৰক্ৰিয়াও প্ৰদান কৰিছে"
"ডিটিএইচ’-য়েই হওক বা ‘এফএম ৰেডিঅ'ই হওক, এই শক্তিয়ে আমাক ভৱিষ্যতৰ ভাৰতখনত উঁকি মাৰিবলৈ এখন খিৰিকী প্ৰদান কৰে। আমি এই ভৱিষ্যতৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব"
"আমাৰ চৰকাৰে সাংস্কৃতিক সংযোগৰ লগতে বৌদ্ধিক সংযোগ শক্তিশালী কৰাৰো ব্যৱস্থা কৰি আছে"
"যিকোনো প্ৰকাৰৰ সংযোগৰ লক্ষ্য হ'ব লাগে দেশ আৰু ইয়াৰ ১৪০ কোটি নাগৰিকক সংযুক্ত কৰাটো"

নমস্কাৰ জী,

কাৰ্যক্ৰমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগীগণ, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী বন্ধুসকল, সাংসদগণ, বিধায়কগণ, অন্য মহানুভৱ, দেৱী আৰু সজ্জনসকল,

আজিৰ এই কাৰ্যক্ৰমত পদ্ম সন্মান পোৱা অনেক ব্যক্তিত্বও আমাৰ সৈতে সংযুক্ত আছে। মই তেওঁলোককো আদৰণি জনাইছো, অভিনন্দন জনাইছো। আজি অল ইণ্ডিয়া ৰেডিঅ'ৰ এফ এম সেৱাৰ এই সম্প্ৰসাৰণ অল ইণ্ডিয়া এফ এম হোৱাৰ দিশত এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। অল ইণ্ডিয়া ৰেডিঅ'ৰ ৯১ এফ এম ট্ৰেন্সমিটাৰৰ এই আৰম্ভণি দেশৰ ৮৫খন জিলাৰ ২ কোটি মানুহৰ বাবে উপহাৰ স্বৰূপ। একপ্ৰকাৰে এই আয়োজনত ভাৰতৰ বিবিধতা আৰু বেলেগ বেলেগ ৰঙৰ এটা ৰেঙনিও। যিসমূহ জিলাক সামৰি লোৱা হৈছে তাত এস্পিৰেচনেল ডিষ্ট্ৰিক্ট, এস্পিৰেচনেল ব্লক তেওঁলোকেও এই সেৱাৰ লাভ পাই আছে। মই অল ইণ্ডিয়া ৰেডিঅ'ক এই প্ৰাপ্তিৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। ইয়াৰ যথেষ্ট লাভ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাতৃ ভগ্নীসকলৰ হ'ব, যুৱক-যুৱতী মিত্ৰসকলৰ হ'ব। ইয়াৰ বাবে তেওঁলোকক মই বিশেষভাৱে অভিনন্দন জনাইছো।

 

বন্ধুসকল,

যেতিয়া কথা ৰেডিঅ' আৰু এফএমৰ ওলায়, তেতিয়া আমি যি প্ৰজন্মৰ মানুহ, আমি সকলোৰে সম্পৰ্ক একোজন ভাবুক শ্ৰোতাৰো আছে, আৰু মোৰ বাবে তো এয়াও আনন্দ যে মোৰ সম্পৰ্ক এজন হোষ্টৰো হ'ল। কেইদিনমানৰ পাছতে মই ৰেডিঅ'ত 'মন কী বাত'ৰ ১০০তম খণ্ড কৰিবলৈ গৈ আছো। 'মন কী বাত'ৰ এই অভিজ্ঞতা, দেশবাসীৰ সৈতে এনেধৰণৰ ভাবনাত্মক সংযোগ কেৱল ৰেডিঅ'ৰ পৰাই সম্ভৱ আছিল। মই ইয়াৰ জৰিয়তে দেশবাসীৰ সামৰ্থ্যৰ সৈতে সংযুক্ত হৈ আছো, দেশৰ সামূহিক কৰ্তব্য শক্তিৰ সৈতে সংযুক্ত হৈ আছো। স্বচ্ছ ভাৰত অভিযানেই হওক, বেটী বচাও বেটী পঢ়াও হওক বা ঘৰে ঘৰে ত্ৰিৰংগ অভিযান হওক, 'মন কী বাতে' এই অভিযানক জন আন্দোলন কৰি তুলিলে। সেয়ে, এফালে মই অল ইণ্ডিয়া ৰেডিঅ'ৰ আপোনালোকৰ টীমৰো অংশ।

 

বন্ধুসকল,

আজিৰ এই আয়োজনৰ এটা আৰু বিশেষ কথা আছে। ই বঞ্চিতক মৰ্যাদাৰ চৰকাৰৰ নীতিক আগবঢ়ায় । যি এতিয়ালৈকে এই সুবিধাৰ পৰা বঞ্চিত, যাক বহুত দূৰ-দূৰণিত থকা বুলি গণ্য কৰা হৈছিল, তেওঁলোক এতিয়া আমাৰ সকলোৰে সৈতে আৰু বেছি কানেক্ট হ'ব। সময়মতে জৰুৰী তথ্য পোৱাই দিয়া হওক, কমিউনিটী বিল্ডিঙৰ কাম হওক, কৃষিৰ সৈতে জড়িত বতৰৰ তথ্য হওক, কৃষকক ফচল-ফল-পাছলিৰ দামৰ সতেজ তথ্য হওক, কেমিকেল খেতিৰ পৰা হ'ব পৰা লোকচানৰ চৰ্চাই হওক, খেতিৰ বাবে আধুনিক মেচিনৰ পুলিং হওক, মহিলাৰ আত্মসহায়ক গোটক নতুন বজাৰৰ বিষয়ে কোৱাই হওক, বা কোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সম্পূৰ্ণ অঞ্চলৰ সহায় কৰা, এই এফ এম ট্ৰেন্সমিটাৰৰ বহুত বিশেষ ভূমিকা থাকিব। ইয়াৰ উপৰিও এফ এমৰ যি ইনফোটেইনমেণ্ট ভেল্যু, সেয়াতো থাকিবই।

 

বন্ধুসকল,

আমাৰ চৰকাৰে নিৰন্তৰ, এনেকৈয়ে টেকনলজিৰ গণতান্ত্ৰীকৰণ, ডেমক্ৰেটাইজেচন ইয়াৰ বাবে কাম কৰি আছে। ভাৰতে নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব পাৰক, ইয়াৰ বাবে জৰুৰী হৈছে যিকোনো ভাৰতীয়ৰ ওচৰত সুযোগৰ নাটনি নহওক। আধুনিক টেকনলজিক সকলোৰে বাবে এক্সেচিবল বনোৱা, এফৰ্ডেবল বনোৱাত ই বহুত ডাঙৰ মাধ্যম। আজি ভাৰতত যিদৰে গাঁৱে গাঁৱে অপ্টিকেল ফাইবাৰ পোৱাই দিয়া হৈছে, মোবাইল আৰু মোবাইল ডেটা, দুয়োটাৰে দাম ইমান কম হৈছে, সি তথ্য লাভক বহুত সহজ বনাই দিছে। আজিকালি আমি দেখো, দেশৰ কোণে কোণে, গাঁৱে গাঁৱে নতুন ডিজিটেল উদ্যমী হৈ আছে। গাঁৱৰ যুৱক-যুৱতী, গাঁৱত থাকিয়েই ডিজিটেল টেকনলজিৰ লাভ লৈ উপাৰ্জন কৰি আছে। এনেকৈ যেতিয়াই আমাৰ সৰু দোকানীয়ে, পদপথৰ বন্ধুসকলে ইণ্টাৰনেট আৰু ইউপিআইৰ পৰা সহায় পালে, তেতিয়া তেওঁলোকে বেংকিং ছিষ্টেমৰ লাভ ল'বলৈও আৰম্ভ কৰি দিলে। আজি টেকনলজিৰ সহায়ত আমাৰ মাছমৰীয়া বন্ধুসকলে বতৰ সম্পৰ্কীয় সঠিক তথ্য সঠিক সময়ত পায়। আজি টেকনলজিৰ সহায়ে আমাৰ লঘু উদ্যমীয়ে নিজৰ সামগ্ৰী দেশৰ কোণে কোণে বেছিব পাৰিছে। ইয়াত গভৰ্ণমেণ্ট-ই-মাৰ্কেট প্লেচ অৰ্থাৎ জিইএমেৰেও তেওঁলোকে সহায় পাই আছে।

 

বন্ধুসকল,

যোৱা বছৰবোৰত দেশত যি টেক ৰিভলিউশ্যন হৈছে, সি ৰেডিঅ' আৰু বিশেষকৈ এফ এমকো নতুন অৱতাৰত গঢ়িছে। ইণ্টাৰনেটৰ কাৰণে ৰেডিঅ' পিছপৰি থকা নাই। বৰং অনলাইন এফএমৰ জৰিয়তে, পডকাষ্টৰ জৰিয়তে, ইনভেটিভ পদ্ধতিৰে সন্মুখলৈ আগুৱাই আহিছে। অৰ্থাৎ ডিজিটেল ইণ্ডিয়াই ৰেডিঅ'ক নতুন শ্ৰোতাও দিছে, আৰু নতুন চিন্তাও দিছে। এই বিপ্লৱ আপোনালোকে সঞ্চাৰৰ প্ৰতিটো মাধ্যমত দেখা পাব। যেনেকৈ আজি দেশৰ সৰ্ববৃহৎ ডিটিএইচ প্লেটফৰ্ম, ডিডিফ্ৰী দেশৰ সেৱা ৪ কোটি ৩০ লাখ ঘৰত পাই আছে। দেশৰ কোটি কোটি গ্ৰামীণ ঘৰত, সীমান্তৱৰ্তী অঞ্চলবোৰত আজি পৃথিৱীৰ প্ৰতিটো খবৰ, ৰিয়েল টাইমত পাই আছে। সমাজৰ যি বৰ্গ দশক দশক ধৰি দুৰ্বল আৰু বঞ্চিত আছিল, তেওঁলোকেও ফ্ৰী ডিছৰ জৰিয়তে শিক্ষা আৰু মনোৰঞ্জনৰ সুবিধা পাই আছে। ইয়াৰ ফলত সমাজৰ বেলেগ বেলেগ বৰ্গৰ মাজত অসমানতা দূৰ কৰা আৰু সকলো ধৰণৰ গুণগত তথ্য পোৱাই দিয়াত সফলতা পোৱা গৈছে। আজি ডিটিএইচ চেনেলত বিভিন্ন ধৰণৰ শৈক্ষিক পাঠ্যক্ৰম উপলব্ধ। ইখনৰ পাছত সিখন বিশ্ববিদ্যালয়ৰ জ্ঞান পোনপতীয়াকৈ আপোনাৰ ঘৰত গৈ পাইছে। কৰোণা কালত ই দেশৰ কোটি কোটি বিদ্যাৰ্থীক বহুত সহায় কৰিলে। ডিটিএইচ হওক বা এফএম ৰেডিঅ', ইয়াৰ এই শক্তিত আমাক ফিউচাৰ ইণ্ডিয়াত সোমাবলৈ এখন ৱিণ্ডো দিছে। আমি এনে ভৱিষ্যতৰ বাবে নিজক সাজু কৰিব লাগিব।

 

বন্ধুসকল,

 

এফএম ট্ৰেন্সমিটাৰৰ জৰিয়তে হৈ থকা এই কানেক্টিভিটীৰ এটা আৰু পৰিসৰ আছে। দেশৰ সকলো ভাষা আৰু বিশেষকৈ ২৭টা উপ-ভাষা থকা এলেকাত এই এফএম ট্ৰেন্সমিটাৰৰ জৰিয়তে সম্প্ৰচাৰ হ'ব। অৰ্থাৎ এই কানেক্টিভিটী কেৱল কমিউনিকেচনৰ সম্পদকে পৰস্পৰ সংযুক্ত নকৰে, বৰং মানুহকো সংযুক্ত কৰে। এয়া আমাৰ চৰকাৰৰ কাম কৰাৰ পদ্ধতিৰ এটা পৰিচয়। প্ৰায়ে যেতিয়াই আমি কানেক্টিভিটীৰ কথা কওঁ, তেতিয়াই আমাৰ সন্মুখলৈ পথ, ৰে'ল, এয়াৰপৰ্টৰ ছবি আহে। কিন্তু আমাৰ চৰকাৰে ফিজিকেল কানেক্টিভিটীৰ উপৰিও ছচিয়েল কানেক্টিভিটী বঢ়াবলৈ সিমানেই জোৰ দিছে। আমাৰ চৰকাৰে, কালচাৰেল কানেক্টিভিটী আৰু ইণ্টেলেকচুৱেল কানেক্টিভিটীকো অহৰহ মজবুত কৰি আছে। যেনে যোৱা ৯ বছৰত আমি পদ্ম এৱাৰ্ড, সাহিত্য আৰু কলা এৱাৰ্ডৰ দ্বাৰা দেশৰ বেলেগ বেলেগ অংশৰ ৰিয়েল হিৰোসকলক সন্মানিত কৰিছো। আগৰ দৰে পদ্ম সন্মান অনুৰোধৰ আধাৰত নহয়, বৰং দেশ আৰু সমাজৰ সেৱাৰ আধাৰত দিয়া হৈছে। আজি যি পদ্ম সন্মান পোৱা বন্ধুসকল আমাৰ সৈতে সংযুক্ত হৈছে, তেওঁলোকে এই কথা ভালদৰেই জানে। দেশৰ বেলেগ বেলেগ অংশত তীৰ্থ স্থল, ধাৰ্মিক স্থানৰ কায়াকল্প হোৱাৰ পাছত এখন ৰাজ্যৰ লোক আন এখন ৰাজ্যলৈ গৈ আছে। পৰ্যটন স্থলত মানুহৰ বৰ্ধিত সংখ্যা দেশত কালচাৰেল কানেক্টিভিটী বঢ়াৰ প্ৰমাণ। আদিবাসী স্বাধীনতা সেনানীৰে জড়িত সংগ্ৰহালয় হওক, বাবাচাহেব আম্বেদকাৰৰ পঞ্চতীৰ্থৰ পুনৰ্নিৰ্মাণ হওক, পিএম মিউজিয়াম হওক, বা নেচনেল ৱাৰ মেমৰিয়েল, এনে পদক্ষেপে দেশত ইণ্টেলেকচুৱেল আৰু ইমচনেল কানেক্টিভিটীক নতুন পৰিসৰ দিছে।

 

বন্ধুসকল,

কানেক্টিভিটী লাগে যিকোনো স্বৰূপত নহওক কিয়, তাৰ উদ্দেশ্য হৈছে- দেশক সংযুক্ত কৰা, ১৪০ কোটি দেশবাসীক সংযুক্ত কৰা। অল ইণ্ডিয়া ৰেডিঅ'ৰ দৰে সকলো কমিউনিকেচন চেনেলৰ বাবেও এয়াই দৃষ্টিভংগী হোৱা উচিত। এয়াই অভিযান হোৱা উচিত। মোৰ বিশ্বাস আছে, আপোনালোকে এই দৃষ্টিভংগীক লৈ এনেকৈয়ে অগ্ৰসৰ হৈ থাকিব, আপোনালোকৰ এই বিস্তাৰে সংবাদৰ জৰিয়তে দেশক নতুন শক্তি দি থাকিব। এবাৰ আকৌ আকাশবাণীক, দেশৰ দূৰ-দূৰণিৰ ক্ষেত্ৰৰ মোৰ মৰমৰ ভাতৃ-ভগ্নীসকলক মই বহুত বহুত শুভকামনা জনাইছো, বহুত অভিনন্দন জনাইছো। ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical exports rise 6.8% in Q1 FY27 on global demand

Media Coverage

India’s pharmaceutical exports rise 6.8% in Q1 FY27 on global demand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting determination, perseverance, and continuous effort in overcoming life's challenges
August 13, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the power of determination, perseverance, and courage in overcoming life's challenges and turning adverse circumstances into favorable ones.

The Prime Minister wrote on X;

"दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥"

A person who possesses the determination, perseverance and courage to turn adverse circumstances into favorable ones is never defeated by the challenges of life. Instead, through continuous effort and unwavering resolve, he moves forward and ultimately achieves success.