“দেশৰ ক্ৰীড়া পৰম্পৰাক আগুৱাই নিয়াত উত্তৰ-পূৱ আৰু মণিপুৰে যথেষ্ট অৰিহণা যোগাইছে”
“উত্তৰ-পূৱে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্যত নতুন ৰং সংযোজন কৰাৰ লগতে দেশৰ ক্ৰীড়া বৈচিত্ৰ্যক নতুন মাত্ৰা প্ৰদান কৰিছে”
“যিকোনো চিন্তান শিৱিৰ আৰম্ভ হয় সুচিন্তা, সুপৰিকল্পনাৰে আগবাঢ়ি যায় আৰু কাৰ্যকৰীকৰণেৰে অন্ত পৰে”
“আমি ক্ৰীড়াৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু প্ৰতিখন প্ৰতিযোগিতা অনুসৰি প্ৰশিক্ষণৰ ওপৰতো গুৰুত্ব দিব লাগিব। আমি হ্ৰস্বম্যাদী, মধ্যম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্যও নিৰ্ধাৰণ কৰিব লাগিব”
“ক্রীড়া আন্তঃগাঁথনিৰ সৈতে জড়িত ৪০০ কোটিৰো অধিক মূল্যৰ প্রকল্পই আজি উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিছে”

কাৰ্যসূচীত অংশগ্ৰহণ কৰা মোৰ কেবিনেট সহকৰ্মী অনুৰাগ ঠাকুৰজী, সকলো ৰাজ্যৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকল, অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,

এই বছৰ দেশৰ ক্ৰীড়া মন্ত্ৰীসকলৰ সন্মিলন মণিপুৰত অনুষ্ঠিত হোৱাত মই অতি আনন্দিত। উত্তৰ-পূৰ্বাঞ্চলৰ বহু খেলুৱৈয়ে দেশৰ হৈ পদক জিকিছে আৰু জাতীয় পতাকাক গৌৰৱান্বিত কৰিছে । দেশৰ ক্ৰীড়া পৰম্পৰাক আগুৱাই নিয়াত উত্তৰ-পূৰ্বাঞ্চল আৰু মণিপুৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। সাগোল কাংজেই, থাং-টা, য়ুবি লাকপি, মুকনা আৰু হিয়াং তান্নাবাৰ দৰে থলুৱা খেলবোৰ অতি আকৰ্ষণীয়। উদাহৰণ স্বৰূপে, মণিপুৰৰ উ-লাৱাবীৰ সৈতে কাবাডীৰ এক মিল আছে। হিয়াং তান্নাবাই কেৰালাৰ নাও দৌৰৰ কথা মনত পেলাই দিছে। প’লোৰ সৈতে মণিপুৰৰো এক ঐতিহাসিক সম্পৰ্ক আছে। যিদৰে উত্তৰ-পূৰ্বাঞ্চলে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্যত নতুন ৰং সংযোজন কৰে, ঠিক তেনেদৰে ই দেশৰ ক্ৰীড়া বৈচিত্ৰ্যকো নতুন মাত্ৰা প্ৰদান কৰে। মই আশা কৰোঁ যে সমগ্ৰ দেশৰ ক্ৰীড়া মন্ত্ৰীসকলে মণিপুৰৰ পৰা বহুতো শিকিব। আৰু মই নিশ্চিত যে মণিপুৰৰ জনসাধাৰণৰ উষ্ণ আতিথ্যই আপোনাসৱৰ এই ভ্ৰমণ অধিক উপভোগ্য কৰি তুলিব। এই 'চিন্তন শিবিৰ'ত অংশগ্ৰহণ কৰা সকলো ক্ৰীড়া মন্ত্ৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলক মই স্বাগতম জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

যিকোনো 'চিন্তন শিবিৰ' আৰম্ভ হয় সুচিন্তাৰ দ্বাৰা, সুপৰিকল্পনাৰে আগবাঢ়ে আৰু কাৰ্যকৰীকৰণৰ দ্বাৰা সমাপ্ত হয়। আন কথাত, ই কোনো এক চিন্তাৰ প্ৰতিফলন, তাৰ পিছত পৰিকল্পনা আৰু তাৰ পিছত ৰূপায়ণ আৰু কাৰ্যকৰীকৰণৰ সৈতে সমাপ্ত হয়। সেয়েহে, আপোনাসৱে ভৱিষ্যতৰ লক্ষ্যবোৰ নিৰ্ধাৰণ কৰিব লাগিব আৰু এই 'চিন্তন শিবিৰ'ত পূৰ্বৱৰ্তী সন্মিলনবোৰত গৃহীত সিদ্ধান্তসমূহ কিমান বাস্তৱায়িত হৈছে সেয়া পৰ্যালোচনা কৰিব লাগিব। আপোনাসৱৰ মনত থাকিব যে যেতিয়া আমি ২০২২ চনত কেৱাড়িয়াত মিলিত হৈছিলো, বহুতো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছিল। আমি ভৱিষ্যতৰ কথা মনত ৰাখি এটা ৰোডমেপ প্ৰস্তুত কৰিবলৈ আৰু ক্ৰীড়াৰ উন্নতিৰ বাবে এক পৰিৱেশতন্ত্ৰ সৃষ্টি কৰিবলৈ সন্মত হৈছিলো। আমি ক্ৰীড়া খণ্ডত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ মাজত অংশগ্ৰহণ বৃদ্ধি কৰাৰ কথা কৈছিলো। আপোনাসৱে মন কৰিব লাগিব যে আমি সেই দিশত ইম্ফলত কিমান আগবাঢ়িছো। আৰু মই আপোনাসৱক এইটোও ক'ব বিচাৰো যে এই সমীক্ষা কেৱল নীতি আৰু কাৰ্যসূচীৰ স্তৰত কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, আপোনাসৱে আন্তঃগাঁথনি উন্নয়ন, যোৱা এবছৰৰ ক্ৰীড়া সাফল্যৰ পৰ্যালোচনা কৰা উচিত।

 

বন্ধুসকল,

এইটো সঁচা যে ভাৰতীয় খেলুৱৈসকলে যোৱা এবছৰত বহুতো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অভূতপূৰ্ব প্ৰদৰ্শন কৰিছে। আমি এই কৃতিত্বসমূহ উদযাপন কৰাৰ সমান্তৰালভাৱে আমি আমাৰ খেলুৱৈসকলক কেনেদৰে অধিক সহায় কৰিব পাৰোঁ সেই বিষয়েও চিন্তা কৰিব লাগিব। আগন্তুক সময়ত, স্কোৱাছ বিশ্বকাপ, হকী এছিয়ান চেম্পিয়নছ ট্ৰফী, আৰু এছিয়ান য়ুথ এণ্ড জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ আদিৰ দৰে ইভেণ্টত ক্ৰীড়া মন্ত্ৰালয় আৰু ইয়াৰ বিভাগসমূহৰ প্ৰস্তুতি পৰীক্ষা কৰা হ'ব। খেলুৱৈসকলে ব্যক্তিগত পৰ্যায়ত প্ৰস্তুতি চলাই আছে, কিন্তু এতিয়া আমাৰ মন্ত্ৰালয়বোৰেও ক্ৰীড়া প্ৰতিযোগিতা সম্পৰ্কে এক পৃথক দৃষ্টিভংগীৰে কাম কৰিব লাগিব। ফুটবল আৰু হকীৰ দৰে ক্ৰীড়াত যিদৰে বিপক্ষ দলৰ খেলুৱৈসকলক চিহ্নিত কৰি পৰিকল্পনা কৰা হয় একেদৰে, বিভিন্ন মেচৰ বাবে আপোনালোকে পৃথক পৃথক প্ৰস্তুতি কৰিব লাগিব । প্ৰতিটো প্ৰতিযোগিতাৰ বাবে বিভিন্ন ৰণনীতি প্ৰস্তুত কৰিব লাগিব। আপোনাসৱে প্ৰতিটো প্ৰতিযোগিতা অনুসৰি ক্ৰীড়া আন্তঃগাঁথনি আৰু ক্ৰীড়া প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব। আপোনাসৱে হ্ৰস্বম্যাদী, মধ্যম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাও নিৰ্ণয় কৰিব লাগিব।

 

বন্ধুসকল,

খেলা-ধূলাৰ এটা বিশেষত্ব আছে। এজন খেলুৱৈয়ে অকলে নিৰন্তৰ অনুশীলন কৰি ফিটনেছ অৰ্জন কৰিব পাৰে, কিন্তু সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে নিৰন্তৰ খেলাটোও প্ৰয়োজনীয়। সেয়েহে, স্থানীয় পৰ্যায়ত অধিক ক্ৰীড়া প্ৰতিযোগিতা হোৱাটোও প্ৰয়োজনীয়। ফলস্বৰূপে, খেলুৱৈসকলেও বহুত শিকিব পাৰিব। ক্ৰীড়া মন্ত্ৰী হিচাপে, আপোনাসৱে কোনো ক্ৰীড়া প্ৰতিভাক উপেক্ষা নকৰাটো নিশ্চিত কৰিব লাগিব।

 

বন্ধুসকল,

আমাৰ দেশৰ প্ৰতিজন প্ৰতিভাশালী খেলুৱৈক গুণগত ক্ৰীড়া আন্তঃগাঁথনি প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব। ইয়াৰ বাবে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰিব লাগিব। খেলো ইণ্ডিয়া আঁচনিয়ে নিশ্চিতভাৱে জিলা পৰ্যায়ত ক্ৰীড়া আন্তঃগাঁথনি উন্নত কৰিছে। কিন্তু এতিয়া আমি এই উন্নতিক ব্লক পৰ্যায়লৈ লৈ যাব লাগিব। ব্যক্তিগত খণ্ডকে ধৰি সকলো অংশীদাৰৰ অংশগ্ৰহণ গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ সন্দৰ্ভতো এটা সমস্যা আছে। ইয়াক অধিক কাৰ্যকৰী কৰিবলৈ, ইয়াৰ বাবে এক নতুন চিন্তাধাৰাৰ প্ৰয়োজন। ৰাজ্যবোৰত অনুষ্ঠিত হোৱা এনে কাৰ্যসূচীবোৰ যাতে কেৱল এক আনুষ্ঠানিকতা নহয় সেয়া নিশ্চিত কৰিব। যেতিয়া এনেধৰণৰ সৰ্বাংগীন প্ৰচেষ্টা কৰা হয়, তেতিয়াহে ভাৰতে নিজকে এখন আগশাৰীৰ ক্ৰীড়া দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব।

 

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়াক লৈ যি উদ্যোগ গ্ৰহণ কৰা হৈছে তাৰ পৰা আপোনাসৱ বাবে অনুপ্ৰাণিত হব। ৪০০ কোটি টকাৰ অধিক মূল্যৰ ক্ৰীড়া আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰকল্পসমূহে আজি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিছে। ইম্ফলৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ে অদূৰ ভৱিষ্যতে দেশৰ যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিব। খেলো ইণ্ডিয়া আঁচনি আৰু টপছ(TOPS)-এ এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন জিলাত কমেও দুটা খেলো ইণ্ডিয়া কেন্দ্ৰ আৰু প্ৰতিখন ৰাজ্যতে খেলো ইণ্ডিয়া ৰাজ্যিক উত্কৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই প্ৰচেষ্টাবোৰ ক্ৰীড়া জগতত এখন নতুন ভাৰতৰ ভেটি হৈ পৰিব আৰু দেশক এক নতুন পৰিচয় প্ৰদান কৰিব। আপোনাসৱে আপোনাসৱৰ নিজ নিজ ৰাজ্যতো এনে ধৰণৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব। মই নিশ্চিত যে এই 'চিন্তন শিবিৰে' এই দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই বিশ্বাসৰ সৈতে, আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions

Media Coverage

India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.