Releases commemorative stamp and coin to honour the great spiritual guru
“Chaitanya Mahaprabhu was the touchstone of love for Krishna. He made spiritualism and meditation accessible to the masses”
“Bhakti is a grand philosophy given by our sages. It is not despair but hope and self-confidence. Bhakti is not fear, it is enthusiasm”
“Our Bhakti Margi saints have played an invaluable role, not only in the freedom movement but also in guiding the nation through every challenging phase”
We treat the nation as ‘dev’ and move with a vision of ‘dev se desh’”
“No room for division in India's mantra of unity in diversity”
“‘Ek Bharat Shreshtha Bharat’ is India’s spiritual belief”
“Bengal is a source of constant energy from spirituality and intellectuality”

এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা সকলো আদৰণীয় সন্তগণ, ‘আচাৰ্য গৌড়ীয় মিছন’ৰ শ্ৰদ্ধেয় ভক্তি সুন্দৰ সন্ন্যাসীজী, মন্ত্ৰীসভাত থকা মোৰ সহকৰ্মী অৰ্জুনৰাম মেঘৱাল জী, মীনাক্ষী লেখীজী, দেশ আৰু বিশ্বৰ সৈতে জড়িত সকলো কৃষ্ণভক্ত, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল,

হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ  গৌৰৱো কৰা হৈছে।

 

এয়া মোৰ সৌভাগ্য যে মই ইয়াত এই পবিত্ৰ অনুষ্ঠানত সকলো সাধুৰ মাজত উপস্থিত হ’বলৈ পাইছোঁ। আৰু মই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰোঁ যে আপোনালোকৰ বহুতো সাধুৰ সৈতে মোৰ ঘনিষ্ঠ সম্পৰ্ক আছে। মই বহুবাৰ আপোনালোক সকলোৰে সান্নিধ্য লাভ কৰিছোঁ। মই 'কৃষ্ণম বন্দে জগদগুৰুম'ৰ ভাৱনাৰে ভগৱানৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। মই শ্ৰদ্ধাৰে ‘শ্ৰীল ভক্তিসিদ্ধান্ত প্ৰভুপাদ’ক প্ৰণাম জনাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁক শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ। মই প্ৰভুপাদৰ সকলো অনুগামীক তেওঁৰ ১৫০ সংখ্যক জয়ন্তীত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই উপলক্ষে ‘শ্ৰীল প্ৰভুপাদজী’ৰ স্মৃতিত মই এটা ‘ডাক টিকট’ আৰু ‘স্মাৰক মুদ্ৰা’ মুকলি কৰাৰ সৌভাগ্য লাভ কৰিছোঁ আৰু ইয়াৰ বাবেও আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

শ্ৰদ্ধেয় সাধুসকল,

আমি প্ৰভুপদ গোস্বামীজীৰ ১৫০ সংখ্যক জয়ন্তী এনে এটা সময়ত উদযাপন কৰিছো যি সময়ত কেইদিনমান আগতে মাত্ৰ এটি বিশাল ৰাম মন্দিৰৰ শ শ বছৰ পুৰণি সপোন পূৰণ হৈছিল। আজি আপোনালোকৰ মুখত যি উল্লাস আৰু উৎসাহ দেখা গৈছে, মই নিশ্চিত যে ইয়াত ‘ৰাম লালা’ বিৰাজমান হোৱাৰ আনন্দও মিহলি হৈ আছে। এই বিশাল মহাযজ্ঞ কেৱল সাধু সাধনাৰে, তেওঁলোকৰ আশীৰ্বাদৰেহে সম্পূৰ্ণ হৈছে।

বন্ধুসকল,

আজি আমি সকলোৱে আমাৰ জীৱনত ঈশ্বৰ প্ৰেমক, কৃষ্ণ লীলাক আৰু ভক্তিৰ তত্বসমূহক ইমান সহজে বুজি পাওঁ। এই যুগত ইয়াৰ নেপথ্যত চৈতন্য মহাপ্ৰভুৰ কৃপাৰ এক ডাঙৰ ভূমিকা আছে। চৈতন্য মহাপ্ৰভু কৃষ্ণ প্ৰেমৰ প্ৰতীক আছিল। তেওঁ আধ্যাত্মিকতা আৰু আধ্যাত্মিক অনুশীলনক সাধাৰণ মানুহৰ বাবে সুলভ কৰি তুলিছিল, সৰল কৰি তুলিছিল। তেওঁ আমাক কৈছিল যে ঈশ্বৰক কেৱল সন্ন্যাসৰেই নহয়, বৰঞ্চ আনন্দৰ মাজেৰেও প্ৰাপ্ত কৰিব পাৰি। আৰু মই মোৰ অভিজ্ঞতাৰ বিষয়ে কওঁ। মই এই পৰম্পৰাসমূহৰ মাজতে ডাঙৰ দীঘল হোৱা এজন ব্যক্তি। মোৰ জীৱনৰ বিভিন্ন পৰ্যায়ত এনে এটা পৰ্যায় আছিলযে সেয়া আনবোৰতকৈ নিতান্তই পৃথক আছিল।। মই সেই পৰিৱেশত বহিছিলো, এনে পৰিৱেশৰ মাজতে বাস কৰিছিলো, ভজন আৰু কীৰ্তন চলিছিল, মই একোণত বহি থাকিছিলোঁ, শুনি থাকছিলোঁ, মন ভৰাই, হৃদয় জুৰাই সেই পল হৃদয়ংগম কৰিছিলো, পিচে মই সংযোজিত হ’ব পৰা নাছিলোঁ, মই বহি থাকিছিলো। জানো কি হ’ল, মোৰ মনত বহুত চিন্তাৰ উদ্ৰেক হ’ল। মই ভাবিবলৈ ধৰিছিলো এই দূৰত্বনো কিহৰ বাবে। মোকনো কিহে বাধা দিছে? মই জীয়াই আছো অথচ মই সংযোজিত হ’ব নোৱাৰো। আৰু তাৰ পিছত, যেতিয়া মই ভজন কীৰ্ত্তনত বহিবলৈ ল’লো, মই হাততালি বজাবলৈ ল’লো, জড়িত হ’বলৈ ধৰিলো আৰু চাই থাকোতেই মই ইয়াৰ সৈতে নিমজ্জিত হৈ পৰিলোঁ। চৈতন্য প্ৰভুৰ এই পৰম্পৰাত যি সামৰ্থ্য আছে সেই সামৰ্থ্যৰ মই সাক্ষাত লাভ কৰিছো। আৰু এতিয়াও যেতিয়া আপোনালোকে কীৰ্তন কৰি আছিল মই হাততালি বজাবলৈ আৰম্ভ কৰিছিলো। মানুহে ভাবিছিল যে প্ৰধানমন্ত্ৰীয়ে হাততালি বজাইছে। ওহো, প্ৰধানমন্ত্ৰীয়ে হাততালি বজোৱা নাছিল, প্ৰভুৰ ভক্তইহে হাততালি বজাইছিল।

 

চৈতন্য মহাপ্ৰভুৱে শ্ৰীকৃষ্ণৰ লীলা আৰু তেওঁৰ জীৱনক উৎসৱ হিচাপে গ্ৰহণ কৰি কেনেকৈ সুখী হ'ব লাগে সেয়া আমাক দেখুৱাইছিল। সংকীৰ্তন, ভজন, গীত আৰু নৃত্যৰে কেনেকৈ আধ্যাত্মিকতাৰ শীৰ্ষত উপনীত হ'ব পৰা যায়, আজি কিমানযে সাধকে পোনপটীয়াকৈ এয়া অনুভৱ কৰিছে। আৰু যিসকলে অনুভৱক উপভোগ কৰিছে সেয়া মই প্ৰত্যক্ষ কৰিব পাৰিছোঁ। চৈতন্য মহাপ্ৰভুৱে আমাক কৃষ্ণৰ লীলাসমূহৰ লালিত্যও বুজাইছিল আৰু জীৱনৰ লক্ষ্য জানিবলৈ ইয়াৰ গুৰুত্বও বৰ্ণনা কৰিছিল। সেয়েহে, ভাগৱতৰ দৰে গ্ৰন্থৰ প্ৰতি ভক্তসকলৰ আজিও যি আস্থা আছে, ‘চৈতন্য চৰিতামৃত’ আৰু ‘ভক্তমাল’ৰ প্ৰতিও সেই একেই প্ৰেম আছে।

বন্ধুসকল,

চৈতন্য মহাপ্ৰভুৰ দৰে ঐশ্বৰিক ব্যক্তিসকলে তেওঁলোকৰ কামবোৰ সময় অনুসৰি কিবা নহয় কিবা প্ৰকাৰে আগবঢ়াই নিছিল। ‘শ্ৰীল ভক্তিসিদ্ধান্ত প্ৰভুপাদ’ তেওঁৰ সংকল্পৰ প্ৰতিমূৰ্তি আছিল। সাধনাৰ পৰা সিদ্ধি কেনেদৰে পাব পাৰি, অৰ্থৰ পৰা পৰমাৰ্থলৈ যাত্ৰা কেনেদৰে কৰিব পাৰি, আমি শ্ৰীল ভক্তিসিদ্ধান্ত জীৰ জীৱনৰ ধাপে ধাপে এই কথা দেখিবলৈ পাওঁ। ১০ বছৰতকৈয়ো কম বয়সতে প্ৰভুপাদে গোটেই গীতাখনকে মুখস্থ কৰি লৈছিল। কৈশোৰকালত তেওঁ আধুনিক শিক্ষাৰ লগতে সংস্কৃত, ব্যাকৰণ, বেদ-বেদঙ্গত ব্যুত্পত্তি অৰ্জন কৰিছিল। তেওঁ জ্যোতিষ আৰু গণিতত ‘সূৰ্য সিদ্ধান্ত’ৰ দৰে গ্ৰন্থৰ ব্যাখ্যা দাঙি ধৰিছিল। ‘সিদ্ধান্ত সৰস্বতী’ উপাধি লাভ কৰিছিল, ২৪ বছৰ বয়সত তেওঁ সংস্কৃত বিদ্যালয় খুলিছিল। তেওঁৰ জীৱনকালত স্বামীজীয়ে ১০০ খনতকৈয়ো অধিক গ্ৰন্থ লিখিছিল, শ শ প্ৰবন্ধ লিখিছিল, লাখ লাখ লোকক দিক-দৰ্শন  কৰাইছিল। অৰ্থাৎ এক প্ৰকাৰে জ্ঞানৰ পথ আৰু ভক্তিৰ পথ দুয়োটাৰ ভাৰসাম্য জীৱন ব্যৱস্থাৰ সৈতে জড়িত কৰিছিল। গান্ধীজীয়ে 'বৈষ্ণৱ জন তো টেনে কহিয়ে, পীৰ পাৰাই জেন ৰে' এই ভজনৰে যি বৈষ্ণৱ অনুভূতি আবৃত্তি কৰিছিল...অহিংসা আৰু প্ৰেমৰ সেই মানৱীয় সংকল্প... দেশ আৰু বিদেশত বিতৰণ কৰাৰ কাম কৰিছিল শ্ৰীল প্ৰভুপাদ স্বামীয়ে।

বন্ধুসকল,

মোৰ জন্ম গুজৰাটত হৈছিল। গুজৰাটৰ পৰিচয় হৈছে যে য'তেই বৈষ্ণৱ ভাৱনাৰ উদ্ভৱ হয়, গুজৰাট নিশ্চিতভাৱে ইয়াৰ সৈতে সংযুক্ত হৈ যায়। ভগৱান কৃষ্ণই নিজে মথুৰাত অৱতাৰ গ্ৰহণ কৰিছিল, কিন্তু, তেওঁ নিজৰ লীলাসমূহক সম্প্ৰসাৰিত কৰিবলৈ দ্বাৰকালৈ আহিছিল। মীৰাবাইৰ দৰে এগৰাকী মহান কৃষ্ণভক্তৰ জন্ম ৰাজস্থানত হৈছিল। কিন্তু, তেওঁ শ্ৰী কৃষ্ণৰ সৈতে একাত্ম হ'বলৈ গুজৰাটলৈ আহিছিল। গুজৰাট আৰু দ্বাৰকাৰ ভূমিৰ সৈতে বিশেষ সম্পৰ্ক থকা এনে বহুতো বৈষ্ণৱ সন্ত আছে। সন্ত কবি নৰসী মেহতাৰো জন্মস্থান আছিল গুজৰাট। সেয়েহে, শ্ৰীকৃষ্ণৰ সৈতে সম্পৰ্ক, চৈতন্য মহাপ্ৰভুৰ পৰম্পৰা, এয়া মোৰ বাবে জীৱনৰ এক সহজাত প্ৰাকৃতিক অংশ।

 

বন্ধুসকল,

মই ২০১৬ চনত ‘গৌড়ীয় মঠ’ৰ শতবাৰ্ষিকী উদযাপন সমাৰোহত আপোনালোক সকলৰ মাজত উপস্থিত আছিলো। সেই সময়ত, মই আপোনালোকৰ মাজত ভাৰতৰ আধ্যাত্মিক চেতনাৰ বিষয়ে বিতংভাৱে কৈছিলো। যেতিয়া এখন সমাজ ইয়াৰ শিপাৰ পৰা আঁতৰি যায়, ই প্ৰথমে ইয়াৰ সামৰ্থ্য পাহৰি যায়। ইয়াৰ আটাইতকৈ ডাঙৰ পৰিণতিটো এয়ে হয় যে যিটো আমাৰ বিশেষ গুণ, যিটো আমাৰ শক্তি, আমি সেইটোকে লৈ হীনমন্যতাৰ চিকাৰ হৈ পৰোঁ। ভাৰতৰ পৰম্পৰা অনুসৰি, আমাৰ জীৱনত ভক্তিৰ দৰে এক গুৰুত্বপূৰ্ণ দৰ্শনো ইয়াৰ পৰা আঁতৰি থাকিব নোৱাৰিলে। ইয়াত থকা যুৱবন্ধুসকলে চাগৈ মোৰ কথা হৃদয়ংগম কৰিব পাৰিব, যেতিয়া ভক্তিৰ কথা আহে, কিছুমান লোকে ভাবে যে ভক্তি আৰু যুক্তি আধুনিকতা বিৰোধী বস্তু। কিন্তু, বাস্তৱত, ঈশ্বৰৰ প্ৰতি ভক্তি হৈছে আমাৰ ঋষিসকলে প্ৰদান কৰা মহান দৰ্শন। ভক্তি হতাশা নহয়, আশা আৰু আত্মবিশ্বাসহে। ভক্তি ভয় নহয়, ই উৎসাহহে, উদ্দীপণাহে। ৰাগ আৰু বৈৰাগৰ মাজত, জীৱনক চেতনাৰে ভৰাই তোলাৰ শক্তি আছে ভক্তিৰ। যুদ্ধক্ষেত্ৰত থিয় দি শ্ৰীকৃষ্ণই ‘গীতা’ৰ ‘দ্বাদশ অধ্যায়’ত ভক্তিক ‘মহান যোগ’ বুলি বৰ্ণনা কৰিছে। যাৰ বলেৰে হতাশ হৈ পৰা অৰ্জুনে অন্যায়ৰ বিৰুদ্ধে তেওঁৰ গাণ্ডিৱ দাঙি লৈছিল। সেয়েহে, ভক্তি পৰাভৱ নহয়, বৰঞ্চ প্ৰভাৱৰ সংকল্পহে।

কিন্তু বন্ধুসকল,

এই বিজয় আমি আনৰ বিৰুদ্ধে যুঁজি লাভ কৰা বিজয় নহয়, এই বিজয় আমি নিজৰ ওপৰতে সাব্যস্ত কৰিব লাগিব। আমি যুদ্ধও নিজৰ বাবে নহয়, বৰঞ্চ 'ধৰ্মক্ষেত্ৰ-কুৰুক্ষেত্ৰ'ৰ ভাৱনাৰে মানৱতাৰ বাবেহে কৰিব লাগিব। আৰু এই ভাৱনা আমাৰ সংস্কৃতিত, আমাৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে। সেয়েহে, ভাৰতে কেতিয়াও সীমা সম্প্ৰসাৰণৰ বাবে আন দেশক আক্ৰমণ কৰিবলৈ যোৱা নাছিল। যিসকল ইমান ডাঙৰ দৰ্শনৰ সৈতে অপৰিচিত আছিল, যিসকলে ইয়াক বুজি পোৱা নাছিল, তেওঁলোকৰ আদৰ্শগত আক্ৰমণবোৰে আমাৰ মানসিকতাকো কিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱিত কৰিছিল। কিন্তু, আমি শ্ৰীল প্ৰভুপাদৰ দৰে সন্তসকলৰ ওচৰত ঋণী, যিয়ে লাখ লাখ লোকক পুনৰ সত্যৰ দৰ্শন কৰাইছিল, তেওঁলোকক ভক্তিৰ গৌৰৱবোধেৰে ভৰাই তুলিছিল। আজি স্বাধীনতাৰ 'অমৃতকাল'ত দেশখনে 'দাসত্বৰ মানসিকতাৰ পৰা মুক্তি'ৰ প্ৰতিশ্ৰুতি লৈ সাধুসকলৰ সেই সংকল্পক আগুৱাই নিছে।

 

বন্ধুসকল,

ভক্তিপথৰ বহুতো বিদ্বান সাধু ইয়াত সমবেত হৈছে। আপোনালোক সকলোৱেই ভক্তিপথৰ বিষয়ে ভালদৰে অৱগত। আমাৰ ভক্তিমাৰ্গী সাধুসকলৰ অৱদান আৰু স্বাধীনতা আন্দোলনত ভক্তি আন্দোলনৰ ভূমিকা অমূল্য আছিল। ভাৰতৰ প্ৰতিটো প্ৰত্যাহ্বানপূৰ্ণ কালখণ্ডত, কোনোবা নহয় কোনোবা মহান সন্ত, আচাৰ্যই কিবা নহয় কিবা প্ৰকাৰে ৰাষ্ট্ৰক দিক দৰ্শন কৰাবলৈ আগবাঢ়ি আহিছে। আপোনালোকে চাওকচোন, মধ্যযুগৰ কঠিন সময়ছোৱাত যেতিয়া পৰাজয়ে ভাৰতক হতাশ কৰিছিল, তেতিয়া ভক্তি আন্দোলনৰ সাধুসকলে আমাক 'হাৰে কো হৰিনাম', 'হাৰে কো হৰিনাম' মন্ত্ৰ প্ৰদান কৰিছিল। এই সাধুসকলে আমাক শিকাইছিল যে আত্মসমৰ্পণ কেৱল পৰম সত্বাতহে কৰিব লাগিব। দেশখন শতিকা জোৰা লুণ্ঠনৰ ফলত দৰিদ্ৰতাৰ গভীৰ গহ্বৰত পতিত হৈছিল। তেতিয়া সাধুসকলে আমাক ত্যাগ আৰু অধ্যৱসায়ৰে জীৱন যাপন কৰি আমাৰ মূল্যবোধৰ সুৰক্ষা কৰিবলৈ শিকাইছিল। আমি পুনৰ আত্মবিশ্বাস লাভ কৰিছিলোঁ যে যেতিয়া সত্যক সুৰক্ষা দিবলৈ সকলো ত্যাগ কৰা হয় তেতিয়া অসত্যৰ অৱসান ঘটিবই লাগিব। সত্যৰহে বিজয় হয়– 'সত্যমেৱ জয়তে'। সেয়েহে, স্বাধীনতা আন্দোলনকো স্বামী বিবেকানন্দ আৰু শ্ৰীল স্বামী প্ৰভুপাদৰ দৰে সাধুসকলেও সীমাহীন শক্তিৰে ভৰাই দিছিল। নেতাজী সুভাষ চন্দ্ৰ বসু, আৰু মহামান্য মালৱ্যজীৰ দৰে ব্যক্তিত্বই আধ্যাত্মিক মাৰ্গ-দৰ্শন ল’বলৈ প্ৰভুপাদ স্বামীৰ কাষলৈ আহিছিল।

 

বন্ধুসকল,

 

বলিদানৰ পিছতো অমৰ হৈ থকাৰ এই আত্মবিশ্বাস আমি ভক্তিযোগৰ জৰিয়তে পাওঁ। সেয়েহে, আমাৰ ঋষিসকলে কৈছে- 'অমৃত-স্বৰূপা চ' অৰ্থাৎ সেই ভক্তি হৈছে অমৃত স্বৰূপা। আজি এই আত্মবিশ্বাসেৰেই কোটি কোটি দেশবাসীয়ে দেশভক্তিৰ শক্তি গ্ৰহণ কৰি 'অমৃতকাল'ত প্ৰৱেশ কৰিছে। এই 'অমৃতকাল'ত আমি আমাৰ ভাৰতক উন্নত কৰাৰ সংকল্প লৈছো। আমি ‘ৰাষ্ট্ৰক দেৱ’ বুলি আৰু 'দেৱ চে দেশ’-ৰ দৃষ্টিভংগী গ্ৰহণ কৰি আগবাঢ়িছো। আমি আমাৰ বিবিধতাক আমাৰ শক্তি কৰি তুলিছো, দেশৰ প্ৰতিটো কোণৰ সামৰ্থ্য, এয়াই হৈছে আমাৰ শক্তি, আমাৰ সামৰ্থ্য, আমাৰ চেতনা।

 

বন্ধুসকল,

 

আপোনালোক সকলোৱে ইয়াত ইমান বিশাল সংখ্যাৰে একত্ৰিত হৈছেহি। প্ৰতিগৰাকীয়েই কোনোবা ৰাজ্য, কোনোবা একোটা অঞ্চলৰ পৰা আহিছে। ভাষা, মাত-কথা, জীৱন শৈলীও বেলেগ বেলেগ। কিন্তু, এটা  মাত্ৰ উমৈহতীয়া চিন্তাই সকলোকে কিমান সহজে একত্ৰিত কৰিছে। ভগৱান কৃষ্ণই আমাক শিকায় - 'অহম্ আত্মা গুড়াকেশ সৰ্বাভূতাশয় স্থিতঃ'। অৰ্থাৎ সকলো জীৱৰ ভিতৰতে, তেওঁৰ আত্মাৰ ৰূপত এজন ঈশ্বৰেই বাস কৰে। এই বিশ্বাস ভাৰতৰ হৃদয়ত 'নৰ চে নাৰায়ণ' আৰু 'জীৱ চে শিৱ'ৰ ৰূপত সংপৃক্ত হৈ আহিছে। সেইবাবেই, বৈচিত্ৰ্যৰ মাজত ভাৰতৰ ঐক্যৰ মন্ত্ৰ ইমান সৰল, ইমান ব্যাপক যে ইয়াত বিভাজনৰ কোনো সুযোগেই নাই। আমি এবাৰ 'হৰে কৃষ্ণ' বুলি ক’লেই, ইজনে সিজনৰ হৃদয়ৰে সংযোজিত হৈ যাওঁ। সেয়েহে, বিশ্বৰ বাবে, ৰাষ্ট্ৰ এক ৰাজনৈতিক অৱধাৰণা হ'ব পাৰে... কিন্তু ভাৰতৰ বাবে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত' হৈছে এক আধ্যাত্মিক বিশ্বাস।

 

বন্ধুসকল,

 

শ্ৰীল ভক্তিসিদ্ধান্ত গোস্বমীৰ জীৱনো আমাৰ আগত স্বয়ং এক উদাহৰণ! পুৰীত জন্মগ্ৰহণ কৰা প্ৰভুপাদে দক্ষিণৰ ৰামানুজাচাৰ্যৰ পৰম্পৰাত দীক্ষা গ্ৰহণ কৰিছিল আৰু চৈতন্য মহাপ্ৰভুৰ পৰম্পৰাক আগবঢ়াই আনিছিল। আৰু বংগত স্থাপিত তেওঁৰ মঠক তেওঁৰ আধ্যাত্মিক যাত্ৰাৰ কেন্দ্ৰবিন্দু কৰি তুলিছিল। বংগৰ মাটিৰ কথাই এনেকুৱা যে আধ্যাত্মিকতা আৰু বৌদ্ধিকতাই তাৰ পৰা নিৰন্তৰ শক্তি লাভ কৰে। এইখন বংগৰেই মাটি, যিয়ে আমাক ৰামকৃষ্ণ পৰমহংসৰ দৰে সন্ত দিছে, স্বামী বিবেকানন্দৰ দৰে ‘ৰাষ্ট্ৰঋষি’ দিছে। এই ভূমিয়েই শ্ৰী অৰবিন্দ আৰু গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে মহান ব্যক্তিত্বও প্ৰদান কৰিছে, যিয়ে সন্তভাৱনাৰে ৰাষ্ট্ৰীয় আন্দোলনক আগবঢ়াই নিছিল। ইয়াৰ পৰাই ৰাজা ৰামমোহন ৰয়ৰ দৰে সমাজ সংস্কাৰকো জন্ম হৈছিল। বংগ চৈতন্য মহাপ্ৰভু আৰু প্ৰভুপাদৰ দৰে তেওঁৰ অনুগামীসকলৰতো কৰ্মভূমি হৈ আহিছেই। তেওঁৰ প্ৰভাৱেৰে, প্ৰেম আৰু ভক্তি আজি এক বিশ্বজোৰা আন্দোলনত পৰিণত হৈছে।

 

বন্ধুসকল,

 

আজি ভাৰতৰ গতি আৰু প্ৰগতিৰ বিষয়ে সকলোতে আলোচনা কৰা হৈছে। আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত, উচ্চ-প্ৰযুক্তি সেৱাৰ ক্ষেত্ৰত ভাৰতে উন্নত দেশসমূহৰ সৈতে সমানে সমানে খোজ আগবঢ়াইছে। কিমানবোৰযে ক্ষেত্ৰত আমি ডাঙৰ ডাঙৰ দেশবোৰতকৈ আগবাঢ়ি আছো। আমাক নেতৃত্বৰ ভূমিকাত দেখা গৈছে। কিন্তু একে সময়তে, আজি ভাৰতৰ ‘যোগ’ সমগ্ৰ বিশ্বৰ প্ৰতিটো পৰিয়ালতে উপনীত হৈছে। আমাৰ ‘আয়ুৰ্বেদ’ আৰু ‘নেশ্যাৰোপেথী’ত বিশ্বৰ বিশ্বাস আৰু বৃদ্ধি পাইছে। সকলো দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আহে আৰু প্ৰতিনিধিসকল আহে আৰু তেওঁলোকে আমাৰ প্ৰাচীন মন্দিৰসমূহ দৰ্শন কৰে। এই পৰিৱৰ্তনটো ইমান সোনকালে কেনেকৈ সম্ভৱ হ'ল? এই পৰিৱৰ্তন কেনেকৈ আহিল? এই পৰিৱৰ্তন আহিছে যুৱশক্তিৰ জৰিয়তে! আজি ভাৰতৰ যুৱপ্ৰজন্মই ‘ধাৰণা’ আৰু ‘গৱেষণা’ দুয়োটাৰে সৈতে আগবাঢ়িছে। আমাৰ নতুন প্ৰজন্মই এতিয়া ইয়াৰ সংস্কৃতিক গৌৰৱেৰে কপালত পিন্ধিছে। আজিৰ যুৱক-যুৱতীসকলে ‘আধ্যাত্মিকতা’ আৰু ‘ষ্টাৰ্ট-আপ’ দুয়োটাৰে গুৰুত্ব বুজি পায় আৰু দুয়োটা কৰাৰ সামৰ্থ্য বহণ কৰিছে। সেয়েহে, আমি দেখিছোঁ যে আজি কাশীয়েই হওক বা অযোধ্যাই হওক, তীৰ্থকেন্দ্ৰসমূহলৈ যোৱাসকলৰ ভিতৰত একোটা বৃহত্ অংশ হৈছে আমাৰ যুৱক-যুৱতীসকলৰ।

 

ভাই-ভনীসকল,

 

যেতিয়া দেশৰ নতুন প্ৰজন্ম ইমান সচেতন হয়, তেতিয়াতো এয়া নিতান্তই স্বাভাৱিক হ’ব যে দেশখনে চন্দ্ৰযানো নিৰ্মাণ কৰিব আৰু 'চন্দ্ৰশেখৰ মহাদেৱ'ৰ ধামো সজাব। যেতিয়া নেতৃত্ব তৰুণে দিব তেতিয়াতো দেশখনে চন্দ্ৰত ‘ৰোভাৰ’ৰ অৱতৰণো কৰাব, আৰু সেই ঠাইখনৰ নাম 'শিৱ শক্তি' ৰাখি দেশৰ পৰম্পৰাৰ প্ৰতিপালনো কৰিব। এতিয়া দেশত ‘বন্দে ভাৰত’ ৰে'লৰ চলাচল হ’ব আৰু বৃন্দাবন, মথুৰা, অযোধ্যাৰ পুনৰুজ্জীৱিতকৰণো হ'ব। মই এইটো জনাবলৈ পাই আনন্দিত যে আমি ‘নমামি গঙ্গে’ আঁচনিৰ অধীনত বংগৰ মায়াপুৰত সুন্দৰ গংগাঘাট নিৰ্মাণৰ কামো আৰম্ভ কৰিছো।

 

বন্ধুসকল,

 

উন্নয়ন আৰু ঐতিহ্যৰ এই খোজত খোজ মিলাই আগবঢ়াৰ প্ৰয়াস সাধুসকলৰ আশীৰ্বাদত ২৫ বছৰৰ 'অমৃত কাল'ত নিৰন্তৰভাৱে অব্যাহত থাকিব। সাধুসকলৰ আশীৰ্বাদত আমি এখন উন্নত ভাৰত গঢ়ি তুলিম আৰু আমাৰ আধ্যাত্মিকতাই সমগ্ৰ মানৱজাতিৰ কল্যাণৰ পথ প্ৰশস্ত কৰিব। এই ইচ্ছাৰে, আপোনালোক সকলোকে হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electronics exports up 11.62% to $5.09 billion in May

Media Coverage

India’s electronics exports up 11.62% to $5.09 billion in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights India's defence transformation over the last decade
June 17, 2026

The Prime Minister, Shri Narendra Modi has highlighted the significant transformation witnessed in India’s defence capabilities over the last decade.

Shri Modi said that India’s defence capabilities have undergone a major transformation, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

The Prime Minister noted that the progress made in the defence sector over the last 12 years reflects India’s growing focus on strengthening national security through self-reliance.

The Prime Minister further stated that India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

The Prime Minister wrote on X;

“India’s defence capabilities have witnessed significant transformation over the last decade, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

This thread gives a glimpse of the strides India has made in the defence sector over the last 12 years.

#12YearsOfSurakshitBharat”

“This thread explains how India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

#12YearsOfSurakshitBharat”