"ভাৰতৰ বৈজ্ঞানিক সমাজে আমাৰ দেশৰ বাবে এক যোগ্য স্থান নিশ্চিত কৰিব"
"একবিংশ শতিকাৰ ভাৰতত তথ্য আৰু প্ৰযুক্তিৰ প্ৰচুৰ উপলব্ধতাই বিজ্ঞানক সহায় কৰিব"
"আমাৰ চিন্তা ধাৰা কেৱল বিজ্ঞানৰ জৰিয়তে মহিলাসকলক শক্তিশালী কৰাই নহয়, বৰঞ্চ মহিলাৰ অৱদানৰ দ্বাৰা বিজ্ঞানক শক্তিশালী কৰাও উচিত"
"মহিলাৰ অংশগ্ৰহণৰ বৃদ্ধিৰ জৰিয়তে মহিলা আৰু বিজ্ঞান দুয়োদেশত আগবাঢ়ি আছে সেয়া প্ৰমাণিত হৈছে"
"বিজ্ঞানৰ প্ৰচেষ্টা কেৱল তেতিয়াহে ডাঙৰ সাফল্যলৈ পৰিৱৰ্তিত হ'ব পাৰে যেতিয়া ফলাফল পৰীক্ষাগাৰৰ পৰা ওলাই আহি ভূমিষ্ঠ হয় আৰু সেইবোৰৰ প্ৰভাৱ বিশ্বব্যাপী ৰ পৰা তৃণমূল পৰ্যায়লৈ যায়, যেতিয়া ইয়াৰ পৰিসৰ আলোচনীৰ পৰা ভূমিলৈ পৰ্যবসিত হয় আৰু যেতিয়া গৱেষণাৰ পৰা বাস্তৱ জীৱনলৈ পৰিৱৰ্তন দৃশ্যমান হয়"
"যদি দেশখনে ভৱিষ্যতৰ ক্ষেত্ৰত উদ্যোগ লয় তেন্তে আমি উদ্যোগ ৪.০-ৰ নেতৃত্ব দিয়াৰ স্থিতিত থাকিম"

নমস্কাৰ!

আপোনালোক সকলোকে 'ইণ্ডিয়ান ছাইঞ্চ কংগ্ৰেছ'ৰ আয়োজনৰ বাবে বহুত বহুত অভিনন্দন। অহা ২৫ বছৰত ভাৰত যি উচ্চতাত থাকিব, তাত ভাৰতৰ বৈজ্ঞানিক শক্তিৰ ভূমিকা বহুত মহত্বপূৰ্ণ হ'ব। ছাইঞ্চত Passionৰ সৈতে যেতিয়াই দেশৰ সেৱাৰ সংকল্প সংযুক্ত হয়, তেতিয়া পৰিণতিও অভূতপূৰ্ব হয়। মোৰ বিশ্বাস আছে, ভাৰতৰ ছাইণ্টিফিক কমিউনিটিয়ে ভাৰতক ২১শ শতিকাত সেই লক্ষ্য আহৰণ কৰাব, যাৰ ই সদায়েই যোগ্য। মই এই বিশ্বাসৰ কাৰণো আপোনালোকক ক'ব খোজো। আপোনালোকেও জানে যে Observation বিজ্ঞানৰ মূল আধাৰ। Observationৰ জৰিয়তে আপোনালোক বৈজ্ঞানিকে patterns ফলো কৰে, পুনৰ সেই patternsক analyse কৰাৰ পাছত কোনো পৰিণতিত উপনীত হয়।

এই সময়ছোৱাত এজন বৈজ্ঞানিকৰ বাবে প্ৰতিটো খোজত ডেটা গোটোৱা আৰু সেয়া analyse কৰা বহুত গুৰুত্বপূৰ্ণ হয়। ২১শ শতিকাৰ আজিৰ ভাৰতত আমাৰ ওচৰত দুটা বস্তু পৰ্যাপ্ত আছে। প্ৰথম- ডেটা আৰু দ্বিতীয়- টেকনলজি। এই দুয়োটাতে ভাৰতৰ বিজ্ঞানক নতুন লক্ষ্যত উপনীত কৰোৱাৰ শক্তি আছে। Data Analysisৰ ক্ষেত্ৰ দ্ৰুতগতিত আগবাঢ়ি আছে। ই Informationক Insightলৈ আৰু Analysisক actionable Knowledgeলৈ সলনি কৰাত সহায় কৰে। লাগে পৰম্পৰাগত জ্ঞান হওক, বা আধুনিক প্ৰযুক্তি, এই দুয়োটাই বৈজ্ঞানিক আৱিস্কাৰত সহায়ক হয়। আৰু সেয়ে আমি নিজৰ বৈজ্ঞানিক প্ৰক্ৰিয়াক আৰু শক্তিশালী কৰি তুলিবলৈ বেলেগ বেলেগ কৌশলৰ প্ৰতি অনুসন্ধানৰ প্ৰবৃত্তিক বিকশিত কৰিব লাগিব।

বন্ধুসকল,

আজিৰ ভাৰত যি বৈজ্ঞানিক দৃষ্টিভংগীৰে আগবাঢ়ি আছে, আমি তাৰ পৰিণতিও দেখি আছো।  বিজ্ঞানৰ ক্ষেত্ৰত ভাৰত দ্ৰুতগতিত বিশ্বৰ শীৰ্ষৰ দেশসমূহৰ মাজত অন্তৰ্ভুক্ত হৈ আছে। ২০১৫লৈকে আমি ১৩০খন দেশৰ গ্লোবেল ইনভেচন ইণ্ডেক্সত ৮১ নম্বৰত আছিলো। কিন্তু, ২০২২ত আমি ওপৰলৈ উঠি ৪০ নম্বৰত উপনীত হ'লো।  আজি ভাৰত পিএইচডিৰ সন্দৰ্ভত পৃথিৱীৰ টপ-৩ দেশৰ মাজত। আজি ভাৰত ষ্টাৰ্টআপ ইকো-ছিষ্টেমৰ ক্ষেত্ৰত পৃথিৱীৰ টপ-৩ দেশৰ মাজত।

বন্ধুসকল,

মই আনন্দিত যে, এইবাৰ ইণ্ডিয়ান ছাইঞ্চ কংগ্ৰেছৰ থিমো এটা এনেধৰণৰ বিষয়, যাৰ বিষয়ে পৃথিৱীত সৰ্বাধিক চৰ্চা হৈ আছে। বিশ্বৰ ভৱিষ্যৎ sustainable developmentৰ সৈতেহে সুৰক্ষিত। আপোনালোকে sustainable developmentৰ বিষয়ক মহিলা সৱলীকৰণৰ সৈতে সংযুক্ত কৰিছে। মই স্বীকাৰ কৰো যে, ব্যাৱহাৰিক ৰূপতো এই দুয়োটা পৰস্পৰে পৰস্পৰৰ সৈতে সংযুক্ত। আজি দেশৰ চিন্তা কেৱল এইটো নহয় যে আমি বিজ্ঞানৰ জৰিয়তে মহিলা সৱলীকৰণ কৰো। বৰং, আমি মহিলাৰ অংশগ্ৰহণেৰে বিজ্ঞানৰো সৱলীকৰণ কৰো, বিজ্ঞান আৰু গৱেষণাক নতুন গতি দিওঁ, এয়া আমাৰ লক্ষ্য। এতিয়া ভাৰতে জি20 সমূহৰ অধ্যক্ষতাৰ দায়িত্ব পাইছে। জি20ৰ প্ৰধান বিষয়সমূহতো মহিলা নেতৃত্বাধীন বিকাশ এটা বহুত প্ৰাথমিকতাৰ বিষয়। যোৱা ৮ বছৰত ভাৰতে শাসনৰ পৰা আৰম্ভ কৰি সমাজ আৰু অৰ্থনীতিলৈকে, এই দিশত কেইবাটাও এনে অসাধাৰণ কাম কৰিছে, যাৰ আজি চৰ্চা হৈ আছে। আজি ভাৰতত মুদ্ৰা যোজনাৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগ আৰু ব্যৱসায়ত অংশগ্ৰহণ হওক বা ষ্টাৰ্টআপ জগতত নেতৃত্ব, মহিলাই সকলো ঠাইত নিজৰ সাহস দেখুৱাই আছে। যোৱা ৮ বছৰত Extramural research and developmentত মহিলাৰ অংশগ্ৰহণ দুগুণ হৈছে। মহিলাৰ এই বৰ্ধিত অংশগ্ৰহণ এই কথাৰ প্ৰমাণ যে সমাজো আগবাঢ়ি আছে আৰু দেশত বিজ্ঞানো আগবাঢ়ি আছে।

বন্ধুসকল,

যিকোনো বৈজ্ঞানিকৰ বাবে আচল প্ৰত্যাহ্বান এইটোৱেই যে তেওঁ নিজৰ জ্ঞানক এনেধৰণৰ প্ৰয়োগলৈ সলনি কৰিব লাগে যাৰ জৰিয়তে পৃথিৱীৰ সহায় হ'ব পাৰে। যেতিয়া বৈজ্ঞানিক নিজৰ প্ৰয়োগৰ মাজেৰে পাৰ হয় তেতিয়া তেওঁৰ মনত এই প্ৰশ্নই থাকে যে ইয়াৰ জৰিয়তে মানুহৰ জীৱন উন্নত হ'বনে? বা তেওঁৰ সন্ধানৰ জৰিয়তে বিশ্বৰ প্ৰয়োজন পূৰণ হ'বনে? বিজ্ঞানৰ প্ৰয়াস, বৃহৎ প্ৰাপ্তিলৈ তেতিয়াই ৰূপান্তৰ হ'ব পাৰে- যেতিয়া সেয়া লেবৰ পৰা ওলাই ভূমি পায়গৈ, যেতিয়া তাৰ প্ৰভাৱ গ্লোবেলৰ পৰা আৰম্ভ কৰি গ্ৰাছৰুটলৈকে হয়, যেতিয়া তাৰ বিস্তাৰ জাৰ্নেলৰ পৰা আৰম্ভ কৰি জমিনলৈকে হয়, যেতিয়া তাৰে পৰিৱৰ্তন গৱেষণাৰ পৰা হৈ প্ৰকৃত জীৱনত দেখিবলৈ পোৱা যায়।

বন্ধুসকল,

যেতিয়া বিজ্ঞানৰ বৃহৎ প্ৰাপ্তিয়ে experimentsৰ পৰা আৰম্ভ কৰি মানুহৰ experiencesলৈকে যাত্ৰা সম্পূৰ্ণ কৰে, তেতিয়াই ইয়াৰ পৰা এটা বিশেষ বাৰ্তা যায়। এই কথাই যুৱক-যুৱতীসকলক বহুত প্ৰভাৱিত কৰে। তেওঁলোকে ভাবে যে বিজ্ঞানৰ জৰিয়তে তেওঁলোকে সমগ্ৰ পৃথিৱীক প্ৰভাৱিত কৰিব পাৰে। এনে যুৱক-যুৱতীসকলক আগবঢ়াই নিবলৈ Institutional Frameworkৰ আৱশ্যক হয়। যাতে তেওঁলোকৰ আকাংক্ষা বিস্তাৰিত কৰিব পাৰি, তেওঁলোকক নতুন সুযোগ দিব পাৰি। মই বিচাৰো যে ইয়াত থকা বৈজ্ঞানিকসকলে এনে Institutional Framework বিকশিত কৰক, যি যুৱ প্ৰতিভাক আকৰ্ষিত কৰে আৰু তেওঁলোকক আগবঢ়াৰ সুযোগ দিয়ক। উদাহৰণ হিচাপে,  টেলেণ্ট হাণ্ট আৰু হেকেথানৰ আয়োজনৰ জৰিয়তে বৈজ্ঞানিক চিন্তা কৰা শিশুৰ সন্ধান কৰিব পাৰি। ইয়াৰ পাছত সেই শিশুসকলৰ চিন্তাক এক proper roadmapৰ জৰিয়তে বিকশিত কৰিব পাৰি। ইয়াত জ্যেষ্ঠ বৈজ্ঞানিকসকলে তেওঁলোকৰ সহায় কৰিব পাৰে। আজি আমি দেখো যে ক্ৰীড়াত ভাৰতে নতুন উচ্চতা স্পৰ্শ কৰি আছে। ইয়াৰ অন্তৰালত দুটা গুৰুত্বপূৰ্ণ কাৰণ আছে। প্ৰথম, ক্ৰীড়াৰ প্ৰতিভাক বিকশিত কৰিবলৈ দেশত Institutional Framework শক্তিশালী কৰা হৈছে। দ্বিতীয়, ক্ৰীড়াত গুৰু-শিষ্য পৰম্পৰাৰ অস্তিত্ব আৰু প্ৰভাৱ। য'ত নতুন প্ৰতিভাক চিনাক্ত কৰি তেওঁলোকক আগবঢ়োৱা হয়। য'ত শিষ্যৰ সফলতাত গুৰুৱে নিজৰ সফলতা দেখা পায়। এই পৰম্পৰা বিজ্ঞানৰ ক্ষেত্ৰতো সফলতাৰ মন্ত্ৰ হ'ব পাৰে।

বন্ধুসকল,

আজি আপোনালোকৰ সন্মুখত কিছুমান এনেধৰণৰ বিষয়ো ৰাখিব বিচাৰিছো, যি ভাৰতৰ বিজ্ঞানৰ দিশ নিৰ্ণয়ত সহায়ক হ'ব। ভাৰতৰ আৱশ্যকতা পূৰণৰ বাবে, ভাৰতত বিজ্ঞানৰ বিকাশ, এয়া আমাৰ বৈজ্ঞানিক সমুদায়ৰ মূল প্ৰেৰণা হোৱা দৰকাৰ। ভাৰতত বিজ্ঞান, ভাৰতক আত্মনিৰ্ভৰ বনোৱা ধৰণৰ হোৱা দৰকাৰ। আমি এই কথাও মনত ৰাখিব লাগিব যে পৃথিৱীৰ ১৭-১৮ শতাংশ মানৱ জনসংখ্যা ভাৰতত থাকে। এনে বৈজ্ঞানিক কাম, য'ত ভাৰতৰ প্ৰয়োজন পূৰণ হ'ব, তাৰ ফলত বিশ্বৰ ১৭-১৮ শতাংশ মানৱতাই গতি পাব। আৰু ইয়াৰ প্ৰভাৱ সম্পূৰ্ণ মানৱতাৰ ওপৰত পৰিব। সেয়ে আমি এনেধৰণৰ বিষয়ৰ ওপৰত কাম কৰিব লাগিব, যি আজি সমগ্ৰ মানৱতাৰ বাবে জৰুৰী। উদাহৰণ স্বৰূপে, যদি আমি এটা বিষয় লৈ লওঁ- Energy। আগবাঢ়ি থকা ভাৰতৰ Energy Needs নিৰন্তৰ বাঢ়িয়েই থাকিব। এনে অৱস্থাত, ভাৰতৰ ছাইণ্টিফিক কমিউনিটিয়ে যদি Energy requirementsৰ সৈতে সংযুক্ত হয়, Innovations কৰে, তেন্তে তাৰ ফলত দেশৰ বহুত ভাল হ'ব। বিশেষকৈ, হাইড্রোজেন এনাৰ্জিৰ অপাৰ সম্ভাৱনাৰ বাবে দেশে নেচনেল হাইড্রোজেন মিছনৰ ওপৰত কাম কৰি আছে। ইয়াক সফল কৰিবলৈ ইলেক্ট্ৰোলাইজাৰৰ দৰে বিভিন্ন essential components দেশতে নিৰ্মাণ হোৱা দৰকাৰ। এই দিশত যদি কিবা নতুন সুযোগৰ আশা আছে, তেন্তে সেই দিশতো গৱেষণা হওক। আমাৰ বৈজ্ঞানিকসকলে, আৰু উদ্যোগে ইয়াৰ বাবে লগ হৈ কাম কৰিব লাগিব।

বন্ধুসকল,

আজি আমি এটা এনেধৰণৰ সময়ত জীয়াই আছো, যি সময়ত মানৱতাৰ ওপৰত নতুন নতুন ৰোগৰ সংকটে ঘেৰি ধৰিছে। আমি নতুন ভেকচিন তৈয়াৰ কৰিবলৈ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্টক উদগণি দিব লাগিব। যেনেকৈ আজি আমি বান বা ভূমিকম্পৰ দৰে দুৰ্যোগৰ মোকাবিলা কৰিবলৈ আগৰে পৰা সাজু হৈ থাকো তেনেকৈ আমি Integrated Disease Surveillanceৰ জৰিয়তে সময় থাকোতেই ৰোগ চিনাক্তকৰণ কৰিব লাগিব আৰু তাৰ মোকাবিলা কৰাৰ উপায় কৰিব লাগিব। এই লক্ষ্যত উপনীত হ'বলৈ বেলেগ বেলেগ মন্ত্ৰালয়ে লগ হৈ কাম কৰিব লাগিব। LiFE অৰ্থাৎ Lifestyle for Environment ইয়াৰ বিষয়েও আপোনালোক সকলো মোৰ বন্ধুৱে ভালদৰে জানে। আমাৰ বিজ্ঞান সমুদায়ে এই দিশত বহুত সহায় কৰিব পাৰে।

বন্ধুসকল,

ভাৰতৰ আহ্বানত ৰাষ্ট্ৰসংঘই চলিত বছৰ অৰ্থাৎ ২০২৩ক ইণ্টাৰনেচনেল ইয়াৰ অফ মিলেটছ ঘোষিত কৰিছে। এয়া প্ৰতিজন ভাৰতীয়ৰ বাবে বহুত গৌৰৱৰ কথা। ভাৰতৰ মিলেটছ আৰু তাৰ ব্যৱহাৰ অধিক উন্নত কৰাৰ দিশত কাম কৰিব পাৰি। বৈজ্ঞানিক সমুদায়ৰ দ্বাৰা বায়ো-টেকনলজিৰ সহায়ত post-harvest loss কম কৰাৰ দিশত প্ৰভাৱশালী পদক্ষেপ গ্ৰহণ কৰিব পাৰি।

বন্ধুসকল,

আজি waste managementৰ খণ্ডতো বৈজ্ঞানিক গৱেষণাৰ অপাৰ সম্ভাৱনা আছে। Municipal solid waste, electronic waste, bio-medical waste, agricultural waste এনে ক্ষেত্ৰ, যাৰ অহৰহ বিস্তাৰ হৈ আছে। সেই কাৰণেই যোৱা বছৰ বাজেটত চৰকাৰে চাৰ্কুলাৰ ইকনমিৰ ওপৰত বহুত জোৰ দিছিল। এতিয়া আমি Mission Circular Economyক অধিক শক্তিশালী কৰিব লাগিব। ইয়াৰ বাবে আমি এনেধৰণৰ Innovationsৰ ওপৰত কাম কৰিব লাগিব যাৰ ফলত মেটেল আৰু প্লাষ্টিক স্ক্ৰেপৰ উন্নত ব্যৱহাৰ হ'ব পাৰে। আমি প্ৰদূষণ কম কৰা আৰু স্ক্ৰেপক উপযোগী বনোৱাত একেলগে কাম কৰিব লাগিব।

বন্ধুসকল,

আজি ভাৰতে মহাকাশ খণ্ডতো নতুন উচ্চতা স্পৰ্শ কৰিছে। Low-cost satellite launch vehiclesৰ বাবে আমাৰ ক্ষমতা বাঢ়িব আৰু পৃথিৱী আমাৰ সেৱা পাবলৈ আগবাঢ়ি আহিব। বেচৰকাৰী কোম্পানী আৰু ষ্টাৰ্টআপে এই সুযোগ গ্ৰহণ কৰিব পাৰে। R&D labs আৰু academic institutionsৰে সংযুক্ত হৈ ষ্টাৰ্টআপ আগবঢ়াৰ পথ পাব পাৰি। এনেধৰণৰ আৰু এটা বিষয় হৈছে, Quantum computingৰ। আজি ভাৰতে কোৱাণ্টাম ফ্ৰণ্টিয়াৰ হিচাপে বিশ্বজুৰি নিজৰ পৰিচয় গঢ়ি আছে। কোৱাণ্টাম কম্পিউটাৰ, কোৱাণ্টাম কেমিষ্ট্ৰি, কোৱাণ্টাম কমিউনিকেচন, কোৱাণ্টাম ছেন্সৰ আৰু কোৱাণ্টাম ক্ৰিপ্টগ্ৰাফি আৰু new materialsৰ দিশত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। মই বিচাৰো যে আমাৰ ডেকা গৱেষক আৰু ছাইণ্টিষ্টসকল কোৱাণ্টামৰ ক্ষেত্ৰত expertise আহৰণ কৰক আৰু এই ক্ষেত্ৰখনৰ লিডাৰ হওক।

বন্ধুসকল,

আপোনালোকেও জানে যে বিজ্ঞানত নেতৃত্ব তেৱেঁই লয় যি initiative লয়। সেয়ে পৃথিৱীত কি চলি আছে, আমি সেয়া চাবই লাগিব কিন্তু লগতে যি কাম ক'তো হৈ থকা নাই, যি futuristic ideas আছে, তাৰ ওপৰতো আলোকপাত কৰিব লাগিব। আজি পৃথিৱীত AI, AR আৰু VRৰ কথা ওলাই আছে। আমি এই বিষয়ক নিজৰ অগ্ৰাধিকাৰত ৰাখিব লাগিব। ছেমিকণ্ডাক্টৰ চিপছৰ দিশত দেশে কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি আছে। সময়ৰ লগে লগে ছেমিকণ্ডাক্টৰ চিপছতো নতুন ইনভেচনৰ দৰকাৰ হ'ব। কিয়নো আমি দেশৰ ছেমিকণ্ডাক্টৰ pushক এতিয়াৰে পৰা future ready বনোৱাৰ কথা নাভাবো। দেশে এই ক্ষেত্ৰসমূহত তৎপৰতা গ্ৰহণ কৰিব তেতিয়াই আমি উদ্যোগ ৪.০ক নেতৃত্ব দিবলৈ সক্ষম হ'ম।

বন্ধুসকল,

মোৰ বিশ্বাস আছে যে ইণ্ডিয়ান ছাইঞ্চ কংগ্ৰেছৰ এই অধিৱেশনে বিভিন্ন ৰচনাত্মক বিন্দুৰ ওপৰত ভৱিষ্যতৰ স্পষ্ট ৰোডমেপ প্ৰস্তুত হ'ব। অমৃত কালত আমি ভাৰতক আধুনিক বিজ্ঞানৰ সবাতোকৈ এডভান্সড লেবৰেটৰী কৰিব লাগিব। এই কামনাৰেই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু এই ছামিটৰ বাবে মোৰ অনেক অনেক শুভকামনা। নমস্কাৰ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Enclosures Along Kartavya Path For R-Day Parade Named After Indian Rivers

Media Coverage

Enclosures Along Kartavya Path For R-Day Parade Named After Indian Rivers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The Beating Retreat ceremony displays the strength of India’s rich military heritage: PM
January 29, 2026
Prime Minister shares Sanskrit Subhashitam emphasising on wisdom and honour in victory

The Prime Minister, Shri Narendra Modi, said that the Beating Retreat ceremony symbolizes the conclusion of the Republic Day celebrations, and displays the strength of India’s rich military heritage. "We are extremely proud of our armed forces who are dedicated to the defence of the country" Shri Modi added.

The Prime Minister, Shri Narendra Modi,also shared a Sanskrit Subhashitam emphasising on wisdom and honour as a warrior marches to victory.

"एको बहूनामसि मन्य ईडिता विशं विशं युद्धाय सं शिशाधि।

अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्मसि॥"

The Subhashitam conveys that, Oh, brave warrior! your anger should be guided by wisdom. You are a hero among the thousands. Teach your people to govern and to fight with honour. We want to cheer alongside you as we march to victory!

The Prime Minister wrote on X;

“आज शाम बीटिंग रिट्रीट का आयोजन होगा। यह गणतंत्र दिवस समारोहों के समापन का प्रतीक है। इसमें भारत की समृद्ध सैन्य विरासत की शक्ति दिखाई देगी। देश की रक्षा में समर्पित अपने सशस्त्र बलों पर हमें अत्यंत गर्व है।

एको बहूनामसि मन्य ईडिता विशं विशं युद्धाय सं शिशाधि।

अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्मसि॥"