প্রধানাধ্যাপকঃ নমস্কাৰ ছাৰ!

মোদীজীঃ নমস্কাৰ!

 

মোদীজীঃ মই আপোনালোক সকলোকে disturb কৰা নাই নহয়? আপোনালোক সকলোৱে বৰ আমোদজনক কথা পাতি আছিল? Online calorie burn কৰি আছিল আপোনালোকে।

 

প্রধানাধ্যাপকঃ নমস্কাৰ ছাৰ! আৰু আপুনি আহি গ'ল ছাৰ, আপুনি আমাক join কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ ছাৰ। মই এইমাত্ৰ এখেতলোকক কৈছো যে এজন special guest আহিব ছাৰ, এখেতলোকে চাগে ভবাই নাই আৰু ছাৰ এখেতলোকে আপুনি অহাৰ পূৰ্বে আপোনাৰ বহুত কথা কৈ আছিল। আপোনাৰ বহুত fan আছে ইয়াত।

 

মमদীজীঃ বাৰু মই তো অকস্মাত আপোনালোকৰ ইয়ালৈ আহিলো কিন্তু মই আপোনালোকক disturb কৰিব নিবিচাৰো কিয়নো আপোনালোক অত্যন্ত হাঁহি-আনন্দৰ পৰিৱেশত আছিল আৰু মোৰ ধাৰণা হৈছিল যে এতিয়া examৰ tension আপোনালোকৰ একেবাৰে নাই। সেই কাৰণে আপোনালোকৰ আনন্দৰ কোনো পাৰ নাই, এনেকুৱা দেখা গৈছিল। আৰু আপোনালোক কোঠাত আবদ্ধ হৈ থকা কাৰণে Online calorie কেনেকৈ burn কৰিব, সেয়াও শিকি লৈছে।

 

মোদীজীঃ ঠিক আছে কেনেকুৱা আপোনালোক সকলোৰে?

ছাত্ৰঃ ভালেই ছাৰ! বহুত ভাল ছাৰ!

মোদীজীঃ আপোনালোক সকলো সুস্থ?

ছাত্ৰঃ হয় ছাৰ, সুস্থ!

মোদীজীঃ আপোনালোকৰ পৰিয়ালৰ সকলো সদস্য সুস্থ?

ছাত্ৰঃ Yes sir!

মোদীজীঃ ঠিক আছে এই কথা পৰসি যেতিয়া আপোনালোকে শুনে, তাৰ আগতে tension আছিল আৰু এতিয়া tension গ'ল, এনেকুৱা নেকি?

ছাত্ৰঃ হয় ছাৰ! নিশ্চিতভাৱে ছাৰ!

মোদীজীঃ অৰ্থাৎ আপোনালোকৰ examৰ tension হয়?

ছাত্ৰঃ হয় ছাৰ! বহুত হয়!

মোদীজীঃ তেনেহ'লে মোৰ কিতাপ লিখা বেকাৰ, মই exam warriorত কৈছো যে কেতিয়াও tension ল'ব নালাগে, তথাপি আপোনালোকে tension কিয় লয়?

ছাত্ৰঃ ছাৰ আমি সদায় preparation কৰিছিলো, তেতিয়া tensionৰ কথাই নাথাকে ছাৰ।

মোদীজীঃ কেতিয়া tension হয়?

ছাত্ৰঃ ছাৰ tension একো হোৱা নাই ছাৰ আৰু যুৱক-যুৱতীৰ স্বাস্থ্য সবাতোকৈ অধিক জৰুৰী, সেয়ে ইমান সুন্দৰ সিদ্ধান্ত লোৱা হৈছে, যাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম আজীৱন।

মোদীজীঃ কিন্তু আপুনি কওকচোন, আপোনাৰ ভাল নামটো কি?

ছাত্ৰঃ ছাৰ হিতেশ্বৰ শৰ্মা পঞ্চকুলাৰ পৰা।

মোদীজীঃ হিতেশ্বৰ শৰ্মাজী! পঞ্চকুলাত থাকে?

ছাত্ৰঃ হয় ছাৰ!

মোদীজীঃ কোন ছেক্টৰত?

ছাত্ৰঃ ছেক্টৰ দহত ছাৰ!

মোদীজীঃ মই সাতত আছিলো, বহুত বছৰলৈকে আছো তাত।

ছাত্ৰঃ আজিহে গম পালো ছাৰ মই।

মোদীজীঃ হয়, মই তাত আছিলো।

ছাত্ৰঃ হয় ছাৰ, ছাৰ বহুত আপোনাক support কৰা লোকে ইয়াত আপোনাক আকৌ চাব বিচাৰে।

মোদীজীঃ ঠিক আছে এই কথা কওকচোন ভাই, আপুনিতো দশম শ্ৰেণীত topper আছিল, তেন্তে নিশ্চিতভাৱে ঘৰত প্ৰস্তুতি চলিছে চাগৈ যে দ্বাদশতো top কৰিম। এতিয়া examয়েই যেতিয়া নোহোৱা হৈ গ'ল তেন্তে আপোনাৰতো সকলো ৰৈ গ'ল।

ছাত্ৰঃ ছাৰ মই সেই কথাই কৈ আছিলো, আশা আছিল কিন্তু মই ভাল পাইছো ছাৰ কিয়নো দৰাচলতে পৰীক্ষা দিম বুলি সেই pressure বাঢ়ি গৈ আছিল, এক saturation point reach হৈ গৈছিল আৰু আমি দেখি আছিলো যে ইমান

safeও নহয় আৰু আপুনি দৰাচলতে ইমান ভাল সিদ্ধান্ত লৈ ল'লে। আৰু স্বীকাৰ কৰো ছাৰ যি topper হয় বা যি পৰিশ্ৰম কৰে, পৰিশ্ৰম কেতিয়াও অথলে নাযায়, সেই জ্ঞান সদায়ে আমাৰ লগত থাকে ছাৰ। আৰু যি নিৰন্তৰ পঢ়া-শুনা কৰি আহিছে যি consistent, ছাৰ যিয়েই criteria আহিব, যি আপুনি সিদ্ধান্ত ল'ব, তেন্তে তাত তেওঁ তথাপিও সমৰ্থ হৈ থাকিব। তেন্তে সেই ক্ষেত্ৰত তেওঁৰ ইমান চিন্তাৰ আৱশ্যক নাই, কিছু লোকে কৈ আছে যে topper নিৰাশ বা এনেকুৱা। মই ধাৰণা কৰো যে আমি provision তো ৰাখিছোৱেই যে আকৌ পেপাৰ দিব পাৰো। তেন্তে এক অত্যন্ত বিবেচনাপূৰ্ণ সিদ্ধান্ত বুলি মই ইয়াক ধাৰণা কৰো আৰু ইয়াৰ বাবে আমি জীৱনজুৰি আপোনাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম।

 

মোদীজীঃ ঠিক আছে মইনাহঁত আপোনালোক যেতিয়া এই কিছু লোক থাকে, ডাঙৰে নিজকে বৰ শক্তিশালী বুলি ভাবে। বৰ পালোৱান বুলি ভাবে আৰু কয় মই মাস্ক নিপিন্ধো, মই এই নিয়ম পালন নকৰো, মই এই কাম নকৰো। তেতিয়া আপোনালোকৰ কেনেকুৱা লাগে?

 

ছাত্ৰঃ ছাৰ এই নিয়ম মানিবই লাগিব ছাৰ...সেয়ে যেনেকৈ এতিয়া আপুনি ক'লে যে যেতিয়া মানুহে মাস্ক নলয় বা covid guidelinesবিলাক follow নকৰে, তেতিয়া বহুত সেই সময়ত disappointing লাগে কিয়নো যি আমাৰ চৰকাৰ আছে তেওঁলোকে ইমান awareness create কৰিছে এই pandemicক লৈ, international organisationsবিলাকেও বহুত awareness create কৰি আছে। যেতিয়া মানুহে নুবুজে এই কথা তেতিয়া বহুত বেয়া লাগে। আৰু মই আপোনাৰ সৈতে  share কৰিব বিচাৰিম যে আমি আৰু আমাৰ অৰ্থাৎ localityত কিছুমান শিশুৱে, তেতিয়া আমি এক awareness drive কেইমাহমানৰ আগতে চলাইছিলো যেতিয়া unlock হৈছিল ইয়াত। আৰু যেতিয়া আমি বাটৰ নাট কৰো, আমি proper covid guidelinesৰ পৰা লৈ মানুহৰ মাজত ঠায়ে ঠায়ে গৈ তেওঁলোকক কৈছিলো যে আপোনালোকৰ বাবে covid guidelinesবিলাক follow কৰাটো, social distancing ৰখা, মাস্ক পিন্ধা আৰু তাক wash কৰাটো, it is very important আৰু আপোনালোকে ইয়াক follow কৰক। সেয়ে I think যে এনেকৈ যদি আমি নিজৰ levelতো কিবা initiative লওঁ আৰু নিজে responsible হওঁ তেতিয়া বহুত ডাঙৰ change আহিব পাৰে।

 

মোদীজীঃ ঠিক আছে মই এই কথা জানিব বিচাৰিম যে আপোনালোকে, আপোনালোকৰ যি কিয়নো মই জানো যে যেতিয়া দ্বাদশত ল'ৰা-ছোৱালী থাকে তেতিয়া তেওঁলোকৰ মগজুত, পৰিয়ালত আগলৈ কি হ'ব-আগলৈ কি হ'ব চলি থাকে। আপোনালোকে পৰসিলৈকে অৰ্থাৎ এক তাৰিখৰ পুৱালৈকেতো এই moodত আছিল যে আজি এইটো পঢ়িম, কাইলৈ সেইটো পঢ়িম, পুৱা পাঁচ বজাত উঠিম, চাৰি বজাত উঠিম, অমুক কৰিম, তমুক কৰিম, সকলো ভাবিছিল চাগে, সকলো time table বনাইছিল চাগে। হঠাতে সকলো গুচি গ'ল, এক vacuum আহি পৰিল, সেই vacuumক কেনেকৈ পূৰাব আপোনালোকে?

 

ছাত্ৰঃ নমস্কাৰ ছাৰ, বিধি চৌধুৰী Guwahati Royal Noble Schoolৰ পৰা!

মোদীজীঃ Guwahatiৰ পৰা?

ছাত্ৰঃ হয় ছাৰ!

মোদীজীঃ Guwahatiৰ পৰা?

ছাত্ৰঃ ছাৰ মই কেৱল এইটোৱেই ক'ব বিচাৰিম যে আপুনি যেনেকৈ কৈছে এতিয়া যে এক তাৰিখৰ পুৱালৈকে মনত ইমানবোৰ কথা আছিল। ছাৰ আপুনি যেনেকৈ start কৰিছিল, আপুনি নিজৰ exam warriorsৰ বিষয়ে আপুনি কৈছিল, তেতিয়া মই কেৱল এটা কথা ক'ব বিচাৰিছো ইয়াত থকা সকলোকে যে মই দশম শ্ৰেণীত আছিলো যেতিয়া অৰ্থাৎ যেতিয়া মোৰ দশম শ্ৰেণীৰ পৰীক্ষা হ'বলগীয়া আছিল আৰু মই travel কৰি আছিলো, কলকাতাৰ পৰা ইয়ালৈ আহি আছিলো আৰু airportত মই আপোনাৰ book দেখোঁ। ছাৰ মই তৎক্ষণাত সেইখন কিনি লৈছিলো আৰু মোৰ দশম শ্ৰেণীৰ পৰীক্ষা হ'বলগীয়া আছিল। মোৰ এয়া নিজৰ experience আছিল, ছাৰ মই এমাহলৈকে নিতৌ সেই bookখন পঢ়িছিলো আৰু ছাৰ এইবাৰ মোৰ অৰ্থাৎ আপুনি bookৰ আৰম্ভণিয়েই এই কথাৰে কৰিছে যে examক উৎসৱৰ দৰে পালন কৰা। সেয়ে ছাৰ উৎসৱৰ বাবে ভয় কৰাৰ কি দৰকাৰ? অৰ্থাৎ উৎসৱৰ বাবে তো আমি প্ৰস্তুতি চলাওঁ যাতে সেয়া successful হয় আৰু আপুনি সবাতোকৈ ডাঙৰ মন্ত্ৰ যি যোগৰ দিছিল শেষত অৰ্থাৎ আপুনি যি bookত যোগৰ মন্ত্ৰৰে end কৰিছিল। সেয়ে ছাৰ এই দুটা বস্তু যি মনত অনবৰতে আছিল যে ধৰি ল'লো পৰিস্থিতি ভাল নাছিল, সকলো আছিল কিন্তু এই যি ভাবনাৰে আমি examsৰ যি preparation কৰিছিলো, মই দ্বাদশত যি ধৰণেৰে কৰিলো, ছাৰ আপোনাকেই ধন্যবাদ সেই bookৰ বাবে যে একেবাৰে এনেকুৱা নহ'ল।

 

মোদীজীঃ ঠিক আছে মোৰ প্ৰশ্নৰ উত্তৰ থাকি গ'ল আৰু এজন নজোৱানে একেৰাহে হাত ওপৰলৈ তুলি আছে, তেওঁ সুযোগ পোৱা নাই। কি আপোনাৰ শুভ নাম?

ছাত্ৰঃ ছাৰ মোৰ নাম নন্দন হেগড়ে।

মোদীজীঃ নন্দন হেগড়ে কৰ্ণাটকৰ পৰা?

ছাত্ৰঃ হয় ছাৰ কৰ্ণাটকৰ পৰা, বেংগালুৰুৰ পৰা ছাৰ।

মোদীজীঃ হয় কওক।

ছাত্ৰঃ ছাৰ মই ভাবিছো এই পৰীক্ষা মোৰ জীৱনৰ অন্তিম পৰীক্ষা নহয় ছাৰ, আগলৈ তো বহুত পৰীক্ষা আহিবলগীয়া আছে ছাৰ। এতিয়া আমাৰ আৰোগ্যক বচাই ৰাখিব লাগিব আৰু আহিবলগীয়া পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব।

 

মোদীজীঃ ঠিক আছে এতিয়া examsৰ পৰা free হৈ গ'ল, সেয়ে মনত কি আইপিএল চোৱাৰ time লগাব champions league final চাব নে French open চাবৰ বাবে চিন্তা কৰিব নে জুলাইত Olympic আৰম্ভ হ'ব, সেই Olympicৰ বাবে মন যাব, ভাৰতৰ পৰা Olympicৰ বাবে কোন গৈ আছে? তেওঁৰ background কি? তাত মন লাগিব নে আকৌ ২১ তাৰিখে যোগ দিৱস, নে তাত মন লাগিব, কি লাগিব?

ছাত্ৰঃ সকলো বিষয়তে মন লাগিব ছাৰ!

মোদীজীঃ এই চশমা পিন্ধা জীয়ৰীজনীয়ে কিবা ক'ব বিচাৰে, কেতিয়াবাৰে পৰা তেওঁ সুযোগ পোৱা নাই।

ছাত্ৰঃ নমস্কাৰ ছাৰ! ছাৰ যেতিয়াই গম পালো যে আপুনি আমাৰ exam সকলো cancel কৰি দিলে তেতিয়া প্ৰথমতে তো বহুত বেছি আনন্দিত হৈছিলো যে finally এতিয়া এটা stress কম হ'ল যে এতিয়া আমি জানো যে এতিয়া আমি কেৱল  আমাৰ competitive examৰ বাবে পঢ়িব লাগে। আগতে হৈছিল কি boardsৰ প্ৰস্তুতি কৰি আকৌ আমি competitive examৰ প্ৰস্তুতি চলাওঁ। এতিয়া এনেকুৱা হ'ল যে আমাৰ হাতত ইমান বেছি time হৈ গ'ল যে বহুত ভালদৰে আমাৰ competitive examsৰ প্ৰস্তুতি চলাব পাৰো। সেয়ে ছাৰ অৰ্থাৎ মই বহুত কৃতজ্ঞতা প্ৰকাশ কৰিছো।

মোদীজীঃ মানে মগজুৰ পৰা exam নাযায়?

ছাত্ৰঃ হয় ছাৰ, একেবাৰে নাযায়।

মোদীজীঃ আপোনালোক ঘৰত আছে যেতিয়া আপোনালোকৰ মা-দেউতাই শুনি আছে চাগে এই সকলো?

ছাত্ৰঃ য়েছ ছাৰ!

মোদীজীঃ ক'ত আছে দেখুৱাওক।

ছাত্ৰঃ ছাৰ মই মাতিছো ছাৰ!

মোদীজীঃ নমস্কাৰ!

অভিভাৱকঃ নমস্কাৰ ছাৰ!

মোদীজীঃ তেনেহ'লে আপোনাৰ কি ভাব হয়, ছোৱালী এতিয়া মুক্ত হৈ গ'ল নহয়?

অভিভাৱকঃ ছাৰ ভাল decision হয় কিয়নো সমগ্ৰ দেশতে বহুত বেছি স্থিতি বেয়া আৰু এই শিশুসকলৰ ওপৰত ছাৰ দুশ্চিন্তা শেষ হৈ গ'ল আৰু আগলৈ এওঁলোকে নিজৰ বাবে এওঁলোকে নিজৰ careerৰ বাবে প্ৰস্তুতি চলাব পাৰে, আমাৰ ভাল লাগিছে।

মোদীজীঃ ঠিক আছে মোৰ ভাল লাগিছে আপুনি বহুত সেয়া positive লৈছে। হয় আৰু কোনোবা শিশুৱে কিবা ক'ব বিচাৰে?

ছাত্ৰঃ নমস্কাৰ ছাৰ! কেন্দ্ৰীয় বিদ্যালয় বেংগালুৰুৰ পৰা কৈছো ছাৰ। ছাৰ মই আপোনাৰ বহুত ডাঙৰ fan হওঁ ছাৰ।

মোদীজীঃ Thankyou

ছাত্ৰঃ ছাৰ আপোনাৰ decision বহুত ভাল আছিল ছাৰ কিয়নো 'सर सलामत तो पगड़ी हजार', সেয়ে মাথা সুস্থ কৰি ৰাখিবই লাগিব।

মোদীজীঃ Health is wealth, আমাৰ ইয়াত কয় নহয়?

ছাত্ৰঃ হয় ছাৰ, ছাৰ আপুনিয়েই আমাৰ বাবে inspiration হয়।

মোদীজীঃ ঠিক আছে 'सर सलामत तो पगड़ी हजार' ঠিক আছে কিন্তু 'सर'ৰ অৰ্থ আপুনি এইবুলি তো কৈ থকা নাই যে মগজুৰ সুস্থতা, নে সমগ্ৰ physical bodyৰ কথা ভাবে?

ছাত্ৰঃ Physical way sir

মোদীজীঃ ঠিক আছে কি কৰে physical fitnessৰ বাবে কিমান সময় দিয়ে  আৰু কি কি কৰে?

ছাত্ৰঃ মই সদায় পুৱা উঠি ত্ৰিশ মিনিট যোগ কৰো ছাৰ, যোগ আৰু exercise কৰো ছাৰ, মই আৰু মোৰ ভায়ে দুয়ো একেলগে কৰো ছাৰ, মোৰ সৰু ভাই।

মোদীজীঃ আপোনাৰ ঘৰৰ লোকে শুনি আছে চাওক, আকৌ নহ'লে ধৰা পৰিবা, মই সুধিম।

ছাত্ৰঃ নহয় ছাৰ! ত্ৰিশ মিনিট সদায় কৰো ছাৰ, মই আৰু মোৰ ভায়ে দুয়ো একেলগে কৰো ছাৰ, সদায় যোগ কৰো আৰু মই সদায় নিজৰ mindটো fresh কৰিবলৈ মই তবলা বজাওঁ ছাৰ। মই এবছৰৰ পৰা তবলাৰ ট্ৰেইনিং কৰি আছো, সেয়ে সদায় মই যেতিয়া তবলা বজাওঁ তেতিয়া তাৰ ফলত মোৰ mind fresh থাকে ছাৰ।

মোদীজীঃ তেনেহ'লে music আপোনাৰ পৰিয়ালৰ সহজাত সকলোৰে?

ছাত্ৰঃ হয় হয়, মোৰ মায়ো চিতাৰ বজাইছিল ছাৰ আৰু তানপুৰা বজাইছিল।

মোদীজীঃ সেয়ে ঘৰত সংগীতৰ বাতাবৰণ আছে।

মোদীজীঃ ভাল বাৰু আৰু যাৰ সৈতে এতিয়ালৈকে মই কথা পতাৰ সুযোগ পোৱা নাই তেওঁলোকক এতিয়া সুযোগ দিম। এতিয়া এটি শিশু যি white earphone লগাইছে তেওঁ মোৰ সন্মুখত আছে, তেওঁ কিবা ক'ব খুজিছে।

ছাত্ৰঃ নমস্কাৰ ছাৰ! মোৰ নাম কশিশ নেগী, মই MRADAV Public School, Solan, Himachal Pradeshৰ পৰা কৈছো। ছাৰ আপোনাক কেৱল এই কথা ক'ব বিচাৰিম যে it’s like dream come true, মই কেতিয়াও ভবা নাছিলো যে অৰ্থাৎ আপোনাৰ সৈতে এনেকৈ সাক্ষাৎ হ'ব। আৰু ছাৰ আপোনাক thanks ক'ব বিচাৰিছো যে আপুনি যি decision ল'লে একেবাৰে সঠিক লৈছে কিয়নো ডেৰ বছৰ হৈ গৈছিল আমি +২ৰ ল'ৰা-ছোৱালীৰ যে তেওঁলোকে কেৱল +২তেই আছিল অৰ্থাৎ তেওঁলোকৰ জীৱন যেন ৰৈ গৈছিল। কোনো developmentও হোৱা নাছিল আৰু একো retardationও হোৱা নাছিল সেয়ে ছাৰ আপুনি যি decision ল'লে তাত মই বহুত আনন্দিত আৰু ছাৰ আপোনাক thanks ক'ব বিচাৰিছো ছাৰ thankyou.

 

মোদীজীঃ যিগৰাকী শিশুৱে আঙুলি উঠাইছে, কওকচোন মাজনী।

ছাত্ৰঃ নমস্কাৰ ছাৰ! মই দিল্লী পাব্লিক স্কুল, জয়পুৰ, ৰাজস্থানৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। মোৰ নাম জন্নত সাক্ষী। দ্বাদশ ব'ৰ্ডৰ পৰীক্ষাৰ বাবে আপুনি যি সিদ্ধান্ত ল'লে, মই সেয়া স্বাগত জনাও। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত একেবাৰে সঠিক কিয়নো শিশুৰ সুৰক্ষা আৰু সুস্বাস্থ্য সকলোৰে আগত। আমাৰ চিবিএছইৰ ওপৰত অটুট বিশ্বাস আছে যে তেওঁলোকে মূল্যাংকনৰ বাবে যি মাপকাঠি নিৰ্ধাৰণ কৰিব সেয়া আমাৰ হিতৰ বাবেই হ'ব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি আমাৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাম। ধন্যবাদ ছাৰ।

মোদীজীঃ ঠিক আছে সকলো parents যিমান আছে সকলো, আহক screenলৈ, মাতি দিয়ক নিজৰ মাতৃ-পিতৃক যদি আছে কিয়নো সকলোৰে ইচ্ছা থাকিব পাৰে যে এয়া আৰু মোৰ বাবেও ভাল হ'ব যে আপোনালোক সকলোকে সঁচা ক'বলগীয়া হ'ব। নজোৱান কোনো মোৰ সন্মুখত দেখা গৈছে, কওক। বগা  shirt পিন্ধা সুধীজনে কিবা কৈ আছে।

ছাত্ৰ ১ : ছাৰ মা ইয়াত নাই কিন্তু তেওঁ আৰু মই যেতিয়া একেলগে বহো তেতিয়া তেওঁ কয় যে, মোদীজীয়ে কৰি দিব, মোদীজীয়ে কৰি দিব, চিন্তা নকৰিবা আৰু যেতিয়া লকডাউনত আছিলো তেতিয়া দাঢ়িও বাঢ়িছিল তেতিয়া মাই কৈছিল কি কৰিবা এনেকৈ, মই কৈছিলো যে মা এনেয়েও মোদীজীৰ fan হওঁ সেয়ে এনেকৈয়ে বঢ়াই ৰাখিম দাঢ়ি।

ছাত্ৰ ২ : ছাৰ মোৰ নাম শিৱাঞ্জলী অগ্ৰৱাল, ছাৰ মই কেন্দ্ৰীয় বিদ্যালয়, জে-এন-ইউ, নতুন দিল্লীৰ ছাত্ৰী। ছাৰ মই ক'ব বিচাৰিছো exams যেতিয়া cancel হৈ গ'ল, আমি যিমান  extra সময় পালো, মই সেয়া নিজৰ entrance examsৰ প্ৰস্তুতিত, নিজৰ competitive examsৰ প্ৰস্তুতিত ব্যৱহাৰ কৰিম আৰু ছাৰ exams cancel কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।

মোদীজীঃ ভাল বাৰু আপোনালোকে এনেকুৱা কৰক এখন কাগজত নম্বৰ লিখি বহক, যাতে মই ক'ম এই নম্বৰ তেতিয়া সেই নম্বৰ মই লগে লগে মাতিম নহ'লে কি হৈ আছে যে মই আপোনালোকৰ নামতো নাজানো কিয়নো মই অকস্মাত আহি গ'লো, সেয়ে মই এনেকৈয়ে আপোনালোকক আমনি দি আছো।

অভিভাৱকঃ নমস্কাৰ ছাৰ! আমি আপোনাৰ বহুত ডাঙৰ fan হওঁ। আপুনি যিয়ে decision ল'ব, শিশুৰ হিতৰ বাবেই হ'ব। আমি আপোনাৰ লগত আছো ছাৰ, সদায় আপোনাৰ লগত থাকিম।

মোদীজীঃ নম্বৰ ৱান?

অভিভাৱকঃ নমস্কাৰ ছাৰ! Thankyou so so much sir, আপোনা decision বহুতেই ভাল আছিল আমাৰ শিশুৰ বাবে, এতিয়া তেওঁলোকৰ হাতত…

মোদীজীঃ মই এতিয়া সকলোকে কৈছো যে আপোনালোক এই সিদ্ধান্তৰ পৰা বাহিৰলৈ যাওক, examsৰ পৰা বাহিৰলৈ ওলাওক। কিবা আৰু কথা পাতিব পাৰো নেকি?

অভিভাৱকঃ নিশ্চয় ছাৰ নিশ্চয়! আৰু ভাল কথা পাতে যদি ছাহৰুখ খানক লগ পালে ইমান ভাল নালাগিব যিমান আজি আপোনাক লগ পাই লাগিল ছাৰ। It’s a dream come true আৰু এয়া বহুত ভাল আছিল ছাৰ, you are the best আৰু এতিয়া আমি নিজৰ শিশুৰ বাবে আহিবলগীয়া time চাম তেতিয়া তাত এইটোৱেই বিচাৰিম যে এই সময় সৎ ব্যৱহাৰ কৰক আৰু ভালদৰে আগলৈ গৈ নিজৰ career বনাওক।

মোদীজীঃ ২৬

অভিভাৱকঃ Sir, as a dancer I think mental health আৰু physical healthৰ বাবে মই dance কৰি থাকো। মই কথক কৰো, যেতিয়া cycling যোৱাৰ ইচ্ছা হয় তেতিয়া মই cycling কৰো আৰু প্ৰথম কথাটো হ'ল যিটো মই result অহাৰ পিছত আপোনাৰ decision অহাৰ পিছত কৰিছিলো তেতিয়া মই বাৰ বজালৈকে শুইছিলো কিয়নো  examsৰ কাৰণে পুৱা আঠ বজাত উঠিবলগীয়া হৈছিল সেয়ে সেইদিনা মই বাৰ বজালৈকে শুইছিলো ছাৰ।

ছাত্ৰঃ ছাৰ মোৰ নাম...মই তামিলনাডুৰ পৰা কৈছো ছাৰ! ছাৰ মই জানিছিলো যে এনেকৈয়ে কিছু ব'ৰ্ডৰ cancel হ'ব পাৰে ছাৰ, সেয়ে মই বহুত কম পঢ়িছিলো। এনেয়ো আমি ৰাজস্থানৰ পৰা হওঁ কিন্তু থাকো আমি তামিলনাডুত।

মোদীজীঃ তেনেহ'লে আপুনি astrologyও পঢ়ে, astrology জানে? তেন্তে এইটো কেনেকৈ জানিলে যে এনেকুৱা হ'ব?

ছাত্ৰঃ হয় ছাৰ! এনেয়ে অনুমান কৰিছিলো আৰু ভাল decision আছিল… ফেমিলীৰ সৈতে ভাল  time spent হৈ গ'ল লকডাউনৰ বাবে।

মোদীজীঃ তেতিয়া তো সপ্তাহটোতে ঘৰৰ সকলো নাৰাজ হৈ যাব চাব। তুমি এইটো নকৰা, তুমি সোনকালে নুঠা, যোৱা গা ধোৱা, তুমি গা নোধোৱা, ব'লা তোমাৰ দেউতাৰ অহাৰ time হৈ গ'ল, এতিয়া চাব গালি খাব লাগিব।

ছাত্ৰঃ নমস্কাৰ ছাৰ! মোৰ নাম তমন্না, মই ডিএভি মডেল স্কুল, West Bengalৰ পৰা কৈছো। যেনেকৈ আপুনি কৈছে আমাৰ হাতত বহুত time আছে সেয়ে লকডাউনত মই আৰু মোৰ বন্ধুৱে এটা  youtube channel start কৰিছিলো, তেতিয়া তাতো ফকাছ কৰিব পাৰি। আৰু তাৰ লগতে মই…

মোদীজীঃ কি নাম? Youtube channelৰ কি নাম?

ছাত্ৰঃ tamannasharmilee…তেতিয়া তাত আমি বেলেগ বেলেগ  typeৰ videos দিওঁ। এটা আমি সৰু poetry কৰিছিলো, তাৰ ওপৰতো video দিছো। এখন short film আছে, সেইখনো দিছো है।

মোদীজীঃ ২১, হয় কোৱা মইনা!

ছাত্ৰঃ ছাৰ মোৰ আইতা আৰু মোৰ দেউতাৰ লগত আছো।

অভিভাৱকঃ Sir thankyou very much for everything you have done for our country sir. Thankyou very-very much. I don’t have any more words to say. আপুনি যিখিনি কৰিছে সকলো ক্ষেত্ৰতে, Thankyou very-very much.

ছাত্ৰঃ ছাৰ মোতকৈ বেছি মোৰ আইতা updated সদায় হৈ থাকে, আপোনাৰ প্ৰতিটো  news follow কৰে আৰু মোক কৈ থাকে যে আজি এইটো announcement হ'ল, আজি এইটো হ'ল। তেওঁ আপোনাৰ বহুত ডাঙৰ  fan হয়।

মোদীজীঃ ঠিক আছে তেন্তে আইতাই গোটেই ৰাজনীতিৰ খবৰ জানে?

ছাত্ৰঃ হয় ছাৰ! আইতাই গোটেই ৰাজনীতিৰ খবৰ জানে। ৰাজনীতি newsৰ পৰা সকলো updated হৈ থাকে।

মোদীজীঃ বাৰু স্বাধীনতাৰ এইবাৰ পয়সত্তৰ বছৰ। স্বাধীনতাৰ পয়সত্তৰ বছৰ হৈ আছে। কি আপোনালোক স্বাধীনতা সংগ্ৰামত আপুনি যিখন জিলাত আছে, তাত কি ঘটনা হৈছিল? স্বাধীনতাৰ সময়ত কি হৈছিল? তাৰ ওপৰত এখন বৰ ভাল essay লিখিব পাৰে নেকি?

ছাত্ৰঃ হয় ছাৰ! নিশ্চয় লিখিব পাৰো।

মোদীজীঃ Research কৰিব?

ছাত্ৰঃ Yes sir!

মোদীজীঃ খাতাং?

ছাত্ৰঃ Yes sir!

মোদীজীঃ বাৰু ভাল কথা!

অভিভাৱকঃ ছাৰ মই আপোনাৰ ডাঙৰ fan হওঁ ছাৰ। ছাৰ আপুনি যি decision ল'লে সেয়া বহুত ভাল decision হয় বুলি আমাৰ ধাৰণা। আপুনি অৰ্থাৎ সকলো শিশুৰ বিষয়ে ভাবিছে, এইটো মোৰ বহুত ভাল লাগিল ছাৰ, মই আপোনাৰ ডাঙৰ fan হওঁ ছাৰ আৰু যি আপুনি কাশ্মীৰত ধাৰা ৩৭০ অপসাৰণ কৰিছিল ছাৰ সেয়াও মই বহুত ভাল পাইছো ছাৰ, বৰ ভাল ছাৰ decision আছিল সেয়া।

মোদীজীঃ ধন্যবাদজী!

ছাত্ৰঃ ছাৰ এয়া মোৰ মা-দেউতা!

মোদীজীঃ তেওঁলোক সকলোৱে গম পাই গ'ল যে আপুনি মোক কি কি ক'লে, এতিয়া আপুনি  follow কৰিব লাগিব।

অভিভাৱকঃ ছাৰ মই কিবা ক'ব বিচাৰো ছাৰ! ছাৰ আপোনাৰ সকলো গুণৰ বহুত সন্মান কৰো কিন্তু আপোনাৰ সততাৰ মই অনুগামী। কিন্তু ছাৰ এটা অনুৰোধ আছে আপোনাক যে এতিয়াও দেশত যি সততাৰে কাম কৰিব বিচাৰে তেওঁলোকৰ বহুত শোষণ হয় ছাৰ। ইয়াত কৃপা কৰি কিবা এনেকুৱা নীতি বনাওক যে তেওঁলোকে সন্মান পাওক যাৰ ফলত তেওঁলোকক তেওঁলোকৰ সততাৰ প্ৰতি লক্ষ্য ৰাখি শিশুৱে অনুসৰণ কৰক আনে অনুসৰণ কৰক।

মোদীজীঃ নীতি তো হয় কিন্তু কিছুমান মানুহৰ স্বভাৱ যেনেকুৱা সেয়া বাধা হৈ পৰে। আমি সকলোৱে মিলি বাতাবৰণ বনাওঁ যদি নিশ্চয় হ'ব, সকলো ভাল হ'ব পাৰে।

মোদীজীঃ ৩১?

ছাত্ৰঃ জয় হিন্দ ছাৰ!

মোদীজীঃ জয় হিন্দ! হয় কওক কি ক'ব বিচাৰে?

ছাত্ৰঃ ছাৰ মোৰ নাম অৰনী সামলে, মই Annie Besant School, Indoreৰ পৰা। ছাৰ এতিয়া যি আপুনি  decision ল'লে সেয়াতো ভাল আছিলেই তাৰ উপৰিও…

মোদীজীঃ আপোনাৰ ইন্দৌৰ কি কথাৰ বাবে প্ৰসিদ্ধ?

ছাত্ৰঃ Cleanliness স্বচ্ছতা!

মোদীজীঃ ইন্দৌৰে যেনেকৈ অভিনৱ কৰিছে স্বচ্ছতাক লৈ সঁচাকৈ এয়া সকলোতে চৰ্চা হৈছে ইয়াৰ। এই নম্বৰ সম্পূৰ্ণ দেখা নাই মইনা, তোমাৰ নম্বৰ পাঁচ নেকি?

ছাত্ৰঃ নমস্কাৰ ছাৰ! ছাৰ মই জৱাহৰ নবোদয় বিদ্যালয়, মণ্ডী, হিমাচল প্ৰদেশৰ পৰা কৈছো। ছাৰ মোৰ বাবা আপোনাৰ বহুত ডাঙৰ  fan হয়।

মোদীজীঃ এই আপোনাৰ গাঁওখন ক'ত পৰে জী?

অভিভাৱকঃ হিমাচল প্ৰদেশৰ ওচৰত জিলা মণ্ডী। মণ্ডীৰ পৰা ওচৰতে আঠ-ন কিলোমিটাৰ...আৰু ঠিক আছে?

মোদীজীঃ মোৰ ভাল! প্ৰথমতে তো মই আপোনালোকৰ তাৰ পৰা sevbadi খাবলৈ পাইছিলো। বাৰু মোৰ বহুত ভাল লাগিল, আপোনালোক সকলোৰে সৈতে কথা পতাৰ মই সুযোগ পালো আৰু মোৰ এই বিশ্বাস আৰু দৃঢ় হ'ল যে ভাৰতৰ যুৱক-যুৱতীসকল Positiveও আৰু Practicalও। Negative thoughtsৰ ঠাইত আপোনালোকে প্ৰত্যেক difficulty আৰু challengeকো নিজৰ শক্তি বনাই লয়। এয়া আমাৰ দেশৰ যুৱক-যুৱক-যুৱতীসকলৰ এটা বিশেষত্ব। ঘৰত থাকি আপোনালোক সকলো যুৱক-যুৱতীয়ে যিমান innovations কৰিলে, যিমান নতুন নতুন কথা শিকিছে সেইবিলাকে আপোনালোকৰ ভিতৰত এটা নতুন self confidence দিছে। আৰু মই দেখি আছিলো আজি মই তো অকস্মাত আহি গ'লো আপোনালোকে গম পোৱাও নাছিল তথাপি আপোনালোক এজনেও কথা-বতৰা পাতি হেহোনেহো কৰা নাই, আপোনালোকে যেন নিজৰ teacherৰ সৈতে সদায় কথা পাতে বা নিজৰ parentsৰ সৈতে নিতৌ কথা পাতে, তেনেকৈয়ে মোৰ সৈতে পাতি আছিল। এই যি আপোন ভাব আছে, এয়া মোৰ বাবে বহুত আনন্দৰ কথা। মোৰ বাবে এই অনুভৱ বহুত আনন্দদায়ক যে মই মোৰ দেশৰ ইমান কোণত বহি থকা এই শিশুসকলৰ সৈতে ইমান সহজভাৱে মই কথা পাতিব পৰিছো। নহ'লে এতিয়া কি হয় সেয়া দেখিয়েই আচৰিত হৈ যায়, আৰে আপুনি, পুনৰ তেওঁ কথাই নাপাতে। কিন্তু মই দেখি আছিলো যে আপোনালোকে একো নাপাহৰাকৈ অত্যন্ত বিশ্বাসেৰে কথা পাতি আছে। এয়া মোৰ বাবে বহুত ভাল অভিজ্ঞতা।

 

বন্ধুসকল,

আপোনালোকৰ অনুভৱ জীৱনৰ প্ৰতিটো স্তৰত আপোনালোকৰ বহুত কামত আহিব। যদি কঠিনতকৈও কঠিন সময় তাক বাৰে বাৰে মনত পেলাই কন্দাকটা কৰি সময় নষ্ট নকৰিব, কঠিন সময়ৰ পৰাও কিবা শিকিছে চাগে, সেই শিক্ষাক লৈ আগবাঢ়িম, আপোনালোকে বহুত শক্তি পাব। আপোনালোক যি fieldলৈকে যাব তাত যথেষ্ট কিবা নতুন কৰিব পাৰিব। আপোনালোকে দেখিছে চাগে  schoolsত, collegeত আমাক team spiritৰ বিষয়ে বাৰে বাৰে কোৱা হয়, শিকোৱা হয়। United strengthৰ relations আমাক দিয়া হয়। কিন্তু কৰোণাৰ জটিলতাৰ মাজত আমি এই relations ওচৰৰ পৰা চোৱাৰ, বুজাৰ, জীয়াৰ এক প্ৰকাৰৰ নতুন সুযোগ লাভ কৰিছো। কেনেকৈ আমাৰ সমাজত প্ৰত্যেকেই এজনে আনজনৰ হাতত ধৰিলে, কেনেকৈ দেশে team spiritৰ জৰিয়তে ইমান ডাঙৰ challengeৰ সন্মুখীন হৈছে। এই সকলো আমি experience কৰিলো। Public participation আৰু team workৰ এই experience মই নিশ্চিতভাৱে বিশ্বাস কৰো যে আপোনালোককো এক নতুন শক্তি দিব।

 

বন্ধুসকল,

কঠিনতকৈও কঠিন সময়তো যিমান আমাৰ দেশৰ, আমি ইতিহাস চাম তেতিয়া জানিম এইবাৰো মই যেতিয়াই কাৰোবাৰ লগত কথা পাতো, যেনেকৈ এইমাত্ৰ এগৰাকী কন্যাই কৈ আছিল, তেওঁৰ পৰিয়ালৰ দুজন লোকক তেওঁ হেৰুৱালে। এয়া সৰু কথা নহয় জীৱনত, তথাপি তেওঁৰ চকুত এক বিশ্বাস উজ্জ্বলি আছে। সকলো হিন্দুস্তানীৰ মুখৰ পৰা, প্ৰতিজন ভাৰতীয়ৰ মুখৰ পৰা এই শব্দই ওলাই আছে, সম্পূৰ্ণ বৈশ্বিক মহামাৰী, সম্পূৰ্ণ শতাব্দীত কেতিয়াও এনেকুৱা সংকট অহা নাই। আৰু লগলাগি আগবঢ়া, এয়াইতো আমাৰ সংকল্প আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে আগলৈ য'লৈকে যাব এনেকৈয়ে লগলাগি আগ বাঢ়িব আৰু দেশক নতুন উচ্চতালৈ লৈ যাব।

 

আৰু যেনেকৈ মই কৈছো যে পাঁচ জুনত পৰিৱেশ দিৱস, কিবা নহয় কিবা কৰক environmentৰ বাবে কিয়নো এই পৃথিৱীক প্ৰকৃতিক ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। সেইদৰে একৈশ জুন, মনত আছেনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু UNত এই সিদ্ধান্ত যিমান হৈছে, এই যোগ দিৱস এনেকুৱা যে পৃথিৱীৰ সবাতোকৈ অধিক দেশে ইয়াৰ সমৰ্থন কৰিছে। UNত প্ৰায় সকলো দেশে ইয়াৰ সমৰ্থন কৰে, আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। সেয়ে এই যোগ দিৱসত আপুনিও নিজৰ পৰিয়ালত থাকি যোগ কৰক, আৰু মই কৈছো বহুত মেচ আছে, অলিম্পিক আছে, জনা দৰকাৰ আমাৰ দেশৰ কোন পাৰদৰ্শী খেলুৱৈ এইবাৰ অলিম্পিকলৈ যাব।

 

 এই কৰোণা কাল খণ্ডত যেনেকৈ ভেকচিনেচন কৰিব লাগে, আপোনালোকৰ পৰিয়ালতো কোনোবা মানুহ থাকিব, যাৰ পঞ্জীকৰণ আদি কৰাৰ কাম আপুনি কৰিব পাৰে। মই আপোনালোক সকলোকে বহুত শুভকামনা জনাইছো। আপোনাৰ মাতৃ-পিতৃৰ আপোনাৰ ওপৰত আশীৰ্বাদ অব্যাহত থাকক।  আপুনি নিজৰ সপোন লৈ জীৱন যাপন কৰক আৰু আপোনাৰ সপোনৰ বাবে আপোনাৰ মাতৃ-পিতৃয়ে গৌৰৱ কৰিব, এনেকুৱা মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মোৰ বহুত ভাল লাগিল, মই অকস্মাত আপোনালোকৰ মাজত সোমাই গ'লো। আপোনালোকে হাঁহি-তামাচাৰে কথা পাতি আছিল, ৰগৰ শুনাই আছিল কিন্তু মই আহি অলপ disturb কৰিলো আপোনালোকক। কিন্তু মোৰ বহুত ভাল লাগিল। মই আপোনালোকৰ ওচৰত বহুত কৃতজ্ঞ।

 

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.