Shares an informal, spontaneous session with sportspersons and their families
Wishes of 135 crore Indians are the blessings of the country for all of you: PM
Better training camps, equipment, international exposure has been provided to the players : PM
Athletes are a witnessing how the country is standing with each of them today with a new thinking and a new approach : PM
For the first time, such a large number of players have qualified for the Olympics and in so many sports : PM
There are many sports in which India has qualified for the first time : PM
It is the responsibility of the countrymen to ‘Cheer4India’: PM

মই আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই খুবেই আনন্দিত। যদিও মই সকলোৰে সৈতে কথা পাতিব পৰা নাই, তথাপি আজি সমগ্র দেশৰ মানুহে আপোনালোকৰ আবেগ আৰু উৎসাহ অনুধাবন কৰিব পাৰিছে। এই বাৰ্তালাপৰ কর্মসূচীত আমাৰ সৈতে উপস্থিত আছে দেশৰ ক্রীড়ামন্ত্রী শ্রী অনুৰাগ ঠাকুৰ। ঠিক একেদৰে আমাৰ বর্তমান আইনমন্ত্রী শ্রী কিৰেন ৰিজিজু’জী, যি কিছুদিন আগলৈকে ক্রীড়ামন্ত্রী হিচাপে আপোনালোকৰ বাবে অনেক কাম কৰিছে। কনিষ্ঠতম ক্রীড়া প্রতিমন্ত্রী শ্রী নিতীশ প্রামাণিক’জী আমাৰ সৈতে  আছে। সমস্ত ক্রীড়া সংস্থাৰ প্রধান, তেওঁলোকৰ সদস্য আৰু টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ গৈছে আমাৰ সহকর্মী তথা খেলুৱৈৰ পৰিয়ালৰ সদস্যসকল- তেওঁলোকৰ সকলোৰে সৈতে আজি এক ভার্চুৱেল মাধ্যমত আমাৰ কথোপকথন হৈছে। সেয়ে মই আপোনালোক সকলোকে মোৰ দিল্লীৰ ঘৰলৈ আমন্ত্রণ জনাব পৰা হ'লে আৰু ভাল লাগিল হেতেন আৰু মই আপোনালোকৰ সৈতে ব্যক্তিগতভাবে দেখা কৰিব পাৰিলো হেতেন। ইয়াৰ আগতেও মই এই ধৰণৰ কাম কৰিছো। মোৰ বাবে এই ধৰণৰ অনুষ্ঠান খুবেই আনন্দদায়ক। অৱশ্যে এইবাৰ কৰোণাৰ কাৰণে সেয়া সম্ভব হোৱা নাই। তদুপৰি অর্ধেকৰ বেছি খেলুৱৈয়ে ইতিমধ্যেই বিদেশত প্রশিক্ষণ লৈছে। কিন্তু আপোনালোকক প্রতিশ্রুতি দিছো যে, আপোনালোক উভতি আহিলে মই অৱশ্যই দেখা কৰিম। কৰোণা পৰিস্থিতিয়ে অনেক কিছুৰ পৰিৱর্তন ঘটাইছে। অলিম্পিকৰ বছৰো বদলিছে, যেনেকৈ আপোনালোকে প্রস্তুতি চলাইছিল, তাৰো পৰিৱৰ্তন ঘটিছে। অলিম্পিক আৰম্ভ হ'বলৈ এতিয়া আৰু মাত্র ১০ দিন বাকী আছে। আপোনালোকে টকিঅ'ত এক ভিন্ন ধৰণৰ পৰিবেশ দেখিবলৈ পাব।

 

বন্ধুসকল,

 

আজি আপোনালোকৰ সৈতে কথোপকথনৰ সময়ত দেশবাসীয়ে জানিব পাৰিছে যে আপোনালোকে এই কঠিন সময়ত দেশৰ বাবে কিমান পৰিশ্রম কৰিছে আৰু কেনেকৈ ঘাম সৰাইছে। মই আপোনালোকৰ কেইবাজনো সহকর্মীৰ এই কঠোৰ পৰিশ্রমৰ কথা ‘মন কি বাত’ৰ শেষ পর্বত আলোচনা কৰিছো। আপোনালোকৰ মনোবল বঢ়াবলৈ দেশবাসীৰ ওচৰত খেলুৱৈসকলক উৎসাহ যোগোৱাৰ আহ্বান জনাইছো। আজি দেশবাসীয়ে আপোনালোকক উৎসাহিত কৰিছে, সেয়া দেখি মই খুব আনন্দিত। সম্প্রতি ‘চিয়াৰ ফৰ ইন্ডিয়া’ হেছটেগৰ সৈতে আমি বহুতো ছবি দেখিছো। সামাজিক যোগাযোগ মাধ্যমৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্রান্তৰ মানুহে আপোনালোকক সমর্থন জোগাইছে। ১৩৫ কোটি ভাৰতবাসীৰ এই শুভেচ্ছাই আপোনালোকৰ কাষত ক্রীড়াঙ্গনত প্রবেশৰ আগতে দেশবাসীৰ আশীৰ্বাদ স্বৰূপ। মোৰ ফালৰ পৰাও আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। নমো এপত এটা বিশেষ সুবিধা আছে, তাত আপোনালোক সকলোৱে দেশবাসীৰ কাষৰ পৰা শুভেচ্ছা পাই থাকিব। সাধাৰণ মানুহে আপোনালোকক উৎসাহিত কৰিছে, নমো এপৰ মাধ্যমত আপোনালোকলৈ বার্তা পঠিয়াইছে।

বন্ধুসকল,

 

আপোনালোকৰ সৈতে সমগ্র দেশৰ আবেগ জড়িত হৈ আছে। মই যেতিয়া আপোনালোকৰ সকলোকে একেলগে দেখিছো তেতিয়া সাহস, আত্মবিশ্বাস আৰু ইতিবাচক দিশ দেখিবলৈ পাইছো। মই আপোনালোকৰ মাজত এটা সাধাৰণ বিষয় দেখিবলৈ পাইছো, সেয়া হ'ল শৃঙ্খলাপৰায়ণ, আত্মোৎসর্গ আৰু সংকল্পপৰায়ণ। আপোনালোক প্রতিযোগিতাৰ বাবে প্রতিশ্রুতিবদ্ধ। এই গুণবিলাকেই হ'ল নতুন ভাৰতৰ বৈশিষ্ট্য। এই কাৰণেই আপোনালোক সকলো নতুন ভাৰতৰ প্রতিচ্ছবি আৰু দেশৰ ভবিষ্যতৰ প্রতীক। আপোনালোক কোনো কোনো দক্ষিণ, উত্তৰ, পূর্ব আৰু উত্তৰপূর্ব ৰাজ্যৰ পৰা আহিছে। কোনোবাই গাঁৱৰ পথাৰৰ পৰা খেলা আৰম্ভ কৰিছে, আকৌ অনেক বন্ধু শৈশবৰ পৰাই কোনো নহয় কোনো ক্রীড়া প্রশিক্ষণ সংস্থাৰ সৈতে যুক্ত। সেয়ে এতিয়া আপোনালোক সকলো ‘টিম ইন্ডিয়া’ৰ অঙ্গ। আপোনালোক সকলো দেশৰ হৈ খেলিবলৈ গৈছে। এই বৈচিত্র্যই, ‘টিম স্পিৰিট’ হ'ল ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ পৰিচয়।

 

বন্ধুসকল,

 

আপোনালোক প্রত্যেকেই প্রত্যক্ষদর্শী যে,  দেশে কেনেকৈ তাৰ প্রতিজন খেলুৱৈৰ সৈতে এক নতুন চিন্তাভাবনা আৰু নতুন পদ্ধতিৰ মাধ্যমত কাষত থিয় দিছে। আজি আপোনালোকৰ অনুপ্রেৰণা দেশৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। আপোনালোকক সর্বাধিক অগ্রাধিকাৰ দিয়া হৈছে, যাতে আপোনালোকে নির্দ্বিধায় খেলাধুলা কৰিবলৈ, ক্রীড়া ক্ষেত্রত  মানোন্নয়ন ঘটাবলৈ আৰু কৌশলত বিকাশ সাধন কৰিব পাৰে। আপোনালোকৰ মনত থাকিব পাৰে যে, অলিম্পিকৰ বাবে অনেক আগতেই এখন উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে। 'লক্ষ্য অলিম্পিক মঞ্চ প্রকল্প',ৰ আওতাত সমস্ত খেলুৱৈৰ বাবে সম্ভাব্য সকলোধৰণৰ সহায়তা বৃদ্ধি কৰা হৈছে। ইয়াৰ মাধ্যমত আপোনালোকে এক অভিজ্ঞতাও অর্জন কৰিছে। আপোনালোকে আগৰ তুলনাত নতুন পৰিবর্তনবিলাক অনুভব কৰিব পাৰিছে।

 

মোৰ বন্ধুসকল,

 

দেশৰ বাবে আপোনালোকে ঘাম সৰাব, দেশৰ হৈ পতাকা বহন কৰিব; সেয়ে আপোনালোকৰ কাষত দৃঢ়ভাবে থিয় দিয়াটো দেশৰ দায়িত্ব। আমি খেলুৱৈসকলক আৰু ভাল প্রশিক্ষণ শিবিৰ আৰু অধিক ভাল সৰঞ্জাম সৰবৰাহৰ চেষ্টা কৰিছো। আজি খেলুৱৈসকলে আৰু বেছিকৈ আন্তর্জাতিক স্তৰৰ প্রচাৰৰ আলোকলৈ লৈ অহা হৈছে। ক্রীড়া সংস্থাসমূহে আপোনালোকৰ পৰামর্শবিলাকক সর্বোচ্চ গুৰুত্ব দিছে আৰু ইমান কম সময়ৰ ভিতৰত এই পৰিবর্তন লৈ আহিছে।

 

বন্ধুসকল,

 

খেলাৰ পথাৰত কঠোৰ পৰিশ্রমৰ সৈতে সঠিক কৌশলে যেনেকৈ জয় সুনিশ্চিত কৰে তেনেকৈ এটা কথা খেল পথাৰৰ বাহিৰতো প্রযোজ্য। দেশে মিশন মোডত ‘খেলো ইন্ডিয়া’ আৰু ‘ফিট ইন্ডিয়া’ৰ দৰে প্রচাৰ চলাই সঠিক কৌশল গ্রহণ কৰি কাম কৰি গৈছে বাবে আজি আপোনালোকে এই ফলাফল দেখিবলৈ পাইছে। এই প্রথমবাৰ ইমান বেছি সংখ্যক খেলুৱৈয়ে অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰিছে। আনকি এই প্রথমবাৰ ভাৰতৰ পৰা ইমান বেছি সংখ্যক খেলুৱৈয়ে ইমানবোৰ প্রতিযোগিতাত অংশ লৈছে। এনেকুৱা বহু প্রতিযোগিতা আছে, য'ত ভাৰতে এই প্রথম যোগ্যতা অর্জন কৰিছে।

 

বন্ধুসকল,

 

আমাৰ দেশক কোৱা হয়- 'অভ্যাসত্ জয়তে নৃণাম্' অর্থাৎ যেনেকৈ আমি অনুশীলন কৰিম, চেষ্টা কৰিম ধীৰে ধীৰে সেয়া আমাৰ অভ্যাসৰ অঙ্গ হৈ উঠিব। আপোনালোক সকলোৱে জয়ৰ বাবে ইমানদিন অনুশীলন কৰি আহিছে। আপোনাৰ আৰু আপোনালোকৰ শক্তিৰ ফালে চালে সেই বিষয়ত কোনো সন্দেহ নাই। আপোনালোকৰ উৎসাহ আৰু দেশৰ যুৱ সমাজক দেখি মই ক'ব পাৰো যে, সেই দিন খুব বেছি দূৰত নহয়, যেতিয়া জয়লাভ কৰা নতুন ভাৰতৰ অভ্যাসত পৰিণত হ'ব। এইটো আৰম্ভ হ'বলৈ গৈছে। আপোনালোকে যেতিয়া টকিঅ'লৈ গৈ দেশৰ পতাকা উত্তোলন কৰিব তেতিয়া সমগ্র বিশ্বই সেয়া দেখিবলৈ পাব। তেতিয়া আপোনালোকে অৱশ্যেই মনত ৰাখিব লাগিব যে, জয়ৰ বাবে খেলিব লাগিব বুলি আপোনালোক কেতিয়াও কোনো  চাপৰ মাজত থাকিব নালাগে। আপোনালোকৰ হৃদয় আৰু মনক কেবল এটা কথাই কওক- আমি আমাৰ শ্ৰেষ্ঠটো দিব লাগিব। আমি আকৌ দেশবাসীক ‘চিয়াৰ ফৰ ইন্ডিয়া’ৰ বাবে আহ্বান জনাম। আমাৰ দৃঢ় বিশ্বাস আছে যে, আপোনালোক সকলোৱে দেশৰ হৈ খেলিব আৰু দেশৰ গৌৰব বৃদ্ধি কৰিব আৰু দেশক এক নতুন উচ্চতাত উপনীত কৰাব। এই দৃঢ় প্রত্যয়ৰ সৈতে মই আপোনালোকক অনেক ধন্যবাদ জনাইছো! আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ বাবেও মোৰ বিশেষ শুভেচ্ছা থাকিল! অনেক ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's chip dreams get a Rs 1.25 lakh crore push with Semiconductor Mission 2.0

Media Coverage

India's chip dreams get a Rs 1.25 lakh crore push with Semiconductor Mission 2.0
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets CA fraternity on Chartered Accountants' Day
July 01, 2026

The Prime Minister, Shri Narendra Modi, today extended his greetings to the Chartered Accountant fraternity on the occasion of Chartered Accountants' Day. Shri Modi said that Chartered Accountants have long been trusted partners in India's economic journey. He noted that through their commitment to transparency and professional excellence, they have strengthened the country's financial systems, supported businesses, encouraged entrepreneurship and inspired confidence among investors.

The Prime Minister posted on X:

Greetings on Chartered Accountants' Day to the entire CA fraternity. They have long been trusted partners in India's economic journey. Through their commitment to transparency and professional excellence, they strengthen our financial systems, support businesses, encourage entrepreneurship and inspire confidence among investors. Their expertise contributes significantly to economic growth and nation-building. As we move towards becoming a Viksit Bharat, their efforts help create an environment where enterprise can flourish and opportunities can expand for all.