এয়া ভাৰতৰ অবিশ্বাস্য ক্ৰীড়া প্ৰতিভাক উদযাপন আৰু এই ক্ৰীড়াই দেশৰ ভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ মনোভাৱক থূপাই-প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি ক্ৰীড়াক ভাৰতৰ সামগ্ৰিক বিকাশৰ এক মূল চালিকাশক্তি হিচাপে গণ্য কৰোঁঃ প্ৰধানমন্ত্ৰী
আমি আমাৰ খেলুৱৈসকলৰ বাবে সৰ্বাধিক সুযোগ সৃষ্টি কৰিছোঁ যাতে তেওঁলোকে নিজৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী
ভাৰত ২০৩৬ত অলিম্পিক আয়োজনৰ বাবে অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰীয় ক্ৰীড়া কেৱল এক ক্ৰীড়া অনুষ্ঠানেই নহয়, বৰঞ্চ এয়া ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক প্ৰদৰ্শনৰ এখনি বিশাল মঞ্চ, যিয়ে ভাৰতৰ চহকী বৈচিত্ৰ্য আৰু ঐক্যক উদযাপন কৰেঃ প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়!

দেৱভূমি উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং জী, যুৱ মুখ্যমন্ত্ৰী পুষ্কৰ ধামী জী, মোৰ কেবিনেট সহকৰ্মী অজয় টমটা জী, ৰক্ষা খাদছে জী, উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ ৰিতু খাণ্ডুৰী জী, ক্ৰীড়া মন্ত্ৰী ৰেখা আৰ্য জী, ‘কমনৱেলথ গে’মছ’ৰ সভাপতি ক্ৰিছ জেনকিন্স জী, আইঅ'এৰ সভাপতি পি টি উষা জী, সাংসদ মহেন্দ্ৰ ভট্ট জী, ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ অহা সমগ্ৰ দেশৰ সকলো খেলুৱৈ, অন্যান্য গণ্যমান্য ব্যক্তিসকল!

আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

আমি প্ৰায়েই শুনি আহিছোঁ যে সোণ তপস্যাৰ দ্বাৰা উজলি উঠে। আমি খেলুৱৈসকলৰ বাবে অধিকৰো অধিক সুযোগ সৃষ্টি কৰি আছো যাতে তেওঁলোকে তেওঁলোকৰ সম্ভাৱনাসমূহৰ স্তৰ উন্নত কৰিব পাৰে। আজি-কালি গোটেই বছৰটোতে বহুতো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ‘খেলো ইণ্ডিয়া’ শৃংখলাত বহুতো নতুন প্ৰতিযোগিতা যোগ কৰা হৈছে। ‘খেলো ইণ্ডিয়া য়ুথ গে’মছ’-ৰ বাবে যুৱ খেলুৱৈসকলে আগবাঢ়ি যোৱাৰ সুযোগ পাইছে, ‘বিশ্ববিদ্যালয় গে’মছ’-য়ে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক নতুন সুযোগ প্ৰদান কৰিছে। ‘খেলো ইণ্ডিয়া পেৰা গে’মছ’-ৰ ‘পেৰা এথলীট’সকলৰ প্ৰদৰ্শনে নতুন সাফল্য লাভ কৰিছে। কেইদিনমান আগতে মাত্ৰ ‘খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া’ৰ ‘পঞ্চম সংস্কৰণ’ লাডাখত আৰম্ভ হৈছে। যোৱা বছৰ আমি ‘বীচ্চ গে’মছ’-ৰ আয়োজন কৰিছিলোঁ।

আৰু বন্ধুসকল,

এনে নহয় যে কেৱল চৰকাৰেহে এই সকলো কাম কৰি আছে। আজি, বিজেপিৰ শ শ সাংসদে নতুন প্ৰতিভা কঢ়িয়াই আনিবলৈ তেওঁলোকৰ অঞ্চলসমূহত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। মই কাশীৰ এগগৰাকী সাংসদো, যদি মই কেৱল মোৰ সমষ্টিৰ কথাকে কওঁ তেন্তে প্ৰতি বছৰে কাশী সংসদীয় সমষ্টিৰ প্ৰায় ২.৫ লাখ যুৱক-যুৱতীয়ে সাংসদ ক্ৰীড়া প্ৰতিযোগিতাত খেলিবলৈ আৰু উজলি উঠিবলৈ সুযোগ পাইছে। অৰ্থাৎ দেশত  ক্ৰীড়াৰ এক সুন্দৰ পৰিৱেশ প্ৰস্তুত কৰা হৈছে, য'ত প্ৰতিটো ঋতুতে ফুল ফুলিবলৈ লৈছে, সঘনাই প্ৰতিযোগিতা হবলৈ লৈছে।

 

বন্ধুসকল,

আমি ক্ৰীড়াক ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক মুখ্য মাধ্যম হিচাপে বিবেচনা কৰোঁ। যেতিয়া এখন দেশ ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ে, দেশৰ বিশ্বাসযোগ্যতাও বৃদ্ধি পায়, দেশৰ মৰ্যাদাও বৃদ্ধি পায়। সেয়েহে, আজি ক্ৰীড়াক ভাৰতৰ বিকাশৰ সৈতে সংযুক্ত কৰা হৈছে। আমি ইয়াক ভাৰতৰ যুৱক-যুৱতীসকলৰ আত্মবিশ্বাসৰ সৈতে সংযুক্ত কৰি আছোঁ। আজি ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হোৱাৰ দিশত আগবাঢ়িছে, ক্ৰীড়া অৰ্থনীতিৰ এক বৃহৎ অংশ লাভ কৰাটো হৈছে আমাৰ প্ৰয়াস। আপোনালোকে নিষ্চয় জানে যে, যিকোনো খেলতে, এয়া কেৱল এগৰাকী খেলুৱৈয়ে খেলা নহয়, ইয়াৰ আঁৰত এটা সম্পূৰ্ণ পৰিৱেশতন্ত্ৰ থাকে। কোশ্ব, প্ৰশিক্ষক, পুষ্টি আৰু ফিটনেছৰ ক্ষেত্ৰত নজৰ দিয়া লোক থকে, চিকিৎসক থাকে, সা-সঁজুলি থাকে। অৰ্থাৎ, ইয়াত সেৱা আৰু উৎপাদন দুয়োটাৰে সুযোগ আছে। ভাৰত এই বিভিন্ন ক্ৰীড়া সামগ্ৰীৰ এক মান সম্পন্ন নিৰ্মাতা হৈ উঠিছে যিবোৰ সমগ্ৰ বিশ্বৰ খেলুৱৈসকলে ব্যৱহাৰ কৰে। মীৰাট ইয়াৰ পৰা বেছি দূৰৈত নহয়। তাত ক্ৰীড়া সামগ্ৰী নিৰ্মাণ কৰা ৩৫,০০০ তকৈয়ো অধিক সৰু-ডাঙৰ কাৰখানা আছে। তিনি লাখতকৈয়ো অধিক লোকে সেইবোৰত কাম কৰি আছে। এই পৰিস্থিতিতন্ত্ৰ যাতে দেশৰ প্ৰতিটো কোণতে নিৰ্মিত হয় আজি তাৰ বাবে দেশখনে ইয়াৰ বাবে কাম কৰি আছে।

বন্ধুসকল,

কিছু দিনৰ আগতে মই দিল্লীত থকা মোৰ বাসভৱনত অলিম্পিকলৈ যোৱা দলটোৰ সৈতে মিলিত হোৱাৰ সুযোগ পাইছিলো। বাৰ্তালাপৰ সময়ত এজন খেলুৱৈ বন্ধুৱে প্ৰধানমন্ত্ৰীৰ এক নতুন সংজ্ঞা দিছিল। তেওঁ কৈছিল যে দেশৰ খেলুৱৈসকলে মোক ‘পিএম’ অৰ্থাৎ প্ৰধানমন্ত্ৰী হিচাপে গণ্য নকৰে, বৰঞ্চ এগৰাকী ‘পৰম মিত্ৰ’ হিচাপেহে গণ্য কৰে। আপোনালোকৰ এই বিশ্বাসেই মোক শক্তি প্ৰদান কৰে। আপোনালোক সকলোৰে প্ৰতিভা আৰু সামৰ্থ্যৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, আমি আপোনালোকৰ শক্তি বৃদ্ধি কৰিবলৈ আৰু আপোনালোকৰ খেলৰ মান উন্নত কৰিবলৈ যথাসাধ্যে চেষ্টা কৰি আছো। যোৱা ১০ বছৰত আমি আপোনালোকৰ প্ৰতিভাক সমৰ্থন কৰাত নিৰন্তৰ গুৰুত্ব প্ৰদান কৰি আহিছো। ১০ বছৰ আগতে ক্ৰীড়াৰ বাজেট যিমান আছিল আজি সেয়া তিনিগুণতকৈয়ো অধিক হৈছে। ‘টিঅ’পিএছ’ আঁচনিৰ অধীনত দেশৰ বহু সংখ্যক খেলুৱৈৰ বাবে শ শ কোটি টকা বিনিয়োগ কৰা হৈছে। ‘খেলো ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত সমগ্ৰ দেশতে আধুনিক ক্ৰীড়া আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে। আজি, বিদ্যালয়সমূহত ক্ৰীড়াকো মূলসুঁতিত অন্তৰ্ভুক্ত কৰা হৈছে। মণিপুৰত দেশৰ প্ৰথমখন ‘ক্ৰীড়া বিশ্ববিদ্যালয়’ও নিৰ্মিত হৈছে।

 

বন্ধুসকল,

আমি চৰকাৰৰ এই প্ৰচেষ্টাৰ ফলাফল ভূমিগত হোৱা দেখিছো, পদক তালিকাত এই কথা দৃশ্যমান হৈছে। আজি ভাৰতীয় খেলুৱৈসকলে প্ৰতিটো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত তেওঁলোকৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। ‘অলিম্পিক’ আৰু ‘পেৰালিম্পিক’ত আমাৰ খেলুৱৈসকলে কিমান ভাল প্ৰদৰ্শন কৰিছে। উত্তৰাখণ্ডৰ বহুতো খেলুৱৈয়েও পদক জিকিছে। মই সুখী যে বহুতো পদক বিজয়ী আজি আপোনালোকক উৎসাহিত কৰিবলৈ ইয়ালৈ আহিছে।

বন্ধুসকল,

পুৰণি গৌৰৱৰ দিনবোৰ হকীলৈ ঘূৰি আহিছে। মাত্ৰ কেইদিনমান আগতে আমাৰ খো খো দলে বিশ্বকাপ জিকিছিল। যেতিয়া আমাৰ গুকেশ ডিয়ে ‘বিশ্ব দবা চেম্পিয়নশ্বিপ’ৰ খিতাপ জিকিছিল, বিশ্ব আচৰিত হৈছিল। মহিলাৰ ‘বিশ্ব দ্ৰুত দবা চেম্পিয়ন’ হোৱা কোনেৰু হাম্পিয়ে দেখুৱায় যে কেনেদৰে ভাৰতৰ ক্ৰীড়া এতিয়া কেৱল ‘এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটী’য়েই নহয়। এতিয়া আমাৰ যুৱক-যুৱতীসকলে কেৰিয়াৰৰ এটা মুখ্য পছন্দ হিচাপেও ক্ৰীড়াৰ ক্ষেত্ৰখনত কাম কৰি আছে।

বন্ধুসকল,

যেনেকৈ আমাৰ খেলুৱৈসকলে সদায় ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰে, ঠিক তেনেদৰেই আমাৰ দেশেও ডাঙৰ সংকল্পৰ সৈতে আগবাঢ়িছে। আপোনালোক সকলোৱে জানে যে ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ বাবে জোৰ দি আছে। যেতিয়া ভাৰতত অলিম্পিক অনুষ্ঠিত হ'ব, ই ভাৰতৰ ক্ৰীড়াক এক নতুন দিগন্তলৈ লৈ যাব। অলিম্পিক কেৱল এক ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজনেই নহয়, বিশ্বৰ যি দেশতে অলিম্পিক অনুষ্ঠিত হয় ততেই ক্ৰীড়াক্ষেত্ৰই বিশেষ গতি লাভ কৰে। অলিম্পিকৰ বাবে যি ক্ৰীড়া তাৰ পৰাও কৰ্ম-সংস্থাপনৰ সৃষ্টি হয়। ভৱিষ্যতে খেলুৱৈসকলৰ বাবে উন্নত সা-সুবিধা সৃষ্টি কৰা হয়। অলিম্পিক অনুষ্ঠিত হোৱা চহৰসমূহত নতুন সংযোগ আন্তঃগাঁথনি নিৰ্মাণ কৰা হয়। ই নিৰ্মাণ উদ্যোগক এক উৎসাহ প্ৰদান কৰে, পৰিবহন সম্পৰ্কীয় খণ্ডসমূহ আগবাঢ়ে। আৰু আটাইতকৈ ডাঙৰ লাভ হয় দেশৰ পৰ্যটনৰ। বহুতো নতুন হোটেল নিৰ্মিত হয়, সমগ্ৰ বিশ্বৰ মানুহে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ আৰু গেমছ চাবলৈ আহে। ই সমগ্ৰ দেশক লাভান্বিত কৰে। উদাহৰণ স্বৰূপে, এই ৰাষ্ট্ৰীয় ক্ৰীড়া ইয়াত, দেৱভূমি উত্তৰাখণ্ডত আয়োজন কৰা হৈছে। দৰ্শকসকল দেশৰ আন প্ৰান্তৰ পৰা ইয়ালৈ আহিব, তেওঁলোক উত্তৰাখণ্ডৰ আন প্ৰান্তসমূহলৈকো যাব। অৰ্থাৎ, কেৱল খেলুৱৈসকলেই এখন ক্ৰীড়া প্ৰতিযোগিতাৰ পৰা লাভান্বিত নহয়, বৰঞ্চ আন বহুতো খণ্ডৰ অৰ্থনীতিও ইয়াৰ পৰা লাভান্বিত হয়।

 

বন্ধুসকল,

আজি বিশ্বই কৈছে যে একবিংশ শতিকা হৈছে ভাৰতৰ শতাব্দী। আৰু ইয়াত বাবা কেদাৰৰ দৰ্শন কৰাৰ পিছত, এইটো হঠাতে মোৰ মুখ, মোৰ হৃদয়ৰ পৰা ওলাই আহিছিল - এইটো হৈছে উত্তৰাখণ্ডৰ দশক। মই সুখী যে উত্তৰাখণ্ড দ্ৰুতগতিত আগবাঢ়ি আছে। কালিয়েই উত্তৰাখণ্ড দেশৰ এনে এখন ৰাজ্য হৈ পৰিছিল যিয়ে ‘ইউনিফৰ্ম চিভিল কোড’, ‘উমৈহতীয়া নাগৰিক সংহিতা’ কাৰ্যকৰী কৰিছিল, মই প্ৰায়েই ইয়াক ‘ধৰ্মনিৰপেক্ষ নাগৰিক বিধি’ বুলিও কওঁ। এখন ‘সমান নাগৰিক সংহিতা’ আমাৰ ছোৱালী, মাতৃ আৰু ভগ্নীসকলৰ বাবে এক সন্মানীয় জীৱনৰ আধাৰ হৈ উঠিব। ‘সমান নাগৰিক সংহিতা’ই গণতন্ত্ৰৰ মনোভাৱ শক্তিশালী কৰিব, সংবিধানৰ চেতনা শক্তিশালী কৰিব। আৰু মই আজি এই ক্ৰীড়া প্ৰতিযোগিতাখনত ইয়াত আছোঁ, সেয়েহে মই ইয়াক আপোনালোকৰ সৈতে সংযুক্ত কৰিও চাব বিচাৰিছোঁ। খেলুৱৈ-সুলভতাই আমাক প্ৰতিটো বৈষম্যৰ অনুভূতিৰ পৰা আঁতৰাই আনে, প্ৰতিটো বিজয়ৰ, প্ৰতিটো পদকৰ আঁৰৰ মন্ত্ৰ হৈছে সকলোৰে প্ৰয়াস। ক্ৰীড়াই আমাক দলীয় মনোভাৱৰ সৈতে খেলিবলৈ অনুপ্ৰাণিত কৰে। ‘ইউনিফৰ্ম চিভিল কোড’ৰ ক্ষেত্ৰতো একেই অনুভূতি আছে। কাৰো প্ৰতি যাতে বৈষম্য কৰা নহয়, সকলোৱেই সমান। এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মই উত্তৰাখণ্ডৰ বিজেপি চৰকাৰক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

উত্তৰাখণ্ডত এয়া প্ৰথম বাৰৰ বাবে ইমান বৃহৎ পৰিমাণত এনে ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এয়া নিতান্তই এটা ডাঙৰ কথা। ইয়াৰ ফলত ইয়াত নিযুক্তিৰ অধিক সুযোগ সৃষ্টি হ'ব, ইয়াৰ যুৱক-যুৱতীসকলে ইয়াত কাম পাব। উত্তৰাখণ্ডই ইয়াৰ বিকাশৰ বাবে অধিক নতুন পথ সৃষ্টি কৰিব লাগিব। এতিয়া যেতিয়া উত্তৰাখণ্ডৰ অৰ্থনীতিয়ে কেৱল চাৰ ধাম যাত্ৰাৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব নোৱাৰে। সেয় আজিৰ চৰকাৰে সুবিধাসমূহ প্ৰদান কৰি এই যাত্ৰাসমূহৰ আকৰ্ষণ নিৰন্তৰ বৃদ্ধি কৰি আহিছে। প্ৰতিটো ঋতুতে ভক্তৰ সংখ্যাই নতুন অভিলেখ স্থাপন কৰিছে। কিন্তু এয়াই যথেষ্ট নহয়। উত্তৰাখণ্ডত শীতকালীন আধ্যাত্মিক ভ্ৰমণক উৎসাহিত কৰাটোও প্ৰয়োজনীয় হৈছে। মই সুখী যে উত্তৰাখণ্ডইয়ো এই দিশত কিছুমান নতুন পদক্ষেপ গ্ৰহণ কৰিছে।

বন্ধুসকল,

উত্তৰাখণ্ড এক প্ৰকাৰে মোৰ দ্বিতীয়খন ঘৰ। মোৰো মন যায় যে মই শীতকালীন ভ্ৰমণৰ অংশ হওঁ। মই সমগ্ৰ দেশৰ যুৱসকলক শীতকালত নিশ্চিতভাৱে উত্তৰাখণ্ডলৈ আহিবলৈ অনুৰোধ জনাম। তেতিয়া ইয়াত ভক্তৰ সংখ্যাও সিমান নহয়। আপোনালোকৰ বাবে ইয়াত দুঃসাহসিক কাৰ্যকলাপৰ যথেষ্ট সম্ভাৱনা আছে। আপোনালোক সকলোৱে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পিছত সেইসমূহৰ বিষয়ে জানিব আৰু যদি সম্ভৱ হয়, অধিক দিনৰ বাবে দেৱভূমিৰ আতিথ্য উপভোগ কৰিব।

 

বন্ধুসকল,

আপোনালোক সকলোৱে আপোনালোকৰ নিজ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰে। আগন্তুক দিনকেইটাত আপোনালোকে ইয়াত কঠোৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। বহুতো ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হ'ব, নতুন অভিলেখ সৃষ্টি কৰা হ'ব। আপোনালোকে আপোনালোকৰ সামৰ্থ্য অনুসৰি আপোনালোকৰ ১০০ শতাংশ দিব, কিন্তু মোৰ ওচৰত আপোনালোকৰ বাবে এটা অনুৰোধ আছে। এই ৰাষ্ট্ৰীয় ক্ৰীড়াসমূহ কেৱল এক ক্ৰীড়া প্ৰতিযোগিতাই নহয়, ই ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ বাবেও এক শক্তিশালী মঞ্চ। এইটো ভাৰতৰ বৈচিত্ৰ্য উদযাপনৰো এক অনুষ্ঠান। আপোনালোকৰ পদকসমূহত ভাৰতৰ একতা আৰু শ্ৰেষ্ঠতাৰ উজ্জ্বলতাকো আনিবলৈ চেষ্টা কৰিব। ইয়াৰ পৰা, আপোনালোকে দেশৰ বিভিন্ন ৰাজ্যৰ ভাষা, খাদ্য, গান আৰু সংগীতৰ বিষয়ে উন্নত তথ্য লৈ উভতিব। পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কেও মোৰ এটা অনুৰোধ আছে। দেৱভূমিৰ বাসিন্দাসকলৰ প্ৰচেষ্টাত উত্তৰাখণ্ডই প্লাষ্টিকমুক্ত হোৱাৰ দিশত কঠোৰ পৰিশ্ৰম কৰি আছে। আপোনালোকৰ সমৰ্থন অবিহনে প্লাষ্টিকমুক্ত উত্তৰাখণ্ডৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰি। অনুগ্ৰহ কৰি এই অভিযানটো সফল কৰিবলৈ অৰিহণা যোগাব।

বন্ধুসকল,

আপোনালোক সকলোৱে ‘ফিটনেছ’ৰ গুৰুত্ব বুজি পায়। সেয়েহে, আজি মই এটা প্ৰত্যাহ্বানৰ বিষয়েও কথা পাতিব বিচাৰিছোঁ যিটো অতিকে গুৰুত্বপূৰ্ণ। পৰিসংখ্যাই দেখুৱাইছে যে আমাৰ দেশত মেদবহুলতাৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা দেশৰ প্ৰতিটো বয়স গোটৰ লগতে যুৱক-যুৱতীসকলো বেয়াকৈ প্ৰভাৱিত হৈছে। আৰু এয়াও হৈছে চিন্তাৰ বিষয়, কিয়নো ‘অবেচিটী’ অৰ্থাত্ মেদবহুলতাৰ বাবে ‘ডায়েবেটিচ’, হৃদৰোগৰ দৰে ৰোগৰ আশংকা বৃদ্ধি পাইছে। মই সন্তুষ্ট যে আজি ‘ফিট ইণ্ডিয়া’ আন্দোলনৰ জৰিয়তে দেশখন সুস্থতা আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ বিষয়ে অধিক সজাগ হৈ উঠিছে। এই ৰাষ্ট্ৰীয় খেলবোৰে আমাক শাৰীৰিক সক্ৰিয়তা, অনুশাসন আৰু সন্তুলিত জীৱন কিমান গুৰুত্বপূৰ্ণ সেই কথাও শিকায়। আজি মই দেশবাসীক ক'ব বিচাৰো, নিশ্চিতভাৱে দুটা বিষয়ত গুৰুত্ব দিয়ক। এই দুটা বিষয় ব্যায়াম আৰু আহাৰৰ সৈতে সম্পৰ্কিত। প্ৰতিদিনে, অলপ সময় উলিয়াওক আৰু ব্যায়াম কৰক। খোজ কঢ়াৰ পৰা ব্যায়াম কৰালৈকে, যি সম্ভৱ কৰিব। দ্বিতীয়তে, আপোনালোকৰ আহাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আপোনালোকৰ মনোযোগ সন্তুলিত গ্ৰহণত হোৱা উচিত আৰু খাদ্য নিউট্ৰিচিয়াছ, পুষ্টিকৰ হোৱা উচিত।

 

আৰু এটা কথা হ’ব পাৰে। আপোনালোকে খাওতে অ-স্বাস্থ্যকৰ চৰ্বি, তেল কিছু কমাওক। আমাৰ সাধাৰণ পৰিয়ালবোৰৰ দৰে, মাহটোৰ আৰম্ভণিতে ৰেচন আহে। এই পৰ্যন্ত যদি আপোনালোকে প্ৰতি মাহে দুই লিটাৰ ৰন্ধন তেল ঘৰলৈ আনিছিল, এই পৰিমাণ ১০ শতাংশৰে হ্ৰাস কৰক। আমি প্ৰতিদিনে ব্যৱহাৰ কৰা তেলৰ পৰিমাণ ১০ শতাংশ হ্ৰাস কৰক। মেদবহুলতা এৰাই চলিবলৈ আমি কিছুমান উপায় বিচাৰিব লাগিব। এনে সৰু পদক্ষেপ লোৱাটোৱে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। আৰু আমাৰ বয়োজ্যেষ্ঠসকলে সেয়াই কৰিছিল। তেওঁলোকে সতেজ বস্তু, প্ৰাকৃতিক বস্তু, সন্তুলিত আহাৰ খাইছিল। কেৱল এক স্বাস্থ্যৱান শৰীৰেহে এক স্বাস্থ্যৱান মন আৰু এক স্বাস্থ্যৱান ৰাষ্ট্ৰ গঢ়িব পাৰে। মই ৰাজ্য চৰকাৰ, বিদ্যালয়, কাৰ্যালয় আৰু সমাজৰ নেতাসকলক এই বিষয়ে সজাগতা বিয়পাবলৈ আহ্বান জনাব বিচাৰো, আপোনালোক সকলোৰে যথেষ্ট ব্যৱহাৰিক অভিজ্ঞতা আছে। মই বিচাৰো যে আপোনালোকে সঠিক পুষ্টিৰ তথ্য নিৰন্তৰ মানুহৰ প্ৰচাৰিত কৰক। আহক, আমি সকলোৱে এই আহ্বানৰে 'ফিট ইণ্ডিয়া' গঢ়িবলৈ একত্ৰিত হওঁ আহক।

 

বন্ধুসকল,

 

হওতে, ‘ৰাষ্ট্ৰীয় ক্ৰীড়া’ আৰম্ভ কৰাটো হৈছে মোৰ দায়িত্ব, কিন্তু আজি মই আপোনালোক সকলোকে লৈ এই কামটো কৰিব বিচাৰিছোঁ। গতিকে এই ‘গে’মছ’ৰ আৰম্ভণিৰ বাবে আপোনালোকৰ ম'বাইলৰ ‘ফ্লেছলাইট’বোৰ অন কৰক, আপোনালোক সকলোৱে ‘ফ্লেছলাইট’বোৰ জ্বলাই লওক। আপোনালোক সকলোৰে সৈতে একেলগে মই ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ৰ শুভাৰম্ভ ঘোষণা কৰিলোঁ। আকৌ এবাৰ, আপোনালোক সকলোলৈকে মোৰ শুভেচ্ছা জনাইছোঁ।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects

Media Coverage

India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 11th Governing Council Meeting of NITI Aayog
June 11, 2026
Vision of Viksit Bharat should become the collective resolve of every State, district, block and village: PM
PM calls India's 70 crore youth its asset, urges States to transform this Demographic dividend into Development dividend
PM encourages States to create opportunities for youth and MSMEs and actively attract investments from countries with which India has signed FTAs
States to strengthen ODOP and leverage opportunities in defence manufacturing: PM
PM emphasizes that AI should be viewed as an opportunity and people should be equipped with future ready skills
PM highlights the need for coordinated efforts to address emerging social challenges such as drug abuse and cyber fraud
PM draws attention to concerns arising from El Niño and urges States to conserve water and promote natural farming
CMs/LGs/Administrators congratulate PM Modi on completing 12 years in office
States express solidarity with the Centre to withstand the global geo-political crisis and to strengthen India’s resilience
All States and 5 UTs attend meeting; first time when CMs of all 28 States participate
Theme of meeting : Inclusive Human Development for Viksit Bharat@2047

Prime Minister Shri Narendra Modi chaired the 11th Governing Council Meeting of NITI Aayog at Rashtrapati Bhavan Cultural Centre, New Delhi, earlier today. This year’s theme was Inclusive Human Development for Viksit Bharat@2047. It was attended by Chief Ministers, Lt. Governors and Administrators representing 28 States and 5 UTs. This was the first time when Chief Ministers of all 28 States participated in the Governing Council Meeting of NITI Aayog.

Prime Minister noted that at a time when many major economies are facing uncertainty and economic challenges, India’s growth story continues to inspire the world. He emphasized the need to further strengthen the nation’s resolve towards self-reliance and highlighted the importance of adopting and implementing global best practices, particularly in the renewable energy sector.

Underscoring the importance of cooperative federalism, Prime Minister stated that the Centre and the States must work together to achieve the goal of a Viksit Bharat. He stressed that the vision of Viksit Bharat should become the collective resolve of every State, district, block and village.

Highlighting the strength of India’s demographic profile, Prime Minister observed that the country’s youth constitute its greatest asset, with nearly 70 crore Indians below the age of 25 years. Calling this a demographic dividend, he urged States to focus on transforming it into a development dividend through education, skilling and capacity-building initiatives that prepare young people for future opportunities and challenges.

Referring to India’s recently concluded trade agreements with several countries, Prime Minister encouraged States to create opportunities for youth and MSMEs and to equip stakeholders to effectively leverage the benefits arising from these agreements. He also urged States to actively attract investments from partner countries.

Emphasizing women-led development, Prime Minister called upon States to work towards increasing the number of Lakhpati Didis from 3 crore to 6 crore and stressed the importance of ensuring a safe and secure environment for Nari Shakti.

Prime Minister urged States to focus on One District One Product (ODOP) initiatives and develop export-oriented strategies around it. He also identified defence manufacturing as an emerging sector where India is establishing a distinct identity and encouraged States to formulate policies to leverage the opportunities arising from its growth.

Prime Minister highlighted the need for coordinated efforts to address emerging social challenges such as drug abuse and cyber fraud through preventive measures, awareness campaigns and effective governance.

Prime Minister also drew attention to concerns arising from El Niño conditions and appealed to States to promote water conservation and encourage natural and organic farming practices. He noted that the purchase of 11 lakh tonnes of organic manure by farmers during the current Kharif season reflected growing confidence in sustainable agriculture.

Prime Minister emphasized the need to evaluate progress at the district level, particularly through aspirational district parameters. Prime Minister suggested that on similar lines, 100 districts should be identified in the field of agriculture to bring positive results. He urged the States to take lead in this pursuit so that a phenomenal change can be achieved through the aspirational approach.

Prime Minister emphasised the need for a monitoring framework and targeted 100-day and five-year goals towards achieving the vision of Viksit Bharat@2047.

Highlighting the importance of good governance, transparency, and infrastructure for attracting investment, he urged States to focus on branding, ease of doing business, and emerging opportunities in sectors such as data centres and artificial intelligence. He emphasized that AI should be viewed as an opportunity and called for greater efforts to equip people with the skills required for the future economy.

The Chief Ministers/Lt. Governors/Administrators congratulated Prime Minister Modi on completing 12 years in his office. They also expressed solidarity with the Centre to withstand the global geo-political crisis and to strengthen India’s resilience with respect to energy requirements, and sustain its growth trajectory.

Prime Minister noted that the discussions were constructive and reflected the aspirations, hopes, experiences, best practices, and challenges of the States. Prime Minister expressed his gratitude to all the CMs, LGs and Administrators for participating in the meeting and expressed confidence that Together, through cooperation, innovation, and a shared commitment to development, India can accelerate its journey towards a Viksit Bharat by 2047.