কলকাতাৰ দৰে চহৰবোৰে ভাৰতৰ ইতিহাস আৰু ইয়াৰ ভৱিষ্যত দুয়োটাৰে চহকী পৰিচয়ক প্ৰতিনিধিত্ব কৰে: প্ৰধানমন্ত্ৰী
ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে এই যাত্ৰাত দমদম আৰু কলকাতাৰ দৰে চহৰে উল্লেখযোগ্য ভূমিকা পালন কৰিব: প্ৰধানমন্ত্ৰী
একবিংশ শতিকাৰ ভাৰতত একবিংশ শতিকাৰ পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন। সেইবাবেই ৰে’লৱে আৰু পথৰ পৰা আৰম্ভ কৰি মেট্ৰ’ আৰু বিমানবন্দৰলৈকে আধুনিক সুবিধাসমূহ বিকশিত আৰু একত্ৰিত কৰি সমগ্ৰ দেশতে নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰা হৈছে। - প্ৰধানমন্ত্ৰী

পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসু জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শান্তনু ঠাকুৰ জী, ৰৱনীত সিং জী, সুকান্ত মজুমদাৰ জী, পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী জী, সংসদত মোৰ সহযোগী শোমিক ভট্টাচাৰ্য জী, উপস্থিত থকা অন্যান্য জনপ্ৰতিনিধি, ভদ্ৰমহিলাসকল,উপস্থিত অন্যান্য গণ্য-মান্য ব্যক্তিসকল।

আজি আকৌ এবাৰ পশ্চিম বংগৰ উন্নয়ন ত্বৰান্বিত কৰাৰ সুযোগ পাইছো। নয়াপাৰাৰ পৰা জয় হিন্দ বিমান বন্দৰলৈ কলকাতা মেট্ৰ’ উপভোগ কৰি এইমাত্ৰ উভতি আহিছো। এই সময়ছোৱাত বহু সহকৰ্মীৰ লগত কথা পতাৰ সুযোগো পাইছিলোঁ। সকলোৱে সুখী যে কলকাতাৰ ৰাজহুৱা পৰিবহণ সচাকৈয়ে এতিয়া আধুনিক হৈ পৰিছে। আজি ইয়াত ছয় লেনযুক্ত উচ্চ কোনা এক্সপ্ৰেছৱেৰ আধাৰশিলাও স্থাপন কৰা হৈছে। হাজাৰ কোটি টকাৰ এই সকলোবোৰ প্ৰকল্পৰ বাবে কলকাতাবাসী আৰু সমগ্ৰ পশ্চিমবংগবাসীলৈ অশেষ অভিনন্দন।

 

বন্ধুসকল,

কলকাতাৰ দৰে আমাৰ চহৰবোৰ ভাৰতৰ ইতিহাস আৰু আমাৰ ভৱিষ্যত দুয়োটাৰে এক চহকী পৰিচয়। আজি যেতিয়া ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে, তেতিয়া এই চহৰ কলকাতাৰ দমদম চহৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । গতিকে আজিৰ কাৰ্যসূচীৰ বাৰ্তা মেট্ৰ’ উদ্বোধন আৰু ঘাইপথৰ আধাৰশিলা স্থাপনতকৈও ডাঙৰ। আজিৰ ভাৰতে নিজৰ নগৰসমূহক কেনেদৰে ৰূপান্তৰিত কৰিছে তাৰ প্ৰমাণ এই অনুষ্ঠান। আজি ভাৰতৰ চহৰবোৰত সেউজ গতিশীলতাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে, বৈদ্যুতিক চাৰ্জিং পইণ্ট আৰু বৈদ্যুতিক বাছৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি কৰা হৈছে, আৱৰ্জনাক ধন-সম্পদলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, চহৰৰ পৰা উৎপন্ন হোৱা আৱৰ্জনাসমূহৰ পৰা বিদ্যুৎ উৎপাদন কৰা হৈছে, মেট্ৰ’ৰ সুবিধাসমূহ বৃদ্ধি পাইছে, মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰিত হৈছে। আজি সকলোৱে গৌৰৱ অনুভৱ কৰিছে যে বিশ্বৰ তৃতীয় বৃহত্তম মেট্ৰ’ নেটৱৰ্ক এতিয়া ভাৰতত আছে। ২০১৪ চনৰ পূৰ্বে দেশত মাত্ৰ ২৫০ কিলোমিটাৰ মেট্ৰ’ পথ আছিল। আজি দেশৰ মেট্ৰ’ পথটো হাজাৰ কিলোমিটাৰতকৈও অধিক দীঘল হৈ পৰিছে। কলকাতাতো মেট্ৰ’ৰ সম্প্ৰসাৰণ নিৰন্তৰ হৈ আহিছে। আজি কলকাতাৰ মেট্ৰ’ ৰে’ল নেটৱৰ্কত প্ৰায় ১৪ কিলোমিটাৰ নতুন লাইন সংযোজন কৰা হৈছে। কলকাতা মেট্ৰ’ত সংযোজন কৰা হৈছে ৭টা নতুন ষ্টেচন। এই সকলোবোৰ কামে কলকাতাৰ জনসাধাৰণৰ জীৱন-যাপনৰ সহজতা আৰু ভ্ৰমণৰ সহজতা বৃদ্ধি কৰিবলৈ গৈ আছে।

 

বন্ধুসকল,

 

একবিংশ শতিকাৰ ভাৰততো একবিংশ শতিকাৰ পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন। সেইবাবেই আজি আমি দেশত আধুনিক পৰিবহণৰ সুবিধা, ৰেলৰ পৰা পথলৈ, মেট্ৰ’ৰ পৰা বিমানবন্দৰলৈকে গঢ়ি তুলিছো, আৰু ইটোৱে সিটোৰ লগতো সংযোগ কৰিছো। অৰ্থাৎ এখন চহৰৰ পৰা আন এখন চহৰলৈ মানুহক পৰিবহণ কৰাৰ লগতে তেওঁলোকৰ ঘৰৰ ওচৰতে নিৰৱচ্ছিন্ন পৰিবহণৰ ব্যৱস্থা কৰাটোৱেই আমাৰ প্ৰচেষ্টা। আৰু ইয়াৰ আভাস আমি কলকাতাৰ বহুমৌলিক সংযোগতো দেখিবলৈ পাওঁ। উদাহৰণ স্বৰূপে আজি দেশৰ আটাইতকৈ ব্যস্ত ৰেল ষ্টেচন যেনে হাওৰা, শিয়ালদহ এতিয়া মেট্ৰ’ৰ সৈতে সংযুক্ত হৈ পৰিছে। অৰ্থাৎ আগতে ডেৰ ঘণ্টা সময় লোৱা ষ্টেচনবোৰৰ মাজত যাত্ৰাত এতিয়া মেট্ৰ’ৰ সৈতে মাত্ৰ কেইমিনিটমান সময় লাগিব। একেদৰে হাওৰা ষ্টেচনৰ ছাবমেট্ৰ’তো মাল্টিম’ডাল সংযোগ সুনিশ্চিত কৰিছে। আগতে ইষ্টাৰ্ণ ৰে'লৱে বা চাউথ ইষ্টাৰ্ণ ৰে'লৱেৰ পৰা ৰে'ল ধৰিবলৈ দীঘলীয়া বাটভ্ৰমণ ল’বলগীয়া হৈছিল। এই ছাবমেট্ৰ’ নিৰ্মাণৰ পিছত আদান-প্ৰদানত লোৱা সময় কমি যাব। আজিৰ পৰা কলকাতা বিমানবন্দৰতো মেট্ৰ’ৰ সৈতে সংযোগ কৰা হৈছে। অৰ্থাৎ এতিয়া মহানগৰীৰ সুদূৰ ঠাইৰ পৰা বিমানবন্দৰলৈ যোৱাটো সহজ হৈ পৰিব।

বন্ধুসকল,

পশ্চিম বংগৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে। আজি পশ্চিম বংগই দেশৰ সেই ৰাজ্যসমূহৰ লগত যোগ দিছে য’ত ৰে’লপথৰ ১০০% বিদ্যুৎকৰণ কৰা হৈছে। দীৰ্ঘদিন ধৰি পুৰুলীয়া আৰু হাওৰাৰ মাজত এমইএমইউ ৰে'লৰ চাহিদা আছিল। ভাৰত চৰকাৰেও জনসাধাৰণৰ এই দাবী পূৰণ কৰিছে। আজি পশ্চিম বংগৰ বিভিন্ন পথত ৯ খন বন্দে ভাৰত ৰে'ল চলি আছে, ইয়াৰ উপৰি আপোনালোক সকলোৰে বাবে ২ খন অমৃত ভাৰত ৰে'লো চলি আছে।

 

বন্ধুসকল,

 

যোৱা ১১ বছৰত ভাৰত চৰকাৰে ইয়াত বহুতো ডাঙৰ ডাঙৰ ঘাইপথ প্ৰকল্প সম্পূৰ্ণ কৰিছে। বহু প্ৰকল্পৰ কাম চলি আছে। যেতিয়া ছয় লেনযুক্ত কোনা এক্সপ্ৰেছৱে সাজু হ’ব তেতিয়া ইয়াৰ দ্বাৰা বন্দৰটোৰ সংযোগ ক্ষমতাও উন্নত হ’ব। এই সংযোগে কলকাতা আৰু পশ্চিম বংগৰ উন্নত ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব। এতিয়াৰ বাবে এয়াই সকলো।

 

বন্ধুসকল,

 

কিছু সময়ৰ পাছত ইয়াত এখন ৰাজহুৱা সভা হ’ব, সেই সভাত আপোনালোক সকলোৰে সৈতে পশ্চিম বংগৰ উন্নয়ন আৰু ভৱিষ্যতৰ বিষয়ত  বিশদ আলোচনা হ’ব, আৰু বহুত কিবাকিবি হ’ব, গতিকে তাত বহু মানুহ অপেক্ষা কৰি আছে, মই মোৰ ভাষণ ইয়াতেই শেষ কৰিছো৷ আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল! ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Q4 GDP growth seen at 7.3%; CNBC-TV18 poll pegs FY26 at 7.5%

Media Coverage

India's Q4 GDP growth seen at 7.3%; CNBC-TV18 poll pegs FY26 at 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
June 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, June 28th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.