মাত্ৰ কেইদিনমান পূৰ্বে, মই কৰ্তব্য পথত সাধাৰণ কেন্দ্ৰীয় সচিবালয় অৰ্থাৎ কৰ্তব্য ভৱন উদ্বোধন কৰিছিলো, আৰু আজি সংসদত মোৰ সহকৰ্মীসকলৰ বাবে এই আৱাসিক কমপ্লেক্স উদ্বোধন কৰাৰ সুযোগ পাইছোঃ প্ৰধানমন্ত্ৰী
আজি দেশে সাংসদসকলৰ নতুন ঘৰৰ প্ৰয়োজন পূৰণ কৰাৰ সমান্তৰালকৈ পিএম-আৱাস যোজনাৰ জৰিয়তে ৪ কোটি দৰিদ্ৰ লোকক গৃহস্থ প্ৰৱেশৰ সুবিধা প্ৰদান কৰে: প্ৰধানমন্ত্ৰী
আজি দেশে কেৱল কৰ্তব্য পথ আৰু কৰ্তব্য ভৱন নিৰ্মাণ কৰাই নহয়, কোটি কোটি নাগৰিকক পাইপলাইনৰ জৰিয়তে পানী যোগান ধৰাৰ দায়িত্ব পালন কৰে: প্ৰধানমন্ত্ৰী
সৌৰ শক্তিৰ ভিত্তিক আন্তঃগাঁথনিৰ পৰা সৌৰ শক্তিৰ দেশৰ নতুন অভিলেখলৈকে দেশে বহনক্ষম উন্নয়নৰ দৃষ্টিভংগী নিৰন্তৰ ত্বৰান্বিত কৰি আছে : প্ৰধানমন্ত্ৰী

অনুষ্ঠানত উপস্থিত শ্ৰী ওম বিৰলা মহাশয়, মনোহৰ লাল মহাশয়, কিৰেন ৰিজিজু মহাশয়, মহেশ শৰ্মা মহাশয়, সংসদৰ সন্মানীয় সদস্যসকল, লোকসভাৰ মহাসচিব তথা ভদ্ৰ লোক আৰু ভদ্ৰ মহিলাসকল!

মাত্ৰ কেইদিনমান পূৰ্বে, মই কৰ্তব্য পথত সাধাৰণ কেন্দ্ৰীয় সচিবালয় অৰ্থাৎ কৰ্তব্য ভৱন উদ্বোধন কৰিছো। আৰু, আজি সংসদত সহকৰ্মীসকলৰ বাবে এই আৱাসিক কমপ্লেক্স উদ্বোধন কৰাৰ মই সুযোগ পাইছো। এই চাৰিটা স্তম্ভৰ নামো অতি সুন্দৰ-কৃষ্ণা, গোদাবৰী, কোচী, হুগলী-ভাৰতৰ চাৰিখন মহান নদী, যিয়ে কোটি কোটি লোকক জীৱন দিয়ে। এতিয়া এই অনুপ্ৰেৰণাৰে জন প্ৰতিনিধিসকলৰ জীৱনত আনন্দৰ এক নতুন ধাৰা প্রবাহিত হ'ব। কোচী নদী নামকৰণ কৰাৰ বাবে কিছু সংখ্যক লোকৰ সমস্যাও হ'ব, কাৰণ তেওঁলোকে কোচী নদীৰ পৰিৱৰ্তে তাত বিহাৰৰ নিৰ্বাচন দেখিব। এনে ক্ষুদ্ৰ চিন্তাধাৰাৰ লোকসকলৰ সমস্যা হ'লেও মই ক'ব লাগিব যে এই নদীসমূহৰ নামৰ পৰম্পৰাই আমাৰ দেশ একতাৰ এনাজৰিৰে বান্ধি ৰাখিছে। দিল্লীত আমাৰ সাংসদসকলৰ জীৱন ধাৰণৰ সূচলতা বৃদ্ধি হৈছে, দিল্লীত আমাৰ সাংসদসকলৰ বাবে উপলব্ধ চৰকাৰী গৃহৰ সংখ্যা এতিয়া অধিক হ'ব। মই সকলো সাংসদক অভিনন্দন জনাইছো। এই ফ্লেটসমূহৰ নিৰ্মাণৰ সৈতে জড়িত তথা কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে এই কাম সম্পূৰ্ণ কৰা সকলো অভিযন্তা আৰু শ্ৰমিককো মই অভিনন্দন জনাইছো।

 

বন্ধুসকল, মই এইমাত্ৰ আমাৰ সাংসদ সতীৰ্থসকলে প্ৰৱেশ কৰিবলগীয়া নতুন বাসগৃহসমূহৰ এটা আৰ্হি ফ্লেট চোৱাৰ সুযোগ পাইছো। মই পুৰণি সাংসদ কোৱাৰ্টাৰসমূহ ভ্ৰমণ কৰাৰো সুযোগ পাইছোঁ। পুৰণি বাসগৃহসমূহ যিধৰণে মেৰামতি বিহীনভাৱে আছিল তথা সাংসদসকলে যিধৰণে দিন-ৰাতি সমস্যাৰ সন্মুখীন হৈছিল, নতুন বাসগৃহসমূহত প্ৰৱেশ কৰাৰ পাছত এই অসুবিধাসমূহ দূৰ হ’ব। সাংসদসকল সমস্যাৰ পৰা মুক্ত হ’লে, তেওঁলোকে নিজ সময় আৰু শক্তি জনসাধাৰণৰ সমস্যাসমূহ উন্নত উপায়েৰে সমাধান কৰিবলৈ উৎসৰ্গিত কৰিব পাৰিব।

বন্ধুসকল, আপোনালোক সকলোৱে জানে যে প্ৰথমবাৰৰ বাবে জয়ী হৈ দিল্লীলৈ অহা সাংসদসকলৰ বাবে বাসগৃহসমূহ আবণ্টন কৰাটো কিমান কঠিন আছিল, কিন্তু এতিয়া নতুন ভৱনসমূহৰ জৰিয়তে এই অসুবিধা দূৰ হ’ব। এই বহুমহলীয়া অট্টালিকাসমূহত একেলগে ১৮০ গৰাকীৰো অধিক সাংসদ থাকিব। একে সময়তে, এই নতুন বাসগৃসমূহৰ এক বৃহৎ অৰ্থনৈতিক দিশো আছে। কিছুদিন পূৰ্বে কৰ্তব্য ভৱনৰ উদ্বোধনৰ সময়ত মই কৈছিলো যে বহু মন্ত্ৰালয় চলি থকা ভৱনসমূহৰ ভাড়া বছৰি প্ৰায় ডেৰ হাজাৰ কোটি টকা। এয়া আছিল দেশৰ ধনৰ প্ৰত্যক্ষ অপচয়। একেদৰে, পৰ্যাপ্ত সাংসদৰ বাসস্থানৰ অভাৱে চৰকাৰী ব্যয় বৃদ্ধি কৰিছিল। আপোনালোকে কল্পনা কৰিব পাৰে যে সাংসদৰ বাসস্থানৰ অভাৱ হোৱা স্বত্বেও ২০০৪ চনৰ পৰা ২০১৪ চনৰ সময়ছোৱাত লোকসভা সাংসদসকলৰ বাবে এটাও নতুন বাসগৃহ নিৰ্মাণ কৰা হোৱা নাছিল। সেয়েহে, ২০১৪ চনৰ পিছত, আমি এই কাৰ্যক এক অভিযান হিচাপে গ্ৰহণ কৰিছিলো। ২০১৪ চনৰ পৰা এই ফ্লেটসমূহকে ধৰি সাংসদৰ বাবে প্ৰায় ৩৫০টা বাসগৃহ নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ, এবাৰ এই বাসগৃহসমূহৰ নিৰ্মাণ কৰাৰ পাছত, এতিয়া জনসাধাৰণৰ ধন ৰাহি হৈছে।

বন্ধুসকল, একবিংশ শতিকাৰ ভাৰত যিমানেই বিকাশৰ বাবে অধীৰ হৈ আছে, সিমানেই সংবেদনশীলো হৈ পৰিছে। আজি দেশে কৰ্তব্য পথ আৰু কৰ্তব্য ভৱন নিৰ্মাণ কৰাৰ সমান্তৰলাকৈ কোটি কোটি দেশবাসীক পাইপযোগে পানী যোগান ধৰাৰ দায়িত্বও পালন কৰে। আজি দেশে নিজৰ সাংসদসকলৰ বাবে এখন নতুন বাসগৃহৰ অপেক্ষা সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ ৪ কোটি দৰিদ্ৰ লোকক পিএম-আৱাস যোজনাৰ জৰিয়তে গৃহ প্ৰৱেশৰ সুবিধা কৰি দিছে। আজি দেশে এখন নতুন সংসদ ভৱনৰ লগে লগে শ শ নতুন চিকিৎসা মহাবিদ্যালয়ো নিৰ্মাণ কৰিছে। এই সকলোবোৰৰ জৰিয়তে প্ৰতিটো শ্ৰেণী, প্ৰতিখন সমাজ উপকৃত হৈছে।

 

বন্ধুসকল, মই সুখী যে নতুন সাংসদৰ বাসগৃহসমূহত বহনক্ষম উন্নয়নৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। ই দেশৰ পৰিৱেশ-অনুকূল আৰু ভৱিষ্যত-অনুকূল সুৰক্ষিত পদক্ষেপৰো অংশ। সৌৰচালিত আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সৌৰ শক্তিৰ ক্ষেত্ৰত দেশৰ নতুন অভিলেখলৈকে, দেশখনে ধাৰাবাহিকভাৱে বহনক্ষম উন্নয়নৰ দৃষ্টিভংগী অনুসৰণ কৰি আছে।

বন্ধুসকল, মই আজি আপোনালোকক কিছু অনুৰোধ কৰিব বিচাৰিছো।ইয়াত দেশৰ বিভিন্ন ৰাজ্য আৰু অঞ্চলৰ সাংসদসকলে একেলগে থাকিব। আপোনালোকৰ উপস্থিতি ইয়াত 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব। সেয়েহে, যদি এই পৰিক্ষেত্ৰত সময়ে সময়ে প্ৰতিখন প্ৰদেশৰ উৎসৱসমূহ আয়োজিত হয়, তেন্তে এই পৰিক্ষেত্ৰত সোণত সুৱগা চৰিব। আপুনি আপোনালোকৰ অঞ্চলৰ জনসাধাৰণক এই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাব পাৰে। আপোনালোকে ইজনে সিজনক আপোনাৰ নিজ নিজ প্ৰদেশৰ ভাষাত কিছুমান শব্দ শিকাবলৈও চেষ্টা কৰিব পাৰে। সুস্থিৰতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাও এই ভৱনৰ বৈশিষ্ট্য হৈ উঠাটো আমাৰ সকলোৰে প্ৰতিশ্ৰুতি হ'ব লাগে। কেৱল সাংসদৰ বাসগৃহটোৱেই নহয়, সমগ্ৰ পৰিক্ষেত্রখন সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিলে সুন্দৰ হৈ থাকিব।

 

বন্ধুসকল, মই আশা কৰোঁ যে আমি সকলোৱে এটা দল হিচাপে কাম কৰিম। আমাৰ প্ৰচেষ্টা দেশৰ বাবে আদৰ্শ হ'ব। আৰু মই মন্ত্ৰালয় তথা আপোনালোকৰ বাসগৃহ নিৰ্মাণ সমিতিলৈ অনুৰোধ কৰিম, এই সাংসদসকলৰ ভিতৰত বছৰত দুবাৰ বা তিনিবাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰতিযোগিতা হ'ব পাৰেনে? আৰু তাৰ পাছত ঘোষিত হওঁক  যে নিৰ্দিষ্ট এটা ব্লক আটাইতকৈ পৰিষ্কাৰ। হয়তো এবছৰৰ পিছত আমি সিদ্ধান্ত ল'ম যে কোনটো আটাইতকৈ ভাল আৰু কোনটো আটাইতকৈ বেয়া, দুয়োটাই ঘোষিত হওঁক।

 

বন্ধুসকল, যেতিয়া মই এই নৱনিৰ্মিত ফ্লেটটো চাবলৈ গৈ ভিতৰলৈ প্ৰৱেশ কৰিলো, মোৰ প্ৰথম মন্তব্য আছিল, কেৱল এয়াই নেকি? তেওঁ ক'লে, নহয় মহাশয়, এয়া মাত্ৰ আৰম্ভণিহে, এতিয়া ভিতৰলৈ আহক।মই আঁচৰিত হৈছিলো, মই নাভাবো যে আপোনালোকে সকলো কোঠা ভৰ্তি কৰিব পাৰিব, কাৰণ কোঠাসমূহ যথেষ্ট ডাঙৰ। মই আশা কৰোঁ যে এই নতুন বাসগৃহসমূহ আপোনালোকৰ ব্যক্তিগত তথা পাৰিবাৰিক জীৱনত আশীৰ্বাদ হিচাপে পৰিগণিত হওঁক। মোৰ আন্তৰিক শুভেচ্ছা।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi to disburse ₹2,400 crore to 1.5 million first-time employees under PMVBRY on Friday

Media Coverage

PM Modi to disburse ₹2,400 crore to 1.5 million first-time employees under PMVBRY on Friday
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights growing global engagement and investment in India
June 19, 2026

The Prime Minister, Shri Narendra Modi today highlighted India’s readiness to contribute towards a better planet and noted that the world is engaging with and investing in India with hope and enthusiasm.

The Prime Minister stated that thanks to the 140 crore people of India, the world looks at India with hope and enthusiasm. He added that this is also why the world is engaging with India and investing in India.

The Prime Minister highlighted these observations under #12YearsOfIndiaFirst.

The Prime Minister wrote on X;

“India is always ready to do whatever is possible to contribute towards a better planet. At the same time, thanks to the 140 crore people of India, the world looks at India with hope and enthusiasm. That is also why the world is engaging with India and investing in India.

#12YearsOfIndiaFirst”