More than Rs. 19,500 crores transferred directly into the accounts of more than 9.75 crores beneficiary farmer families
Our agriculture and our farmers have a big role in determining the condition of India in 2047, when the country completes 100 years of independence: PM
Biggest ever purchase from farmers at MSP, Rs 1,70,000 crore have reached directly into the accounts of rice farmers and about Rs. 85,000 crore to wheat farmers: PM
Thanks the farmers for hearing his request and increasing production of pulses in the last 50 years
With National Edible Oil Mission-Oil Palm i.e. NMEO-OP country has taken a pledge for self-reliance in edible oil, more than Rs 11,000 crore will be invested in the cooking oil ecosystem: PM
For the first time, India has reached among the top-10 countries of the world in terms of agricultural exports: PM
Small farmers are now being given utmost priority in the agricultural policies of the country:PM

নমস্কাৰ,

বিগত কেইবাদিনৰ পৰা চৰকাৰৰ পৃথক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে আলোচনা কৰি আহিছো৷ চৰকাৰে যি আঁচনি প্ৰস্তুত কৰিছে, তাৰ লাভালাভ জনসাধাৰণক কিদৰে প্ৰদান কৰিব পৰা যায়, সেয়া ভালদৰে জানিব বিচাৰিছো, যাতে জনসাধাৰণে প্ৰত্যক্ষভাৱে এই লাভ পাবলৈ সক্ষম হয়৷ এই কাৰ্যসূচীত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ মোৰ সতীৰ্থ সহযোগীবৃন্দ, দেশৰ বিভিন্ন ৰাজ্যৰ উপস্থিত মুখ্যমন্ত্ৰীসকল, উপ-ৰাজ্যপাল আৰু উপ-মুখ্যমন্ত্ৰীসকল, দেশৰ বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু দেশৰ বিভিন্ন ঠাইৰ ভাই-ভনীসকল,

আজি দেশৰ প্ৰায় ১০ কোটি কৃষকৰ বেংক একাউণ্টত ১৯,৫০০ কোটিতকৈ অধিক টকা পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত সোমাইছে৷ মই দেখি আছো যে একাংশ লোকে নিজৰ মোবাইলত পৰীক্ষা কৰি আছে, কিজানি পইচা সোমালে? ইজনে সিজনক হাত তালি মাৰি আছে৷ এতিয়া বাৰিষাৰ বতৰ আৰু ৰোৱা-বোৱাও চলি আছে, এই ধনে সৰু সৰু কৃষকৰ যথেষ্ট কাম আহিব৷ আজি ১ লাখ কোটি টকা কৃষি আন্তঃগাঁথনি পুঁজিতো এবছৰ সম্পূৰ্ণ হৈছে৷ ইয়াৰ জৰিয়তে হাজাৰ হাজাৰ কৃষক সংগঠনৰ সুবিধা পাইছে৷

ভাই-ভনীসকল,

চৰকাৰে কৃষকসকলৰ অতিৰিক্ত আয়ৰ সুযোগ দিবলৈ নতুন নতুন ফচল উৎপাদনত উৎসাহিত কৰাৰ প্ৰতি সম্পূর্ণ দায়বদ্ধ। ‘মৌ পালন অভিযানো’ এনে এক অভিযান। ‘মৌ পালন অভিযান’ৰ জৰিয়তে বিগত বৰ্ষত মই প্রায় ৭০০ কোটি টকাৰ মৌ ৰপ্তানি কৰিছো, ইয়াৰ জৰিয়তে কৃষকসকলৰ অতিৰিক্ত আয় হৈছে। জম্মু-কাশ্মীৰৰ কেশৰতো বিশ্ববিখ্যাত। এতিয়া চৰকাৰে এই সিদ্ধান্ত লৈছে যে জম্মু-কাশ্মীৰৰ কেশৰ সমগ্ৰ দেশত ‘নাফেড’ৰ দোকানসমূহত পোৱা যাব। ইয়াৰ ফলত জম্মু-কাশ্মীৰ কেশৰ খেতি যথেষ্ট উৎসাহিত হ’ব।

ভাই-ভনীসকল,

আপোনালোকৰ সকলোৰে সৈতে এই বার্তালাপ এনে সময়ত হৈছে, যিসময়ত আমি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছো। কেইদিনমানৰ পাছতে ১৫ আগষ্ট আহিব৷ এইবাৰ দেশে ইয়াৰ ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰিব৷ এই গুৰুত্বপূর্ণ পর্যায়ত আমাৰ বাবে গৌৰৱৰ ক্ষণ হোৱাৰ লগতে নতুন সংকল্প নতুন লক্ষ্যৰৰ বাবেও এক ডাঙৰ সুযোগ।

এই উপলক্ষে আমি এইটো ঠিক কৰিব লাগিব হ’ব যে অহা ২৫ বছৰত আমি ভাৰতক ক’ত চাব বিচাৰো৷ দেশে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব ২০৪৭ত তেতিয়া ভাৰতৰ পৰিস্থিতি কি হ’ব, এইটো ঠিক কৰিবলৈ আমাৰ কৃষি, আমাৰ গাঁও, আমাৰ কৃষকসকলৰ ডাঙৰ ভূমিকা আছে। এই সময়ে ভাৰতৰ কৃষিক এটা এনে লক্ষ্য প্রদান কৰিব লাগিব, যি নতুন সমস্যাৰ সন্মুখীন হ’ব পাৰে আৰু নতুন সুযোগসমূহৰ জৰিয়তে সম্পূর্ণ লাভবান হ’ব পাৰে।

ভাই-ভনীসকল,

এই সময়ত যথেষ্ট ক্ষিপ্ৰতাৰে যি পৰিৱর্তন আহিছে আমি সকলোৱেই তাৰ সাক্ষী। পৰিৱেশেই হওক বা প্রকৃতিগত পৰিৱর্তন, খাদ্যাভ্যাসৰ সৈতে জড়িত পৰিৱর্তন বা মহামাৰীৰ কাৰণে সমগ্ৰ বিশ্বত যিবোৰ পৰিৱর্তন আহিছে; আমি বিগত ডেৰ বছৰত বছৰে ক’ৰোনা মহামাৰীৰ সময়ত এইবোৰ অনুভৱ কৰিছো৷ এই কঠিন সময়ত দেশত খাদ্য আৰু পানীয়ৰ অভ্যাসৰ পৰা আৰুম্ভ কৰি বিভিন্ন বিষয়ত যথেষ্ট সজাগতা আহিছে। গুৰু খাদ্যশস্য যেনে জোৱাৰ, বাজৰা ইত্যাদি, আৰু ফল আৰু মছলাৰ ক্ষেত্রত জৈৱ ফলনৰ চাহিদা এতিয়া দ্রুতগতিত বৃদ্ধি পাইছে৷ সেইবাবে ভাৰতীয় কৃষিকো এতিয়া এই পৰিৱর্তন প্রয়োজন আৰু চাহিদাৰ ভিত্তিত সলনি কৰিব লাগিব৷ মই সদায় বিশ্বাস কৰো আমাৰ দেশৰ কৃষকসকলে এই পৰিৱর্তনবোৰ নিশ্চিতভাৱে আহৰণ কৰিব৷

বন্ধুসকল,

এই মহামাৰীৰ সময়তো আমি ভাৰতৰ কৃষকসকলৰ সামর্থ দেখিছো৷ অভিলেখসংখ্যক উৎপাদনৰ লগতে চৰকাৰো চেষ্টা কৰিছে যাতে কৃষকসকলৰ সমস্যা ন্যূনতম হয়। কেন্দ্রীয় চৰকাৰে কৃষি আৰু সংশ্লিষ্ট ক্ষেত্রত বীজ, সাৰ সৰবৰাহৰ পৰা আৰুম্ভ কৰি তেওঁলোকৰ উৎপাদিত শস্য বজাৰলৈ আনি দিয়া যিমান পাৰি চেষ্টা কৰিছে, উপায় উলিয়াইছে। ইউৰিয়াৰৰ যোগান অব্যাহত আছে। ডিএপি, যাৰ দাম আন্তর্জাতিক বজাৰত এই ক’ৰোনাৰ সময় কেইবা গুণ বৃদ্ধি পাইছে। কিন্তু ইয়াৰ বোজাও আমাৰ চৰকাৰে কৃষকসকলৰ ওপৰত পৰিবলৈ দিয়া নাই৷ চৰকাৰে ক্ষিপ্ৰতাৰে এই সমস্যা সমাধানৰ বাবে ১২,০০০ কোটি টকাৰ ব্যৱস্থা কৰিছে।

বন্ধুসকল,

চৰকাৰে খাৰিফ বা ৰবি শস্যৰ ঋতুতে কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত অভিলেখ পৰিমাণৰ শস্য ক্রয় কৰিছে। ইয়াৰ জৰিয়তে ধান খেতিয়কসকলৰ বেংক একাউণ্টত প্রায় ১.৭০ লাখ কোটি টকা আৰু ঘেঁহু খেতিয়কৰ একাউণ্টত প্রায় ৮৫ হাজাৰ কোটি টকা প্রত্যক্ষ হস্তান্তৰৰ জৰিয়তে প্ৰদান কৰা হৈছে। কৃষক আৰু চৰকাৰৰ এই বুজাপৰাৰ ফলতে আজি ভাৰতৰ অন্ন ভাণ্ডাৰ পৰিপূর্ণ হৈ আছে। কিন্তু বন্ধুসকল, আমি দেখিছো যে কেৱল ঘেঁহু, চাউল, চেনিৰ আত্মনির্ভৰতাই যথেষ্ট নহয়। দাইল আৰু তেলৰ ক্ষেত্রতো আত্মনির্ভৰ হোৱাটো অতি প্রয়োজনীয়। ভাৰতৰ কৃষকসকলেৰা এইটো কৰি দেখুৱাব পাৰে। মোৰ মনত আছে, কেইবছৰমান পূৰ্বে যেতিয়া দেশত দাইল দুষ্প্রাপ্য হৈ পৰিছিল তেতিয়া মই দেশৰ কৃষকসকলক দাইলৰ উৎপাদন বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিছিলো৷ আমাৰ সেই অনুৰোধ দেশৰ কৃষকসকলে স্বীকাৰ কৰিছিল৷ ফলত বিগত ৬ বছৰত দেশত দাইলৰ উৎপাদন প্রায় ৫০ শতাংশ বৃদ্ধি পাইছে। যি কাম আমি দাইলৰ বাবে কৰিছো বা অতীতত ঘেঁহু-ধানক লৈও কৰিছো, এতিয়া আমি সেই সংকল্পক ভোজ্য তেল উৎপাদনৰ বাবে ল’ব লাগিব৷ এই ভোজ্য তেল উৎপাদনত আমাৰ দেশক আত্মনির্ভৰ কৰি তুলিবলৈ আমিৰ দ্রুতগতিত কাম কৰিব লাগিব।

ভাই-ভনীসকল,

ভোজ্য তেলত আত্মনির্ভৰতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিচন–পাম অইলৰ সংকল্প লোৱা হৈছে। আজি দেশে ‘ভাৰত ত্যাগ আন্দোলন’ৰ কথা স্মৰণ কৰিছে আৰু এই ঐতিহাসিক দিনে আমাৰ নতুন প্রাণশক্তিতে পৰিপূর্ণ কৰি তুলিব। এই মিচনৰ জৰিয়তে ভোজ্য তেলৰ সৈতে জড়িত ইক’ ছিষ্টেমত ১১,০০০ কোটিতকৈও অধিক টকা বিনিয়োগ কৰা হ’ব। চৰকাৰে কৃষকসকলক উত্তম বীজৰ পৰা আদি কৰি অত্যাধুনিক প্রযুক্তি ইত্যাদি সকলো সুবিধা সুনিশ্চিত কৰিব। এই মিচনৰ জৰিয়তে পাম তেলৰ খেতিক উৎসাহিত কৰাৰ লগতে আমাৰ যি অন্যান্য পাৰম্পৰিক তিল শস্য আছে সেইবোৰৰ খেতিও বৃদ্ধি কৰা হ’ব।

বন্ধুসকল,

আজি ভাৰতে কৃষি ৰপ্তানিৰ ক্ষেত্রত প্রথমবাৰ বিশ্বৰ শ্রেষ্ঠ ১০খন দেশেৰ তালিকাত উপনীত হৈছে৷ ক’ৰোনা কালতে দেশে কৃষিজাত সামগ্ৰী ৰপ্তানিত নতুন অভিলেখ সৃষ্টি কৰিছে। আজি যেতিয়া ভাৰতে এটা ডাঙৰ কৃষি ৰপ্তানিকাৰক দেশ হিচাপে পৰিচয় লাভ কৰিছে, তেনে অৱস্থাত আমি ভোজ্য তেলৰ প্রয়োজনীয়তাৰ বাবে আমদানিৰ ওপৰতে নির্ভৰ কৰি থকাটো একেবাৰে অনুচিত৷ আমাৰ দ্বাৰা আমদানিকৃত পাম তেলৰ অংশ ৫৫ শতাংশতকৈ অধিক৷ আমাৰ এই পৰিস্থিতি সলনি কৰিব লাগিব৷ ভোজ্য তেল ক্ৰয়ৰ বাবে আমি যি হাজাৰ হাজাৰ কোটি টকা বিদেশৰ আনক দিব লাগে, দেশৰ কৃষকসকলে যেন সেই ধন লাভ কৰে সেয়া চাব লাগিব৷ ভাৰতত তালগাছৰ বাণিজ্যিক খেতিৰ প্রচুৰ সম্ভাৱনা আছে। উত্তৰপূব ভাৰত আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জেত ইয়াক বিশেষভাৱে বৃদ্ধি কৰিব পাৰি। এই ক্ষেত্রত য’ত সহজে তালৰ খেতি হ’ব পাৰে, পাম-তেলৰ উৎপাদন হ’ব পাৰে।

বন্ধুসকল,

ভোজ্য তেলৰ আত্মনির্ভৰতাৰ এই মিচনৰ বহু লাভ আছে। ইয়াৰ ফলত কৃষকসকলৰ প্রত্যক্ষ লাভতো হ’বই, দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহে কম দামত উন্নতমানৰ তেল লাভ কৰিব। কেৱল ইমানেই নহয়, এই মিচনে বৃহৎ স্তৰত কর্মসংস্থাপন সৃষ্টি কৰিব, খাদ্য প্রস্তুতকৰণ উদ্যোগক উপকৃত কৰিব। বিশেষকৈ ‘ফ্রেছ ফ্রুট বাঞ্চ প্রচেচিঙৰ’ৰ সৈতে জড়িত উদ্যোগে যথেষ্ট বিস্তাৰ লাভ কৰিব। যিবোৰ ৰাজ্যত পাম তেলৰ খেতি হ’ব, তাত পৰিবহণৰ পৰা আদি কৰি খাদ্য প্রস্তুতকৰণ ইউনিটসমূহত যুৱ সম্প্রদায়ৰ যথেষ্ট কর্মসংস্থাপন হ’ব।

ভাই-ভনীসকল,

পাম তেলৰ খেতি কৰিলে দেশৰ ক্ষু্দ্ৰ কৃষকসকল যথেষ্ট বেশি লাভবান হ’ব৷ তাল গছৰ প্রতি হেক্টৰ উৎপাদন বাকী তিল প্রজাতিৰ শস্যৰ তুলনাত অধিক হয়। অর্থাৎ পাম অইল মিচনে বহু ক্ষুদ্র অংশতো অধিক ফচল উৎপাদন কৰি ক্ষুদ্ৰ কৃষকসকলক অধিক লাভ প্ৰদান কৰিব পাৰে।

বন্ধুসকল,

আপোনালোকে ভালোদৰে জানে যে দেশৰ ৮০ শতাংশতকৈও অধিক কৃষকসকলৰ ওচৰত দুই হেক্টৰতকৈ অধিক ভূমি নাই। অহা ২৫ বছৰত দেশৰ কৃষিক সমৃদ্ধ কৰিবলৈ এই ক্ষুদ্ৰ কৃষকসকলৰ যথেষ্ট ভূমিকা আছে৷ সেইবাবে এতিয়া দেশৰ কৃষি নীতিত এই ক্ষুদ্ৰ কৃষকসকলক সর্বোচ্চ অগ্রাধিকাৰ দিয়া হৈছে। এই ভাৱনা লৈ বিগত বছৰসমূহত ক্ষুদ্ৰ কৃষকসকলৰ সুবিধা আৰু নিৰাপত্তা প্রদানৰ এক প্রকৃত চেষ্টা কৰা হৈছে। পিএম কিষান নিধিৰ জৰিয়তে এতিয়ালকে ১.৬০লাখ কোটি টকাতকৈও অধিক টকা কৃষকসকলক দিয়া হৈছে। ইয়াৰ জৰিয়তে প্রায় ১লাখ কোটি টকাতো ক’ৰোনাৰ কঠিন সময়ৰ পৰাই ক্ষুদ্ৰ কৃষকসকলে লাভ কৰিছে৷ কেৱল ইমানেই নহয়, ক’ৰোনা কালতে ২ কোটিতকৈ অধিক কিষান ক্রেটিড কার্ড জাৰি কৰা হৈছে, যাৰ ভিতৰত অধিকাংশই ক্ষুদ্ৰ কৃষক। এওঁলোকৰ জৰিয়তে কৃষকসকলে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে। কল্পনা কৰক যদি এই সাহায্য ক্ষুদ্ৰ কৃষকসকলে নাপালেহেতেন, ১০০ বছৰৰ এই সর্ববৃহৎ বিপর্যয়ত তেওঁলোকৰ কি অৱস্থা হ’লহেতেন, তেওঁলোকৰ ক্ষুদ্ৰ ক্ষুদ্ৰ প্রয়োজনৰ বাবে তেওঁলোকৰ ক’ত ক’ত ঘুৰিব লগীয়া নহ’লহেতেন?

 

ভাই-ভনীসকল,

আজি যি কৃষি আন্তঃগাঁথনি গঢ়ি উঠিছে যে যোগাযোগৰ আন্তঃগাঁথনি গঢ়ি উঠিছে বা আৰু ডাঙৰ ডাঙৰ ফুড পার্ক নিৰ্মাণ কৰা হৈছে এইবোৰৰ জৰিয়তেও ক্ষুদ্ৰ কৃষকসকল যথেষ্ট লাভবান হৈছে৷ আজি দেশত বিশেষ কিষান ৰেল আৰম্ভ হৈছে। এই ৰে’লসমূহৰ জৰিয়তে হাজাৰ হাজাৰ কৃষকে তেওঁলোকৰ উৎপাদিত শস্য কম টকাতে পৰিবহণ কৰি দেশৰ ডাঙৰ ডাঙৰ বজাৰসমূহত প্ৰদান কৰি অধিক ধন উপার্জন কৰিছে। সেইদৰে যি বিশেষ আন্তঃগাঁথনি পুঁজি আছে তাৰ জৰিয়তেও ক্ষুদ্ৰ কৃষকসকলৰ বাবে আধুনিক মজুতকৰণৰ সেৱা গঢ় লৈ উঠিছে। বিগত বছৰ চাৰে ছয় হাজাৰতকৈও অধিক প্রকল্প স্বীকৃতি দিয়া হৈছে। এই প্রকল্পসমূহ যিসকলে পাইছে তেওঁলোক মাজত কৃষকসকলো আছে৷ কৃষকসকলৰ সমাজে আৰু কিষান উৎপাদক সংঘৰ ভিতৰত আত্মসহায়ক গোটো আছে আৰু ষ্টার্টআপো আছে। বৰ্তমান আন এটা ডাঙৰ সিদ্ধান্ত চৰকাৰে ঠিক কৰিছে যে ৰাজ্যসমূহত আমাৰ যিসমূহ চৰকাৰী মাণ্ডি আছে সেইবোৰকো এই পুঁজিৰ পৰা সাহায্য দিয়া হ’ব৷ এই পুঁজি ব্যৱহাৰ কৰি আমি চৰকাৰী মাণ্ডিসমূহ উন্নততৰ আৰু অধিক শক্তিশালী কৰিম৷

ভাই-ভনীসকল,

আন্তঃগাঁথনি পুঁজিয়েই হওক বা ১০ হাজাৰ কৃষক উৎপাদক সংঘ গঠনেই হওক, সেইবোৰৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলৰ শক্তি বৃদ্ধিৰ চেষ্টা কৰা হৈছে। ক্ষুদ্ৰ কৃষকসকলৰ বজাৰলৈকে যোগাযোগো যথেষ্ট ভাল হ’ব আৰু বজাৰত ইয়াৰ দামদৰ কৰাৰ ক্ষমতা আৰু অধিক বৃদ্ধি পাওক। যেতিয়া এফপিঅ’সমূহৰ জৰিয়তে চৰকাৰী ব্যৱস্থাৰ পৰা হাজাৰ হাজাৰ ক্ষুদ্ৰ কৃষক যেতিয়া একগোট হ’ব তেতিয়া তেওঁলোকৰ শক্তি হাজাৰ গুণ বৃদ্ধি পাব৷ ইয়াৰ ফলত খাদ্য প্ৰস্তুতকৰণেই হওক বা ৰপ্তানি; সকলো ক্ষেত্ৰতে কৃষকসকল আনৰ ওপৰত নির্ভৰতা হ্রাস পাব। তেওঁলোকে নিজেও পোনপটীয়াকৈ বিদেশী বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ সিদ্ধান্ত ল’ব পাৰিব। বন্ধন মুক্ত হৈয়েই দেশৰ কৃষকসকলে আৰু ক্ষিপ্ৰতাৰে আগুৱাই যাব পাৰিব৷ এই ভাৱনাৰে আমি অহা ২৫ বছৰত এই সংকল্পক বাস্তবায়িত কৰিব লাগিব। তিল উৎপাদনত আত্মনির্ভৰতাৰ মিচনত আমিৰ এতিয়াৰ পৰাই লাগি যাব লাগিব৷ পুনৰবাৰ পিএম কিষান সন্মান নিধিৰ সকলো হিতাধিকাৰীক মই বহুত বহুত শুভকামনা জনালো। বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
State Visit of Prime Minister to Seychelles
June 28, 2026

As part of Prime Minister Shri Narendra Modi’s State Visit to Seychelles from 27-29 June 2026, Prime Minister and the President of Seychelles, H.E. Dr. Patrick Herminie today held official talks at the State House in Victoria, Mahe.

The talks covered the full spectrum of bilateral relations, with the leaders agreeing to further strengthen cooperation in health, education, capacity building, digital transformation, sustainable development, social infrastructure, renewable energy, maritime security and defence. They also exchanged views on regional and global developments, including challenges in the Indian Ocean region, such as illegal fishing, drug trafficking and piracy. Both leaders expressed satisfaction at the progress made in the implementation of projects and initiatives under the Special Economic Package announced by India. Prime Minister reaffirmed India’s commitment to supporting the development priorities of Seychelles and to further deepen the close and enduring partnership between the two countries.

Following the official talks, both leaders released a joint commemorative logo marking 50 years of the establishment of diplomatic relations between the two countries. Several MoUs/agreements in the fields of Capacity Building, UPI, Health, Agriculture, Shipping, Space, Extradition and Line of Credit were exchanged thereafter. The amount of the Line of Credit stands at INR 1250 crores. The full list of MoUs/agreements may be seen here [link]. In addition, several announcements in the fields of food security, infrastructure, health, vocational training, maritime security and defence were made in support of the development needs of Seychelles. The details of these announcements may be seen here [link]. Seychelles also announced that it is joining the Coalition for Disaster Resilient Infrastructure [CDRI].

Later in the day, Prime Minister addressed an Extraordinary Sitting of the National Assembly of Seychelles, becoming the first Indian Prime Minister to do so. In his address, he highlighted the historical bonds of friendship between India and Seychelles and underscored the shared values of democracy, rule of law and people-centric governance that guide the two countries. He noted that mutual trust and close cooperation have shaped a robust partnership spanning development cooperation, maritime security, technology, innovation, health and capacity building. Prime Minister also called for enhanced parliamentary exchanges between the two democracies. The full address of Prime Minister may be seen here [link]

The Leader of Opposition of Seychelles, H.E. Mr. Bernard Georges, also called on Prime Minister. The two leaders discussed India-Seychelles bilateral ties and conveyed their strong support to further build the special friendship between the two countries.