ভাৰতে বৰ্তমান প্ৰতিৰোধমূলক আৰু সামগ্ৰিক স্বাস্থ্যৰ দৃষ্টিভংগীৰে কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী
বিগত কেইবছৰমানত দেশৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী হৈছে; আয়ুষ্মান ভাৰত যোজনা আৰু আৰোগ্য মন্দিৰৰ জৰিয়তে কেইবাশ জিলাত চিকিৎসা মহাবিদ্যালয় খোলা হৈছে, প্ৰতিখন গাঁৱলৈ স্বাস্থ্য সেৱাৰ পৰিসৰ সম্প্ৰসাৰণ ঘটোৱা হৈছেঃ প্ৰধানমন্ত্ৰী
আমাৰ যোগ আৰু আয়ুৰ্বেদ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ উঠিছেঃ প্ৰধানমন্ত্ৰী
আমি আমাৰ শিক্ষা ব্যৱস্থাক বাস্তৱ-বিশ্বৰ অৰ্থনীতিৰ সৈতে সংযোগ কৰাৰ প্ৰক্ৰিয়াটো আৰু ত্বৰান্বিত কৰিব লাগিব; আমি এআই আৰু স্বয়ংক্ৰীয়কৰণ, ডিজিটেল অৰ্থনীতি, আৰু আৰ্হি-চালিত উৎপাদনৰ দৰে বিষয়সমূহত আমাৰ গুৰুত্ব বৃদ্ধি কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী
ভাৰত এক উদ্ভাৱন-চালিত অৰ্থনীতিৰ দিশে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
আমি আজি ভৱিষ্যতৰ প্ৰযুক্তিৰ বাবে প্ৰস্তুতি চলাই থকা সময়ত সুযোগৰ অভাৱত কোনো কন্যাই যাতে পিছ পৰি নাথাকে সেয়া অতি গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
বিগত কেইবছৰমানত ক্ৰীড়াক ৰাষ্ট্ৰীয় উন্নয়নৰ এক গুৰুত্বপূৰ্ণ ধাৰা হিচাপে বিবেচনা কৰা হৈছে, খেলো ইণ্ডিয়াৰ দৰে উদ্যোগসমূহে দেশত ক্ৰীড়া পৰিৱেশতন্ত্ৰক নতুন শক্তি প্ৰদান কৰিছে আৰু সমগ্ৰ দেশতে ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

বন্ধুসকল,

আজি হৈছে বাজেট-উত্তৰ ৱেবিনাৰৰ এই শৃংখলাৰ চতুৰ্থ আৰু গুৰুত্বপূৰ্ণ ৱেবিনাৰ। জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাটো কেৱল আলোচনাৰ বিষয় নহয়, ই হৈছে এই বাজেটৰ মূল লক্ষ্য আৰু লগতে এই চৰকাৰৰ সংকল্প। শিক্ষা, দক্ষতা, স্বাস্থ্য, পৰ্যটন, ক্ৰীড়া, সংস্কৃতিৰ দৰে মৌলিক খণ্ডসমূহ জনসাধাৰণৰ আকাংক্ষা পূৰণৰ আটাইতকৈ ডাঙৰ মাধ্যম। গতিকে এই ৱেবিনাৰত আমি এই গুৰুত্বপূৰ্ণ দিশবোৰ আলোচনা কৰিছো। বাজেট ঘোষণাৰ ৰূপায়ণৰ বাবে এই বিষয়সমূহৰ সৈতে জড়িত সকলো বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু পণ্ডিত, উদ্যমী আৰু মোৰ যুৱ বন্ধুসকলৰ ধাৰণা আৰু পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ। মই আপোনালোক সকলোকে চতুৰ্থ বাজেট ৱেবিনাৰৰ এই সত্ৰলৈ স্বাগতম জনাইছো।

বন্ধুসকল,

আজি ভাৰতে প্ৰতিৰোধমূলক আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে এক বিশাল দৃষ্টিভংগীৰে কাম কৰি আছে। বিগত কেইবা বছৰ ধৰি দেশৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী হৈছে, কেইবাশ জিলাত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। আয়ুষ্মান ভাৰত যোজনা, আৰোগ্য মন্দিৰৰ জৰিয়তে গাঁৱে গাঁৱে স্বাস্থ্য সেৱাৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণ ঘটিছে। আমাৰ যোগ আৰু আয়ুৰ্বেদ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ উঠিছে। আপোনালোক সকলোৱে ইয়াৰ বিভিন্ন দিশৰ ওপৰত খবৰ কৰিব, কিন্তু মই উল্লেখ কৰিব বিচৰা এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল যত্ন অৰ্থনীতি। আগন্তুক দশকত দেশত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব। তদুপৰি, বৰ্তমান বিশ্বৰ বহু দেশত যত্ন লোৱাসকলৰ ব্যাপক চাহিদা আছে। সেয়েহে, স্বাস্থ্য খণ্ডত লাখ লাখ যুৱক-যুৱতীৰ বাবে এতিয়া নতুন দক্ষতা ভিত্তিক নিযুক্তিৰ সুযোগ সৃষ্টি হৈছে। মই এই ৱেবিনাৰত উপস্থিত স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞসকলক প্ৰশিক্ষণৰ নতুন আৰ্হি আৰু অংশীদাৰিত্ব বিকাশ ঘটোৱাৰ বাবে পৰামৰ্শ দিবলৈ অনুৰোধ কৰিম যাতে দেশত প্ৰশিক্ষণ পৰিৱেশতন্ত্ৰ অধিক শক্তিশালী কৰিব পৰা যায়।

বন্ধুসকল,

ইয়াৰ সৈতে জড়িত আন এটা বিষয় হ’ল টেলি-মেডিচিন। আজি, দূৰ-দূৰণিৰ অঞ্চলৰ বৃহৎ সংখ্যক লোকেও ইয়াৰ সুবিধা গ্ৰহণ কৰিছে আৰু বিশ্বাস বৃদ্ধি পাইছে। কিন্তু মই ভাবো, এতিয়াও সজাগতা আৰু সচেতনতা বৃদ্ধি কৰাৰ যথেষ্ট প্ৰয়োজন আছে।

 

বন্ধুসকল,

বিগত এটা দশকত দেশৰ মানসিকতাৰ এক ডাঙৰ পৰিৱৰ্তন ঘটিছে। আজি গাঁও, নগৰ আৰু চহৰৰ সীমা অতিক্ৰম কৰি ভাৰতৰ প্ৰতিজন যুৱক-যুৱতীয়ে কিবা নতুন কৰিব বিচাৰে। নতুন প্ৰজন্মৰ এই নতুন মানসিকতা হৈছে দেশৰ আটাইতকৈ ডাঙৰ শক্তি, উজ্জ্বল ভৱিষ্যতৰ আটাইতকৈ ডাঙৰ মূলধন। ইয়াৰ সদ্ব্যৱহাৰ কৰিবলৈ আমি আমাৰ শিক্ষা ব্যৱস্থাটোক নিৰন্তৰ আধুনিকীকৰণ আৰু উন্নীত কৰিব লাগিব। নতুন শিক্ষা নীতিয়ে ইয়াৰ বাবে প্ৰয়োজনীয় ভেটি স্থাপন কৰিছে। এতিয়া বজাৰৰ প্ৰয়োজনীয়তা অনুসৰি আমাৰ পাঠ্যক্ৰম উন্নীত কৰাটো অতি গুৰুত্বপূৰ্ণ! আমি আমাৰ শিক্ষা ব্যৱস্থাটো বাস্তৱিক বিশ্ব অৰ্থনীতিৰ সৈতে সংযোগ কৰাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব লাগিব, আমি এআই আৰু স্বয়ংক্ৰিয়কৰণ, ডিজিটেল অৰ্থনীতি আৰু আৰ্হি চালিত উৎপাদনত গুৰুত্ব বৃদ্ধি কৰিব লাগিব।

বন্ধুসকল,

শিক্ষাক নিযুক্তি আৰু উদ্যোগৰ সৈতে সংযোগ কৰাৰ বাবে দেশত নিৰন্তৰ কাম কৰি থকা হৈছে। বিশ্ববিদ্যালয় টাউনশ্বিপৰ দৰে নতুন আৰ্হিত আমাৰ দৃষ্টিভংগী প্ৰতিফলিত হৈছে। আজি ভাৰত এ ভি জি চি খণ্ডত অৰ্থাৎ এনিমেচন ভিজুৱেল এফেক্ট, গেমিং আৰু কমিক্সৰ ওপৰত কাম কৰি আছে। ভাৰত এক উদ্ভাৱন-চালিত অৰ্থনীতিৰ দিশে আগবাঢ়িছে। আজিৰ এই ৱেবিনাৰত দেশৰ বহু শিক্ষাবিদ আৰু শৈক্ষিক প্ৰতিষ্ঠান জড়িত হৈ আছে। মই আপোনালোকক এই ৱেবিনাৰত উদ্যোগৰ সহযোগিতা আৰু গৱেষণা-চালিত শিক্ষাৰ কেন্দ্ৰ হিচাপে আপোনালোকৰ চৌহদক বিকাশ ঘটোৱাৰ দিশত কাম কৰিবলৈ অনুৰোধ জনাইছো। ই শিক্ষাৰ্থীসকলক বাস্তৱ-জগতৰ অভিজ্ঞতা প্ৰদান কৰিব আৰু দক্ষতা পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিব।

বন্ধুসকল,

এটা অতি গুৰুত্বপূৰ্ণ বিষয় হ’ল এছ টি ই এম, অৰ্থাৎ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত। এই ক্ষেত্ৰত, এইটো অতি গৌৰৱৰ বিষয় যে আমাৰ দেশত এছ টি ই এম বিষয়ৰ প্ৰতি আগ্ৰহী কন্যাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আজি আমি ভৱিষ্যতৰ প্ৰযুক্তিৰ বাবে সাজু হোৱা সময়ত, সুযোগৰ অভাৱৰ বাবে কোনো কন্যা যাতে বাধাপ্ৰাপ্ত নহয় সেইটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে এই দিশত ৱেবিনাৰত আলোচনা কৰিব লাগিব, আমি মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিত অধিক গুৰুত্ব দিব লাগিব। আমি এনে এক গৱেষণা পৰিৱেশতন্ত্ৰ সৃষ্টি কৰিব লাগিব য’ত যুৱ গৱেষকসকলে নতুন ধাৰণাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা আৰু কাম কৰাৰ সম্পূৰ্ণ সুযোগ পাব।

 

বন্ধুসকল,

যুৱ শক্তি তেতিয়াহে ৰাষ্ট্ৰীয় শক্তি হৈ পৰে যেতিয়া ই সুস্থ, শৃঙ্খলাবদ্ধ আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হয়। সেয়েহে বিগত কেইবছৰমানৰ ভিতৰত ক্ৰীড়াক ৰাষ্ট্ৰীয় উন্নয়নৰ এক গুৰুত্বপূৰ্ণ ধাৰা হিচাপে দেখা গৈছে। খেলো ইণ্ডিয়াৰ দৰে উদ্যোগসমূহে দেশত ক্ৰীড়া পৰিৱেশতন্ত্ৰক নতুন শক্তি প্ৰদান কৰিছে। সমগ্ৰ দেশতে ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে। আপোনালোক সকলোৱে এই ৱেবিনাৰত কিছুমান প্ৰশ্নৰ ওপৰত চিন্তা-চৰ্চা কৰিব লাগিব। উদাহৰণস্বৰূপে, সৰু ঠাইৰ পৰা প্ৰতিভা কেনেকৈ অধিক সঠিকভাৱে চিনাক্ত কৰিব পাৰি, হাজাৰ হাজাৰ খেলুৱৈৰ বাবে বিত্তীয় সহায়তা গাঁথনি কেনেদৰে উন্নত কৰিব পাৰি আৰু তৃতীয়তে, আমাৰ ক্ৰীড়া সংস্থাসমূহক কেনেদৰে অধিক পেছাদাৰী কৰি তুলিব পাৰি? আগন্তুক কেইবছৰমানৰ ভিতৰত দেশত কমনৱেলথ গেমছ অনুষ্ঠিত হ’বলৈ গৈ আছে, দেশে অলিম্পিক আয়োজন কৰিবলৈ চেষ্টা চলাই আছে, সেয়েহে আমি আজি যুৱ খেলুৱৈসকলক চিনাক্ত আৰু প্ৰস্তুত কৰিব লাগিব, তেতিয়াহে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ পতাকা উৰিব।

 

বন্ধুসকল,

নতুন নিযুক্তিৰ সুযোগ বৃদ্ধি কৰাত পৰ্যটন আৰু সংস্কৃতিয়ে এক ডাঙৰ ভূমিকা পালন কৰে। যেতিয়া কোনো ঠাইত পৰ্যটন বৃদ্ধি পায়, তেতিয়া সেই ঠাই বা সেই চহৰৰ ব্ৰেণ্ডিঙো বৃদ্ধি পায়। ই চহৰখনৰ সামগ্ৰিক উন্নয়নকো যথেষ্ট ত্বৰান্বিত কৰে। ভাৰতত এনে ঐতিহাসিক স্থানৰ কোনো অভাৱ নাই। কিন্তু দীৰ্ঘদিন ধৰি পৰ্যটন কেইখনমান নিৰ্বাচিত স্থানত সীমাবদ্ধ আছিল। এতিয়া আমি দেশৰ প্ৰতিটো কোণত পৰ্যটনস্থলীৰ বিকাশ ঘটোৱাত গুৰুত্ব দিছো।

বন্ধুসকল,

আপোনালোক সকলোৱে এই ৱেবিনাৰত ভাৰতৰ পৰ্যটন পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ বাবে সামগ্ৰিক দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰিব লাগিব। প্ৰশিক্ষিত গাইড, আতিথ্য দক্ষতা, ডিজিটেল সংযোগ, সামূহিক অংশগ্ৰহণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰ্যটন আৰু আনুষংগিক বিষয়সমূহত আপোনাৰ পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ হ'ব।

বন্ধুসকল,

যেতিয়া প্ৰতিষ্ঠান, উদ্যোগ, শিক্ষাৰ্থীসকলে একেলগে কাম কৰে, তেতিয়া পৰিৱৰ্তনৰ গতি দ্ৰুত হয়। মই আত্মবিশ্বাসী যে বাজেট-উত্তৰ ৱেবিনাৰৰ এই শৃংখলাটোৱে আগন্তুক সময়ৰ বাবে এক দৃঢ় দিশ প্ৰদান কৰিব। এনে প্ৰচেষ্টাই এখন উন্নত ভাৰতৰ ভেটি অধিক শক্তিশালী কৰিব আৰু সহযোগীসকলৰ এইটো এক আনন্দদায়ক অনুভৱ যে এই বিষয়সমূহৰ সৈতে জড়িত লাখ লাখ লোক, বিশেষজ্ঞ, ইয়াৰ হিতাধিকাৰী, ইয়াৰ ব্যৱস্থাৰ সৈতে জড়িত, অৰ্থাৎ এক প্ৰকাৰে যিসকল চালিকা শক্তি, তেওঁলোক সকলোৱে মহান সক্ৰিয়তাৰে এই ৱেবিনাৰত যোগদান কৰিছে। আমাৰ বিষয়াসকলে মোক কৈছে যে বহুত ভাল পৰামৰ্শ আহিছে, বহুত ব্যৱহাৰিক পৰামৰ্শ আহিছে, অৰ্থাৎ কেৱল এক প্ৰকাৰে সমস্যাৰ সমাধান নহয়, নতুন শক্তি, নতুন গতিৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰা হৈছে। মই কওঁ যে এয়া ৱেবিনাৰৰ এক অতি আনন্দদায়ক অভিজ্ঞতা, এই ৱেবিনাৰত অংশগ্ৰহণ কৰা সকলো লোক অভিনন্দনৰ যোগ্য, সকলোৱে ধন্যবাদৰ যোগ্য। আকৌ এবাৰ আপোনালোক সকলোলৈকে বহুত শুভেচ্ছা, বহুত ধন্যবাদ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
West Asia conflict: 59 India-bound vessels transited Hormuz since war

Media Coverage

West Asia conflict: 59 India-bound vessels transited Hormuz since war
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুলাই 2026
July 22, 2026

From Scholarships to Homes to High-Speed Rail: Inclusive Growth Under PM Modi’s Leadership