ভাৰতে সদায় নিজকে জ্ঞানযোগৰ পথত উৎসৰ্গিত কৰি আহিছে, হাজাৰ হাজাৰ বছৰ পুৰণি বেদে আজিও অনুপ্ৰেৰণা যোগাই আহিছে: প্ৰধানমন্ত্ৰী
ভগৱান স্বামীনাৰায়ণ আছিল আধ্যাত্মিক অনুশীলন আৰু সেৱা উভয়ৰে প্ৰতীক: প্ৰধানমন্ত্ৰী
প্ৰাচীন পাণ্ডুলিপি সংৰক্ষণৰ অৰ্থে জ্ঞান ভাৰতম অভিযানত সহযোগিতা আগবঢ়াবলৈ সকলোকে আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে

জয় স্বামীনাৰায়ণ!

আজি আমি সকলোৱে এটা বিশেষ অনুষ্ঠানৰ সাক্ষী হোৱাৰ সৌভাগ্য লভিছো।    আমাৰ সকলোৰে বাবে এক সৌভাগ্যৰ বিষয় যে ভগৱান স্বামীনাৰায়ণৰ ২০০ বছৰীয়া শিক্ষাপত্রীৰ দ্বিশতবাৰ্ষিকী উদযাপনৰ   এই পবিত্ৰ উৎসৱত আমি সকলোৱে অংশগ্ৰহণকাৰী হৈ পৰিছো। এই পুণ্যকালত  সকলো সাধুকে প্ৰণাম জনাইছো। ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত অভিনন্দন জনাইছো।

বন্ধুসকল,

ভাৰত সদায় জ্ঞান যোগৰ প্ৰতি উৎসৰ্গিত হৈ আহিছে । হাজাৰ হাজাৰ বছৰ পুৰণি বেদ আজিও আমাৰ বাবে এক প্ৰেৰণা হৈ আহিছে। আমাৰ ঋষি-সন্যাসীসকলে সময়ৰ দাবী অনুসৰি  বেদৰ আলোকত সেই সময়ৰ ব্যৱস্থাসমূহ অবিৰতভাৱে বিকশিত কৰিছিল। বেদৰ পৰা উপনিষদ, উপনিষদৰ পৰা পুৰাণ, শ্ৰুতি, স্মৃতি, গল্প কথন, গায়ন-বায়ন—এনে বৈচিত্ৰ্যময় মাত্ৰাৰ মাজেৰে আমাৰ পৰম্পৰা সবল হৈ গৈ থাকিল।

বন্ধুসকল,

সেই সময়ৰ প্ৰয়োজন অনুযায়ী বিভিন্ন কালত মহাত্মা, ঋষি, চিন্তাবিদসকলে এই পৰম্পৰাত নতুন অধ্যায় সংযোজন কৰিছিল। আমি সকলোৱে জানো যে ভগৱান স্বামীনাৰায়ণৰ জীৱনৰ ঘটনাবোৰ জনশিক্ষা আৰু জনসেৱাৰ লগত জড়িত হৈ আহিছে। এই অভিজ্ঞতাবোৰকেই তেওঁ সহজ শব্দৰে বুজাই দিছিল। শিক্ষাপত্রীৰ ৰূপত ভগৱান স্বামীনাৰায়ণে আমাক জীৱনৰ বাবে অমূল্য পথ প্ৰদৰ্শন কৰিছিল।

বন্ধুসকল,

আজি দ্বিশতিবাৰ্ষিকী উদযাপনৰ এই বিশেষ অনুষ্ঠানে আমাক শিক্ষাপত্ৰীৰ পৰা কি কি নতুন কথা শিকিছো আৰু ইয়াৰ আদৰ্শক আমি জীৱনত কিমানখিনি প্ৰয়োগ কৰি আছো, সেয়া  মূল্যায়ন কৰাৰ সুযোগ প্ৰদান কৰিছে।

বন্ধুসকল,

ভগৱান স্বামীনাৰায়ণৰ জীৱন আধ্যাত্মিক অনুশীলনৰ লগতে সেৱাৰ মূৰ্ত ৰূপ আছিল। আজি সমাজ, দেশ, মানৱতাৰ সেৱাৰ বাবে বহু  অভিযান তেওঁৰ অনুগামীসকলে চলাই আহিছে। শিক্ষা আৰু স্বাস্থ্যৰ সৈতে জড়িত প্ৰকল্প, কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ, পানীৰ সৈতে জড়িত নানান  অভিযান—এইবোৰ সঁচাকৈয়ে প্ৰশংসনীয়। আপোনালোক সকলো সাধু আৰু হৰিভক্তই সমাজসেৱাৰ প্ৰতি নিজৰ দায়িত্ব অহৰহ প্ৰসাৰিত কৰাৰ কথাটো অতিকৈ প্ৰেৰণাদায়ক।

বন্ধুসকল,

আজি দেশে স্বদেশী আৰু স্বচ্ছতাৰ দৰে গণ আন্দোলনক আগুৱাই লৈ গৈছে। ‘ভ’কেল ফৰ লোকেল’ মন্ত্ৰৰ প্ৰতিধ্বনি ঘৰে ঘৰে অনুৰণিত হৈছে। যদি আপোনালোকে  এই অভিযানসমূহত যোগদান কৰে, তেন্তে শিক্ষাপত্ৰীৰ এই পবিত্ৰ উদযাপন আৰু অধিক অবিস্মৰণীয় হৈ পৰিব। আপোনালোকে সকলোৱে জানে যে দেশত প্ৰাচীন পাণ্ডুলিপি সংৰক্ষণৰ বাবে জ্ঞান ভাৰতম অভিযান আৰম্ভ হৈছে। আপোনালোকৰ দৰে সকলো জ্ঞানৰ সৈতে জৰিত  সংগঠনক এই কামত অধিক সহযোগিতা আগবঢ়াবলৈ মই  অনুৰোধ জনাইছো। আমাৰ ভাৰতৰ প্ৰাচীন জ্ঞান আমি সংৰক্ষণ কৰিব  লাগিব, ইয়াৰ পৰিচয় ৰক্ষা কৰিব লাগিব আৰু এইক্ষেত্ৰত  আপোনালোকৰ সহযোগিতাই জ্ঞান ভাৰতম অভিযানৰ সফলতাক নতুন উচ্চতালৈ লৈ যাব।

বন্ধুসকল,

এই সময়ত দেশত চলি আছে সোমনাথ স্বাভিমান পৰ্বৰ বৃহৎ সাংস্কৃতিক উৎসৱ। সোমনাথ মন্দিৰ প্ৰথম ধ্বংস হোৱাৰ পৰা এতিয়ালৈকে এহাজাৰ বছৰৰ যাত্ৰাক সোমনাথ স্বাভিমান পৰ্ব  হিচাপে উদযাপন কৰা হৈছে। আপোনালোক সকলোকে এই উৎসৱত যোগদান কৰি ইয়াৰ উদ্দেশ্য প্ৰতিগৰাকী  ব্যক্তিৰ মাজলৈ লৈ যাবলৈ মই অনুৰোধ জনাইছো।

মোৰ বিশ্বাস যে আপোনালোকৰ জৰিয়তে ভাৰতৰ উন্নয়নৰ যাত্ৰাই এনেদৰে ভগৱান স্বামীনাৰায়ণৰ আশীৰ্বাদ লাভ কৰি যাব। আকৌ এবাৰ সকলো সাধু, সকলো হৰি ভক্ত আৰু সকলো তীৰ্থযাত্ৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

জয় স্বামীনাৰায়ণ!

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years

Media Coverage

‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."