৩ কোটি স্বাস্থ্যকৰ্মী আৰু সমূখত থাকি কাম কৰা কৰ্মীসকলৰ টীকাকৰণৰ প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰবোৰে কোনো খৰচ বহন কৰিব নালাগিব : প্ৰধানমন্ত্ৰী
কো-উইন ডিজিটেল প্লেটফৰ্মে টীকাকৰণ কাৰ্যসূচীক সহায় কৰিব আৰু ডিজিটেল টীকাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব
আগন্তুক কেইটামান মাহত ৩০ কোটি লোকক টীকা দিয়াৰ উদ্যোগ গ্ৰহণ কৰিছে ভাৰতে : প্ৰধানমন্ত্ৰী
বাৰ্ড ফ্লু নিয়ন্ত্ৰণৰ পৰিকল্পনা কৰা হৈছে; সকলো সময়তে সকলো স্থানতে তীক্ষ্ণ নজৰ ৰখা হ’ব। - প্ৰধানমন্ত্ৰী

ক’ৰোনাৰ মেড ইন ইণ্ডিয়া প্ৰতিষেধক আৰু বিশ্বৰ সবাতোকৈ বৃহৎ টীকাকৰণ অভিযান, এই বিষয়ত অলপতে বিস্তাৰিতভাৱে চৰ্চা কৰা হৈছে, উপস্থাপনত বহু বিষয়ত বিশদভাৱে কোৱা হৈছে আৰু আমাৰ ৰাজ্যৰ জিলা পৰ্যায়ত বিষয়াসকলৰ সৈতেও বহু বিস্তাৰিতভাৱে ইয়াৰ চৰ্চা হৈছে তথা এই সন্দৰ্ভত কিছুমান ৰাজ্যৰ পৰা সু পৰাৰ্মশও লাভ কৰা হৈছে৷ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত এই সংবাদ আৰু সহযোগিতাই ক’ৰোনাৰ বিৰুদ্ধে যুঁজত বৃহৎ ভূমিকা পালন কৰিছে৷ এক প্ৰকাৰে মৈত্ৰীবাদৰ উত্তম উদাহৰণ এই মোকাবিলাসমূহত আমি প্ৰস্তুত কৰিছো৷

বন্ধুসকল,

আজি আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় লাল বাহাদুৰ শাস্ত্ৰীজীৰ পুণ্য তিথিও৷ মই তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷ ১৯৬৫ চনত শাস্ত্ৰীজীয়ে এক সমাৰোহত প্ৰশাসনিক সেৱাৰ যি গুৰুত্বপূৰ্ণ কথা কৈছিল সেয়া আজি মই আপোনালোকৰ সন্মুখত আলোকপাত কৰিবলৈ বিচাৰিছো৷ তেওঁ কৈছিল- The Basic Idea of Governance, as I see it, is to hold the society together so that it can develop and march towards certain goals. The task of the government is to facilitate this evolution, this process. মই সুখী যে ক’ৰোনাৰ এই সংকটৰ সময়ছোৱাত আমি সকলোৱে ঐক্যৱদ্ধ হৈ কাম কৰিছো, যি শিকনি লাল বাহাদুৰ শাস্ত্ৰীজীয়ে আমাক দিছিল সেই দিশত আগবঢ়াৰ আমি প্ৰয়াস কৰিছো আৰু এই সন্দৰ্ভত সংবেদনশীলতাৰ সৈতে যি ত্বৰিৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, আৱশ্যকীয় সংসাধন গোটোৱা হৈছে আৰু দেশৰ জনসাধাৰণক নিৰন্তৰে আমি সজাগতাও প্ৰদান কৰি আছো, আৰু আজি ইয়াৰ পৰিণামস্বৰূপে ভাৰতত ক’ৰোনাৰ কোনো সংক্ৰমণ দেখা নাই আৰু বিশ্বৰ অন্য দেশৰ দৰে সম্প্ৰসাৰিতও হোৱা নাই৷ ৭-৮ মাহ পূৰ্বে যি দুঃশ্চিন্তাত দেশবাসীয়ে কটাবলগীয়া হৈছিল, তাৰে পৰা এতিয়া লোক চিন্তামুক্ত হৈছে৷ এতিয়া স্থিতি উন্নত হৈছে কিন্তু যাতে অসাৱধান নহয়, তাৰেও চিন্তা আমি কৰিব লাগিব৷ দেশবাসীৰ বৰ্ধিত বিশ্বাসৰ প্ৰভাৱ আৰ্থিক গতিবিধিতো ইতিবাচক ৰূপত পৰিলক্ষিত হৈছে৷ অহৰ্নিশে ব্যস্ত হৈ থকা ৰাজ্য প্ৰশাসনকো মই প্ৰশংসা কৰিছো৷

বন্ধুসকল,

এতিয়া আমাৰ দেশ ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত এক নিৰ্ণায়ক স্থিতিত প্ৰৱেশ কৰিছে৷ এই স্থিতি হ’ল টীকাকৰণৰ৷ ইয়াত যিদৰে উল্লেখ কৰা হ’ল, ১৬ জানুৱাৰীৰ পৰা আমি বিশ্বৰ সবাতোকৈ বৃহৎ টীকাকৰণ অভিযান আৰম্ভ কৰিছো৷ এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা যে যি দুটা প্ৰতিষেধকক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন প্ৰদান কৰা হৈছে সেই দুয়োটাই ভাৰতত নিৰ্মাণ কৰা হৈছে৷ এয়াই নহয়, আৰু ৪টা প্ৰতিষেধক নিৰ্মাণৰ পৰ্যায়ত আছে৷ আৰু এয়া যি মই ৬০-৭০ শতাংশ কাম প্ৰথম ৰাউণ্ড হোৱাৰ পিছত চৰ্চা কৰিবলৈ বৈঠক অনুষ্ঠিত কৰাৰ কথা কৈছো, কিয়নো ইয়াৰ পিছত প্ৰতিষেধক উপলব্ধ হ’ব আৰু যেতিয়া প্ৰতিষেধক উপলব্ধ হ’ব তেতিয়া ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈও সুবিধা হ’ব আৰু সেইবাবে দ্বিতীয় অংশত আমি ৫০ৰ ওপৰলৈ যাম আৰু তেতিয়ালৈ বোধহয় আমাৰ ওচৰত আৰু নতুন প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা আছে৷

 

বন্ধুসকল,

দেশবাসীসকলক এক প্ৰভাৱী প্ৰতিষেধক প্ৰদান কৰাৰ বাবে আমাৰ বিশেষজ্ঞসকলে যথাসম্ভৱ সাৱধানতা পালন কৰিছে৷ আৰু এতিয়া বৈজ্ঞানিক সমাজৰ তৰফৰ পৰাও আমাক বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে৷ আৰু আপোনালোকে জানে যে এই বিষয়ত যেতিয়াই মই মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিছো তেতিয়া মই সদায়েই এটাই উত্তৰ দিছো যে এই বিষয়ত আমি যি সিদ্ধান্ত গ্ৰহণ কৰিম, সেয়া বৈজ্ঞানিক সমাজে যি ক’ব সেয়াই আমি কৰিম৷ বৈজ্ঞানিক সমাজকেই আমি চূড়ান্ত বুলি গণ্য কৰিম আৰু এইদৰে আগবাঢ়িম৷ বহু লোকে কৈছিল যে বিশ্বত প্ৰতিষেধক আৱিষ্কৃত হৈছে, ভাৰতে কি কৰি আছে, ভাৰতে শুই আছে, ইমান লাখ হ’ল, এনে ধৰণৰ চিঞৰ-বাখৰ হৈছিল৷ কিন্তু তথাপিও আমাৰ মত এটাই আছিল যে বৈজ্ঞানিক সমাজ দায়িত্বসম্পন্ন লোক৷ তেওঁলোকৰ তৰফৰ পৰা যেতিয়া আহিব তেতিয়াবে আমাৰ বাবে উচিত হ’হ আৰু আমি সেই দিশতেই আমি আগবাঢ়িছো৷ তাতোকৈ ডাঙৰ কথা হ’ল আমাৰ দুয়োটা প্ৰতিষেধকেই হ’ল ব্যয় সংকোচনী৷ আমি কল্পনা কৰিব পাৰো যে যদি ভাৰতে ক’ৰোনাৰ টীকাকৰণৰ বাবে যদি বিদেশী প্ৰতিষেধকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ’লহেঁতেন তেন্তে আমাৰ অৱস্থা কি হ’লহেঁতেন, কিমান সমস্যা হ’লহেঁতেন, ইয়াৰ আণ্ডাজ আমি লগাব পাৰো৷ এই প্ৰতিষেধক ভাৰতৰ স্থিতি আৰু পৰিস্থিতি প্ৰত্যক্ষ কৰি নিৰ্মাণ কৰা হৈছে৷ ভাৰতৰ টীকাকৰণৰ যি অভিজ্ঞতা আছে, দূৰ-সুদূৰ ক্ষেত্ৰলৈ প্ৰদান কৰাৰ যি ব্যৱস্থা আছে, তাৰ জৰিয়তে ক’ৰোনাৰ প্ৰতিষেধকৰ কাৰ্যক্ৰম বহুত উপযোগী হিচাপে বিবেচিত হ’ব৷

বন্ধুসকল,

আপোনালোক সকলো ৰাজ্যৰ সৈতে পৰামৰ্শ কৰি এয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে টীকাকৰণ অভিযানৰ আৰম্ভণিতে কাক প্ৰাথমিকতা প্ৰদান কৰা হ’ব৷ আমাৰ প্ৰচেষ্টা সবাতোকৈ প্ৰথমে সেইসকল লোকক ক’ৰোনাৰ প্ৰতিষেধক দিয়া হ’ব যিসকলে স্বাস্থ্য সুৰক্ষাত অহৰ্নিশে ব্যস্ত হৈ আছে৷ আমাৰ যি স্বাস্থ্য-কৰ্মী আছে, চৰকাৰী অথবা ব্যক্তিগত, প্ৰথমে তেওঁলোকক টীকা প্ৰদান কৰা হ’ব৷ তেওঁলোকৰ সৈতে আমাৰ যি চাফাই কৰ্মচাৰী আছে, অন্য সন্মুখৰ শাৰীৰ কৰ্মী আছে, প্ৰতিৰক্ষাবাহিনীৰ কৰ্মী আছে, আৰক্ষী, হোম গাৰ্ড, নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰ সৈতে জড়িত কৰ্মী, এনে সতীৰ্থসকলকো প্ৰথম পৰ্যায়ত টীকা প্ৰদান কৰা হ’ব৷ দেশৰ বিভিন্ন ৰাজ্যৰ স্বাস্থ্য কৰ্মী, সন্মুখৰ শাৰীৰ কৰ্মচাৰীৰ সংখ্যা পৰিলক্ষিত কৰিলে দেখা যাব যে ইয়াৰ সংখ্যা প্ৰায় ৩ কোটি হৈছে৷ এয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে প্ৰথম পৰ্যায়ত এই ৩ কোটি লোকক প্ৰতিষেধক প্ৰদানত যি ব্যয় কৰা হ’ব সেয়া ৰাজ্য চৰকাৰে নহয়, কেন্দ্ৰীয় চৰকাৰে বহন কৰিব৷

বন্ধুসকল,

টীকাকৰণৰ দ্বিতীয় পৰ্যায়ত, অৱশ্যে এক প্ৰকাৰে সেয়া তৃতীয় পৰ্যায় হ’ব কিন্তু যদি আমি এই তিনি কোটিক প্ৰথম পৰ্যায় বুলি ভাবো তেন্তে পৰৱৰ্তীটো দ্বিতীয় পৰ্যায় হ’ব৷ ৫০ বছৰ বয়সৰ ওপৰৰ সকলো লোকক আৰু ৫০ বছৰ বয়সৰ তলৰ সেই ৰোগীক যাৰ সংক্ৰমণৰ ক্ষতিশংকা সবাতোকৈ অধিক, তেওঁলোকক টীকা প্ৰদান কৰা হ’ব৷ আপোনালোক সকলোৱে পৰিচিত যে বিগত কিছু সপ্তাহৰ পৰা আৱশ্যকীয় আন্তঃগাঁথনিসমূহক লৈ লজিষ্টিক পৰ্যন্ত সকলো প্ৰস্তুতি সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশৰ সৈতে চিন্তা-চৰ্চা কৰি নিৰন্তৰে বৈঠক অনুষ্ঠিত কৰি মডিউল প্ৰস্তুত কৰি ইয়াক সম্পূৰ্ণ কৰা হৈছে৷ দেশৰ প্ৰায় প্ৰতিখন জিলাত ড্ৰাই ৰাণো সম্পূৰ্ণ কৰা হৈছে৷ ইমান ডাঙৰ দেশত সকলো জিলাত ড্ৰাই ৰাণ সম্পন্ন হোৱাৰ জৰিয়তে আমাৰ সামৰ্থ প্ৰকাশ পাইছে৷ আমি যি নতুন প্ৰস্তুতি, ক’ভিডৰ যি এছঅ’পি, সেই আটাইবোৰ আমাৰ পুৰণি অভিজ্ঞতাৰ সৈতে সংযোজিত কৰিব লাগিব৷ ভাৰতত পূৰ্বৰ পৰাই অনেক বিশ্বজনীন ৰোগ প্ৰতিৰোধকৰণ কাৰ্যসূচী ইতিমধ্যেই চলি আছে৷ আমাৰ কৰ্মীসকলে সফলতাৰে ইয়াক সম্পন্ন কৰি আহিছে৷ মিছেল্স-ৰুবেলাৰ দৰে ৰোগৰ বিৰুদ্ধেও ব্যাপক অভিযান আমি চলাইছো৷ বিশ্বৰ সবাতোকৈ বৃহৎ নিৰ্বাচন আৰু দেশৰ প্ৰান্তে প্ৰান্তে উপস্থিত হৈ মতদানৰ সুবিধা প্ৰদান কৰাটো আমাৰ উত্তম অভিজ্ঞতা আছে৷ ইয়াৰ বাবে যি বুথ পৰ্যায়ৰ ৰণনীতি আমি প্ৰস্তুত কৰিছো তাকো আমি ইয়াত প্ৰয়োগ কৰিব লাগিব৷

বন্ধুসকল,

এই টীকাকৰণ অভিযানত সবাতোকৈ গুৰুত্বপূৰ্ণ হ’ল টীকাকৰণ কৰা লোকসকলৰ চিনাক্তকৰণ আৰু নিৰীক্ষণ৷ ইয়াৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ক’-উইন নামৰ এক ডিজিটেল প্লেটফ’ৰ্মো প্ৰস্তুত কৰা হৈছে৷ আধাৰৰ সহায়ত হিতাধিকাৰীসকলৰ চিনাক্তকৰণো কৰা হ’ব আৰু তেওঁলোকে যাতে দ্বিতীয়টো পালি সময়মতে লাভ কৰে তাৰ নিশ্চিতকৰণ কৰা হ’ব৷ মই আপোনালোকক আহ্বান জনাম যে টীকাকৰণৰ সৈতে জড়িত ৰীয়েল-টাইম-ডাটা ক’-উইনত যাতে সময়মতে আপলোড হয় তাৰে যাতে সুনিশ্চিক হয়৷ ইয়াত সামান্যতমো অসাৱধানতাই এই অভিযানক ক্ষতি কৰিব পাৰে৷ ক’-উইন প্ৰথম টীকাৰ পিছত এক ডিজিটেল টীকাকৰণ স্বীকৃতিপত্ৰ প্ৰস্তুত কৰিব৷ হিতাধিকাৰীসকলক এই স্বীকৃতিপত্ৰ টীকা প্ৰদান কৰাৰ পিছতেই ডিজিটেলী প্ৰদান কৰাটো অতিশয় আৱশ্যক যাতে তেওঁলোকে স্বীকৃতিপত্ৰ ল’বলৈ পুনৰ আহিবলগীয়া নহয়৷ কাক টীকা প্ৰদান কৰা হৈছে, এয়া স্বীকৃতিপত্ৰৰ পৰা গম পোৱা যাব লগতে দ্বিতীয়টো পালি কেতিয়া দিয়া হ’ব তাৰো সোঁৱৰণ হিচাপে ই কাম কৰিব৷ দ্বিতীয়টো পালিৰ পিছত চূড়ান্ত স্বীকৃতিপত্ৰ প্ৰদান কৰা হ’ব৷

বন্ধুসকল,

ভাৰতে যি কৰিব সেয়া বিশ্বৰ অন্য দেশেও অনুসৰণ কৰিব, সেইবাবে আমাৰ দায়িত্ব অধিক৷ আৰু এটা গুৰুত্বপূৰ্ণ তথ্য আছে যাৰ আমি ধ্যান ৰাখিব লাগিব৷ বিশ্বৰ ৫০খন দেশত ৩-৪ সপ্তাহ জুৰি টীকাকৰণৰ কাম চলি আছে, প্ৰায় এমাহ হ’ল কিন্তু এতিয়াও প্ৰায় আঢ়ৈ কোটি লোকেহে টীকাকৰণৰ সুবিধা লাভ কৰিছে৷ তেওঁলোকৰ প্ৰস্তুতি নিজা, অভিজ্ঞতা নিজা, সামৰ্থ নিজা, তেওঁলোকে নিজৰ ধৰণে কৰি আছে৷ কিন্তু এতিয়া ভাৰতত আমি আগন্তুক মাহসমূহত প্ৰায় ৩০ কোটি লোকৰ টীকাকৰণৰ লক্ষ্য প্ৰাপ্ত কৰিব লাগিব৷ এই প্ৰত্যাহ্বানৰ পুৰ্বানুমান কৰি বিগত মাহসমূহত ভাৰতে ব্যাপক প্ৰস্তুতি চলাইছে৷ ক’ৰোনাৰ প্ৰতিষেধকৰ পৰা যদি কিছু অসহজতাবোধ হয়, তাৰবাবেও আৱশ্যকীয় ব্যৱস্থাপনা কৰা হৈছে৷ Universal Immunization Programme ৰ পূৰ্বেই ইয়াৰ বাবে মেকানিজম আমাৰ ওচৰত আছে৷ ক’ৰোনাৰ টীকাকৰণৰ বাবে ইয়াক অধিক শক্তিশালী কৰা হৈছে৷

বন্ধুসকল,

প্ৰতিষেধক আৰু টীকাকৰণৰ এই কথাসমূহৰ মাজত আমি এয়াও মনত ৰাখিব লাগিব যে ক’ভিডৰ সৈতে জড়িত যি প্ৰট’কল আমি পালন কৰি আহিছো, সেয়া আগন্তুক সমগ্ৰ প্ৰক্ৰিয়াতো পালন কৰিব লাগিব৷ সামান্যতম অসাৱধানতাইও ক্ষতি কৰিব পাৰে আৰু এয়াই নহয়, যিসকলক টীকা প্ৰদান কৰা হৈছে, তেওঁলোকেও সংক্ৰমণ ৰোধ কৰিবলৈ যিসমূহ সাৱধানতা পালন কৰিব লাগে সেয়া অনুসৰণ কৰি থাকক, এয়াও সুনিশ্চিত কৰিব লাগিব৷ এটা কথা ঠিক যে আমি অতিশয় গম্ভীৰতাৰে কাম কৰিব লাগিব৷ প্ৰতিখন ৰাজ্য, প্ৰতিখন কেন্দ্ৰীয়শাসিত প্ৰদেশে এয়া সুনিশ্চিত কৰিব লাগিব যে প্ৰতিষেধকৰ ওপৰত উৰাবাতৰি যাতে প্ৰচাৰিত নহয়৷ ‘যদি আৰু কিন্তু’ৰে কথা আৰম্ভ হ’ব নালাগিব৷ দেশ আৰু বিশ্বৰ অনেক স্বাৰ্থপৰ তত্বই আমাৰ এই অভিযানত বাধা প্ৰদান কৰাৰ প্ৰয়াস কৰিব পাৰে৷ ক’ৰ্পৰেট প্ৰতিযোগিতাও ইয়াত আহিব পাৰে, দেশৰ গৌৰৱৰ নামতো আহিব পাৰে৷ বহু ধৰণৰ কথা হ’ব পাৰে৷ এনে প্ৰতিটো প্ৰয়াস দেশৰ প্ৰতিজন নাগৰিকলৈ উপযুক্ত তথ্য প্ৰদান কৰি প্ৰতিৰোধ কৰিব লাগিব৷ ইয়াৰ বাবে আমি ধাৰ্মিক তথা সামাজিক সংস্থা, এনৱাইকে, এনএছএছ, আত্মসহায়ক গোট, পেছাদাৰী সংস্থা, ৰ’টাৰী লায়নছ ক্লাব আৰু ৰে’ড ক্ৰ’চৰ দৰে সংস্থাকো জড়িত কৰোৱাব লাগিব, আমাৰ যি নিয়মীয়া স্বাস্থ্য সেৱা আছে, অন্য যি টীকাকৰণ অভিযান চলি আছে, তাকো গুৰুত্ব দিব লাগিব৷ কাৰণ আমি জানো যে আমি ১৬ৰ পৰা আৰম্ভ কৰিছো, কিন্তু ১৭ তাৰিখেও যি নিয়মীয়া টীকাকৰণৰ তাৰিখ আছে, সেয়াও যাতে ব্যাহত নহয়৷

শেষত মই এটা গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ সৈতে কথা পাতিবলৈ বিচাৰিছো৷ দেশৰ ৯খন ৰাজ্যত বাৰ্ড ফ্লু হোৱা পৰিলক্ষিত হৈছে৷ এই ৰাজ্যসমূহ হ’ল- কেৰালা, ৰাজস্থান, হিমাচল প্ৰদেশ, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, দিল্লী আৰু মহাৰাষ্ট্ৰ৷ বাৰ্ড ফ্লুৰ সৈতে মোকাবিলা কৰিবলৈ পশু পালন মন্ত্ৰালয়ৰ দ্বাৰা কাৰ্যযোজনা প্ৰস্তুত কৰা হৈছে যাক তৎপৰতাৰে পালন কৰাটো আৱশ্যক৷ ইয়াত জিলা দণ্ডাধীশৰো ভূমিকা গুৰুত্বপূৰ্ণ৷ এই ক্ষেত্ৰত মই আহ্বান জনাইছো যে প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সহযোগী মুখ্য সচিবসকলেও সকলো জিলা দণ্ডাধীশৰ পথ প্ৰদৰ্শন কৰক৷ যিসমূহক ৰাজ্যত এতিয়াও বাৰ্ড ফ্লু হোৱা নাই সেই ৰাজ্যৰ চৰকাৰ সষ্টম হৈ থাকক৷ আমি সকলো ৰাজ্য-স্থানীয় প্ৰশাসনক পানীৰ উৎসৰ কাষত, পক্ষী বজাৰত, চিৰিয়াখানা, হাঁহ-কুকুৰাৰ ফাৰ্ম নিৰন্তৰে নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছো৷ বাৰ্ড ফ্লুৰ পৰীক্ষণৰ বাবে যি গৱেষণাগাৰ আছে তাত সময়মতে নমুনা প্ৰেৰণ কৰিব লাগিব আৰু স্থানীয় প্ৰশাসনে তেতিয়াহে ক্ষীপ্ৰ গতিত কাৰ্য সম্পন্ন কৰিব পাৰিব৷ বন বিভাগ, স্বাস্থ্য বিভাগ, পশু পালন বিভাগৰ মাজত সমন্বয় যিমানেই অধিক হ’ব সিমানেই দ্ৰুত গতিত আমি বাৰ্ড ফ্লু নিয়ন্ত্ৰণত সক্ষম হ’ম৷ বাৰ্ড ফ্লুক লৈ যাতে উৰাবাতৰি প্ৰচাৰ নহয় আমি তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব৷ মোৰ বিশ্বাস যে আমাৰ ঐক্যৱদ্ধ প্ৰয়াসে প্ৰতিটো প্ৰত্যাহ্বানৰ পৰা দেশক মুক্ত কৰিব পাৰিব৷ মই পুনৰবাৰ আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু ৬০ শতাংশ কাম হোৱাৰ পিছত পুনৰ বৈঠকত এই বিষয়ে আমি পৰ্যালোচনা কৰিম৷ সেই সময়ত অধিক বিস্তাৰিতভাৱে কথা পাতিম আৰু তেতিয়ালৈ যদি নতুন প্ৰতিষেধক আৱিষ্কৃত হয়, তাৰো ৰণনীতি আমি প্ৰস্তুত কৰিম৷

অশেষ অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”