“যেতিয়া আনৰ আকাঙ্ক্ষা আপোনাৰ প্রত্যাশা হৈ পৰে আৰু যেতিয়া আনৰ স্বপ্ন পূৰণ আপোনাৰ সাফল্যৰ মাপকাঠি হৈ উঠে তেতিয়া কর্তব্য পালনে ইতিহাস গঢ়ি তোলে”
“আজি উন্নয়নত আগ্রহী জিলাসমূহে দেশৰ অগ্রগতিৰ পথত বাধা দূৰ কৰিছে; এই জিলাসমূহ অন্তৰায় হোৱাৰ পৰিৱর্তে উন্নয়নত গতি সঞ্চাৰ কৰিছে”
“আজি আজাদী কা অমৃত কালৰ সময়ত দেশৰ লক্ষ্যই হ'ল বিভিন্ন পৰিসেৱা আৰু সুযোগ-সুবিধাৰ ক্ষেত্রত ১০০ শতাংশ সাফল্য অর্জন কৰা”
“দেশে আজি ডিজিটেল ইণ্ডিয়াৰ মাধ্যমত এক নীৰব বিপ্লৱ প্রত্যক্ষ কৰিছে; সেয়ে কোনো জিলাই যেন এই বিপ্লৱৰ পৰা বাদ নপৰে”

নমস্কাৰ!

কাৰ্যক্ৰমত আমাৰ সৈতে দেশৰ বিভিন্ন ৰাজ্যসমূহৰ পৰা উপস্থিত থকা সন্মানীয় মুখ্যমন্ত্ৰীসকল, লেফটেনেণ্ট গৱৰ্ণৰসকল, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী, সকলো সতীৰ্থ, ৰাজ্যসমূহৰ মন্ত্ৰীসকল, বিভিন্ন মন্ত্ৰালয়ৰ সচিবসকল আৰু বহুসংখ্যক জিলাৰ জিলাধিকাৰী, কালেক্টৰ-কমিশ্যনাৰ, মহানুভৱসকল, আইসকল আৰু সজ্জনসকল!

জীৱনত আমি প্ৰায়েই দেখিবলৈ পাও যে মানুহে নিজৰ আকাংক্ষা পূৰণৰ বাবে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰে আৰু কিছু মাত্ৰাত সেইবোৰ পূৰণো কৰে। কিন্তু যেতিয়া আনৰ আকাংক্ষাসমূহো নিজৰ আকাংক্ষা হৈ উঠে, যেতিয়া আনৰ সপোনবোৰ পূৰণ কৰাটো নিজৰ সফলতাৰ মাপক হৈ উঠে, আৰু তেতিয়াই সেয়াই কৰ্তব্য পথৰ ইতিহাস ৰচনা কৰে। আজি আমি দেশৰ ‘এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট’, ‘আকাংক্ষী জিলা’সমূহত এই ইতিহাসেই ৰচনা হোৱা দেখিবলৈ পাইছো। মোৰ মনত আছে, ২০১৮ চনত এই অভিযানৰ শুভাৰম্ভ হৈছিল, তেতিয়া মই কৈছিলো যে যিবোৰ অঞ্চল দশকৰ পিচত দশক ধৰি বিকাশৰ পৰা বঞ্চিত হৈ আছে, সেইবোৰ অঞ্চলৰ ৰাইজক সেৱা কৰাৰ সুযোগ, এয়া নিজে নিজেই এক সৌভাগ্য হয়। মোৰ আজি ভাল লাগিছে যে আজি যেতিয়া দেশে নিজৰ স্বাধীনতাৰ ‘অমৃত মহোত্সৱ’ উদযাপন কৰি আছে, তেতিয়া আপোনালোকে এই অভিযানৰ অনেক উপলব্ধিৰ সৈতে আজি ইয়াত উপস্থিত হৈছেহি। মই আপোনালোক আটাইকে আপোনালোকৰ সাফল্যৰ বাবে অভিনন্দন জনাইছো, আপোনালোকক নতুন লক্ষ্যৰ বাবে শুভকামনা জনাইছো। মই মুখ্যমন্ত্ৰী আৰু ৰজ্যসমূহকো বিশেষ ভাবে অভিনন্দন জ্ঞাপন কৰিছো, তেওঁলোকে, মই দেখিছো যে অনেক জিলাত কৰ্মোদ্যমী আৰু বৰ তেজস্বি যুৱ-বিষয়াক নিয়োজিত কৰিছে, এয়া দৰাচলতেই এক শুদ্ধ ৰণনীতি। সেইদৰে য’ত পদখালী আছিল সেইবোৰত মকৰল কৰাতো অগ্ৰাধিকাৰ দিছে। তৃতীয়তে, মই দেখিছো তেওঁলোকে কাৰ্যকালকো স্থিৰে ৰাখিছে। অৰ্থাত্ এক প্ৰকাৰে ‘আকাংক্ষী জিলা’সমূহত কৰ্মোদ্যমী নেতৃত্ব, কৰ্মোদ্যমী গোটক কাৰ্যভাৰ অৰ্পণ কৰাৰ কাম মুখ্যমন্ত্ৰীসকলে কৰিছে। আজি শনিবাৰ, সাধাৰণতে ছুটী উদযাপনৰ মন হয়, তত্স্বত্বেও কিন্তু সকলো আদৰণীয় মুখ্যমন্ত্ৰীয়ে সময় উলিয়াই ইয়াত আমাৰ সৈতে সমবেত হৈছেহি। আপোনালোক সকলোৱেও ছুটীৰ কথা একাষৰীয়া কৰি আজিৰ এই কৰ্যক্ৰমত উপস্থিত হৈছেহি। এই কথাই টআকাংক্ষী জিলাটসমূহৰ প্ৰতি ৰাজ্যসমূহে, মুখ্যমন্ত্ৰীসকলে কিমান গুৰুত্ব প্ৰদান কৰিছে সেই কথাকে প্ৰতীয়মান কৰে। ৰাজ্যসমূহত যিবোৰ জিলা এইদৰে পিচ পৰি ৰৈছে, সেইবোৰক আন জিলাসমূহৰ সমান পৰ্যায়লৈ অনাৰ বাবে কিমান দৃঢ় সংকল্প গ্ৰহণ কৰিছে, এয়া এই কথাৰেই প্ৰমাণ বুলিব পাৰি।

বন্ধুসকল,

আমি দেখিছো যে এফালে বাজেট বাঢ়ি আছে, আঁচনি যুগুতাই থকা হৈছে, তথ্য-পাতিত আৰ্থিক বিকাশো হৈ থকা বুলিয়েই দেখিবলৈ পোৱা গৈছে, কিন্তু, তাৰ মাজতো স্বাধীনতাৰ ৭৫টা বছৰ উকলি যোৱাৰ পিচতো, ইমান দীঘল যাত্ৰাৰ পিচতো দেশত এনে কিছুসংখ্যক জিলা পিচ পৰিয়েই ৰৈ গৈছে। সময় যোৱাৰ লগে লগে এইবোৰ জিলাক ‘পিচপৰা জিলা’ৰ ‘টেগ’ লগাই দিয়া হৈছিল। এফালে দেশৰ শ শ জিলাই প্ৰগতি কৰিছে, আনফালে এই ‘পিচপৰা জিলা’সমূহ দিনে দিনে আৰু পিচ পৰি গৈ থাকিছিল। সমগ্ৰ দেশৰ প্ৰগতিৰ তথ্যাৱলীকো এইসমূহ জিলাই অৱনমিত কৰি ৰাখিছিল। সমগ্ৰ ৰূপত যেতিয়া পৰিৱৰ্তন নাহে, তেতিয়া যিসমূহ জিলাই ভাল প্ৰদৰ্শন কৰি আছে, সেইবোৰৰ মজতো নিৰাশাৰ আবিৰ্ভাৱ হয় আৰু সেয়ে দেশে এই ‘পিচপৰি ৰোৱা জিলা’সমূহৰ ‘হেণ্ড ডুয়িং’-ত বিশেষ গুৰুত্ব দিবলৈ ধৰিলে। আজি ‘আকাংক্ষী জিলা’সমূহেই দেশ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত দেখা দিয়া বাধাসমূহৰ পৰিসমাপ্তি ঘটাইছে। আপোনালোক আটাইৰে প্ৰয়াসৰে, ‘আকাংক্ষী জিলা’সমূহে আজি ‘গতিৰোধক হোৱা’ৰ পৰিৱৰ্তে ‘গতিবৰ্দ্ধক’ হিচাপেহে ভূমিকা পালন কৰিবলৈ ধৰিছে। যিসমূহ জিলা আগতে দ্ৰুতগতিৰে প্ৰগতি কৰি থকা বুলি গণ্য কৰা হৈছিল, আজিকালি কিন্তু বহু সূচকাংকত এইসমূহ ‘আকাংক্ষী জিলা’ই সেইসমূহ জিলাতকৈয়ো অধিক উন্নত ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি ইয়াত ইমানবোৰ মাননীয় মুখ্যমন্ত্ৰী সমবেত হৈছেহি। তেওঁলোকেও মানিব যে তেওঁলোকৰ ৰাজ্যসমূহৰ ‘আকাংক্ষী জিলা’সমূহে অসম্ভৱক সম্ভৱ কৰি তুলিছে।

বন্ধুসকল,

‘আকাংক্ষী জিলা’সমূহত বিকাশৰ এই অভিযানে আমাৰ দায়বদ্ধতাক বহু দিশৰ পৰা সম্প্ৰসাৰিত আৰু ‘ৰীডিজাইজন’ কৰিছে। আমাৰ সংবিধানৰ যি চিন্তন আৰু সংবিধানৰ যি ‘স্পিৰিট’ আছিল, তাক মূৰ্ত কৰি তুলিব লাগিব। ইয়াৰ বুনিয়াদ হৈছে কেন্দ্ৰ-ৰাজ্য আৰু স্থানীয় প্ৰশাসনৰ ‘টীম-ৱৰ্ক’। ইয়াৰ পৰিচিতি হৈছে- ‘ফেডাৰেল ষ্ট্ৰাকশ্যাৰ’ত সহযোগিতা বৃদ্ধিৰ সংস্কৃতি। আৰু সকলোতকৈ গুৰত্বপূৰ্ণ কথাটো হৈছে, যিমানেই বেছি ‘জন-অংশীদাৰিত্ব’, যিমানেই ‘পাৰদৰ্শী নিৰীক্ষণ’ৰ ব্যৱস্থা সিমানেই উন্নত পৰিণাম।

বন্ধুসকল,

‘আকাংক্ষী জিলা’সমূহত বিকাশৰ বাবে প্ৰশাসন আৰু জনতাৰ মাজত প্ৰত্যক্ষ সংযোগ, এক আৱেগিক সম্পৰ্ক স্থাপন কৰাটো বহুত প্ৰয়োজন। এফালেদি ‘গভাৰ্ণেন্স’ৰ ‘টপ টু বটম’ আৰু ‘বটম টু টপ’-ৰ প্ৰবাহ। আৰু এই অভিযানৰ গুৰুত্বপূৰ্ণ উপাদান হৈছে- ‘প্ৰযুক্তি আৰু উদ্ভাৱনশীলতা’! যেনেদৰে আমি এতিয়াৰ ‘প্ৰেজেণ্টেশ্যন’সমূহতো দেখিছো, যিসমূহ জিলাই প্ৰযুক্তিৰ যিমানেই অধিক ব্যৱহাৰ কৰিছে, ‘গৱৰ্ণেন্স’ আৰু ‘ডেলিভাৰী’ৰ যিমান নতুন পন্থা উদ্ভাৱন কৰিছে, সেইসমূহ জিলাই সিমানেই উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি দেশৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা ‘আকাংক্ষী জিলা’সমূহৰ কিমান যে সাফল্য-গাঁথা আমাৰ সন্মুখত দাঙি ধৰা হৈছে। মই দেখিছিলো, আজি মই পাঁচখন জিলাৰ অধিকাৰীৰে কথা পতাৰ সুযোগ পাইছো। কিন্তু বাকী যিসকল ইয়াত আছে, মোৰ সন্মুখত শ শ অধিকাৰী উপৱিষ্ট হৈছে। তেওঁলোক প্ৰত্যেকৰে হাতত কিবা নহয় কিবা সাফল্য-গাঁথা আছেই নিশ্চয়। এতিয়া চাওকচোন আমাৰ সন্মুখত অসমৰ দৰং জিলা, বিহাৰৰ শেখপুৰা, তেলেংগানাৰ ভদ্ৰাদ্ৰী কোঠাগুডমৰ উদাহৰণ আছে। এইসমূহ জিলাই চাই থাকোতেই শিশুসকলৰ অপুষ্টিৰ হাৰ বহু পৰিমাণে কম কৰিবলৈ সক্ষম হৈছে। পূৰ্বোত্তৰত অসমৰ গোৱালপাৰা আৰু মণিপুৰৰ চন্দেল জিলাই পশুৰ টীকাকৰণৰ হাৰ চাৰিটা বছৰত ২০%ৰ পৰা ৮৫%লৈ আগবঢ়াই নিছে। বিহাৰৰ জুমই আৰু বেগুসৰাইৰ দৰে জিলাৰ ৩০% জনসংখ্যাই দিনটোত এবাল্টী পানীহে যেনতেনে পাবলৈ সক্ষম হৈছিল, তাত এতিয়া ৯০% জনসংখ্যাই বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছে। কিমান যে দুখীয়া, কিমান যে মহিলা, কিমান যে শিশু, বৃদ্ধৰ জীৱনলৈ সন্তোষজনক পৰিৱৰ্তন আহিছে কল্পনা কৰকচোন। এয়া কেৱল তথ্যই নহয়, প্ৰতিটো তথ্যৰ সৈতে কিমান যে জীৱন জড়িত হৈ আছে। এই তথ্যৰ সৈতে আপোনালোকৰ দৰে কৰ্মোদ্যমী সতীৰ্থৰ কিমান যে ‘মেন-আৱাৰ’ জড়িত হৈ আছে, ‘মেন-পাৱাৰ’ জড়িত হৈ আছে, ইয়াৰ নেপথ্যত আপোনালোক আটাইৰে তপ-তপস্যা আৰু ঘাম মিহলি হৈ আছে। মই বুজি পাও, এই পৰিৱৰ্তন, এই অনুভৱ আপোনালোকৰ সমগ্ৰ জীৱনৰেই পুঁজি।

বন্ধুসকল,

‘আকাংক্ষী জিলা’সমূহত দেশে যি সফলতা লাভ কৰিছে, তাৰ এটা ডাঙৰ কাৰণ মই যদি কও সেয়া হৈছে ‘কনভাৰ্জেন্স’ আৰু এতিয়া কৰ্ণাটকৰ আমাৰ অধিকাৰীয়ে কৈছে যে ‘ছিল’ছ’-ৰ পৰা কেনেকৈ মুক্ত হ’ব পাৰি। সকলো সংসাধন একেই আছে, চৰকাৰী ‘মেচিনাৰী’ও একেই আছে, বিষয়া-বৰ্গও একেই আছে, কিন্তু পৰিণাম সম্পূৰ্ণ পৃথক। যিকোনো এখন জিলাক যেতিয়া এটা ‘ইউনিট’ হিচাপে, এটা নিকাই হিচাপে দেখা যায়, যেতিয়া জিলাৰ ভৱিষ্যত্ক সন্মুখত ৰাখি কাম কৰা যায়, তেতিয়া বিষয়া-বৰ্গই নিজৰ কামৰ বিশালতা হৃদয়ংগম কৰিব পাৰে। বিষয়া-বৰ্গৰো নিজৰ ভূমিকাৰ গুৰুত্ব অনুভূত হয়, এক ধৰণৰ ‘পাৰপাছ অব লাইফ’ অনুভূত হয়। তেওঁলোকৰ চকুৰ সন্মুখত যি পৰিৱৰ্তন আহিবলৈ ধৰে আৰু যি পৰিণাম প্ৰত্যক্ষ কৰিব পাৰে, তেওঁলোকৰ জিলাৰ ৰাইজৰ জীৱনলৈ যি পৰিৱৰ্তন আহে, বিষয়াবৰ্গই, প্ৰশাসনৰে জড়িত লোকসকলে সন্তুষ্টি লাভ কৰিব পাৰে। আৰু এই সন্তুষ্টি কল্পনাৰো অগোচৰ হয়, যাক শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। এয়া মই নিজেই প্ৰত্যক্ষ কৰি আহিছো। যেতিয়া ক’ৰোনা নাছিল তেতিয়া মই নিয়ম কৰিছিলো যে যেতিয়া কোনোবা এখন ৰাজ্যলৈ গৈছিলো, তেতিয়া সেই ৰাজ্যৰ ‘আকাংক্ষী জিলা’ৰ বিষয়াসকলক মাতি পঠাইছিলো, সেইসকল বিষয়াৰ সৈতে মুকলিকৈ কথা-বতৰা পাতিছিলো, চৰ্চা কৰিছিলো। তেওঁলোকৰে কৰা আলোচনাৰ পিচত মোৰ অনুভৱ হৈছিল যে ‘আকাংক্ষী জিলা’সমূহত যি কাম কৰা হৈছে, তাত কাম কৰাৰ সন্তুষ্টিয়ে এক ভিন্ন ধৰণৰ ভাৱনাৰ জন্ম দিয়ে। যেতিয়া কোনো চৰকাৰী কাম এক জীৱন্ত লক্ষ্য হৈ উঠে, যেতিয়া কোনো চৰকাৰী ‘মেচিনাৰী’ এক ‘জীৱন্ত মাপক’ হৈ উঠে, ‘টীম স্পিৰিট’ৰে পৰিপূৰ্ণ হৈ উঠে, ‘টীম’য়ে এক ‘কালশ্যাৰ’ক লৈ আগবাঢ়ে, তেতিয়া পৰিণাম সেইধৰণেই আহে, যেনেকৈ আমি ‘আকাংক্ষী জিলা’সমূহত দেখিবলৈ পাইছো। পৰস্পৰে পৰস্পৰক সহযোগিতা কৰি, ইখনে সিখনৰ পৰা ‘বেষ্ট প্ৰেক্টিচেজ চেয়াৰ’ কৰি, ইখনে সিখনৰ পৰা শিকি-বুজি, পৰস্পৰে পৰস্পৰক শিকাই বুজাই, যি কাৰ্যশৈলী বিকশিত কৰিছে, সেয়া ‘গুড গভাৰ্নেন্স’ৰ বহুত ডাঙৰ পুঁজি হৈ উঠিছে।

বন্ধুসকল,

‘এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্টছ’- ‘আকাংক্ষী জিলা’ত যি কাম হৈছে, সেয়া বিশ্বৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ৰ বাবেও অধ্যয়ণৰ বিষয়। বিগত ৪টা বছৰত দেশৰ প্ৰায় প্ৰতিখন ‘আকাংক্ষী জিলা’ত ‘জন-ধন একাউণ্ট’ত ৪ৰ পৰা ৫গুণৰ বৃদ্ধি হৈছে। প্ৰায় প্ৰতিটো পৰিয়ালেই শৌচালয় লাভ কৰিছে, প্ৰতিখন গাঁও পৰ্যন্ত বিজুলী সংযোগ হৈছে। আৰু বিজুলী কেৱল দুখীয়াৰ ঘৰলৈকে গৈ পোৱা নাই, বৰং মানুহৰ জীৱনলৈকো উৰ্জা প্ৰবাহিত হৈছে, দেশৰ ব্যৱস্থাৰ ওপৰত এইবোৰ অঞ্চলৰ ৰাইজৰ ভৰসা বাঢ়িবলৈ লৈছে।

বন্ধুসকল,

আমি এইসমূহ প্ৰয়াসৰ পৰা বহুত শিকবলগীয়া আছে। এখন জিলাই আন এখন জিলাৰ সফলতাসমূহৰ পৰা শিকিবলগীয়া আছে, আন এখন জিলাই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমীক্ষা কৰিবলগীয়া আছে। মধ্য প্ৰদেশৰ ছতৰপুৰ জিলাত কেনেকৈ ৪টা বছৰৰ ভিতৰত গৰ্ভৱতী মহিলাক প্ৰথম তিনিমাহত কৰা পঞ্জীয়ণৰ হাৰ ৩৭%ৰ পৰা বঢ়াই ৯৭%লৈ লৈ যোৱা হ’ল। অৰুণাচলৰ নামচাইত, হাৰিয়াণাৰ মেৱাত আৰু ত্ৰিপুৰাৰ ধলাইত ‘ইনষ্টিটিউশ্যনেল ডেলিভাৰী’ ৪০-৪৫%ৰ পৰা বৃদ্ধি কৰি ৯০% পৰ্যন্ত পোৱাবগৈ পাৰিছে। কৰ্ণাটকৰ ৰায়চুৰত, নিয়মিত অতিৰিক্ত পুষ্টি লাভ কৰা গৰ্ভৱতী মহিলাৰ সংখ্যা ৭০%ৰ পৰা কেনেকৈ ৯৭%লৈ বাঢ়িছে! হিমাচল প্ৰদেশৰ চম্বাত গাঁও পঞ্চায়ত পৰ্যায়ত ‘কমন ছাৰ্ভিচ চেণ্টাৰ’ৰ ‘কভাৰেজ’ ৬৭%ৰ পৰা কেনেকৈ ৯৭%লৈ বৃদ্ধি পাইছে! অথবা, ৫০%তকৈয়ো কম শিশুৰ টীকাকৰণ হোৱা চত্তিশগড়ৰ সুকমাত এতিয়া টীকাকৰণৰ হাৰ কেনেকৈ ৯০%লৈ বৃদ্ধি পাইছে। এইসমূহ সাফল্য-গাঁথাত সমগ্ৰ দেশৰ প্ৰশাসনৰ বাবে অনেক নতুন নতুন কথা শিকিবলৈতো আছেই, অনেক নতুন নতুন দৃষ্টান্তও আছে।

বন্ধুসকল,

আপোনালোকেতো দেখিছে যে ‘এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট’সমূহত যিসকল ব্যক্তি থাকে, তেওঁলোকৰ আগবাঢ়ি যোৱাৰ প্ৰতি যিধৰণৰ আগ্ৰহ থাকে, কিমানযে আকাংক্ষা থাকে। এইসমূহ জিলাৰ ৰাইজে জীৱনৰ বহু দীঘলীয়া সময় অভাৱত, অনেক সমস্যাৰ মাজেৰে পাৰ কৰে। প্ৰতিটো সৰু সৰু বস্তুৰ বাবেই তেওঁলোকে কষ্ট কৰিবলগীয়া হয়, সংঘৰ্ষ কৰিবলগীয়া হয়। তেওঁলোকে জীৱনত ইমানেই অন্ধকাৰ দেখে যে তেওঁলোকে এই অন্ধকাৰৰ পৰা বাহিৰলৈ আহিবলৈ ব্যকুল হৈ থকা দেখা যায়। সেয়ে এইসকল লোকে সাহস দেখুৱাবলৈ সাজু হৈ ৰয়, ‘ৰিস্ক’ উঠাবলৈ সাজু থাকে আৰু যেতিয়াই সুযোগ পাই, তাৰ সম্পূৰ্ণ লাভ উঠোৱাৰ প্ৰয়াস কৰে। ‘আকাংক্ষী জিলা’সমূহত যিসকল লোক থাকে, যি সমাজ থাকে, আমি তেওঁলোকৰ সামৰ্থ্য কিমান সেয়া অনুভৱ কৰিব পাৰিব লাগিব, তাৰে পৰিচিত হ’ব পাৰিব লাগিব। আৰু মই ভাবো, ইয়াৰো বহুত প্ৰভাৱ ‘আকাংক্ষী জিলা’সমূহত হৈ থকা কাম-কাজত প্ৰত্যক্ষ কৰিব পাৰি। এইসমূহ অঞ্চলৰ জনতাইয়ো আপোনালোকৰ সৈতে আহি কাম কৰেহি। বিকাশৰ প্ৰতি থকা আগ্ৰহে, একেলগে আগবঢ়াৰ বাবে পথ নিৰ্মাণ কৰি দিয়ে। আৰু যেতিয়া জনতাই সংকল্প গ্ৰহণ কৰি পেলাই, শাসন-প্ৰশাসনে সংকল্প গ্ৰহণ কৰি পেলাই, তেতিয়ানো বাৰু কোনোবাই কেনেকৈ পিচুৱাই যাব পাৰে। তাৰপিচততো আগলৈকে যাব লাগিব, আগবাঢ়িয়েই যাব লাগিব। আৰু আজি ইয়াকে ‘আকাংক্ষী জিলা’ৰ লোকসকলে কৰি আছে।

বন্ধুসকল,

যোৱা বছৰৰ অক্টোবৰ মাহত মোৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে জনতাক সেৱা কৰাৰ ২০বছৰৰো অধিক সময় হৈ গ’ল। তাৰ আগতেও মই কেবা দশক ধৰি দেশৰ ভিন ভিন প্ৰান্তৰ প্ৰশাসনৰ কাম, কাম কৰাৰ পন্থাসমূহ বহুত কাষৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলো। মই ভাবো নিৰ্ণয় প্ৰক্ৰিয়াত যি ‘সুৰুঙা’ আছে তাতকৈ অধিক লোকচান হয় ৰূপায়ণত থকা ‘সুৰুঙা’ৰ পৰা, এই লোকচান অতি ভয়ংকৰ হয়। আৰু ‘আকাংক্ষী জিলা’সমূহে ইয়াকে সাব্যস্ত কৰিছে যে ৰূপায়ণত থকা ‘সুৰুঙা’ বন্ধ হ’লে, সমাধানৰ ‘অপ্টিমাম ইউটিলাইজেশ্যন’ হয়। সুৰুঙা যেতিয়া বন্ধ হয় তেতিয়া ১+১, ২ নহয়, সুৰুঙা যতিয়া বন্ধ হয় তেতিয়া ১ আৰু ১, ১১হৈ পৰে। এই সামৰ্থ্য, এই সামূহিক শক্তি, আজি ‘আকাংক্ষী জিলা’সমূহত দেখিবলৈ পাইছো। আমাৰ ‘আকাংক্ষী জিলা’সমূহে ইয়াক প্ৰত্যক্ষ কৰাইছে যে যদি আমি ‘গুড গভাৰ্নেন্স’ৰ মৌলিক সিদ্ধান্তক অুসৰণ কৰো, তেন্তে কম সংসাধনৰেও বহুত ডাঙৰ পৰিণাম লাভ কৰিব পৰা যায়। আৰু এই অভিযানত যি ধৰণৰ ‘এপ্ৰোচ’ৰ সৈতে কাম কৰা হৈছে, সেয়া দৰাচলতেই অভুতপূৰ্ব। ‘আকাংক্ষী জিলা’ত দেশৰ প্ৰথম ‘এপ্ৰোচ’ হ’ল- এইসমূহ জিলাৰ মূলভূত সমস্যাসমূহ চিনাক্ত কৰাত বিশেষ ভাবে কাম কৰা। ইয়াৰ বাবে মানুহক ইয়াৰ সমস্যাৱলীৰ বিষয়ে প্ৰত্যক্ষভাবে সোধা হৈছে, ইয়াৰে জড়িত কৰা হৈছে। আমাৰ দ্বিতীয়টো ‘এপ্ৰোচ’ আছিল- ‘আকাংক্ষী জিলা’সমূহৰ অনুভৱৰ আধাৰত আমি কাৰ্যশৈলীত নিৰন্তৰ সংস্কাৰ কৰিছিলো। আমি কামৰ পন্থা এনেকৈ যুগুতাইছিলো, য’ত ‘মিজাৰেবল ইণ্ডিকেটৰ্ছ’-ৰ নিৰ্বাচন সম্ভৱ হয়, যাৰ দ্বাৰা জিলাসমূহৰ বৰ্তমান স্থিতিৰ সমীক্ষাৰ লগতে প্ৰদেশ আৰু দেশৰ সকলোতকৈ উন্নত স্থিতিৰে ইয়াৰ তুলনা সম্ভৱ হয়, যত কাৰ্যক্ৰমৰ ‘ৰিয়েলটাইম মনিটৰিং’ কৰিব পৰা যায়, য’ত আন জিলাসমূহৰ সৈতে ‘হেল্ডী কম্পিটিশ্যন’ কৰিব পৰা যায়, আৰু ‘বেষ্ট প্ৰেক্টিচেজ’-ক ‘ৰিপ্লিকেট’ কৰাৰ উত্সাহ উত্পন্ন হয়, প্ৰয়াস আৰম্ভ হয়। এই অভিযানৰ কালত তৃতীয়টো ‘এপ্ৰোচ’ আছিল যে আমি এনে ‘গভাৰ্ণেন্স’ সংস্কাৰ কৰিছিলো যাৰ দ্বাৰা জিলাসমূহত এক প্ৰভাৱী ‘টীম’ সাজু কৰাত সহায়ক হয়। যেনে, ‘নীতি আয়োগ’ৰ ‘প্ৰেজেটেশ্যন’ত অলপতে এই কথা কোৱা হৈছে যে বিষয়াবৰ্গৰ ‘ষ্টেবল টেনিউৰ’-ৰ নীতিক উন্নত পন্থাৰে বলবত্ কৰাতো সুফলদায়ক হৈ উঠিছিল। আৰু ইয়াৰ বাবে মই মুখ্যমন্ত্ৰীসকলক অভিনন্দন জনাইছো। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোক আটায়ে এই অভিজ্ঞতা লাভ কৰিছে। মই এই কথা এইবাবেই দোহাৰিছো যাতে মানুহে গম পাই যে ‘গুড গভাৰ্ণেন্স’ৰ প্ৰভাৱনো কেনে হয়। যেতিয়া আমি ‘এম্ফেছিছ অন বেছিক্স’-ৰ মন্ত্ৰ সাৰোগত কৰো, তেতিয়া তাৰ পৰিণামো পোৱা যায়। আৰু আজি মই ইয়াত আৰু এটা বস্তু সংযোজিত কৰিব বিচাৰিছো আপোনালোক আটাইৰে প্ৰয়াস হোৱা উচিত যে ‘ফিল্ড ভিজিট’ৰ বাবে ‘ইন্সপেক্শ্যন’ আৰু ‘নাইট হল্ট’ৰ বাবে বিস্তৃত ‘গাইডলাইন্স’ও তৈয়াৰ কৰা উচিত, এটা ‘মডেল’ বিকিশিত কৰা হওক। আপোনালোকে দেখিব, আপোনালোক আটাইৰে ইয়াৰ পৰা কিমান লাভ হ’ব।

বন্ধুসকল,

‘আকাংক্ষী জিলা’সমূহে লাভ কৰা সাফল্যসমূহ দেখি দেশে এতিয়া নিজৰ লক্ষ্য আৰু অধিক বিস্তাৰিত কৰিছে। সম্প্ৰতি চলি থকা ‘স্বাধীনতাৰ অমৃতকাল’ত দেশৰ লক্ষ্য হ’ল সেৱা আৰু সা-সুবিধাসমূহৰ এশ শতাংশ ‘ছেচুৰেশ্যন’! অৰ্থাত্, আমি এই পৰ্যন্ত যিসমূহ সাফল্য অৰ্জন কৰিছো, তাৰো আগলৈ আমি এক দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিব লাগিব। আৰু অধিক বিস্তাৰিত ভাবে কাম কৰিব লাগিব। আমাৰ জিলাসমূহৰ প্ৰতিখন গাঁও পৰ্যন্ত পথৰ সংযোগ কেনেকৈ কৰা হয়, সকলো লোকৰ হতলৈ ‘আয়ুষ্মান ভাৰত’ৰ ‘কাৰ্ড’ কেনেকৈ প্ৰেৰণৰ দিহা কৰা হয়, ‘বেংক একাউণ্ট’ৰ ব্যৱস্থা কেনেকৈ কৰা হয়, যিকোনো দুখীয়া পৰিয়াল যাতে ‘উজ্জ্বলা গেছ’ৰ সংযোগ নোপোৱাকৈ থাকি যাব নোৱাৰে, প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে যাতে চৰকাৰৰ বীমা আঁচনিৰ লাভ আদায় কৰিব পাৰে, পেন্সন আৰু আৱাসৰ দৰে সা-সুবিধাসমূহৰ সুফল লাভ কৰিব পাৰে, এয়া প্ৰতিখন জিলাৰ বাবে সময়-নিৰ্দ্ধাৰিত লক্ষ্যৰ ৰূপত হোৱা উচিত। এইদৰেই প্ৰতিখন জিলাই আগন্তুক দুটা বছৰৰ বাবে নিজৰ এক ‘ভিজন’ নিৰ্দ্ধাৰিত কৰা উচিত। আপোনালোকে এনে যিকোনো দহোটা কাম ঠিক কৰি ল’ব পাৰে, যিকেইটা কাম আগন্তুক ৩টা মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব, আৰু তাৰ দ্বাৰা সৰ্ব সাধাৰণ জনতাৰ জীৱনত স্বাচ্ছন্দ্যৰ হাৰ বৃদ্ধি পায়। এইদৰে, কোনো ৫টা কাৰ্যক্ৰম ঠিক কৰি লওক যিকেইটা কাৰ্যক্ৰম ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ সৈতে সংগতি ৰাখি সম্পূৰ্ণ কৰিব পাৰি। এই কাম এই ঐতিহাসিক কালখণ্ডত আপোনালোকৰ, আপোনালোকৰ জিলাসমূহৰ, জিলাৰ লোকসকলৰ ঐতিহাসিক অভিজ্ঞতা হৈ উঠা উচিত। যেনেকৈ দেশে ‘আকাংক্ষী জিলাসমূহ’ক আগবঢ়াই নিয়াৰ বাবে কাম কৰি আছে, সেইদৰেই জিলাত ‘ব্লক পৰ্যায়’ত নিজাববীয়াকৈ প্ৰাথমিকতা আৰু লক্ষ্য নিৰ্দ্ধাৰিত কৰি ল’ব পাৰে। আপোনালোকে যি জিলাৰে দায়িত্ব লাভ নকৰক কিয়, সেই সেই জিলাৰ আটাইতকৈ ইতিবাচক দিশসমূহকো নিশ্চিত ভাবে বিচাৰি উলিয়াওক, সেইসমূহৰে জড়িত হৈ পৰক। এই ধৰণৰ ইতিবাচক দিশৰ মাজতেই জিলাসমূহৰ সম্ভৱনা লুকাই থাকে। আপোনালোকে দেখিছে, ‘এখন জিলা, এটি সামগ্ৰী’-ৰ ধাৰণা জিলাসমূহৰ ইতিবাচকতাৰ ওপৰতে আধাৰিত। আপোনালোকৰ বাবে এয়া এক ‘মিছন’ হোৱা উচিত যে নিজ নিজ জিলাসমূহক ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰিচিতি দিব লাগিব। অৰ্থাত্, ‘ভোকেল ফৰ লোকেল’ৰ মন্ত্ৰ আপোনালোকে নিজ নিজ জিলাসমূহতো বলবত্ কৰক। ইয়াৰ বাবে আপোনালোকে জিলাৰ পাৰম্পৰিক উত্পাদনক, পৰিচিতিক, দক্ষতাক চিনাক্ত কৰিব লাগিব আৰু প্ৰমূল্য-শৃংখ্লকো শক্তিশালী কৰি তুলিব লাগিব। ‘ডিজিটেল ইণ্ডিয়া’ৰ ৰূপত দেশ এক ‘ছাইলেণ্ট ৰিভলিউশ্যন’ৰ সাক্ষী হৈ আহিছে। আমাৰ যিকোনো এখন জিলাই ইয়াৰ পৰা পিচ থকা উচিত নহ’ব। ‘ডিজিটেল’ আন্তঃগাঁথনি আমাৰ প্ৰতিখন গাঁও পৰ্যন্ত উপলব্ধ হওক, সেৱা আৰু সা-সুবিধাসমূহ ঘৰৰ দুৱাৰমুখ পৰ্যন্ত উপলব্ধ হোৱাৰ মাধ্যম হিচাপে পৰিগণিত হওক, এয়া খুবেই জৰুৰী। ‘নীতি আয়োগ’ৰ প্ৰতিবেদনত যিসমূহ জিলাৰ প্ৰগতি আশা কৰাতকৈ কম হোৱা বুলি উল্লেখ কৰা হৈছে, সেই সমূহৰ জিলা দণ্ডাধীশসকলে, কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ববাহী বিষয়াসকলে বিশেষ ভাবে প্ৰয়াস কৰিব লাগিব। মই ‘নীতি আয়োগ’কো ক’ব বিচাৰিম যে আপোনালোকে এনে এটা ‘মেকানিজম’ তৈয়াৰ কৰক য’ত সকলো জিলাৰ দণ্ডাধীশৰ মাজত নিয়মীয়া মতবিনিময় চলি থাকিব পাৰে। প্ৰতিখন জিলাই পৰস্পৰে পৰস্পৰৰ ‘বেষ্ট প্ৰেক্টিচেজ’ক নিজৰ জিলাত বলবত্ কৰিব পাৰে। কেন্দ্ৰৰ সকলো মন্ত্ৰালয়েও সেইসমূহ প্ৰত্যাহ্বানক নথিভুক্ত কৰাৰ দিহা কৰক, যিবোৰ বেলেগ বেলেগ জিলাত দেখিবলৈ পোৱা গৈছে। এয়াও চাওক যে এইক্ষেত্ৰত ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লান’ৰ পৰা কেনেকৈ সহযোগিতা আদায় কৰিব পাৰি।

বন্ধুসকল,

আজিৰ এই কাৰ্যক্ৰমত মই আৰু এটা প্ৰত্যাহ্বান আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছো, এটা নতুন লক্ষ্যও দিব খুজিছো। এই প্ৰত্যাহ্বান দেশৰ ২২খন ৰাজ্যৰ ১৪২খন জিলাৰ বাবে। এইসমূহ জিলা উন্নয়ণৰ দৌৰত পিচ পৰি থকা নহয়। এইসমূহ জিলা ‘আকংক্ষী জিলা’ৰ তালিকাত অন্তৰ্ভুক্তও নহয়। এইসমূহ জিলা বহুখিনি আগবাঢ়ি গৈছে। পিচে অনেক ‘পেৰামিটাৰ’ত আগবাঢ়ি য়োৱাৰ পিচতো কিন্তু এক বা একাধিক ‘পেৰামিটাৰ’ত এইসমূহ পিচ পৰি থাকিবলগীয়া হৈছে। আৰু সেইবাবেই মই মন্ত্ৰালয়সমূহক এনেবোৰ জিলা বিচাৰি উলিওৱাৰ বাবে আহ্বান জনাইছিলো। কোনোবাই ১০খন, কোনোবাই চাৰিখন, কোনোবাই ছখন বিচাৰি উলিয়ালে, ঠিক আছে, এতিয়া ইমানখিনি আহিছে। ধৰক, এনে এখন জিলা যি বাকী সকলোতে খুব ভাল প্ৰদৰ্শন কৰিছে, কিন্তু ‘অপুষ্টি’ৰ ক্ষেত্ৰত সমস্যাত পৰিছে। একেদৰে, আন কোনোবাখন জিলাৰ আকৌ বাকী সকলো সূচকাংক ঠিক আছে যদিও ‘শিক্ষাৰ ক্ষেত্ৰ’ত পিচ পৰি ৰৈছে। চৰকাৰৰ বেলেগ বেলেগ মন্ত্ৰালয়সমূহে, বেলেগ বেলেগ বিভাগসমূহে এনে ১৪২খন জিলাৰ এখন তালিকা তৈয়াৰ কৰিছে। যি এটা দুটা পেৰামিটাৰত এই ১৪২খন জিলা পিচপৰি আছে, এতিয়া সেইবোৰতো আমি সেই ‘কালেক্টিভ এপ্ৰোচ’ৰে কাম কৰিব লাগিব, যেনেকৈ আমি ‘আকাংক্ষী জিলা’সমূহত কৰিছো। এয়া সকলো চৰকাৰৰ বাবে, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, যিবোৰ চৰকাৰী ‘মেচিনাৰী’ আছে, সেইসমূহৰ বাবেও একোটা নতুন সুযোগ, নতুন প্ৰত্যাহ্বানেই হয়। এই প্ৰত্যাহ্বানক এতিয়া আমি সকলোৱে মিলি সম্পূৰ্ণ কৰিব লাগিব। ইয়াত আমাৰ মুখ্যমন্ত্ৰী সতীৰ্থসকলৰ সহযোগিতা সদায়ে পাই থকা হৈছে, আগলৈকো এই সহযোগিতা অব্যাহত থাকিব বুলি মোৰ বিশ্বাস আছে।

বন্ধুসকল,

এতিয়া ক’ৰোনাৰ সময়ো চলি আছে। ক’ৰোনাক লৈ সাজু হোৱা, তাৰ প্ৰবন্ধন, আৰু ক’ৰোনাৰ মাজতো বিকাশৰ গতিবেগ অক্ষুন্ন ৰখা, ইয়াতো সকলো জিলাৰ বহুত ডাঙৰ ভূমিকা আছে। এইসমূহ জিলাত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহক অনুধাৱন কৰিও এতিয়াৰে পৰা কাম কৰা উচিত।

বন্ধুসকল,

আমাৰ ঋষিসকলে কৈছিল- জল বিন্দু নিপাতেন ক্ৰমশঃ পূৰ্যতে ঘটঃ। অৰ্থাত্, বিন্দু বিন্দু পানীৰেই কলহ একোটা পূৰ্ণ হয়। সেয়ে, ‘আকাংক্ষী জিলা’সমূহত কৰা আপোনালোকৰ এটা এটা প্ৰয়াসে আপোনালোকৰ জিলাসমূহক বিকাশৰ নতুন উচ্চতালৈ লৈ যাব। ইয়াত যিসকল অসামৰিক সেৱাৰ সতীৰ্থ সংযোজিত হৈছে, তেওঁলোকক মই আৰু এটা কথা মনত পেলাবলৈ ক’ম। আপোনালোকে সেই দিনটো মনত পেলাবচোন, যিটো দিন আপোনালোকৰ এই সেৱাত প্ৰথমটো দিন আছিল। আপোনালোকে দেশৰ বাবে কিমানযে কৰিব বিচাৰিছিল, কিমানযে উত্সাহপূৰ্ণ আছিল সেই দিনটো, কিমানযে সেৱা ভাবেৰে পূৰ্ণ আছিল! আজিও সেই উত্সাহৰ সৈতে আপোনালোকে আকৌ এবাৰ আগবাঢ়িব লাগিব। স্বাধীনতাৰ এই ‘অমৃতকাল’ত, কৰাৰ বাবে, পোৱাৰ বাবে বহুত খিনি বাকী আছে। প্ৰতিখন ‘আকাংক্ষী জিলা’ৰ বিকাশে দেশৰ সপোন পূৰণ কৰিব। স্বাধীনতাৰ এশবছৰ পূৰ্ণ হোৱাৰ মুহূৰ্তত নতুন ভাৰতৰ যি সপোন আমি দেখিছো, সেয়া পূৰ্ণ হোৱাৰ পথ আমাৰ এইসমূহ জিলা আৰু গাঁওসমূহ হৈয়ে পাৰ যাব। মোৰ সম্পূৰ্ণ ভৰসা আছে যে আপোনালোকে নিজ নিজ প্ৰয়াসৰ ক্ষেত্ৰত কোনোধৰণৰ ত্ৰুতি নাৰাখিব। দেশে যেতিয়া নিজৰ সপোন পূৰ্ণ কৰিবগৈ, তেতিয়া তাৰ সোণালী অধ্যায়ত এক ডাঙৰ ভূমিকা আপোনালোক সকলো সতীৰ্থৰো থাকিব। এই বিশ্বাসৰেই, মই সকলো মুখ্যমন্ত্ৰীকে ধন্যবাদ জনাই, আপোনালোক ন-জোৱান বন্ধুৱে জীৱনত কৰা পৰিশ্ৰম, আৰু তাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো, ধন্যবাদ জনাইছো। সন্মুখত ২৬ জানুৱাৰী আছে, সেই কামৰো ‘প্ৰেছাৰ’ আছে, জিলাধিপতিসকলৰ অধিক ‘প্ৰেছাৰ’ থাকে। ক’ৰোনাৰ বিগত দুটা বছৰ আপোনালোক যুদ্ধক্ষেত্ৰৰ অগ্ৰণী যোদ্ধাসকলৰ অন্যতম আছিল। আৰু ইয়াৰ মাজতো শনিবাৰৰ দিনটোত আপোনালোকৰ সকলোৰে সৈতে অকণমান বহি মই আপোনালোকক কষ্টকে দিছো, কিন্তু তাৰ পিচতো যি উত্সাহ আৰু উদ্দীপণাৰে আজি আপোনালোক সংযোজিত হ’লহি, এয়া মোৰ বাবে নিতান্তই আনন্দৰ কথা। মই আপোনালোক আটাইকে ধন্যবাদ জনাইছো। বহুত বহুত শুভকামনা জ্ঞাপন কৰি সামৰিলো!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways creates history with first live heart transport on Vande Bharat Express

Media Coverage

Indian Railways creates history with first live heart transport on Vande Bharat Express
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to launch ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August
August 01, 2026
Launch to mark Beginning of 100-Week Nationwide Jan Bhagidari Campaign against Substance Abuse

Prime Minister Shri Narendra Modi will launch the ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August 2026 at 11 AM through video conferencing. The initiative aims to inspire youth to stay away from substance abuse and encourage them to become ambassadors of positive social change in their communities

The launch will mark the beginning of a 100-week nationwide Jan Bhagidari campaign against substance abuse. Under this campaign, weekly activities will be organised every Sunday across the country to promote awareness and encourage public participation in building a drug-free society. The activities will include sports events, walkathons, meditation sessions, cultural programmes, awareness campaigns, nukkad nataks, discussion forums, art competitions and community engagement programmes.

The initiative seeks to further strengthen community participation by bringing together educational institutions, youth organisations, civil society groups, industry bodies and spiritual organisations on a common platform to create a collective movement against substance abuse.

The programme will witness participation from youth across the country from over 10,000 locations. MY Bharat Volunteers, MY Bharat National Service Scheme volunteers, youth clubs, schools, colleges, universities, NGOs, youth wings of industry associations and more than 125 partner spiritual organisations will participate in the programme virtually.