Quote“যেতিয়া আনৰ আকাঙ্ক্ষা আপোনাৰ প্রত্যাশা হৈ পৰে আৰু যেতিয়া আনৰ স্বপ্ন পূৰণ আপোনাৰ সাফল্যৰ মাপকাঠি হৈ উঠে তেতিয়া কর্তব্য পালনে ইতিহাস গঢ়ি তোলে”
Quote“আজি উন্নয়নত আগ্রহী জিলাসমূহে দেশৰ অগ্রগতিৰ পথত বাধা দূৰ কৰিছে; এই জিলাসমূহ অন্তৰায় হোৱাৰ পৰিৱর্তে উন্নয়নত গতি সঞ্চাৰ কৰিছে”
Quote“আজি আজাদী কা অমৃত কালৰ সময়ত দেশৰ লক্ষ্যই হ'ল বিভিন্ন পৰিসেৱা আৰু সুযোগ-সুবিধাৰ ক্ষেত্রত ১০০ শতাংশ সাফল্য অর্জন কৰা”
Quote“দেশে আজি ডিজিটেল ইণ্ডিয়াৰ মাধ্যমত এক নীৰব বিপ্লৱ প্রত্যক্ষ কৰিছে; সেয়ে কোনো জিলাই যেন এই বিপ্লৱৰ পৰা বাদ নপৰে”

নমস্কাৰ!

কাৰ্যক্ৰমত আমাৰ সৈতে দেশৰ বিভিন্ন ৰাজ্যসমূহৰ পৰা উপস্থিত থকা সন্মানীয় মুখ্যমন্ত্ৰীসকল, লেফটেনেণ্ট গৱৰ্ণৰসকল, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী, সকলো সতীৰ্থ, ৰাজ্যসমূহৰ মন্ত্ৰীসকল, বিভিন্ন মন্ত্ৰালয়ৰ সচিবসকল আৰু বহুসংখ্যক জিলাৰ জিলাধিকাৰী, কালেক্টৰ-কমিশ্যনাৰ, মহানুভৱসকল, আইসকল আৰু সজ্জনসকল!

জীৱনত আমি প্ৰায়েই দেখিবলৈ পাও যে মানুহে নিজৰ আকাংক্ষা পূৰণৰ বাবে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰে আৰু কিছু মাত্ৰাত সেইবোৰ পূৰণো কৰে। কিন্তু যেতিয়া আনৰ আকাংক্ষাসমূহো নিজৰ আকাংক্ষা হৈ উঠে, যেতিয়া আনৰ সপোনবোৰ পূৰণ কৰাটো নিজৰ সফলতাৰ মাপক হৈ উঠে, আৰু তেতিয়াই সেয়াই কৰ্তব্য পথৰ ইতিহাস ৰচনা কৰে। আজি আমি দেশৰ ‘এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট’, ‘আকাংক্ষী জিলা’সমূহত এই ইতিহাসেই ৰচনা হোৱা দেখিবলৈ পাইছো। মোৰ মনত আছে, ২০১৮ চনত এই অভিযানৰ শুভাৰম্ভ হৈছিল, তেতিয়া মই কৈছিলো যে যিবোৰ অঞ্চল দশকৰ পিচত দশক ধৰি বিকাশৰ পৰা বঞ্চিত হৈ আছে, সেইবোৰ অঞ্চলৰ ৰাইজক সেৱা কৰাৰ সুযোগ, এয়া নিজে নিজেই এক সৌভাগ্য হয়। মোৰ আজি ভাল লাগিছে যে আজি যেতিয়া দেশে নিজৰ স্বাধীনতাৰ ‘অমৃত মহোত্সৱ’ উদযাপন কৰি আছে, তেতিয়া আপোনালোকে এই অভিযানৰ অনেক উপলব্ধিৰ সৈতে আজি ইয়াত উপস্থিত হৈছেহি। মই আপোনালোক আটাইকে আপোনালোকৰ সাফল্যৰ বাবে অভিনন্দন জনাইছো, আপোনালোকক নতুন লক্ষ্যৰ বাবে শুভকামনা জনাইছো। মই মুখ্যমন্ত্ৰী আৰু ৰজ্যসমূহকো বিশেষ ভাবে অভিনন্দন জ্ঞাপন কৰিছো, তেওঁলোকে, মই দেখিছো যে অনেক জিলাত কৰ্মোদ্যমী আৰু বৰ তেজস্বি যুৱ-বিষয়াক নিয়োজিত কৰিছে, এয়া দৰাচলতেই এক শুদ্ধ ৰণনীতি। সেইদৰে য’ত পদখালী আছিল সেইবোৰত মকৰল কৰাতো অগ্ৰাধিকাৰ দিছে। তৃতীয়তে, মই দেখিছো তেওঁলোকে কাৰ্যকালকো স্থিৰে ৰাখিছে। অৰ্থাত্ এক প্ৰকাৰে ‘আকাংক্ষী জিলা’সমূহত কৰ্মোদ্যমী নেতৃত্ব, কৰ্মোদ্যমী গোটক কাৰ্যভাৰ অৰ্পণ কৰাৰ কাম মুখ্যমন্ত্ৰীসকলে কৰিছে। আজি শনিবাৰ, সাধাৰণতে ছুটী উদযাপনৰ মন হয়, তত্স্বত্বেও কিন্তু সকলো আদৰণীয় মুখ্যমন্ত্ৰীয়ে সময় উলিয়াই ইয়াত আমাৰ সৈতে সমবেত হৈছেহি। আপোনালোক সকলোৱেও ছুটীৰ কথা একাষৰীয়া কৰি আজিৰ এই কৰ্যক্ৰমত উপস্থিত হৈছেহি। এই কথাই টআকাংক্ষী জিলাটসমূহৰ প্ৰতি ৰাজ্যসমূহে, মুখ্যমন্ত্ৰীসকলে কিমান গুৰুত্ব প্ৰদান কৰিছে সেই কথাকে প্ৰতীয়মান কৰে। ৰাজ্যসমূহত যিবোৰ জিলা এইদৰে পিচ পৰি ৰৈছে, সেইবোৰক আন জিলাসমূহৰ সমান পৰ্যায়লৈ অনাৰ বাবে কিমান দৃঢ় সংকল্প গ্ৰহণ কৰিছে, এয়া এই কথাৰেই প্ৰমাণ বুলিব পাৰি।

|

বন্ধুসকল,

আমি দেখিছো যে এফালে বাজেট বাঢ়ি আছে, আঁচনি যুগুতাই থকা হৈছে, তথ্য-পাতিত আৰ্থিক বিকাশো হৈ থকা বুলিয়েই দেখিবলৈ পোৱা গৈছে, কিন্তু, তাৰ মাজতো স্বাধীনতাৰ ৭৫টা বছৰ উকলি যোৱাৰ পিচতো, ইমান দীঘল যাত্ৰাৰ পিচতো দেশত এনে কিছুসংখ্যক জিলা পিচ পৰিয়েই ৰৈ গৈছে। সময় যোৱাৰ লগে লগে এইবোৰ জিলাক ‘পিচপৰা জিলা’ৰ ‘টেগ’ লগাই দিয়া হৈছিল। এফালে দেশৰ শ শ জিলাই প্ৰগতি কৰিছে, আনফালে এই ‘পিচপৰা জিলা’সমূহ দিনে দিনে আৰু পিচ পৰি গৈ থাকিছিল। সমগ্ৰ দেশৰ প্ৰগতিৰ তথ্যাৱলীকো এইসমূহ জিলাই অৱনমিত কৰি ৰাখিছিল। সমগ্ৰ ৰূপত যেতিয়া পৰিৱৰ্তন নাহে, তেতিয়া যিসমূহ জিলাই ভাল প্ৰদৰ্শন কৰি আছে, সেইবোৰৰ মজতো নিৰাশাৰ আবিৰ্ভাৱ হয় আৰু সেয়ে দেশে এই ‘পিচপৰি ৰোৱা জিলা’সমূহৰ ‘হেণ্ড ডুয়িং’-ত বিশেষ গুৰুত্ব দিবলৈ ধৰিলে। আজি ‘আকাংক্ষী জিলা’সমূহেই দেশ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত দেখা দিয়া বাধাসমূহৰ পৰিসমাপ্তি ঘটাইছে। আপোনালোক আটাইৰে প্ৰয়াসৰে, ‘আকাংক্ষী জিলা’সমূহে আজি ‘গতিৰোধক হোৱা’ৰ পৰিৱৰ্তে ‘গতিবৰ্দ্ধক’ হিচাপেহে ভূমিকা পালন কৰিবলৈ ধৰিছে। যিসমূহ জিলা আগতে দ্ৰুতগতিৰে প্ৰগতি কৰি থকা বুলি গণ্য কৰা হৈছিল, আজিকালি কিন্তু বহু সূচকাংকত এইসমূহ ‘আকাংক্ষী জিলা’ই সেইসমূহ জিলাতকৈয়ো অধিক উন্নত ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি ইয়াত ইমানবোৰ মাননীয় মুখ্যমন্ত্ৰী সমবেত হৈছেহি। তেওঁলোকেও মানিব যে তেওঁলোকৰ ৰাজ্যসমূহৰ ‘আকাংক্ষী জিলা’সমূহে অসম্ভৱক সম্ভৱ কৰি তুলিছে।

বন্ধুসকল,

‘আকাংক্ষী জিলা’সমূহত বিকাশৰ এই অভিযানে আমাৰ দায়বদ্ধতাক বহু দিশৰ পৰা সম্প্ৰসাৰিত আৰু ‘ৰীডিজাইজন’ কৰিছে। আমাৰ সংবিধানৰ যি চিন্তন আৰু সংবিধানৰ যি ‘স্পিৰিট’ আছিল, তাক মূৰ্ত কৰি তুলিব লাগিব। ইয়াৰ বুনিয়াদ হৈছে কেন্দ্ৰ-ৰাজ্য আৰু স্থানীয় প্ৰশাসনৰ ‘টীম-ৱৰ্ক’। ইয়াৰ পৰিচিতি হৈছে- ‘ফেডাৰেল ষ্ট্ৰাকশ্যাৰ’ত সহযোগিতা বৃদ্ধিৰ সংস্কৃতি। আৰু সকলোতকৈ গুৰত্বপূৰ্ণ কথাটো হৈছে, যিমানেই বেছি ‘জন-অংশীদাৰিত্ব’, যিমানেই ‘পাৰদৰ্শী নিৰীক্ষণ’ৰ ব্যৱস্থা সিমানেই উন্নত পৰিণাম।

বন্ধুসকল,

‘আকাংক্ষী জিলা’সমূহত বিকাশৰ বাবে প্ৰশাসন আৰু জনতাৰ মাজত প্ৰত্যক্ষ সংযোগ, এক আৱেগিক সম্পৰ্ক স্থাপন কৰাটো বহুত প্ৰয়োজন। এফালেদি ‘গভাৰ্ণেন্স’ৰ ‘টপ টু বটম’ আৰু ‘বটম টু টপ’-ৰ প্ৰবাহ। আৰু এই অভিযানৰ গুৰুত্বপূৰ্ণ উপাদান হৈছে- ‘প্ৰযুক্তি আৰু উদ্ভাৱনশীলতা’! যেনেদৰে আমি এতিয়াৰ ‘প্ৰেজেণ্টেশ্যন’সমূহতো দেখিছো, যিসমূহ জিলাই প্ৰযুক্তিৰ যিমানেই অধিক ব্যৱহাৰ কৰিছে, ‘গৱৰ্ণেন্স’ আৰু ‘ডেলিভাৰী’ৰ যিমান নতুন পন্থা উদ্ভাৱন কৰিছে, সেইসমূহ জিলাই সিমানেই উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি দেশৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা ‘আকাংক্ষী জিলা’সমূহৰ কিমান যে সাফল্য-গাঁথা আমাৰ সন্মুখত দাঙি ধৰা হৈছে। মই দেখিছিলো, আজি মই পাঁচখন জিলাৰ অধিকাৰীৰে কথা পতাৰ সুযোগ পাইছো। কিন্তু বাকী যিসকল ইয়াত আছে, মোৰ সন্মুখত শ শ অধিকাৰী উপৱিষ্ট হৈছে। তেওঁলোক প্ৰত্যেকৰে হাতত কিবা নহয় কিবা সাফল্য-গাঁথা আছেই নিশ্চয়। এতিয়া চাওকচোন আমাৰ সন্মুখত অসমৰ দৰং জিলা, বিহাৰৰ শেখপুৰা, তেলেংগানাৰ ভদ্ৰাদ্ৰী কোঠাগুডমৰ উদাহৰণ আছে। এইসমূহ জিলাই চাই থাকোতেই শিশুসকলৰ অপুষ্টিৰ হাৰ বহু পৰিমাণে কম কৰিবলৈ সক্ষম হৈছে। পূৰ্বোত্তৰত অসমৰ গোৱালপাৰা আৰু মণিপুৰৰ চন্দেল জিলাই পশুৰ টীকাকৰণৰ হাৰ চাৰিটা বছৰত ২০%ৰ পৰা ৮৫%লৈ আগবঢ়াই নিছে। বিহাৰৰ জুমই আৰু বেগুসৰাইৰ দৰে জিলাৰ ৩০% জনসংখ্যাই দিনটোত এবাল্টী পানীহে যেনতেনে পাবলৈ সক্ষম হৈছিল, তাত এতিয়া ৯০% জনসংখ্যাই বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছে। কিমান যে দুখীয়া, কিমান যে মহিলা, কিমান যে শিশু, বৃদ্ধৰ জীৱনলৈ সন্তোষজনক পৰিৱৰ্তন আহিছে কল্পনা কৰকচোন। এয়া কেৱল তথ্যই নহয়, প্ৰতিটো তথ্যৰ সৈতে কিমান যে জীৱন জড়িত হৈ আছে। এই তথ্যৰ সৈতে আপোনালোকৰ দৰে কৰ্মোদ্যমী সতীৰ্থৰ কিমান যে ‘মেন-আৱাৰ’ জড়িত হৈ আছে, ‘মেন-পাৱাৰ’ জড়িত হৈ আছে, ইয়াৰ নেপথ্যত আপোনালোক আটাইৰে তপ-তপস্যা আৰু ঘাম মিহলি হৈ আছে। মই বুজি পাও, এই পৰিৱৰ্তন, এই অনুভৱ আপোনালোকৰ সমগ্ৰ জীৱনৰেই পুঁজি।

|

বন্ধুসকল,

‘আকাংক্ষী জিলা’সমূহত দেশে যি সফলতা লাভ কৰিছে, তাৰ এটা ডাঙৰ কাৰণ মই যদি কও সেয়া হৈছে ‘কনভাৰ্জেন্স’ আৰু এতিয়া কৰ্ণাটকৰ আমাৰ অধিকাৰীয়ে কৈছে যে ‘ছিল’ছ’-ৰ পৰা কেনেকৈ মুক্ত হ’ব পাৰি। সকলো সংসাধন একেই আছে, চৰকাৰী ‘মেচিনাৰী’ও একেই আছে, বিষয়া-বৰ্গও একেই আছে, কিন্তু পৰিণাম সম্পূৰ্ণ পৃথক। যিকোনো এখন জিলাক যেতিয়া এটা ‘ইউনিট’ হিচাপে, এটা নিকাই হিচাপে দেখা যায়, যেতিয়া জিলাৰ ভৱিষ্যত্ক সন্মুখত ৰাখি কাম কৰা যায়, তেতিয়া বিষয়া-বৰ্গই নিজৰ কামৰ বিশালতা হৃদয়ংগম কৰিব পাৰে। বিষয়া-বৰ্গৰো নিজৰ ভূমিকাৰ গুৰুত্ব অনুভূত হয়, এক ধৰণৰ ‘পাৰপাছ অব লাইফ’ অনুভূত হয়। তেওঁলোকৰ চকুৰ সন্মুখত যি পৰিৱৰ্তন আহিবলৈ ধৰে আৰু যি পৰিণাম প্ৰত্যক্ষ কৰিব পাৰে, তেওঁলোকৰ জিলাৰ ৰাইজৰ জীৱনলৈ যি পৰিৱৰ্তন আহে, বিষয়াবৰ্গই, প্ৰশাসনৰে জড়িত লোকসকলে সন্তুষ্টি লাভ কৰিব পাৰে। আৰু এই সন্তুষ্টি কল্পনাৰো অগোচৰ হয়, যাক শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। এয়া মই নিজেই প্ৰত্যক্ষ কৰি আহিছো। যেতিয়া ক’ৰোনা নাছিল তেতিয়া মই নিয়ম কৰিছিলো যে যেতিয়া কোনোবা এখন ৰাজ্যলৈ গৈছিলো, তেতিয়া সেই ৰাজ্যৰ ‘আকাংক্ষী জিলা’ৰ বিষয়াসকলক মাতি পঠাইছিলো, সেইসকল বিষয়াৰ সৈতে মুকলিকৈ কথা-বতৰা পাতিছিলো, চৰ্চা কৰিছিলো। তেওঁলোকৰে কৰা আলোচনাৰ পিচত মোৰ অনুভৱ হৈছিল যে ‘আকাংক্ষী জিলা’সমূহত যি কাম কৰা হৈছে, তাত কাম কৰাৰ সন্তুষ্টিয়ে এক ভিন্ন ধৰণৰ ভাৱনাৰ জন্ম দিয়ে। যেতিয়া কোনো চৰকাৰী কাম এক জীৱন্ত লক্ষ্য হৈ উঠে, যেতিয়া কোনো চৰকাৰী ‘মেচিনাৰী’ এক ‘জীৱন্ত মাপক’ হৈ উঠে, ‘টীম স্পিৰিট’ৰে পৰিপূৰ্ণ হৈ উঠে, ‘টীম’য়ে এক ‘কালশ্যাৰ’ক লৈ আগবাঢ়ে, তেতিয়া পৰিণাম সেইধৰণেই আহে, যেনেকৈ আমি ‘আকাংক্ষী জিলা’সমূহত দেখিবলৈ পাইছো। পৰস্পৰে পৰস্পৰক সহযোগিতা কৰি, ইখনে সিখনৰ পৰা ‘বেষ্ট প্ৰেক্টিচেজ চেয়াৰ’ কৰি, ইখনে সিখনৰ পৰা শিকি-বুজি, পৰস্পৰে পৰস্পৰক শিকাই বুজাই, যি কাৰ্যশৈলী বিকশিত কৰিছে, সেয়া ‘গুড গভাৰ্নেন্স’ৰ বহুত ডাঙৰ পুঁজি হৈ উঠিছে।

বন্ধুসকল,

‘এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্টছ’- ‘আকাংক্ষী জিলা’ত যি কাম হৈছে, সেয়া বিশ্বৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ৰ বাবেও অধ্যয়ণৰ বিষয়। বিগত ৪টা বছৰত দেশৰ প্ৰায় প্ৰতিখন ‘আকাংক্ষী জিলা’ত ‘জন-ধন একাউণ্ট’ত ৪ৰ পৰা ৫গুণৰ বৃদ্ধি হৈছে। প্ৰায় প্ৰতিটো পৰিয়ালেই শৌচালয় লাভ কৰিছে, প্ৰতিখন গাঁও পৰ্যন্ত বিজুলী সংযোগ হৈছে। আৰু বিজুলী কেৱল দুখীয়াৰ ঘৰলৈকে গৈ পোৱা নাই, বৰং মানুহৰ জীৱনলৈকো উৰ্জা প্ৰবাহিত হৈছে, দেশৰ ব্যৱস্থাৰ ওপৰত এইবোৰ অঞ্চলৰ ৰাইজৰ ভৰসা বাঢ়িবলৈ লৈছে।

বন্ধুসকল,

আমি এইসমূহ প্ৰয়াসৰ পৰা বহুত শিকবলগীয়া আছে। এখন জিলাই আন এখন জিলাৰ সফলতাসমূহৰ পৰা শিকিবলগীয়া আছে, আন এখন জিলাই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমীক্ষা কৰিবলগীয়া আছে। মধ্য প্ৰদেশৰ ছতৰপুৰ জিলাত কেনেকৈ ৪টা বছৰৰ ভিতৰত গৰ্ভৱতী মহিলাক প্ৰথম তিনিমাহত কৰা পঞ্জীয়ণৰ হাৰ ৩৭%ৰ পৰা বঢ়াই ৯৭%লৈ লৈ যোৱা হ’ল। অৰুণাচলৰ নামচাইত, হাৰিয়াণাৰ মেৱাত আৰু ত্ৰিপুৰাৰ ধলাইত ‘ইনষ্টিটিউশ্যনেল ডেলিভাৰী’ ৪০-৪৫%ৰ পৰা বৃদ্ধি কৰি ৯০% পৰ্যন্ত পোৱাবগৈ পাৰিছে। কৰ্ণাটকৰ ৰায়চুৰত, নিয়মিত অতিৰিক্ত পুষ্টি লাভ কৰা গৰ্ভৱতী মহিলাৰ সংখ্যা ৭০%ৰ পৰা কেনেকৈ ৯৭%লৈ বাঢ়িছে! হিমাচল প্ৰদেশৰ চম্বাত গাঁও পঞ্চায়ত পৰ্যায়ত ‘কমন ছাৰ্ভিচ চেণ্টাৰ’ৰ ‘কভাৰেজ’ ৬৭%ৰ পৰা কেনেকৈ ৯৭%লৈ বৃদ্ধি পাইছে! অথবা, ৫০%তকৈয়ো কম শিশুৰ টীকাকৰণ হোৱা চত্তিশগড়ৰ সুকমাত এতিয়া টীকাকৰণৰ হাৰ কেনেকৈ ৯০%লৈ বৃদ্ধি পাইছে। এইসমূহ সাফল্য-গাঁথাত সমগ্ৰ দেশৰ প্ৰশাসনৰ বাবে অনেক নতুন নতুন কথা শিকিবলৈতো আছেই, অনেক নতুন নতুন দৃষ্টান্তও আছে।

বন্ধুসকল,

আপোনালোকেতো দেখিছে যে ‘এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট’সমূহত যিসকল ব্যক্তি থাকে, তেওঁলোকৰ আগবাঢ়ি যোৱাৰ প্ৰতি যিধৰণৰ আগ্ৰহ থাকে, কিমানযে আকাংক্ষা থাকে। এইসমূহ জিলাৰ ৰাইজে জীৱনৰ বহু দীঘলীয়া সময় অভাৱত, অনেক সমস্যাৰ মাজেৰে পাৰ কৰে। প্ৰতিটো সৰু সৰু বস্তুৰ বাবেই তেওঁলোকে কষ্ট কৰিবলগীয়া হয়, সংঘৰ্ষ কৰিবলগীয়া হয়। তেওঁলোকে জীৱনত ইমানেই অন্ধকাৰ দেখে যে তেওঁলোকে এই অন্ধকাৰৰ পৰা বাহিৰলৈ আহিবলৈ ব্যকুল হৈ থকা দেখা যায়। সেয়ে এইসকল লোকে সাহস দেখুৱাবলৈ সাজু হৈ ৰয়, ‘ৰিস্ক’ উঠাবলৈ সাজু থাকে আৰু যেতিয়াই সুযোগ পাই, তাৰ সম্পূৰ্ণ লাভ উঠোৱাৰ প্ৰয়াস কৰে। ‘আকাংক্ষী জিলা’সমূহত যিসকল লোক থাকে, যি সমাজ থাকে, আমি তেওঁলোকৰ সামৰ্থ্য কিমান সেয়া অনুভৱ কৰিব পাৰিব লাগিব, তাৰে পৰিচিত হ’ব পাৰিব লাগিব। আৰু মই ভাবো, ইয়াৰো বহুত প্ৰভাৱ ‘আকাংক্ষী জিলা’সমূহত হৈ থকা কাম-কাজত প্ৰত্যক্ষ কৰিব পাৰি। এইসমূহ অঞ্চলৰ জনতাইয়ো আপোনালোকৰ সৈতে আহি কাম কৰেহি। বিকাশৰ প্ৰতি থকা আগ্ৰহে, একেলগে আগবঢ়াৰ বাবে পথ নিৰ্মাণ কৰি দিয়ে। আৰু যেতিয়া জনতাই সংকল্প গ্ৰহণ কৰি পেলাই, শাসন-প্ৰশাসনে সংকল্প গ্ৰহণ কৰি পেলাই, তেতিয়ানো বাৰু কোনোবাই কেনেকৈ পিচুৱাই যাব পাৰে। তাৰপিচততো আগলৈকে যাব লাগিব, আগবাঢ়িয়েই যাব লাগিব। আৰু আজি ইয়াকে ‘আকাংক্ষী জিলা’ৰ লোকসকলে কৰি আছে।

বন্ধুসকল,

যোৱা বছৰৰ অক্টোবৰ মাহত মোৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে জনতাক সেৱা কৰাৰ ২০বছৰৰো অধিক সময় হৈ গ’ল। তাৰ আগতেও মই কেবা দশক ধৰি দেশৰ ভিন ভিন প্ৰান্তৰ প্ৰশাসনৰ কাম, কাম কৰাৰ পন্থাসমূহ বহুত কাষৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলো। মই ভাবো নিৰ্ণয় প্ৰক্ৰিয়াত যি ‘সুৰুঙা’ আছে তাতকৈ অধিক লোকচান হয় ৰূপায়ণত থকা ‘সুৰুঙা’ৰ পৰা, এই লোকচান অতি ভয়ংকৰ হয়। আৰু ‘আকাংক্ষী জিলা’সমূহে ইয়াকে সাব্যস্ত কৰিছে যে ৰূপায়ণত থকা ‘সুৰুঙা’ বন্ধ হ’লে, সমাধানৰ ‘অপ্টিমাম ইউটিলাইজেশ্যন’ হয়। সুৰুঙা যেতিয়া বন্ধ হয় তেতিয়া ১+১, ২ নহয়, সুৰুঙা যতিয়া বন্ধ হয় তেতিয়া ১ আৰু ১, ১১হৈ পৰে। এই সামৰ্থ্য, এই সামূহিক শক্তি, আজি ‘আকাংক্ষী জিলা’সমূহত দেখিবলৈ পাইছো। আমাৰ ‘আকাংক্ষী জিলা’সমূহে ইয়াক প্ৰত্যক্ষ কৰাইছে যে যদি আমি ‘গুড গভাৰ্নেন্স’ৰ মৌলিক সিদ্ধান্তক অুসৰণ কৰো, তেন্তে কম সংসাধনৰেও বহুত ডাঙৰ পৰিণাম লাভ কৰিব পৰা যায়। আৰু এই অভিযানত যি ধৰণৰ ‘এপ্ৰোচ’ৰ সৈতে কাম কৰা হৈছে, সেয়া দৰাচলতেই অভুতপূৰ্ব। ‘আকাংক্ষী জিলা’ত দেশৰ প্ৰথম ‘এপ্ৰোচ’ হ’ল- এইসমূহ জিলাৰ মূলভূত সমস্যাসমূহ চিনাক্ত কৰাত বিশেষ ভাবে কাম কৰা। ইয়াৰ বাবে মানুহক ইয়াৰ সমস্যাৱলীৰ বিষয়ে প্ৰত্যক্ষভাবে সোধা হৈছে, ইয়াৰে জড়িত কৰা হৈছে। আমাৰ দ্বিতীয়টো ‘এপ্ৰোচ’ আছিল- ‘আকাংক্ষী জিলা’সমূহৰ অনুভৱৰ আধাৰত আমি কাৰ্যশৈলীত নিৰন্তৰ সংস্কাৰ কৰিছিলো। আমি কামৰ পন্থা এনেকৈ যুগুতাইছিলো, য’ত ‘মিজাৰেবল ইণ্ডিকেটৰ্ছ’-ৰ নিৰ্বাচন সম্ভৱ হয়, যাৰ দ্বাৰা জিলাসমূহৰ বৰ্তমান স্থিতিৰ সমীক্ষাৰ লগতে প্ৰদেশ আৰু দেশৰ সকলোতকৈ উন্নত স্থিতিৰে ইয়াৰ তুলনা সম্ভৱ হয়, যত কাৰ্যক্ৰমৰ ‘ৰিয়েলটাইম মনিটৰিং’ কৰিব পৰা যায়, য’ত আন জিলাসমূহৰ সৈতে ‘হেল্ডী কম্পিটিশ্যন’ কৰিব পৰা যায়, আৰু ‘বেষ্ট প্ৰেক্টিচেজ’-ক ‘ৰিপ্লিকেট’ কৰাৰ উত্সাহ উত্পন্ন হয়, প্ৰয়াস আৰম্ভ হয়। এই অভিযানৰ কালত তৃতীয়টো ‘এপ্ৰোচ’ আছিল যে আমি এনে ‘গভাৰ্ণেন্স’ সংস্কাৰ কৰিছিলো যাৰ দ্বাৰা জিলাসমূহত এক প্ৰভাৱী ‘টীম’ সাজু কৰাত সহায়ক হয়। যেনে, ‘নীতি আয়োগ’ৰ ‘প্ৰেজেটেশ্যন’ত অলপতে এই কথা কোৱা হৈছে যে বিষয়াবৰ্গৰ ‘ষ্টেবল টেনিউৰ’-ৰ নীতিক উন্নত পন্থাৰে বলবত্ কৰাতো সুফলদায়ক হৈ উঠিছিল। আৰু ইয়াৰ বাবে মই মুখ্যমন্ত্ৰীসকলক অভিনন্দন জনাইছো। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোক আটায়ে এই অভিজ্ঞতা লাভ কৰিছে। মই এই কথা এইবাবেই দোহাৰিছো যাতে মানুহে গম পাই যে ‘গুড গভাৰ্ণেন্স’ৰ প্ৰভাৱনো কেনে হয়। যেতিয়া আমি ‘এম্ফেছিছ অন বেছিক্স’-ৰ মন্ত্ৰ সাৰোগত কৰো, তেতিয়া তাৰ পৰিণামো পোৱা যায়। আৰু আজি মই ইয়াত আৰু এটা বস্তু সংযোজিত কৰিব বিচাৰিছো আপোনালোক আটাইৰে প্ৰয়াস হোৱা উচিত যে ‘ফিল্ড ভিজিট’ৰ বাবে ‘ইন্সপেক্শ্যন’ আৰু ‘নাইট হল্ট’ৰ বাবে বিস্তৃত ‘গাইডলাইন্স’ও তৈয়াৰ কৰা উচিত, এটা ‘মডেল’ বিকিশিত কৰা হওক। আপোনালোকে দেখিব, আপোনালোক আটাইৰে ইয়াৰ পৰা কিমান লাভ হ’ব।

|

বন্ধুসকল,

‘আকাংক্ষী জিলা’সমূহে লাভ কৰা সাফল্যসমূহ দেখি দেশে এতিয়া নিজৰ লক্ষ্য আৰু অধিক বিস্তাৰিত কৰিছে। সম্প্ৰতি চলি থকা ‘স্বাধীনতাৰ অমৃতকাল’ত দেশৰ লক্ষ্য হ’ল সেৱা আৰু সা-সুবিধাসমূহৰ এশ শতাংশ ‘ছেচুৰেশ্যন’! অৰ্থাত্, আমি এই পৰ্যন্ত যিসমূহ সাফল্য অৰ্জন কৰিছো, তাৰো আগলৈ আমি এক দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিব লাগিব। আৰু অধিক বিস্তাৰিত ভাবে কাম কৰিব লাগিব। আমাৰ জিলাসমূহৰ প্ৰতিখন গাঁও পৰ্যন্ত পথৰ সংযোগ কেনেকৈ কৰা হয়, সকলো লোকৰ হতলৈ ‘আয়ুষ্মান ভাৰত’ৰ ‘কাৰ্ড’ কেনেকৈ প্ৰেৰণৰ দিহা কৰা হয়, ‘বেংক একাউণ্ট’ৰ ব্যৱস্থা কেনেকৈ কৰা হয়, যিকোনো দুখীয়া পৰিয়াল যাতে ‘উজ্জ্বলা গেছ’ৰ সংযোগ নোপোৱাকৈ থাকি যাব নোৱাৰে, প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে যাতে চৰকাৰৰ বীমা আঁচনিৰ লাভ আদায় কৰিব পাৰে, পেন্সন আৰু আৱাসৰ দৰে সা-সুবিধাসমূহৰ সুফল লাভ কৰিব পাৰে, এয়া প্ৰতিখন জিলাৰ বাবে সময়-নিৰ্দ্ধাৰিত লক্ষ্যৰ ৰূপত হোৱা উচিত। এইদৰেই প্ৰতিখন জিলাই আগন্তুক দুটা বছৰৰ বাবে নিজৰ এক ‘ভিজন’ নিৰ্দ্ধাৰিত কৰা উচিত। আপোনালোকে এনে যিকোনো দহোটা কাম ঠিক কৰি ল’ব পাৰে, যিকেইটা কাম আগন্তুক ৩টা মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব, আৰু তাৰ দ্বাৰা সৰ্ব সাধাৰণ জনতাৰ জীৱনত স্বাচ্ছন্দ্যৰ হাৰ বৃদ্ধি পায়। এইদৰে, কোনো ৫টা কাৰ্যক্ৰম ঠিক কৰি লওক যিকেইটা কাৰ্যক্ৰম ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ সৈতে সংগতি ৰাখি সম্পূৰ্ণ কৰিব পাৰি। এই কাম এই ঐতিহাসিক কালখণ্ডত আপোনালোকৰ, আপোনালোকৰ জিলাসমূহৰ, জিলাৰ লোকসকলৰ ঐতিহাসিক অভিজ্ঞতা হৈ উঠা উচিত। যেনেকৈ দেশে ‘আকাংক্ষী জিলাসমূহ’ক আগবঢ়াই নিয়াৰ বাবে কাম কৰি আছে, সেইদৰেই জিলাত ‘ব্লক পৰ্যায়’ত নিজাববীয়াকৈ প্ৰাথমিকতা আৰু লক্ষ্য নিৰ্দ্ধাৰিত কৰি ল’ব পাৰে। আপোনালোকে যি জিলাৰে দায়িত্ব লাভ নকৰক কিয়, সেই সেই জিলাৰ আটাইতকৈ ইতিবাচক দিশসমূহকো নিশ্চিত ভাবে বিচাৰি উলিয়াওক, সেইসমূহৰে জড়িত হৈ পৰক। এই ধৰণৰ ইতিবাচক দিশৰ মাজতেই জিলাসমূহৰ সম্ভৱনা লুকাই থাকে। আপোনালোকে দেখিছে, ‘এখন জিলা, এটি সামগ্ৰী’-ৰ ধাৰণা জিলাসমূহৰ ইতিবাচকতাৰ ওপৰতে আধাৰিত। আপোনালোকৰ বাবে এয়া এক ‘মিছন’ হোৱা উচিত যে নিজ নিজ জিলাসমূহক ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰিচিতি দিব লাগিব। অৰ্থাত্, ‘ভোকেল ফৰ লোকেল’ৰ মন্ত্ৰ আপোনালোকে নিজ নিজ জিলাসমূহতো বলবত্ কৰক। ইয়াৰ বাবে আপোনালোকে জিলাৰ পাৰম্পৰিক উত্পাদনক, পৰিচিতিক, দক্ষতাক চিনাক্ত কৰিব লাগিব আৰু প্ৰমূল্য-শৃংখ্লকো শক্তিশালী কৰি তুলিব লাগিব। ‘ডিজিটেল ইণ্ডিয়া’ৰ ৰূপত দেশ এক ‘ছাইলেণ্ট ৰিভলিউশ্যন’ৰ সাক্ষী হৈ আহিছে। আমাৰ যিকোনো এখন জিলাই ইয়াৰ পৰা পিচ থকা উচিত নহ’ব। ‘ডিজিটেল’ আন্তঃগাঁথনি আমাৰ প্ৰতিখন গাঁও পৰ্যন্ত উপলব্ধ হওক, সেৱা আৰু সা-সুবিধাসমূহ ঘৰৰ দুৱাৰমুখ পৰ্যন্ত উপলব্ধ হোৱাৰ মাধ্যম হিচাপে পৰিগণিত হওক, এয়া খুবেই জৰুৰী। ‘নীতি আয়োগ’ৰ প্ৰতিবেদনত যিসমূহ জিলাৰ প্ৰগতি আশা কৰাতকৈ কম হোৱা বুলি উল্লেখ কৰা হৈছে, সেই সমূহৰ জিলা দণ্ডাধীশসকলে, কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ববাহী বিষয়াসকলে বিশেষ ভাবে প্ৰয়াস কৰিব লাগিব। মই ‘নীতি আয়োগ’কো ক’ব বিচাৰিম যে আপোনালোকে এনে এটা ‘মেকানিজম’ তৈয়াৰ কৰক য’ত সকলো জিলাৰ দণ্ডাধীশৰ মাজত নিয়মীয়া মতবিনিময় চলি থাকিব পাৰে। প্ৰতিখন জিলাই পৰস্পৰে পৰস্পৰৰ ‘বেষ্ট প্ৰেক্টিচেজ’ক নিজৰ জিলাত বলবত্ কৰিব পাৰে। কেন্দ্ৰৰ সকলো মন্ত্ৰালয়েও সেইসমূহ প্ৰত্যাহ্বানক নথিভুক্ত কৰাৰ দিহা কৰক, যিবোৰ বেলেগ বেলেগ জিলাত দেখিবলৈ পোৱা গৈছে। এয়াও চাওক যে এইক্ষেত্ৰত ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লান’ৰ পৰা কেনেকৈ সহযোগিতা আদায় কৰিব পাৰি।

বন্ধুসকল,

আজিৰ এই কাৰ্যক্ৰমত মই আৰু এটা প্ৰত্যাহ্বান আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছো, এটা নতুন লক্ষ্যও দিব খুজিছো। এই প্ৰত্যাহ্বান দেশৰ ২২খন ৰাজ্যৰ ১৪২খন জিলাৰ বাবে। এইসমূহ জিলা উন্নয়ণৰ দৌৰত পিচ পৰি থকা নহয়। এইসমূহ জিলা ‘আকংক্ষী জিলা’ৰ তালিকাত অন্তৰ্ভুক্তও নহয়। এইসমূহ জিলা বহুখিনি আগবাঢ়ি গৈছে। পিচে অনেক ‘পেৰামিটাৰ’ত আগবাঢ়ি য়োৱাৰ পিচতো কিন্তু এক বা একাধিক ‘পেৰামিটাৰ’ত এইসমূহ পিচ পৰি থাকিবলগীয়া হৈছে। আৰু সেইবাবেই মই মন্ত্ৰালয়সমূহক এনেবোৰ জিলা বিচাৰি উলিওৱাৰ বাবে আহ্বান জনাইছিলো। কোনোবাই ১০খন, কোনোবাই চাৰিখন, কোনোবাই ছখন বিচাৰি উলিয়ালে, ঠিক আছে, এতিয়া ইমানখিনি আহিছে। ধৰক, এনে এখন জিলা যি বাকী সকলোতে খুব ভাল প্ৰদৰ্শন কৰিছে, কিন্তু ‘অপুষ্টি’ৰ ক্ষেত্ৰত সমস্যাত পৰিছে। একেদৰে, আন কোনোবাখন জিলাৰ আকৌ বাকী সকলো সূচকাংক ঠিক আছে যদিও ‘শিক্ষাৰ ক্ষেত্ৰ’ত পিচ পৰি ৰৈছে। চৰকাৰৰ বেলেগ বেলেগ মন্ত্ৰালয়সমূহে, বেলেগ বেলেগ বিভাগসমূহে এনে ১৪২খন জিলাৰ এখন তালিকা তৈয়াৰ কৰিছে। যি এটা দুটা পেৰামিটাৰত এই ১৪২খন জিলা পিচপৰি আছে, এতিয়া সেইবোৰতো আমি সেই ‘কালেক্টিভ এপ্ৰোচ’ৰে কাম কৰিব লাগিব, যেনেকৈ আমি ‘আকাংক্ষী জিলা’সমূহত কৰিছো। এয়া সকলো চৰকাৰৰ বাবে, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, যিবোৰ চৰকাৰী ‘মেচিনাৰী’ আছে, সেইসমূহৰ বাবেও একোটা নতুন সুযোগ, নতুন প্ৰত্যাহ্বানেই হয়। এই প্ৰত্যাহ্বানক এতিয়া আমি সকলোৱে মিলি সম্পূৰ্ণ কৰিব লাগিব। ইয়াত আমাৰ মুখ্যমন্ত্ৰী সতীৰ্থসকলৰ সহযোগিতা সদায়ে পাই থকা হৈছে, আগলৈকো এই সহযোগিতা অব্যাহত থাকিব বুলি মোৰ বিশ্বাস আছে।

বন্ধুসকল,

এতিয়া ক’ৰোনাৰ সময়ো চলি আছে। ক’ৰোনাক লৈ সাজু হোৱা, তাৰ প্ৰবন্ধন, আৰু ক’ৰোনাৰ মাজতো বিকাশৰ গতিবেগ অক্ষুন্ন ৰখা, ইয়াতো সকলো জিলাৰ বহুত ডাঙৰ ভূমিকা আছে। এইসমূহ জিলাত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহক অনুধাৱন কৰিও এতিয়াৰে পৰা কাম কৰা উচিত।

বন্ধুসকল,

আমাৰ ঋষিসকলে কৈছিল- জল বিন্দু নিপাতেন ক্ৰমশঃ পূৰ্যতে ঘটঃ। অৰ্থাত্, বিন্দু বিন্দু পানীৰেই কলহ একোটা পূৰ্ণ হয়। সেয়ে, ‘আকাংক্ষী জিলা’সমূহত কৰা আপোনালোকৰ এটা এটা প্ৰয়াসে আপোনালোকৰ জিলাসমূহক বিকাশৰ নতুন উচ্চতালৈ লৈ যাব। ইয়াত যিসকল অসামৰিক সেৱাৰ সতীৰ্থ সংযোজিত হৈছে, তেওঁলোকক মই আৰু এটা কথা মনত পেলাবলৈ ক’ম। আপোনালোকে সেই দিনটো মনত পেলাবচোন, যিটো দিন আপোনালোকৰ এই সেৱাত প্ৰথমটো দিন আছিল। আপোনালোকে দেশৰ বাবে কিমানযে কৰিব বিচাৰিছিল, কিমানযে উত্সাহপূৰ্ণ আছিল সেই দিনটো, কিমানযে সেৱা ভাবেৰে পূৰ্ণ আছিল! আজিও সেই উত্সাহৰ সৈতে আপোনালোকে আকৌ এবাৰ আগবাঢ়িব লাগিব। স্বাধীনতাৰ এই ‘অমৃতকাল’ত, কৰাৰ বাবে, পোৱাৰ বাবে বহুত খিনি বাকী আছে। প্ৰতিখন ‘আকাংক্ষী জিলা’ৰ বিকাশে দেশৰ সপোন পূৰণ কৰিব। স্বাধীনতাৰ এশবছৰ পূৰ্ণ হোৱাৰ মুহূৰ্তত নতুন ভাৰতৰ যি সপোন আমি দেখিছো, সেয়া পূৰ্ণ হোৱাৰ পথ আমাৰ এইসমূহ জিলা আৰু গাঁওসমূহ হৈয়ে পাৰ যাব। মোৰ সম্পূৰ্ণ ভৰসা আছে যে আপোনালোকে নিজ নিজ প্ৰয়াসৰ ক্ষেত্ৰত কোনোধৰণৰ ত্ৰুতি নাৰাখিব। দেশে যেতিয়া নিজৰ সপোন পূৰ্ণ কৰিবগৈ, তেতিয়া তাৰ সোণালী অধ্যায়ত এক ডাঙৰ ভূমিকা আপোনালোক সকলো সতীৰ্থৰো থাকিব। এই বিশ্বাসৰেই, মই সকলো মুখ্যমন্ত্ৰীকে ধন্যবাদ জনাই, আপোনালোক ন-জোৱান বন্ধুৱে জীৱনত কৰা পৰিশ্ৰম, আৰু তাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো, ধন্যবাদ জনাইছো। সন্মুখত ২৬ জানুৱাৰী আছে, সেই কামৰো ‘প্ৰেছাৰ’ আছে, জিলাধিপতিসকলৰ অধিক ‘প্ৰেছাৰ’ থাকে। ক’ৰোনাৰ বিগত দুটা বছৰ আপোনালোক যুদ্ধক্ষেত্ৰৰ অগ্ৰণী যোদ্ধাসকলৰ অন্যতম আছিল। আৰু ইয়াৰ মাজতো শনিবাৰৰ দিনটোত আপোনালোকৰ সকলোৰে সৈতে অকণমান বহি মই আপোনালোকক কষ্টকে দিছো, কিন্তু তাৰ পিচতো যি উত্সাহ আৰু উদ্দীপণাৰে আজি আপোনালোক সংযোজিত হ’লহি, এয়া মোৰ বাবে নিতান্তই আনন্দৰ কথা। মই আপোনালোক আটাইকে ধন্যবাদ জনাইছো। বহুত বহুত শুভকামনা জ্ঞাপন কৰি সামৰিলো!

  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • Reena chaurasia August 31, 2024

    bjp
  • MLA Devyani Pharande February 17, 2024

    जय श्रीराम
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 07, 2023

    नमो नमो नमो नमो नमो
  • Laxman singh Rana August 09, 2022

    namo namo 🇮🇳🙏🌷
  • Laxman singh Rana August 09, 2022

    namo namo 🇮🇳🙏
  • R N Singh BJP June 15, 2022

    jai hind
  • Pradeep Kumar Gupta April 13, 2022

    namo namo
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How India’s ‘Digital Lifeline’ UPI Is Transforming Payments At Home & Abroad

Media Coverage

How India’s ‘Digital Lifeline’ UPI Is Transforming Payments At Home & Abroad
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Our government is making the vision of women-led development the axis of development: PM Modi in Bhopal, Madhya Pradesh
May 31, 2025
QuotePM inaugurates, lays foundation stone of multiple development projects in Bhopal
QuoteThe name of Lokmata Devi Ahilyabai Holkar fills us with reverence, Words fall short to speak about her great personality: PM
QuoteDevi Ahilyabai was a great guardian of India's heritage: PM
QuoteMata Ahilyabai is a symbol of invaluable contribution of our women power in nation building: PM
QuoteOur government is making the vision of women-led development the axis of development: PM
QuoteThe Namo Drone Didi campaign is encouraging the rural women, increasing their income: PM
QuoteToday, a large number of women scientists are working in all our major space missions: PM
QuoteOperation Sindoor has also become a symbol of the strength of our women power: PM

मध्य प्रदेश के राज्यपाल श्रीमान मंगुभाई पटेल, हमारे लोकप्रिय मुख्यमंत्री श्रीमान मोहन यादव जी, टेक्नोलॉजी के माध्यम से हमारे साथ जुड़े हुए केंद्रीय मंत्री, इंदौर से तोखन साहू जी, दतिया से राम मोहन नायडू जी, सतना से मुरलीधर मोहोल जी, यहां मंच पर उपस्थित राज्य के उपमुख्यमंत्री जगदीश देवड़ा जी, राजेंद्र शुक्ला जी, लोकसभा में मेरे साथी वी डी शर्मा जी, अन्य मंत्रिगण, जनप्रतिनिधिगण और विशाल संख्या में आए हुए मेरे प्यारे भाइयों और बहनों।

सबसे पहले मैं मां भारती को भारत की मातृशक्ति को प्रणाम करता हूं। आज यहां इतनी बड़ी संख्या में माताएं-बहनें-बेटियां हमें आशीर्वाद देने आई हैं। मैं आप सभी बहनों के दर्शन पाकर धन्य हो गया हूं।

भाइयों और बहनों,

आज लोकमाता देवी अहिल्याबाई होल्कर जी की तीन सौवीं जन्म जयंती है।140 करोड़ भारतीयों के लिए ये अवसर प्रेरणा का है, राष्ट्र निर्माण के लिए हो रहे भागीरथ प्रयासों में अपना योगदान देने का है। देवी अहिल्याबाई कहती थीं, कि शासन का सही अर्थ जनता की सेवा करना और उनके जीवन में सुधार लाना होता है। आज का कार्यक्रम, उनकी इस सोच को आगे बढ़ाता है। आज इंदौर मेट्रो की शुरुआत हुई है। दतिया और सतना भी अब हवाई सेवा से जुड़ गए हैं। ये सभी प्रोजेक्ट मध्य प्रदेश में सुविधाएं बढ़ाएंगे, विकास को गति देंगे और रोजगार के अनेक नए अवसर बनाएंगे। मैं आज इस पवित्र दिवस पर विकास के इन सारे कामों के लिए आप सबको, पूरे मध्य प्रदेश को बहुत-बहुत बधाई देता हूं।

|

साथियों,

लोकमाता देवी अहिल्याबाई होलकर, ये नाम सुनते ही मन में श्रद्धा का भाव उमड़ पड़ता है। उनके महान व्यक्तित्व के बारे में बोलने के लिए शब्द कम पड़ जाते हैं। देवी अहिल्याबाई प्रतीक हैं, कि जब इच्छाशक्ति होती है, दृढ़ प्रतिज्ञा होती है, तो परिस्थितियां कितनी ही विपरीत क्यों ना हों, परिणाम लाकर दिखाया जा सकता है। ढाई-तीन सौ साल पहले, जब देश गुलामी की जंजीरों में जकड़ा हुआ था, उस समय ऐसे महान कार्य कर जाना, कि आने वाली अनेक पीढ़ियां उसकी चर्चा करें, ये कहना तो आसान है, करना आसान नहीं था।

साथियों,

लोकमाता अहिल्याबाई ने प्रभु सेवा और जन सेवा, इसे कभी अलग नहीं माना। कहते हैं, वे हमेशा शिवलिंग अपने साथ लेकर चलती थीं। उस चुनौतीपूर्ण कालखंड में एक राज्य का नेतृत्व कांटों से भरा ताज, कोई कल्पना कर सकता है, कांटों से भरा ताज पहनने जैसा वो काम, लेकिन लोकमाता अहिल्याबाई ने अपने राज्य की समृद्धि को नई दिशा दी। उन्होंने गरीब से गरीब को समर्थ बनाने के लिए काम किया। देवी अहिल्याबाई भारत की विरासत की बहुत बड़ी संरक्षक थीं। जब देश की संस्कृति पर, हमारे मंदिरों, हमारे तीर्थ स्थलों पर हमले हो रहे थे, तब लोकमाता ने उन्हें संरक्षित करने का बीड़ा उठाया, उन्होंने काशी विश्वनाथ सहित पूरे देश में हमारे अनेकों मंदिरों का, हमारे तीर्थों का पुनर्निर्माण किया। औऱ ये मेरा सौभाग्य है कि जिस काशी में लोकमाता अहिल्याबाई ने विकास के इतने काम किए, उस काशी ने मुझे भी सेवा का अवसर दिया है। आज अगर आप काशी विश्वनाथ महादेव के दर्शन करने जाएंगे, तो वहां आपको देवी अहिल्याबाई की मूर्ति भी वहाँ पर मिलेगी।

|

साथियों,

माता अहिल्याबाई ने गवर्नेंस का एक ऐसा उत्तम मॉडल अपनाया, जिसमें गरीबों और वंचितों को सबसे ज्यादा प्राथमिकता दी गई। रोजगार के लिए, उद्यम बढ़ाने के लिए उन्होंने अनेक योजनाओं को शुरू किया। उन्होंने कृषि और वन-उपज आधारित कुटीर उद्योग और हस्तकला को प्रोत्साहित किया। खेती को बढ़ावा देने के लिए, छोटी-छोटी नहरों की जाल बिछाई, उसे विकसित किया, उस जमाने में आप सोचिए 300 साल पहले। जल संरक्षण को बढ़ावा देने के लिए उन्होंने कितने ही तालाब बनवाए और आज तो हम लोग भी लगातार कह रहे हैं, catch the rain, बारिश के एक एक बूंद पानी को बचाओ। देवी अहिल्या जी ने ढाई सौ-तीन सौ साल पहले हमें ये काम बताया था। किसानों की आय बढ़ाने के लिए उन्होंने कपास और मसालों की खेती को प्रोत्साहित किया। आज ढाई सौ-तीन सौ साल के बाद भी हमें बार बार किसानों को कहना पड़ता है, कि crop diversification बहुत जरूरी है। हम सिर्फ धान की खेती करके या गन्ने की खेती करके अटक नहीं सकते, देश की जरूरतों को, सारी चीजों को हमें diversify करके उत्पादित करना चाहिए। उन्होंने आदिवासी समाज के लिए, घुमन्तु टोलियों के लिए, खाली पड़ी जमीन पर खेती की योजना बनाई। ये मेरा सौभाग्य है, कि मुझे एक आदिवासी बेटी, आज जो भारत के राष्ट्रपति पद पर विराजमान है, उनके मार्गदर्शन में मेरे आदिवासी भाई-बहनों की सेवा करने का मौका मिला है। देवी अहिल्या ने विश्व प्रसिद्ध माहेश्वरी साड़ी के लिए नए उद्योग लगाए और बहुत कम लोगों को पता होगा, कि देवी अहिल्या जी हूनर की पारखी थी और वो जूनागढ़ से गुजरात में, जूनागढ़ से कुछ परिवारों को माहेश्वर लाईं और उनको साथ जोड़कर के, आज से ढाई सौ-तीन सौ साल पहले ये माहेश्वरी साड़ी का काम आगे बढ़ाया, जो आज भी अनेक परिवारों को वो गहना बन गया है, और जिससे हमारे बुनकरों को बहुत फायदा हुआ।

साथियों,

देवी अहिल्याबाई को कई बड़े सामाजिक सुधारों के लिए भी हमेशा याद रखा जाएगा। आज अगर बेटियों की शादी की उम्र की चर्चा करें, तो हमारे देश में कुछ लोगों को सेक्यूलरिज्म खतरे में दिखता है, उनको लगता है ये हमारे धर्म के खिलाफ है। ये देवी अहिल्या जी देखिए, मातृशक्ति के गौरव के लिए उस जमाने में बेटियों की शादी की उम्र के विषय में सोचती थीं। उनकी खुद की शादी छोटी उम्र में हुई थी, लेकिन उनको सब पता था, बेटियों के विकास के लिए कौन सा रास्ता होना चाहिए। ये देवी अहिल्या जी थीं, उन्होंने महिलाओं का भी संपत्ति में अधिकार हो, जिन स्त्रियों के पति की असमय मृत्यु हो गई हो, वो फिर विवाह कर सकें, उस कालखंड में ये बातें करना भी बहुत मुश्किल होता था। लेकिन देवी अहिल्याबाई ने इन समाज सुधारों को भरपूर समर्थन दिया। उन्होंने मालवा की सेना में महिलाओं की एक विशेष टुकड़ी भी बनाई थी। ये पश्चिम की दुनिया के लोगों को पता नहीं है। हमें कोसते रहते हैं, हमारी माताओं बहनों के अधिकारों के नाम पर हमें नीचा दिखाने की कोशिश करते हैं। ढाई सौ-तीन सौ साल पहले हमारे देश में सेना में महिलाओं का होना, साथियों महिला सुरक्षा के लिए उन्होंने गांवों में नारी सुरक्षा टोलियां, ये भी बनाने का काम किया था। यानी माता अहिल्याबाई, राष्ट्र निर्माण में हमारी नारीशक्ति के अमूल्य योगदान का प्रतीक हैं। मैं, समाज में इतना बड़ा परिवर्तन लाने वाली देवी अहिल्या जी को आज श्रद्धापूर्वक नमन करता हूं, उनके चरणों में प्रणाम करता हूं और मैं उनसे प्रार्थना करता हूं, कि आप जहां भी हों, हम सभी पर अपना आशीर्वाद बरसाए।

साथियों,

देवी अहिल्या का एक प्रेरक कथन है, जो हम कभी भूल नहीं सकते। और उस कथन का अगर मोटे-मोटे शब्दों में मैं कहूं, उसका भाव यही था, कि जो कुछ भी हमें मिला है, वो जनता द्वारा दिया ऋण है, जिसे हमें चुकाना है। आज हमारी सरकार लोकमाता अहिल्याबाई के इन्हीं मूल्यों पर चलते हुए काम कर रही है। नागरिक देवो भव:- ये आज गवर्नेंस का मंत्र है। हमारी सरकार, वीमेन लेड डवलपमेंट के विजन को विकास की धुरी बना रही है। सरकार की हर बड़ी योजना के केंद्र में माताएं-बहनें-बेटियां हैं। आप भी जानती हैं, गरीबों के लिए 4 करोड़ घर बनाए जा चुके हैं और इनमें से अधिकतर घर हमारी माताओं-बहनों के नाम पर हैं, मालिकाना हक मेरी माताओं-बहनों को दिया है। इनमें से ज्यादातर महिलाएं ऐसी हैं, जिनके नाम पर पहली बार कोई संपत्ति दर्ज हुई है। यानी देश की करोड़ों बहनें पहली बार घर की मालकिन बनी हैं।

|

साथियों,

आज सरकार, हर घर तक नल से जल पहुंचा रही है, ताकि हमारी माताओं-बहनों को असुविधा न हो, बेटियां अपनी पढ़ाई में ध्यान दे सकें। करोड़ों बहनों के पास पहले, बिजली, एलपीजी गैस और टॉयलेट जैसी सुविधाएं भी नहीं थीं। ये सुविधाएं भी हमारी सरकार ने पहुंचाईं। और ये सिर्फ सुविधाएं नहीं हैं, ये माताओं-बहनों के सम्मान का हमारी तरफ से एक नम्र प्रयास है। इससे गांव की, गरीब परिवारों की माताओं-बहनों के जीवन से अनेक मुश्किलें कम हुईं हैं।

साथियों,

पहले माताएं-बहनें अपनी बीमारियां छुपाने पर मजबूर थीं। गर्भावस्था के दौरान अस्पताल जाने से बचती थीं। उनको लगता था, कि इससे परिवार पर बोझ पड़ेगा और इसलिए दर्द सहती थीं, लेकिन परिवार में किसी को बताती नहीं थीं। आयुष्मान भारत योजना ने उनकी इस चिंता को भी खत्म किया है। अब वो भी अस्पताल में 5 लाख रुपए तक का मुफ्त इलाज करा सकती हैं।

साथियों,

महिलाओं के लिए पढ़ाई और दवाई के साथ ही जो बहुत जरूरी चीज है, वो कमाई भी है। जब महिला की अपनी आय होती है, तो घर में उसका स्वाभिमान और बढ़ जाता है, घर के निर्णयों में उसकी सहभागिता और बढ़ जाती है। बीते 11 वर्षों में हमारी सरकार ने देश की महिलाओं को आर्थिक रूप से सशक्त करने के लिए निरंतर काम किया है। आप कल्पना कर सकते है, 2014 से पहले, आपने मुझे सेवा करने का मौका दिया उसके पहले, 30 करोड़ से ज्यादा बहनें ऐसी थीं, जिनका कोई बैंक खाता तक नहीं था। हमारी सरकार ने इन सभी के बैंक में जनधन खाते खुलवाए, इन्हीं खातों में अब सरकार अलग-अलग योजनाओं का पैसा सीधा उनके खाते में भेज रही है। अब वे गांव हो या शहर अपना कुछ ना कुछ काम कर रही हैं, आर्थिक उपार्जन कर रही हैं, स्वरोजगार कर रही हैं। उन्हें मुद्रा योजना से बिना गारंटी का लोन मिल रहा है। मुद्रा योजना की 75 प्रतिशत से ज्यादा लाभार्थी, ये हमारी माताएं-बहनें-बेटियां हैं।

|

साथियों,

आज देश में 10 करोड़ बहनें सेल्फ हेल्प ग्रुप्स से जुड़ी हैं, जो कोई न कोई आर्थिक गतिविधि करती हैं। ये बहनें अपनी कमाई के नए साधन बनाएं, इसके लिए सरकार लाखों रुपयों की मदद कर रही है। हमने ऐसी 3 करोड़ बहनों को लखपति दीदी बनाने का संकल्प लिया है। मुझे संतोष है कि अब तक डेढ़ करोड़ से ज्यादा बहनें, लखपति दीदी बन भी चुकी हैं। अब गांव-गांव में बैंक सखियां लोगों को बैंकिंग से जोड़ रही हैं। सरकार ने बीमा सखियां बनाने का अभियान भी शुरु किया है। हमारी बहनें-बेटियां अब देश को बीमा की सुरक्षा देने में भी बहुत बड़ी भूमिका निभा रही हैं।

साथियों,

एक समय था, जब नई टेक्नोलॉजी आती थी, तो उससे महिलाओं को दूर रखा जाता था। हमारा देश आज उस दौर को भी पीछे छोड़ रहा है। आज सरकार का प्रयास है कि आधुनिक टेक्नॉलॉजी में भी हमारी बहनें, हमारी बेटियां आगे बढ़कर के नेतृत्व दें। अब जैसे आज खेती में ड्रोन क्रांति आ रही है। इसको हमारी गांव की बहनें ही नेतृत्व दे रही हैं। नमो ड्रोन दीदी अभियान से गांव की बहनों का हौसला बढ़ रहा है, उनकी कमाई बढ़ रही है और गांव में उनकी एक नई पहचान बन रही है।

साथियों,

आज बहुत बड़ी संख्या में हमारी बेटियां वैज्ञानिक बन रही हैं, डॉक्टर-इंजीनियर और पायलट बन रही हैं। हमारे यहां साइंस और मैथ्स पढ़ने वाली बेटियों की संख्या लगातार बढ़ रही है। आज जितने भी हमारे बड़े स्पेस मिशन हैं, उनमें बड़ी संख्या में वैज्ञानिक के नाते हमारी माताएं-बहनें-बेटियां काम कर रही हैं। चंद्रयान थ्री मिशन, पूरा देश गौरव कर रहा है। चंद्रयान थ्री मिशन में तो 100 से अधिक महिला वैज्ञानिक और इंजीनियर शामिल थीं। ऐसे ही जमाना स्टार्ट अप्स का है, स्टार्ट अप्स के क्षेत्र में भी हमारी बेटियां अदभुत काम कर रही हैं। देश में लगभग पैंतालीस परसेंट स्टार्ट अप्स की, उसमे कम से कम एक डायरेक्टर कोई न कोई हमारी बहन है, कोई न कोई हमारी बेटी है, महिला है। और ये संख्या लगातार बढ़ रही है।

साथियों,

हमारा प्रयास है, कि नीति निर्माण में बेटियों की भागीदारी लगातार बढ़े। बीते एक दशक में इसके लिए एक के बाद एक अनेक कदम उठाए गए हैं। हमारी सरकार में पहली बार पूर्ण कालिक महिला रक्षामंत्री बनीं। पहली बार देश की वित्तमंत्री, एक महिला बनीं। पंचायत से लेकर पार्लियामेंट तक, महिलाओं की संख्या लगातार बढ़ रही है। इस बार 75 सांसद महिलाएं हैं। लेकिन हमारा प्रयास है कि ये भागीदारी और बढ़े। नारीशक्ति वंदन अधिनियम के पीछे भी यही भावना है। सालों तक इस कानून को रोका गया, लेकिन हमारी सरकार ने इसे पारित करके दिखाया। अब संसद और विधानसभाओं में महिला आरक्षण पक्का हो गया है। कहने का अर्थ ये है कि भाजपा सरकार, बहनों-बेटियों को हर स्तर पर, हर क्षेत्र में सशक्त कर रही है।

|

साथियों,

भारत संस्कृति और संस्कारों का देश है। और सिंदूर, ये हमारी परंपरा में नारीशक्ति का प्रतीक है। राम भक्ति में रंगे हनुमान जी भी सिंदूर को ही धारण किए हुए हैं। शक्ति पूजा में हम सिंदूर का अर्पण करते हैं। और यही सिंदूर अब भारत के शौर्य का प्रतीक बना है।

साथियों,

पहलगाम में आतंकियों ने सिर्फ भारतीयों का खून ही नहीं बहाया, उन्होंने हमारी संस्कृति पर भी प्रहार किया है। उन्होंने हमारे समाज को बांटने की कोशिश की है। और सबसे बड़ी बात, आतंकवादियों ने भारत की नारीशक्ति को चुनौती दी है। ये चुनौती, आतंकवादियों और उनके आकाओं के लिए काल बन गई है काल। ऑपरेशन सिंदूर, आतंकवादियों के खिलाफ भारत के इतिहास का सबसे बड़ा और सफल ऑपरेशन है। जहां पाकिस्तान की सेना ने सोचा तक नहीं था, वहां आतंकी ठिकानों को हमारी सेनाओं ने मिट्टी में मिला दिया। सैंकड़ों किलोमीटर अंदर घुसकर के मिट्टी में मिला दिया। ऑपरेशन सिंदूर ने डंके की चोट पर कह दिया है, कि आतंकवादियों के जरिए छद्म युद्ध, proxy war नहीं चलेगा। अब घर में घुसकर भी मारेंगे और जो आतंकियों की मदद करेगा, उसको भी इसकी भारी कीमत चुकानी पड़ेगी। अब भारत का एक-एक नागरिक कह रहा है, 140 करोड़ देशवासियों की बुलंद आवाज कह रही है- अगर, अगर तुम गोली चलाओगे, तो मानकर चलों गोली का जवाब गोले से दिया जाएगा।

साथियों,

ऑपरेशन सिंदूर हमारी नारीशक्ति के सामर्थ्य का भी प्रतीक बना है। हम सभी जानते हैं, कि BSF का इस ऑपरेशन में कितना बड़ा रोल रहा है। जम्मू से लेकर पंजाब, राजस्थान और गुजरात की सीमा तक बड़ी संख्या में BSF की हमारी बेटियां मोर्चे पर रही थीं, मोर्चा संभाल रही थीं। उन्होंने सीमापार से होने वाली फायरिंग का मुंहतोड़ जवाब दिया। कमांड एंड कंट्रोल सेंटर्स से लेकर दुश्मन की पोस्टों को ध्वस्त करने तक, BSF की वीर बेटियों ने अद्भुत शौर्य दिखाया है।

|

साथियों,

आज दुनिया, राष्ट्ररक्षा में भारत की बेटियों का सामर्थ्य देख रही है। इसके लिए भी बीते दशक में सरकार ने अनेक कदम उठाए हैं। स्कूल से लेकर युद्ध के मैदान तक, आज देश अपनी बेटियों के शौर्य पर अभूतपूर्व भरोसा कर रहा है। हमारी सेना ने पहली बार सैनिक स्कूलों के दरवाज़े बेटियों के लिए खोले हैं। 2014 से पहले एनसीसी में सिर्फ 25 प्रतिशत कैडेट्स ही बेटियां होती थीं, आज उनकी संख्या 50 प्रतिशत की तरफ आगे बढ़ रही है। कल के दिन देश में एक औऱ नया इतिहास बना है। आज अखबार में देखा होगा आपने, नेशनल डिफेंस एकेडमी यानी NDA से महिला कैडेट्स का पहला बैच पास आउट हुआ है। आज सेना, नौसेना और वायुसेना में बेटियां अग्रिम मोर्चे पर तैनात हो रही हैं। आज फाइटर प्लेन से लेकर INS विक्रांत युद्धपोत तक, वीमेन ऑफीसर्स अपनी जांबाजी दिखा रही हैं।

साथियों,

हमारी नौसेना की वीर बेटियों के साहस का ताज़ा उदाहरण भी देश के सामने है। आपको मैं नाविका सागर परिक्रमा के बारे में बताना चाहता हूं। नेवी की दो वीर बेटियों ने करीब ढाई सौ दिनों की समुद्री यात्रा पूरी की है, धरती का चक्कर लगाया है। हज़ारों किलोमीटर की ये यात्रा, उन्होंने ऐसी नाव से की जो मोटर से नहीं बल्कि हवा से चलती है। सोचिए, ढाई सौ दिन समंदर में, इतने दिनों तक समंदर में रहना, कई कई हफ्ते तक जमीन के दर्शन तक नहीं होना और ऊपर से समंदर का तूफान कितना तेज होता है, हमें पता है, खराब मौसम, भयानक तूफान, उन्होंने हर मुसीबत को हराया है। ये दिखाता है, कि चुनौती कितनी भी बड़ी हो, भारत की बेटियां उस पर विजय पा सकती हैं।

साथियों,

नक्सलियों के खिलाफ ऑपरेशन हों या फिर सीमापार का आतंक हो, आज हमारी बेटियां भारत की सुरक्षा की ढाल बन रही हैं। मैं आज देवी अहिल्या की इस पवित्र भूमि से, देश की नारीशक्ति को फिर से सैल्यूट करता हूं

|

साथियों,

देवी अहिल्या ने अपने शासनकाल में विकास के कार्यों के साथ साथ विरासत को भी सहेजा। आज का भारत भी विकास और विरासत, दोनों को साथ लेकर चल रहा है। आधुनिक इंफ्रास्ट्रक्चर के निर्माण को देश कैसे गति दे रहे है, आज का कार्यक्रम इसका उदाहरण है। आज मध्य प्रदेश को पहली मेट्रो सुविधा मिली है। इंदौर पहले ही स्वच्छता के लिए दुनिया में अपनी पहचान बना चुका है। अब इंदौर की पहचान उसकी मेट्रो से भी होने जा रही है। यहां भोपाल में भी मेट्रो का काम तेज़ी से चल रहा है। मध्य प्रदेश में, रेलवे के क्षेत्र में व्यापक काम हो रहा है। कुछ दिन पहले ही केंद्र सरकार ने रतलाम-नागदा रूट को चार लाइनों में बदलने के लिए स्वीकृति दे दी है। इससे इस क्षेत्र में और ज्यादा ट्रेनें चल पाएंगी, भीड़भाड़ कम होगी। केंद्र सरकार ने इंदौर–मनमाड रेल परियोजना को भी मंजूरी दे दी है।

साथियों,

आज मध्य प्रदेश के दतिया और सतना भी हवाई यात्रा के नेटवर्क से जुड़ गए हैं। इन दोनों हवाई अड्डों से बुंदेलखंड और विंध्य क्षेत्र में एयर कनेक्टिविटी बेहतर होगी। अब माँ पीतांबरा, मां शारदा देवी और पवित्र चित्रकूट धाम के दर्शन करना और सुलभ हो जाएगा।

|

साथियों,

आज भारत, इतिहास के उस मोड़ पर है, जहां हमें अपनी सुरक्षा, अपने सामर्थ्य और अपनी संस्कृति, हर स्तर पर काम करना है। हमें अपना परिश्रम बढ़ाना है। इसमें हमारी मातृशक्ति, हमारी माताओं-बहनों-बेटियों की भूमिका बहुत बड़ी है। हमारे सामने लोकमाता देवी अहिल्याबाई जी की प्रेरणा है। रानी लक्ष्मीबाई, रानी दुर्गावती, रानी कमलापति, अवंतीबाई लोधी, कित्तूर की रानी चेनम्मा, रानी गाइडिन्ल्यू, वेलु नाचियार, सावित्री बाई फुले, ऐसे हर नाम हमें गौरव से भर देते हैं। लोकमाता अहिल्याबाई की ये तीन सौवीं जन्मजयंती, हमें निरंतर प्रेरित करती रहे, आने वाली सदियों के लिए हम एक सशक्त भारत की नींव मजबूत करें, इसी कामना के साथ आप सभी को फिर से एक बार बहुत-बहुत शुभकामनाएं देता हूं। अपना तिरंगा ऊपर उठाकर के मेरे साथ बालिए –

भारत माता की जय!

भारत माता की जय!

भारत माता की जय!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!